SEBA Class 10 General science chapter 4 Notes

TermDefinition
নিউটন (Neutron)আধাবিহীন অৱপাৰমাণৱিক কণিকা যাৰ ভৰ এটা হাইড্ৰজেনৰ পৰমাণুৰ ভৰৰ সৈতে প্রায় সমান।
প্র’টন (Proton)এক একক ধনাত্মক আধান বহন কৰা অৱপাৰমাণৱিক কণা যাৰ ভৰ এটা হাইড্ৰজেনৰ পৰমাণুৰ ভৰৰ সৈতে সমান।
নিউক্লিয়াছ (Nucleus)পৰমাণু এটাৰ কেন্দ্ৰস্থ সৰু অঞ্চল য’ত প্র’টন আৰু নিউট্ৰন থাকে।
ইলেক্ট্ৰ’ন (Electron)এক একক ঋণাত্মক আধান বহন কৰা অৱ-পাৰমাণৱিক কণা যাৰ ভৰ এটা হাইড্ৰজেন পৰমাণুৰ ভৰৰ অংশ।
কক্ষপথ (Orbit)ইলেক্ট্ৰ’ন সমূহে চাৰিওকাষে ঘূৰি থকা নিৰ্বাচিত বৃত্তাকাৰ পথ।
যোজক ইলেক্ট্ৰ’ন (Valence Electron)পৰমাণু এটাৰ বহিৰতম কক্ষ (যোজক কক্ষ) ত থকা ইলেক্ট্ৰ’নবোৰ, যিয়ে ৰাসায়নিক বান্ধনি গঠনত অংশগ্ৰহণ কৰে।
যোজ্যতা (Valency)পৰমাণু এটাৰ যোজন ক্ষমতা। পৰমাণু এটাৰ যোজক ইলেক্ট্ৰনবোৰে মৌলবিধৰ যোজ্যতা নিৰূপণ কৰে।
পাৰমাণৱিক সংখ্যা (Atomic Number)মৌল এটাৰ পৰমাণু এটাৰ নিউক্লিয়াছত থকা প্র’টনৰ মুঠ সংখ্যাই হল সেই মৌলটোৰ পাৰমাণৱিক সংখ্যা। ইয়াক z ৰে সূচোৱা হয়।
ভৰ সংখ্যা (Mass Number)কোনোবা এটা মৌলৰ পৰমাণু এটাৰ নিউক্লিয়াছত থকা প্র’টন আৰু নিউট্ৰনৰ মুঠ সংখ্যা।
ইলেক্ট্ৰনীয় বিন্যাস (Electronic Configuration)নির্দিষ্ট নিয়ম অনুসৰি মৌলৰ পৰমাণুবোৰৰ বিভিন্ন কক্ষপথত সজ্জিত হৈ থকা ইলেক্ট্ৰনবোৰৰ সজ্জা।
আয়ন (Ion)বৈদ্যুতিকভাৱে আহিত পৰমাণু বা পৰমাণু সমষ্টি।
কেটায়ন (Cation)ধনাত্মকভাৱে আহিত আয়ন।
এনায়ন (Anion)ঋণাত্মকভাৱে আহিত আয়ন।
ইলেক্ট্ৰনযোজী বান্ধনি (Ionic Bond)এটা মৌল (ধাতু) ৰ পৰমাণু এটাৰ পৰা আন এটা মৌল (অধাতু) ৰ পৰমাণুলৈ ইলেক্ট্ৰনৰ স্থানান্তৰণৰ জৰিয়তে গঠন কৰা এক ৰাসায়নিক বান্ধনি, যাতে দুয়োটা মৌলই সিহঁতৰ আটাইতকৈ ওচৰৰ নিষ্ক্রিয় গেছৰ ইলেক্ট্ৰনীয় বিন্যাস আহৰণ কৰিব পাৰে।
সহযোজী বান্ধনি (Covalent Bond)দুটা পৰমাণুৰ মাজত ইলেক্ট্ৰনৰ ভাগ-বাটোৱাৰাৰ দ্বাৰা গঠন কৰা এক ৰাসায়নিক বান্ধনি। এই ধৰণে দুয়োটা পৰমাণু কটৱৰ্তী নিষ্ক্রিয় গেছৰ সুস্থিৰ ইলেক্ট্ৰনীয় সজ্জা লাভ কৰে।
সহযোজী যৌগ (Covalent Compounds)সহযোজী বান্ধনিৰ দ্বাৰা গঠন হোৱা যৌগবোৰক সহযোজী যৌগ বুলি কোৱা হয়।
এক-সহযোজী বান্ধনি (Single Covalent Bond)দুটা পৰমাণুৰ মাজত এযোৰ ইলেক্ট্ৰনৰ সমভাগ হৈ সৃষ্টি হোৱা সহযোজী বান্ধনি।
দ্বি-সহযোজী বান্ধনি (Double Covalent Bond)দুটা পৰমাণুৰ মাজত দুযোৰ ইলেক্ট্ৰনৰ ভাগ-বটোৱাৰাৰ দ্বাৰা গঠন হোৱা সহযোজী বান্ধনি।
ত্রি-সহযোজী বান্ধনি (Triple Covalent Bond)দুটা পৰমাণুৰ মাজত তিনিযোৰ ইলেক্ট্ৰনৰ ভাগ-বটোৱাৰাৰ দ্বাৰা গঠন হোৱা সহযোজী বান্ধনি।
বহুৰূপতা (Allotropy)ভিন্ন সাংগঠনিক ৰূপত থাকি পৰা মৌল এটাৰ ধৰ্ম, য’ত ইয়াৰ প্ৰতিটো ৰূপৰে ৰাসায়নিক ধৰ্মবোৰ একেই থাকে, কিন্তু ভৌতিক ধৰ্মবোৰ ভিন্ন হয়। উদাহৰণঃ হীৰা, গ্রেফাইট, বাকমিষ্টাৰ ফুলেৰিন।
স্ফটিক (Crystal)এক সুষম বহুফলকযুক্ত আকৃতিৰ গোটা পদার্থ।
স্ফটিকাকাৰ গঠন (Crystalline Structure)সুষম বিন্যাসবিশিষ্ট স্ফটিক গঠন কৰা পৰমাণু, আয়ন বা অণু। উদাহৰণঃ কার্বন আৰু সকলো ধাতুৰে সাধাৰণতে দানাকাৰ গঠন থাকে।
হীৰা (Diamond)সকলোতকৈ কঠিন পদার্থ হিচাপে জ্ঞাত কার্বনৰ এটা বহুৰূপ যি অতি স্বচ্ছ আৰু বর্ণহীন। হীৰাত কার্বন পৰমাণুবোৰে এটা দৃঢ় ত্রিমাত্রিক দানাকাৰ গঠন তৈয়াৰ কৰে য’ত প্ৰতিটো কার্বন পৰমাণুৱে আন চাৰিটা কার্বন পৰমাণুৰ লগত বান্ধ খাই থাকে।
সংশ্লেষিত হীৰা (Synthetic Diamond)বিশুদ্ধ কার্বনৰ ওপৰত উচ্চ চাপ আৰু তাপ প্রয়োগ কৰি সংশ্লেষণ কৰা হীৰা। সাধাৰণতে প্রাকৃতিক হীৰাৰ পৰা ইয়াক পৃথক কৰিব পৰা নাযায়।
গ্রেফাইট (Graphite)কার্বনৰ এটা কোমল, নিমজ আৰু পিছল বহুৰূপ য’ত প্ৰতিটো কার্বন পৰমাণুৱে আন তিনিটা কার্বন পৰমাণুৰ লগত একেখন সমতলতে বান্ধনিযুক্ত হৈ ষড়ভূজী সজ্জা সৃষ্টি কৰে। ই বিদ্যুতৰ সুপৰিবাহী।
কেটিনেচন (Catenation)কার্বন পৰমাণু এটাই আন কার্বন পৰমাণুৰ সৈতে বান্ধনি সৃষ্টি কৰি শৃংখলৰ ৰূপত বৃহৎ সংখ্যক অণু (যৌগ) গঠন কৰিব পৰা একক ধৰ্ম। এই শৃংখলবোৰ দীঘল শৃংখল, শাখা শৃংখল বা চক্রীয় শৃংখলত থাকিব পাৰে।
চতুর্সহযোজ্যতা (Tetravalency)চাৰি যোজ্যতাৰ কার্বনৰ বৈশিষ্ট্য, যাৰ বাবে ই আন চাৰিটা কার্বন অথবা অন্য একযোজী মৌলৰ পৰমাণুৰ লগত সহযোজী বান্ধনি গঠন কৰিব পাৰে।
হাইড্ৰ’কার্বন (Hydrocarbon)কার্বন আৰু হাইড্ৰজেন পৰমাণুৰে গঠিত যৌগ, যি সংপৃক্ত বা অসংপৃক্ত হ’ব।
জৈৱ যৌগ (Organic Compounds)প্রাকৃতিক উৎসৰ পৰা লাভ কৰা কার্বনৰ যৌগবোৰ যিসমূহ কেৱল জৈৱিক প্ৰণালীৰ অন্তৰ্গত হৈ গঠন হ’ব পাৰে। জৈৱ ৰসায়নত কার্বনৰ অক্সাইড, কার্বনেট আৰু হাইড্ৰজেনকার্বনেট লৱণৰ বাদে সকলোবোৰ কার্বন যৌগ অধ্যয়ন কৰা হয়।
সংপৃক্ত যৌগ (Saturated Compounds)কেৱল এক বান্ধনিৰে কার্বন পৰমাণুবোৰ সংযুক্ত হৈ গঠন হোৱা যৌগবোৰক সংপৃক্ত যৌগ বুলি কোৱা হয়। এই যৌগবোৰ অধিক সক্রিয় নহয়।
অসংপৃক্ত যৌগ (Unsaturated Compounds)কার্বন পৰমাণুবোৰে দ্বি-বান্ধনি বা ত্রি-বান্ধনিযুক্ত হৈ সৃষ্টি কৰা যৌগবোৰেই হ’ল অসংপৃক্ত যৌগ। এইবোৰ সংপৃক্ত কার্বন যৌগসমূহতকৈ অধিক সক্রিয় হয়।
সৰল শৃংখল কার্বন যৌগ (Straight-chain Carbon Compounds)কেটিনেচন ধৰ্মৰ বাবে এটা কার্বন পৰমাণুৱে অন্য কার্বন পৰমাণুৰ সৈতে সংযুক্ত হৈ দীঘল শৃংখল গঠন কৰিব পাৰে। উদাহৰণঃ বিউটেনে (C4H10)।
মুক্ত-শৃংখল (অচক্রীয় বা এলিফেটিক যৌগ)কার্বন শৃংখলডালৰ দুয়োটা প্রান্ত মুক্ত হৈ থকা যৌগসমূহ।
বন্ধ-শৃংখল (চক্রীয় যৌগ)কার্বন শৃংখলডালৰ প্রান্ত দুটা যুক্ত বা বন্ধ হৈ থকা যৌগসমূহ।
শাখা শৃংখল কার্বন যৌগ (Branched-chain Carbon Compounds)কেটিনেচন ধৰ্মৰ বাবে এটা কার্বন পৰমাণুৱে অন্য কার্বন পৰমাণুৰ সৈতে সংলগ্ন হৈ শাখা শৃংখল গঠন কৰিব পাৰে।
গঠন সমযোজী যৌগ (Structural Isomers)আণৱিক সংকেত একে কিন্তু গঠন সংকেত বেলেগ বেলেগ হোৱা কার্বন যৌগ (জৈৱ) সমূহক গঠন সমযোজী যৌগ বুলি কোৱা হয়।
এলকেন (Alkane)সংপৃক্ত হাইড্ৰ’কার্বনবোৰ যত কার্বন পৰমাণুবোৰ কেৱল এক বান্ধনিৰে বন্ধনযুক্ত হয়।
এলকিন (Alkene)অসংপৃক্ত হাইড্ৰ’কার্বনবোৰ য’ত দুটা কার্বন পৰমাণু দ্বি-বান্ধনিৰে বান্ধ খাই থাকে।
এলকাইন (Alkyne)অসংপৃক্ত হাইড্ৰ’কার্বনবোৰ য’ত দুটা কার্বন পৰমাণু ত্রি-বান্ধনিৰ দ্বাৰা বান্ধ খাই থাকে।
বিষম পৰমাণু (Heteroatom)এক মৌল যিয়ে এক বা ততোধিক হাইড্ৰজেনৰ পৰমাণু (হাইড্ৰ’কার্বন শৃংখলত) প্রতিস্থাপিত কৰে যাতে কার্বনৰ যোজ্যতা চাৰি হৈয়েই থাকে। এইবিলাক কার্যকৰী মূলকত থাকে।
কাৰ্যকৰী মূলক (Functional Group)মূল মুক্ত যোজ্যতাৰ জৰিয়তে হাইড্ৰ’কার্বন শৃংখলত মূলক সংলগ্ন কৰা হয় য’ত বিষম পৰমাণুৱে এটা হাইড্ৰজেনৰ পৰমাণু প্রতিস্থাপিত কৰে যাতে কার্বনৰ যোজ্যতা চাৰি হৈয়েই কার্বন শৃংখলৰ দৈঘ্য আৰু প্রকৃতি নির্বিশেষে বিষম পৰমাণু আৰু কাৰ্যকৰী মূলকে যৌগবিলাকৰ ধৰ্ম নির্ধাৰণ কৰে।
সমগণীয় শ্রেণী (Homologous Series)কার্বন যৌগসমূহৰ এটা শ্রেণী যত কার্বন শৃংখলত হাইড্ৰজেন পৰমাণুবোৰ একে কার্যকৰী মূলকৰ দ্বাৰা প্রতিস্থাপিত হয়। সমগণীয় শ্রেণীভুক্ত যৌগবোৰৰ ৰাসায়নিক ধৰ্ম একে হয় কিন্তু ভৌতিক ধৰ্মৰ ক্ষেত্ৰত ক্রমিক পৰিৱর্তন পৰিলক্ষিত হয়।
এলকাইল মূলক (Alkyl Radical)এলকেন এটাৰ পৰা হাইড্ৰজেনৰ পৰমাণু এটা আঁতৰ কৰিলে এটা এলকাইল মূলক পোৱা যায়। ইয়াক সাধাৰণতে R ৰ দ্বাৰা প্ৰকাশ কৰা হয়। সাধাৰণ সংকেত CnH2n+1 (য’ত n = কার্বন পৰমাণুৰ সংখ্যা)।
কার্বন যৌগৰ নামাকৰণ (Nomenclature)সমগণীয় শ্রেণীৰ অন্তৰ্ভুক্ত যৌগৰ নামাকৰণ কৰিবলৈ মূল কার্বন শৃংখলযুক্ত যৌগটোৰ নামৰ উপসৰ্গ বা অনুসর্গ হিচাপে কার্যকৰী মূলকৰ নাম সন্নিৱিষ্ট কৰা হয়।
দহন (Combustion)অক্সিজেনৰ উপস্থিতিত জ্বলনৰ লগতে পোহৰ আৰু তাপ উৎপন্ন হোৱা ৰাসায়নিক বিক্রিয়া।
জাৰণ বিক্রিয়া (Oxidation Reaction)এক ধৰণৰ ৰাসায়নিক বিক্রিয়া যত পদার্থ এটাই হয় অক্সিজেন লাভ কৰে বা হাইড্ৰজেন হেৰুৱায়।
জাৰক পদার্থ (Oxidising Agents)জাৰণ বিজাৰণ বা ৰেডক্স বিক্রিয়াত জাৰিত হোৱা ৰাসায়নিক পদার্থ। এইবোৰে অন্য পদার্থত (বিক্রিয়ক পদার্থ) অক্সিজেন যোগ কৰিব পাৰে।
অনুঘটক (Catalyst)এইবিধ পদাৰ্থৰ উপস্থিতিয়ে ৰাসায়নিক বিক্রিয়াৰ গতিবেগৰ ওপৰত প্ৰভাৱ পেলায়, কিন্তু নিজৰ কোনো ৰাসায়নিক পৰিৱৰ্তন নহয়।
যোগাত্মক বিক্রিয়া (Addition Reaction)এক ধৰণৰ ৰাসায়নিক বিক্রিয়া যত অনুঘটকৰ উপস্থিতিত এক অসংপৃক্ত হাইড্ৰ’কার্বনৰ লগত আন পদার্থ যোগ হৈ সংপৃক্ত হাইড্ৰ’কার্বন উৎপন্ন হয়।
লগতে পঢ়ক:   বিদ্যুৎ প্রবাহৰ চুম্বকীয় ক্রিয়া দশম শ্ৰেণীৰ বিজ্ঞান অধ্যায় ১৩

SEBA Class 10 General science chapter 4 Notes

হাইড্রজেনযুক্তকৰণ (Hydrogenation) ঃ সংপৃক্ত হাইড্র’কার্বন উৎপন্ন কৰিবলৈ নিকেল বা পেলাডিয়ামৰ দৰে অনুঘটকৰ উপস্থিতিত অসংপৃক্ত হাইড্ৰ’কার্বনৰ লগত হাইড্রজেন যােগ কৰা।

প্রতিস্থাপন বিক্রিয়া (Substitution reaction) : এক ধৰণৰ ৰাসায়নিক বিক্রিয়া যত সংপৃক্ত হাইড্র’কার্বনৰ এটা বা ততােধিক হাইড্রজেন পৰমাণু আন কিছুমান পৰমাণু  পৰমাণু বা গােটে প্রতিস্থাপন কৰে। এলকেনৰ উচ্চ সমগণবিলাকৰ প্রতিস্থাপন বিক্রিয়াৰ ফলস্বৰূপে একাধিক মাতদ্রব্য পােৱা যায়।

ইথানল (Ethanol) : সাধাৰণতে এলকহল বুলি কোৱা হয়।ৰাসায়নিক সংকেত CH3CH2OH বা C2H5OH আৰু ই হৈছে বাণিজ্যিকভাৱে এক অন্যতম গুরুত্বপূর্ণ কার্বন যৌগ।

ইথানয়িক এছিড: (Ethanoic acid) ও কার্বক্সিলিক এছিড শ্রেণীৰ অন্তর্ভুক্ত এই এছিডক সাধাৰণতে এচেটিক এছিড বুলি কোৱা হয়। ইয়াৰ ৰাসায়নিক সংকেত CH3COOH বাণিজ্যিকভাৱে গুৰঞ্জমূর্ণ ভালেমান উদ্যোগত ইয়াক ব্যৱহাৰ কৰা হয়।
ভিনেগাৰ (Vinegar) : এচেটিক এছিডৰ 5.৪% জলীয় দ্রৱণক ভিনেগাৰ বােলে।

এষ্টাৰ (Ester) ঃ এছিড আৰু এলকহলৰ মাজত বিক্রিয়া সংঘটিত হৈ উৎপন্ন হােৱা সুগন্ধি উদ্বায়ী দ্ৰৱ্য।

এষ্টাৰিভৱন বিক্রিয়া (Esterification reaction) ইথানয়িক এছিড (এচেটিক এছিড CH3COOH) আৰু নিৰূদিত ইথানল (এলক হল) -CH3CH2OH) ৰ
মাজত এছিড অনুঘটকৰ (গাঢ় ছালফিউৰিক এছিড H2SO4)ৰ উপস্থিতিত বিক্রিয়া ঘটি এষ্টাৰ উৎপন্ন হােৱা এক ৰাসায়নিক বিক্রিয়া।

চেপনিফিকেচন বা চাবােনীভৱন (Saponification) ঃ চাবােন প্রস্তুতকৰণত ব্যৱহাৰ কৰা এক ৰাসায়নিক বিক্রিয়া।যত ছডিয়াম হাইড্রক্সাইড (এটা ক্ষাৰ- NaOH) আৰু এষ্টাৰৰ মাজত বিক্রিয়া ঘটি এলকহল (CH3CH2OH বা C2H5OH) আৰু কার্বক্সিলিক এছিডৰ ছ’ডিয়াম লৱণ। (ছ’ডিয়াম ইথানয়েট/ছডিয়াম এচিটেট-CH3COONa) উৎপন্ন হয়।
চাবােন (Soap) : দীর্ঘ শৃংখলযুক্ত কার্বক্সিলিক এছিডৰ পটেছিয়াম (K) আৰু ছডিয়াম (Na) লৱণ।

লগতে পঢ়ক:   আমাৰ পৰিবেশ দশম শ্ৰেণীৰ বিজ্ঞান অধ্যায় ১৫ (প্রশ্নোত্তৰ)

অপমার্জক (Detergents) : দীর্ঘ শৃংখলযুক্ত কার্বক্সিলিক এছিডৰ এমনিয়াম আৰু ছালফ’নেট লৱণ। কণাপুঞ্জ বা মাইচেল (Micell) দুটা মেৰু থকা চাবােনৰ অণুবােৰৰ ঘূৰণীয়া পুঞ্জ পুঞ্জটোৰ ভিতৰফালে জলবিকর্ষী পুচ্ছ (হাইড্র’কার্বনত দ্ৰৱণীয়) আৰু পুঞ্জটোৰ পৃষ্ঠত জলাকর্ষী পুচ্ছ থাকে (পানীত দ্রবণীয়)।

ফেন বা গেদ (Scum) : কঠিন পানীত থকা মেগনেছিয়াম বা কেলছিয়াম লৱণৰ চাবােনত থকা দীর্ঘ শৃংখলযুক্ত কার্বক্সিলিক এছিড মূলকৰ লগত বিক্রিয়া ঘটি সম্পূর্ণ আয়নীকৃত হােৱাৰ ফলত সৃষ্টি হােৱা চাবােনৰ অদ্ৰৱণীয় দৈৰ দৰে বগা অধঃক্ষেপ।

Leave a Comment


Stay informed about the latest Educational Update website. We provide timely and accurate information on upcoming Exam, application deadlines, exam schedules, and more.

Categories

Class 1

Class 2

Class 3

Class 4

Class 5