মোৱামৰীয়া গণ বিদ্ৰোহ নৱম শ্ৰেণীৰ ইতিহাস অধ্যায় 3 | Class 9 Social Science Chapter 3 question Answer In Assamese

মোৱামৰিয়া গণ বিদ্ৰোহ
শ্ৰেণীনৱম শ্ৰেণীৰ প্ৰশ্নৰ উত্তৰ
বিষয়সামজ বিজ্ঞানৰ ইতিহাস
অধ্যায়/ পাঠ3
পাঠ্যক্ৰমছেবা

মোৱামৰীয়া গণ বিদ্ৰোহ Class 9

মোৱামৰিয়া গণ বিদ্ৰোহ পাঠভিত্তিক প্রশ্নোত্তৰ 

অধ্যায় – 3 

১। মায়ামৰা কি ?
উত্তৰঃ মায়ামৰা এখন বৈষ্ণৱ সত্ৰৰ নাম।

২। সত্ৰ বুলিলে কি বুজা?
উত্তৰঃ সত্ৰ হৈছে শংকৰদেৱ আৰু মাধৱদেৱৰ দ্বাৰা প্ৰচাৰিত নাম ধর্ম তথা নৱবৈষ্ণৱ ধৰ্মৰ প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে গঢ়ি উঠা কিছুমান ধর্মীয় আৰু সাংস্কৃতিক অনুষ্ঠান।

৩। সংহতি কি?
উত্তৰঃ সংহতি হ’ল শংকৰদেৱৰ মহাপ্রয়াণৰ পিছত তেওঁৰ শিষ্য-প্রশিষ্যসকলৰ মাজত হােৱা মতভেদৰ ফলস্বৰূপে সত্ৰসমূহক চাৰিটা ভাগত ভাগ কৰিছিল। এই ভাগসমূহক প্রতিটো ভাগকে সংহতি বুলি কোৱা হয়।

৪। মােৱামৰীয়া বিদ্রোহ কোনজন আহােম ৰজাৰ দিনত আৰম্ভ হৈছিল?
উত্তৰঃ স্বৰ্গদেউ লক্ষ্মীসিংহৰ দিনত।

৫। মােৱামৰীয়া বিদ্রোহ কোনজন ৰজাৰ দিনত শেষ হৈছিল?
উত্তৰঃ স্বৰ্গদেউ কমলেশ্বৰ সিংহৰ দিনত।

৬। কোনজন আহােম ৰজাই প্রথম স্বৰ্গদেউ /স্বৰ্গনাৰায়ণ উপাধি গ্রহণ কৰা বুলি অনুমান কৰা হয়?
উত্তৰঃ চুহুংমুঙ।

৭। চুৰুমফা ভগাৰজাৰ দিনত কোনজন মােৱামৰীয়া সত্ৰাধিকাৰক হত্যা কৰা হৈছিল ?
উত্তৰঃ গুৰু নিত্যানন্দদেৱক।

৮। ৰুদ্ৰ সিংহৰ ৰাজসভাত কোনজন মােৱামৰীয়া সত্ৰাধিকাৰক অপমান কৰা হৈছিল ?
উত্তৰঃ চতুর্ভুজদেৱ মহন্তক ।

৯। আহােমসকলৰ প্রধান উপাস্য দেৱতাজনৰ নাম লিখা।
উত্তৰঃ ছােমদেউ।

১০। জয়ধ্বজ সিংহই কোনজন সত্ৰাধিকাৰৰ ওচৰত শৰণ লৈছিল?
উত্তৰঃ আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ নিৰঞ্জনদেৱৰ ওচৰত।

১১। ৰুদ্ৰসিংহই কাৰ ওচৰত শৰণ লৈছিল?
উত্তৰঃ আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ কেশৱদেৱৰ ওচৰত।

১২। কৃষ্ণৰাম ভট্টাচার্য কোন আছিল ?
উত্তৰঃ কৃষ্ণৰাম ভট্টাচার্য বংগদেশৰ নদিয়া জিলাৰ এজন শাক্ত ব্রাহ্মণ আছিল।

১৩। কোনজন আহােম ৰজাৰ দিনত শাক্তধৰ্মই অধিক গা কৰি উঠিছিল?
উত্তৰঃ স্বৰ্গদেউ শিৱসিংহৰ দিনত।

 ১৪। গাগিনি কোন?
উত্তৰঃ মােৱামৰীয়া মহন্ত অষ্টভুজৰ পুত্র।

১৫। মােৱামৰীয়াসকলে পােন প্রথমে কাক ৰজা পাতিছিল ?
উত্তৰ : ৰমাকান্ত বা ৰমানন্দক।

১৬। কেপ্তেইন ওৱেলছ কেতিয়াৰ পৰা কেতিয়ালৈ অসমত আছিল?
উত্তৰঃ ১৭৯২ চনৰ নৱেম্বৰ মাহৰ মাজভাগৰ পৰা ১৭৯৪ চনৰ মে’ মাহলৈ অসমত আছিল।

১৭। অসমৰ ক’ত লােণ উৎপাদন হৈছিল ?
উত্তৰঃ শদিয়া আৰু নগাপাহাৰত।

১৮। অসমৰ সৰ্বসাধাৰণ মানুহে লােণ কিয় ব্যৱহাৰ কৰিব নােৱাৰিছিল?
উত্তৰঃ সেই সময়ত লােণ বৰ দামী বস্তু আছিল সেইবাবে অসমৰ সৰ্বসাধাৰণ মানুহে লােণ ব্যৱহাৰ কৰিব নােৱাৰিছিল।

মোৱামৰিয়া গণ বিদ্ৰোহ Class 9  চমু আৰু দীঘল উত্তৰৰ প্রশ্ন

১। মােৱামৰীয়াসকল কোন? এই বিদ্রোহক গণ অভ্যুত্থান বুলি ক’ব পৰা যায়?
উত্তৰঃ মােৱামৰীয়াসকল মূলতঃ মৰাণ সম্প্রদায়ৰ লােক। অসমত থকা বিভিন্ন জনজাতি যেনে—কছাৰী, চুতীয়া, আহােম, কৈবত্ত আদি লােকৰ মাজত মায়ামৰা সত্ৰই যথেষ্ট জনপ্রিয়তা অর্জন কৰিছিল। এই জনপ্রিয়তাৰ আঁৰত থকা এটা বিশেষ কাৰণ হ’ল এই সত্ৰৰ সত্ৰাধিকাৰসকল শূদ্র সম্প্রদায়ভুক্ত আছিল। আগতে অসমৰ এই জনজাতি সকলক সমাজত হীন বা নীচ বুলি জ্ঞান কৰা হৈছিল। গতিকে শূদ্র সত্ৰাধিকাৰদ্বাৰা পৰিচালিত মায়ামৰা সত্ৰত তেওঁলােকে এক সুকীয়া মর্যাদা পাইছিল যাৰ বাবে দিনক দিনে এই সত্ৰত শিষ্যৰ সংখ্যা বাঢ়ি গৈছিল।

পিছলৈ সত্ৰৰ এই বাঢ়ি অহা শক্তিৰ লগত আহােম ৰাজশক্তিৰ মাজত মনােমালিন্য ঘটিছিল। তাৰ পৰিণতিয়েই অসমৰ ইতিহাসত আটাইতকৈ দীর্ঘকাল জুৰি সংঘটিত হােৱা ভয়াবহ “মােৱামৰীয়া গণ বিদ্ৰোহৰ আৰম্ভণী হৈছিল। এই বিদ্রোহক গণ অভ্যুত্থান বুলি কোৱাৰ অন্যতম কাৰণ আছিল ইয়াত যােগদান কৰা অজস্র সাধাৰণ প্ৰজা যাৰ ভিতৰত অধিক সংখ্যকেই সাধাৰণ কৃষক বা অন্যান্য বৃত্তিধাৰী লােক আছিল।

২। মােৱামৰীয়া বিদ্ৰোহৰ ৰাজনৈতিক কাৰণ বিশ্লেষণ কৰা।
উত্তৰঃ মােৱামৰীয়া বিদ্রোহ ধৰ্মক লৈ আৰম্ভ হৈছিল যদিও ৰাজনৈতিক কাৰণাে ইয়াৰ লগত জড়িত আছিল। ইয়াৰ ৰাজনৈতিক কাৰণবােৰ তলত উল্লেখ কৰা হ’ল।
(ক) আহােম ৰজা স্বৰ্গদেউ চুৰমফা ভগা ৰজাৰ দিনত মায়ামৰা সত্ৰৰ সত্ৰাধিকাৰ নিত্যানন্দদেৱক ষড়যন্ত্র কৰিবধ কৰা হৈছিল। ফলশ্রুতিত মােৱামৰীয়াসকল গুৰু হত্যাৰ প্রতিশােধ ল’বলৈ দৃঢ় প্রতিজ্ঞ হৈছিল।

(খ) স্বৰ্গদেউ গদাধৰ সিংহই ল’ৰাৰজাৰ কোপদৃষ্টিৰ পৰা হাত সাৰিবলৈ কিছুবছৰ দিহিঙে-দিপাঙেআত্মগােপন কৰি ঘূৰি ফুৰিব লগা হৈছিল। সেই সময়ত তেওঁ মােৱামৰীয়া সত্ৰাধিকাৰসকলৰ ধন-সম্পত্তি আৰু প্রতিপত্তিৰ বিষয়ে নিজ চকুৰে দেখা পাই শংকিত হৈ পৰিছিল। সেয়ে গদাধৰ সিংহই ৰাজপাটত উঠিয়েই সত্রানুষ্ঠান সমূহক ধ্বংস কৰি সেইবােৰত থকা ধন- সম্পত্তিসমূহ বাজেয়াপ্ত কৰিছিল। বৈষ্ণৱ মহন্তসকলক শাৰীৰিকভাৱে শ্ৰমদান কৰিবলৈ বাধ্য কৰােৱা হৈছিল। কিছুমানক নির্বাসন দিছিল। প্রতিবাদ কৰাসকলক শাস্তি দিছিল। ৰজাৰ এনে স্বেচ্ছাৰী কার্যকলাপত মােৱামৰীয়াসকল অতিকৈ ক্ষোভিত হৈ আহােমৰাজৰ বিৰুদ্ধে বিদ্রোহআৰম্ভ কৰিছিল।

(গ) শিৱসিংহৰ পত্নী বৰৰজা ফুলেশ্বৰীয়ে শাক্ত ধর্ম গ্রহণ কৰি, পূজা পাতি, পূজাৰ প্ৰসাদ খুৱাই আৰু বলিৰ তেজেৰে বৈষ্ণৱ মহন্ত, ভকত আৰু সত্ৰাধিকাৰক ফোট দিয়াত মােৱামৰীয়াসকল অপমানিত হৈ আহােম ৰজাৰ বিৰুদ্ধে উঠি পৰি লাগিছিল। এনেদৰে মােৱামৰীয়া বিদ্ৰোহৰ সূচনাত ৰাজনৈতিক কাৰণে ইন্ধন যােগাইছিল।

প্রশ্ন ৩। আহােমৰ ধৰ্মীয় নীতিৰ পৰিৱৰ্তন মােৱামৰীয়া বিদ্ৰোহৰ কাৰক হিচাপে তুমি ভাবানে? আলােচনা কৰা।
উত্তৰঃ আহােমৰ ধর্মীয় নীতিৰ পৰিৱৰ্তন মােৱামৰীয়া বিদ্ৰোহৰ কাৰক হিচাপে গণ্য কৰা হয় । তাৰ কেইটামান কাৰণ হ’ল-
(ক) আহােমসকলে অসমত ৰাজত্ব কৰাৰ আৰম্ভণীৰে পৰা তেওঁলােকে নিজস্ব ধর্ম পালন কৰি আহিছিল। ছােমদেউ আছিল তেওঁলােকৰ প্রধান উপাস্য দেরতা। কিন্তু সময়ৰ লগে লগে তেওঁলােকে হিন্দু ধর্মীয় পৰম্পৰাৰ প্রতি আকৃষ্ট হ’বলৈ আৰম্ভ কৰিছিল। পিছলৈ। জয়ধ্বজ সিংহই আউনীআটি সত্ৰৰ সত্ৰাধিকাৰ নিৰঞ্জনদেৱৰ ওচৰত শৰণ লৈ ভাগৱতী ধৰ্মৰ প্রতি ৰাজঅনুগ্রহ প্রদর্শন কৰিছিল। বিভিন্ন ঠাইত সত্র স্থাপন কৰি মাটি-বাৰী, ধন- পইচা দান কৰি সত্ৰীয়া পৰম্পৰাক ৰাজধৰ্মৰ শাৰীলৈ উন্নীত কৰিছিল। যাৰ ফলত সত্ৰবােৰৰ মাজতাে ৰাজঅনুগ্রহ লাভৰ বাবে প্রতিযােগিতা চলিছিল।

(খ) গদাধৰ সিংহৰ দিনত বৈষ্ণৱ সত্ৰবােৰৰ প্রতিপত্তি ৰােধ কৰিবলৈ ৰজাই ব্যৱস্থা কৰিবলৈ বাধ্য হৈছিল। সেয়েহে গদাধৰ সিংহই আহােমৰ পুৰণি ৰাজনৈতিক নীতিৰ পৰিৱৰ্তন কৰি সত্ৰৰ প্ৰতি থকা অনুকম্পা নীতিৰ ঠাইত দমন নীতিকে উপযুক্ত বুলি অনুভৱ কৰিছিল। কাৰণ গদাধৰ সিংহ সিংহাসনত উঠাৰ আগতে সত্ৰাধিকাৰসকলৰ ক্ষমতা আৰু শক্তি দেখি তবধ মানিছিল আৰু সত্ৰবােৰ একো একোখন আহােম ৰাজ্যৰ ভিতৰত থকা সমান্তৰাল ৰাজ্য বুলি পতিয়ন গৈছিল। সেয়েহে ৰজা হৈয়ে তেওঁ সত্ৰাধিকাৰ আৰু সত্ৰৰ মমতা কর্তন কৰিবলৈ উঠি-পৰি লাগিছিল।

(গ) গদাধৰ সিংহৰ দিনৰ পৰিৱৰ্তিত আহােম নীতিৰ সন্মুখত তিষ্ঠিব নােৱাৰি বহুকেইখন সত্ৰৰ সত্ৰাধিকাৰে সত্ৰ এৰি নিৰাপদ স্থানলৈ পলাই গৈছিল। বহু কেইজন সত্ৰাধিকাৰক ধৰি আনি ৰাজ আদেশত অবর্ণনীয় অত্যাচাৰ চলােৱা হৈছিল। অৱশ্যে আহােমৰ এই নীতি বেছি দিন নাথাকিল। গদাধৰ সিংহৰ পিছৰজন ৰজা ৰুদ্ৰসিংহই এই নীতিৰ পুনৰাই পৰিৱৰ্তন কৰি পলাতক সত্ৰাধিকাৰ সকলক পুনৰ ঘূৰাই আনি স্বৰ্গদেৱে গড়গাঁৱৰ সমীপৰ মাজুলীত থাপিছিল।

(ঘ) আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ কেশৱদেৱৰ ওচৰত শৰণ লৈ বামুণীয়া সত্ৰবােৰক বিশেষ মর্যাদা দি শূদ্ৰ সত্ৰাধিকাৰসকলৰ লগত একপ্রকাৰৰ মনােমালিন্য সৃষ্টি কৰিছিল। তাৰ পৰিণতি ৰুদ্ৰসিংহৰ পিছৰজনা স্বৰ্গদেউ শিৱসিংহৰ দিনত স্পষ্টভাৱে প্রতিফলিত হােৱা দেখা যায়।

(ঙ) স্বৰ্গদেউ শিৱসিংহৰ দিনত বৰকুৱঁৰী ফুলেশ্বৰী অধিক প্রতিপত্তিশালী হৈ উঠিছিল। তেওঁৰ দিনত শাক্ত ধর্মই অধিক গা কৰি উঠিছিল। এটা সময়ত ৰজাৰ আজ্ঞামতে শূদ্র মহন্তসকলৰ ওপৰত নির্যাতন চলিছিল। আনকি তেনে শিষ্যক জোৰ-জুলুমকৈ শাক্ত পূজাতভাগ লৈ বলিৰ তেজৰ ফোঁট ল’বলৈ বাধ্য কৰােৱাৰ উদাহৰণ পােৱা যায়। তেনে অত্যাচাৰৰ বলাফলেই আছিল মােৱামৰীয়া বিদ্রোহ হৈছিল।

সমাজ বিজ্ঞানৰ ইতিহাস মোৱামৰিয়া গণ বিদ্ৰোহ

৪। পাইকৰ ভাগ দুটা কি কি? পাইক প্রথা মােৱামৰীয়া বিদ্ৰোহৰ বাৰে কিমানদূৰ জগৰীয়া আছিল? তােমাৰ নিজস্ব মতামত দাঙি ধৰা।
উত্তৰঃ পাইকৰ ভাগ দুটা হ’ল – কাড়ী পাইক আৰু চমুৱা পাইক। পাইক প্রথা মােৱামৰীয়া বিদ্ৰোহৰ বাবে কিছু পৰিমাণে দায়ী আছিল। ইয়াৰ কেইটামান কাৰণ হল-

(ক) দেশত পাইকৰ সংখ্যা হ্রাস পাই অহাত, বিশেষকৈ স্বৰ্গদেউ ৰাজেশ্বৰ সিংহৰ দিনত, প্ৰজাৰ ওপৰত ৰাজকীয় শােষণৰ বােজা যথেষ্ট বৃদ্ধি পাইছিল। পূর্ণতে চাৰিজন পাইকেৰে এটি গােট কৰাৰ ব্যৱস্থা থকাত তেওঁলােকৰ মাজৰপৰা এজনে পাল পাতি বছৰৰ ৩ মাহৰ বাবে বাধ্যতামূলক পাইকসেৱা দান কৰিব লাগিছিল। কিন্তু পাইকৰ সংখ্যা হ্রাস পাই অহাত স্বৰ্গদেউ ৰাজেশ্বৰ সিংহই ৩ জন পাইকেৰে এটিকে গােট গঠন কৰাত প্ৰতিজন পাইকে বছৰত ৪ মাহ পাইক খাটিব লাগিছিল। গতিকে প্রতিজন পাইকেৰে ওপৰত এমাহকৈ শ্ৰমৰ বােজা বৃদ্ধি পাইছি। এইদৰে একোজন মানুহক বছৰৰ চাৰি মাহকৈ ৰাই পাইকৰূপে লৈ যােৱাৰ ফলত কৃষি অর্থনীতিৰ প্রভূত ক্ষতি হৈছিল। শাৰীৰিক শ্ৰমৰ বােজা বৃদ্ধিৰ মাজেৰে প্ৰজা শােষণৰ নীতি দেশৰ সাধাৰণ প্ৰজাই সহ্য কৰা নাছিল। তেওঁলােকেও আহােম ৰাজতন্ত্ৰৰ বিৰুদ্ধে ক্ষোভত পৰিছিল আৰু ৰজাৰ বিৰুদ্ধে প্রতিশােধ লােৱাৰ আশাৰে সুযােগৰ সন্ধানত বাট চাই আছিল।

লগতে পঢ়ক:   অসমৰ ভূগোল Class 9 পাঠভিত্তিক প্ৰশ্ন উত্তৰ নৱম শ্ৰেণীৰ

(খ) ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰৰ উফল-বহতীয়াৰূপে পৰিগণিত আহােম প্রজাসকলে সততে দুই ধৰণৰ ৰকৰৰ বােজা মূৰ পাতি ল’ব লাগিছিল। তেওঁলােকে একে সময়তে আহােম ৰাষ্ট্রৰ প্রতি বাধ্যতামূলক পাইক সেৱা দান কৰাৰ লগতে উত্তৰৰ পাহাৰ অঞ্চলত বসবাস কৰা ডলা জনজাতিসকলকো পচাৰূপে এবিধ কৰ আদায় দিব লাগিছিল। এই ধৰণৰ কৰৰ বােজাই ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰৰ আহােম প্রজাসকলক অসন্তুষ্ট আৰু অতিষ্ঠ কৰি তুলিছিল। স্বৰ্গদেউ লক্ষ্মীসিংহৰ ৰাজত্বকালত মােৱামৰীয়াসকলে বিদ্রোহ কৰাৰ লগে লগে তেওঁলােকেও বিদ্রোহীসকলৰ সৈতে সংহতি স্থাপন কৰি প্ৰজা বিদ্ৰোহৰ অংশীদাৰত পৰিণত হৈছিল।

(গ) সাধাৰণভাৱে দেশত মুদ্রা অর্থনীতিৰ প্ৰচলন হােৱা নাছিল যদিও য’ত যেনেকৈ মানুহৰ হাতত অলপ-অচৰপ মুদ্রা পৰিছিল তাৰেই সহায়ত তেওঁলােকে পাইক খটাৰপৰা ৰেহাই পােৱাৰ ব্যৱস্থা এটি চৰকাৰে প্রৱৰ্তন কৰিছিল। ধনৰ বিনিময়ত পাইক খটাৰপৰা ৰেহাই পােৱাৰ ব্যৱস্থা এটি চৰকাৰে প্রৱৰ্তন কৰিছিল। ধনৰ বিনিময়ত পাইক খটাৰপৰা ৰেহাই পােৱা পাইককে চমুৱা বােলা হৈছিল। এইদৰে কাড়ী পাইকে ধনৰ মাধ্যমত চমুৱা শ্ৰেণীলৈ উঠিব পাৰিছিল আৰু তেনেদৰে চমুৱাৰ শাৰীলৈ উঠা সাধাৰণ পাইকসকল অন্যান্য পাইকতকৈ মর্যাদাৰ ফালৰপৰাও সমাজত উচ্চ শ্রেণীৰ বুলি পৰিগণিত হৈছিল। চহকী পৰিয়ালৰ লােকে য’ত যেনেকৈ পাৰে ধন-বিত সংগ্রহ কৰি ৰজা ঘৰত জমা দি কাড়ী পাইকৰ বহীৰপৰা নাম কাটি চমুৱা তথা ভদ্রলােকৰ শ্ৰেণীলৈ উঠিছিল, বাকী আছিল সমাজৰ নিম্ন আয়ৰ দুখীয়া লােকসকল। আনহাতে বহুতে চমুৱাৰ শাৰীলৈ উঠাত অবশিষ্ট কাড়ী পাইকৰ ওপৰত শ্ৰমৰ বােজা বৃদ্ধি পাই আহিছিল।

(ঘ) এই ধৰণৰ প্ৰজা শােষণে আহােম ৰাজতন্ত্রৰ ৰাজহাড় জোকাৰি তুলিছিল। সাধাৰণ প্ৰজাসকল এনেয়েই দুখীয়া তাতে আকৌ সমাজতাে নিঃকিন বুলি পৰিগণিত হৈছিল। সমাজত তেওঁলােকৰ মান-মর্যাদা বােলা বস্তুটো নাছিল, তেওঁলােক আছিল কেৱল শ্রম কৰা যন্ত্র। ফলত দেশত সামাজিক দ্বন্দ্ব-সংঘাত বৃদ্ধি পাইছিল। গতিকে সমাজৰ নিজস্ব শ্ৰেণীৰ প্ৰজাসকলেও আহােম ৰাজতন্ত্ৰৰ বিৰুদ্ধে বহু বছৰ ধৰি তীব্র ক্ষোভ আৰু অসন্তুষ্টি পুহি ৰাখিছিল। তেওঁলােকে বিদ্রোহ সমাগত হােৱাৰ লগে লগে আন বিদ্রোহীসকলৰ  সৈতে সংহতি স্থাপন কৰি প্ৰজা বিদ্ৰোহৰ অংশীদাৰ হৈছিল।

৫। মােৱামৰীয়া বিদ্ৰোহৰ ফলাফল আলােচনা কৰা
উত্তৰঃ মােৱামৰীয়া বিদ্রোহ আছিল আহােম ৰাজত্বকালত দেখা দিয়া এক দীর্ঘদিনীয়া মাৰাত্মক বিদ্রোহ যিয়ে আহােম ৰাজশক্তি লােলােক-ঢােলােক কৰাৰ লগতে অসমত আহােম ৰাজত্বৰ পতন ঘটোৱাত উল্লেখযোেগ্য অৱদান আগবঢ়াইছিল। এই বিদ্ৰোহৰ ফলাফলসমূহ ৰাজনৈতিক আৰু অর্থনৈতিক –এইদুটা ভাগত আলােচনা কৰিব পাৰি—
(ক) ৰাজনৈতিক ফুলঃৰাজনৈতিক ফলাফলৰ ভিতৰত এই বিদ্রোহৰ সময়ৰ পৰাই আহােম ৰাজশক্তি ক্রমান্বয়ে দুর্বল হ’বলৈ আৰম্ভ কৰে। ৰজাৰ তিনিজন প্রধান বিষয়া যেনে : বুঢ়াগােহাঁই, বৰগােহাঁই আৰু বৰপাত্র গােহই শক্তিশালী হৈ উঠে। পিছলৈ আহােম ৰজাসকল সিহঁতৰ হাতৰ পুতলাত পৰিণত হয়। শাসনৰ বৰমূঢ়ীয়া তিনিজন গগাহাঁইৰ মাজতাে ক্ষমতাৰ বাবে অৰিয়া-অৰিৰ সৃষ্টি হয়। সিহঁতে ব্যক্তিগতভাৱে ক্ষমতাৰ অপব্যৱহাৰ কৰিবলৈ লােৱাত সাধাৰণ প্ৰজাৰ দুখ-দুর্গতি বৃদ্ধি পায়। আহােম ৰাজ শক্তিৰ দৰ্বলতাৰ সুযােগ লৈ নিজ স্বার্থ পূৰণৰ হকে বদনচন্দ্ৰ বৰফুকনে ব্রহ্মদেশৰ পৰা মানসকলক আমন্ত্রণ কৰি আনে। মানৰ আক্ৰমণ আহােম ৰাজ শক্তিৰ ওপৰত ভূতৰ ওপৰত দানৱ পৰাৰ দৰে মাৰাত্মক ৰূপ ধাৰণ কৰে। আহােম ৰাজশক্তি নিশ্চিত পতনৰ মুখে আগবাঢ়ে। মােৱামৰীয়া বিদ্ৰোহৰ আন এক ৰাজনৈতিক ফলাফল হ’ল এই মােৱামৰীয়া বিদ্রোহ আৰু মানৰ আক্ৰমণত ৰাজহাড় ভাঙি পৰা অসমলৈ ইংৰাজ শক্তিৰ আগমন ঘটে আৰু ইংৰাজসকলৰ আগমনৰ লগে লগেই অসমৰ স্বাধীনতাৰ বেলি চিৰদিনৰ বাবে মাৰ যায়।

(খ) অর্থনৈতিক ফলাফল : মােৱামৰীয়া বিদ্রোহ ফলত অসমৰ অর্থনৈতিক শক্তি নিশকতীয়া হৈ পৰিছিল। ৰাজভঁৰাল উদং হৈ পৰিছিল আৰু প্রজাসাধাৰণৰাে
অর্থনৈতিক শােষণৰ বলি হয়। ফলত সিহঁতৰ দুখ-দুর্দশা বহুগুণে বৃদ্ধি পাইছিল। দ্বিতীয়তে কর্মপটু মােৱামৰীয়াসকলৰ বহু সংখ্যক বিদ্রোহত প্রাণ আহুতি দিব লগা হৈছিল। ফলত দেশত কাৰিকৰ আৰু কর্মপটু লােকৰ অভাৱ হৈ দেশখন অর্থনৈতিক দিশত ভাঙি পৰিছিল।

Class 9 Social Science Chapter 3 question Answer In Assamese

প্রশ্ন ৬। মােৱামৰীয়া বিদ্রোহক তুমি সফলনে বিফল বিদ্রোহ বুলি ভাবা? যুক্তি দিয়া।
উত্তৰঃ অসমত মােৱামৰীয়া বিদ্রোহ তিনিবাৰকৈ সংঘটিত হৈছিল। এই বিদ্রোহে কিছু দিশত সফলতা লাভ কৰিছে বুলি ক’ব পাৰি। তাৰ কাৰণ কেইটামান হ’ল
(ক) মােৱামৰীয়া বিদ্রোহীসকলে ৰংপুৰ অধিকাৰ কৰি তাত ভৰত সিংহনামৰ এজনক ৰজা আৰু শুকুৰা বােলা এজনক বৰবৰুৱা পাতি দেশ শাসন কৰিবলৈ লৈছিল।
(খ) ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰে জাপৰিভিঠাত ডফলা বহতীয়াসকলে তাতী নামৰ এজন ৰজাক ৰজা পাতি দেশ শাসন কৰিবলৈ লৈছিল।
(গ) মাজুলীত মােৱামৰীয়াসকলে ৰজা পাতিছিল হাউহা নামৰ এজন ডেকাক আৰু বেংমৰাত (বর্তমান তিনিচুকীয়া) হাতীচুঙ্গী মৰাণসকলে সৰ্বানন্দক ৰজা আৰু গাের্ধক বৰবৰুৱা পাতি ৰাজ্য শাসন কৰিছিল। তেওঁ ১৭৮৮ চনৰ পৰা ১৮০৫ চনলৈকে বেংমৰাত ৰাজত্ব কৰিছিল।
(ঘ) শদিয়াত খামতিসকলে বুঢ়া ৰজা আৰু ডেকা ৰজা নামৰ দুজনক ৰজা পাতি ৰাজ্য শাসন কৰিবলৈ লৈছিল।
(ঙ) নামনি অসমত দৰঙৰ ৰজা হংস নাৰায়ণক ছল কৰি গুৱাহাটীলৈ মাতি আনি গৌৰীনাথ সিংহই হত্যা কৰাৰ পিছত তেওঁৰ পুত্র কৃষ্ণনাৰায়ণে বঙালীবৰকান্দাজৰ সহায়ত কামৰূপ দখল কৰে। এনেদৰে তিনিবাৰকৈ সংঘটিত হােৱা মােৱামৰীয়া বিদ্রোহত আহােম শাসন ব্যৱস্থাৰ ভেটি কিছু পৰিমাণে দুর্বল হৈ পৰিছিল।

প্রশ্ন ৭। কেপ্তেইন ওৱেলছে কি পৰিস্থিতিত অসমলৈ আহিছিল? কিয় তেওঁ আধৰুৱা অৱস্থাতে অভিযান সামৰি ঘূৰি গ’ল?
উত্তৰঃ ১৭৮৮ চনত মােৱামৰীয়াসকলে বিদ্রোহ কৰি ৰজাঘৰীয়া সৈন্য বাহিনীক পৰাজিত কৰি ৰাজধানী দখল কৰে। আহােম ৰজা গৌৰীনাথ সিংহ ৰাজধানী এৰি পলাই যায়। সেয়ে মােৱামৰীয়াসকলৰ পৰা আহােমসকলে ৰাজ্য পুনৰ ঘূৰাইপােৱাৰ আশাত ইষ্ট ইণ্ডিয়া কোম্পানীৰ সহায় বিচাৰে।ইংৰাজসকলেও আহােমৰজাৰ প্রার্থনাত সঁহাৰিজনাই কেপ্তেই ওৱেলছক অসমলৈ পঠাই দিয়ে। তেওঁৰ অসম অভিযানৰ মুখ্য উদ্দেশ্য আছিল অসম সম্পর্কে বিতং তথ্য সংগ্ৰহ কৰা আৰু আহােম ৰজাক পুনৰ আহােম ৰাজ্যৰ সিংহাসন ঘূৰাই পােৱাত সহায় কৰা। সেই সময়ত ভাৰতৰ গৱৰ্ণৰ জেনেৰেল কর্ণৱালিচৰ উত্তৰসূৰী হিচাপে ঘৰ জন ছােৰ ভাৰতৰ গৱৰ্ণৰ জেনেৰেল হিচাপে নিযুক্তি লাভ কৰে। ঘৰ জন ছেৰে অহস্তক্ষেপ নীতি গ্রহণ কৰিছিল। অর্থাৎ তেওঁ কোনাে পৰৰাজ্যত
হস্তক্ষেপকৰাৰ পৰা বিৰত থাকিব বিচাৰিছিল। সেয়ে তেওঁ কেপ্তেইন ওৱেলছক অতি সােনকালেই অসমৰ পৰা প্রত্যাৱৰ্তন কৰিবলৈ নির্দেশ দিয়ে। গৱৰ্ণৰ জেনেৰেলৰ নির্দেশ অনুসৰি কেপ্তেইন ওৱেলছেনিজৰ অভিযান সমাপ্ত নকৰাকৈয়ে অসম এৰি যাবলৈ বাধ্য হয়।

৮। মােৱামৰীয়া বিদ্রোহ দমনত ওৱেলছৰ ভূমিকা বর্ণনা কৰা৷ তেওঁ কিমান দূৰ সফল আছিল বুলি ভাবা?
উঃ ১৭৮৮ চনৰ মােৱামৰীয়া বিদ্রোহদমনত কেপ্তেই ওৱেলছৰ বিশেষ অৱদান আছে বুলি ক’ব লাগিব। কাৰণ মােৱামৰীয়া বিদ্রোহআছিল আহােম ৰাজশক্তিৰ বাবে প্রচণ্ড সহিব নােৱাৰা আঘাত স্বৰূপ। এই যুদ্ধত পৰাজিত হৈ আহােম ৰজা গৌৰীনাথ সিংহ ৰাজধানী এৰি গুৱাহাটীলৈ পলাই যাব লগা হয়। আহােম ৰজাই মােৱামৰীয়াসকলৰ হাতৰ পৰা নিজৰ ৰাজ্য পুনৰ ঘূৰাই পােৱাৰ আশা কৰি ইষ্ট ইণ্ডিয়া কোম্পানীৰ সহায় ভিক্ষা কৰে। ইপিনে আহােম ৰজাৰ এনে দুর্যোগৰ সময়ত সুবিধা বুজি আহােমৰ কৰতলীয়া হিচাপে থকা দৰৱ ৰজা কৃষ্ণাৰায়ণ, উত্তৰ কামৰূপৰ হৰদত্ত বীৰদত্ত আৰুনগাঁৱত সিন্ধৰা হাজৰিকাই আহােম ৰজাৰ বশ্যতা ওফৰাই বিদ্রোহ ঘােষণা কৰে। আনহাতে গুৱাহাটীত থকা স্বৰ্গদেউ গৌৰীনাথ সিং আশ্রয় গৃহত কৈৱৰ্ত সম্প্রদায়ৰ কিছুমান লােকে জুই
লগাইদিয়াতৰজাই গুৱাহাটীৰ পৰা পলাবলগীয়াহয়।ৰজাই ব্ৰহ্মপুত্ৰইদি ভটিয়াই যাওঁতে আধবাটতে বংগৰ পৰা আহি থকা কেপ্তেইন ওৱেলছক লগ পায়। তেতিয়া ৰজাই ওৱেলছৰ লগত পুনৰ গুৱাহাটীলৈ ওভতি আহি গুৱাহাটী উদ্ধাৰ কৰে। কেপ্তেইন ওৱেলছৰ বাহিনী আৰুৰজাৰ সৈন্য বাহিনীৰ মিলিত শক্তিৰ হাতত দৰঙৰ ৰজা কৃষ্ণনাৰায়ণ, নগাওঁৰ সিন্ধুৰাহাজৰিকা আৰুউৰ কামৰূপৰ দত্তবীৰদত্ত পৰাজিত হয় আৰু বন্ধী হয়। গুৱাহাটীৰ বিদ্রোহ দমন কৰি কেপ্তেইন ওৱেলছে। মােৱামৰীয়াসকলৰ হাতৰ পৰা উজনি অসম উদ্ধাৰ কৰিবলৈ ৰংপুৰ অভিমুখে যাত্রা কৰে। বৃটিছবাহিনী আৰু পূর্ণানন্দ বুঢ়াগােহাঞিৰ মিলিত বাহিনীয়ে মােৱামৰীয়াসকলক পৰাজিত কৰি ৰংপুৰ এৰি যাবলৈ বাধ্য কৰায়। অৱশেষত প্রায় ছয় বছৰ পিছত মােৱামৰীয়াসকলৰ হাতৰ পৰা ৰাজ্য উদ্ধাৰ কৰি গৌৰীনাথ সিংহপুনৰ ইংৰাজৰ সহায়ত সিংহাসন ঘূৰাই পায়। সেয়েকব পাৰি মােৱামৰীয়া বিদ্রোহ দমনত কেপ্তেই। ওৱেলছ সম্পূর্ণ সফল হয়।

৯। কেপ্তেইন ওৱেলছৰ অসম সম্পৰ্কীয় বিৱৰণ আলােচনা কৰা।
উত্তৰঃ কেপ্তেইন ওৱেলছ চাহাবে অসমৰ বিষয়ে এটা মূল্যৱান টোকা লিখি সেই সময়ৰ ব্রিটিছ গৱৰ্ণৰ জেনেৰেল ছাৰ জন ছােৰলৈ প্ৰেৰণ কৰিছিল। সেই বিৱৰণৰ পৰা ওঠৰ শতিকাৰ অসমৰ ৰাজনৈতিক আৰু অর্থনৈতিক অৱস্থা সম্বন্ধে বহু লাগতিয়াল কথা জানিব পৰা যায়। ওৱেলছৰ টোকাত আহােম ৰাজ্যৰ ৰজা নির্বাচন আৰু তেওঁৰ ক্ষমতা সম্পৰ্কত এটা বর্ণনা দিয়া আছে। আনকি আহােম শাসনতন্ত্রৰ পাঁচগৰাকী প্রতাপী মন্ত্রী আৰু তেওঁলােকৰ মাজত সঘনাই চলা ক্ষমতাকেন্দ্রিক অৰিয়াঅৰিৰ ঘটনা টোকাটোত সন্নিৱিষ্ট হৈছে।

পাইক প্ৰথাৰ বিষয়েও টোকাটোত এটা চমু বিৱৰণ দিয়া আছে। অসমৰ শেহতীয়া ৰাজনৈতিক অচলাৱস্থাৰ বাবে ওৱেলছে কীর্তিচন্দ্ৰ বৰবৰুৱাৰ ৰাজনৈতিক স্বেচ্ছাচাৰিতা, মােহনমালা গােহাঁইক অনৈতিকভাৱে ৰাজসিংহাসন লাভৰ পৰা বঞ্চিত কৰা, মােৱামৰীয়া মহন্তৰ হত্যা আৰু উচ্চপদবীধাৰী মন্ত্রী-আমােলাসকলৰ মাজত ক্ষমতা লাভৰ বাবে চলা অবাঞ্ছিত প্রতিযােগিতাকেই মূলতঃ দায়ী বুলি মত পােষণ কৰিছে।

যি কি নহওক ওৱেলছে এই অচলাৱস্থাৰ পৰা অসম দেশক ৰক্ষা কৰাত বৃিটিছ সৈন্য কৃতকার্য হােৱা বুলি দাবী কৰাৰ লগতে অসমত শান্তি স্থাপনৰ বাবে তেওঁ লােৱা বিভিন্ন কার্যব্যৱস্থাৰ বিষয়েও টোকাটোত উনুকিয়াইছে। ব্যৱসায়-বাণিজ্য সম্পর্কত মন্তব্য দিবলৈ গৈ ওৱেলছে অসমৰ প্রাকৃতিক সম্পদসমূহৰ ওপৰত বিশেষভাৱে গুৰুত্ব দিয়া যেন লাগে। অসম আৰু বংগদেশৰ মাজত চলা আমদানি- ৰপ্তানিৰ বৃহৎ বাণিজ্য ক্ষেত্ৰখনৰ কথা উনুকিয়াই লিখিছিল যে এই বাণিজ্যৰ পৰা অসমে বছৰি প্রায় ৯০,০০০ টকাৰ শুল্ক আদায় কৰিছিল। অৱশ্যে তাৰে ২৬,০০০ মান টকাহে ৰাজকোষত সােমাইছিল। তেওঁৰ বিৱৰণৰ পৰা অনুমান কৰিব পাৰি যে সেইসময়ত অসমত লােণৰ বৰ আকাল আছিল। আমদানি বস্তুবােৰৰ ভিতৰত লােণেই আটাইতকৈ উল্লেখযােগ্য আছিল। বংগদেশৰ পৰা বছৰি প্রায় ২০,০০০ মােন লােণ আমদানি কৰা হৈছিল। অসমৰ ভিতৰতাে শদিয়া আৰু নগাপাহাৰত কিছু লােণ উৎপাদন হৈছিল যদিও তাৰ মান নিম্নস্তৰৰ আছিল। লােণ বৰ দামী বস্তু আছিল আৰু সেইবাৰে সাধাৰণ মানুহে ইয়াক ব্যৱহাৰ কৰিবলৈ অসমর্থ আছিল। অসমত যথেষ্ট পৰিমাণে ধান উৎপন্ন হােৱাৰ লগতে সৰিয়হ, কুঁহিয়াৰ, আদা, নীল, তামােল-পাণ, লা, লাে, সােণ আদি উৎপন্ন হৈছিল।

লগতে পঢ়ক:   ভাৰতৰ ৰাজনৈতিক দল Class 9 প্ৰশ্ন উত্তৰ (ৰাজনৈতি বিজ্ঞান)

সেই সময়ত গুৱাহাটী এখন আহল-বহল আৰু জনবহুলনগৰ আছিল। নগৰখনব্রহ্মপুত্র নদীৰ দুয়ােপাৰ জুৰি বিস্তুত আছিল। নদীৰ পাৰত থকা এটা গড়ত ১১৩ টা কামান আছিল। আৰু তাৰে তিনিটা ইউৰােপত তৈয়াৰী আছিল। ব্রহ্মপুত্র নদীৰ পৰা অলপ দূৰৈত ৬ ফুট মান ওখ পকী দেৱালেৰে আগুৰা এডােখৰ ঠাইত ইমান ডাঙৰ এটা ঘৰ আছিল যে তেওঁৰ আটাইবােৰ সৈন্য তাতেই থাকিব পাৰিছিল। গুৱাহাটীৰ লগতে আহােমৰ ৰাজধানী ৰংপুৰ নগৰখনৰাে তেওঁ এটি বর্ণনা দিছিল। ইয়াৰ পৰিসীমা প্রায় ২০ মাইলমান হ’ব। ইয়াতাে ইটাৰ বেৰ দিয়া এখন সুৰক্ষিত ঠাই আছিল। অৱশ্যে বেৰবোেৰ উৱলি গৈছিল। নগৰৰ দাঁতিকাষৰীয়া ঠাইবােৰত ভাল খেতি হৈছিল। সৰহভাগ মাটিয়েই ৰজা আৰু ডা- ডাঙৰীয়াসকলৰ সম্পত্তি আছিল। বজাৰত উৎপন্ন বস্তুৰ বেচা-কিনা সাধাৰণতে নহৈছিল। ধান কেতিয়াও বিক্ৰী কৰিব নােৱাৰিছিল। সােণ আৰু নিমখহে বেহা-বেপাৰৰ মাধ্যম। হিচাপে ব্যৱহাৰ হৈছিল। বস্তুৰ দাম অতিপাত সস্তা আছিল। সাধাৰণ মানুহে অন্য বস্তুতকৈ টকাৰহে নাটনিত ভুগিছিল। তথাপি অসম এখন ঐশ্বর্যশালী দেশ আছিল আৰু ৰজা গৌৰীনাথ সিংহই ব্রিটিছ সেনাৰ ভণ-পােযণৰ বাবে যথেষ্ট টকা-পইচা খৰচ কৰিবলৈ সমৰ্থ হৈছিল।

Class 9 Social Science Chapter 3 question Answer In Assamese

১০। চমুটোকা লিখা ?
(ক) কীর্তিচন্দ্ৰ বৰুৱা (খ) মায়ামৰা সত্ৰ (গ) পূর্ণানন্দ বুঢ়াগােহাঞি (ঘ)কাড়ী পাইক আৰু চমুৱা পাইক (ঙ) ওৱেলছ আৰু গৌৰীনাথ সিংহৰ মাজৰ বাণিজ্য চুক্তি (চ) বৰৰজা ফুলেশ্বৰী (ছ) পৰ্বতীয়া গােসাঁই, (জ) সৰ্বানন্দ, (ঝ) ভৰত সিংহ, (ঞ) ৰংপুৰ নগৰ।
উত্তৰঃ

(ক) কীর্তিচন্দ্ৰ বৰবৰুৱা→ কীর্তিচন্দ্ৰ বৰবৰুৱা এজন প্রবল প্রতাপী ৰজা আছিল। তেওঁৰ পিতৃৰ নাম ৰূপচন্দ্ৰ বৰবৰুৱা আছিল। ১৭১৮ চনত ৰূপচন্দ্ৰৰ মৃত্যু হােৱাৰ পিছত স্বৰ্গদেউ শিৱ সিংহই পুতেক কীর্তিচন্দ্ৰ বৰবৰুৱা পদবীত নিযুক্তি দিছিল। কীর্তিচন্দ্ৰৰ কু-চক্ৰান্তৰ বাবেই স্বৰ্গদেউ ৰূদ্ৰসিংহৰ মৃত্যুৰ পিছত তেওঁৰ পুত্র মােহনমালা দত্তৰ বিপৰীতে ভায়েক ৰাজেশ্বৰ সিংহই ৰাজ সিংহাসনত আৰােহণ কৰিব পাইছিল। ৰাজেশ্বৰ সিংহই ৰাজ্য পৰিচালনা কৰাতকৈ আমােদ-প্রমােদত দিন কটাবলৈ বেছি ভাল পাইছিল৷ তেওঁ ৰাজ্য শাসনৰ ভাৰ কীর্তিচন্দ্ৰ বৰবৰুৱাৰ হাতত অৰ্পণ কৰিছিল। কীর্তিচন্দ্ৰ বৰবৰুৱাৰ ৰাজ্য- শাসনৰ ভাৰ দিনক দিনে বাঢ়ি যােৱাত ডা-ডাঙৰীয়াসকলে তেওঁক দেখিব নােৱৰা হ’ল। কাৰণ কীর্তিচন্দ্র সাধাৰণ কাড়ী খেলৰ মানুহ আছিল। নুমলী বৰগােহাঁয়ে “চকৰীফেটা” নামৰ এখন বুৰঞ্জীপুথিত কীর্তিচন্দ্ৰ বৰবৰুৱাৰ পৰিয়ালক জলম বঁটা’ অর্থাৎ ‘নকল আহােম’ বুলি লিখি থৈ গৈছে। কীর্তিচন্দ্ৰ বৰবৰুৱাই এই কথাৰ প্রতিবাদ কৰি নৰা দেশৰ পৰা নিজা আত্মীয় মানুহ আনি প্রমাণ কৰি কৈছিল যে তেওঁ সম্ভ্রান্ত আহােম পৰিয়ালৰ লােক হয়। এনে কাৰ্যই তেওঁৰ কিবা সন্দেহ থকা বুলি ভাবি ৰজাৰ পৰা ৰাজ্যৰ বুৰঞ্জী পৰীক্ষা কৰাৰ আদেশ দিলে। উপায়হীন হৈ বৰুৱাই ছুিমান বুৰঞ্জীত আপত্তিজনক কথা থকা বুলি ভাবি বুৰঞ্জীবােৰ পৰীক্ষা কৰাৰ আগতেই পুৰি পেলায়। তেওঁৰ এনে কাৰ বাবে জনসাধাৰণৰ মনত তেওঁ অপ্রিয় হৈ পৰে। কিছুমানে ষড়যন্ত্র কৰি তেওঁক বধ কৰিবলৈ চেষ্টা কৰে। কিন্তু তেওঁ কোনাে কমে পলাই প্রাণ ৰক্ষা কৰে।

(খ) মায়ামৰা সত্ৰ →মায়ামৰা এখন বৈষ্ণৱ সত্ৰৰ নাম। ই কাল সংহতিৰ অন্তর্ভুক্ত। মূলতে মৰাণ জনগােষ্ঠীৰ লােকসকল এই সত্ৰৰ শিষ্য আছিল৷ ইয়াৰ উপৰি অসমৰ বহুতাে জনজাতি যেনে কছাৰী, চুতীয়া, আহােম, কৈৱৰ্ত্ত আদি লােকৰ মাজতাে এই সত্রই যথেষ্ট জনপ্রিয়তা লাভ কৰিছিল। মায়ামৰা সত্ৰখনৰ এটা বিশেষত্ব হল যে এই সত্ৰৰ সত্ৰাধিকাৰসকল কেৱল ক্ষুদ্র সম্প্রদায়ভুক্ত আছিল। এই মায়ামৰা’ শব্দৰ পৰাই মােৱামৰীয়া শব্দটো উৎপত্তি হৈছিল। মায়ামৰা সত্ৰৰ সত্ৰাধিকাৰসকলক জনসাধাৰণে এটা সুকীয়া মর্যাদা দিছিল। ইয়াৰ ফলত এই সত্ৰত শিষ্যৰ সংখ্যা দিনক দিনে বৃদ্ধি পাইছিল। এই সত্ৰৰ শিষ্যসকলে কোনাে কাৰণতে গুৰুৰ বাহিৰে আন কাৰাে ওচৰত মূৰ দোউৱা নাছিল। সেয়েহে গুৰুৱে এনে পৰিস্থিতিৰ বাবে নিজকে স্বৰ্গদেউৰ লগত তুলনা কৰিছিল ইয়াৰ ফলত আহােম ৰাজশক্তি আৰু মােৱামৰীয়াসকলৰ মাজত মনােমালিন্য ঘটিছিল। তাৰ পৰিণতি স্বৰূপেই অসমৰ ইতিহাসত আটাইতকৈ দীর্ঘকাল। জুৰি সংঘটিত হােৱা ভয়াবহ বিদ্রোহ হৈছে মােৱামৰীয়া গণ বিদ্রোহ।

(গ) পূৰ্ণানন্দ বুঢ়াগােহাঞি→ পূৰ্ণানন্দ বুঢ়াগােহাঞি আহােম ৰাজ্যৰ এজন ক্ষমতাশালী মন্ত্রী আছিল। তেওঁ ঘনশ্যাম বুঢ়াগােহাঁইৰ পুত্ৰ আছিল। গৌৰীনাথ সিংহৰ ৰাজত্বকালত পিতাকৰ মৃত্যুৰ পিছত উত্তৰাধিকাৰ সূত্ৰে ১৭৮২ চনত তেওঁ বুঢ়াগােহাঁইৰ পদৱীত অধিস্থিত হয়। তেওঁ মােৱামৰীয়া বিদ্রোহ দমন কৰিবলৈ দৃঢ়তা অরলম্বন কৰিছিল যদিও বিশেষ একো কৰিব পৰা নাছিল। তেওঁ ১৭৮২ চনৰ পৰা ১৮১৭ চনলৈ প্রায় ৩৪/৩৫ বছৰ ধৰি আহােম ৰাজ্যৰ বুঢ়াগােহাঁই তথা ৰাজমন্ত্রী আছিল। পূৰ্ণানন্দৰ স্বেচ্ছাচাৰিতাৰ বাবে দেশৰ লােকে তেওঁক অকণাে ভাল পােৱা নাছিল। পূৰ্ণানন্দৰ দৌৰাত্ম সহ্য কৰিব নােৱাৰি দেশৰ ভালেমান মুখিয়াল লােকে কমলেশ্বৰ সিংহৰ ৰাজত্বকালত পানীমুৱা নামৰ এটা বিদ্রোহ সংগঠিত কৰিছিল। পূৰ্ণানন্দ বুঢ়াগােহাঁই আহােম সাম্রাজ্যৰ শৈষ শক্তিশালী ব্যক্তি আছিল।

(ঘ) কাড়ী পাইক আৰু চমুৱা পাইকঃ→ কাড়ী পাইক আৰু চমুৱা পাইক পাইকসকলৰ দুটা ভাগ। কাড়ী পাইকৰ সংখ্যা অধিক। চমুৱা পাইকৰ সংখ্যা কম যদিও তেওঁলােক আছিল কাড়ী পাইকতকৈ মানত উচ্চ। কিন্তু লাহে লাহে ৰাজ্যত চমুৱা পাইকৰ সংখ্যা বৃদ্ধি হােৱাত দামী পাইকৰ সংখ্যা কমিবলৈ ধৰে।

(ঙ) ওৱেলছ আৰু গৌৰীনাথ সিংহৰ মাজৰ বাণিজ্য চুক্তি → বৈৰাগী ৰজাৰ নেতৃত্বত কৈবর্ত সম্প্রদায়ৰ কিছুমান মানুহে গুৱাহাটীত থকা স্বৰ্গদেউৰ আশ্রয়গ্ৰহটোত জুই লগাই দিয়াত তেওঁ গুৱাহাটীৰ পৰা পুনৰাই পলাবলগীয়া হ’ল। ব্রহ্মপুত্ৰেৰে ভটিয়াই যাওঁতে আদবাটতে তেওঁ বংগৰপৰা আহি থকা কেপ্তেইন ওৱেলছক লগ পাই তেওঁৰ ভৰসাতে আকৌ গুৱাহাটীলৈ উভতি আহে আৰু ওরেলছৰ সহায়ত পুনৰাই গুৱাহাটী অধিকাৰ কৰে। বৈৰাগীৰজা আৰু তেওঁৰ অনুগামীসকলক বন্দী কৰা হ’ল। দৰঙৰ ৰজা কৃষ্ণনাৰায়ণ আৰু তেওঁৰ ভেৰােণীয়া সৈনিকৰ দল বৰকান্দাজসকলকো যুদ্ধত পৰাস্ত কৰা হ’ল। হৰদত্ত চৌধুৰীৰ বিদ্রোহ দমন কৰি তেওঁলােকক আহােমৰ কৰতলীয়া ৰজা হিচাপে পুনৰ স্বীকৃতি দিয়া হ’ল । দৰঙীয়া আৰু কামৰূপীয়া বিদ্রোহ আৰু বৰকান্দাজ সমস্যাৰ অন্ত পেলাই ওঁৱেলছে উজনিত আহােম ৰাজ্য নিষ্কণ্টক কৰাৰ মানসেৰে ৰংপুৰ অভিমুখে যাত্ৰা আৰম্ভ কৰিলে। কাৰণ ইতিমধ্যেই আহােম ৰজা গৌৰীনাথ সিংহ আৰু কেপ্তেইন ওৱেলছৰ মাজত এখন বাণিজ্যিক চুক্তি স্বাক্ষৰিত হৈছিল।১৭৯৩ চনৰ ৮ ফেব্ৰুৱাৰীত স্বাক্ষৰিত হােৱা এই চুক্তিমতে,

(১) ইংৰাজৰ অধীনস্থ যিকোনাে ঠাইৰ পৰা অসমলৈ আমদানি হােৱা সামগ্ৰীৰ ওপৰত ১০% কৰ ধার্য কৰা হ’ল।
(২) অসমৰ পৰা ইংৰাজৰ অধীনৰ যিকোনাে প্রান্তলৈ ৰপ্তানি কৰা সামগ্ৰীৰ ওপৰতাে সমপৰিমাণৰ অর্থাৎ ১০% কৰ ধার্য কৰা হ’ল।
(৩) ধন আৰু চাউলৰ ওপৰত কোনাে কৰ নাথাকিব।
(৪) গুৱাহাটী আৰু কান্দাহাৰত দুটা শুল্ক চকী স্থাপন কৰি ৰপ্তানি আৰু আমদানি কৰ আৰােপ কৰাৰ ব্যৱস্থা কৰা হ’ল।
(৫) ইংৰাজৰ বাহিৰে আন ইউৰােপীয় বেপাৰীয়ে ইংৰাজ আৰু আহােম চৰকাৰৰ বিনা অনুমতিত অসমত বেহা-বেপাৰ কৰিব নােৱাৰিব।
এই চুক্তিখনৰ স্বাৰ্থতেই উজনিৰ মােৱামৰীয়াসকলক দমন কৰি আহােম শাসনৰ পুনৰ প্রতিষ্ঠা কৰাটো এক প্রকাৰ জৰুৰী হৈ পৰিছিল। সকলাে কথা গমি ওৱেলছে গৱৰ্ণৰ জেনেৰেলক ছটা নতুন কোম্পানি ফৌজ পঠাবলৈ অনুৰােধ কৰিছিল। গৱৰ্ণৰ জেনেৰেল লর্ড কর্ণৱলিছে পৰিস্থিতিৰ গুৰুত্ব বুলি ওৱেলছৰ পত্ৰৰ সঁহাৰি জনাই অতিৰিক্ত ফৌজ পঠাই দিছিল । ১৭৮৬ চনৰ পৰাই বুঢ়াগােহাঞি পূর্ণানন্দ ডাঙৰীয়াই অশেষ কষ্টেৰে বােৰহাটৰ বাহিৰতে মােৱামৰীয়াসকলৰ গতিৰােধ কৰি আছিল। এতিয়া ওৱেলছৰ নেতৃত্বত অহা নতুন ব্রিটিছ ফৌজে আহােমৰ সৈন্যৰ মনােবল বহুগুণে বৃদ্ধি কৰিলে। বৃটিছ আৰু আহােমৰ সৈন্যৰ যুটীয়া আক্ৰমণত মােৱামৰীয়াসকল তিষ্ঠিৱ নােৱাৰি ৰংপুৰ এৰি পলাই যাবলৈ বাধ্য হ’ল। ভালেমান মােৱামৰীয়াৰ মৃত্যু হ’ল। ৰজা ভৰতসিংহও বেয়াকৈ ঘুণীয়া হ’ল আৰু কোনােমতে প্রাণ লৈ পলাই গ’ল। ৰংপুৰ পুনৰ বিদ্রোহীৰ কৱলৰ পৰা উদ্ধাৰ হ’ল। ১৭১৪ চনৰ ২১ মাৰ্চৰ দিনা গৌৰীনাথ সিংহই ৰাজধানীত প্ৰৱেশ কৰে।

(চ) বৰৰজা ফুলেশ্বৰী→ স্বৰ্গদেউ শিৱসিংহৰ ৰাণী আছিল ফুলেশ্বৰী কুঁৱৰী। তেওঁ এগৰাকী বিদ্যোৎসাহী মহিলা আছিল। তেওঁ লিখা-পঢ়াৰ সুবিধাৰ বাবে ৰাজ্যত বহুতাে টোল পাতিছিল। তেওঁৰ নির্দেশমতে গৌৰীসাগৰ পুখুৰী আৰু দৌল নির্মাণ কৰা হৈছিল। এওঁৱেই আছিল আহােমৰ ৰাজত্বকালত কাজকার্য পৰিচালনা কৰা প্ৰথম গৰাকী মহিলা। ফুলেশ্বৰী কুঁৱৰীয়ে কৃষ্ণৰাম ভট্টাচার্য নামৰ পুৰােহিত এজনৰ ওচৰত শাস্ত্ৰ ধৰ্মৰ শিল্প লৈছিল। সেই সময়ত ব্রাহ্মণ পণ্ডিতসকলে শিৱসিংহৰ ছত্ৰ ভংগৰ যােগ আছে বুলি কৈ ফুলেশ্বৰী কুঁৱৰীক ‘বৰৰজা’ উপাধি দি দেশ শাসন কৰিবলৈ দিছিল। ফুলেশ্বৰীয়ে নতুনকৈ ক্ষমতা পাই মায়ামৰা সত্ৰৰ সত্ৰাধিকাৰ, সত্ৰৰ সৈতে জৰিত সন্ত-মহন্ত, ভকত সকলােকে বহুতাে লঘু লাঞ্ছনা কৰি অশেষ নির্যাতন কৰিছিল। শাক্ত ধৰ্মত নতুনকৈ দীক্ষা লােৱা এইগৰাকী ৰাণীৰ বৈষ্ণৱ নির্যাতন কার্যত ইন্ধন যােগাইছিল কীর্তি চন্দ্ৰ বৰুৱাই ৰাণী ফুলেশ্বৰীয়ে বৈষ্ণৱ সত্ৰাধিকাৰ, মহন্ত আৰু ভকতসকল শক্তি পূজাৰ বিৰােধী আছিল কাৰণে ৰাণীয়ে দেৱী মন্দিৰত পূজাৰ আয়ােজন কৰি তালৈ মায়ামৰা সত্ৰকে ধৰি অন্যান্য সত্রানুষ্ঠানৰ সত্ৰাধিকাৰ আৰু মহন্ত ভকতসকলক ধৰি আনি দেৱী পূজাৰ প্ৰসাদ খুৱাই আৰুবলিৰ তেজেৰে কপালত ফোট দিয়াই লঘু-লাঞ্ছনা কৰিছিল। ইয়াৰ ফলস্বৰূপে সময়ত আহােম ৰাজ্যত “মােৱামৰীয়া বিদ্রোহ’ দেখা দিছিল। ১৭৩১ খ্রীত ফুলেশ্বৰী কুঁৱৰীৰ মৃত্যু হয়।

(ছ) পৰ্বতীয়া গােসাঁই → স্বৰ্গদেউ ৰুদ্ৰসিংহ বংগদেশৰ নদীয়াৰ পৰা কৃষ্ণৰাম ভট্টাচার্য নামৰ এজন শক্ত ব্রাহ্মণ পণ্ডিতক ৰাজ্যলৈ মতাই অনাইছিল।পিছলৈ পুত্ৰ শিৱসিংহই তেওঁৰ ওচৰত শৰণ লৈছিল আৰু ব্রাহ্মণজনক নীলাচল পাহাৰত স্থাপন কৰিছিল। তেতিয়াৰ পৰাই কৃষ্ণ ৰাম ভট্টাচর্য আৰু তেওঁৰ উত্তৰ পুৰুষসকলক পৰ্বতীয়া গােসাঁই নামেৰে জনা যায়।

লগতে পঢ়ক:   ভাৰতবৰ্ষৰ ভূগোল Class 9 (সম্পূৰ্ণ প্ৰশ্নোত্তৰ) ভূগোল অধ্যায় ৩

(জ) সৰ্বানন্দঃ→ সর্বানন্দ সিংহ মৰাণ সকলৰ নেতা আছিল। মােৱামৰীয়া সকলৰ নেতা ভৰত সিংহৰ মৃত্যুৰ পিছত সৰ্বানন্দই মােৱামৰীয়া বিদ্ৰোহৰ নেতৃত্ব গ্রহণ কৰিছিল। সেই সময়ত মােৱামৰীয়া সকলৰ ভিতৰত মৰাণ সকলেইসকলােতকৈ শক্তিশালী আছিল। সেয়েহে পূৰ্ণানন্দৰগােহাঁয়ে মােৱামৰীয়া নেতা সর্বানন্দৰ লগত এখন চুক্তি কৰি বেংমৰাক কেন্দ্ৰ কৰি ব্ৰহ্মপুত্ৰ আৰু দিহিঙৰ মাজত ভূ-খণ্ড মটক ৰাজ্য’ নাম দি নতুন স্বতন্ত্র ৰাজ্য স্থাপন কৰিলে। ১৭৮৮ চনত গৌৰীনাথ সিংহ গুৱাহাটীলৈ পলাই যােৱাৰ পিছত বিদ্রোহীসকলে বেংমৰা হাতীচুংগীত সর্বানন্দক ৰজা পাতি ৰাজ্য শাসন কৰিবলৈ দিছিল। সর্বানন্দই ১৮০৫ চনলৈকে শাসন চলাইছিল।

(ঝ) ভৰত সিংহ→ ভৰত সিংহ মায়ামৰা সত্ৰৰ সত্ৰাধিকাৰ সম্পৰ্কীয় লােক আছিল। তেওঁ এজন মােৱামৰীয়া বিদ্ৰোহৰ নেতা আছিল। ১৮০১ চনত তেওঁৰ নেতৃত্বত এদল মােৱামৰীয়াই চিংফৌ আৰু খামতিসকলৰ সৈতে লগ হৈ বিদ্রোহ কৰিছিল। তেওঁলােকে বিদ্ৰোহকৰ ঠাইখন হ’ল বেংমৰা (বর্তমান তিনিচুকীয়া জিলা)। মােৱামৰীয়া বিদ্রোহীসকলে ৰংপুৰ দখল কৰাৰ পিছত তেওঁক ৰংপুৰৰ ৰজা পাতিছিল। ভৰত সিংহই শুকুৰা নামৰ এজন বৰবৰুৱাৰ লগত দেশ শাসন কৰিছিল।

(ঞ) ৰংপুৰ নগৰঃ→ ৰংপুৰ আহােমৰ ৰাজধানী আছিল। স্বৰ্গদেউ ৰুদ্ৰসিংহই ১৬৯৮ চনত এই ৰাজধানী নগৰ প্রতিষ্ঠা কৰে। ৰংপুৰৰ পুৰণি নাম মেটেকা। স্বৰ্গদেউ ৰুদ্ৰসিংহই ৰংঘৰ সজাই ৰং-ৰহইচ কৰি নগৰ খন লােৱাৰ বাবেনামনিৰ ৰংপুৰৰ নামেৰেই এইনগৰৰ নাম ৰংপুৰ থয়। তেতিয়াৰে পৰা মােৱামৰীয়াসকলৰ বিদ্রোহত নগৰ উছন হােৱালৈকে ৰংপুৰ আহােমৰ ৰাজধানী আছিল। বর্তমানৰ শিৱসাগৰ নগৰখনেই আছিল পূর্বৰ ৰংপুৰনগৰ। বর্তমান ৰংপুৰৰ পৰিসীমা প্রায় ১০ মাইল মান হ’ব। ইয়াত ইটাৰ বেৰ দিয়া এখন সুৰক্ষিত ঠাই আছিল। নগৰৰ দাঁতিকাষৰীয়া ঠাইবােৰত ভাল খেতি হৈছিল। সৰহভাগ মাটিয়েই ৰজা আৰু ডা-ডাঙৰীয়া সকলৰ সম্পত্তি আছিল। বজাৰত উৎপন্ন বস্তুৰ বেচা- কিনা সাধাৰণতে নহৈছিল। ধান কেতিয়াও বিক্ৰী কৰিব নােৱাৰিছিল। সােণ আৰু নিমখহে বেহা-বেপাৰৰ মাধ্যম হিচাপে ব্যৱহাৰ হৈছিল। বস্তুৰ দাম অতিপাত সস্তা আছিল।

Read Also :ভাৰতবৰ্ষলৈ ইউৰীপীয়সকলৰ আগমন

মোৱামৰিয়া গণ বিদ্ৰোহ Class 9

অতিৰিক্ত অতিচমু প্রশ্নোত্তৰ

প্রশ্ন ১। মায়ামৰা সত্র কোন সংহতিৰ অন্তর্ভুক্ত?
উত্তৰঃ কাল সংহতি।
প্রশ্ন ২। কোনজন মােৱামৰীয়া সত্ৰাধিকাৰক ভগা ৰজা চুৰমাৰ দিনত হত্যা কৰা হৈছিল?
উত্তৰঃ মায়ামৰা সত্ৰৰ সত্ৰাধিকাৰ গুৰু নিত্যানন্দদেৱক।
প্রশ্ন ৩/ বৈকুণ্ঠদেৱ মহন্তৰ হত্যা কাৰ নিৰ্দেশত হৈছিল ?
উত্তৰঃ গদাধৰ সিংহৰ নিৰ্দেশত।
প্রশ্ন ৪। চতুর্ভুজদেৱ মহন্তৰ প্রতি কোনে দুর্ব্যৱহাৰ কৰিছিল ?
উত্তৰঃ গদাধৰ সিংহই।
প্রশ্ন ৫। মােৱামৰীয়া মহন্তক কাৰ নির্দেশ মর্মে বলিৰ ফোট ল’বলৈ বাধ্য কৰা হৈছিল?
উত্তৰঃ শিৱসিংহৰ দিনত বৰৰজা ফুলেশ্বৰীৰ নিৰ্দেশত।
প্রশ্ন ৬। শিৱসিংহই কাৰ ওচৰত শৰণ লৈছিল?
উত্তৰঃ বংগদেশৰ নদীয়াৰ কৃষ্ণৰাম ভট্টাচাৰ্যৰ ওচৰত।
প্রশ্ন ৭। কীর্তিচন্দ্র কোন সত্ৰৰ শিস্য আছিল
উত্তৰ দিহিং সত্ৰৰ শিস্য।
প্রশ্ন ৮। মােৱামৰীয়াসকলৰ উদ্দেশ্য কি আছিল?
উত্তৰঃ আহােম শাসনৰ অন্ত পেলােৱা।
প্রশ্ন ৯। মানন্দ ৰা মাকান্তৰ দেউতাকৰ নাম কি?
উত্তৰঃনাহৰ খােৱা।
প্রশ্ন ১০। কোন মণিপুৰী ৰাজকুঁৱৰীয়ে আহােম সকলক সহায় কৰিছিল ?
উত্তৰঃ মণিপুৰী ৰাজকুৱৰী কুৰঙ্গনয়নীয়ে।
প্রশ্ন ১১। লক্ষ্মীসিংহৰ পুতেকৰ নাম কি?
উত্তৰ : গৌৰীনাথ সিংহ।
প্রশ্ন ১২। ঘনশ্যাম বুঢ়াগােহাঞিৰ পুতেকৰ নাম কি?
উত্তৰঃ লাড়ি গােহাঁঞি বুঢ়াগােহাঞি।
প্রশ্ন ১৩। পূৰ্ণানন্দ বুঢ়াগােহাঁইৰ আন এটা নাম কি ?
উত্তৰঃ লাড়ি গােহাঞি বুঢ়াগােহাঞি।
প্রশ্ন ১৪। ইংৰাজ সৈন্য বাহিনীক অসমলৈ আহােতে কোনে নেতৃত্ব দিছিল ?
উত্তৰঃ কেপ্তেইন থমাছ ওৱেলছে।
প্রশ্ন ১৫। ইংৰাজ সামৰিক সৈন্য বাহিনীটো অসমত কেতিয়াৰ পৰা কেতিয়ালৈ আছিল?
উত্তৰঃ ১৭৯২ চনৰ নৱেম্বৰ মাহৰ মাজভাগৰ পৰা ১৭৯৪ চনৰ মে’ মাহলৈ অসমত আছিল।
প্রশ্ন ১৬। ৰজা গৌৰীনাথ সিংহ আৰু কেপ্তেইন ওৱেলছৰ মাজত কেতিয়া বাণিজ্যিক চুক্তি স্বাক্ষৰিত হৈছিল ?
উত্তৰঃ ১৭৯৩ চনৰ ৮ ফেব্ৰুৱাৰীত স্বাক্ষৰিত হৈছিল।
প্রশ্ন ১৭। কেপ্তেইন ওৱেলছ অসমলৈ অহাৰ সময়ত ভাৰতৰ গৱৰ্ণৰ জেনেৰেল কোন আছিল?
উত্তৰঃ লর্ড কর্ণৱালিছ।
প্রশ্ন ১৮। লর্ড কর্ণৱলিছৰ উত্ৰৰসুৰী ছাৰ জন ছছাৰে গ্ৰহণ কৰা নীতিটো কি আছিল?
উত্তৰঃ পৰাজ্যত হস্তক্ষেপ বিৰােধী নীতি।
প্রশ্ন ১৯। গৌৰীনাথ সিংহৰ মৃত্যু কেতিয়া হৈছিল?
উত্তৰঃ ১৭৯৫ চনত
প্রশ্ন ২০। চাৰিং ৰজা কদম দীঘলা গােহাঞিৰ পুত্ৰৰ নাম কি?
উত্তৰঃ কিনাৰাম।
প্রশ্ন ২১। চুকেনফাৰ হিন্দু মতে নাম কি আছিল?
উত্তৰঃ কমলেশ্বৰ সিংহ।
প্রশ্ন ২২। কিমান চনত কাছাৰত-মােৱামৰীয়া বিদ্রোহ হৈছিল ?
উত্তৰ : ১৮০৫ চনত।
প্রশ্ন ২৩বেংমৰাৰ বৰ্তমান নাম কি ?
উত্তৰঃ তিনিচুকীয়া।
প্রশ্ন ২৪। অসমৰ মানুহে বেহা-বেপাৰৰ মাধ্যম হিচাপে কি বস্তু ব্যৱহাৰ কৰিছিল?
উত্তৰঃ সােণ আৰু নিমখ।
প্রশ্ন ২৫। গৌৰীনাথ সিংহই ৰংপুৰৰ পৰা কোন ঠাইলৈ ৰাজধানী স্থানান্তৰকৰিছিল?
উত্তৰঃ যােৰহাটলৈ।
প্রশ্ন ২৬ পাইক প্রথা কোনে প্ৰৱৰ্তন কৰিছিল?
উত্তৰঃ প্রতাপ সিংহই।
প্রশ্ন ২৭। গুৱাহাটীৰ উমানন্দ মন্দিৰত প্রথম মাটি দান কোনজন ৰজাই দিছিল?
উত্তৰঃ গদাধৰ সিংহই।
প্রশ্ন ২৮। মােৱামৰীয়া সকলে প্রথমবাৰ ৰংপুৰ অধিকাৰ কৰি কাক ৰজা পাতিছিল?
উত্তৰঃ বাকাক।
প্রশ্ন ২৯ কোনজন আহােম ৰজাই ‘গজপতি’ উপাধি লৈছিল?
উত্তৰঃ প্রতাপ সিংহই।।
প্রশ্ন ‘ডিমা ফিছা’ শব্দৰ অর্থ কি?
উত্তৰঃ নদী।
প্রশ্ন ৩0/কবিৰাজ চক্রবর্তী কোন আছিল?
উত্তৰঃ ৰুদ্ৰসিংহৰ পৃষ্ঠপােষকতা লাভ কৰা এজন কবি আছিল।
প্রশ্ন ৩২। কোনজন ৰজাৰ ৰাজত্বকালত সত্রানুষ্ঠানসমূহ ধ্বংস কৰা হৈছিল?
উত্তৰ : গদাধৰ সিংহৰ ৰাজত্বকালত।
প্রশ্ন ৩৩। বেজদলৈ ভাণ্ডাৰী বৰুৱা কোন আছিল ?
উত্তৰঃ স্বৰ্গদেউ চুৰক্ষা ভগাৰজাৰ দিনৰ বৰুৱা আছিল।
প্রশ্ন ৩৪। ৰঙ্গাচৰণ বেজদলৈ ভাণ্ডাৰী বৰুৱা কোন আছিল?
উত্তৰঃ গদাধৰ সিংহৰ সোঁহাতস্বৰূপ বিষয়া আছিল।
প্রশ্ন ৩৫। ৰাজেশ্বৰ সিংহৰ ৰাজত্বকালত পাইকৰ সংখ্যা কিমান আছিল ?
উত্তৰঃ ৮৩,০০০ আছিল।
প্রশ্ন ৩৬। ১৭৮৮ ৰ পৰা ১৮০৫ চনলৈ বেংমৰাত ৰাজত্ব কৰা ৰজাজনৰ নাম কি আছিল?
উত্তৰ : সর্বানন্দ সিংহ।
প্রশ্ন ৩৭ ৰাণী ফুলেশ্বৰী কোন আছিল?
উত্তৰঃ শিৱসিংহৰ পত্নী।
প্রশ্ন ৩৮ বৰৰজা উপাধি কোনে লৈছিল?
উত্তৰঃ ৰাণী ফুলেশ্বৰীয়ে।
প্রশ্ন ৩৯| চমুৱা কাক কোৱা হৈছিল ?
উত্তৰঃ ধনৰ বিনিময়ত পাইক খটাৰ পৰা ৰেহাই পােৱা পাইকক চমুৱা বােলা হৈছিল।
প্রশ্ন ৪০। কোন চনত দ্বিতীয় মােৱামৰীয়া বিদ্রোহ সংঘটিত হৈছিল ?
উত্তৰঃ ১৭৮২ চনত।
প্রশ্ন ৪১। দৰঙৰ ৰজা হংসনাৰায়ণক কোনে হত্যা কৰিছিল?
উত্তৰঃ গৌৰীনাথ সিংহই।
প্রশ্ন ৪২। সত্ৰাম কোন আছিল ?
উত্তৰঃ ৰজা চন্দ্রকান্ত সিংহৰ অতি প্রিয় লােক আছিল।
প্রশ্ন ৪৩। অসমলৈ মানসকলক কোনে আমন্ত্রণ কৰি আনিছিল?
উত্তৰঃ বদনচন্দ্ৰ বৰফুকনে |
প্রশ্ন ৪৪ মানসকলে কেইবাৰ অসম আক্ৰমণ কৰিছিল?
উত্তৰঃ তিনিবাৰ।।
প্রশ্ন ৪৫ বৰকান্দাজসকুল কোন আছিল ?
উত্তৰ : বাংলাদেশৰ কিছুমান ভেৰােণীয়া সৈন্য আছিল।
প্রশ্ন ৪৬। গৌৰীনাথ সিংহই কি কাৰণে গুৱাহাটী এৰি গােৱালপাৰা অভিমুখে পলায়ন কৰিছিল ?
উত্তৰঃ মােৱামৰীয়াসকলৰ বিৰুদ্ধে ইংৰাজৰ সহায় বিচাৰি লায়ন কৰিছিল।
প্রশ্ন ৪৭ কেপ্তেইন ওৱেলছৰ নেতৃত্বত কিমানজন সৈনিক আছিল?
উত্তৰঃ প্রায় ৫৫০ জন সৈনিক আছিল।
প্রশ্ন ৪৮ ঘনশ্যাম বুঢ়াগােহাঁইৰ কেতিয়া মৃত্যু হয়?
উত্তৰঃ ১৭৮২ চনত।
প্রশ্ন ৪৯। বংগদেশৰ পৰা বছৰি কিমান পৰিমাণৰ লােণ আমদানি কৰা হৈছিল?
উত্তরঃ প্রায় ১২০,০০% |
প্রশ্ন ৫০। ৰংপুৰ নগৰখনৰ পৰিসীমা কিমান আছিল ?
উত্তরঃ ২০ মাইল।
প্রশ্ন ৫১। কেপ্তেইন ওৱেলছ অসমলৈ আহিছিল—
উত্তৰঃ ১৭৯১।
প্রশ্ন ৫২। মােৱামৰীয়া সকলৰ প্ৰথম ৰজা কোন আছিল ?
উত্তৰঃ বান,

অতিৰিক্ত চমু প্রশ্নোত্তৰ

প্রশ্ন ১। বৈষ্ণৱ সত্র মানে কি?
উত্তৰ : বৈষ্ণৱ সত্ৰ হৈছে শংকৰদেৱ আৰু মাধরদেৱৰ দ্বাৰা প্ৰচাৰিত নামধর্ম তথা নৱবৈষ্ণৱ ধৰ্মৰ প্ৰচাৰৰ আৰু প্ৰসাৰৰ বাবে গঢ়ি উঠা কিছুমান ধর্মীয় আৰু সাংস্কৃতিক অনুষ্ঠান।
প্রশ্ন ২। সত্ৰ সমূহৰ ভাগ চাৰিটা কি কি?
উত্তৰঃ সত্ৰ সমূহৰ ভাগ, সংহতি চাৰিটা হল-
(ক) ব্ৰহ্ম সংহতি, (খ) পুৰুষ সংহতি, (গ) কাল সংহতি, (ঘ) নিকা সংহতি।
প্রশ্ন ৩। অসমৰ ৪ টা জনজাতিৰ নাম লিখা।
উত্তৰঃ অসমৰ ৪ টা জনজাতিৰ নাম হল-
(ক) কছাৰী, (খ) চুতীয়া, (গ) আহােম, (ঘ) কৈবৰ্ত্ত।
প্রশ্ন ৪। অসমত মােৰামৰীয়া বিদ্রোহ কিমান ৰছৰ ধৰি চলিছিল?
উত্তৰঃ প্রায় ৩৫ বছৰ কাল (১৭৬৯ চনৰ পৰা ১৮০৫ চনলৈ)।

প্রশ্ন ৫। চুহুংমুওে কিয় স্বৰ্গনাৰায়ণ উপাধি গ্রহণ কৰিছিল ?
উত্তৰঃ আহােম ৰজাসকলে স্বৰ্গদেউ বুলি কোৱা প্ৰথাটো প্রথমতে চুহুংমুঙৰ দিনৰ পৰা আৰম্ভ হয়। এওঁৰ দিনতেই ‘শ্রীশ্রীস্বর্ণনাৰায়ণ মহাৰাজৰ জন্ম কথা’নামৰ বুৰঞ্জী লিখি হিন্দু দেৱতা স্বৰ্গৰ অধিপতি ইন্দ্ৰৰ লগত আহােম ৰজাসকলৰ সম্পর্ক দেখুওৱা আখ্যানৰ সৃষ্টি হয়। সেয়েহে তেওঁ ৰজা হােৱাৰ পিছত স্বৰ্গনাৰায়ণ উপাধি গ্রহণ কৰে।
প্রশ্ন ৫। আহােম সকলৰ বাজত্বকালত থকা পাইক প্রথা দুবিধৰ নাম লিখা।
উত্তৰঃ আহােমসকলৰ ৰাজত্বকালত থকা পাইক প্রথা দুবিধৰ নাম হ’ল—
(ক) কাড়ী পাইক আৰু (খ) চমুৱা পাইক।
প্রশ্ন ৬। অসমলৈ ইংৰাজসকলৰ আগমন কেতিয়া হৈছিল?
উত্তৰঃ অসমলৈ ইংৰাজসকলৰ তাগিমন আহােম স্বৰ্গদেউ গৌৰীনাথ সিংহৰ ৰাজত্বকালত ১৭৯২ চনত হৈছিল।
প্রশ্ন৭ কোম্পানিৰ চৰকাৰৰ সামৰিক অভিযানখনৰ প্রধান উদ্দেশ্য কি আছিল ?
উত্তৰঃ কোম্পানিৰ চৰকাৰৰ সামৰিক অভিযানখনৰ প্রধান উদ্দেশ্য আছিল অসমৰ বিষয়ে বিতং খা-খবৰ আৰু তথ্য পাতি সংগ্রহ কৰা আৰু লগতে বৰকান্দাজ আৰু মােৱামৰীয়াৰ বিদ্রোহ দমন কৰি আহােম ৰজাক পুনৰাই সিংহাসনত প্রতিষ্ঠা কৰা।
প্রশ্ন ৮। ৰাজেশ্বৰ সিংহ স্বৰ্গদেৱে নিৰ্মাণ কৰােরা দুটা অট্টালিকাৰ নাম লিখা।
উত্তৰঃ গড়গাঁও আৰু ৰংপুৰৰ দুই পকী ৰাজকাৰেং।
প্রশ্ন ৯। অসমৰ শক্তিপূজাৰ দুটা মূল পীঠৰ নাম লিখা।
উত্তৰ তাৰেী মন্দিৰ আৰু কামাখ্যা মন্দি।
প্রশ্ন ১০। স্বৰ্গদেউ প্রতাপ সিংহ উদ্ভাৱন কৰা দুটা প্রশাসনীয় ব্যৱস্থাৰ নাম লিখা।
উত্তৰ : পাইক প্রথা আৰু প্ৰচা প্রথা।
প্রশ্ন ১১। উজনিত মােৱামৰীয়া বিদ্ৰোহৰ সুযােগ লৈ স্বাধীনতা ঘােষণা কৰা আহােমৰ কতলীয়া ৰাজ্য দুখনৰ নাম লিখা।
উত্তৰঃ ন-দুৱাৰ আৰু দৰং ৰাজ্য।
প্রশ্ন ১২। কোনজন আহােম স্বৰ্গদেৱে কি কাৰণত বৈষ্ণৱ সত্রানুষ্ঠানসমূহ ধ্বংস কৰিছিল ? তাৰ পৰিণতি কি হৈছিল?
উত্তৰ বৈষ্ণৱ সত্ৰসমূহ হৈছে শংকৰদেৱে প্রতিষ্ঠা কৰা বৈষ্ণৱসকলৰ পবিত্র স্থান। ৰজা, মহাৰজা সকলে এই সত্ৰ সমূহলৈ বহুতাে দান বৰঙণি আগবঢ়াইছিল। সত্ৰ সমূহত থকা সত্ৰাধিকাৰ আৰু ভকতসকলে পাইক সেৱা দানৰ পৰা ৰেহাই পাইছিল। দিনক দিনে সত্ৰসমূহৰ সংখ্যা বৃদ্ধি হােৱাত শাৰীৰিক শ্রমদান কৰা লােকৰ সংখ্যা ৰাজ্যত কমি আহিবলৈ ধৰিলে। সেয়েহে গদাধৰ সিংহই বৈষ্ণৱ সত্রানুষ্ঠানসমূহ ধ্বংস কৰিবলৈ ধৰিলে আৰু তাত থকা সা-সম্পত্তিসমূহ ৰাজকোষলৈ স্থানান্তৰিত কৰিলে। ইয়াৰ উপৰি তেওঁ শ-শ বৈষ্ণৱ মহন্ত আৰু ভকতসকলক শ্রমদান কৰিবলৈ আদেশ দিছিল। আদেশনমনা লােকসকলক ৰজাই টোকলাই, নামৰূপ,বছা-দয়াও আদি ঠাইলৈ খেদি পঠাইছিল।

1 thought on “মোৱামৰীয়া গণ বিদ্ৰোহ নৱম শ্ৰেণীৰ ইতিহাস অধ্যায় 3 | Class 9 Social Science Chapter 3 question Answer In Assamese”

Leave a Comment

Your email address will not be published. Required fields are marked *


Scroll to Top