চৰকাৰৰ প্ৰকাৰ বা শ্ৰেণীবিভাগ – Class 9 Social Science Political Chapter 2 in Assamese

চৰকাৰৰ প্ৰকাৰ বা শ্ৰেণীবিভাগ
শ্ৰেণীনৱম শ্ৰেণীৰ প্ৰশ্নৰ উত্তৰ
বিষয়সামজ বিজ্ঞানৰ
অধ্যায়/ পাঠঅধ্যায় – ৪ (ৰাজনৈতিক)
পাঠ্যক্ৰমছেবা

চৰকাৰৰ প্ৰকাৰ বা শ্ৰেণীবিভাগ class 9

অনুশীলনীৰ প্রশ্নোত্তৰ

প্রশ্ন ১। চৰকাৰৰ শ্ৰেণীবিভাজন কৰা প্ৰথমগৰাকী ৰাজনৈতিক দার্শনিক কোন?
উত্তৰঃ গ্রীক দার্শনিক প্লেটো।

প্রশ্ন ২। বর্তমান বিশ্বৰ আটাইতকৈ জনপ্রিয় চৰকাৰ কোনবিধ?
উত্তৰঃ গণতান্ত্রিক চৰকাৰ।।

প্রশ্ন ৩। সংসদীয় পদ্ধতিৰ চৰকাৰ থকা ৰাষ্ট্র এখনৰ নাম লিখা।
উত্তৰঃ ভাৰতবর্ষ।

প্রশ্ন ৪। সংসদীয় পদ্ধতিৰ চৰকাৰৰ চৰকাৰ প্ৰধান আৰু ৰাষ্ট্রপ্রধান কোন?
উত্তৰঃ প্রধানমন্ত্রী আৰু ৰাষ্ট্রপতি।

প্রশ্ন ৫। ক্ষমতাৰ পৃথকীকৰণ নীতি কেনে প্ৰকাৰৰ চৰকাৰৰ থাকে?
উত্তৰঃ ৰাষ্ট্রপতীয় চৰকাৰৰ।

প্রশ্ন ৬। ৰাষ্ট্ৰপতীয় চৰকাৰ থকা এখন ৰাষ্ট্রৰ নাম লিখা।
উত্তরঃ আমেৰিকা যুক্তৰাষ্ট্র।

প্রশ্ন ৭। এককেন্দ্রীয় চৰকাৰ থকা ৰাষ্ট্র এখনৰ নাম লিখা।
উত্তৰঃ জাপান।
প্রশ্ন ৮। যুক্তৰাষ্ট্ৰীয় পদ্ধতিৰ চৰকাৰত থকা দুবিধ চৰকাৰ কি কি ?
উত্তৰঃ ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰ চৰকাৰ।

প্রশ্ন ৯। ছুইজাৰলেণ্ডত কোন পদ্ধতিৰ চৰকাৰ আছে?
উত্তৰঃ যুক্তৰাষ্ট্ৰীয় চৰকাৰ।

প্রশ্ন ১০। ভাৰতবৰ্ষত দ্বৈত নাগৰিকত্বৰ ব্যৱস্থা আছেনে?
উত্তৰঃ নাই।

Also Read: ভাৰতৰ ৰাজনৈতিক দল

চৰকাৰৰ প্ৰকাৰ আৰু শ্ৰেণীবিভাগ class 9

চৰকাৰৰ প্ৰকাৰ বা শ্ৰেণীবিভাগ চমু প্রশ্নোত্তৰ

প্রশ্ন ১। বর্তমান সময়ত প্রচলিত বিশ্বৰ বিভিন্ন প্রকাৰৰ চৰকাৰ কি কি ?
উত্তৰ : বর্তমান সময়ত প্রচলিত বিশ্বৰ বিভিন্ন প্ৰকাৰৰ চৰকাৰসমূহ হ’ল-
(ক) এককেন্দ্ৰীয় চৰকাৰ, (খ) যুক্তৰাষ্ট্ৰীয় চৰকাৰ, (গ) সংসদীয় চৰকাৰ আৰু (ঘ) ৰাষ্ট্ৰপতীয় চৰকাৰ।

প্রশ্ন ২। সংসদীয় পদ্ধতিৰ চৰকাৰৰ দুটা বৈশিষ্ট্য লিখা।
উত্তৰঃ সংসদীয় পদ্ধতিৰ চৰকাৰৰ দুটা বৈশিষ্ট্য হল—
(ক) দুজন মুৰব্বী: এই চৰকাৰৰ দুজন মুৰব্বীৰ ব্যৱস্থা আছে। এজন প্রকৃত কাৰ্যপালিকা আৰু আনজন নামমাত্র কার্যপালিকা।

(খ) কার্যপালিকাৰ সদস্যসকল বিধানমণ্ডলৰ সদস্যঃ এই চৰকাৰত কাৰ্যপালিকা অর্থাৎ মন্ত্রী পৰিষদৰ সদস্যসকলৰ সম্পর্ক নিবিড়।

প্রশ্ন ৩। সংসদীয় পদ্ধতিৰ চৰকাৰৰ দুটা দোষ আৰু দুটা গুণ চমুকৈ লিখা।
উত্তৰঃ সংসদীয় পদ্ধতিৰ চৰকাৰৰ দুটা দোষ হ’ল—
(ক) সংসদীয় পদ্ধতিৰ চৰকাৰ জৰুৰীকালিন অৱস্থাৰ বাবে উপযােগী নহয়। কাৰণ, সিদ্ধান্ত গ্রহণৰ বাবে বহুখিনি ব্যৱস্থাৰ মাজেৰে যাব লাগে।
(খ) এনে চৰকাৰ স্থায়ী চৰকাৰ নহয় কাৰণ সংসদৰ সমর্থনৰ ওপৰতহে মন্ত্রীসভা বৰ্তি থাকে।

সংসদীয় পদ্ধতিৰ চৰকাৰৰ দুটা গুণ হল—
(ক) এই চৰকাৰ স্বেচ্ছাচাৰী হ’ব নােৱাৰে। কাৰণ সংসদে মন্ত্রীসভা নিয়ন্ত্রণ কৰে।
(খ) এই চৰকাৰত শাসন বিভাগ আৰু আইন প্রণয়ন বিভাগৰ মাজত সুসম্পর্ক থাকে।

প্রশ্ন ৪। ক্ষমতাৰ পৃথকীকৰণ নীতি মানে কি?
উত্তৰঃ ক্ষমতা পৃথকীকৰণ নীতি মতে চৰকাৰৰ অংগ তিনিটাই— (কাৰ্যপালিকা, বিধানমণ্ডল আৰু ন্যায় পালিকা) স্বাধীনভাৱে কাম কৰাৰ সুযােগ পায়। এনে নীতি ৰাষ্ট্ৰপতীয় চৰকাৰৰ ক্ষেত্ৰত প্রযােজ্য হয়। এই অংগ তিনিটাই কোনােটোৱেই কাৰােৰ কামত বাধাপ্রদান কৰিব নােৱাৰে। এই নীতি অনুসৰি কাৰ্যপালিকা বিধানমণ্ডলৰ ওচৰত দায়বদ্ধ নহয়।

প্রশ্ন ৫। ৰাষ্ট্ৰপতীয় চৰকাৰৰ দুটা বৈশিষ্ট্য লিখা।
উত্তৰঃ ৰাষ্ট্ৰপতীয় চৰকাৰৰ দুটা বৈশিষ্ট্য হল—
(ক) বিধানমণ্ডলৰ নির্দিষ্ট কার্যকালঃৰাষ্ট্রপতীয় চৰকাৰ বিধানমণ্ডলৰ নির্দিষ্ট কার্যকাল শেষ হােৱাৰ আগতে কোনাে কাৰণত ভংগ নহয়। ৰাষ্ট্রপতিয়ে বিধানমণ্ডল ভংগ কৰাৰ ক্ষমতা এই চৰকাৰত নাই।
(খ) অনমনীয় সংবিধান : এই চৰকাৰৰ সংবিধান খন অনমনীয় হয়। সংবিধানখন সহজে সংশােধন কৰিব নােৱাৰি।

প্রশ্ন ৬া এককেন্দ্রীয় চৰকাৰৰ দুটা গুণ আৰু দুটা দোষ চমুকৈ লিখা।
উত্তৰঃ এককেন্দ্ৰীয় চৰকাৰৰ দুটা গুণ হ’ল
(ক) এক কেন্দ্রীয় চৰকাৰৰ অধীনত শাসন ব্যৱস্থা অধিক শক্তিশালী হয়।
(খ) জৰুৰীকালিন অৱস্থাৰ বাবে এই চৰকাৰ বেছি উপযােগী। কাৰণ, সকলাে ধৰণৰ সিদ্ধান্ত একেখন চৰকাৰেই গ্রহণ কৰে।

এককেন্দ্রীয় চৰকাৰৰ দুটা দোষ হ’ল—
(ক) একেকেন্দ্রীয় চৰকাৰত দেশৰ অধিকাংশ জনসাধাৰণে চৰকাৰত অংশগ্ৰহণ কৰাৰ সুবিধা নাপায়। ফলত এনে চৰকাৰ গণতন্ত্রৰ বাবে উপযােগী নহয়।
(খ) আজি কালি ডাঙৰ ডাঙৰ ৰাষ্ট্ৰবিলাকৰ বাবে এনে চৰকাৰ উপযােগীনহয়। কাৰণ অঞ্চলবিলাকে সমানে সমব্যৱহাৰ নাপালে সমাজত আঞ্চলিক বিদ্রোহে দেখা দিব পাৰে।

লগতে পঢ়ক:   বায়ুমণ্ডল গঠন বায়ুৰ চাপ আৰু বায়ুৰ প্ৰবাহ – Class 9 Geography Chapter 2 In Assamese

Class 9 Social Science Chapter 2 Question Answer in Assamese

দীঘল প্রশ্নোত্তৰ

প্রশ্ন ১। ৰাষ্ট্ৰপতীয় চৰকাৰৰ গুণ আৰু দোষসমূহ লিখা
উত্তৰঃ ৰাষ্ট্রপতীয় চৰকাৰৰ গুণসমূহ হ’ল-
(ক) ৰাষ্ট্রপতীয় চৰকাৰত ৰাষ্ট্রপতিজন এটা নির্দিষ্ট কার্যকালৰ বাবে নির্বাচিত হােৱা বাবে আৰু সহজে তেওঁক পদবীৰ পৰা আঁতৰ কৰিব নােৱৰাৰ বাবে চৰকাৰখন স্থায়ী হয়। ইয়াত বিধানমণ্ডলৰাে নির্দিষ্ট কার্যকাল থাকে।

(খ) ক্ষমতাৰ পৃথকীকৰণ ব্যৱস্থাৰ বাবে চৰকাৰৰ তিনিওটা অংগই স্বাধীনভাবে কাম কৰাৰ সুযােগ পায়। এই চৰকাৰত অৱৰােধন আৰু সন্তুলন’ (Checks and balance) নীতি থকা বাবে চৰকাৰৰ কোনাে অংগই স্বেচ্ছাচাৰী হ’ব নােৱাৰে।

(গ) এনে চৰকাৰ জৰুৰীকালীন অৱস্থাৰ বাবে অতি উপযােগী। যিহেতু চৰকাৰৰ প্রকৃত ক্ষমতা ৰাষ্ট্রপতিজনৰ ওপৰত কেন্দ্রীভূত হৈ থাকে। গতিকে জৰুৰীকালীন অৱস্থাত অতি সহজে যিকোনাে সিদ্ধান্ত লােৱাতাে সহজ হয়।

(ঘ) কার্যপালিকা শক্তিশালী হােৱা বাবে এনে চৰকাৰে দেশৰ ঐক্য আৰু সংহতি সহজে ৰক্ষা কৰিব পাৰে।

(ঙ) যুক্তৰাষ্ট্ৰীয় চৰকাৰ ৰাজনৈতিক দলৰ প্ৰভাৱৰ পৰা মুক্ত হােৱা বাবে ৰাষ্ট্রপতিজনে কার্য সম্পাদন কৰাৰ ক্ষেত্ৰত সংসদৰ সংখ্যাগৰিষ্ঠতাৰ সমর্থনৰ ওপৰত নিৰ্ভৰ কৰিব নালাগে।

ৰাষ্ট্ৰপতীয় চৰকাৰৰ দোষসমূহ হ’ল-
(ক) ৰাষ্ট্ৰপতীয় চৰকাৰত ৰাষ্ট্রপতিজনক বিধানমণ্ডলে নিয়ন্ত্রণ কৰিব নােৱৰাৰ বাবে চৰকাৰ স্বেচ্ছাচাৰী হােৱাৰ আশংকা থাকে।
(খ) ক্ষমতাৰ পৃথকীকৰণনীতিৰবাবেৰাষ্ট্ৰপতীয় চৰকাৰত কাৰ্যপালিকা আৰু বিধানমণ্ডলৰ মাজত সহযােগিতা নাথাকে। সামগ্রিকভাৱে ই দেশৰ প্ৰশাসনত বিৰূপ প্ৰভাৱ পেলায়।
(গ) ৰাষ্ট্ৰপতীয় চৰকাৰৰ অন্যতম দোষ হৈছে ইয়াৰ অনমনীয় সংবিধান। সংবিধানখন অনমনীয় হলে পৰিৱর্তিত পৰিৱেশ আৰু পৰিস্থিতিত সংবিধানখন সংশােধন কৰাত জটিলতা আহে।
(ঘ) ৰাষ্ট্ৰপতীয় চৰকাৰত কাৰ্যপালিকা আৰু বিধানমণ্ডল বিভিন্ন ৰাজনৈতিক দলৰ হলে তেতিয়া ৰাজনৈতিক সংকট সৃষ্টিৰ সম্ভাৱনা অধিক।
(ঙ) ৰাষ্ট্ৰপতীয় চৰকাৰত মন্ত্রীত্ব লাভৰ বাবে ব্যক্তিগত যােগ্যতা আৰু অভিজ্ঞতাতকৈ অনুগত্যইহে অধিক গুৰুত্ব লাভ কৰাৰ সম্ভাৱনা থাকে।

প্রশ্ন ২। সংসদীয় পদ্ধতিৰ চৰকাৰৰ বৈশিষ্ট্যসমূহ লিখা।
উত্তৰঃ সংসদীয় পদ্ধতিৰ চৰকাৰৰ বৈশিষ্ট্যসমূহ হ’ল-
(ক) দুজনমুৰব্বী→ এই চৰকাৰৰ দুজন মুৰব্বীৰ ব্যৱস্থা আছে। এজন প্রকৃত কাৰ্যপালিকা আৰু আনজন নামমাত্র কার্যপালিকা।

(খ) কার্যপালিকাৰ সদস্যসকল বিধানমণ্ডলৰ সদস্যঃ এই চৰকাৰত কাৰ্যপালিকা অর্থাৎ মন্ত্রী পৰিষদৰ সদস্যসকলৰ সম্পর্ক নিবিড়।
(গ) বিধানমণ্ডল আৰু কাৰ্যপালিকাৰ ওচৰ সম্বন্ধ → সংসদীয় পদ্ধতিৰ চৰকাৰৰ বিধানমণ্ডল আৰু কাৰ্যপালিকাৰ সম্পৰ্ক অতি নিবিড়।
(ঘ) মন্ত্রীপৰিষদ বিধানমণ্ডলৰ ওচৰত দায়বদ্ধ→ সংসদীয় পদ্ধতিৰ চৰকাৰত কার্যপালিকাই সকলাে কাম কৰাৰ বাবে বিধানমণ্ডলৰ ওচৰত দায়বদ্ধ থাকে।
(ঙ) মন্ত্রী পৰিষদৰ সামূহিক দায়বদ্ধতা: সংসদীয় পদ্ধতিৰ চৰকাৰত মন্ত্রীপৰিষদখন সামূহিকভাৱে বিধানমণ্ডলৰ ওচৰত দায়বদ্ধ হয়।

প্রশ্ন ৩। যুক্তৰাষ্ট্ৰীয় চৰকাৰ বর্তমান কিয় জনপ্রিয় হৈছে, উদাহৰণসহ আলােচনা কৰা।
উত্তৰঃ যি পদ্ধতিৰ চৰকাৰত এক কেন্দ্রীয় চৰকাৰ আৰু তাৰ লগতে ভালেকেইখন ৰাজ্য চৰকাৰ থাকে, তাকে যুক্তৰাষ্ট্ৰীয় চৰকাৰ বােলা হয়। সাধাৰণতে এককেন্দ্রীয় পদ্ধতিৰ চৰকাৰৰ সম্পূর্ণ বিপৰীত ধর্মী চৰকাৰখনেই হ’ল যুক্তৰাষ্ট্ৰীয় চৰকাৰ। যুক্তৰাষ্ট্ৰীয় চৰকাৰ সর্বপ্রথমতে আমেৰিকাত সৃষ্টি হৈছিল যদিও বর্তমান এই চৰকাৰ বহু পৰিমাণে জনপ্রিয় হৈছে। আজিকালি পৃথিৱীৰ বহু দেশতেই যুক্তৰাষ্ট্ৰীয় চৰকাৰৰ ব্যৱস্থা দেখা যায়। যুক্তৰাষ্ট্ৰীয় চৰকাৰে বর্তমান জনপ্রিয়তা লাভ কৰাৰ মূল কাৰণসমূহ হ’ল—
(ক) যুক্তৰাষ্ট্ৰীয় চৰকাৰ স্বেচ্ছাচাৰী শাসনলৈ পৰিবৰ্তন হ’ব নােৱাৰে।
(খ) বিভিন্ন ধর্ম, জাতি, ভাষা আদি গােষ্ঠীৰে বসবাস কৰা এখন বিশাল ৰাষ্ট্ৰৰ বাবে যুক্তৰাষ্ট্ৰীয় চৰকাৰ অতি প্রয়ােজনীয়।
(গ) যুক্তৰাষ্ট্ৰীয় চৰকাৰত জনসাধাৰণৰ বেছিভাগেই চৰকাৰত যােগদান কৰাৰ সুবিধা পায়।
(ঘ) কেন্দ্রীয় চৰকাৰ আৰু ৰাজ্যিক চৰকাৰৰ মাজত ক্ষমতাৰ বিভাজন হােৱাৰ বাবে কোনাে চৰকাৰৰ ওপৰত কামৰ দায়িত্ব বেছি নহয়। ফলত চৰকাৰে সুকলমে কাম কৰিব পাৰে।
(ঙ) এনে চৰকাৰ ব্যৱস্থাত আঞ্চলিক বা স্থানীয় বৈশিষ্ট্যসমূহ সুৰক্ষিত হয় আৰু লগে লগে জাতীয় ঐক্যও ৰক্ষা পৰে।
এনেবােৰ কাৰণতেই বর্তমান পৃথিৱীত যুক্তৰাষ্ট্ৰীয় চৰকাৰে অধিক জনপ্রিয়তা লাভ কৰিছে।

প্রশ্ন ৪। এককেন্দ্রীয় চৰকাৰৰ বৈশিষ্ট্যসমূহ লিখা।
উত্তৰঃ এককেন্দ্রীয় চৰকাৰৰ বৈশিষ্ট্যসমূহ হ’ল—
(ক) শক্তিশালী কেন্দ্রীয় চৰকাৰঃ এনে চৰকাৰত সংবিধানে সকলাে ক্ষমতা কেন্দ্রীয় চৰকাৰৰ ওচৰত ন্যস্ত কৰে। ফলত ইয়াত কেন্দ্রীয় চৰকাৰৰ স্থিতি অতি শক্তিশালী।
(খ) লিখিত অথবা অলিখিত সংবিধান ও এককেন্দ্রীয় চৰকাৰত সংবিধানখন লিখিত বা অলিখিত হ’ব পাৰে।।
(গ) একক নাগৰিকত্ব ঃ এককেন্দ্রীয় চৰকাৰৰ এটা প্রধান বৈশিষ্ট্য হল একক নাগৰিকত্ব। ইয়াত দ্বি-নাগৰিকত্বৰ ব্যৱস্থা নাই। (ঘ) দুর্বল ন্যায় পালিকাঃ এককেন্দ্রীয় চৰকাৰত দুর্বল ন্যায়পালিকা পৰিলক্ষিত হয়। আইন সভাই প্রণয়ন কৰা আইনকন্যায়পালিকাই অসাংবিধানিক বুলি ঘােষণা কৰিব নােৱাৰে।
(ঙ) নমনীয় সংবিধান ও এককেন্দ্রীয় চৰকাৰৰ সংবিধান সাধাৰণতে নমনীয় হয়।

লগতে পঢ়ক:   ভাৰতবৰ্ষ লৈ ইউৰোপীয় সকলৰ আগমন নৱম শ্ৰেণীৰ সমাজ বিজ্ঞান ইতিহাস প্ৰশ্ন উত্তৰ

প্রশ্ন ৫। এককেন্দ্ৰীয় চৰকাৰ প্ৰকৃততে গণতান্ত্রিকনে? সমালােচনা আগবঢ়োৱা।
উত্তৰঃ যি পদ্ধতিৰ চৰকাৰত সকলাে ক্ষমতা একমাত্র কেন্দ্রীয় চৰকাৰৰ হাতত কেন্দ্রীভূত হৈ থাকে তেনে চৰকাৰক এককেন্দ্রীয় চৰকাৰ বােলা হয়। অর্থাৎ সমগ্র ৰাষ্ট্ৰখনৰ বাবে কেৱল এটা মাত্ৰ চৰকাৰ থাকিলে তেনে চৰকাৰক একাত্মক বা এককেন্দ্রীয় চৰকাৰ বােলে। যেনে— ব্রিটেইন, ফ্রান্স, জাপান, ইটালী, নেদাৰলেণ্ড আদি দেশত এই চৰকাৰ আছে।

প্রকৃততে এককেন্দ্রীয় চৰকাৰ সম্পূৰ্ণৰূপে গণতান্ত্রিক নহয়, তাৰ কেইটামান কাৰণ হ’ল—
(ক) এককেন্দ্রীয় চৰকাৰত জনসাধাৰণে সক্রিয়ভাৱে দেশৰ শাসন কার্যত অংশগ্রহণ কৰাৰ সুযােগ নাপায়। ফলত জনসাধাৰণৰ মনত ৰাজনৈতিক সক্রিয়তা কম হয়।
(খ) এককেন্দ্রীয় চৰকাৰত এটা মাত্ৰ চৰকাৰ থকা বাবে দেশৰ সকলাে অংশৰ কামবােৰত সমানে চকু দিব নােৱাৰে। ফলত স্থানীয় ভালেমান সমস্যা সমাধান নােহােৱাকৈয়ে থাকি যায়।
(গ) এককেন্দ্রীয় চৰকাৰত দেশৰ অধিকাংশই চৰকাৰত অংশ গ্রহণ কৰাৰ সুবিধা নাপায়, ফলত এনে চৰকাৰ গণতন্ত্রৰ বাবে উপযােগী নহয়।
(ঘ) এককেন্দ্রীয় চৰকাৰ স্বেচ্ছাচাৰী হােৱাৰ সম্ভাৱনা থাকে। ফলত জনসাধাৰণৰ ইচ্ছা-আকাংশাক কোনাে গুৰুত্ব নিদিয়াকৈ চৰকাৰে নিজৰ শাসন সমগ্ৰ দেশৰ ওপৰত চলাব পাৰে। গতিকে দেশৰ উন্নতি এই চৰকাৰৰ পৰা আশা কৰিব নােৱাৰি।
(ঙ) বর্তমান ডাঙৰ ৰাষ্ট্ৰবিলাকৰ বাবে এনে চৰকাৰ উপযােগীনহয়। কাৰণ অঞ্চলবিলাকে সমব্যৱহাৰ নাপালে বা সমস্যাসমূহৰ সমাধান নহ’লে আঞ্চলিক বিদ্রোহে দেখা দিব পাৰে।

চৰকাৰৰ প্ৰকাৰ বা শ্ৰেণীবিভাগ অতিৰিক্ত অতিচমু প্রশ্নোত্তৰ 

প্রশ্ন ১। ৰাষ্ট্ৰৰ শ্ৰেণীবিভাজন কিহৰ ওপৰত ভিত্তি কৰি কৰা হয় ?
উত্তৰঃ চৰকাৰৰ চৰিত্ৰৰ ওপৰত।

প্রশ্ন ২। চৰকাৰৰ শ্রেণীবিভাজনক কাৰ লগত তুলনা কৰা হয়।
উত্তৰঃ ৰাষ্ট্রৰ শ্রেণী বিভাজনৰ লগত।

প্রশ্ন ৩। প্লেটোৰ পিছত কোনজন গ্রীক দার্শনিকে চৰকাৰৰ শ্ৰেণীবিভাজন কৰিছিল?
উত্তৰঃ এৰিষ্ট’টলে।।

প্রশ্ন ৪। এৰিষ্টটল আৰু প্লেটোৱে এজনৰ শাসনক কি বুলি কৈছিল?
উত্তৰঃ ৰাজতন্ত্র।

প্রশ্ন ৫। এৰিষ্টটল আৰু প্লেটোৱে কেইজনমানৰ শাসনক কি বুলি কৈছিল ?
উত্তৰঃ অভিজাত তন্ত্র।

প্রশ্ন ৬। এৰিষ্টটল আৰু প্লেটোৱে বহুজনৰ বা ৰাইজৰ শাসনক কি বুলি কৈছিল?
উত্তৰঃ ৰাজ্য ব্যৱস্থা।

প্রশ্ন ৭ এৰিষ্টটিল আৰু প্লেটোৰ মতে জনস্বার্থৰ বিপৰীতে চলা এজনৰ শাসনক কি বুলি কৈছিল?
উত্তৰঃ স্বৈতন্ত্র।

প্রশ্ন ৮। এৰিষ্টটল আৰু প্লেটোৰ মতে জনস্বার্থৰ বিপৰীতে চলা কেইজনমানৰ শাসনক কি বুলি কৈছিল?
উত্তৰঃআঢ্যন্ত তন্ত্র।

প্রশ্ন ৯। এৰিষ্টটল আৰু প্লেটোৰ মতে জনস্বার্থৰ বিপৰীতে চলা বহুজনৰ শাসনক কি বুলি কৈছিল?
উত্তৰঃ গণতন্ত্র।

প্রশ্ন ১০। কোনজন দার্শনিকৰ চৰকাৰৰ শ্রেণীবিভাগটো আটাইতকৈ অধিক গ্রহণযােগ্য বুলি বিবেচিত কৰা হৈছিল?
উত্তৰঃ ষ্টিফেন লীককৰ শ্রেণীবিভাগটো।

প্রশ্ন ১১।ষ্টিফেন লীককে আধুনিক যুগৰ চৰকাৰসমূহক কেইটা ভাগত ভাগ কৰিছিল?
উত্তৰঃ দুটা ভাগত— (ক) একনায়কতন্ত্র বা স্বৈতন্ত্র, (খ) গণতন্ত্র।

প্রশ্ন ১২। একনায়কতন্ত্র বা স্বৈতন্ত্র কাক বােলে ?
উত্তৰঃ যি দেশত এজন ব্যক্তি বা এটা ৰাজনৈতিক দলৰ একচ্ছত্রী শাসন চলি থাকে, তেনে শাসন ব্যৱস্থাক একনায়কতন্ত্র বা স্বৈতন্ত্র বােলা হয়।

প্রশ্ন ১৩। গণতন্ত্র কাক বােলে?
উত্তৰঃ যি দেশত জনসাধাৰণৰ কল্যাণৰ বাবে জনসাধাৰণে শাসন চলায়, তাকে গণতন্ত্র বােলে।

প্রশ্ন ১৪। গণতন্ত্রত সকলাে ক্ষমতাৰ উৎস আৰু অধিকাৰী কোন?
উত্তৰঃ জনসাধাৰণ।।

প্রশ্ন ১৫। গণতন্ত্র কেইপ্রকাৰৰ আৰু কি কি ?
উত্তৰঃ গণতন্ত্র দুই প্রকাৰৰ ঃ (ক) প্রত্যক্ষ গণতন্ত্র (খ) পৰােক্ষ গণতন্ত্র।

প্রশ্ন ১৬। প্রত্যক্ষ গণতন্ত্র কাক বােলে?
উত্তৰঃ যি দেশৰ গণতন্ত্রত দেশৰ সকলাে জনসাধাৰণে প্রত্যক্ষভাৱে শাসনত অংশ গ্ৰহণ কৰিব পাৰে এনে গণতন্ত্রক প্রত্যক্ষ গণতন্ত্র বােলে। যেনে- আগৰ দিনৰ গ্ৰীচৰ এথেন্স।

লগতে পঢ়ক:   মানৰ অসম আক্ৰমণ Class IX প্রশ্ন উত্তৰ নৱম শ্ৰেণীৰ (ইতিহাস)

প্রশ্ন ১৭। পৰােক্ষ গণতন্ত্র কাক বােলে ?
উত্তৰঃ যি দেশৰ গণতন্ত্র প্রতিনিধিৰ যােগেদিহে সর্বসাধাৰণ শাসনত অংশ গ্রহণ কৰিব পাৰে, তেনে গণতন্ত্রক পৰােক্ষ গণতন্ত্র বােলা হয়।
প্রশ্ন ১৮। ষ্টিফেন লীককে আধুনিক গণতন্ত্রক কেইটা ভাগত ভাগ কৰিছিল আৰু কি কি?

উত্তৰঃ দুটা ভাগত— (ক) গণৰাজ্য বা প্রজাতন্ত্র (খ) সীমিত ৰাজতন্ত্র ।

প্রশ্ন ১৯। সংসদীয় পদ্ধতিৰ চৰকাৰৰ জন্মস্থান কত?
উত্তৰঃ ইংলেণ্ডত।

প্রশ্ন ২০। সংসদীয় পদ্ধতিৰ চৰকাৰক কি নামেৰে জনাজাত ?
উত্তৰঃ বেষ্ট মিনিষ্টাৰ মডেল চৰকাৰ বুলি।

প্রশ্ন ২১। সংসদীয় পদ্ধতিৰ চৰকাৰত নিবিড় সম্পর্ক কাৰ কাৰ মাজত ?
উত্তৰঃ বিধানমণ্ডল আৰু কাৰ্যপালিকাৰ লগত।।

প্রশ্ন ২২। ৰাষ্ট্ৰপতীয় চৰকাৰৰ সংবিধানখন কেনেকুৱা ?
উত্তৰঃ অনমনীয় ।।

প্রশ্ন ২৩। ৰাষ্ট্ৰপতীয় চৰকাৰত কি নীতিৰ বাবে চৰকাৰখন স্বেচ্ছাচাৰী হ’ব নােৱাৰে?
উত্তৰঃ অৱৰােধন আৰু সন্তুলন নীতিৰ বাবে।

প্রশ্ন ২৪। যুক্তৰাষ্ট্ৰীয় শাসন ব্যৱস্থা পােন প্রথমে ক’ত হৈছিল?
উত্তৰঃ আমেৰিকা।

প্রশ্ন ২৫। দ্বৈত নাগৰিকত্বৰ ব্যৱস্থা থকা ৰাষ্ট্র এখনৰ নাম লিখা।
উত্তৰঃআমেৰিকা যুক্তৰাষ্ট্র।

প্রশ্ন ২৬। একক নাগৰিকত্বৰ ব্যৱস্থা থকা ৰাষ্ট্র এখনৰ নাম লিখা।
উত্তৰঃ ভাৰতবর্ষ।

প্রশ্ন ২৭। ক্ষমতাৰ পৃথকীকৰণ ব্যৱস্থা থকা চৰকাৰ দুখনৰ নাম লিখা।
উত্তৰঃ যুক্তৰাষ্ট্ৰীয় চৰকাৰ আৰু ৰাষ্ট্রপতীয় চৰকাৰ।

প্রশ্ন ২৮। যুক্তৰাষ্ট্ৰৰ গৃহভূমি বুলি কাক কোৱা হয়?
উত্তৰঃ আমেৰিকাক।

প্রশ্ন ২৯। আমেৰিকা যুক্তৰাষ্ট্ৰৰ গৃহভূমি’ বুলি কিয় কোৱা হয়?
উত্তৰঃ প্ৰকৃততে আমেৰিকাতেই প্রথম যুক্তৰাষ্ট্ৰীয় চৰকাৰৰ সৃষ্টি হৈছিল বাবেই আমেৰিকা যুক্তৰাষ্ট্ৰৰ গৃহভূমি’বুলি কোৱা হয়।

প্রশ্ন ৩০। “হােৱাইট হাউছ” কাক কোৱা হয়?
উত্তৰঃ আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্রপতি ভৱনক।

প্রশ্ন ৩১। প্রথম যুক্তৰাষ্ট্ৰীয় চৰকাৰ সৃষ্টি হৈছিল
(ক) জাপান।
(খ) ইটালি
(গ) ফ্রান্স।
(ঘ) আমেৰিকা যুক্তৰাষ্ট্র
উত্তৰ : (ঘ) আমেৰিকা যুক্তৰাষ্ট্র।

অতিৰিক্ত চমু প্রশ্নোত্তৰ

প্রশ্ন ১। বর্তমান পৃথিবীৰ কোন কোন ৰাষ্ট্ৰত এতিয়াও ৰজা বা ৰাণী আছে?
উত্তৰঃ ইংলেণ্ড, নেপাল আৰু ভূটানত

প্রশ্ন ২। “সীমিত ৰাজতন্ত্র” কাক বােলে ?
উত্তৰঃ যিবােৰ ৰাষ্ট্ৰত ৰজা বা ৰাণী আছে যদিও অত ৰজাৰ শাসন নচলে। ৰাজ মুকুট পৰম্পৰা ৰক্ষাৰ এটা প্রতীকহে। ৰজাৰ হাতত একো ক্ষমতা নাথাকে বাবে এইব্যৱস্থাক “সীমিত ৰাজতন্ত্র” বােলা হয়। ইংলেণ্ড, নেপাল আৰু ভূটানত সীমিত ৰাজতন্ত্রৰ ব্যৱস্থা আছে।

প্রশ্ন ৩। আধুনিক যুগত চৰকাৰক শ্রেণীবিভাগ কৰা পণ্ডিতকেইজনৰ নাম লিখা।
উত্তৰঃ মেৰিয়ত, ব্রাইচ আৰু লীকক।

প্রশ্ন ৪। বর্তমান যুগত পৃথিৱীত জনপ্রিয় হােৱা গণতান্ত্রিক চৰকাৰ কেইপ্ৰকাৰৰ আৰু কি কি ?
উত্তৰঃ চাৰি প্ৰকাৰৰ— (ক) এককেন্দ্ৰীয় চৰকাৰ, (খ) যুক্তৰাষ্ট্ৰীয় চৰকাৰ, (গ) সংসদীয় চৰকাৰ, (ঘ) ৰাষ্ট্রপতীয় চৰকাৰ।

প্রশ্ন ৫। সংসদীয় পদ্ধতিৰ চৰকাৰ কাক বােলে?
উত্তৰঃ যি পদ্ধতিৰ চৰকাৰ প্ৰকৃততে কার্যপালিকা আৰু বিধানমণ্ডলৰ সম্পৰ্কৰ ওপৰত ভিত্তি কৰি গঠন কৰা হয় তেনে চৰকাৰক সংসদীয় পদ্ধতিৰ চৰকাৰ বােলা হয়। ইংলেণ্ডত সংসদীয় পদ্ধতিৰ চৰকাৰৰ ব্যৱস্থা আছে।

প্রশ্ন ৬। ৰাষ্ট্ৰপতীয় পদ্ধতিৰ চৰকাৰ কাক বােলে ?
উত্তৰঃ যি চৰকাৰত ক্ষমতাৰ পৃথকীকৰণ নীতিৰ দ্বাৰা কাৰ্যপালিকা আৰু বিধানমণ্ডল দুয়াে নিজৰ নিজৰ ক্ষেত্ৰত স্বাধীন আৰু য’ত কাপালিকা বিধানমণ্ডলৰ ওচৰত দায়বদ্ধ নহয়, তেনে চৰকাৰকে ৰাষ্ট্রপতীয় চৰকাৰ বােলে। বর্তমান সময়ত আমেৰিকা যুক্তৰাষ্ট্ৰত
ৰাষ্ট্ৰপতীয় চৰকাৰৰ ব্যৱস্থা আছে।

প্রশ্ন ৭। এককেন্দ্রীয় চৰকাৰ কাক বােলে ?
উত্তৰঃ যি পদ্ধতিৰ চৰকাৰত সকলাে ক্ষমতা একমাত্র কেন্দ্রীয় চৰকাৰৰ হাতত কেন্দ্রীভূত হৈ থাকে তেনে চৰকাৰক এককেন্দ্রীয় চৰকাৰ বােলা হয়। অর্থাৎ সমগ্ৰ ৰাষ্ট্ৰখনৰ বাবে কেৱল এটা মাত্ৰ চৰকাৰ থাকিলে তেনে চৰকাৰক একাত্মক বা এককেন্দ্রীয় চৰকাৰ বােলে। যেনেঃ ব্রিটেইন, ফ্রান্স, জাপান, ইটালী, নেদাৰলেণ্ড আদি দেশত এই চৰকাৰ আছে।

প্রশ্ন ৮। যুক্তৰাষ্ট্ৰীয় চৰকাৰ কাক বােলে ?
উত্তৰঃ যি পদ্ধতিৰ চৰকাৰত এক কেন্দ্রীয় চৰকাৰ আৰু তাৰ লগতে ভালেকেইখন ৰাজ্য চৰকাৰ থাকে, তাকে যুক্তৰাষ্ট্ৰীয় চৰকাৰ বােলা হয়। সাধাৰণতে এককেন্দ্রীয় পদ্ধতিৰ চৰকাৰৰ সম্পূর্ণ বিপৰীত ধমী চৰকাৰখুনেই হ’ল যুক্তৰাষ্ট্ৰীয় চৰকাৰ। যুক্তৰাষ্ট্ৰীয় চৰকাৰ
সর্বপ্রথমতে আমেৰিকাত সৃষ্টি হৈছিল যদিও বর্তমান এই চৰকাৰ বহু পৰিমাণে জনপ্রিয় হৈছে। আজিকালি পৃথিৱীৰ বহু দেশতেই যুক্তৰাষ্ট্ৰীয় চৰকাৰৰ ব্যৱস্থা দেখা যায়।

প্রশ্ন ৯। চৰকাৰৰ প্রধান অংগ কেইটা আৰু কি কি?
উত্তৰ চৰকাৰৰ প্রধান অংগ তিনিটা— (ক) কার্যপালিকা, (খ) বিধানমণ্ডল আৰু (গ) ন্যায়পালিকা।

Leave a Comment

Your email address will not be published. Required fields are marked *


Scroll to Top