শ্ৰেণী | নৱম শ্ৰেণীৰ প্ৰশ্নৰ উত্তৰ |
বিষয় | সামজ বিজ্ঞানৰ ভূগোল |
অধ্যায়/ পাঠ | অধ্যায় – ৪ (ভূগোল) |
পাঠ্যক্ৰম | ছেবা |
অসমৰ ভূগোল Class 9
প্ৰশ্ন ১| অসমৰ ভূ-প্রাকৃতিক ভাগ কেইটা কি কি?
উঃ অসমৰ ভূ-প্রাকৃতিক ভাগ চাৰিটা। সেইবোৰ হ’ল:
(ক) ব্ৰহ্মপুত্ৰ উপত্যকা
(খ) বৰাক উপত্যকা
(গ) কার্বি মালভূমি
(ঘ) বৰাইল আৰু দক্ষিণৰ পৰ্বতৰাশি।
প্ৰশ্ন ২| ব্ৰহ্মপুত্ৰ উপত্যকাৰ ভূ-প্রাকৃতিক অঞ্চল কেইটা কি কি?
উঃ ব্ৰহ্মপুত্ৰ উপত্যকাৰ ভূ-প্রাকৃতিক অঞ্চল চাৰিটা। সেইবোৰ হ’ল:
(ক) উত্তৰৰ পাদদেশ অঞ্চল
(খ) ব্ৰহ্মপুত্ৰৰ উত্তৰ আৰু দক্ষিণ পাৰৰ সমভূমি অঞ্চল
(গ) ব্ৰহ্মপুত্ৰৰ প্লাৱনভূমি আৰু চৰ-চাপৰি অঞ্চল
(ঘ) দক্ষিণৰ পাদদেশ অঞ্চল।
প্ৰশ্ন ৩| ব্ৰহ্মপুত্ৰৰ উত্তৰ আৰু দক্ষিণ পাৰৰ প্ৰত্যেকৰে চাৰিটাকৈ উপনৈৰ নাম লিখা।
উঃ
উত্তৰ পাৰৰ উপনৈ | দক্ষিণ পাৰৰ উপনৈ |
---|---|
বেঁকী | কপিলী |
কালদিয়া | বুঢ়ীদিহিং |
বৰনদী | ধনশ্রী |
পাগলাদিয়া | দিখৌ |
প্ৰশ্ন ৪| ব্ৰহ্মপুত্ৰৰ সমভূমি অঞ্চলটোৰ চমু বর্ণনা দিয়া।
উঃ ব্ৰহ্মপুত্ৰ সমভূমি বুলিলে ব্ৰহ্মপুত্ৰ নদীৰ দুয়োপাৰে থকা সমভূমি অঞ্চলকে বুজায়। ইয়াৰ মাটি অত্যন্ত উৰ্বৰ। এই অঞ্চলত ধান, শাক-পাচলি, মাহজাতীয় শস্য প্ৰচুৰ পৰিমাণে উৎপাদন হয়। বাৰিষা কালত ব্ৰহ্মপুত্ৰ আৰু ইয়াৰ উপনৈসমূহে পলস পৰায়, যাৰ ফলত মাটি উৰ্বৰ হৈ থাকে।
প্ৰশ্ন ৫| ব্ৰহ্মপুত্ৰৰ প্লাৱনভূমি অঞ্চলটোৰ চমু বর্ণনা দিয়া।
উঃ অসম হৈছে নদী মাতৃকা দেশ। ব্ৰহ্মপুত্ৰ নদীৰ দুয়োপাৰে থকা সমভূমি অঞ্চল বাৰিষা কালত বানপানীয়ে বুৰাই পেলায়, যাৰ ফলত ইয়াক প্লাৱনভূমি বুলি কোৱা হয়। এই অঞ্চলত ধান, মৰাপাট, গম, মাহজাতীয় শস্য প্ৰচুৰ পৰিমাণে উৎপাদন হয়।
প্ৰশ্ন ৬| মাজুলীৰ ভৌগােলিক অৱস্থান সম্পর্কে লিখা।
উঃ মাজুলী হৈছে ব্ৰহ্মপুত্ৰ নদীৰ মাজত থকা পৃথিৱীৰ অন্যতম বৃহৎ নদীদ্বীপ। ই অসমৰ যোৰহাট জিলাৰ অন্তৰ্গত। ইয়াৰ মাটিকালি ৪২২ বর্গ কিলোমিটাৰ আৰু জনসংখ্যা ১.৬৮ লাখ। বানপানী আৰু গঢ়াখহনীয়াই এই নদীদ্বীপখনৰ যথেষ্ট ক্ষতি কৰে। মাজুলী সত্ৰীয়া সংস্কৃতিৰ বাবে বিখ্যাত।
প্ৰশ্ন ৭| বৰাক উপত্যকাৰ চাৰিসীমা আৰু বৈশিষ্ট্য চমুকৈ বর্ণনা কৰা।
উঃ অসমৰ দক্ষিণাংশত বৰাক উপত্যকা অঞ্চল অৱস্থিত। ইয়াৰ উত্তৰে মেঘালয় মালভূমি আৰু বৰাইল পৰ্বতৰাশি আছে। পূবে মণিপুৰৰ পাহাৰীয়া অঞ্চল, দক্ষিণে মিজো পৰ্বত আৰু পশ্চিমে বাংলাদেশ। ইয়াৰ মাটি উৰ্বৰ আৰু ইয়াত ধান, তামোল-পান, মাহজাতীয় শস্য প্ৰচুৰ পৰিমাণে উৎপাদন হয়। এই উপত্যকাৰ দৈৰ্ঘ্য ২২৫ কিলোমিটাৰ।
প্ৰশ্ন ৮| কার্বি মালভূমিৰ চাৰিসীমা আৰু বৈশিষ্ট্য চমুকৈ বর্ণনা কৰা।
উঃ কার্বি মালভূমিক কপিলী উপত্যকাই পূব আৰু পশ্চিম দুটা খণ্ডত বিভক্ত কৰে। পূব খণ্ডটো ৰেংমা পাহাৰক সামৰি কার্বি আংলং জিলাৰ ডিফু আৰু বোকাজান মহকুমালৈ বিস্তৃত। পশ্চিম খণ্ডটো হামৰেণ মহকুমাটো সামৰি লয়। এই মালভূমিটো দক্ষিণ-পশ্চিমৰ পৰা উত্তৰ-পূবলৈ ঢালখোৱা। ইয়াৰ গড় উচ্চতা ৯০০ মিটাৰ।
প্ৰশ্ন ৯| বৰাইল আৰু দক্ষিণৰ পৰ্বতৰাশিৰ বৈশিষ্ট্য চমুকৈ বর্ণনা কৰা।
উঃ বৰাইল পৰ্বতে পূবৰ নগা পৰ্বত আৰু পশ্চিমৰ মেঘালয় মালভূমিক সংযোগ কৰে আৰু উত্তৰ কাছাৰ পার্বত্য অঞ্চলক দুটা অংশত ভাগ কৰে। ইয়াৰ উত্তৰ ফালে ঢালখোৱা অংশটো বৰাক উপত্যকাৰ অন্তৰ্গত। এই অঞ্চলত ধান খেতি ভাল হয় আৰু কিছু অংশত ঝুম খেতি কৰা হয়।
প্ৰশ্ন ১০| অসমৰ জলবায়ু কোন শ্রেণীৰ অন্তৰ্গত? ইয়াৰ বৈশিষ্ট্য চমুকৈ বর্ণনা কৰা।
উঃ অসম উপক্রান্তীয় মৌচুমী জলবায়ুৰ অন্তৰ্গত। ইয়াত গ্ৰীষ্মকালত অতিপাত বৰষুণ আৰু শীতকালত শুষ্ক অৱস্থা বিৰাজ কৰে। জলবায়ুত জলীয় বাষ্পৰ পৰিমাণ বেছি থাকে আৰু উষ্ণতা তুলনামূলকভাৱে নিম্ন।
প্ৰশ্ন ১১| গীষ্মকালত অসমত বৰষুণ হােৱাৰ মূল কাৰণ কি?
উঃ গীষ্মকালত অসমত প্ৰচুৰ পৰিমাণে বৰষুণ হয়। ইয়াৰ প্ৰধান কাৰণ হ’ল অসম এখন মৌচুমী বায়ুৰ দেশ। গ্ৰীষ্মকালত দক্ষিণ-পশ্চিম মৌচুমী বতাহে আৰব সাগৰৰ পৰা জলীয় বাষ্প কঢ়িয়াই অনা আৰু হিমালয় পৰ্বত আৰু মেঘালয়ৰ পৰ্বতৰ লগত ঠেকা খাই প্ৰচুৰ পৰিমাণে বৰষুণ দিয়ে।
প্ৰশ্ন ১২| অসমৰ জলবায়ুত প্ৰভাৱ পেলােৱা ভৌগােলিক কাৰক সমূহ চমুকৈ আলােচনা কৰা।
উঃ অসম মৌচুমী জলবায়ুৰ অন্তৰ্গত। ভূ-প্রকৃতিৰ তাৰতম্যৰ বাবে ৰাজ্যখনৰ জলবায়ু অঞ্চলভেদে ভিন ভিন হয়। ঋতুভেদে উত্তৰ-পশ্চিম ভাৰত ভূ-খণ্ডৰ পৰিৱৰ্তিত বায়ুৰ চাপৰ প্ৰভাৱ অসমৰ জলবায়ুতো পৰে। গ্ৰীষ্মকালত অসমৰ সমভূমি অঞ্চলত স্থানীয়ভাবে নিম্নচাপৰ সৃষ্টি হয়।
প্ৰশ্ন ১৩| অসমৰ প্ৰধান ঋতু কেইটা কি কি? ঋতুভেদে উষ্ণতা আৰু বৰষুণৰ বিতৰণ সম্পর্কে চমুকৈ লিখা।
উঃ অসমত ছয়টা ঋতু দেখা যায়: গ্ৰীষ্ম, বৰ্ষা, শৰৎ, হেমন্ত, শীত আৰু বসন্ত।
- গ্ৰীষ্ম আৰু বৰ্ষা: মৌচুমী বতাহৰ প্ৰভাৱত যথেষ্ট বৰষুণ হয়।
- শৰৎ: বৰষুণ প্ৰায় নহয়, আকাশ ফৰকাল হৈ থাকে।
- হেমন্ত আৰু শীত: দক্ষিণ-পূৱ মৌচুমী বতাহৰ প্ৰভাৱত সামান্য বৰষুণ হয়।
- বসন্ত: শুকান হয় যদিও কিছু পৰিমাণে বৰষুণ হয়। শীতকালৰ দৈৰ্ঘ্য কম, গ্ৰীষ্মকালত গৰমৰ প্ৰকোপ বৃদ্ধি পায়।
প্ৰশ্ন ১৪| অসমৰ সর্বোচ্চ আৰু সর্বনিম্ন বৰষুণ হােৱা ঠাইদুখনৰ নাম আৰু বৰষুণৰ পৰিমাণ লিখা।
উঃ
বৰষুণৰ প্ৰকাৰ | ঠাই | বৰষুণৰ পৰিমাণ (বছৰি গড়) |
---|---|---|
সর্বোচ্চ বৰষুণ | লখিমপুৰ | ৩৩৬ চেন্টিমিটাৰ |
সর্বনিম্ন বৰষুণ | লামডিং | ১২৯ চেন্টিমিটাৰ |
প্ৰশ্ন ১৫| অসমৰ সকলাে ঠাইত সমান পৰিমাণে কিয় বৰষুণ নহয়?
উঃ অসম হৈছে নদ-নদী, পাহাৰ-পৰ্বত, খলা-বমা, হাবি-বননি আদিৰে ভৰপুৰ ৰাজ্য। পাহাৰ-পৰ্বত আৰু হাবি-বননিৰ প্ৰভাৱত অঞ্চলৰ বতৰ আৰু জলবায়ু পৰিবৰ্তন হয়। উদাহৰণস্বৰূপে, গ্ৰীষ্মকালত বঙ্গোপসাগৰৰ ওপৰেদি অহা মৌচুমী বতাহে হিমালয়ৰ পাদদেশ আৰু মেঘালয়ত প্ৰচুৰ বৰষুণ দিয়ে। কিন্তু শীতকালত মেঘালয়ত কিছু বৰষুণ হয় যদিও অসমত বৰষুণ প্ৰায় নহয়। এই প্ৰাকৃতিক পৰিবেশৰ ভিন্নতাৰ বাবে অসমত সকলাে ঠাইতে সমানে বৰষুণ নহয়।
প্ৰশ্ন ১৬| অসমৰ বৰষুণৰ স্থানিক বিতৰণ সম্পর্কে চমুকৈ লিখা।
উঃ অসমত বৰষুণৰ স্থানিকতাৰতম্য উল্লেখনীয়। পাহাৰীয়া আৰু ইয়াৰ পাদদেশত বৰষুণৰ পৰিমাণ বেছি হয়। উজনি অসমৰ তিনিচুকীয়া, ডিব্ৰুগড়, ধেমাজী, লখিমপুৰ আৰু শিৱসাগৰ জিলাৰ লগতে নামনি অসমৰ কোকৰাঝাৰ, ধুবুৰী, কৰিমগঞ্জ, হাইলাকান্দি আদিত বছৰি ২৫০ চেন্টিমিটাৰতকৈ অধিক বৰষুণ হয়।
প্ৰশ্ন ১৭| অসমত পােৱা মৃত্তিকাৰ প্ৰকাৰসমূহৰ চমু বর্ণনা কৰা।
উঃ অসমৰ মৃত্তিকা চাৰিটা ভাগত ভাগ কৰা হৈছে:
(ক) পলসুৱা মৃত্তিকা: ব্ৰহ্মপুত্ৰ আৰু বৰাক উপত্যকাৰ সমভূমি অঞ্চলত বিস্তৃত। পলসুৱা মাটি অতি উৰ্বৰ।
(খ) গিৰিপদ মৃত্তিকা: হিমালয়ৰ পাদদেশৰ ঠেক গিৰিপদ অঞ্চলত পােৱা যায়।
(গ) পাহাৰীয়া মৃত্তিকা: দক্ষিণাংশৰ পাহাৰীয়া অঞ্চলত পােৱা যায়। এই মৃত্তিকাৰ উৰ্বৰতা ঠাই ভেদে বেলেগ।
(ঘ) কংকৰ মৃত্তিকা: ডিমা হাছাও জিলা আৰু কার্বি মালভূমিৰ দক্ষিণৰ কিছু ঠাইত পােৱা যায়। এই মৃত্তিকা সাধাৰণতে কলা বৰণৰ হয়।
প্ৰশ্ন ১৮| অসমত মৃত্তিকাৰ অৱক্ষয়ৰ কাৰণসমূহ কি কি?
উঃ অসমত মৃত্তিকাৰ অৱক্ষয়ৰ কাৰণসমূহ হ’ল:
(ক) গছ-গছনি কটাৰ ফলত জলপ্রবাহৰ ফোত মাটি ক্ষয়প্রাপ্ত হয়।
(খ) পাহাৰীয়া অঞ্চলত ঝুম খেতি কৰা হয়, যিয়ে ভূমি ক্ষয়ৰ প্ৰধান কাৰণ।
(গ) খেতি-পথাৰত ব্যৱহাৰ কৰা ৰাসায়নিক সাৰ আৰু কীটনাশক দ্রব্য মৃত্তিকাৰ অৱক্ষয়ত অৱদান যােগায়।
(ঘ) মানৱসৃষ্ট জলবন্ধনৰ ফলত মাটি কোমল হৈ ক্ষয়প্রাপ্ত হয়।
প্ৰশ্ন ১৯| বর্তমান অসমৰ জনসংখ্যা কিমান?
উঃ বর্তমান অসমৰ জনসংখ্যা ৩১.১৬ নিযুত (২০১১ চনৰ লােকপিয়ল অনুসৰি)।
প্ৰশ্ন ২০| অসমৰ অৰণ্যসমূহ কি কি ভাগত ভাগ কৰিব পাৰি?
উঃ অসমৰ অৰণ্যসমূহক পাঁচটা ভাগত ভাগ কৰিব পাৰি:
(ক) ক্রান্তীয় চিৰসেউজীয়া অৰণ্য
(খ) ক্রান্তীয় অর্ধ চিৰসেউজীয়া অৰণ্য
(গ) নৈপৰীয়া অৰণ্য
(ঘ) ক্রান্তীয় আর্দ্র পর্ণপাতী অৰণ্য
(ঙ) ক্রান্তীয় শুষ্ক পর্ণপাতী অৰণ্য
প্ৰশ্ন ২১| বৰ্ষাৰণ্য কাক বােলে? অসমৰ বৰ্ষাৰণ্যৰ বৈশিষ্ট্য লিখা।
উঃ বার্ষিক বৃষ্টিপাতৰ পৰিমাণ ৩০০ চেন্টিমিটাৰ বা তাতােকৈ বেছি হােৱা অঞ্চলত থকা অৰণ্যক বৰ্ষাৰণ্য বােলে।
অসমৰ বৰ্ষাৰণ্যৰ বৈশিষ্ট্য:
- ইয়াৰ গছবােৰ তিনিতৰপীয়া, যেনে:
(ক) ওখ গছৰ বৰ্ষাৰণ্য
(খ) কম ওখ গছৰ বৰ্ষাৰণ্য
(গ) চাপৰ গছ বনৰ বৰ্ষাৰণ্য - হিমালয়ৰ পাদদেশ, অৰুণাচল প্রদেশৰ সীমান্তৱর্তী অঞ্চল, আৰু মেঘালয়ৰ অৰণ্যসমূহ অসমৰ বৰ্ষাৰণ্যৰ অন্তর্ভূক্ত।
প্ৰশ্ন ২২| নৈপৰীয়া অৰণ্যৰ গুৰুত্ব আৰু বৰ্তমানৰ সংকট সম্পর্কে চমুকৈ লিখা।
উঃ
- গুৰুত্ব:
- নৈপৰীয়া অৰণ্যত ওখ গছ, ঘাহ আৰু বনজাতীয় উদ্ভিদ প্ৰচুৰ পৰিমাণে জন্মে।
- এই অৰণ্যবােৰে নদীৰ গঢ়াখহনীয়া ৰােধ কৰে আৰু পৰিবেশ প্ৰদুষণমুক্ত কৰে।
- পৰিবেশৰ ভাৰসাম্য ৰক্ষা কৰে আৰু বৰষুণ নিয়মীয়া কৰে।
- সংকট:
- অতিৰিক্ত কাঠ কটাৰ ফলত অৰণ্য ধ্বংস হৈছে।
- জনসংখ্যা বৃদ্ধিৰ ফলত অৰণ্য ক্ষেত্ৰৰ হ্ৰাস হৈছে।
প্ৰশ্ন ২৩| কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ অৱস্থান আৰু মাটিকালি লিখা।
উঃ
- অৱস্থান: গােলাঘাট, নগাওঁ আৰু শােণিতপুৰ জিলা।
- মাটিকালি: ৮৫৮.৯৮ বর্গ কিলােমিটাৰ।
প্ৰশ্ন ২৪| অসমৰ ৰাষ্ট্ৰীয় উদ্যানকেইখনৰ নাম আৰু অৱস্থান লিখা।
উঃ
ৰাষ্ট্ৰীয় উদ্যানৰ নাম | অৱস্থান |
---|---|
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান | গােলাঘাট, নগাওঁ, শােণিতপুৰ |
মানস ৰাষ্ট্ৰীয় উদ্যান | চিৰাং, বাক্সা |
ওৰাং ৰাষ্ট্ৰীয় উদ্যান | ওদালগুৰি, শােণিতপুৰ |
নামেৰী ৰাষ্ট্ৰীয় উদ্যান | শােণিতপুৰ |
ডিব্ৰু-চৈখােৱা ৰাষ্ট্ৰীয় উদ্যান | ডিব্ৰুগড়, তিনিচুকীয়া |
প্ৰশ্ন ২৫| অসমৰ বর্তমান জিলা কেইখন আৰু সদৰ ঠাইৰ নাম লিখা।
উঃ বর্তমান অসমত ৩৩ খন জিলা আছে। তলত জিলাৰ নাম আৰু সদৰ ঠাইৰ তালিকা দিয়া হ’ল:
জিলাৰ নাম | জিলা সদৰ |
১। ধুবুৰী | ধুবুৰী |
২। কোকৰাঝাৰ | কোকৰাঝাৰ |
৩। গোৱালপাৰা | গোৱালপাৰা |
৪। বঙাইগাওঁ | বঙাইগাওঁ |
৫। চিৰাং | কাজলগাওঁ |
৬। বৰপেটা | বৰপেটা |
৭। নলবাৰী | নলবাৰী |
৮।বাক্সা | মছলপুৰ |
৯। কামৰূপ | আমিনগাওঁ |
১০। কামৰূপ মহানগৰ | গুৱাহাটী |
১১। দৰং | মঙলদৈ |
১২। ওদালগুৰি | ওদালগুৰি |
১৩। শোণিতপুৰ | তেজপুৰ |
১৪। লখিমপুৰ | লখিমপুৰ |
১৫। ধেমাজি | ধেমাজি |
১৬। নগাওঁ | নগাওঁ |
১৭। মৰিগাওঁ | মৰিগাওঁ |
১৮। গোলাঘাট | গোলাঘাট |
১৯।যোৰহাট | যোৰহাট |
২০। শিৱসাগৰ | শিৱসাগৰ |
২১। ডিব্ৰুগড় | ডিব্ৰুগড় |
২২। তিনিচুকীয়া | তিনিচুকীয়া |
২৩। কাৰ্বি আংলং | ডিফু |
২৪। ডিমা-হাছাও | হাফলং |
২৫। কৰিমগঞ্জ | কৰিমগঞ্জ |
২৬। কাছাৰ | শিচলৰ |
২৭। হাইলাকান্দি | হাইলাকান্দি |
২৮। বিশ্বনাথ | বিশ্বনাথ চাৰিআলি |
২৯। চৰাইদেউ | সোমাৰি |
৩০। হোজাই | শঙ্কৰদেৱ নগৰ |
৩১। মাজুলী | গৰমূড় |
৩২।দক্ষিণ শালমাৰা -মানকাছাৰ | হাটশিঙিমাৰি |
৩৩। পশ্চিম কাৰ্বিআংলং | হামৰেং |
প্ৰশ্ন ২৬| অসমৰ মাটিকালি কিমান? ৰাজ্যখনৰ ৰাজধানী ক’ত অৱস্থিত? ইয়াৰ মাটিকালি হিচাপে আটাইতকৈ ডাঙৰ আৰু আটাইতকৈ সৰু জিলাখনৰ নাম কি?
উঃ
- মাটিকালি: ৭৮,৪৩৮ বর্গ কিলােমিটাৰ।
- ৰাজধানী: গুৱাহাটীৰ দিছপুৰ।
- আটাইতকৈ ডাঙৰ জিলা: কাৰ্বি আংলং।
- আটাইতকৈ সৰু জিলা: কামৰূপ মহানগৰ।
প্ৰশ্ন ২৭| ২০১১ চনৰ লােকপিয়ল অনুসৰি অসমৰ জনসংখ্যা কিমান? জনসংখ্যা অনুসৰি ৰাজ্যখনৰ আটাইতকৈ ডাঙৰ আৰু আটাইতকৈ সৰু জিলাখনৰ নাম লিখা।
উঃ
- জনসংখ্যা: ৩১.১৬ নিযুত।
- আটাইতকৈ ডাঙৰ জিলা: নগাওঁ (২.৮ নিযুত)।
- আটাইতকৈ সৰু জিলা: ডিমা হাছাও (২.১ লাখ)।
প্ৰশ্ন ২৮| চমুটোকা লিখা।
উঃ
(ক) অসম আৰু মৌচুমী জলবায়ু: অসম হৈছে উপক্রান্তীয় মৌচুমী জলবায়ুৰ অন্তৰ্গত। গ্ৰীষ্মকালত দক্ষিণ-পশ্চিম মৌচুমী বতাহে অতিপাত বৰষুণ দিয়ে, আৰু শীতকালত শুষ্ক অৱস্থা বিৰাজ কৰে।
(খ) দক্ষিণ-পশ্চিম মৌচুমী বতাহ: গ্ৰীষ্মকালত দক্ষিণ-পশ্চিম মৌচুমী বতাহে অসমত জুন, জুলাই, আৰু আগষ্ট মাহত প্ৰচুৰ বৰষুণ দিয়ে।
(গ) উত্তৰ-পূৱ মৌচুমী বতাহ: শীতকালত উত্তৰ-পূৱ মৌচুমী বতাহৰ ফলত অসমত শীত আহে, আৰু ৰাতিৰ ভাগত কুঁৱলী পৰে।
(ঘ) অসমৰ বৰ্ষাকাল: জুনৰ পৰা চেপ্তেম্বৰলৈ বৰ্ষাকাল চলি থাকে। এই সময়ত দক্ষিণ-পশ্চিম মৌচুমী বতাহৰ প্ৰভাৱত প্ৰচুৰ বৰষুণ হয়।
(ঙ) অসমৰ প্ৰাক-মৌচুমীকাল: মার্চৰ পৰা মেলৈ প্ৰাক-মৌচুমীকাল চলে। এই সময়ত পুৱাৰ ভাগ আৰামদায়ক উষ্ণ, দুপৰীয়া গৰম আৰু ৰাতিৰ ভাগত কেতিয়াবা বৰষুণ হয়।
(চ) অসমৰ বৰষুণৰ স্থানিক বিতৰণ: পাহাৰীয়া আৰু ইয়াৰ পাদদেশত বৰষুণৰ পৰিমাণ বেছি। উজনি অসমৰ তিনিচুকীয়া, ডিব্ৰুগড়, ধেমাজী, লখিমপুৰ আদিত বছৰি ২৫০ চেন্টিমিটাৰতকৈ অধিক বৰষুণ হয়।
(ছ) অসমৰ প্রশাসনিক বিভাগ: অসমত বর্তমান ৩৩ খন জিলা আছে। প্ৰতিখন জিলাক মহকুমাত ভাগ কৰা হৈছে।
(ঝ) বি টি এ ডি: বি টি এ ডিৰ সম্পূৰ্ণ ৰূপ হ’ল Bodoland Territorial Area District। ইয়াত কোকৰাঝাৰ, চিৰাং, বাক্সা, আৰু ওদালগুৰি জিলা অন্তৰ্ভূক্ত।