অসমৰ ভূগোল Class 9 পাঠভিত্তিক প্ৰশ্ন উত্তৰ নৱম শ্ৰেণীৰ

অসমৰ ভূগোল class 9

অসমৰ ভূগোল Class 9
শ্ৰেণী নৱম শ্ৰেণীৰ প্ৰশ্নৰ উত্তৰ
বিষয় সামজ বিজ্ঞানৰ ভূগোল
অধ্যায়/ পাঠ অধ্যায় – ৪ (ভূগোল)
পাঠ্যক্ৰম ছেবা

অসমৰ ভূগােল

পাঠভিত্তিক প্রশ্নোত্তৰ 

১। অসমৰ ভূ-প্রাকৃতিক ভাগ কেইটা কি কি?
উঃ অসমৰ ভূ-প্রাকৃতিক ভাগ চাৰিটা, যেনেঃ (ক) ব্রহ্মপুত্র উপত্যকা (খ) বৰাক উপত্যকা (গ) কার্বি মালভূমি আৰু (ঘ) বৰাইল আৰু দক্ষিণৰ পৰ্বতৰাশি।

২। ব্ৰহ্মপুত্ৰ উপত্যকাৰ ভূ-প্রাকৃতিক অঞ্চল কেইটা কি কি ?
উঃ ব্রহ্মপুত্র উপত্যকাৰ ভূ-প্রাকৃতিক অঞ্চল চাৰিটা যেনেঃ (ক) উত্তৰৰ পাদদেশ অঞ্চল (খ) ব্ৰহ্মপুত্ৰৰ উত্তৰ আৰু দক্ষিণ পাৰৰ সমভূমি অঞ্চল (গ) ব্ৰহ্মপুত্ৰৰ প্লাৱনভূমি আৰু চৰ-চাপৰি অঞ্চল আৰু (ঘ) দক্ষিণৰ পাদদেশ অঞ্চল।

৩। ব্ৰহ্মপুত্ৰৰ উত্তৰ আৰু দক্ষিণ পাৰৰ প্ৰত্যেকৰে চাৰিটাকৈ উপনৈৰ নাম লিখা।
উঃ ব্রহ্মপুত্র নদীৰ উত্তৰ পাৰৰ উপনৈ চাৰিটা হল— বেঁকী, কালদিয়া, বৰনদী আৰু পাগলাদিয়া। আনহাতে ব্রহ্মপুত্র নদীৰ দক্ষিণ পাৰৰ উপনৈ চাৰিটা হলঃ কপিলী, বুঢ়ীদিহিং, ধনশ্রী আৰু দিখৌ।

৪। ব্ৰহ্মপুত্ৰৰ সমভূমি অঞ্চলটোৰ চমু বর্ণনা দিয়া।
উঃব্রহ্মপুত্র সমভূমি বুলিলে ব্রহ্মপুত্র নদীৰ দুয়ােপাৰে থকা সমভূমি অঞ্চলকে বুজায়। ব্রহ্মপুত্র সমভূমিৰ মাটি অতিকৈ সাৰুৱা। এইসমভূমি অঞ্চলত প্ৰচুৰ পৰিমাণে খাদ্য শস্য, শাক-পাচলি, মাহজাতীয় শস্য আদি উৎপাদন হয়। বাৰিষা কালত ব্রহ্মপুত্র নদীৰ লগতে ইয়াৰ উপনৈসমূহে ব্রহ্মপুত্র উপত্যকাটো বুৰাই পেলায়। ফলত নদীৰ পলস পৰি ইয়াৰ মাটি অতিপাত সাৰুৱা হৈ নানান ধৰণৰ শস্য উৎপাদনৰ বাবে উপযােগীহয়।

৫।ব্ৰহ্মপুত্ৰৰ প্লাৱনভূমি অঞ্চলটোৰ চমু বর্ণনা দিয়া।
উঃ অসম হৈছেনদী মাতৃকা দেশ। ইয়াৰ প্ৰধান নদী ব্ৰহ্মপুত্ৰৰ দুয়ােপাৰে থকা সমভূমি অঞ্চল প্রতিবছৰ বাৰিষা কালত বানপানীয়ে বুৰাই পেলায় বাবে উক্ত অঞ্চলক প্লাৱনভূমি বুলি কোৱা হয়। এই প্লাৱনভূমি শস্য উৎপাদনৰ বাবে উপযােগী। ইয়াত প্ৰধানকৈ ধান, মৰাপাট, গম, মাহজাতীয় শস্য আদি উভৈনদীকৈ উৎপন্ন হয়।

৬। মাজুলীৰ ভৌগােলিক অৱস্থান সম্পর্কে লিখা।
উঃ মাজুলী হৈছেব্রহ্মপুত্র নদীৰ মাজত থকা পৃথিৱীৰ ভিতৰত এটা অন্যতম বৃহৎ নদীবীপ। ই অসমৰ যােৰহাট জিলাৰ অন্তগত। ইয়াৰ মাটিকালি ৪২২ বর্গ কিলােমিটাৰ। ইয়াৰ জনসংখ্যা হ’ল ১.৬৮ লাখ। বানপানী আৰু গঢ়াখহনীয়াই এই নদী দ্বীপখনৰ যথেষ্ট ক্ষতি সাধন কৰি আছে। এই দ্বীপখন সত্ৰীয়া সংস্কৃতিৰ বাৰে বিখ্যাত।

৭। বৰাক উপত্যকাৰ চাৰিসীমা আৰু বৈশিষ্ট্য চমুকৈ বর্ণনা কৰা।
উঃ অসমৰ দক্ষিণাংশত বৰাক উপত্যকা অঞ্চল অৱস্থিত। ইয়াৰ উত্তৰে মেঘালয় মালভূমি আৰু উত্তৰ কাছাৰ পার্বত্য জিলাৰ বৰাইল পৰ্বতৰাশি আছে। ইয়াৰ পুৱে মণিপুৰৰ পাহাৰীয়া অঞ্চল, দক্ষিণে মিজো পর্বত আৰু পশ্চিমে বাংলাদেশ। বৰাক উপত্যকাৰ মাটি সাৰুৱা। ইয়াত প্ৰচুৰ পৰিমাণে ধান খেতি, চিৰসেউজ গছ-গছনি, তামােল-পান, মাহজাতীয় শস্য আদি উৎপন্ন হয়। এই উপত্যকাৰ দৈৰ্ঘ্য ২২৫ কিলােমিটাৰ।

৮। কার্বি মালভূমিৰ চাৰিসীমা আৰু বৈশিষ্ট্যচমুকৈ বর্ণনা কৰা।
উঃ অসমৰ কাৰ্বিমালভূমিক কপিলী উপত্যকাইপূৱ আৰু পশ্চিম দুটা খণ্ডত বিভক্ত কৰিছে। পূৱ খণ্ডটো ৰেংমা পাহাৰক সামৰি লৈ কাৰ্বি আংলং জিলাৰ ডিফু আৰু বােকাজান মহকুমালৈ বিস্তৃত হৈ আছে। আনহাতে পশ্চিম খণ্ডটো কাৰ্বি আংলং জিলাৰ হামৰেণ মহকুমাটো সামৰি লৈছে। এই মালভুমিটো দক্ষিণ-পশ্চিমৰ পৰা উত্তৰ-পূৱলৈ ঢালখােৱা। সাগৰ পৃষ্ঠৰ পৰা ইয়াৰ গড় উচ্চতা ৯০০ মিটাৰ।

৯। বৰাইল আৰু দক্ষিণৰ পৰ্বত ৰাশিৰ বৈশিষ্ট্য চমুকৈ বর্ণনা কৰা।
উঃ বৰাইল পর্বতে প্রকৃততে পূৱৰ নগা পর্বত আৰু পশ্চিমৰ মেঘালয় মালভূমিক সংযােগ কৰিছে আৰু উত্তৰ কাছাৰ পার্বত্য অঞ্চলক দুটা অংশত ভাগ কৰিছে। ইয়াৰ উত্তৰ ফালে ঢালখােৱা অংশটো বৰাক উপত্যকাৰ অন্তৰ্গত। এই অঞ্চলত ধান খেতি ভাল হয়।কিছুঅংশত ঝুম খেতি কৰা হয়।

১০।অসমৰ জলবায়ু কোন শ্রেণীৰ অন্তৰ্গত ? ইয়াৰ বৈশিষ্ট্য চমুকৈ বর্ণনা কৰা।
উঃ ভাৰতৰ উত্তৰ-পূৱৰ ৰাজ্য অসমখন উপক্রান্তীয় মৌচুমী জলবায়ুৰ অন্তৰ্গত। ইয়াত গ্রীষ্মকালত অতিপাত বৰষুণ হয় আৰু শীতকাল অতি শুষ্ক। অসমৰ জলবায়ুত জলীয় বাষ্পৰ পৰিমাণ বেছি থাকে আৰু তুলনামূলকভাৱে নিম্ন উষ্ণতা বিৰাজ কৰে। অসমত হাবি-বননি, পাহাৰ- পর্বত,নদ-নদী অসংখ্য আছে। ইয়াৰ জলবায়ু আৰু বতৰাে ঠাইবিশেষে ভিন ভিন হয়।

১১। গীষ্মকালত অসমত বৰষুণ হােৱাৰ মূল কাৰণ কি?
উঃ গ্রীষ্মকালত অসমত প্ৰচুৰ পৰিমাণে বৰষুণ হয়। ইয়াৰ প্ৰধান কাৰণ অসম মৌচুমী বায়ুৰ দেশ। গ্রীষ্মকালত দক্ষিণ-পশ্চিম মৌচুমী বতাহে আৰব সাগৰৰ পৰা জলীয় বাষ্প কঢ়িয়াই আনি হিমালয় পর্বত আৰু মেঘালয়ত থকা পৰ্বতৰ লগত ঠেকা খাইপ্ৰচুৰ পৰিমাণে বুৰষুণ দিয়ে। ইয়াৰ জলবায়ুত আদ্রর্তাৰ পৰিমাণ বেছি।

লগতে পঢ়ক:   ভাৰতবৰ্ষ লৈ ইউৰোপীয় সকলৰ আগমন নৱম শ্ৰেণীৰ সমাজ বিজ্ঞান ইতিহাস প্ৰশ্ন উত্তৰ

১২। অসমৰ জল বায়ুত প্ৰভাৱ পেলােৱা ভৌগােলিক কাৰক সমূহ চমুকৈ আলােচনা কৰা।
উঃ ভৌগােলিকভাবে অসমখন মৌচুমী জলবায়ুৰ অন্তর্গত। ভূ-প্রকৃতিৰ তাৰতম্যৰ বাবে ৰাজ্যখনৰ জলবায়ু অঞ্চলভেদে ভিন ভিন হয়। ঋতুভেদে উত্তর-পশ্চিম ভাৰত ভূ-খণ্ডৰ পৰিৱৰ্তিত বায়ুৰ চাপৰ প্ৰভাৱ অসমৰ জলবায়ুতাে পৰে। গ্রীষ্মকালত অসমৰ সমভূমি অঞ্চলত স্থানীয়ভাবে এক প্ৰকাৰৰ নিম্নচাপৰ সৃষ্টি হয়।

অসমৰ ভূগোল class 9

১৩।অসমৰ প্ৰধান ঋতু কেইটাকি কি? ঋতুভেদে উষ্ণতা আৰু বৰষুণৰ বিতৰণ সম্পর্কে চমুকৈ লিখা।
উঃঅসমত ছয়টা ঋতুৰ অস্তিত্ব দেখা যায়। যেনেঃ গ্রীষ্ম, বর্ষা,শৰৎ, হেমন্ত শীত আৰুবসন্ত। ঋতুভেদে অসমৰ উষ্ণতা আৰু বৰষুণৰ বিতৰণ বেলেগ বেলেগ হয়। অসমত গ্রীষ্ম আৰু বর্ষা ঋতুত মৌচুমী বতাহৰ প্ৰভাৱত যথেষ্ট পৰিমাণে বৰষুণ হয়। শৰৎকালত বৰষুণ প্রায় নহয়। আকাশখন ফৰকাল হৈ থাকে। হেমন্ত আৰু শীতকালত দক্ষিণ-পূৱ মৌচুমী বতাহৰ প্ৰভাৱত সামান্য বৰষুণ হয়। বসন্ত ঋতু শুকান হয় যদিও এই ঋতুত কিছু পৰিমাণে বৰষুণাে হয়। অসমত শীতকালৰ দৈর্ঘ্য কম। কিন্তু গ্রীষ্মকালত গৰমৰ প্রকোপ বৃদ্ধি পায়।

১৪। অসমৰ সর্বোচ্চ আৰু সর্বনিম্ন বৰষুণ হােৱা ঠাইদুখনৰ নাম আৰু বৰষুণৰ পৰিমাণ লিখা।
উঃ অসমৰ সর্বোচ্চ বৰষুণ হােৱা ঠাইখন হ’ল লখিমপুৰ। ইয়াত বছৰি গড়ে ৩৩৬ চেন্টিমিটাৰ বৰষুণ হয়। আনহাতে অসমৰ সর্বনিম্ন বৰষুণ হােৱা ঠাইখন হ’ল লামডিং। ইয়াত বছৰি গড় বৰষুণৰ পৰিমাণ হ’ল ১২৯ চেন্টিমিটাৰ।

১৫৷ অসমৰ সকলাে ঠাইত সমান পৰিমাণে কিয়। বৰষুণ নহয়?
উঃ অসম হৈছে নদ-নদী, পাহাৰ-পর্বত, খলা-বমা, হাবি-বননি আদিৰে ভৰপুৰ ৰাজ্য। পাহাৰ-পর্বত, হাবি- বননিয়ে অঞ্চল এখনৰ বতৰ আৰু জলবায়ুত প্ৰভাৱ পেলায়। উদাহৰণ স্বৰূপে গ্রীষ্মকালত বংগােপ সাগৰৰ ওপৰেদি অহা মৌচুমী বতাহৰ প্ৰভাৱত অসমৰ হিমালয়ৰ পাদদেশ আৰু মেঘালয়ত প্ৰচুৰ বৰষুণ হয়। কিন্তু শীতকালত মেঘালয়ত কিছুবৰষুণ হয় যদিও অসমত বৰষুণ প্রায়নহয়। বুলি ক’ব পাৰি। এইদৰে প্রাকৃতিক পৰিবেশৰ ভিন্নতাৰ বাবে অসমত সকলাে ঠাইতে সমানে বৰষুণ নহয়।

১৬। অসমৰ বৰষুণৰস্থানিক বিতৰণ সম্পর্কে চমুকৈ লিখা।
উঃ ওপৰৰ ১৫ নং প্রশ্নোত্তৰ চোৱা।

১৭।অসমত পােৱা মৃত্তিকাৰ প্ৰকাৰসমূহৰ চমু বর্ণনা কৰা।
উঃ অসমৰ মৃত্তিকা (মাটি)বােৰক চাৰিটা ভাগত ভাগ কৰা হৈছে। যেনে ঃ পলসুৱা মৃত্তিকা, গিৰিপদ মৃত্তিকা, পাহাৰীয়া মৃত্তিকা আৰু কংকৰ মৃত্তিকা। অসমৰ ব্ৰহ্মপুত্ৰ আৰু বৰাক উপত্যকাৰ সমভূমি অঞ্চলত বিস্তৃতভাৱে পলসুৱা মাটি পােৱা যায়। পলসুৱা মাটি অতি সাৰুৱা। ই দুই প্ৰকাৰৰ যেনে— নতুন পলসুৱা মাটি আৰু পুৰণি পলসুৱা মাটি। গিৰিপদ মৃত্তিকা ব্রহ্মপুত্র উপত্যকাৰ উত্তৰৰ হিমালয়ৰ পাদদেশৰ ঠেক গিৰিপদ অঞ্চলত পােৱা যায়। এই মৃত্তিকা অমিশ্রিত শিল, বালি আৰু বােকাৰে গঠিত। পাহাৰীয়া মৃত্তিকা সাধাৰণতে অসমৰ দক্ষিণাংশৰ পাহাৰীয়া অঞ্চলত পােৱা যায়। এই মৃত্তিকাৰ উৰ্বৰতা ঠাই ভেদে বেলেগ বেলেগ হয়। এনে মৃত্তিকাতনাষ্ট্র’জেন আৰু জৈৱিক পদার্থ বহু পৰিমাণে থাকে। পাহাৰীয় মৃত্তিকা দুই প্রকাৰৰ, যেনেঃ ৰঙা বালিয়া মৃত্তিকা আৰু ৰঙা পলসুৱা মৃত্তিকা। এনে মৃত্তিকা প্রধানকৈ শিল ক্ষয় হৈ গঠন হয়। পাহাৰীয়া মৃত্তিকা অৰুণাচল প্রদেশৰ সীমামূৰীয়া দক্ষিণৰ ঠেকঅঞ্চল, কার্বি মালভূমি আৰু ৰাইল পৰ্বতৰ দক্ষিণাংশত পােৱা যায়। কংকৰ মৃত্তিকা ডিমা হাছাও জিলা আৰু কার্বি মালভূমিৰ দক্ষিণৰ কিছুমান ঠাইত পােৱা যায়। এনে মৃত্তিকা সাধাৰণতে কলা বৰণৰ হয় আৰু ইয়াৰ গঠন বালিচহীয়া হয়।

১৮। অসমত মৃত্তিকাৰ অৱক্ষয়ৰ কাৰণসমূহ কি কি?
উঃ অসমত মৃত্তিকাবােৰ কিছুমান প্রাকৃতিক কাৰণ আৰু মানৱ সৃষ্ট কাৰকৰ দ্বাৰা অৱক্ষয় হৈ আছে। প্রাকৃতিক কাৰকবােৰৰ ভিতৰত পাহাৰৰ ঢালত প্রাকৃতিক কাৰণত হােৱা ভূমিক্ষয় আৰু বানপানী, নদীৰ সেঁত, গঢ়াখহনীয়া আদিয়েই প্রধান। আনহাতে মানৱসৃষ্ট কাৰকৰবাৰৰ ভিতৰত তলত উল্লেখ কৰা কাৰণবােৰ প্রধান—
(ক) অবাধে গছ-গছনি কটাৰ ফলত জলপ্রবাহৰ ফোত মাটি ক্ষয়প্রাপ্ত হৈআছে।
(খ) পাহাৰীয়া অঞ্চলত কৰা ঝুম খেতিও ভূমি ক্ষয়ৰ এক প্রধান কাৰণ।
(গ) খেতি-পথাৰত ব্যৱহাৰ কৰা ৰাসায়নিক সাৰ, কীটনাশক দ্রব্য আদিও মৃত্তিকাৰ অৱক্ষয়ত অৱদান আগবঢ়ায়।
(ঘ) মানুহৰ দ্বাৰা কৃত্রিম জলবন্ধনৰ ফলতাে মাটি কোমল হৈ ক্ষয়প্রাপ্ত হয়।

অসমৰ ভূগোল class 9 question Answer

১৯। বর্তমান অসমৰ জনসংখ্যা কিমান?
উঃ ২০১১ চনৰ লােকপিয়ল অনুসৰি অসমৰ জনসংখ্যা হল ৩১.১৬ নিযুত।

২০। অসমৰ অৰণ্যসমূহ কি কি ভাগত ভাগ কৰিব পাৰি?
উঃ অসমৰ অৰণ্যসমূহক পাঁচটা ভাগত ভাগ কৰিব পাৰি,
(ক) ক্রান্তীয় চিৰসেউজীয়া অৰণ্য
(খ) ক্রান্তীয় অর্ধ চিৰসেউজীয়া অৰণ্য
(গ) নৈপৰীয়া অৰণ্য
(ঘ) ক্রান্তীয় আর্দ্র পর্ণপাতীঅৰণ্য
(ঙ) ক্রান্তীয় শুষ্ক পর্ণপাতী অৰণ্য।
এই অৰণ্যবােৰৰ কিছুমান সংৰক্ষিত বনাঞ্চল হিচাপে আৰু কিছুমান ৰাষ্ট্ৰীয় উদ্যান হিচাপে ৰক্ষণাবেক্ষণ দিয়া হৈছে।

লগতে পঢ়ক:   মানৰ অসম আক্ৰমণ Class IX প্রশ্ন উত্তৰ নৱম শ্ৰেণীৰ (ইতিহাস)

২১। বৰ্ষাৰণ্য কাক বােলে? অসমৰ বৰ্ষাৰণ্যৰ বৈশিষ্ট্য লিখা।
উঃ বার্ষিক বৃষ্টিপাতৰ পৰিমাণ ৩০০ চেন্টিমিটাৰ বা তাতােকৈ বেছি হােৱা অঞ্চলত যিবােৰ অৰণ্য পােৱা যায় তাকেই বৰ্ষাৰণ্য বােলে। অসমৰ বৰ্ষাৰণ্য তিনিতৰপীয়া, যেনেঃ (ক) ওখ গছৰ বৰ্ষাৰণ্য (খ) কম ওখ গছ বা মধ্যমীয়া ওখ গছৰ বৰ্ষাৰণ্য আৰু (গ) চাপৰ গছ বনৰ বৰ্ষাৰণ্য। সাধাৰণতে হিমালয়ৰ পাদদেশত থকা অৰণ্য,অৰুণাচল প্রদেশৰ সমীপৱৰ্তী অৰণ্য, মেঘালয়ৰ সীমান্তৱর্তী অঞ্চলত থকা অৰণ্যসমূহ অসমৰ বৰ্ষাৰণ্যৰ অন্তর্ভূক্ত।

২২।নৈপৰীয়া অৰণ্যৰ গুৰুত্ব আৰু বৰ্তমানৰসংকট সম্পর্কে চমুকৈ লিখা।
উ : অসমৰ নৈ, বিল, আদিৰ কাষৰীয়া অঞ্চলৰ জীপাল ভূ-ভাগত কিছুমান অৰণ্য আছে সেইবোৰক নৈপৰীয়া অৰণ্য বােলে। নৈপৰীয়া অৰণ্যৰ যথেষ্ট গুৰুত্ব
আছে। নৈ পৰীয়া অৰণ্যত ওখ গছ থকাৰ উপৰিও ঘাহআৰু বন জাতীয় উদ্ভিদ যথেষ্ট পৰিমাণে জন্মে। ওখ গছবােৰৰ ভিতৰত চোম, উৰিয়াম, মজ, আজাৰ, ঔ, সোঁৱালু আদি প্রধান। কাজিৰঙা, ডিব্ৰু-চৈখােৱা, পবিতৰা, ওৰাং আদি অসমৰ নৈপৰীয়া অৰণ্য। নৈপৰীয়া অৰণ্যৰ পৰা মূল্যৱান কাঠ, ঔষধি গছ, গৰু-ম’হৰ বাবে ঘাঁহ-বন পােৱাৰ উপৰিও এই অৰণ্যবােৰে নদীৰ গঢ়াখহনীয়া ৰােধ কৰাত অৱদান যােগায়। পৰিবেশ প্ৰদুষণমুক্ত কৰাতাে নৈপৰীয়া অৰণ্যৰ গুৰুত্ব আছে। ইয়াৰ উপৰিও নৈপৰীয়া অৰণ্যই পৰিবেশৰ ভাৰসাম্য ৰক্ষা কৰে আৰু বৰষুণ নিয়মীয়া কৰে।

২৩। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ অৱস্থান আৰু মাটিকালি লিখা।
উঃ অসমৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানখন গােলাঘাট, নগাওঁ আৰু শােণিতপুৰ জিলাত অৱস্থিত। ইয়াৰ মাটিকালি ৮৫৮.৯৮ বর্গ কিলােমিটাৰ।

২৪৷ অসমৰ ৰাষ্ট্ৰীয় উদ্যানকেইখনৰ নাম আৰু অৱস্থান লিখা।
উঃ অসমত কেইবাখনাে ৰাষ্ট্ৰীয় উদ্যান আছে। তলত এইবােৰৰ নাম আৰু অৱস্থান উল্লেখ কৰা হলঃ
ৰাষ্ট্ৰীয় উদ্যানৰ নাম অৱস্থান
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান – গােলাঘাট, নগাওঁ আৰু শােণিতপুৰ জিলা
মানস ৰাষ্ট্ৰীয় উদ্যান – চিৰাং আৰু বাক্সা জিলা
ওৰাং ৰাষ্ট্ৰীয় উদ্যান — ওদালগুৰি আৰু শােণিতপুৰ
নামেৰী ৰাষ্ট্ৰীয় উদ্যান – শােণিতপুৰ জিলা
ডিব্ৰু-চৈখােৱা ৰাষ্ট্ৰীয় উদ্যান – ডিব্ৰুগড় আৰু তিনিচুকীয়া জিলা।

২৫৷ অসমৰ বর্তমান জিলা কেইখন আৰু সদৰ ঠাইৰ নাম লিখা।
উঃবর্তমান অসমত জিলা ৩৩ খন। তলত অসমৰ জিলা কেইখনৰ নাম আৰু সদৰ ঠাইৰ নাম উল্লেখ কৰা হল—
জিলাৰ নাম – সদৰঠাই।

জিলাৰ  নাম জিলা সদৰ
১। ধুবুৰী ধুবুৰী
২। কোকৰাঝাৰ কোকৰাঝাৰ
৩। গোৱালপাৰা গোৱালপাৰা
৪। বঙাইগাওঁ বঙাইগাওঁ
৫। চিৰাং কাজলগাওঁ
৬। বৰপেটা বৰপেটা
৭। নলবাৰী নলবাৰী
৮।বাক্সা মছলপুৰ
৯। কামৰূপ আমিনগাওঁ
১০। কামৰূপ মহানগৰ গুৱাহাটী
১১। দৰং মঙলদৈ
১২। ওদালগুৰি ওদালগুৰি
১৩। শোণিতপুৰ তেজপুৰ
১৪। লখিমপুৰ লখিমপুৰ
১৫। ধেমাজি ধেমাজি
১৬। নগাওঁ নগাওঁ
১৭। মৰিগাওঁ মৰিগাওঁ
১৮। গোলাঘাট গোলাঘাট
১৯।যোৰহাট যোৰহাট
২০। শিৱসাগৰ শিৱসাগৰ
২১। ডিব্ৰুগড় ডিব্ৰুগড়
২২। তিনিচুকীয়া তিনিচুকীয়া
২৩। কাৰ্বি আংলং ডিফু
২৪। ডিমা-হাছাও হাফলং
২৫। কৰিমগঞ্জ কৰিমগঞ্জ
২৬। কাছাৰ শিচলৰ
২৭। হাইলাকান্দি হাইলাকান্দি
২৮। বিশ্বনাথ বিশ্বনাথ চাৰিআলি
২৯। চৰাইদেউ সোমাৰি
৩০। হোজাই শঙ্কৰদেৱ নগৰ
৩১। মাজুলী গৰমূড়
৩২।দক্ষিণ শালমাৰা -মানকাছাৰ হাটশিঙিমাৰি
৩৩। পশ্চিম কাৰ্বিআংলং হামৰেং

২৬। অসমৰ মাটিকালি কিমান?ৰাজ্যখনৰ ৰাজধানী ক’ত অৱস্থিত? ইয়াৰ মাটিকালি হিচাপে আটাইতকৈ ডাঙৰ আৰু আটাইতকৈ সৰু জিলাখনৰ নাম কি?
উঃ বর্তমান অসমৰ মাটিকালি ৭৮,৪৩৮ বর্গ কিলােমিটাৰ।ইয়াৰ ৰাজধানী গুৱাহাটীৰ দিছপুৰত অৱস্থিত। মাটিকালিৰ হিচাপত অসমৰ আটাইতকৈ ডাঙৰ
– জিলাখন হ’ল কাৰ্বি আংলং জিলা আৰু সবাতােকৈ সৰু জিলাখন হ’ল কামৰূপ মহানগৰ জিলা।

২৭। ২০১১ চনৰ লােকপিয়ল অনুসৰি অসমৰ জনসংখ্যা কিমান? জনসংখ্যা অনুসৰি ৰাজ্যখনৰ আটাইতকৈ ডাআৰুআটাইতকৈ সৰু জিলাখনৰ নাম লিখা।
উঃ ২০১১ চনৰ লােকপিয়ল অনুসৰি অসমৰ জনসংখ্যা হ’ল ৩১.১৬ নিযুত। অসমৰ জনসংখ্যা হিচাপে নগাওঁ জিলাৰ জনসংখ্যা সর্বোচ্চ। ইয়াৰ জনসংখ্যা ২.৮ নিযুত আৰু আটাইতকৈ সৰু জিলাখনৰ নাম ডিমা হাছাও। ইয়াৰ জনসংখ্যা ২.১ লাখ।

অসমৰ ভূগােল Class IX

২৮। চমুটোকা লিখা।

(ক) অসম আৰু মৌচুমী জলবায়ু
উ : অসমখন উপক্রান্তীয় মৌচুমী জলবায়ুৰ অন্তর্গত। অসমতগ্রীষ্মকালত দক্ষিণ-পশ্চিম মৌচুমী বতাহ আৰুশীতকালত উত্তৰ-পূৱ মৌচুমী বতাহৰ দ্বাৰা প্ৰভাৱিত হয়। ইয়াত গ্রীষ্মকালত অতিপাত বৃষ্টিপাত হয় আৰু শীতকালত শুষ্ক অৱস্থা বিৰাজ কৰে।

লগতে পঢ়ক:   মোৱামৰীয়া গণ বিদ্ৰোহ নৱম শ্ৰেণীৰ ইতিহাস অধ্যায় 3 | Class 9 Social Science Chapter 3 question Answer In Assamese

(খ) দক্ষিণ-পশ্চিম মৌচুমী বতাহ
উঃ গ্রীষ্মকালত অসমত দক্ষিণ-পশ্চিম মৌচুমী বতাহ বয়। এই বতাহৰ প্ৰভাৱত অসমত প্রতিবছৰ গ্রীষ্মকালত অর্থাৎ জুন, জুলাই আৰু আগষ্ট মাহত প্ৰচুৰ
পৰিমাণে বৰষুণ হয়।

(গ) উত্তৰ-পূৱ মৌচুমী বতাহ
উঃ শীতকালত বিশেষকৈ অক্টোবৰ আৰুনবেম্বৰ মাহত অসমখন উত্তৰ-পূৱ মৌচুমীবতাহৰ প্ৰভাৱত পৰে। এই বতাহৰ ফলত অসমত শীত আহে৷ ৰাতি আৰু পুৱাৰ ভাগত কুঁৱলী পৰে।

(ঘ) অসমৰ বৰ্ষাকাল
উঃ সাধাৰণতে জুন মাহৰ পৰা চেপ্তেম্বৰ মাহলৈকে অসমত বর্ষা কাল চলি থাকে। এই সময়ছােৱা সাধাৰণতে বৰ উষ্ণ হয়। এই বর্ষাকাল ছােৱাত দক্ষিণ- পশ্চিম মৌচুমী বায়ুৰ প্ৰভাৱত অসমত প্ৰচুৰ পৰিমাণে বৰষুণ হয়।

(ঙ) অসমৰ প্ৰাক-মৌচুমীকাল
উঃ অসমৰ প্ৰাক-মৌচুমীকাল বুলিলে মার্চ মাহৰ পৰা মে মাহলৈকে থকা সময়ছােৱাক বুজায়। এনে সময়ত পুৱাৰ ভাগ আৰামদায়ক উষ্ণ, দুপৰীয়া গৰম আৰু ৰাতিও গৰম অনুভূত হয়। ৰাতিৰ ভাগত কেতিয়াবা বৰষুণ হয়।

(চ) অসমৰ বৰষুণৰ স্থানিক বিতৰণ
উঃ অসমত বৰষুণৰ স্থানিকতাৰতম্য উল্লেখনীয়। পাহাৰীয়া আৰু ইয়াৰ পাদদেশত বৰষুণৰ পৰিমাণ বেছি হয়। উজনি অসমৰ তিনিচুকীয়া, ডিব্ৰুগড়, ধেমাজী, লখিমপুৰ আৰু শিৱসাগৰ জিলাৰ লগতে নামনি অসমৰ কোকৰাঝাৰ, ধুবুৰী, কৰিমগঞ্জ হাইলাকান্দি আদিত বছৰি ২৫০ চেন্টিমিটাৰতকৈ অধিক বৰষুণ হয়।

(ছ) অসমৰ প্রশাসনিক বিভাগ
উঃ অসমৰ প্রশাসনিক সুবিধাৰ বাবে কেইবাটাও জিলাত ভাগ কৰা হৈছে। প্ৰতিখন জিলাক আকৌ কেইবাটাও মহকুমাত ভগােৱা হৈছে। বর্তমান অসমত ৩৩ টা জিলা আছে। জিলাৰ মুৰব্বীজনক জিলাধিপতি বােলে। সেইদৰে মহকুমাৰ মুৰব্বীজনক মহকুমাধিপতি বােলে।

(ঝ) বি টি এ ডি
উঃ বি টি এ ডিৰ সম্পূৰ্ণ ৰূপ হ’ল বড়ােলেণ্ড  (Bodoland Territo-rial Area District)। অসমৰ মুঠ ৩২খন জিলাৰ ভিতৰত কোকৰাঝাৰ, চিৰাং, বাক্সা আৰু ওদালগুৰি এই চাৰিখন জিলাক লৈ ২০০৩ চনত বি টি এ ডি গঠিত হৈছে। এই অঞ্চলটোত অসমৰ জনজাতি বড়ােসকলক স্বায়ত্ব শাসন প্রদান কৰা হৈছে।

Class 9 social science geography chapter 4 questions and answers in Assamese

SEBA Solutions for Class 9 Social Science geography Chapter 4 in Assamese Medium  – (অসমৰ ভূগােল Class IX) Question And Answer are provided here to help students study and prepare for their board exams.

 

অসমৰ ভূ-প্রাকৃতিক ভাগ কেইটা কি কি?

উঃ অসমৰ ভূ-প্রাকৃতিক ভাগ চাৰিটা, যেনেঃ (ক) ব্রহ্মপুত্র উপত্যকা (খ) বৰাক উপত্যকা (গ) কার্বি মালভূমি আৰু (ঘ) বৰাইল আৰু দক্ষিণৰ পৰ্বতৰাশি।

২। ব্ৰহ্মপুত্ৰ উপত্যকাৰ ভূ-প্রাকৃতিক অঞ্চল কেইটা কি কি ?

উঃ ব্রহ্মপুত্র উপত্যকাৰ ভূ-প্রাকৃতিক অঞ্চল চাৰিটা যেনেঃ (ক) উত্তৰৰ পাদদেশ অঞ্চল (খ) ব্ৰহ্মপুত্ৰৰ উত্তৰ আৰু দক্ষিণ পাৰৰ সমভূমি অঞ্চল (গ) ব্ৰহ্মপুত্ৰৰ প্লাৱনভূমি আৰু চৰ-চাপৰি অঞ্চল আৰু (ঘ) দক্ষিণৰ পাদদেশ অঞ্চল।

অসমৰ প্ৰধান ঋতু কেইটাকি কি?

গ্রীষ্ম, বর্ষা,শৰৎ, হেমন্ত শীত আৰু বসন্ত।

বৰাইল আৰু দক্ষিণৰ পৰ্বত ৰাশিৰ বৈশিষ্ট্য চমুকৈ বর্ণনা কৰা।

উঃ বৰাইল পর্বতে প্রকৃততে পূৱৰ নগা পর্বত আৰু পশ্চিমৰ মেঘালয় মালভূমিক সংযােগ কৰিছে আৰু উত্তৰ কাছাৰ পার্বত্য অঞ্চলক দুটা অংশত ভাগ কৰিছে। ইয়াৰ উত্তৰ ফালে ঢালখােৱা অংশটো বৰাক উপত্যকাৰ অন্তৰ্গত। এই অঞ্চলত ধান খেতি ভাল হয়।কিছুঅংশত ঝুম খেতি কৰা হয়।

Leave a Comment

Your email address will not be published. Required fields are marked *


Scroll to Top