মূল অৰ্থনৈতিক সমস্যাসমূহ নৱম – শ্ৰেণীৰ অর্থনীতি বিজ্ঞান অধ্যায় 02

মূল অৰ্থনৈতিক সমস্যাসমূহ Class 9

মূল অৰ্থনৈতিক সমস্যাসমূহ
শ্ৰেণী IX (নৱম শ্ৰেণীৰ)
বিষয় সমাজ বিজ্ঞানৰ
অধ্যায়/ পাঠ অধ্যায় 02 (অর্থনীতি বিজ্ঞান)
পাঠ্যক্ৰম ছেবা

মূল অৰ্থনৈতিক সমস্যাসমূহ

অনুশীলনীৰ প্রশ্নোত্তৰ 

প্রশ্ন ১। সংজ্ঞা লিখা 

দৰিদ্ৰতা (খ) নিবনুৱা (গ) জনসংখ্যা ঘনত্ব (ঘ) লিংগ অনুপাত (ঙ) চৰম দৰিদ্ৰতা (চ) আপেক্ষিক দৰিদ্ৰতা (ছ) বহনক্ষম উন্নয়ন (জ) সেউজ অর্থনীতি।
উত্তৰঃ

(ক) দৰিদ্রতা → দৰিদ্ৰতা এনে এক অৱস্থাক বুজায় যত এজন ব্যক্তি তেওঁৰ জীৱনৰ মৌলিক প্রয়ােজন সমূহ যেনে : খাদ্যবস্তু, বাসস্থান, শিক্ষা আৰু স্বাস্থ্যৰ সুবিধাসমূহৰ পৰা বঞ্চিত হয়।

(খ) নিবনুৱা → অর্থনীতিত যিসকল লােকে দেশৰ প্রচলিত মজুৰিত উপযুক্ত আৰু কর্মক্ষম লােকলে কাম কৰিবলৈ ইচ্ছুক হৈয়াে যদি কর্মসংস্থান নাপায় তেনে লােকসকলক নিৱনুৱা বুলি কোৱা হয়।

(গ) জনসংখ্যা ঘনত্ব→ কোনাে এখন ঠাইৰ প্রতি বর্গ কিলােমিটাৰত জনসংখ্যাৰ। হিচাব কৰাকে জনসংখ্যা ঘনত্ব বুলি কোৱা হয়।

(ঘ) লিংগ অনুপাতঃ কোনাে এখন ঠাইৰ মুঠ জনসংখ্যাৰ প্রতি হাজাৰ পুৰুষৰ বিপৰীতে মহিলাৰ সংখ্যা গণনা কৰাকে লিংগ অনুপাত বােলে।

(ঙ) চৰম দৰিদ্ৰতা→ ভাৰতৰ পৰিকল্পনা আয়ােগে কেলৰি ভিত্তিত আগবঢ়োৱা সংজ্ঞা। মতে গাঁও অঞ্চলত দৈনিক জনমূৰি ন্যূনতম ২৪০০ কেলৰি আৰু চহৰ অঞ্চলত দৈনিক ২১০০ কেলৰি খাদ্য আহৰণ কৰিব নােৱাৰিলে এজন ব্যক্তিক দৰিদ্ৰ বুলি কোৱা হয়। যিসকল লােকে এই ন্যূনতম পৰিমাণতকৈও কম খাদ্যহে আহৰণ কৰিব পাৰে তেনেবােৰ লােকৰ দৰিদ্ৰ অৱস্থাটোক চৰম দৰিদ্ৰতা বুলি কোৱা হয়।

(চ) আপেক্ষিক দৰিদ্রতা→ যিসকল লােকে সমাজত জীৱন ধাৰণৰ সাধাৰণ মান- সন্মান বচাই ৰাখিবলৈ প্রয়ােজন হােৱা নিম্নতম আয় উপার্জন কৰিবলৈ সক্ষম নহয়। তেনে লােকসকলক আপেক্ষিক দৰিদ্ৰতা বুলি কোৱা হয়।

(ছ) বহনক্ষম উন্নয়ন→ বহনক্ষম উন্নয়ন হৈছে এক বিবেচনাসম্পন্ন উন্নয়ন ব্যৱস্থা যি ব্যৱস্থাই সমাজৰ বৰ্তমান আৰু ভৱিষ্যত সুৰক্ষাৰ অনুকূলে ক্রিয়া কৰে।
(জ) সেউজ অর্থনীতি→যি অর্থনীতিয়ে পৰিৱেশ আৰু পৰিস্থিতিতন্ত্ৰৰ প্ৰতি থকা ভাবুকিসমূহ দূৰ কৰি বহনক্ষম উন্নয়ন লাভ কৰিব বিচৰা অর্থনৈতিক সেউজ অর্থনীতি বােলা হয়।

প্রশ্ন ২। দৰিদ্ৰতাৰ সীমাৰেখা কি? গাওঁ অঞ্চল আৰু চহৰ অঞ্চলৰ দৰিদ্ৰতাৰ সীমাৰেখা কি?
উত্তৰঃ ভাৰতৰ পৰিকল্পনা আয়ােগে কেলৰি ভিত্তিত আগবঢ়োৱা সংজ্ঞা মতে গ্রাম্য অঞ্চলৰ প্ৰতিজন লােকৰ বাবে দৈনিক নিম্নতম ২৪০০ কেলৰি আৰু নগৰ অঞ্চলৰ প্ৰতিজন লােকৰ বাবে দৈনিক নিম্নতম ২১০০ কেলৰি বা প্রটিনযুক্ত আহাৰ উপভােগৰ বাবে ব্যয় কৰিব নােৱাৰে, তেওঁলােক দৰিদ্র সীমাৰেখাৰ তললৈ যাব বা যিসকল লােকে এনে পৰিমাণৰ খাদ্য পাবৰ বাবে ব্যয় কৰিব নােৱাৰে তেওঁলােকেই হ’ব দৰিদ্র লােক। গাঁও অঞ্চলত দৈনিক নিম্নতম ২৪০০ কেলৰি আৰু চহৰ অঞ্চলত ২১০০ কেলৰি আহাৰ আহৰণ কৰিব নােৱাৰা লােকক দৰিদ্ৰতাৰ সীমাৰেখাৰ ভিতৰত ধৰা হয়।

প্রশ্ন ৩। ২০১১ চনৰ লােকপিয়লমতে ভাৰতবৰ্য আৰু অসমৰ জনসংখ্যা কিমান?
উত্তৰঃ ২০১১ চনৰ লােকপিয়লমতে—ভাৰতবৰ্ষৰ জনসংখ্যা – ১২১ কোটি। অসমৰ জনসংখ্যা – প্রায় ৩ কোটি ১২ লাখ।

প্রশ্ন ৪। বিশ্বৰ মাটিকালিৰ কিমান শতাংশ ভাৰতত আছে?
উত্তৰ বিশ্বৰ মাটিকালিৰ ২.৪ শতাংশ ভাৰতত আছে।

প্রশ্ন ৫। ভাৰতৰ সৰ্বাধিক লিংগ অনুপাত থকা ৰাজ্য কোনখন আৰু কিমান ?
উত্তৰঃ ভাৰতৰ সৰ্বাধিক লিংগ অনুপাত থকা ৰাজ্যখন হৈছে কেৰেলা। ইহ’ল ১০৮৪।

প্রশ্ন ৬| অসমৰ জনসংখ্যা ঘনত্ব কিমান ?
উত্তৰঃ ৩৯৭ জন।
প্রশ্ন ৭। ছদ্মবেশী নিবনুৱা কাক বােলে ?
উত্তৰঃ সাধাৰণতে ছদ্মবেশী নিবনুৱাসকল কৃষিখণ্ডত বিশেষকৈ দেখা যায়। গাঁও অঞ্চলসমূহত কর্ম সংস্থানৰ অন্য কোনাে সুবিধা নথকাত পৰিয়ালৰ সকলাে মানুহে নিজৰ কৃষিকার্যতে যােগদান কৰি থাকে। কিন্তু পৰিয়ালৰ সকলােবােৰ মানুহ কৃষিকার্যত যােগদান কৰে যদিও তেওঁলােকৰ অতিৰিক্ত উৎপাদনৰ পৰিমাণ শূন্যৰ সমান হয়। গতিকে দেখাত কৃষি উৎপাদনত নিয়ােজিত বুলি গণ্য কৰা হ’লেও প্রকৃততে অতিৰিক্ত শ্ৰমিকসকল কর্মহীন হৈ থাকে। এনে কর্মহীনতাক ছদ্মবেশী নিবনুৱা বােলে।

প্রশ্ন ৮। মুদ্রাস্ফীতি কি?
উত্তৰঃ নিৰৱচ্ছিন্নভাৱে দ্রব্যমূল্য বৃদ্ধি পালে বা মুদ্ৰামূল্য হ্রাস পালে তাকে মুদ্রাস্ফীতি বােলে।

প্রশ্ন ৯। মুদ্রাস্ফীতিৰ কাৰণােৰ কি কি ? 
উত্তৰঃ মুদ্রাস্ফীতিৰ কাৰণবােৰ হ’ল– (ক) চাহিদাজনিত (খ) ব্যয়জনিত।

প্রশ্ন ১০। দমিত মুদ্রাস্ফীতি কাক বােলে ?
উত্তৰঃ চৰকাৰী নিয়ন্ত্রিত ব্যৱস্থাই মুদ্রাস্ফীতিক যেতিয়া মুক্ত মুদ্রাস্ফীতিতকৈ কম কৰি ৰাখে, তেতিয়া ইয়াক দমিত মুদ্রাস্ফীতি বােলে।।

প্রশ্ন ১১। অবিধিগত খণ্ডত শ্ৰমিকৰ সংখ্যা কিমান থাকে?
উত্তৰঃ ১০ জনতকৈ কম।

প্রশ্ন ১৩। বহনক্ষম উন্নয়নৰ সংজ্ঞাটো কোনখন আয়ােগে কেতিয়া আগবঢ়াইছিল ?
উত্তৰঃ বহনক্ষম উন্নয়নৰ সংজ্ঞৱাটো ১৯৮৭ চনত “Brundtland” নামৰ আয়ােগে আগবঢ়াইছিল।

প্রশ্ন ১৪। পৰিৱেশ চিন্তাবিদসকলে মানুহৰ চিন্তা আৰু কৰ্মৰ মূলমন্ত্র কি হােৱাটো বিচাৰে?
উত্তৰঃ পৰিৱেশ চিন্তাবিদসকলে মানুহৰ চিন্তা আৰু কৰ্মৰ মূলমন্ত্র হ’ল— “চিন্তা বিশ্বব্যাপী হওক কার্যপন্থা স্থানীয় হওক” Think globally, act locally

Also Read অর্থনীতিৰ মৌলিক বিষয় সমূহ প্রশ্ন উত্তৰ

মূল অৰ্থনৈতিক সমস্যাসমূহ দীঘল উত্তৰৰ প্রশ্ন

প্রশ্ন ১। ভাৰতবৰ্ষত জনসংখ্যা বৃদ্ধি সমস্যাৰ মূল কাৰণবােৰ আলােচনা কৰা।
উত্তৰঃ অসম তথা জনসংখ্যা বৃদ্ধি সমস্যাৰ মূল কাৰণবােৰ হ’ল— (ক) উচ্চ জন্ম হাৰ, (খ) নিৰক্ষৰতা, (গ) দৰিদ্ৰতা (ঘ) সামাজিক অজ্ঞতা, (ঙ) জনসংখ্যা শিক্ষাৰ অভাৱ।
(ক) উচ্চ জন্ম হাৰঃ ভাৰতবৰ্ষত মৃত্যুহাৰৰ বিপৰীতে জন্মহাৰ অধিক হােৱাৰ বাবে জনসংখ্যা অধিক মাত্রা বৃদ্ধি পাইছে। ভাৰতবৰ্ষত পৰিয়াল পৰিকল্পনাৰ আঁচনিবােৰ প্রবর্তন কৰা হৈছে যদিও প্রকৃত অর্থত ইয়াক কার্যকৰী নােহােৱাৰ বাবে জনসংখ্যা বৃদ্ধি পাইছে। ফলত দেশত বিভিন্ন সমস্যাই দেখা দিছে।

See also  ভাৰতৰ ৰাজনৈতিক দল Class 9 প্ৰশ্ন উত্তৰ (ৰাজনৈতি বিজ্ঞান)

(খ) নিৰক্ষৰতা : জনসংখ্যা বৃদ্ধিৰ আন এটা কাৰণ হ’ল নিৰক্ষৰতা। ভাৰতৰ দৰে উন্নয়নশীল দেশৰ জনসংখ্যা শিক্ষিত হােৱাটো দৰকাৰ। নিৰক্ষৰতাই জনসংখ্যা বৃদ্ধি কৰাত সহায় কৰে। জনসংখ্যা বৃদ্ধিৰ পৰিমাণ কমাবৰ বাবে জনসাধাৰণ শিক্ষিত হােৱাটো প্রয়ােজনীয়। নিৰক্ষৰসকল জনসংখ্যা বৃদ্ধিৰ ফলত উদ্ভৱ হােৱা সমস্যাসমূহৰ প্ৰতি জ্ঞাত নহয়।

(গ) দৰিদ্ৰতা→ দৰিদ্ৰতা জনসংখ্যা বৃদ্ধিৰ এক জলন্ত সমস্যা। দৰিদ্ৰতা এনে এক অৱস্থাক বুজায় য’ত এজন ব্যক্তি তেওঁৰ জীৱনৰ মৌলিক প্রয়ােজন সমূহ যেনেঃ খাদ্যবস্তু, বাসস্থান, শিক্ষা আৰু স্বাস্থ্যৰ সুবিধাসমূহৰ পৰা বঞ্চিত হয়। জনসংখ্যা বৃদ্ধিৰ ফলত জনসাধাৰণৰ মাজত নিবনুৱা সমস্যাই দেখা দিয়ে।  নিবনুৱাৰ সংখ্যা বৃদ্ধি পােৱাৰ ফলত পৰিয়ালবােৰৰ মাজত দৰিদ্ৰতাৰ সমস্যাই দেখা দিছে।

(ঘ) সামাজিক অজ্ঞতা : জনসাধাৰণৰ মাজত থকা সামাজিক অজ্ঞতাই জনসংখ্যা বৃদ্ধি কৰাত সহায় কৰে। বিশেষকৈ গাঁও অঞ্চলবােৰত শিক্ষাৰ অভাৱৰ বাবে এই সমস্যাসমূহৰ বিষয়ে বহুলভাৱে আলােচনা নকৰে ফলত তেওঁলােকৰ মাজত ক্রমান্বয়ে জনসংখ্যা বৃদ্ধি হৈ থাকে।

(ঙ) জনসংখ্যা শিক্ষাৰ অভাৱ→ শিক্ষাৰ প্ৰসাৰ বৃদ্ধি নহলে সমাজৰ পৰা জনসংখ্যা সমস্যাটো সম্পূর্ণভাৱে অন্ত নপৰে। শিক্ষাৰ অভাৱৰ বাবে মানুহে চৰকাৰে প্ৰৱৰ্তন কৰা বিভিন্ন পৰিকল্পনা আঁচনিবােৰৰ বিষয়ে বুজি নাপায়। ফলত জনসংখ্যা বৃদ্ধি হৈ থাকে। জনসাধাৰণৰ মাজত শৈক্ষিক জ্ঞান নথকাৰ ফলত জনসংখ্যা বৃদ্ধিৰ ফলত হ’ব পৰা সমস্যাবােৰৰ বিষয়ে অৱগত নহয়। ফলত ভাৰতত জনসংখ্যা বৃদ্ধিৰ ফলত নানা ধৰণৰ সমস্যাই দেখা দিয়ে।

প্রশ্ন ২। দৰিদ্রতা কাক কয় ? দৰিদ্ৰতা সীমাৰেখাই কিদৰে দৰিদ্ৰতা নিৰূপণ কৰে। ব্যাখ্যা কৰা।
উত্তৰঃ দৰিদ্ৰতা এনে এক অৱস্থাক বুজায় যত এজন ব্যক্তি তেওঁৰ জীৱনৰ মৌলিক প্রয়ােজনসমূহ যেনেঃ খাদ্যবস্তু, বাসস্থান, শিক্ষা আৰু স্বাস্থ্যৰ সুবিধাসমূহৰ পৰা বঞ্চিত হয়। ভাৰতত দৰিদ্ৰতাৰ ধাৰণাটো এটা নির্দিষ্ট নিম্নতম উপভােগ্য ব্যয়ৰ মানত নিৰূপণ কৰা হয়। ভাৰতৰ পৰিকল্পনা আয়ােগে গঠন কৰি দিয়া বিশেষজ্ঞ কমিটীয়ে ৰাষ্ট্রীয় পর্যায়ত উক্ত নিম্নতম উপভােগ্য ব্যয়ৰ পৰিমাণ ১৯৬০-৬১চনৰ মূল্যমানত প্রতিমাহত ২০ টকাকৈ আছিল। দৰিদ্ৰতা মানুহৰ বাবে এক অভিশাপ আৰু ইয়াক নির্মূল কৰা অতি প্রয়ােজনীয়। দৰিদ্ৰতাৰ সীমাৰেখাই বিতৰণ ৰেখাৰ এক নিম্নতম সীমা নির্ধাৰণ কৰি দিছে। তেওঁলােকৰ মতে এখন দেশৰ জনসাধাৰণক দৰিদ্ৰ আৰু অদৰিদ্র এই দুটা ভাগত ভাগ কৰে। ভাৰতবৰ্ষত সংজ্ঞাটো অধিক প্রচলিত দৰিদ্র সীমাৰেখাৰসংজ্ঞা বিভিন্নজনে বিভিন্নধৰণে দিছে যদিও কেলৰি ভিত্তিত আগবঢ়োৱা ভাৰতৰ পৰিকল্পনা আয়ােগে কেলৰি ভিত্তিত আগবঢ়োৱা সংজ্ঞা মতে গ্রাম্য অঞ্চলৰ প্রতিজন লােকৰ বাবে দৈনিক নিম্নতম ২৪০০ কেলৰি আৰু নগৰ অঞ্চলৰ প্ৰতিজন লােকৰ বাবে দৈনিক নিম্নতম ২১০০ কেলৰি বা প্রটিনযুক্ত আহাৰ উপভােগৰ বাবে’ ব্যয় কৰিব নােৱাৰে, তেওঁলােক দৰিদ্র সীমাৰেখাৰ তললৈ যাব বা যিসকল লােকে এনে পৰিমাণৰ খাদ্য পাবৰ বাবে ব্যয় কৰিব নােৱাৰে তেওঁলােকেই হ’ব দৰিদ্র লােক। গাঁও অঞ্চলত দৈনিক নিম্নতম ২৪০০ কেলৰি আৰু চহৰ অঞ্চলত ২১০০ কেলৰি আহাৰ আহৰণ কৰিব নােৱৰা লােকক দৰিদ্ৰতাৰ সীমাৰেখাৰ ভিতৰত ধৰা হয়। গাঁও অঞ্চলত অধিক কেলৰিৰ প্ৰয়ােজন হয় কাৰণ গাঁৱলীয়া লােকৰ চহৰীয়া লােকতকৈ শাৰীৰিক পৰিশ্ৰম বেছি। ন্যূনতম কেলৰি আহৰণ কৰিবলৈ চলিত দৰ হিচাপত গাঁও অঞ্চলত আৰু চহৰ অঞ্চলত জনমূৰি মাহিলী ব্যয়ৰ পৰিমাণ এনে ধৰণৰ

বর্ষ গ্রামাঞ্চল চহৰাঞ্চল
২০০০-২০০১ ৩২৮  টকা ৪৫৪  টকা
২০০৫-২০০৬ ৩৬৮  টকা ৫৫৮  টকা

শ্ৰেণীৰ অর্থনীতি বিজ্ঞান অধ্যায় 02

 প্রশ্ন ৩। মুদ্রাস্ফীতি কাক বােলে? মুদ্রাস্ফীতি নিয়ন্ত্ৰণৰ মূল পদ্ধতিসমূহ আলােচনা কৰা।
উত্তৰঃ একেৰাহে দৰ স্তৰ বৃদ্ধি হােৱা অৱস্থাক মুদ্রাস্ফীতি বােলে। মুদ্রাস্ফীতি নিয়ন্ত্ৰণৰ মূল পদ্ধতিসমূহ হ’ল– (ক) মৌদ্রিক নীতি (খ) ৰাজকোষীয় নীতি (গ) অমৌদ্রিক নীতি বা উৎপাদন বৃদ্ধি নীতি

(ক) মৌদ্রিক নীতি→ চৰকাৰে গ্ৰহণ কৰা মৌদ্রিক নীতিৰ ভিতৰত বেংকৰ হাৰ নীতিটো উল্লেখযােগ্য। বেংকৰ হাৰ হ’ল সেই হাৰ যিটো হাৰত কেন্দ্রীয় বেংকে বাণিজ্যিক বেংকক ঋণ প্রদান কৰে। মুদ্রাস্ফীতিৰ সময়ত বেংকৰ হাৰ বৃদ্ধি কৰা হয়, যাৰ ফলত বাণিজ্যিক বেংকে বজাৰ হাৰ বৃদ্ধি কৰে। ইয়াৰ ফলত ঋণ গ্রহণকাৰীয়ে ঋণ ল’বলৈ নিরুৎসাহিত হয় আৰু বজাৰত ঋণ হ্রাস হৈ মুদ্রাস্ফীতি নিয়ন্ত্রিত হয়।
(খ) ৰাজকোষীয় নীতিঃ এই নীতিক ‘আয় আৰু ব্যয়’ নীতি বুলিও কোৱা হয়। চৰকাৰী ব্যয় কৰ্তন কৰি দেশত সামগ্রিক চাহিদা হ্রাস কৰিব পাৰি আৰু মুদ্রাস্ফীতিক নিয়ন্ত্রিত কৰিব পাৰি। তদুপৰি বিভিন্ন প্রকাৰৰ কৰ আৰােপ কৰি জনসাধাৰণৰ হাতত থকা অতিৰিক্ত মুদ্রা চৰকাৰৰ হাতলৈ আনিব পাৰি। ইয়াৰ ফলত সামগ্রিক চাহিদা হ্রাস পাব আৰু মুদ্রাস্ফীতি নিয়ন্ত্রিত হ’ব। ইয়াৰ ফলত সামগ্রিক চাহিদা হ্রাস পাব আৰু মুদ্রাস্ফীতি নিয়ন্ত্রিত হ’ব। ইয়াৰ উপৰিও চৰকাৰে জনসাধাৰণৰ পৰা ঋণ গ্রহণ কৰিও মুদ্রাস্ফীতি নিয়ন্ত্রণ কৰিব পাৰে।

গ) উৎপাদন বৃদ্ধি নীতিঃ দেশৰ চৰকাৰে অব্যৱহৃত সম্পদজি সঠিকভাৱে ব্যৱহাৰ কৰি উৎপাদন প্রক্রিয়া ত্বৰান্বিত কৰিব পাৰিলে দেশত উৎপাদন বৃদ্ধি হ’ব আৰু সামগ্ৰীৰ বৰ্দ্ধিত চাহিদাৰ হাৰত যােগান বৃদ্ধি হৈ দৰ ঔৰ নিয়ন্ত্রিত হব।

প্রশ্ন ৪। নিবনুৱা সমস্যা কাক বােলে? ইয়াৰ প্ৰকাৰ কি কি? এই সমস্যাৰ মূল কাৰণসমূহ উল্লেখ কৰা।
উত্তৰঃ অর্থনীতিত যিসকল লােকে দেশৰ প্রচলিত মজুৰিত উপযুক্ত আৰু কর্মক্ষম। লােকসকলে কাম কৰিবলৈ ইচ্ছুক হৈয়াে যদি কর্মসংস্থান নাপায় তেনে লােকসকলক নিৱনুৱা বুলি কোৱা হয়।

নিবনুৱাৰ বিভিন্ন প্রকাৰ সমূহ হ’ল- গ্রাম্য, নিবনুৱা, চহৰীয়া নিবনুৱা।, ঋতুজ নিবনুৱা, ছদ্মবেশী প্রছন্ন নিবনুৱা, ঔদ্যোগিক নিবনুৱা, শিক্ষিত নিবনুৱা।
নিবনুৱা সমস্যাৰ মূল কাৰণসমূহ হ’ল— (ক) দ্রুত জনসংখ্যা বৃদ্ধি, (খ) নিয়ােগ বিহীন উন্নয়ন, (গ) স্থবিৰ কৃষি উন্নয়ন, (ঘ) ঔদ্যোগিকৰণৰ মন্থৰ গতি, (ঙ) ত্রুটিপূর্ণ শিক্ষা ব্যৱস্থা।

See also  অসমত বৃটিছ প্ৰশাসনৰ আৰম্ভণি অনুশীলনীৰ প্রশ্নোত্তৰ নৱম শ্ৰেণীৰ

(ক) দ্রুত জনসংখ্যা বৃদ্ধি → দ্রুত জনসংখ্যা বৃদ্ধিয়ে নিবনুৱা সমস্যাৰ সৃষ্টিত বৰঙণিযােগাইছে। বর্ধিত জনসংখ্যা অনুপাতে নিযােগৰ সা-সুবিধা পর্যাপ্ত নােহােৱাত নিবনুৱা সমস্যাই ভয়াবহ রূপ লৈছে।
(খ) নিয়োেগ বিহীন উন্নয়ন→ দেশখনত ৰাষ্ট্ৰীয় আয় বৃদ্ধিৰ হাৰ আৰু নিয়ােগ বৃদ্ধি হাৰৰ ব্যৱধান বৃদ্ধি পাইছে। এনে অৱস্থাক নিয়ােগবিহীন উন্নয়ন (Jobless growth) বুলি কোৱা হয়। ফলশ্রুতিত নিবনুৱা সমস্যাই জটিল ৰূপ ধাৰণ কৰিছে।
(গ) স্থবিৰ কৃষি উন্নয়ন→ ভাৰতবৰ্ষৰ দৰে এখন কৃষি প্রধান দেশত কৃষি ব্যৱস্থাৰ যি উন্নয়ন হ’ব লাগিছিল সেয়া হৈ উঠা নাই। ফলস্বৰূপে কৃষিজীৱী লােকৰ মাজত নিয়ােগৰ সুবিধাৰ অভাৱ সৃষ্টি হৈছে।
(ঘ) ঔদ্যোগীকৰণৰ মন্থৰ গতিঃ দেশখনত ঔদ্যোগিক উন্নয়ন যি হাৰত হ’ব লাগিছিল। সেয়া হৈ নুঠাত ঔদ্যোগিক নিবনুৱা সমস্যাৰ সৃষ্টি হৈছে।
(ঙ) ত্রুটি পূর্ণ শিক্ষা ব্যৱস্থাঃ প্রচলিত শিক্ষা ব্যৱস্থাই জনসাধাৰণক নিয়ােগ উপযােগী। কৰি তুলিব নােৱাৰাত শিক্ষিত নিবনুৱা সমস্যাই জটিল ৰূপ ধাৰণ কৰিছে।

৫। চমুটোকা লিখা ?
(ক) ঋতুজ নিবনুৱা  (খ) চাহিদাজানিত আৰু ব্যয়জানিত মুদ্রাস্ফীতি (গ) বহনক্ষম উন্নয়ন

উত্তৰঃ (ক) ঋতুজ নিবনুৱা →জলবায়ু আৰু বৰষুণৰ ওপৰত নিৰ্ভৰ কৰি থকা পৰম্পৰাগত কৃষিখণ্ডই বছৰৰ সকলাে সময়তে নিয়মিতভাৱে কর্ম সংস্থানৰ সুবিধা আগবঢ়াব নােৱাৰে। ফলস্বৰূপে বছৰৰ কেইমাহমান সময় বাবে কৃষি শ্রমিকসকলে ঘৰত বহি থাকিব লগাত পৰে। এনে নিবনুৱাক ঋতুজ নিবনুৱা বােলে। অর্থাৎ যদি শ্ৰমিকসকল বছৰৰ কোনােবা এটা নির্দিষ্ট সময় বা ঋতুতহে নিয়ােজিতহয় আৰু বাকীখিনি সময়ত অনিয়ােজিত হৈ থাকে তেন্তে তাক ঋতুগত নিবনুৱা বা ঋতুজ নিবনুৱা বােলে।

উদাহৰণস্বৰূপে কৃষি শ্রমিকসকল কৃষি উৎপাদনৰ সময়ত যেনে শস্যৰ গুটি সিচা, শস্য ৰােপণ কৰা, শস্য চপােৱা আদি সময়ত ব্যস্ত থাকে অথবা নিয়ােজিত হয়। এনেবােৰ কাম চলি নথকা অৱস্থাত তেওঁলােক নিবনুৱা হৈ পৰে। সেয়েহে ঋতুজ নিবনুৱাসকল বছৰৰ এটা সময়ৰ বাবেহে নিবনুৱা, বাকী সময়ত তেওঁলােক বনুৱা হয়।

(খ) চাহিদাজনিত আৰু ব্যয়জনিত মুদ্রাস্ফীতি
উত্তৰঃ অর্থনীতিত মুদ্রাস্ফীতি সংঘটিত হােৱা মূল কাৰণ দুটা হ’ল—ক) চাহিদাজনিত মুদ্রাস্ফীতি, (খ) ব্যয়জনিত মুদ্রাস্ফীতি।

(ক) চাহিদাজনিত মুদ্রাস্ফীতি: চাহিদাজনিত মুদ্রাস্ফীতি হ’ল জনসাধাৰণৰ যেতিয়া দ্রব্য আৰু সেৱাৰ প্ৰতি চাহিদা অধিক বৃদ্ধি পায় আৰু সেই অনুপাতে দ্রব্য আৰু সেৱাৰ যােগান বৃদ্ধি নাপায়। এনে অৱস্থাত মানুহৰ হাতত অধিক মুদ্রা বা ক্রয় ক্ষমতা থাকে আৰু ইয়াৰে বজাৰত থকা কম পৰিমাণৰ দ্ৰব্য বা সেৱাৰ প্রতি চাহিদা বাঢ়ে। ফলত দ্রব্য আৰু সেৱাবিলাকৰ মূল্য বা দৰ বৃদ্ধি পায়। গতিকে দ্রব্য বা সেৱাৰ যােগানৰ তুলনাত ইয়াৰ চাহিদা বৃদ্ধি পালেই মূল্যস্তৰ বৃদ্ধি বা মুদ্রাস্ফীতিৰ সৃষ্টি হয়।

(খ) ব্যয়জনিত মুদ্রাস্ফীতি: মুদ্রাস্ফীতিৰ আন এটা কাৰণ হ’ল দ্ৰব্য আৰু সেৱাৰ উৎপাদন ব্যয় বৃদ্ধি। ইয়াক ব্যয়জনিত মুদ্রাস্ফীতি বুলি কোৱা হয়। দ্রব্য আৰু সেৱাবিলাকৰ উৎপাদন ব্যয় বৃদ্ধি পালেও মুদ্রাস্ফীতিৰ সৃষ্টি হ’ব পাপে। ব্যয়জনিত মুদ্রাস্ফীতি বা উৎপাদন ব্যয় বৃদ্ধিৰ বাবে হােৱা মুদ্রাস্ফীতি প্রধানকৈ তিনিটা কাৰকৰ ফলত সংঘটিত হয়—
(i) মজুৰি বৃদ্ধি, (ii) লাভৰ পৰিমাণ বৃদ্ধি, (iii) দ্ৰব্যৰ ওপৰত আৰােপ কৰা কৰ বাবে হােৱা বােজা। মুদ্রাস্ফীতিৰ আন এটা কাৰণ হ’ল মুদ্রা সংক্রান্তীয়। দেশত মুদ্ৰাৰ যােগান বৃদ্ধি পালে জনসাধাৰণৰ হাতলৈ অধিক ক্রয় ক্ষমতা আহে। জনসাধাৰণৰ ক্রয়ক্ষমতা যদি অধিক হয়। সেই অনুপাতে যদি উৎপাদিত দ্রব্য আৰু সেৱাৰ পৰিমাণ কম হয় তেনে ক্ষেত্ৰতাে মুদ্রাস্ফীতিৰ সৃষ্টি হ’ব পাৰে।

(গ) বহনক্ষম উন্নয়ন→ অর্থনৈতিক উন্নয়ন আৰু বিকাশৰ বাবে যাতে পৰিৱেশৰ ওপৰত বিৰূপ প্রতিক্রিয়া নপৰে সেই উদ্দেশ্য আগত ৰাখি ১৯৮৭ চনত Brundltland’ আয়ােগে অবিৰত বা বহনক্ষম উন্নয়নৰ ধাৰণাটো দাঙি ধৰিছিল। বহনক্ষম উন্নয়ন এনে এক বিবেচনা সম্পন্ন উন্নয়ন ব্যৱস্থা যি সমাজৰ বর্তমান আৰু ভৱিষ্যতৰ অনুকূলে দীর্ঘকাল ধৰি অব্যাহত থাকিব পাৰে। পৰিৱেশ ধ্বংস কৰি সমাজৰ সবল শ্রেণীৰ স্বাৰ্থৰ হকে কৰা বৈষম্যমূলক উন্নয়ন বহনক্ষম উন্নয়নৰ পৰিপন্থী। বহনক্ষম উন্নয়নৰ ধাৰণাৰ ভেটিত আর্থ-সামাজিক উন্নয়ন পৰিচালিত কৰিব পাৰিলে পাৰিৱেশিক সমস্যা বহুপৰিমাণে লাঘৱ কৰিব পাৰি। বহনক্ষম উন্নয়নৰ প্রধান লক্ষ্যসমূহ হ’ল-
(i) উন্নয়নে পৰিৱেশৰ অনিষ্ট যথাসম্ভৱ কম পৰিমাণে কৰে।
(ii) উন্নয়ন সমাজৰ সকলাে শ্ৰেণীৰ লােকৰ কাৰণে উপকাৰী আৰু গ্রহণযােগ্য হয়।
(iii) উন্নয়ন অর্থনৈতিক দিশৰ পৰা সুচল বা ফলপ্রসূ হয়। (iv) উত্তৰ পুৰুষৰ মৌলিক প্রয়ােজন সুৰক্ষিত হৈ থাকে।

(ঘ) সেউজ অর্থনীতি → যি অর্থনীতিয়ে পৰিৱেশ আৰু পৰিস্থিতিতন্ত্ৰৰ প্ৰতি থকা ভাবুকিসমূহ দূৰ কৰি বহনক্ষম উন্নয়ন লাভ কৰিব বিচৰা অর্থনীতিক সেউজ অর্থনীতি বােলা হয়।

(ঙ) মুক্ত আৰু দমিত মুদ্রাস্ফীতি : মুক্ত মুদ্রাস্ফীতি→ যেতিয়া দৰ স্তৰৰ ওপৰত কোনাে নিয়ন্ত্রণ নাথাকে আৰু দৰ অবাধে বৃদ্ধি হয় তেনে অৱস্থাক মুক্ত মুদ্রাস্ফীতি বুলি কোৱা হয়।

দমিত মুদ্রাস্ফীতি : চৰকাৰে বিভিন্ন প্রত্যক্ষ ব্যৱস্থাৰ যােগেদি যেনেঃ ৰাজহুৱা বিতৰণ ব্যৱস্থা, চৰকাৰীভাৱে দৰ নিৰ্ধাৰণ আদিৰ যােগেদি দৰ নিয়ন্ত্রণ কৰে। এনে নিয়ন্ত্রণ ব্যৱস্থাই দৰ স্তৰ মুক্ত মুদ্রাস্ফীতিৰ দৰ স্তৰতকৈ কমত ৰাখে আৰু দৰ স্তৰ বৃদ্ধিৰ পৰিমাণ হ্রাস হয়। এনে মুদ্রাস্ফীতিক দমিত মুদ্রাস্ফীতি বুলি কোৱা হয়।

See also  মোৱামৰিয়া গণ বিদ্ৰোহ নৱম শ্ৰেণীৰ ইতিহাস অধ্যায় 3

Class 9 Social Science Economics Chapter 2 Question And Answer In Assamese

SEBA Solutions for Class 9 Social Science economics Chapter 2 in Assamese Medium  – (মূল অৰ্থনৈতিক সমস্যাসমূহ) Question And Answer are provided here to help students study and prepare for their board exams.

প্রশ্ন ১। দৰিদ্রতা নিমূলকৰণৰ বাবে পােন প্রথমে কোনখন পঞ্চবার্ষিকী পৰিকল্পনাত লক্ষ্য নির্ধাৰণ কৰা হৈছিল ?
উত্তৰঃ পঞ্চম পঞ্চবার্ষিকী পৰিকল্পনাত।

প্রশ্ন ২। পঞ্চম পৰিকল্পনাত কোনখন আঁচনি যুগুত কৰা হৈছিল?
উত্তৰঃ পঞ্চম পৰিকল্পনাত ন্যূনতম প্রয়ােজন আঁচনি (খাদ্য, বস্ত্র, আশ্রয় ইত্যাদি যুগুত কৰা হৈছিল।

প্রশ্ন ৩। কোন কার্যালয়ৰ তত্ত্বাৱধানত মাহিলি জনমূৰি ভােগ ব্যয়ৰ তথ্য আহৰণ কৰা হয়?
উত্তৰঃ ৰাষ্ট্ৰীয় নমুনা সমীক্ষা কার্যালয়ৰ তত্ত্বাৱধানত।

প্রশ্ন ৪। কিহৰ ভিত্তিত দৰিদ্র সীমাৰেখা নির্ধাৰণ কৰা হয়?
উত্তৰঃ মাহিলি জনমূৰি ভােগ ব্যয়ৰ তথ্যৰ ভিত্তিত দৰিদ্র সীমাৰেখা নির্ধাৰণ কৰা হয়।

প্রশ্ন ৫। বঙ্গজন সমিতিৰ প্রতিবেদন অনুসৰি ভাৰতৰ মুঠ কিমান সংখ্যক লােকগাঁও আৰু নগৰ অঞ্চলৰ কিমান সংখ্যাৰ লােক দৰিদ্র সীমাৰেখাৰ তলত আছে?
উত্তৰঃ ৰঙ্গৰাজন সমিতিৰ প্রতিবেদন অনুসৰি ভাৰতৰ মুঠ ২৯.৫ শতাংশ লােকৰ গাঁও অঞ্চলত ৩০,৯ শতাংশ আৰু নগৰ অঞ্চলত ২৬.৪ শতাংশ লােক দৰিদ্র সীমাৰেখাৰ তলত আছে।

প্রশ্ন ৬। বঙ্গজন সমিতিৰ মতে অসমত মুঠ জনসংখ্যাৰ কিমান শতাংশ লােক দৰিদ্ৰতাৰ তলত বাস কৰে?
উত্তৰঃ ৪০.৯ শতাংশ।

প্রশ্ন ৭ জন সমিতিৰ প্রতিবেদনমতে অসমত গাঁও আৰু নগৰত কিমান শতাংশ দৰিদ্র সীমাৰেখাৰ তলত বাস কৰে?

উত্তৰঃ গাঁও অঞ্চলত ৪২.০ শতাংশ আৰু নগৰত ৩৪.২ শতাংশ লােকে দৰিদ্ৰ সীমাৰেখাৰ তলত বাস কৰে।
প্রশ্ন ৮। বঙ্গজন সমিতিৰ প্রতিবেদন কেতিয়া দাখিল কৰিছিল ?
উত্তৰঃ ২০১৪ চত।

প্রশ্ন ৯। তেণ্ডুলকাৰ সমিতিৰ প্রতিবেদনখন কেতিয়া দাখিল কৰিছিল?
উত্তৰঃ ২০০৯ চনত।

প্রশ্ন ১০। তেণ্ডুলকাৰ সমিতি প্রতিবেদন অনুসৰি অসমৰ মুঠ জনসংখ্যাৰ কিমান শতাংশলােক দৰিদ্র সীমাৰেখাৰ তলত বাস কৰে ?
উত্তৰঃ ৩৪,৪ শতাংশ।

প্রশ্ন ১১। তেণ্ডুলকাৰ সমিতিৰ মতে অসমত মুঠ জনসংখ্যাৰ কিমান শতাংশ লােক গাঁও আৰু নগৰত দৰিদ্র সীমা ৰেখাৰ তলত বাস কৰে?
উত্তৰঃ গাঁও অঞ্চলত ৩৬.৪ শতাংশ আৰু চহৰ অঞ্চলত ২১.৮ শতাংশ লােক দৰিদ্ৰ সীমাৰেখাৰ তলত বাস কৰে।

প্রশ্ন ১২। দাদভাই নৌৰজীয়ে দৰিদ্ৰতাৰ ওপৰত লিখা গ্রন্থখনৰ নাম কি?
উত্তৰঃ “Poverty and UnBritish Rule in India

প্রশ্ন ১৩। পৃথিৱীৰ ভিতৰত সৰ্বাধিক জনসংখ্যা বৃদ্ধিৰ হাৰ হােৱা দেশখনৰ নাম কি?
উত্তৰ ভাৰতবর্ষ।

প্রশ্ন ১৪। পৃথিৱীৰ প্রথম জনবহুল দেশখনৰ নাম কি ?
উত্তৰঃ চীন দেশ।

প্রশ্ন ১৬। ২০১১ চনৰ লােকপিয়ল মতে ভাৰতবৰ্ষৰ সকলাে ৰাজ্যৰ ভিতৰত অধিক জনবহুল ৰাজ্য কোনখন আৰু তাৰ জনসংখ্যা কিমান?
উত্তৰ উত্তৰ প্ৰদেশ, ১৯.৯ কোটি।

প্রশ্ন ১৭। ২০১১ চনৰ লােকপিয়ল মতে ভাৰতৰ আটাইতকৈ কম জনসংখ্যা থকা ৰাজ্য কোনখন ?
উত্তৰঃ লাক্ষাদ্বীপ (৬৪,৪২৯ জন)।

প্রশ্ন ১৮| অসমৰ আটাইতকৈ বেছি জনসংখ্যা থকা জিলাখনৰ নাম কি ?
উত্তৰ : নগাঁও (২৮ লাখ ২৬ হাজাব)।

প্রশ্ন ১৯। অসমৰ দ্বিতীয় জনসংখ্যা থকা জিলাখনৰ নাম কি ?
উত্তৰঃ ধুবুৰী (১৯ লাখ ৪৮ হাজাৰ) {

প্রশ্ন ২০৷ অসমৰ আটাইতকৈ কম জনসংখ্যা থকা জিলাখনৰ নাম কি ?
উত্তরঃ ডিমা হাচাও (২,১৩,৫২১৯)।

প্রশ্ন ২১ ২০১১ চনৰ লােকপিয়ল মতে আটাইতকৈ বেছি জনসংখ্যা ঘনত্ব থকা ৰাজ্য কোনখন?
উত্তৰঃ পশ্চিমবংগ (১০২৯)।

প্রশ্ন ২২। ২০১১ চনৰ লােকপিয়লমতে সর্বনিম্ন ঘনত্ব থকা ৰাজ্য কোনখন?
উত্তৰ ঃ অৰুণাচল প্রদেশ (১৭)।

প্রশ্ন ২৩। ভাৰতৰ সর্বনিম্ন লিংগ অনুপাত থকা ৰাজ্য কোনখন আৰু কিমান?
উত্তৰঃ হাৰিয়ানাত (৮৭৭)।

প্রশ্ন ২৪। অসমৰ জনসংখ্যা ঘনত্ব কিমান?
উত্তৰঃ ৩৯৭ জন।

প্রশ্ন ২৫। অসমৰ সৰ্বাধিক জনসংখ্যা ঘনত্ব থকা জিলা কোনখন আৰু কিমান?
উত্তৰঃ কামৰূপ মহানগৰ জিলাত (২০১০)।

প্রশ্ন ২৬। অসমৰ দ্বিতীয় জনসংখ্যা ঘনত্ব থকা জিলা কোনখন আৰু কিমান ?
উত্তৰঃ ধুবুৰী (১১৭১)।

প্রশ্ন ২৭। অসমৰ সর্বনিম্ন জনসংখ্যা ঘনত্ব থকা জিলা কোনখন আৰু কিমান ?
উত্তৰঃ ডিমা হাচাও (৪৪)।।

প্রশ্ন ২৮। অসমৰ লিংগ অনুপাত কিমান?
উত্তৰঃ ৯৫৪।

প্রশ্ন ২৯। অসমৰ সর্বাধিক লিংগ অনুপাত থকা ৰাজ্য কোনখন আৰু কিমান?
উত্তৰঃ মৰিগাঁও জিলাত (৯৭৪)।

প্রশ্ন ৩০৷ অসমৰ সর্বনিম্ন লিংগ অনুপাত থকা ৰাজ্য কোনখন আৰু কিমান?
উত্তৰঃ কামৰূপ মহানগৰ (৯২২)।

প্রশ্ন ৩১। অসমৰ সীমামূৰীয়া দুখন বাহিৰা ৰাষ্ট্রৰ নাম লিখা।
উত্তৰঃ বাংলাদেশ আৰু নেপাল।

প্রশ্ন ৩২। নিবনুৱা শব্দটোৱে কিহক বুজায় ?
উত্তৰঃ কর্মহীনতাক।

প্রশ্ন ৩৩। ভাৰতবৰ্ষত নিবনুৱাৰ সমীক্ষা চলােৱা সংস্থাটোৰ নাম লিখা।
উত্তৰঃ ৰাষ্ট্ৰীয় নমুনা সমীক্ষা সংস্থা (National Sample Survey Organisationচমুকৈ NSSO)।

প্রশ্ন ৩৪। একাদশ পৰিকল্পনা মতে ভাৰতবৰ্ষত নিবনুৱা হাৰ কিমান?
উত্তৰঃ ৮.২৮ শতাংশ।

প্রশ্ন ৩৫। জনবিস্ফোৰণ মানে কি?
উত্তৰঃ জনসংখ্যাৰ অত্যাধিক বৃদ্ধিক জনবিস্ফোৰণ বুলি কোৱা হয়।

প্রশ্ন ৩৬। কালবর্ণে দিয়া মুদ্রাস্ফীতিৰ সংজ্ঞাটো লিখা।
উত্তৰঃ কালবৰ্ণৰ মতে “যেতিয়া অধিক পৰিমাণৰ মুদ্ৰাৰে অলপ সামগ্রী ক্রয় কৰিবলগীয়া হয় তেনে অৱস্থাক মুদ্রাস্ফীতি বুলি কোৱা হয়।”

প্রশ্ন ৩৭। মুদ্রাস্ফীতিৰ ফলত আটাইতকৈ ক্ষতিগ্রস্থ হােৱা শ্ৰেণীটোৰ নাম কি?
উত্তৰঃ স্থিৰ বেতনভােগী শ্রেণীটো।

প্রশ্ন ৩৮। ৰাজকোষীয় নীতিক কি নীতি বুলি কোৱা হয় ?
উত্তৰঃ “আয় আৰু ব্যয়” নীতি বুলি কোৱা হয়।

Leave a Comment