জনসংখ্যা বৃদ্ধি আৰু বিতৰণ Class 8 অষ্টম শ্ৰেণী Class 8 Social Science Lesson 2 Assamese Medium

জনসংখ্যা বৃদ্ধি আৰু বিতৰণ
বিষয়  সমাজ বিজ্ঞান
পাঠৰ নাম জনসংখ্যা বৃদ্ধি আৰু বিতৰণ
খণ্ড ভূগোল
শ্ৰেণী  অষ্টম শ্ৰেণী
পাঠৰ নং অধ্যায় ২ ‌
পাঠ্যক্ৰম  ৰাজ্যিক শৈক্ষিক গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদ (SCERT)

জনসংখ্যা বৃদ্ধি আৰু বিতৰণ Class 8

অনুশীলনীৰ চমু প্রশ্নোত্তৰ

প্রশ্ন ১। জনসংখ্যা বিস্ফোৰণ বা বৃদ্ধিৰ ফলত সৃষ্টি হােৱা সমস্যাবােৰ কি কি?
উত্তৰ: জনসংখ্যা বৃদ্ধিৰ সমস্যাসমূহ-
(১) সামাজিক পৰিৱেশৰ ভাৰসাম্যৰ অৱনতি ঘটে।
(২) খাদ্য সংকট দেখা দিয়ে।
(৩) দেশৰ জনসাধাৰণৰ জীৱনৰ মানদণ্ড হ্রাস পায়।
(8) দৰিদ্ৰ লােকৰ সংখ্যা বাঢ়ে।।
(৫) শিক্ষা-দীক্ষাৰ অনগ্রসতাই দেখা দিয়ে।
(৬) দ্রব্যমূল্য বৃদ্ধি পায়।
(৭) সংস্থাপনহীনতাই দেখা দিয়ে।
(৮) বাসস্থানৰ অভাৱে দেখা দিয়ে।
(৯) শিক্ষা আৰু স্বাস্থ্য সমস্যাই দেখা দিয়ে।

প্রশ্ন ২। কি কি গুণৰ বাবে মানুহক মানৱ সম্পদ বােলে ?
উত্তৰ : কোনাে দেশৰ মানুহ বা জনসংখ্যা উন্নতমানৰ মানৱ সম্পদ হ’বলৈ হ’লে মানুহ সুস্বাস্থ্যৰ গৰাকী হােৱাৰ উপৰি শিক্ষিত, কর্মদক্ষতা থকা, কাৰিকৰী কৌশলী, বুদ্ধিমত্তা গুণ থকা হ’ব লাগে। মুঠতে দেশৰ জনগণৰ যিমানে উৎপাদন কুশলী শিক্ষিত, বৈজ্ঞানিক, কাৰিকৰী, প্রযুক্তি বিদ্যা সম্পন্ন হয় সিমানে উৎপাদনশীল উন্নতমানৰ মানৱ সম্পদ বুলি গণ্য কৰা হয়। কাৰণ মানৱ সম্পদেই দেশ এখনৰ অৰ্থনীতিৰ মূল। এনেবােৰ গুণৰ অধিকাৰী জনগণকে মানৱ সম্পদ বােলে।

প্রশ্ন ৩। জনসংখ্যা বিতৰণত প্রভাৱ পেলােৱা কাৰকবােৰ কি কি ?
উত্তৰ:জনসংখ্যা বিতৰণত প্রভাৱ পেলােৱা কাৰকবােৰ হ’ল-
(ক) সাৰুৱা মাটি বা ভূমি অৱস্থিতি
(খ) পানীৰ বা জলৰাশিৰ অৱস্থান।
(গ) বসবাসৰ উপযােগী জলবায়ু
(ঘ) প্রাকৃতিক সম্পদ প্রাচুর্য।
(ঙ) ঔদ্যোগিক বিকাশৰ সম্ভাৱনা (চ) নগৰীকৰণ।
(ছ) শান্তিপূর্ণ শাসন প্রণালী
(জ) ধর্ম নিৰপেক্ষ নীতি।

প্রশ্ন ৪। জন্মৰ হাৰ বুলিলে কি বুজা ?
উত্তৰ : জন্মৰ হাৰ বুলিলে সাধাৰণতে কোনাে এখন দেশৰ বা অঞ্চলৰ এটা নির্দিষ্ট সময়ৰ ভিতৰত মুঠ জনসংখ্যাৰ প্রতি হাজাৰৰ বিপৰীতে গড় হিচাপে হােৱা জন্মাৰ সংখ্যাক বুজোৱা হয়।

প্রশ্নঃ ৫। মৃত্যুৰ হাৰ বুলিলে কি বুজা?
উত্তর : মৃত্যুৰ হাৰ বুলিলে কোনাে এখন দেশৰ বা কোনােবা এটা অঞ্চলৰ মুঠ জনসংখ্যাৰ প্রতি হাজাৰৰ বিপৰীতে গড় হিচাপে হােৱা মৃত্যুৰ সংখ্যাক বুজায়।

প্রশ্ন: ৬। জনসংখ্যা বৃদ্ধিৰ হাৰ কি?
উত্তৰ : কোনাে এখন দেশৰ বা অঞ্চলৰ জনসংখ্যাৰ প্ৰতি এশজনৰ বিপৰীতে প্রতি বছৰে হােৱা বৃদ্ধিক জনসংখ্যা বৃদ্ধিৰ শতকৰা বার্ষিক হাৰ বােলে।

প্রশ্ন ৭। ২০০১ চনৰ লােক পিয়ল অনুসৰি ভাৰতৰ জনসংখ্যা কিমান?
উত্তৰ: ভাৰতৰ ২০০১ চনৰ লােক পিয়ল মতে মুঠ জনসংখ্যা আছিল প্রায় ১০২ কোটি ৭০ লাখ ব (১০২,৭০,১৫,২৫৭)

প্রশ্ন: ৮। ভাৰতৰ কোনখন ৰাজ্যৰ জনসংখ্যা আটাইতকৈ অধিক আৰু কোনখন ৰাজ্যৰ জনসংখ্যা আটাইতকৈ কম ?
উত্তৰ : (ক) ভাৰতৰ আটাইতকৈ বেছি জনসংখ্যাৰ ৰাজ্য হ’ল– উত্তৰ প্ৰদেশ (মুঠ জনসংখ্যা– ১৬.৬ কোটি)
(খ) ভাৰতৰ আটাইতকৈ কম জনসংখ্যাৰ ৰাজ্য হ’ল চিকিম (মুঠ জনসংখ্যা ৫,৪ লাখ মাত্র।)

Class 8 Social Science Lesson 2 question Answer in Assamese Medium

ৰচনাধর্মী প্রশ্নোত্তৰ

প্রশ্ন ১। জন প্ৰব্ৰজন কাক বােলে? ইয়াৰ কাৰণবােৰ কি কি ? জনপ্ৰব্ৰজনৰ ফলাফলবােৰ কি কি?
উত্তৰ: প্রাচীন কালৰে পৰা বিভিন্ন প্রাকৃতিক, অর্থনৈতিক, আকস্মিক, ৰাজনৈতিক, সাংস্কৃতিক, সামাজিক কাৰণত মানুহে স্থায়ী বসতিস্থান এৰি স্থায়ী বা সাময়িক ভাৱে এঠাইৰ পৰা আন ঠাইলৈ বা এখন দেশৰ পৰা আন ঠাইলৈ গুচি যােৱাকে প্রব্রজন বা জন প্ৰব্ৰজন বােল। জন প্ৰব্ৰজনৰ কাৰণসমূহঃ জন প্ৰব্ৰজনৰ কাৰণ বিভিন্ন প্রকাৰৰ হ’ব পাৰে। যেনে—

(ক) যুদ্ধ বিগ্রহ বা বিপ্লৱ: এখন দেশৰ মানুহে বিপ্লৱ বা যুদ্ধ বিগ্ৰহত লিপ্ত হ’লে সাধাৰণতে সংখ্যালঘুৰ দেশৰ পৰা সংখ্যালঘুসকলে পূর্বৰ বসতি স্থানৰ পৰা প্রতিবেশী নিজৰ সংখ্যালঘুৰ দেশলৈ প্রব্রজিত হয়। যেনে দেশ বিভাজনৰ সময়ত (১৯৪৬-৪৭ চনত পাকিস্তানৰ পৰা ভাৰতলৈ আৰু ভাৰতৰ পৰা পাকিস্তানলৈ তেনে লােকৰ প্ৰব্ৰজন হৈছিল।)

(খ) প্রাকৃতিক দুর্যোগ: আগ্নেয়গিৰি বিস্ফোৰণ, বানপানী, গৰাখহনীয়া আদিৰ কাৰণেও এঠাইৰ মানুহ আন ঠাইলৈ প্রব্রজিত হ’ব পাৰে।

(গ) খাদ্য সংকট আৰু ৰাজনৈতিক সংকট :কোনাে এঠাইত দুর্ভিক্ষই দেখা দিলে এখন দেশে আন দেশক আক্রমণ কৰিলে মানুহে এঠাই পৰা আন ঠাইলৈ যাব পাৰে।
(ঘ) অর্থনৈতিক কাৰণ: কর্মসংস্থান বা জীৱন নির্বাহৰ পথ বিচাৰি বহুতাে লােকে গ্রাম্যাঞ্চলৰ পৰা নগৰ অঞ্চললৈ প্রব্রজিত হােৱা দেখা যায়। জন প্ৰব্ৰজনৰ ফলাফলসমূহ : জন প্ৰব্ৰজনৰ ফলত নানা ফলাফলে দেখা দিব পাৰে। নতুন নতুন ঠাইত বা ক্রমান্বয়ে জনসংখ্যা বৃদ্ধি পালে সেই ঠাইত প্রব্রজিত লােকৰ মাজত খাদ্য-সংকটে, অনগ্ৰসতা, দ্রব্যমূল্য বৃদ্ধি, সংস্থাপনহীনতা, বাসস্থানৰ অভাৱ, শিক্ষা আৰু স্বাস্থ্য সমস্যা আদিয়ে দেখা দিব পাৰে।

প্রশ্ন ২। চমুটোকা লিখা ?

(ক) মানৱ সম্পদ উন্নয়ন (খ) জনসংখ্যাৰ থুপীকৰণ (গ) জনসংখ্যা বিস্ফোৰণ
উত্তৰ;

 (ক) মানৱ সম্পদ উন্নয়ন: সমাজৰ তথা দেশৰ উন্নয়নৰ বাবে শাৰীৰিক, মানসিকভাৱে অৰিহণা যােগাব পৰা মানুহখিনিকে মানব সম্পদ বুলি ধৰি লােৱা হয়। দেশৰ সকলাে সম্পদৰ আহৰণ আৰু ব্যৱহাৰৰ মূলতে হ’ল মানুহৰ বুদ্ধিবৃত্তি, কাৰিকৰী কৌশল, কর্মদক্ষতা আৰু শিক্ষা। এইবােৰ গুণ থকা বাবেই মানৱ সম্পদক শ্রেষ্ঠ সম্পদ বুলি ধৰা হয়। কিন্তু সকলাে দেশতে সকলাে মানুহ শিক্ষিত নহয়, তেওঁলােকৰ কর্মদক্ষতা, কাৰিকৰী কৌশল, বুদ্ধিবৃত্তি, শাৰীৰিক কর্মদক্ষতা একে নহয়। কর্মকুশলতা, উৎপাদনমুখী দক্ষতা, জ্ঞান-বুদ্ধি আদি গুণ মানৱ সম্পদৰ সাধাৰণ বৈশিষ্ট্য নহয়। এই গুণগত বৈশিষ্ট্য সকলাে মানুহৰ গাতে কম-বেছি পৰিমাণে থাকে যদিও তাক সমাজ তথা শাসক শ্রেণী বা চৰকাৰৰ কর্তৃত্বশীল বিভাগে মানুহৰ মাজত সচেতনভাৱে চৰ্চা আৰু অনুশীলনৰ দ্বাৰা সক্রিয় কৰি তুলিব লাগে। এনে মানৱ সম্পদক উপযুক্তভাৱে উৎসাহ উদ্দীপনা যােগাই, সহায়ৰ বাবে সকলাে উপযুক্ত ব্যৱস্থা কৰি, তেনেবােৰ গুণ মানুহৰ মাজত গঢ়ি তােলাকে মানৱ সম্পদৰ উন্নতি বা বিকাশ সাধন কৰা বুলি ক’ব পাৰি। গতিকে মানৱ সম্পদৰ বিকাশ মানে সম্পদ হিচাপে মানুহৰ গুণগত বৈশিষ্ট্যবােৰৰ উৎকর্ষতা সাধন কৰাকে বুজায়। ইয়াৰ বাবে চৰকাৰে বা সংশ্লিষ্ট বিভাগৰ উপযুক্ত আঁচনি থাকিব লাগে। সমাজৰ সকলাে শ্ৰেণীৰ লােকৰ বাবে সম্পদ হিচাপে গঢ় দিবলৈ তেওঁলােকৰ শিক্ষা, সুস্বাস্থ্য, উপযুক্ত কর্মসংস্থাপন আদি দিব পৰাটোৱেই হৈছে মানৱ সম্পদ গঢ় দিয়াৰ মূল চর্ত। জনসাধাৰণৰ গুণগত মান বৃদ্ধি হলে দেশৰ মানৱ সম্পদৰ বিকাশ হােৱা বুলি ক’ব পাৰি।

See also  প্ৰাকৃতিক সম্পদ Class 8 সমাজ বিজ্ঞান অষ্টম শ্ৰেণী পাঠ ১

(খ) জনসংখ্যাৰ থুপীকৰণঃ পৃথিৱীৰ সকলাে ঠাইতে জনসংখ্যা ঘনত্ব একে নহয়। আদিম যুগৰে পৰা মানব সভ্যতা কিছুমান বিশেষ অঞ্চলতহে গঢ়ি উঠিছিল। এই মানৱ সভ্যতাবােৰ গঢ়ি উঠিছিল নদী উপত্যকাবোৰতহে । ইয়াৰ প্ৰধান কাৰণ হ’ল— নদী উপত্যকাবােৰ আছিল কৃষিকাৰ্যয আৰু পশু পালনৰ বাবে অতি উপযােগী স্থান। এই উপত্যকাৰবােৰ আছিল অতি সাৰুৱা, ঘাঁহনিৰে আবৃত, সমভূমি, যাতায়াত, পৰিবহণ, উদ্যোগ স্থাপনৰ বাবে সুবিধাজনক। নদী প্রবাহিত পানী খেতি শস্য আৰু যাতায়তৰ বাবে সুচল আছিল। এনেবােৰ কাৰণতে আদিম অৱস্থাৰে পৰা মানুহে এই নদী উপত্যকাবােৰত সমাজ পাতি বসবাস কৰি আহিছে। গতিকে যিবােৰ অঞ্চলত প্রাকৃতিক বা মানব সৃষ্ট সুবিধাৰ বাবে জনবসতি অতি ঘন তাকে জনসংখ্যাৰ কেন্দ্রীভৱন বা থূপীকৰণ বুলি কোৱা হয়। গতিকে আদিম যুগতাে মানৱ সভ্যতাবােৰ এনেবােৰ স্থানতে গঢ়লৈ উঠিছিল। মানুহৰ উক্ত সা-সুবিধাৰ ভিত্তিত নীল নদীত ইজিপ্তৰ সভ্যতা, সিন্ধু নদীত সিন্ধু সভ্যতা, টাইগ্রীছ আৰু ইউফ্রেটিছত মেছােপটেমীয়া সভ্যতা, মেকং আৰু চেনাব নদীত চীন সভ্যতা গঢ়ি উঠিছিল। এই কাৰণতে পৃথিৱীৰ চাৰিটা অঞ্চলতে পৃথিৱীৰ মুঠ জনসংখ্যা তিনি চতুর্থাংশ জনসংখ্যা স্থায়ী ভাৱে বসতি কৰি আহিছে। এই অঞ্চলকেইটা হ’ল-
(১) পূব-এছিয়া (২) দক্ষিণ পূৱ- এছিয়া (৩) পশ্চিম মধ্য ইউৰােপ (৪) আমেৰিকা যুক্তৰাষ্ট্ৰৰ উত্তৰ-পূব উপকুলীয়া অঞ্চল। এই অঞ্চলবােৰত সাধাৰণতে পানীৰ সুবিধা, সাৰুৱা আৰু সমতল ভূমি, স্বাস্থ্যকৰ জলবায়ু, প্রাকৃতিক সম্পদৰ প্রাচুর্য আদি ঘন বসতি প্রধান হােৱাৰ কাৰণ । আনহাতে আধুনিক যুগত ঔদ্যোগীকৰণ, নগৰীকৰণ, উন্নত শিক্ষা, যাতায়াত, চিকিৎসা ব্যৱস্থাৰ লগতে বিনােদন সা-সুবিধা আদিয়েও জনসংখ্যা কেন্দ্রীভূত হােৱাত অৰিহণা যােগায়।

(গ) জনসংখ্যা বিস্ফোৰণ: মানৱ জাতি ক্রমশঃ সভ্যতাৰ পথত আগবঢ়াৰ ফলত মানুহৰ জ্ঞানৰ পৰিসৰাে অনেক বৃদ্ধি পাইছে। সেই কাৰণে পৃথিৱীত মানুহৰ সংখ্যা যিদৰে বৃদ্ধি পাইছে সেইদৰে মৃত্যুৰ সংখ্যাও কম নাছিল। এটা সময় প্রাকৃতিক দুর্যোগ আৰু মহামাৰী আদিত অসংখ্য লােকৰ মৃত্যু হৈছিল। জন্ম আৰু মৃত্যুৰ হাৰ খুব বেছি হােৱা বাবে জনসংখ্যা বৃদ্ধি খুব বেছি নাছিল। কিন্তু মানুহৰ জ্ঞান বৃদ্ধিৰ ফলত মানুহে বিজ্ঞান আৰু প্রযুক্তি বিদ্যাৰ জৰিয়তে আৰু উন্নত চিকিৎসা ব্যৱস্থাৰ আৰু নানা যন্ত্রপাতি উদ্ভাৱনৰ দ্বাৰা মানুহৰ মৃত্যুৰ হাৰ যথেষ্ট কম কৰিবলৈ সক্ষম হয়। মানুহৰ মৃত্যুৰ হাৰ কমি যােৱাত জনসংখ্যা বৃদ্ধি যথেষ্ট পৰিমাণে বৃদ্ধি হ’বলৈ ধৰে। মানুহৰ সংখ্যা অত্যধিকভাৱে বৃদ্ধি হয়। অসমত ১৯০১ চনত ঘনত্ব আছিল মাত্র ৪১ জন, কিন্তু ২০১১ চনত এই ঘনত্ব হয় ৩৯৭ জনলৈ বৃদ্ধি হয়। মুঠতে বিগত ৫০ বছৰত প্ৰতি বছৰে গড়ে প্রায় ৮ কোটি মানকৈ জনসংখ্যা বৃদ্ধি হৈছিল। যােৱা ২০০১ চনৰ পৰা ২০১১ চনলৈ যােৱা ১০ বছৰত ভাৰতৰ জনসংখ্যা বৃদ্ধি হয় ১৮.৪ কোটি। জনসংখ্যাৰ এনে অত্যধিক বৃদ্ধিকে বিস্ফোৰণ বোলে।

জনসংখ্যা বৃদ্ধিয়ে সৃষ্টি কৰা সমস্যাসমূহ; বর্তমানে পৃথিৱীৰ উন্নয়নশীল দেশসমূহৰ উন্নয়নৰ প্রধান অন্তৰায় হৈ উঠিছে এই জনসংখ্যা বিস্ফোৰণ । এই জনসংখ্যা বিস্ফোৰণে পৰিৱেশৰ ভাৰসাম্য অবনতি ঘটোৱাৰ উপৰি খাদ্য সংকট, অনগ্ৰসৰতা ,দ্রব্য মূল্যবৃদ্ধি, সংস্থাপনহীনতা, বাসস্থানৰ অভাৱ, শিক্ষাড আৰু স্বাস্থ্যৰ সমস্যা আদিৰ দৰে সমস্যাবােৰৰ উদ্ভৱ হয়। এই সমস্যাই দেশৰ লগতে মানৱ সম্পদৰ উন্নয়নতাে সমস্যাৰ সৃষ্টি কৰে ।

প্রশ্ন ৩। ভাৰতত উচ্চ হাৰত জনসংখ্যা বৃদ্ধি হােৱাৰ কাৰণবােৰ আলােচনা কৰা।
উত্তৰ: ভাৰতত উচ্চ হাৰত জনসংখ্যা বৃদ্ধিৰ মূল কাৰণ তিনিটা— জন্মৰ উচ্চ হাৰ, মৃত্যুৰ নিম্ন হাৰ আৰু প্ৰাব্ৰজন ।

(১) জন্মৰ হাৰ বৃদ্ধিৰ কাৰণ: ভাৰতত যােৱা পঞ্চাশ বছৰৰ আগৰ পৰাই মৃত্যুৰ হাৰৰ তুলনাত জন্ম হাৰ অধিক হৈ আহিছে। সেই কাৰণেই ভাৰতত জনসংখ্যা উচ্চ হাৰত বৃদ্ধি পাইছে। ভাৰতত যােৱা পঞ্চাশ বছৰত জন্মৰ হাৰ আৰু মৃত্যুৰ হাৰ কমিছে যদিও মৃত্যুৰ হাৰতকৈ জন্মৰ হাৰ কমকৈ কমিছে। সেই কাৰণেই জনসংখ্যা বৃদ্ধিৰ হাৰ সামান্যহে কমিছে। ভাতত জন্মৰ হাৰ উচ্চ হৈ থকাৰ কাৰণবােৰ স্পষ্টকৈ জানিবলৈ হ’লে আমি আৰু কেইটামান কাৰণ আলােচনা কৰা উচিত হ’ব।

(ক) বাল্য বিবাহ আৰু কম বয়সত বিবাহ হােৱাৰ প্ৰথা: ভাৰতত বাল্য কালতে বা কম বয়সতে বিবাহ হােৱা প্ৰথা থকা বাবে দীর্ঘকাল ধৰি সন্তান জন্ম দি সন্তান সংখ্যা বৃদ্ধি কৰে। সংসাৰৰ জ্ঞানৰ অভাৱতে বেছি সন্তান জন্ম দি দৰিদ্ৰ জীৱন-যাপন কৰে।

(খ) বহু বিবাহ প্রথা: ভাৰতৰ হিন্দু আৰু ইছলাম ধৰ্মৰ লােকে ধর্মান্ধতাৰ বাবেই একাধিকবাৰ বিয়া কৰায়। সন্তানহীনতাক এই সকলাে লােকে পাপৰ ফল বুলি ভাবে আৰু মৃত্যুৰ পাছত মুক্তি নাপায় বুলি বিশ্বাস কৰি বাৰে বাৰে বিয়া কৰাই বহুতাে সতি-সন্ততিৰ জন্ম দিয়ে। এই কাৰণতাে ভাৰতৰ জনসংখ্যা উচ্চ হাৰত বৃদ্ধি পাইছে।

(গ) মৃত্যুৰ হাৰ উচ্চ হােৱাৰ কাৰণত: এটা সময়ত ভাৰতত মৃত্যুৰ হাৰ অধিক আছিল, বিশেষকৈ শিশুসকলৰ মাজত। সেই কাৰণতে অনিশ্চয়তাৰ বাবে পিতৃ-মাতৃয়ে অধিক সন্তান জন্ম দিছিল, যাতে কিছু সংখ্যক মৃত্যু হলেও কিছু সংখ্যক বাচি থাকে। ফলত দেশত জনসংখ্যা অত্যাধিকভাৱে বৃদ্ধি পায়।

(ঘ) অজ্ঞতা আৰু অন্ধবিশ্বাসৰ বাবে: ভাৰতৰ গ্ৰাম্য অঞ্চলৰ লােকৰ অজ্ঞতা আৰু অন্ধবিশ্বাসৰ বাবেও জনসংখ্যা বৃদ্ধি পাইছে। গ্রাম্য লােকে জন্ম নিয়ন্ত্রণ কৰা পাপ বুলি ভাবে, সতি-সন্ততিক ভগৱানৰ দান বুলি ভাবে আৰু সেইবােৰক ভগৱানেই পালন কৰা বুলি ভাবে। আনহাতে চিকিৎসা সেৱাৰ অভাৱতাে ল’ৰা-ছােৱালী জন্ম হােৱাটো বন্ধ কৰিব নােৱাৰিছিল।

(ঙ) দৰিদ্ৰতা: দৰিদ্ৰ বা দুখীয়া লােক ভাৰতীয় সমাজত অধিক। এই অধিক গ্রাম্যবাসী লােকসকলে পৰিয়ালত অধিক ল’ৰা-ছােৱালী জন্ম হােৱাটো ভাল কথা বা সুবিধাজনক বা লাভজনক বুলিয়ে ভাবিছিল। কিয়নাে এই ল’ৰা-ছােৱালীবোেৰ পিতৃ-মাতৃয়ে অতি কম বয়সৰ পৰা উপার্জনমুখী কামত নিয়ােগ কৰিবলৈ বিশেষকৈ কৃষি, পশুপালন, হস্তশিল্প আদিৰ নিচিনা কামত শিশুসকলক নিয়ােগ কৰাৰ বাবেই বেছিকৈ সতি-সন্ততিৰ জন্ম। দিছিল; ফলত দেশত জনসংখ্যা বৃদ্ধি পায়।

See also  ভাৰতৰ উদ্যোগ আৰু পৰিবহন ব্যৱস্থা অষ্টম শ্ৰেণী সমাজ বিজ্ঞান পাঠ ৬

(চ) শিক্ষাৰ অভাৱৰ বাবে: শিক্ষাৰ অভাৱৰ বাবেই পিতৃ-মাতৃয়ে জনসংখ্যা বৃদ্ধি অপকাৰিতাৰ কথা শুদ্ধভাৱে চিন্তা কৰিব নােৱাৰে। বৰং ভুলকৈ ভাবিয়ে ল’ৰা-ছােৱালী বেছিকৈ জন্ম দিয়ে আৰু ল’ৰা-ছােৱালীক কম বয়সতে উপার্জনমুখী কামত নিয়ােগ কৰে। বিশেষকৈ স্ত্রী শিক্ষাৰ অভাৱকো ল’ৰা-ছােৱালীৰ বেছি জন্ম হােৱাৰ আন এটা কাৰণ বুলিব পাৰি। শিক্ষিত মাক-বাপেকে ল’ৰা-ছােৱালী অধিক হােৱাৰ পৰিণাম চিন্তা কৰিয়ে সীমিত ল’ৰা-ছােৱালী জন্ম দিয়ে। গতিকে শিক্ষাৰ অভাৱ জনসংখ্যা বৃদ্ধিৰ আন এটা কাৰণ।

(২) মৃত্যুৰ হাৰ হ্রাস পােৱাৰ কাৰণতাে জনসংখ্যা বৃদ্ধি পায়: স্বাধীনতাৰ পাছৰ কালছােৱাত চিকিৎসা সেৱাৰ যথেষ্ট উন্নতি হৈছে আৰু ইয়াৰ ফলতে ভাৰতত বর্তমান মহামাৰী বিশেষকৈ কলেৰা, বসন্ত, প্লেগ আদি নিৰ্মূল হৈছে। শিক্ষা ব্যৱস্থাৰ উন্নতিয়ে মৃত্যুৰ সংখ্যা যথেষ্ট পৰিমাণে কমাইছে, ফলত মানুহৰ গড় আয়ুস বৃদ্ধি পাইছে আৰু জনসংখ্যা বৃদ্ধিত যথেষ্ট বৰঙণি যােগাইছে। গতিকে জনসংখ্যা বৃদ্ধিৰ ইয়াে এটা কাৰণ।

(৩) প্ৰব্ৰজন: জনসংখ্যা বৃদ্ধিৰ আন এটা কাৰণ হ’ল প্ৰব্ৰজন। বহিঃ প্ৰব্ৰজন, আন্তঃপ্রব্রজনতকৈ কম হলে দেশত জনসংখ্যা বৃদ্ধি পায়। অৱশ্যে ভাৰতৰ নিচিনা বিশাল জনসংখ্যাৰ দেশত আন্তঃপ্ৰব্ৰজনে উচ্চ হাৰত জনসংখ্যা বৃদ্ধি কৰিব নােৱাৰে যদিও ভাৰতৰ কোনাে কোনাে ৰাজ্যত প্ৰব্ৰজনে জনসংখ্যা বৃদ্ধিৰ হাৰ যথেষ্ট বৃদ্ধি কৰিব পাৰে। বিশেষকৈ অসম বা পশ্চিমবংগৰ নিচিনা ৰাজ্যলৈ দুর্ভিক্ষপীড়িত দেশ পাকিস্তান, বাংলাদেশ, নেপাল আদি ৰাষ্ট্ৰৰ পৰা বহুতাে লােক আহি ভাৰতৰ জনসংখ্যা বৃদ্ধিৰ হাৰ উচ্চ কৰি তােলে। এইবােৰেই হ’ল জনসংখ্যা উচ্চ হাৰত বৃদ্ধি হােৱাৰ কাৰণ।

জনসংখ্যা বৃদ্ধি আৰু বিতৰণ Class 8

প্রশ্ন ৪। ভাৰতত জন্মৰ হাৰ উচ্চ হােৱাৰ কাৰণ কি কি আলােচনা কৰা।
উত্তৰ: ভাৰতৰ জনসংখ্যা বৃদ্ধিৰ প্ৰধান কাৰণবােৰৰ ভিতৰত জন্মৰ হাৰ বৃদ্ধি মৃত্যুৰ হাৰ হ্ৰাস আৰু প্ৰব্ৰজন এই তিনিটাকে গণ্য কৰা হয়। জন্মৰ হাৰ আৰু মৃত্যুৰ হাৰৰ পার্থক্যকে জনসংখ্যা বৃদ্ধি বুলি ধৰা হয় যদিহে জন্মৰ হাৰ মৃত্যুৰ হাৰতকৈ বেছি হয় আৰু আনহাতে বহিঃপ্রব্রজনতকৈ আন্তঃপ্রব্রজন বেছি হলে জনসংখ্যা বৃদ্ধি হয়। জনসংখ্যা এইদৰে বৃদ্ধিৰ পােৱাৰ উপৰিও জনসংখ্যা বৃদ্ধিৰ হাৰ উচ্চ আৰু দ্রুত হােৱাৰ আন কিছুমান কাৰণাে আছে। সেই কাৰণবােৰ তলত সংক্ষেপে আলােচনা কৰা হ’ল।
(১) বাল্যবিবাহৰ কাৰণে : মধ্য যুগৰে পৰা ভাৰতত প্ৰচলিত হৈ অহা বাল্যবিবাহ প্ৰথাৰ বাবে কম বয়সতে বিবাহ হােৱা দম্পতীয়ে দীর্ঘকাল ধৰি ল’ৰা-ছােৱালী জন্ম দি দেশৰ জনসংখ্যা বৃদ্ধিৰ হাৰ দ্রুত কৰি তােলে।

(২) ধর্মীয় গােড়ামী আৰু অন্ধবিশ্বাস : ভাৰতৰ হিন্দুসকলে সন্তানহীনতাক পাপ বুলি জ্ঞান কৰিছিল। তাৰােপৰি সন্তান জন্ম নহ’লে মৃত্যুৰ পাছত আত্মাই মুক্তি নাপাব বুলি ভাবিছিল। সেইবাবে হিন্দুসকলে একাধিকবাৰ বিবাহ কৰাইছিল। ইছলামধর্মী লােকসকলেও কেইবাজনীও স্ত্রী বিবাহ কৰা ধর্মীয় নিয়ম আছিল। এজন পুৰুষেই কেইবাজনীও তিৰােতা বিয়া কৰােৱাৰ ফলত একেটা পৰিয়ালতে বহুতাে সন্তান জন্ম দিছিল। ফলত জনসংখ্যা দ্রুতগতিত বৃদ্ধি পাইছিল।

(৩).মৃত্যুৰ হাৰ অত্যধিক হােৱা বাবে :আগেয়ে মৃত্যুৰ হাৰ অত্যধিক আছিল, বিশেষকৈ শিশু কালত আৰু বয়সীয়াসকলৰ মাজতাে। কলেৰা, বসন্ত আদি ৰােগত বহুতাে লােকৰ মৃত্যু হৈছিল। সেইবাবে পিতৃ-মাতৃয়ে বহুতাে সন্তান জন্ম দিছিল যাতে কিছু মৰিলেও কিছু থাকে। ফলত দ্রুত গতিত জনসংখ্যা বৃদ্ধি হৈছিল।

(৪) অজ্ঞতা আৰু চিকিৎসা সেৱাৰ অভাৱঃ আগৰ কালত সীমিত পৰিয়ালৰ জ্ঞান বা জন্ম নিয়ন্ত্ৰণৰ জ্ঞান মানুহৰ নাছিল। জনসংখ্যা বৃদ্ধিৰ কুফলৰ কথাও মানুহে ভাবিব নােৱাৰিছিল। চিকিৎসা সেৱাৰ সুবিধা নাছিল। জন্ম নিয়ন্ত্ৰণৰ ইচ্ছা থাকিলেও তাক বাধা দিয়াৰ উপায় নাছিল। ফলত জনসংখ্যা বৃদ্ধি পাইছিল।

(৫) দৰিদ্ৰতা আৰু অজ্ঞতা: ভাৰতত দৰিদ্ৰ আৰু দুখীয়া পৰিয়ালৰ সংখ্যা বেছি আছিল। এই পৰিয়ালবােৰৰ ল’ৰা-ছােৱালীৰ সংখ্যা বেছি হ’লে সুবিধাহে হৈছিল, কাৰণ সৰুৰে পৰা সিহঁতক উপার্জনমুখী কামত নিয়ােগ কৰিছিল। সেই কাৰণতে বেছি ল’ৰা- ছােৱালী জন্ম দিছিল। ইয়াৰ ফলতে জনসংখ্যা দ্রুত গতিত বৃদ্ধি পাইছিল।

(৬) শিক্ষাৰ অভাৱ : শিক্ষা-দীক্ষাৰ অভাৱৰ বাবেও বিশেষকৈ স্ত্রীশিক্ষাৰ অভাৱতে, আগৰ কালত মানুহে বাল্য বিবাহ বা সৰু কালতে বিবাহপাশত আৱদ্ধ হৈছিল আৰু দীর্ঘকাল ল’ৰা-ছােৱালী জন্ম দিছিল। পৰিণামৰ কথা নাভাবিছিল। শিক্ষিত মানুহৰ চিন্তাহে দূৰদৰ্শিতাসম্পন্ন হয়। এনেবােৰ কাৰণতে ভাৰতৰ জনসংখ্যা অতি দ্রুত গতিত বৃদ্ধি পাইছিল।

প্রশ্ন ৫। ভাৰতত সম্প্রতি মৃত্যুৰ হাৰ হ্রাস পােৱাৰ কাৰণবােৰ কি ?
উত্তৰ: ভাৰতৰ স্বাধীনতাৰ পূর্বে মৃত্যুৰ হাৰ অত্যধিক আছিল। মহামাৰী, দুর্ভিক্ষ আদিত চিকিৎসাৰ অভাৱত, অজ্ঞতাৰ বাবে, পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ অভাৱত অলেখ মানুহৰ মৃত্যু হৈছিল। কিন্তু স্বাধীনােত্তৰ কালত চৰকাৰৰ বিভিন্ন উন্নয়নমূলক আঁচনিৰ বাবে মৃত্যু হাৰ উল্লেখনীয়ভাৱে কমিছে। তলত কিছুমান ব্যৱস্থাৰ বিষয়ে উল্লেখ কৰা হ’ল—
(১) চিকিৎসা সেৱাৰ উন্নতি: চৰকাৰী চিকিৎসা সেৱাৰ আঁচনি প্ৰৱৰ্তন কৰি কলেৰা হাইজা, প্লেগ আদি মহামাৰী জাতীয় ৰােগ নির্মূল কৰা হৈছে।

(২) চৰকাৰৰ সাহায্য আঁচনি : আগেয়ে দুর্ভিক্ষ বা আকালত বহুতাে লােকৰ মৃত্যু হৈছিল। বর্তমান কৃষিকাৰ্যৰ উন্নতি সাধন কৰি; এনেকি আন দেশৰ পৰা খাদ্য সামগ্রী। আমদানি কৰিও এনে দুর্ভিক্ষ চৰকাৰৰ দ্বাৰা আঁতৰ কৰা হৈছে। বর্তমান ভাৰত খাদ্য শস্য উৎপাদনত স্বাৱলম্বী হৈছে।

(৩) পথ পৰিবহনৰ উন্নতি : বর্তমান দেশত পথ পৰিবহনৰ উন্নতি সাধন হােৱা বাবে এঠাইৰ পৰা আন ঠাইলৈ খাদ্য বস্তু সহজে কম সময়তে পঠাব পৰা যায়। ইয়াৰ দ্বাৰা দেশৰ খাদ্যৰ নাটনি আঁতৰ কৰিব পৰা হৈছে।

(৪) চিকিৎসা সেৱাৰ আধুনিকীকৰণ : বিজ্ঞানসন্মত চিকিৎসা সেৱা প্ৰৱৰ্তন কৰি, বৈজ্ঞানিক যন্ত্রপাতিৰ ব্যৱহাৰ কৰি, নানা বৈজ্ঞানিক ঔষধ আদিৰ উদ্ভাৱন কৰি যক্ষ্মা, ধনুষ্টংকাৰ আদি দুৰাৰােগ্য বেমাৰ-আজাৰৰ পৰা মানুহৰ প্ৰাণ ৰক্ষা কৰিব পৰা উপায় উলিয়াইছে। বৈজ্ঞানিক চিকিৎসা সেৱাই মানুহক নিশ্চিত মৃত্যুৰ মুখৰ পৰা বচাব পাৰে। এইদৰে মৃত্যুৰ হাৰ যথেষ্ট হাস পাইছে।

প্রশ্ন ৬। মানৱ সম্পদ বুলিলে কি বুজা লিখা। দেশৰ আর্থিক উন্নয়নৰ লগত মানৱ সম্পদৰ সম্পর্ক কি উল্লেখ কৰা।
উত্তৰ: দেশৰ উৎপাদন কার্যত বৰঙণি যােগােৱা বা বৰঙণি যােগােৱাৰ সম্ভাৱনা থকা লােককে মানৱ সম্পদ বুলি বুজা যায়। গতিকে দেশৰ মুঠ জনসংখ্যাৰ শাৰীৰিক বা মানসিকভাৱে অক্ষম, বৃদ্ধ লােকক বাদ দি আন সকলাে লােককে মানৱ সম্পদৰ ভিতৰত ধৰা হয়। কম বয়সৰ শিশুসকলকো মানৱ সম্পদৰ ভিতৰত ধৰা হয়, কাৰণ ভৱিষ্যতলৈ শিশুসকলে উৎপাদন কার্যত বৰঙণি যােগােৱাৰ সম্ভাৱনা থাকে। মুঠতে দেশৰ জনগণৰ যিমানে উৎপাদন কুশলী, শিক্ষিত, বৈজ্ঞানিক, কাৰিকৰী, প্রযুক্তি বিদ্যাসম্পন্ন হয় সিমানে উৎপাদনশীল উন্নতমানৰ মানৱ সম্পদ বুলি গণ্য কৰা হয় । মানৱ সম্পদেই দেশ এখনৰ অৰ্থনীতিৰ মূল। দেশৰ মানৱ সম্পদে দেশৰ অর্থনৈতিক উন্নতিত এক গুৰুত্বপূর্ণ ভূমিকা গ্রহণ কৰে। উন্নত আৰু অনুন্নত মানৱ সম্পদৰ বাবেই প্রাকৃতিক সম্পদ নথকা দেশ এখনেও উন্নত দেশ হিচাপে পৰিগণিত হৈছে আৰু আনহাতে প্রাকৃতিক সম্পদ থকা দেশ এখনাে অনুন্নত হৈ আছে। মানৱ সম্পদৰ শাৰীৰিক আৰু মানসিক শ্রম, জ্ঞান, বুদ্ধি, কাৰিকৰী কৌশল, সাংগঠনিক ক্ষমতা আদি উৎপাদন ব্যৱস্থাৰ মূল উপাদান। মানুহৰ সক্রিয় সহযােগ নহ’লে উৎপাদনৰ কোনাে উপাদান ক্রিয়াশীল নহয়। মানৱ সম্পদ আৱশ্যকতা উৎপাদন ব্যৱস্থাত দুমুখীয়া— এফালে মানৱ সম্পদ উৎপাদনৰ এক অপৰিহাৰ্য উপাদান আৰু আনফালে মানৱ সম্পদ উৎপাদনৰ মূল আৰু প্রধান লক্ষ্যও। কাৰণ মানৱ সম্পদৰ কল্যাণ আৰু উন্নতি সাধনৰ বাবেই জনসাধাৰণৰ সকলাে প্ৰকাৰৰ অভাৱ পূৰণৰ ব্যৱস্থা উৎপাদন ব্যৱস্থাৰে কৰা হয়। ই দেশৰ উৎপাদন ব্যৱস্থাৰ মূল লক্ষ্য।

See also  অধ্যয়নত প্রযুক্তিৰ প্ৰয়ােগ Class 8 Social Science Lesson 8 Assamese Medium

প্রশ্ন ৭ : জনসংখ্যা বৃদ্ধি বুলিলে কি বুজা? জনসংখ্যা বৃদ্ধিৰ কাৰবােৰৰ সম্পর্কে আলােচনা কৰা।
উত্তৰ :কোনাে এখন দেশ বা এটা অঞ্চলৰ জনসংখ্যা এক নির্দিষ্ট সময়ত যিমান হয়, তাৰ তুলনাত এটা নির্দিষ্ট সময়ৰ অন্তত যদি অধিক হয় তাকে জনসংখ্যা বৃদ্ধি হােৱা বুলি কোৱা হয়। আনহাতে কোনাে এখন দেশত বা ঠাইত এটা নির্দিষ্ট সময়ৰ ভিতৰত মৃত্যু হাৰতকৈ জন্মৰ হাৰ বৃদ্ধি হলেই জনসংখ্যা বৃদ্ধি হােৱাক বুজায়। অৱশ্যে কোনাে এখন দেশলৈ বাহিৰৰ পৰা লােক প্রব্রজিত হৈও জনসংখ্যা বৃদ্ধি পাব পাৰে। জনসংখ্যা বৃদ্ধিৰ কাৰক :জনসংখ্যা বৃদ্ধিৰ কাৰক তিনিটা-জন্ম, মৃত্যু আৰু প্ৰব্ৰজন। সাধাৰণতে কোনাে এটা নির্দিষ্ট সময়ত জন্মৰ তুলনাত মৃত্যুৰ সংখ্যা কম হলে জনসংখ্যাৰ স্বাভাৱিক বৃদ্ধি হােৱাক বুজায়। কিন্তু কোনাে এটা নির্দিষ্ট সময়ত জন্মৰ সংখ্যাৰ তুলনাত মৃত্যু সংখ্যা বেছি হ’লে জনসংখ্যা স্বাভাৱিকভাৱে হ্ৰাস হােৱাক বুজাব। গতিকে দেখা যায় মৃত্যুৰ
সংখ্যাৰ তুলনাত জন্মৰ সংখ্যা অধিক হােৱাটোকে জনসংখ্যা বৃদ্ধি হােৱা বুলি কোৱা হয়।

আনহাতে প্রব্রজনাে জনসংখ্যা বৃদ্ধিৰ আন এটা কাৰণ। এখন দেশ বা এটা অঞ্চলৰ পৰা কোনাে লােক আন দেশ বা অন্য এটা অঞ্চললৈ যােৱাকে জনসংখ্যাৰ প্ৰব্ৰজন বুলি কোৱা হয়। কোনাে এখন দেশৰ পৰা লােক কোনাে এখন দেশলৈ আহিলে তাকে আন্তঃপ্রব্রজন বােলে। আনহাতে কোনাে এখন দেশৰ পৰা লােক আন কোনাে এখন দেশলৈ গ’লে তাক বহিঃপ্রব্রজন বােলে। গতিকে এটা নির্দিষ্ট সময়ৰ ভিতৰত আন্তঃপ্রব্রজনৰ তুলনাত বহিঃপ্ৰব্ৰজন কম হলে জনসংখ্যা বৃদ্ধি হয় আৰু আন্তঃপ্রব্রজনৰ তুলনাত বহিঃপ্রব্রজন বেছি হ’লে জনসংখ্যা হ্রাস হ’ব। গতিকে কোনাে এখন দেশৰ এটা নির্দিষ্ট সময়ৰ ভিতৰত হােৱা মুঠ আন্তঃপ্রব্রজন আৰু মুঠ বহিঃপ্ৰব্ৰজনৰ পাৰ্থক্যই হ’ল প্রণােদিত বৃদ্ধি। এতিয়া কোনাে এখন দেশৰ মুঠ জনসংখ্যা বৃদ্ধি পাবলৈ হ’লে দেশখনৰ মুঠ স্বাভাবিক বৃদ্ধি আৰু মুঠ প্রণােদিত বৃদ্ধিৰ দ্বাৰা নির্ধাৰিত হ’ব। স্বাভাৱিক বৃদ্ধি হ’ল দেশখনৰ মুঠ জন্মৰ সংখ্যা আৰু মুঠ মৃত্যুৰ সংখ্যাৰ পার্থক্য।
আনহাতে প্রণােদিত বৃদ্ধি হ’ল, মুঠ আন্তঃপ্রব্রজন আৰু মুঠ বহিঃপ্রব্রজনৰ পার্থক্য। এই দুয়ােটা পার্থক্যৰ সমষ্টিয়েই হ’ল দেশখনৰ জনসংখ্যাৰ মুঠ বৃদ্ধি।
এইদৰেই দেশ এখন জনসংখ্যাৰ মুঠ বৃদ্ধি উলিয়াব পাৰি।

প্রশ্ন ৮। জনসংখ্যাৰ গুৰুত্ব সম্পর্কে কি জানা লিখা।
উত্তৰ : কোনাে এখন দেশত বসবাস কৰা লােকৰ মুঠ সংখ্যাকে জনসংখ্যা বােলে। প্রত্যেক দেশতে, ইয়াৰ জনসংখ্যাৰ গুৰুত্ব দেশখনৰ ক্ষেত্রত অতি প্রভাৱশালী উপাদান। দেশ এখনৰ উন্নতি-অবনতি নির্ভৰ কৰে জনসংখ্যাৰ ওপৰত আৰু ইয়াৰ প্ৰকৃতিৰ ওপৰত। দেশ এখন স্বাৱলম্বী হ’বলৈ জনসংখ্যা অতি কমাে হ’ব নালাগে আৰু অতি বেছিও হ’ব নালাগে। দেশ এখনৰ জনসংখ্যা উৎপাদন ব্যৱস্থাৰ এক মৌলিক উপাদান। কাৰণ জনসংখ্যাইহে উৎপাদন ব্যৱস্থাত শ্ৰমৰ যােগান ধৰিব পাৰে। দ্বিতীয়তে জনসংখ্যা সুস্থ, সুঠাম কষ্টসহিষ্ণু হ’লেহে উৎপাদনত আৱশ্যকীয় শাৰীৰিক বা মানসিক শ্ৰমৰ যােগান। ধৰিব পাৰে। তৃতীয়তে জনসংখ্যাক উৎপাদনৰ বাবে উপযুক্ত কৰি তুলিবলৈ অত্যাৱশ্যকীয় সামগ্ৰীৰ সকলাে সুবিধা প্রদানৰ উপৰিও উপযুক্ত শিক্ষা, প্রশিক্ষণ দিয়াটো আৱশ্যক। আন এটা গুৰুত্বপূৰ্ণ কথা হ’ল দেশৰ উৎপাদন ব্যৱস্থাৰ মূল লক্ষ্য হ’ল দেশখনৰ জনসংখ্যাৰ দৈনন্দিন অভাৱ পূৰণৰ দ্বাৰা কল্যাণ সাধন কৰা। অৱশেষত জনসংখ্যাৰে এটা অংশই উৎপাদন কার্যৰ সংগঠক বা উদ্যোক্তা হিচাপে দায়িত্ব গ্রহণ কৰাটো। এইদৰেই জনসংখ্যাই এক গুৰুত্বপূর্ণ দায়িত্ব গ্রহণ কৰি এক গুৰুত্বপূর্ণ ভূমিকা পালন কৰে।

প্রশ্ন ৯। ভাৰত আৰু অসমৰ ১৯৯১ আৰু ২০০১ চনৰ লােকপিয়লৰ তথ্যৰ তুলনা মতে জনসংখ্যা ঘনত্ব কেনেকুৱা আছিল এটি আভাস দিয়া।
উত্তৰ: ভাৰত আৰু অসমৰ জনসংখ্যা ঘনত্ব ১৯৯১ চনৰ তুলনাত ২০০১ চনত যথেষ্ট পৰিৱৰ্তন হৈছে।
(ক) ভাৰতৰ জনসংখ্যা ঘনত্ব:  ভাৰতত ১৯৯১ চনৰ লােক পিয়লৰ মতে প্রতি বর্গ কিলােমিটাৰত জনসংখ্যা ঘনত্ব আছিল ২৬৭ জন। কিন্তু দহ বছৰৰ মূৰত ২০০১ চনৰ লােক পিয়ল মতে ভাৰতৰ জনসংখ্যা প্রতি বর্গ কিঃ মিটাৰত হৈছিল ৩২৪ জন। মাত্র দহটা বছৰতে প্রতি বর্গ কিঃ মিঃ ৫৭ জনকৈ বৃদ্ধি পায়।

(খ) অসমৰ জনসংখ্যা ঘনত্ব: অসমত জনসংখ্যাৰ গড় ঘনত্ব তুলনামূলকভাবৱে আন ৰাজ্যতকৈ খুব বেছি নহ’লেও বর্তমান ভাৰতৰ গড় ঘনত্বতকৈ বেছি। ১৯৯১ চনৰ লােকপিয়ল মতে অসমৰ প্রতি কিঃ মিটাৰত গড় ঘনত্ব আছিল ২৮৬ জন। কিন্তু দহ বছৰৰ ভিতৰত ২০০১ চনৰ লােক পিয়ল মতে এই সংখ্যা হৈছিলগৈ ৩৪০ জন। কিন্তু ভাৰতৰ গড় ঘনত্ব সেই সময়ত হৈছিল ৩২৪ জন।

Leave a Comment