প্ৰাকৃতিক সম্পদ Class 8 সমাজ বিজ্ঞান অষ্টম শ্ৰেণী পাঠ ১

প্ৰাকৃতিক সম্পদ
বিষয়  সমাজ বিজ্ঞান
পাঠৰ নাম প্ৰাকৃতিক সম্পদ
খণ্ড ভূগোল
শ্ৰেণী  অষ্টম শ্ৰেণী
পাঠৰ নং অধ্যায় ১
পাঠ্যক্ৰম  ৰাজ্যিক শৈক্ষিক গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদ (SCERT)

প্ৰাকৃতিক সম্পদ Class 8

অনুশীলনীৰ ৰচনাধর্মী প্রশ্নোত্তৰ

প্রশ্ন ১। ভূমি সম্পদৰ গুৰুত্ব আৰু ব্যৱহাৰৰ বিষয়ে লিখা। (৮০ টা মান শব্দৰ ভিতৰত)
উত্তৰঃ (ক) মাটিৰ গুৰুত্বঃ ভূমি বা মাটি সম্পদ পৃথিৱীৰ জীৱ জগতৰ মূল আধাৰ। জীৱ-জগত আৰু উদ্ভিদ জগতৰ বিশেষকৈ জীৱশ্রেষ্ঠ মানব সমাজৰ উন্নয়ন আৰু বিকাশৰ মূলতে হ’ল ভূমি সম্পদ। এই ভূ-সম্পদৰ ওপৰতে মানৱ সমাজৰ কৃষি, শিল্প-উদ্যোগ, যাতায়াত, যােগাযােগ গঢ় লৈ উঠিছে। মানৱ সভ্যতা-সংস্কৃতি পৰিৱেশ আদি গঢ়ি উঠিছে। মুঠতে ভূ-সম্পদ অবিহনে পৃথিৱীত মানৱ সভ্যতাৰ সৃষ্টি অসম্ভৱ। কিন্তু ভূ-সম্পদ পৃথিৱীত সীমিত। সমগ্র পৃথিৱীৰ মাত্র ২৯ শতাংশ হে মাটি। পৃথিৱীত জনসংখ্যা বৃদ্ধি হৈ অহাৰ লগে লগে ব্যৱহাৰােপযােগী মাটিৰ পৰিমাণ কমি আহিছে।

(ক) ভূমিৰ ব্যৱহাৰ : পৃথিৱীৰ গুণাগুণ আৰু জলবায়ু ভেদে জনবসতি সমান হয়। পর্বত-পাহাৰৰ জলাশয়, মৰুভূমি, মেৰু অঞ্চল মানুহৰ বাসপােযােগী নহয়। সাধাৰণতে কৃষিকার্য, শিল্প-উদ্যোগ, খনিজ সম্পদ আহৰণ, বনাঞ্চল, ঘৰ-দুৱাৰ, ৰাস্তা-ঘাট আদি নির্মাণৰ বাবে ভূ-সম্পদ ব্যৱহাৰ কৰা হয়। ভূমিৰ ব্যৱহাৰ নিৰ্ভৰ কৰে অঞ্চলটোৰ অৱস্থান, জলবায়ু, মাটি শ্রেণী, পানীৰ উৎস, খনিজ সম্পদ, বনজ সম্পদ আদি প্রাকৃতিক কাৰকৰ ওপৰত। সাধাৰণতে সমতল, নদী-উপত্যকা, সমান ঠাইত জনবসতি ঘন হয়। কৃষি, শিল্প উদ্যোগৰ সুবিধাজনক ঠাইত মানুহৰ বসতি বেছি হয়।

প্রশ্ন ২। তুমি থকা ঠাইখনৰ ভূমিসম্পদৰ ক্ষেত্ৰত কি পৰিৱৰ্তন হৈছে? (পৰিয়ালৰ জ্যেষ্ঠ লােক বা ওচৰৰ বিজ্ঞলােকৰ পৰা জানি লৈ এটি টোকা যুগুত কৰা।)
উত্তৰ: আমাৰ অসমৰ নগৰ-চহৰ আৰু গ্রামাঞ্চলত ভূমি সম্পদৰ ক্ষেত্ৰত আন ঠাইবােৰৰ দৰে প্ৰখৰ গতিৰে উন্নয়ন বা পৰিৱৰ্তন হােৱা নাই। ঠায়ে ঠায়ে চৰকাৰৰ চেষ্টাত ৰাষ্ট্ৰীয় পথ, ৰাজ্যিক পথ কিছু নির্মাণ হৈছে। মই অসমৰ সৰ্ববৃহৎ নগৰ গুৱাহাটীত বাস কৰাে। ছাত্র হিচাপে ভূমি সম্পদৰ সকলাে পৰিৱৰ্তনৰ কথা সঠিকভাৱে নাজানাে যদিও প্রশ্নত কোৱাৰ দৰে আনৰ পৰা জানি লৈ কেইটামান কথা তলত উল্লেখ কৰিলাে। যােৱা বিছটামান বছৰত
গুৱাহাটীত হােৱা পৰিৱৰ্তন তলত উল্লেখ কৰা হ’ল-
(ক) গুৱাহাটীৰ সৰুসজাইত এখন ডাঙৰ খেল প্রকল্পৰ বাবে ষ্টেডিয়াম সজাই তােলা হৈছে।
(খ) গুৱাহাটী-শ্বিলং ৰাস্তাত কেইখনমান ডাঙৰ ফ্লাই অভাৰ দলং সাজি উলিওৱা হৈছে।
(গ) চন্দ্ৰপুৰ, পলাশবাৰী, দৰং, নলবাৰী আদি ঠাইত বহুতাে ইটা-ভাটা, উদ্যোগ, ফেক্টৰী আদি গঢ়ি উঠিছে।
(ঘ) গুৱাহাটীৰ বিভিন্ন ঠাইত বহু মহলা ফ্লেট আদি গঢ় লৈ উঠিছে।

সমাজ বিজ্ঞান অষ্টম শ্ৰেণী পাঠ ১

প্রশ্ন ৩। বনজ সম্পদ আৰু জলজ সম্পদৰ ব্যৱহাৰৰ ক্ষেত্ৰত কেনে ভূমিকা লােৱা উচিত ?
উত্তৰ : (ক) বনজ সম্পদৰ ব্যৱহাৰঃ বনজ সম্পদ সকলাে দেশৰে অতি প্রয়ােজনীয় সম্পদ।এই সম্পদৰ পৰা খাদ্য সম্ভাৰৰ উপৰি নানা ঔষধ, বস্তু , বাসস্থান, আচবাব-পত্র আদি নির্মাণ সম্ভৱ হৈছে । বনজ সম্পদৰ ব্যৱহাৰ দুই ধৰণৰ– বাণিজ্যিক আৰু পৰিস্থিতিক।বাণিজ্যিক ব্যৱহাৰ যেনে– বাঁহ, কাঠ খৰি, বিভিন্ন কেঁচাসামগ্রী, খাদ্য, ঔষধী সামগ্রী আদিৰ । পাৰিস্থিতিক ব্যৱহাৰৰ ক্ষেত্ৰত উদ্ভিদে আমাক অক্সিজেনৰ যােগান, বন্যপ্রাণীক আশ্রয়, বাৰিষাৰ সময়ত মাটিৰ সংৰক্ষণ কৰা, বৃষ্টিপাত বৃদ্ধি কৰা, গােলকীয় উষ্ণতা হ্রাস কৰা আদি সাধন কৰে।

(খ) জলজ সম্পদৰ ব্যৱহাৰঃ পানী সকলাে জীৱৰ জীৱনধাৰণৰ অত্যাৱশ্যকীয় বস্তু । বিভিন্ন যানবাহন আদি নানা কামত পানী ব্যৱহাৰ হয়।
১। ঘৰুৱা কামত পানীৰ ব্যৱহাৰঃ পানী নহ’লে কোনাে মানুহ জীয়াই নাথাকে। খােৱা, বিভিন্ন আচবাব-পত্ৰ ধােৱা, গা ধােৱা আদিত পানী ব্যৱহাৰ কৰা হয়।
২। খেতি-পথাৰত পানীৰ ব্যৱহাৰঃ শস্যৰ উৎপাদন বৃদ্ধিৰ বারে বিভিন্ন খেতিত জলসিঞ্চন কৰি খেতি কৰা হয়। পানী নহ’লে কোনাে খেতি ভাল নহয়।
৩। শক্তি উৎপাদনত পানীৰ ব্যৱহাৰঃ জলশক্তি ব্যৱহাৰ কৰি বিদ্যুৎ উৎপাদন কৰা হয়। বিভিন্ন নদী আঁচনিৰ দ্বাৰা জলসিঞ্চনৰ লগতে বিদ্যুৎশক্তি উৎপাদন কৰা হয়।
৪। জল পৰিবহণত পানীৰ ব্যৱহাৰ: নৈ, বিল, হ্রদ, খাল আৰু সাগৰৰ পানী জল পৰিবহণত বিস্তৃতভাৱে ব্যৱহাৰ কৰা হয় । এই পৰিবহণৰ দ্বাৰা বিভিন্ন বয়-বস্তু কঢ়িওৱা হয়।
৫। খাদ্য উৎপাদনত পানীৰ ব্যৱহাৰঃপানীত মাছ-কাছ আৰু পানীত হােৱা কিছুমান খাদ্যৰ বাবে নৈ,বিল, জলাশয়, খাল, সাগৰ আদি ব্যৱহাৰ কৰা হয়।

লগতে পঢ়ক:   অধ্যয়নত প্রযুক্তিৰ প্ৰয়ােগ Class 8 Social Science Lesson 8 Assamese Medium

প্রশ্ন ৪। শক্তিসম্পদ সংৰক্ষণৰ বাবে কি কি পদক্ষেপ গ্রহণ কৰিব লাগে ?
উত্তৰ : শক্তি সম্পদ মানৱ সমাজৰ উন্নতিৰ বাবে অপৰিহার্য। জীৱাশ্ম ইন্ধনৰ অত্যধিক ব্যৱহাৰৰ বাবে ইয়াৰ ভঁৰাল ক্রমান্বয়ে কমি আহিছে। গতিকে ইয়াৰ সংৰক্ষণ অত্যাৱশ্যকীয়। এই সম্পদ ব্যৱহাৰত অতি মিতব্যয়ী হােৱা উচিত। অপচয় ৰােধৰ উপৰি ইয়াক ৰাহি কৰিবলৈহে চেষ্টা কৰিব লাগে। কাৰণ ইনবিকৰণযােগ্য নহয় । গতিকে ইন্ধন ব্যৱহাৰকাৰীসকলে ইয়াৰ বাবে সজাগ সচেতন হ’ব লাগে। এই কাৰণতে মিতব্যয়ী ব্যৱহাৰ আৰু ভৱিষ্যতৰ বাবে সংৰক্ষণ অতি আৱশ্যক হৈ পৰিছে। অন্যথা ভূ-গর্ভৰ সঞ্চিত ইন্ধনৰ ভৰাঁল অচিৰেই নিশেষ হৈ পৰিব। ইয়াৰ উপৰিও ব্যৱহাৰকাৰীসকলে অপৰম্পৰাগত শক্তি আহৰণ কৰা ব্যৱস্থা কৰা উচিত।

প্রশ্ন ৫। বনজ সম্পদসমূহ সংৰক্ষণ আৰু বৃদ্ধি কৰিবৰ বাবে গ্ৰহণ কৰিব পৰা উপায়সমূহ উল্লেখ কৰা।
উত্তৰ: বনাঞ্চলৰ প্রধান উৎপন্ন বস্তু হ’ল কাঠ আৰু খৰি। বাঁহ, বেত, লা, তার্পিন,আঠা, খেৰ, ঘাঁহ, ঔষধ, ৰং, তেল, চর্বি, জন্তুৰ চামৰা, হাতীৰ দাঁত, গঁড়ৰ খড়া, চন্দন আদি বিভিন্ন বস্তু বনজ সম্পদৰ উৎপাদন বুলি ধৰা হয় । এইবােৰ সম্পদ উৎপাদনৰ উপৰি বনাঞ্চলৰ সামাজিক উপকাৰিতা বিশেষভাৱে উল্লেখযোগ্য। বনাঞ্চলে পৰিৱেশৰ ভাৰসাম্য ৰক্ষা কৰে, খৰাং বতৰ, সূৰ্যৰ প্ৰখৰ তাপ,বতাহৰ প্রবল সোঁত, মাটিৰ ক্ষয়, বানপানী আদি প্ৰতিৰােধ কৰাত সহায় কৰে। বনাঞ্চলে বতাহত অক্সিজেনৰ পৰিমাণ, মাটিৰ জৰীপ আৰু সাৰ বৃদ্ধি কৰে । বনাঞ্চলৰ আপুৰুগীয়া জীৱ-জন্তু, পশু-পক্ষী, প্রাকৃতিক শােভাই দেশ-বিদেশৰ পৰা পর্যটকক আকর্ষণ কৰে। গতিকে বনাঞ্চলে পর্যটন উদ্যোগ বিকাশৰ ক্ষেত্ৰতাে যথেষ্ট সহায় কৰে। বনাঞ্চলৰ এই সকলােবােৰ দিশৰ বিকাশ সাধনৰ উদ্দেশ্যে বনাঞ্চল সংৰক্ষণৰ আৱশ্যক।

Class 8 social Science Lesson 1 Assamese Medium

প্রশ্ন ৬। চমুটোকা লিখা ?
(ক) বন্যপ্রাণী
উত্তৰঃ বনজ জীৱ-জন্তু এক আপুৰুগীয়া প্রাকৃতিক সম্পদ। বনৰ জীৱ-জন্তুৰ পৰাও কোনাে এখন দেশে আর্থিক উন্নয়নৰ সহায়তা পাব পাৰে। চিৰিয়াখানা সাজি, জীৱ-জন্তু ৰপ্তানি কৰি, জন্তুৰ চামৰা, দাঁত, খড়, চর্বি আদি মূল্যবান বস্তু পাব পাৰি। ইয়াৰ ওপৰতে পর্যটন উদ্যোগ গঢ়ি উঠে। ঘৰচীয়া জন্তুৰ পৰা গাখীৰ, মাংস, চামৰা, ঊণ আদি পােৱা যায়। মাছ-কণী আদিৰ উৎপাদনাে বনজ সম্পদৰে ভিতৰুৱা। ভাৰতৰ বনাঞ্চলত নানা জীৱ-জন্তু পােৱাৰ উপৰি নানা তৰহৰ চৰাই-চিৰিকটিও পােৱা যায়। এই জীৱ-জন্তুৰ তেল, চর্বি, চামৰা, হাতীৰ দাঁত, গঁড়ৰ খ, চন্দন আদি অনেক মূল্যবান বস্তুৰ পৰা নানা বস্তু উৎপাদন কৰি দেশৰ বাহিৰে-ভিতৰে বিক্ৰী কৰি অৰ্থ আয় কৰা হয়। চিৰিয়াখানাত সংৰক্ষণৰ বাবে বিদেশলৈ নানা জীৱ-জন্তু ৰপ্তানি কৰিও ভাৰতে আর্থিকভাৱে লাভৱান হয়।

(খ) জীৱষ্ম ইন্ধন
উত্তৰঃ আধুনিক যুগত মানৱ সমাজৰ পৰম্পৰাগত শক্তি সম্পদৰ ভিতৰত জীৱষ্ম ইন্ধন আৰু প্রাকৃতিক গেছ আদি হ’ল জীবাত্মা ইন্ধন। এই ইন্ধন প্রাকৃতিক সম্পদ,মানব সম্পদ সৃষ্ট নহয়, ইয়াক উন্নত কৰি ব্যৱহাৰহে কৰে। ই অনবিকৰণীয় সম্পদ। ইয়াৰ সংৰক্ষণ অতী প্রয়ােজনীয়।
(১) কয়লাৰ ব্যৱহাৰ : কয়লা এবিধ জীৱষ্ম ইন্ধন। লাে-তীখা উদ্যোগ, ভাপ ইঞ্জিন তাপ বিদ্যুৎ আদিত প্ৰচুৰ কয়লাৰ আৱশ্যক। ভাৰতৰ ৰাণীগঞ্জ, ঝাৰিয়া, ধানবাদ, অসমৰ লিডু, মাকুম আৰু জয়পুৰত পােৱা যায়।

(২) পেট্ৰ’লিয়াম : পেট্রলিয়াম ভূ-গর্ভৰ তলত জমা হৈ থকা এবিধ জুলীয়া জীৱাত্ম ইন্ধন। তৈল খাদৰ পৰা যান্ত্রিকভাৱে খাৰুৱা তেল হিচাপে আহৰণ কৰি শােধানাগাৰত শােধন কৰি পেট্রল, গেছােলিন, ডিজেল, কেৰাচিন আদি নানাবিধ সামগ্রী উৎপাদন কৰি ব্যৱহাৰ কৰা হয়। পেট্রলিয়ামক ‘পনীয়া সােণ’ বুলিও কোৱা হয়। খাৰুৱা তেলৰ খনি—ইৰাক, ইৰাণ, আৰৱ, আমেৰিকা, ৰাছিয়া, ভাৰতৰ অসম, মহাৰাষ্ট, গুজৰাট আদিত পােৱা যায়। খাৰুৱা তেলৰ লগতে প্রাকৃতিক গেছে উদঘাটন হয়। ঘৰুৱা ইন্ধন কার্য আৰু অনবিকৰণযােগ্য সম্পদ হােৱা বাবে ইয়াক সংৰক্ষণ আৰু মিতব্যয়ী ভাৱে ব্যৱহাৰ কৰা উচিত।

(গ) মৰুকৰণ: প্রাকৃতিক বা মানুহৰ কার্যকলাপৰ কাৰণত মৰুভূমিৰ প্ৰসাৰণ ঘটাকে নাইবা নতুনকৈ মৰুভূমিৰ সৃষ্টি হােৱাকে ‘মৰুকৰণ বুলি কোৱা হয়। মৰুভূমিৰ ওচৰে-পাজৰে থকা মাটিত বাৰে বাৰে খেতি কৰি থাকিলে মাটিৰ উৰ্বৰা শক্তি কমি আহি পানী ধৰি ৰাখিব পৰা শক্তি কমি আহে আৰু শুকান মৰু সদৃশ হৈ পৰে। আনহাতে মৰুভুমিৰ দাঁতিকাষৰীয়া অঞ্চলৰ বনাঞ্চল ধ্বংস আৰু অত্যধিক পশুচাৰণেও মৰুভূমিৰ প্ৰসাৰণ বা বিনাশ ঘটাব পাৰে।

লগতে পঢ়ক:   সমাজ বিজ্ঞান Class 8 প্ৰশ্ন উত্তৰ ইয়াত উপলব্ধ অষ্টম শ্ৰেণী

(ঘ) সৌৰশক্তি: অপৰম্পৰাগত শক্তিৰ ভিতৰত সৌৰ শক্তি বিশেষভাৱে উল্লেখযােগ্য।সূর্যৰ অফুৰন্ত আৰু অসীম শক্তিৰ ভৰাঁল। সূৰ্যৰ তাপতে পৃথিৱীত সকলাে জীৱ-জন্তু,উদ্ভিদ-জগতৰ সৃষ্টি হৈছে। এই তাপৰ পৰা শক্তি বিকিৰিত হৈ পােহৰ সৃষ্টি হয়। সূর্যৰ তাপ
আৰু পােহৰৰ পৰাই বিদ্যুৎ উৎপন্ন হ’ব পাৰে। সূৰ্যৰ তাপ আহৰণ কৰি বিদ্যুৎ শক্তিৰ দ্বাৰা সৌৰ চৌকা, হিটাৰ, সৰু সৰু যন্ত্রপাতি চলাব পৰা যায়। পানী গৰম কৰা, বিজুলী চাকি’ জ্বলােৱা, মহাকাশ যান, উপগ্রহ আদিতাে সৌৰ শক্তি ব্যৱহাৰ কৰা হয়।

(ঙ) ভূমিস্খলনঃ ওখ ঠাই বা পাহাৰৰ এঢলীয়া মাটি বিভিন্ন কাৰণত খহি পৰাকে ভূমিস্খলন বুলি কোৱা হয়। বতাহ,বৰষুণ, উত্তাপৰ তাৰতম্য বা মানুহৰ কার্যকলাপৰ কাৰণত মাটি হঠাতে তললৈ খহি পৰাকে ভূমিস্খলন বােলে। বাৰিষা কালত ভূমিস্খলনৰ প্রকোপ বৃদ্ধি পায়। ভূমিস্খলনৰ প্ৰধান কাৰণ হ’ল- বর্ধিত জনসংখ্যা। জনসংখ্যা অত্যধিক হােৱা বাবে মানুহে সমতল অঞ্চলত বসবাস কৰাৰ বাবে সুবিধাজনক স্থান নাপাই পাহাৰ-পৰ্বতলৈ গতি কৰিব লগা হৈছে। পাহাৰ-পৰ্বতৰ ওখ ঠাই সমান কৰি বসবাস কৰিবলৈ লৈছে। পাহাৰ-পৰ্বতৰ গা কাটি ৰাস্তা-আলিবাট যাতায়াতৰ বাবে বান্ধি লৈছে। ইয়াৰ ফলত বাৰিষাকালত বৰষুণৰ ফলত নতুন মাটি কোমল হৈ তললৈ খহি পৰে। এনেদৰেই মানুহৰ কার্যকলাপে ভূস্খলনৰ সৃষ্টি কৰে।

প্ৰাকৃতিক সম্পদ Class 8

প্রশ্ন ৭। পার্থক্য দেখুওৱা ।

(ক) গ্রামাঞ্চলৰ ভূমিৰ ব্যৱহাৰ আৰু নগৰীয়া অঞ্চলৰ ভূমিৰ ব্যৱহাৰ।
উত্তৰ :

গ্রামাঞ্চলৰ ভূমি নগৰীয়া অঞ্চলৰ ভূমি
গ্রামাঞ্চলৰ ভূমিৰ ব্যৱহাৰ প্ৰধানকৈ কৃষিকাৰ্যৰ বাবেই ব্যৱহাৰ কৰা হয়। কিছুমান ঠাইত‌ ঘাঁহনি-বননি থাকে যদিও বহুতে ইয়াক কৃষি কর্মতে ব্যৱহাৰ কৰিব বিচাৰে। কিছুমান ঠাই মাছ পুহিবৰ বাবে খাল-বিল বা খেল পথাৰ হিচাপেও ব্যৱহাৰ কৰে। গাঁৱৰ মাজেৰে আলিবাট বন্ধা কামতাে মাটি ব্যৱহাৰ কৰা দেখা যায়। আনহাতে আধুনিক যুগত নগৰীকৰণৰ বাবে নগৰত জনসংখ্যা বৃদ্ধিৰ হাৰ বৰকৈ বৃদ্ধি পাইছে। গাঁৱৰ পৰা নগৰলৈ কর্মসংস্থানৰ বাবে মানুহ প্রব্রজিত হৈছে। গতিকে ভূমিৰ প্রয়ােজন বৃদ্ধি পাইছে। নগৰ অঞ্চলত বিভিন্ন উদ্যোগৰ বাবে মাটিৰ প্রয়ােজন হয়। সৰু সৰু নগৰবােৰতাে ইটা-ভাটা, কল-কাৰখানা, দোকান বজাৰৰ বাবে মাটিৰ ব্যৱহাৰ হােৱা দেখা যায়। গতিকে বসতি স্থানৰ উপৰি নানাভাৱে নগৰৰ মাটি ব্যৱহাৰ কৰা দেখা যায়।

(খ) পৰম্পৰাগত আৰু অপৰম্পৰাগত শক্তি

উত্তৰ : পৰম্পৰাগত আৰু অপৰম্পৰাগত শক্তিৰ মাজত পার্থক্য হল-

পৰম্পৰাগত  শক্তি অপৰম্পৰাগত শক্তি
পম্পৰাগত শক্তি হ’ল মানুহে অতীজৰে পৰা ব্যৱহাৰ কৰি অহা খৰি আৰু আন জীবাশ্ম ইন্ধনবোৰ যেনে – কয়লা, পেট্রল, প্রাকৃতিক গেছ আদি। পৰম্পৰাগত শক্তি নবীকৰণযোগ্য নহয়। পৰম্পৰাগত শক্তি প্ৰদূষণমুক্ত, অপৰম্পৰাগত শক্তি সম্পদ হ’ল — পম্পৰাগত শক্তিৰ নাটনি হােৱাৰ পাছত মানুহে অনা উৎসৰ পৰা আহৰণ কৰা শক্তি সম্পদ, যেনে – মানুহে সৌৰশক্তি বা জলশক্তিৰ পৰাহে এই অপৰম্পৰাগত শক্তি আহৰণ কৰে। এই শক্তি নবীকৰণযােগ্য, কিন্তু অপৰম্পৰাগত শক্তি কম প্ৰদূষণমুক্ত । ই মানৱ সৃষ্ট ।

প্রশ্ন ৮। ভূমি অৱক্ষয় ৰােধ কৰাৰ বাবে দুটা উপায় উল্লেখ কৰা।
উত্তৰ : ভূমি অৱক্ষয় ৰােধৰ বাবে বিভিন্ন প্রাকৃতিক আৰু মানুহৰ কার্যকলাপ নিয়ন্ত্রণ কৰা আৱশ্যক হয়।
(১) বাৰিষা কালত ভূস্খলন বা পানীৰ প্রবাহে মাটি খহায় নিয়া ৰােধ কৰিবলৈ ঘাঁহ-বন আদি কটা বন্ধ কৰিব লাগে আৰু স্থান বিশেষে ঘাঁহ-বন গজাব বা বৃক্ষৰােপণ কৰিব লাগে।
(২) ওখ, পাহাৰ-পৰ্বতৰ মাটি কটা সম্পূর্ণ বন্ধ কৰা উচিত।
(৩) অৰণ্য ধ্বংস কৰাৰ পৰিৱর্তে প্রত্যেক জন ব্যক্তিয়ে নিজৰ ঘৰুৱা বা ৰাজহুৱা ঠাইত বৃক্ষৰােপণ কৰিব লাগে।

প্রশ্ন ৯। পানী সংৰক্ষণৰ চাৰিটা পৰামর্শ দিয়া।
উত্তৰ : পানীৰ সমস্যা দূৰ কৰাৰ বাবে সকলাে লােকে পানী সংৰক্ষণ কৰিব লাগে। পানী সংৰক্ষণৰ চাৰিটা পৰামর্শ হল—
(১) পানীৰ প্ৰদূষণৰ সকলাে কাৰক বন্ধ কৰিব লাগে।
(২) পানীৰ প্রবাহ হ্রাস কৰাৰ বাবে ঘাঁহনি আৰু বৃক্ষৰােপণ কৰিব লাগে।
(৩) কৃষি কার্যত প্রয়ােজনতকৈ বেছি পানী দিব নালাগে।
(৪) মুকলি ঠাইত বাষ্পীভৱন কমাবলৈ গছ-গছনি ৰুই দি বাষ্পীভৱন কমাব লাগে। পানীৰ ব্যৱহাৰত সকলাে সচেতন হােৱা উচিত।

সমাজ বিজ্ঞান অষ্টম শ্ৰেণী পাঠ ১

প্রশ্ন ১০। পানীৰ প্ৰদূষণ কমাবলৈ কি ব্যৱস্থা ল’ব পাৰি?
উত্তৰঃ সাধাৰণতে মানুহৰ অপৰিকল্পিত, অবিবেচক, অসাবধান কার্যৰ দ্বাৰাই প্রাকৃতিক পৰিৱেশ প্ৰদূষিত হয়। মাটি, পানী বায়ু আদি মানুহে নিজৰ কাৰ্যৰ দ্বাৰা প্ৰদূষিত কৰে। ইয়াৰ দ্বাৰা গােটেই জীৱজগতৰ লগতে মানুহে নিজৰ জীৱনকো বিপদাপন্ন কৰি তুলিছে। গতিকে মানুহেই এই প্রদূষণ কার্য হ্রাস কৰিব, নাইবা পাৰিলে বন্ধ কৰাৰ চেষ্টা কৰিব লাগিব।

লগতে পঢ়ক:   বসতি Class 8 সমাজ বিজ্ঞান অষ্টম শ্ৰেণী পাঠ ৩

পৰিৱেশ প্ৰদূষণ হ্রাস কৰিবলৈ হ’লে সমাজৰ প্রত্যেকজন নাগৰিকেই ইয়াৰ প্ৰতি সজাগ সচেতন হ’ব লাগিব। তেনে কৰিবলৈ হ’লে এই বিষয়ে এখন পৰিকল্পিত আঁচনি লােৱা উচিত। এই আঁচনিত মানুহক সৰুৰে পৰা পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ প্রতি আকৃষ্ট কৰিব লাগে। এই শিক্ষা দিয়াৰ ব্যৱস্থা কৰিব লাগে।
(১) প্রাইমাৰি স্কুলৰ পৰা মাধ্যমিক স্কুল পর্যন্ত এই শিক্ষা পাঠ্যক্ৰমত অন্তর্ভুক্ত কৰা উচিত যাতে সৰুৰে পৰা ল’ৰা-ছােৱালীক এই বিষয়ে শিক্ষা দি প্ৰদূষণ সচেতন নাগৰিক কৰি তুলিব পাৰি।
(২) চৰকাৰীভাৱে প্ৰদূষণ নিৰাময়ৰ বাবে পৰিকল্পিতভাৱে প্ৰচেষ্টা কৰা উচিত। স্বেচ্ছাসেৱী অনুষ্ঠানবােৰেও প্ৰদূষণ সজাগতা ব্যবস্থা লােৱা উচিত।
(৩) ঔদ্যোগিক অঞ্চল আৰু নগৰ-চহৰবােৰ নৰ্মাণৰ সময়ত পৰিকল্পনাভাৱে কৰি প্ৰদূষণ ৰােধৰ উপায় উদ্ভাৱন কৰি নিৰাময় কৰাৰ ব্যৱস্থা ৰখা উচিত।
(৪) নলা-নর্দমাবােৰ অহল-বহল কৰি, তাক চাফা কৰি ৰখাৰ নিয়মীয়া ব্যৱস্থা ৰখা উচিত।
(৫) অপৰিষ্কাৰ কৰি ৰখা অঞ্চলত ইয়াৰ কাৰণ উদঘাটন কৰাৰ প্রচেষ্টা চলাব লাগে, যাতে অপৰিষ্কাৰ কৰা ব্যক্তিসকলক ধৰিব পৰা যায়। আৱশ্যক হলে তাৰ শাস্তিৰ ব্যৱস্থা কৰা উচিত। জাবৰ-জোথৰ, আৱৰ্জনা আদি পেলাব পৰা ব্যৱস্থা ঠায়ে ঠায়ে ৰাখিব লাগে। এইবােৰ নিয়মীয়াকৈ পৰিষ্কাৰ কৰিব লাগে।
(৬) পুখুৰীৰ পানী ব্যৱহাৰ কৰিলে তেনে পুখুৰীত কাপােৰ ধােৱা বা গা ধােৱা নিষেধ কৰিব লাগে। নদীনলাত কোনাে পচা বস্তু জাবৰ-জোথৰ, আৱৰ্জনা বা মৰাশ আদি পেলাব নালাগে।
(৭) ঔদ্যোগিক অঞ্চলত শিল্প-উদ্যোগ, অনুষ্ঠান-প্রতিষ্ঠানবােৰৰ পৰা ওলােৱা, ধোঁৱা, গেছ বা বিভিন্ন ৰাসায়নিক দ্রব্য আৰু বিষাক্ত পানী, তেল জাতীয় বস্তু বিভাগীয়ভাৱে সেইবােৰ প্ৰদূষণ নিয়ন্ত্রণ বা হ্রাস কৰিব পৰা ব্যৱস্থা ল’ব লাগে।
(৮) চৰকাৰৰ প্ৰদূষণ নিয়ন্ত্রণ বিভাগৰ প্ৰদূষণ হ্রাস কৰাৰ বাবে স্পষ্ট বৈধ নীতি-নিয়ম থাকিব লাগে। তেনে নীতি-নিয়ম ভংগকাৰীক বিহিত শাস্তি বা জৰিমনা কৰা উচিত। এনেবােৰ কাৰ্য হাতত ল’লে ভৱিষ্যতে প্রদূষণ হ্রাস কৰিব পৰা যাব।

সমাজ বিজ্ঞান অষ্টম শ্ৰেণী পাঠ ১ অতি চমু প্রশ্নোত্তৰ

প্রশ্ন ১। মাটিৰ চাহিদা দিনক দিনে বৃদ্ধি পাই অহাৰ যিকোনাে দুটা কাৰণ উল্লেখ কৰা।
উত্তৰ :মাটিৰ চাহিদা দিনক দিনে বৃদ্ধি পাই অহাৰ দুটা কাৰণ হ’ল-
(ক) জনসংখ্যাৰ অত্যধিক বৃদ্ধি।
(খ) খাদ্য-শস্য উৎপাদন বৃদ্ধিৰ লগতে বাসস্থান নির্মাণৰ বাবে মাটিৰ চাহিদা বৃদ্ধি।

প্রশ্ন ২। কোনাে এটা অঞ্চলত জনসংখ্যাৰ বসতি ঘন হােৱা কাৰণ কি বুলি ভাবা?
উত্তৰ :কোনাে এটা অঞ্চলত জনসংখ্যাৰ বসতি ঘন হােৱাৰ কাৰণ হ’ল-
(ক) জলবায়ু, মাটিৰ গুণাগুণ, পানীৰ সুবিধা আদি প্রাকৃতিক কাৰণ।
(খ) কৃষিকার্য আৰু উদ্যোগ যাতায়াত সুবিধা।

প্রশ্ন ৩। ভূমি অৱক্ষয়ৰ চাৰিটা কাৰণ উল্লেখ কৰা।
উত্তৰ ভূমি অৱক্ষয়ৰ চাৰিটা কাৰণ হ’ল– (ক) ভুঙ্খলন (খ) গৰাখহনীয়া (গ) মৰুকৰণ (ঘ) মাটিৰ ক্ষয়ীভৱন আদি।

প্রশ্ন ৪। বিভিন্ন ঠাইত বর্তমান পানীৰ সংকটে দেখা দিয়াৰ কাৰণ দুটা লিখা।
উত্তৰ : বিভিন্ন ঠাইত বর্তমান পানীৰ সংকটে দেখা দিয়াৰ দুটা কাৰণ হ’ল
(ক) বনাঞ্চল বা গছ-গছনি কাটি ধ্বংস কৰিলে অঞ্চলটো শুকান মৰুমায় হৈ পৰে ।
(খ) অধিক উৎপাদনৰ বাবে একেৰা মাটিতে বাৰে বাৰে জলসিঞ্চন, ৰাসায়নিক সাৰ দি খেতি কৰিলে মাটিৰ পানী ধৰি ৰাখিব পৰা ক্ষমতা লােপ পায় আৰু ভূ-জল নিম্নগামী হয়, কুঁৱা শুকাই যায়, অঞ্চলটো শুকাই মৰুসদৃশ হয়, পানীৰ সংকট হয়।

প্রশ্ন ৪। তলৰ প্রশ্নবােৰৰ শুদ্ধ উত্তৰটো বাছি উলিওৱা:
(ক) তলৰ কোনটোৱে পানী সংৰক্ষণত সহায় কৰে ?
(১) অবাবতে পানীৰ টেপ খুলি থ’লে।
(২) ভূগৰ্ভৰ পানীৰ অত্যধিক ব্যৱহাৰ কৰিলে।
(৩) বৰষুণৰ পানী জমা কৰি থ’লে।
উত্তৰ: (৩) বৰষুণৰ পানী জমা কৰি থ’লে।

(খ) নির্মল পানী পাবলৈ হ’লে—
(১) আৱৰ্জনাবােৰ নৈত পেলাব লাগে।
(২) পানীত ৰাসায়নিক সাৰ মিহলাব লাগে।
(৩) পানীৰ উৎস প্রদূষিত নােহােৱাকৈ ৰাখিব লাগে।
উত্তৰ: (৩) পানীৰ উৎস প্ৰদূষিত নোহােৱাকৈ ৰাখিব লাগে।

(গ) তলৰ কোনটোৱে শক্তি সংৰক্ষণত সহায় নকৰে—
(১) জীৱাস্ম ইন্ধনত ব্যৱহাৰ অধিক হলে।
(২) অপৰম্পৰাগত শক্তিৰ সুব্যৱহাৰ কৰিলে।
(৩) শক্তি সম্পদ ব্যৱহাৰৰ ক্ষেত্ৰত মিতব্যয়ী হলে।
উত্তৰ: (১) জীৱাস্ম ইন্ধনত ব্যৱহাৰ অধিক হলে।

Leave a Comment

Your email address will not be published. Required fields are marked *


Scroll to Top