জনসংখ্যা বৃদ্ধি আৰু বিতৰণ – Class 8 সমাজ বিজ্ঞান

বিষয় সমাজ বিজ্ঞান
পাঠৰ নামজনসংখ্যা বৃদ্ধি আৰু বিতৰণ
খণ্ডভূগোল
শ্ৰেণী অষ্টম শ্ৰেণী
পাঠৰ নংঅধ্যায় ২ ‌
পাঠ্যক্ৰম SCERT

জনসংখ্যা বৃদ্ধি আৰু বিতৰণ


অনুশীলনীৰ চমু প্ৰশ্নোত্তৰ

প্ৰশ্ন ১: জনসংখ্যা বিস্ফোৰণ বা বৃদ্ধিৰ ফলত সৃষ্টি হােৱা সমস্যাবােৰ কি কি?
উত্তৰ: জনসংখ্যা বৃদ্ধিৰ সমস্যাসমূহ-

  • সামাজিক পৰিৱেশৰ ভাৰসাম্যৰ অৱনতি ঘটে।
  • খাদ্য সংকট দেখা দিয়ে।
  • দেশৰ জনসাধাৰণৰ জীৱনৰ মানদণ্ড হ্রাস পায়।
  • দৰিদ্ৰ লােকৰ সংখ্যা বাঢ়ে।
  • শিক্ষা-দীক্ষাৰ অনগ্রসতাই দেখা দিয়ে।
  • দ্রব্যমূল্য বৃদ্ধি পায়।
  • সংস্থাপনহীনতাই দেখা দিয়ে।
  • বাসস্থানৰ অভাৱে দেখা দিয়ে।
  • শিক্ষা আৰু স্বাস্থ্য সমস্যাই দেখা দিয়ে।

প্ৰশ্ন ২: কি কি গুণৰ বাবে মানুহক মানৱ সম্পদ বােলে?
উত্তৰ: কোনাে দেশৰ মানুহ বা জনসংখ্যা উন্নতমানৰ মানৱ সম্পদ হ’বলৈ হ’লে মানুহ সুস্বাস্থ্যৰ গৰাকী হােৱাৰ উপৰি শিক্ষিত, কর্মদক্ষতা থকা, কাৰিকৰী কৌশলী, বুদ্ধিমত্তা গুণ থকা হ’ব লাগে। মুঠতে দেশৰ জনগণৰ যিমানে উৎপাদন কুশলী শিক্ষিত, বৈজ্ঞানিক, কাৰিকৰী, প্রযুক্তি বিদ্যা সম্পন্ন হয় সিমানে উৎপাদনশীল উন্নতমানৰ মানৱ সম্পদ বুলি গণ্য কৰা হয়। কাৰণ মানৱ সম্পদেই দেশ এখনৰ অৰ্থনীতিৰ মূল। এনেবােৰ গুণৰ অধিকাৰী জনগণকে মানৱ সম্পদ বােলে।

প্ৰশ্ন ৩: জনসংখ্যা বিতৰণত প্ৰভাৱ পেলােৱা কাৰকবােৰ কি কি?
উত্তৰ: জনসংখ্যা বিতৰণত প্ৰভাৱ পেলােৱা কাৰকবােৰ হ’ল-

  • সাৰুৱা মাটি বা ভূমি অৱস্থিতি।
  • পানীৰ বা জলৰাশিৰ অৱস্থান।
  • বসবাসৰ উপযাৌগী জলবায়ু।
  • প্ৰাকৃতিক সম্পদ প্ৰাচুর্য।
  • ঔদ্যোগিক বিকাশৰ সম্ভাৱনা।
  • নগৰীকৰণ।
  • শান্তিপূর্ণ শাসন প্ৰণালী।
  • ধৰ্ম নিৰপেক্ষ নীতি।

প্ৰশ্ন ৪: জন্মৰ হাৰ বুলিলে কি বুজা?
উত্তৰ: জন্মৰ হাৰ বুলিলে সাধাৰণতে কোনাে এখন দেশৰ বা অঞ্চলৰ এটা নিৰ্দিষ্ট সময়ৰ ভিতৰত মুঠ জনসংখ্যাৰ প্ৰতি হাজাৰৰ বিপৰীতে গড় হিচাপে হােৱা জন্মৰ সংখ্যাক বুজোৱা হয়।

প্ৰশ্ন ৫: মৃত্যুৰ হাৰ বুলিলে কি বুজা?
উত্তৰ: মৃত্যুৰ হাৰ বুলিলে কোনাে এখন দেশৰ বা কোনােবা এটা অঞ্চলৰ মুঠ জনসংখ্যাৰ প্ৰতি হাজাৰৰ বিপৰীতে গড় হিচাপে হােৱা মৃত্যুৰ সংখ্যাক বুজায়।

লগতে পঢ়ক:   বসতি Class VIII – সমাজ বিজ্ঞান – অষ্টম শ্ৰেণী

প্ৰশ্ন ৬: জনসংখ্যা বৃদ্ধিৰ হাৰ কি?
উত্তৰ: কোনাে এখন দেশৰ বা অঞ্চলৰ জনসংখ্যাৰ প্ৰতি এশজনৰ বিপৰীতে প্ৰতি বছৰে হােৱা বৃদ্ধিক জনসংখ্যা বৃদ্ধিৰ শতকৰা বাৰ্ষিক হাৰ বােলে।

প্ৰশ্ন ৭: ২০০১ চনৰ লােক পিয়ল অনুসৰি ভাৰতৰ জনসংখ্যা কিমান?
উত্তৰ: ভাৰতৰ ২০০১ চনৰ লােক পিয়ল মতে মুঠ জনসংখ্যা আছিল প্ৰায় ১০২ কোটি ৭০ লাখ (১০২,৭০,১৫,২৫৭)।

প্ৰশ্ন ৮: ভাৰতৰ কোনখন ৰাজ্যৰ জনসংখ্যা আটাইতকৈ অধিক আৰু কোনখন ৰাজ্যৰ জনসংখ্যা আটাইতকৈ কম?
উত্তৰ:

  • ভাৰতৰ আটাইতকৈ বেছি জনসংখ্যাৰ ৰাজ্য হ’ল– উত্তৰ প্ৰদেশ (মুঠ জনসংখ্যা– ১৬.৬ কোটি)।
  • ভাৰতৰ আটাইতকৈ কম জনসংখ্যাৰ ৰাজ্য হ’ল– চিকিম (মুঠ জনসংখ্যা– ৫.৪ লাখ মাত্ৰ)।

ৰচনাধৰ্মী প্ৰশ্নোত্তৰ

প্ৰশ্ন ১: জন প্ৰব্ৰজন কাক বােলে? ইয়াৰ কাৰণবােৰ কি কি? জন প্ৰব্ৰজনৰ ফলাফলবােৰ কি কি?
উত্তৰ: প্ৰাচীন কালৰে পৰা বিভিন্ন প্ৰাকৃতিক, অৰ্থনৈতিক, আকস্মিক, ৰাজনৈতিক, সাংস্কৃতিক, সামাজিক কাৰণত মানুহে স্থায়ী বসতিস্থান এৰি স্থায়ী বা সাময়িক ভাৱে এঠাইৰ পৰা আন ঠাইলৈ বা এখন দেশৰ পৰা আন ঠাইলৈ গুচি যােৱাকে প্ৰব্ৰজন বা জন প্ৰব্ৰজন বােলে।

জন প্ৰব্ৰজনৰ কাৰণসমূহ:

  • যুদ্ধ বিগ্রহ বা বিপ্লৱ: এখন দেশৰ মানুহে বিপ্লৱ বা যুদ্ধ বিগ্ৰহত লিপ্ত হ’লে সাধাৰণতে সংখ্যালঘুৰ দেশৰ পৰা সংখ্যালঘুসকলে পূৰ্বৰ বসতি স্থানৰ পৰা প্ৰতিবেশী নিজৰ সংখ্যালঘুৰ দেশলৈ প্ৰব্ৰজিত হয়। যেনে, দেশ বিভাজনৰ সময়ত (১৯৪৬-৪৭ চনত পাকিস্তানৰ পৰা ভাৰতলৈ আৰু ভাৰতৰ পৰা পাকিস্তানলৈ তেনে লােকৰ প্ৰব্ৰজন হৈছিল)।
  • প্ৰাকৃতিক দুৰ্যোগ: আগ্নেয়গিৰি বিস্ফোৰণ, বানপানী, গৰাখহনীয়া আদিৰ কাৰণেও এঠাইৰ মানুহ আন ঠাইলৈ প্ৰব্ৰজিত হ’ব পাৰে।
  • খাদ্য সংকট আৰু ৰাজনৈতিক সংকট: কোনাে এঠাইত দুৰ্ভিক্ষই দেখা দিলে এখন দেশে আন দেশক আক্ৰমণ কৰিলে মানুহে এঠাইৰ পৰা আন ঠাইলৈ যাব পাৰে।
  • অৰ্থনৈতিক কাৰণ: কৰ্মসংস্থান বা জীৱন নিৰ্বাহৰ পথ বিচাৰি বহুতো লােকে গ্ৰাম্যাঞ্চলৰ পৰা নগৰ অঞ্চললৈ প্ৰব্ৰজিত হােৱা দেখা যায়।

জন প্ৰব্ৰজনৰ ফলাফলসমূহ:
জন প্ৰব্ৰজনৰ ফলত নানা ফলাফলে দেখা দিব পাৰে। নতুন নতুন ঠাইত বা ক্ৰমান্বয়ে জনসংখ্যা বৃদ্ধি পালে সেই ঠাইত প্ৰব্ৰজিত লােকৰ মাজত খাদ্য-সংকট, অনগ্ৰসতা, দ্ৰব্যমূল্য বৃদ্ধি, সংস্থাপনহীনতা, বাসস্থানৰ অভাৱ, শিক্ষা আৰু স্বাস্থ্য সমস্যা আদিয়ে দেখা দিব পাৰে।

লগতে পঢ়ক:   প্ৰাকৃতিক সম্পদ Class 8 সমাজ বিজ্ঞান অষ্টম শ্ৰেণী পাঠ ১

প্ৰশ্ন ২: চমুটোকা লিখা? (ক) মানৱ সম্পদ উন্নয়ন (খ) জনসংখ্যাৰ থুপীকৰণ (গ) জনসংখ্যা বিস্ফোৰণ
উত্তৰ:

(ক) মানৱ সম্পদ উন্নয়ন: সমাজৰ তথা দেশৰ উন্নয়নৰ বাবে শাৰীৰিক, মানসিকভাৱে অৰিহণা যােগাব পৰা মানুহখিনিকে মানৱ সম্পদ বুলি ধৰি লােৱা হয়। দেশৰ সকলাে সম্পদৰ আহৰণ আৰু ব্যৱহাৰৰ মূলতে হ’ল মানুহৰ বুদ্ধিবৃত্তি, কাৰিকৰী কৌশল, কৰ্মদক্ষতা আৰু শিক্ষা। এইবােৰ গুণ থকা বাবেই মানৱ সম্পদক শ্ৰেষ্ঠ সম্পদ বুলি ধৰা হয়। মানৱ সম্পদৰ বিকাশ মানে সম্পদ হিচাপে মানুহৰ গুণগত বৈশিষ্ট্যবােৰৰ উৎকৰ্ষতা সাধন কৰাকে বুজায়। ইয়াৰ বাবে শিক্ষা, সুস্বাস্থ্য, উপযুক্ত কৰ্মসংস্থাপন আদিৰ ব্যৱস্থা থাকিব লাগে।

(খ) জনসংখ্যাৰ থুপীকৰণ: পৃথিৱীৰ সকলাে ঠাইতে জনসংখ্যা ঘনত্ব একে নহয়। আদিম যুগৰে পৰা মানৱ সভ্যতা নদী উপত্যকাবোৰত গঢ়ি উঠিছিল। এই ঠাইবোৰ সাৰুৱা, সমভূমি, পানীৰ সুবিধা থকা আৰু কৃষি তথা যাতায়তৰ বাবে উপযােগী হােৱাৰ বাবে জনসংখ্যা ঘন হৈছিল। আধুনিক যুগত ঔদ্যোগীকৰণ, নগৰীকৰণ, শিক্ষা, চিকিৎসা আদিৰ সুবিধাইও জনসংখ্যাৰ থুপীকৰণত অৰিহণা যােগায়।

(গ) জনসংখ্যা বিস্ফোৰণ: বিজ্ঞান আৰু চিকিৎসাৰ উন্নতিৰ ফলত মৃত্যুৰ হাৰ কমি জনসংখ্যা অত্যধিকভাৱে বৃদ্ধি পােৱাক জনসংখ্যা বিস্ফোৰণ বােলে। উদাহৰণস্বৰূপে, অসমত ১৯০১ চনত ঘনত্ব আছিল ৪১ জন, কিন্তু ২০১১ চনত ৩৯৭ জন হৈছে। এনে বৃদ্ধিয়ে খাদ্য সংকট, শিক্ষা-স্বাস্থ্য সমস্যা আদিৰ সৃষ্টি কৰে।

প্ৰশ্ন ৩: ভাৰতত উচ্চ হাৰত জনসংখ্যা বৃদ্ধি হােৱাৰ কাৰণবােৰ আলােচনা কৰা।
উত্তৰ: ভাৰতত উচ্চ হাৰত জনসংখ্যা বৃদ্ধিৰ মূল কাৰণ তিনিটা— জন্মৰ উচ্চ হাৰ, মৃত্যুৰ নিম্ন হাৰ আৰু প্ৰব্ৰজন।

  • জন্মৰ হাৰ বৃদ্ধিৰ কাৰণ:
  • বাল্য বিবাহ: কম বয়সত বিবাহৰ ফলত দীৰ্ঘকাল ধৰি সন্তান জন্ম দিয়ে।
  • বহু বিবাহ প্ৰথা: ধৰ্মীয় বিশ্বাসৰ বাবে একাধিক বিবাহৰ ফলত সন্তান সংখ্যা বাঢ়ে।
  • অজ্ঞতা আৰু অন্ধবিশ্বাস: জন্ম নিয়ন্ত্ৰণক পাপ বুলি ভাবে।
  • দৰিদ্ৰতা: দৰিদ্ৰ পৰিয়ালে সন্তানক উপাৰ্জনৰ উপায় হিচাপে দেখে।
  • শিক্ষাৰ অভাৱ: শিক্ষিত নহ’লে জনসংখ্যা বৃদ্ধিৰ কুফল বুজিব নোৱাৰে।
  • মৃত্যুৰ হাৰ হ্ৰাস: স্বাধীনতাৰ পিছত চিকিৎসা সেৱাৰ উন্নতিৰ ফলত মৃত্যুৰ হাৰ কমিছে, যিয়ে জনসংখ্যা বৃদ্ধিত সহায় কৰিছে।
  • প্ৰব্ৰজন: বাংলাদেশ, নেপাল আদিৰ পৰা প্ৰব্ৰজনে কিছু ৰাজ্যত জনসংখ্যা বৃদ্ধি কৰিছে।

প্ৰশ্ন ৪: ভাৰতত জন্মৰ হাৰ উচ্চ হােৱাৰ কাৰণ কি কি আলােচনা কৰা।
উত্তৰ: ভাৰতত জন্মৰ হাৰ উচ্চ হােৱাৰ কাৰণসমূহ হ’ল-

  • বাল্যবিবাহ: কম বয়সত বিবাহৰ ফলত দীৰ্ঘকাল সন্তান জন্ম দিয়ে।
  • ধৰ্মীয় অন্ধবিশ্বাস: সন্তানহীনতাক পাপ বুলি ভাবি একাধিক বিবাহ কৰে।
  • মৃত্যুৰ হাৰ পূৰ্বে বেছি থকা: শিশু মৃত্যুৰ ভয়ত অধিক সন্তান জন্ম দিছিল।
  • অজ্ঞতা: জন্ম নিয়ন্ত্ৰণৰ জ্ঞানৰ অভাৱ।
  • দৰিদ্ৰতা: সন্তানক উপাৰ্জনৰ উপায় হিচাপে দেখা।
  • শিক্ষাৰ অভাৱ: শিক্ষাৰ অভাৱত জনসংখ্যা বৃদ্ধিৰ কুফল বুজা নাযায়।
লগতে পঢ়ক:   ভৌগোল বিজ্ঞান অধ্যয়নত প্রযুক্তিৰ প্ৰয়ােগ – Class 8

প্ৰশ্ন ৫: ভাৰতত সম্প্ৰতি মৃত্যুৰ হাৰ হ্ৰাস পােৱাৰ কাৰণবােৰ কি?
উত্তৰ: ভাৰতত মৃত্যুৰ হাৰ হ্ৰাস পােৱাৰ কাৰণসমূহ হ’ল-

  • চিকিৎসা সেৱাৰ উন্নতি: মহামাৰী নিৰ্মূল হৈছে।
  • চৰকাৰৰ সাহায্য: খাদ্য উৎপাদন বৃদ্ধি আৰু আমদানিৰ দ্বাৰা দুৰ্ভিক্ষ আঁতৰোৱা হৈছে।
  • পৰিবহনৰ উন্নতি: খাদ্যৰ নাটনি দূৰ কৰা সম্ভৱ হৈছে।
  • চিকিৎসাৰ আধুনিকীকৰণ: বৈজ্ঞানিক চিকিৎসাই দুৰাৰােগ্য ৰোগৰ পৰা ৰক্ষা কৰিছে।

প্ৰশ্ন ৬: মানৱ সম্পদ বুলিলে কি বুজা লিখা। দেশৰ আৰ্থিক উন্নয়নৰ লগত মানৱ সম্পদৰ সম্পৰ্ক কি উল্লেখ কৰা।
উত্তৰ: দেশৰ উৎপাদন কাৰ্যত বৰঙণি যােৱা বা সম্ভাৱনা থকা লােককে মানৱ সম্পদ বােলে। ইয়াত শাৰীৰিক আৰু মানসিকভাৱে অক্ষম লােকৰ বাহিৰে সকলোকে ধৰা হয়। উৎপাদন কুশলী, শিক্ষিত, কাৰিকৰী দক্ষ লােক উন্নতমানৰ মানৱ সম্পদ।

দেশৰ আৰ্থিক উন্নয়নৰ লগত সম্পৰ্ক:
মানৱ সম্পদেই দেশৰ অৰ্থনীতিৰ মূল। ই উৎপাদনৰ উপাদান আৰু লক্ষ্য দুয়োটা। শ্ৰম, জ্ঞান, কৌশলৰ জৰিয়তে মানৱ সম্পদ অৰ্থনৈতিক উন্নতি সাধে। প্ৰাকৃতিক সম্পদ নথকা দেশো মানৱ সম্পদৰ দ্বাৰা উন্নত হয়।

প্ৰশ্ন ৭: জনসংখ্যা বৃদ্ধি বুলিলে কি বুজা? জনসংখ্যা বৃদ্ধিৰ কাৰকবােৰৰ সম্পৰ্কে আলােচনা কৰা।
উত্তৰ: কোনাে দেশ বা অঞ্চলত নিৰ্দিষ্ট সময়ত জনসংখ্যা বৃদ্ধি পালে তাক জনসংখ্যা বৃদ্ধি বােলে। ই জন্মৰ হাৰ মৃত্যুৰ হাৰতকৈ বেছি হ’লে বা প্ৰব্ৰজনৰ ফলত হয়।

কাৰকসমূহ:

  • জন্ম: জন্মৰ সংখ্যা মৃত্যুতকৈ বেছি হ’লে স্বাভাৱিক বৃদ্ধি হয়।
  • মৃত্যু: মৃত্যুৰ হাৰ কমিলে বৃদ্ধি হয়।
  • প্ৰব্ৰজন: আন্তঃপ্ৰব্ৰজন বহিঃপ্ৰব্ৰজনতকৈ বেছি হ’লে বৃদ্ধি পায়।

প্ৰশ্ন ৮: জনসংখ্যাৰ গুৰুত্ব সম্পৰ্কে কি জানা লিখা।
উত্তৰ: জনসংখ্যা দেশৰ উন্নতি-অৱনতিৰ মৌলিক উপাদান। ই উৎপাদনত শ্ৰম যােগায়, সুস্থ আৰু দক্ষ হ’লে উৎপাদন বৃদ্ধি পায়। শিক্ষা আৰু প্ৰশিক্ষণৰ দ্বাৰা ইয়াক উপযুক্ত কৰাৰ লগতে জনসাধাৰণৰ কল্যাণ সাধনেই উৎপাদনৰ লক্ষ্য।

প্ৰশ্ন ৯: ভাৰত আৰু অসমৰ ১৯৯১ আৰু ২০০১ চনৰ লােকপিয়লৰ তথ্যৰ তুলনা মতে জনসংখ্যা ঘনত্ব কেনেকুৱা আছিল এটি আভাস দিয়া।
উত্তৰ:

অঞ্চল১৯৯১ চন (প্ৰতি বৰ্গ কিমি)২০০১ চন (প্ৰতি বৰ্গ কিমি)বৃদ্ধি
ভাৰত২৬৭৩২৪৫৭
অসম২৮৬৩৪০৫৪

ভাৰতত ১০ বছৰত ৫৭ জন আৰু অসমত ৫৪ জনকৈ ঘনত্ব বৃদ্ধি পাইছে। অসমৰ ঘনত্ব ভাৰতৰ গড়তকৈ বেছি।

Leave a Comment


Stay informed about the latest Educational Update website. We provide timely and accurate information on upcoming Exam, application deadlines, exam schedules, and more.