Home » অষ্টম শ্ৰেণীৰ সমাজ বিজ্ঞান » ভাৰতৰ উদ্যোগ আৰু পৰিবহন ব্যৱস্থা – Class VIII – সমাজ বিজ্ঞান

ভাৰতৰ উদ্যোগ আৰু পৰিবহন ব্যৱস্থা – Class VIII – সমাজ বিজ্ঞান

বিষয় সমাজ বিজ্ঞান Class 8
পাঠৰ নামভাৰতৰ উদ্যোগ আৰু পৰিবহন ব্যৱস্থা
খণ্ডভূগোল
শ্ৰেণী অষ্টম শ্ৰেণী
পাঠৰ নংঅধ্যায় ৬ ‌
পাঠ্যক্ৰম (SCERT)

ভাৰতৰ উদ্যোগ আৰু পৰিবহন ব্যৱস্থা


প্ৰশ্ন ১ঃ আকৰিক লো কেঁচামাল হিচাপে ব্যৱহাৰ হোৱা এবিধ উদ্যোগৰ নাম লিখা।
উত্তৰঃ লো-তীখা উদ্যোগ।


প্ৰশ্ন ২ঃ এবিধ ইন্ধন খনিজৰ নাম লিখা।
উত্তৰঃ কয়লা।


প্ৰশ্ন ৩ঃ ভাৰতৰ এখন কপাহ উৎপাদনকাৰী ৰাজ্যৰ নাম লিখা।
উত্তৰঃ মহাৰাষ্ট্র।

Winter Sale

প্ৰশ্ন ৪ঃ ভাৰতৰ আটাইতকৈ অধিক পৰিমাণে ব্যৱহৃত পৰিবহণ সেৱা বিধৰ নাম লিখা।
উত্তৰঃ ৰে’লসেৱা।


প্ৰশ্ন ৫ঃ অসমত থকা আন্তৰ্জাতিক বিমান বন্দৰটোৰ নাম লিখা।
উত্তৰঃ গুৱাহাটীৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ বিমান বন্দৰ।


প্ৰশ্ন ৬ঃ অসমৰ পাঁচটা বিমান বন্দৰৰ নাম লিখা।
উত্তৰঃ
(ক) ৰৰৈয়া (যোৰহাট)
(খ) মোহনবাৰী (ডিব্ৰুগড়)
(গ) শালনিবাৰী (তেজপুৰ)
(ঘ) লীলাবাৰী (লখিমপুৰ)
(ঙ) কুন্তিগ্ৰাম (শিলচৰ)


শুদ্ধ উত্তৰটো বাছি উলিওৱা

প্ৰশ্ন ৭ঃ
(ক) ভাৰতৰ ৰেলগাড়ীৰ প্ৰথমে প্ৰতিষ্ঠা হৈছিল—
(১) ১৮৩৫ চনত
(২) ১৯৩৫ চনত
(৩) ১৮৫৩ চনত
উত্তৰঃ (৩) ১৮৫৩ চনত।


(খ) অভ্ৰ উৎপাদনত ভাৰতৰ স্থান—
(১) প্ৰথম
(২) দ্বিতীয়
(৩) তৃতীয়
উত্তৰঃ (১) প্ৰথম।


(গ) ভাৰতৰ দীৰ্ঘতম ৰাষ্ট্ৰীয় ঘাইপথটো—
(১) ১ নং ৰাষ্ট্ৰীয় ঘাইপথ
(২) ৭ নং ৰাষ্ট্ৰীয় ঘাইপথ
(৩) ৩ নং ৰাষ্ট্ৰীয় ঘাইপথ
উত্তৰঃ (২) ৭ নং ৰাষ্ট্ৰীয় ঘাইপথ।


(ঘ) ভাৰতৰ ৰাজ্যবোৰৰ ভিতৰত আটাইতকৈ বেছি পথ ঘনত্ব থকা ৰাজ্যখন—
(১) অসম
(২) কেৰেলা
(৩) অন্ধ্ৰপ্ৰদেশ
উত্তৰঃ (২) কেৰেলা।


চমুকৈ উত্তৰ দিয়া

প্ৰশ্ন ৮ঃ ভাৰতৰ প্ৰধান খনিজ বলয়সমূহ কি কি? অসম কোনটো খনিজ বলয়ৰ অন্তৰ্ভুক্ত?
উত্তৰঃ ভাৰতৰ প্ৰধান খনিজ বলয়সমূহ হ’ল—
(১) উত্তৰ-পূব উপদ্বীপীয় বলয়
(২) মধ্য বলয়
(৩) দক্ষিণ বলয়
(৪) দক্ষিণ-পশ্চিম বলয়
(৫) উত্তৰ-পশ্চিম বলয়
(৬) উত্তৰ-পূব তৈল বলয়
অসম উত্তৰ-পূব তৈল বলয়ৰ অন্তৰ্ভুক্ত।


প্ৰশ্ন ৯ঃ ভাৰতৰ পাঁচটা প্ৰধান লো-তীখা উদ্যোগৰ নাম লিখা।
উত্তৰঃ
(১) জামছেদপুৰ টাটা লো-তীখা উদ্যোগ
(২) ভদ্ৰাৱতী বিশ্বেশ্বৰায় লো-তীখা উদ্যোগ
(৩) ৰুৰকেলা তীখা উদ্যোগ
(৪) ভিলাই তীখা উদ্যোগ
(৫) বোকাৰো তীখা উদ্যোগ


প্ৰশ্ন ১০ঃ মুম্বাই-আহমেদাবাদ অঞ্চলত বয়ন উদ্যোগসমূহ কিয় গঢ়ি উঠিছে?
উত্তৰঃ মুম্বাই-আহমেদাবাদ অঞ্চলত বয়ন উদ্যোগসমূহ গঢ়ি উঠাৰ কাৰণ হ’ল—
(১) এই অঞ্চলত কপাহ খেতিৰ প্ৰাচুৰ্য।
(২) আৰ্দ্ৰ সেমেকা জলবায়ু সূতা উৎপাদনৰ বাবে উপযোগী।
(৩) জলবিদ্যুৎ উৎপাদনৰ সুবিধা।
(৪) যাতায়াত আৰু পৰিবহণৰ সুবিধা।
(৫) ধনী উদ্যোগপতিসকলৰ মূলধনৰ যোগান।


ৰচনাধৰ্মী প্ৰশ্নোত্তৰ

প্ৰশ্ন ১১ঃ বিজ্ঞান আৰু প্ৰযুক্তিৰ প্ৰয়োগে স্থল, জল আৰু বায়ু পৰিবহণৰ ক্ষেত্ৰত কেনে ধৰণৰ পৰিৱৰ্তন সাধন কৰিছে?
উত্তৰঃ বিজ্ঞান আৰু প্ৰযুক্তিৰ প্ৰয়োগে স্থল, জল আৰু বায়ু পৰিবহণৰ ক্ষেত্ৰত যথেষ্ট পৰিৱৰ্তন সাধন কৰিছে।
(১) স্থল পৰিবহণঃ আগতে খোজকাঢ়ি বা গৰুগাড়ীৰে যাতায়াত কৰা হৈছিল। বৰ্তমান চাইকেল, স্কুটাৰ, গাড়ী, বাছ আদিৰে দ্ৰুতগতিত যাতায়াত কৰিব পাৰি। ৰে’ল সেৱাই দেশৰ বিভিন্ন ঠাইৰ মাজত সংযোগ স্থাপন কৰিছে।
(২) জল পৰিবহণঃ আগতে নাও বা ভুৰৰে নদী পাৰ হৈছিল। বৰ্তমান জাহাজ আৰু নৌকাৰে দ্ৰুতগতিত জলপথেৰে যাতায়াত কৰিব পাৰি।
(৩) বায়ু পৰিবহণঃ বিমান সেৱাই দেশৰ ভিতৰত আৰু দেশৰ বাহিৰত দ্ৰুতগতিত যাতায়াতৰ সুবিধা প্ৰদান কৰিছে।


প্ৰশ্ন ১২ঃ “পৰিবহণ ব্যৱস্থা দেশ এখনৰ সিৰা-উপসিৰা স্বৰূপ।” এই উক্তিটোৰ সমৰ্থনত তিনিটা যুক্তি দিয়া।
উত্তৰঃ
(১) পৰিবহণ ব্যৱস্থাই দেশৰ বিভিন্ন অঞ্চলৰ মাজত সংযোগ স্থাপন কৰে।
(২) ইয়াৰ দ্বাৰা মানুহ আৰু সামগ্ৰীৰ পৰিবহণ সহজ হয়।
(৩) পৰিবহণ ব্যৱস্থাই দেশৰ অৰ্থনৈতিক উন্নয়নত গুৰুত্বপূর্ণ ভূমিকা পালন কৰে।


প্ৰশ্ন ১৩ঃ অসমৰ কুটীৰ শিল্পৰ বাবে বিখ্যাত হোৱা ঠাই দুখনৰ নাম লিখা।
উত্তৰঃ শুৱালকুছি আৰু সৰ্থেবাৰী।


প্ৰশ্ন ১৪ঃ এছিয়াৰ প্ৰথম তেল শোধনাগাৰটো ক’ত প্ৰতিষ্ঠা কৰা হৈছিল?
উত্তৰঃ অসমৰ ডিগবৈত।


প্ৰশ্ন ১৫ঃ অসমত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথটো ক’ৰ পৰা ক’লৈ গৈছে?
উত্তৰঃ ব্ৰহ্মপুত্ৰৰ দক্ষিণ পাৰত গোৱালপাৰাৰ পঞ্চৰত্নৰ পৰা গুৱাহাটী, নগাঁও, যোৰহাট, শিৱসাগৰ আৰু ডিব্ৰুগড় হৈ ডাঙৰীলৈকে গৈছে।


প্ৰশ্ন ১৬ঃ অসমৰ পশ্চিম সীমাৰ শ্ৰীৰামপুৰৰ পৰা আমিনগাঁওৰ শৰাইঘাট দলংলৈকে অহা ৰাষ্ট্ৰীয় ঘাইপথটো কিমান নম্বৰ ৰাষ্ট্ৰীয় পথ?
উত্তৰঃ ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথ।


প্ৰশ্ন ১৭ঃ গুৱাহাটীৰ আন্তৰ্জাতিক বিমান বন্দৰটোৰ নাম কি? ই ক’ত অৱস্থিত?
উত্তৰঃ গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমান বন্দৰ। ই বৰঝাৰত অৱস্থিত।


প্ৰশ্ন ১৮ঃ অসমৰ মুঠ নগৰ কিমান? অসমৰ বৃহত্তম নগৰখন কি? বৰ্তমান ইয়াৰ জনসংখ্যা কিমান?
উত্তৰঃ অসমৰ মুঠ নগৰৰ সংখ্যা ১০৩ খন। অসমৰ বৃহত্তম নগৰখন গুৱাহাটী। গুৱাহাটীৰ বৰ্তমান জনসংখ্যা ৮,০৪,৫৭৫ জন (২০০১ চনৰ লোকপিয়ল মতে)।


প্ৰশ্ন ১৯ঃ অসমৰ কফি বাগান কত আছে? দুখন বাগানৰ নাম লিখা।
উত্তৰঃ অসমৰ কাৰ্বি আংলংত কফি বাগান আছে। কফি বাগান দুখন হাৰমতী আৰু হামৰেণ।


প্ৰশ্ন ২০ঃ অসমৰ ৰেলপথে সংযোগ নকৰা ৰাজ্যকেইখনৰ নাম লিখা।
উত্তৰঃ মেঘালয়, মিজোৰাম, মনিপুৰ, অৰুণাচল প্ৰদেশ, নগালেণ্ড।


Leave a Comment

Stay informed about the latest Educational Update website. We provide timely and accurate information on upcoming Exam, application deadlines, exam schedules, and more.

📱 Get AssamWeb App

Unlock free PDFs, mock tests, and certificates with our mobile app. Faster, smoother, and made for students 📚✨

🚀 Install from Play Store One-time reminder • No spam