ভাৰতৰ উদ্যোগ আৰু পৰিবহন ব্যৱস্থা – Class 8 পাঠ 6 সমাজ বিজ্ঞান

ভাৰতৰ উদ্যোগ আৰু পৰিবহন ব্যৱস্থা অষ্টম শ্ৰেণী সমাজ বিজ্ঞান পাঠ ৬ | সমাজ বিজ্ঞান Class 8 পাঠ 6 | Class 8 Social Science Chapter 6 question Answer in Assamese Medium

ভাৰতৰ উদ্যোগ আৰু পৰিবহন ব্যৱস্থা
বিষয় সমাজ বিজ্ঞান Class 8
পাঠৰ নামভাৰতৰ উদ্যোগ আৰু পৰিবহন ব্যৱস্থা
খণ্ডভূগোল
শ্ৰেণী অষ্টম শ্ৰেণী
পাঠৰ নংঅধ্যায় ৬ ‌
পাঠ্যক্ৰম ৰাজ্যিক শৈক্ষিক গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদ (SCERT)

ভাৰতৰ উদ্যোগ আৰু পৰিবহন ব্যৱস্থা

সমাজ বিজ্ঞান class 8 পাঠ 6

অনুশীলনীৰ অতি চমু প্রশ্নোত্তৰ

প্রশ্ন ১। আকৰিক লাে কেঁচামাল হিচাপে ব্যৱহাৰ হােৱা এবিধ উদ্যোগৰ নাম লিখা।
উত্তৰ: লাে-তীখা উদ্যোগ।

প্রশ্ন ২। এবিধ ইন্ধন খনিজৰ নাম লিখা।
উত্তৰ: কয়লা।

প্রশ্ন ৩। ভাৰতৰ এখন কপাহ উৎপাদনকাৰী ৰাজ্যৰ নাম লিখা।
উত্তৰ: মহাৰাষ্ট্র।

প্রশ্ন ৪। ভাৰতৰ আটাইতকৈ অধিক পৰিমাণে ব্যৱহৃত পৰিবহণ সেৱা বিধৰ নাম লিখা।
উত্তৰ: ৰে’লসেৱা।

প্রশ্ন ৫। অসমত থকা আন্তর্জাতিক বিমান বন্দৰটিৰ নাম লিখা।
উত্তৰ: গুৱাহাটীৰ লােকপ্রিয় গােপীনাথ বৰদলৈ বিমান বন্দৰ।

প্রশ্ন ৬। অসমৰ পাঁচটা বিমান বন্দৰৰ নাম লিখা।
উত্তৰ: (ক) ৰৰৈয়া (যােৰহাট); (খ) মােহনবাৰী(ডিব্ৰুগড়); (গ) শালনিবাৰী (তেজপুৰ); লীলাবাৰী (লখিমপুৰ); (ঙ) কুন্তিগ্রাম (শিলচৰ)।

ভাৰতৰ উদ্যোগ আৰু পৰিবহন ব্যৱস্থা Class 8

প্রশ্ন ৭ শুদ্ধ উত্তৰটো বাছি দিয়া :

(ক) ভাৰতৰ ৰেলগাড়ীৰ প্রথমে প্রতিষ্ঠা হৈছিল—
(১) ১৮৩৫ চনত (৩) ১৮৫৩ চনত (২) ১৯৩৫ চনত।
উত্তৰ :(৩) ১৮৫৩ চনত।

(খ) অভ্র উৎপাদনত ভাৰতৰ স্থান –
(১) প্রথম (২) দ্বিতীয় (৩) তৃতীয়
উত্তৰ: (১) প্রথম।

(গ) ভাৰতৰ দীর্ঘতম ৰাষ্ট্ৰীয় ঘাইপথটো –
(১) ১নং ৰাষ্ট্ৰীয় ঘাই পথ (২) ৭নং ৰাষ্ট্ৰীয় ঘাইপথ (৩) ৩নং ৰাষ্ট্ৰীয় ঘাই পথ
উত্তৰ : (২) ৭নং ৰাষ্ট্ৰীয় ঘাইপথ।

(ঘ) ভাৰতৰ ৰাজ্যবােৰৰ ভিতৰত আটাইতকৈ বেছি পথ ঘনত্ব থকা ৰাজ্যখন-
(১) অসম (২) কেৰেলা (৩) অন্ধ্রপ্রদেশ।
উত্তৰ: (২) কেৰেলা।

সমাজ বিজ্ঞান Class 8 পাঠ 6

প্রশ্ন ৩। চমুকৈ উত্তৰ দিয়া ।

(ক) ভাৰতৰ প্ৰধান খনিজ বলয়সমূহ কি কি ? অসম কোনটো খনিজ বলয়ৰ অন্তর্ভুক্ত, লিখা।
উত্তৰ: ভাৰতৰ প্ৰধান খনিজ বলয়সমূহ হ’ল– (১) উত্তৰ-পূব উপদ্বীপীয় বলয়। (২) মধ্য বলয় (৩) দক্ষিণ বলয় (৪) দক্ষিণ-পশ্চিম বলয় (৫) উত্তৰ-পশ্চিম বলয় আৰু (৬) উত্তৰ-পূব তৈল বলয়। আমাৰ অসম ৰাজ্যখন উত্তৰ-পূব তৈল বলয়ৰ অন্তর্ভুক্ত।

(খ) ভাৰতৰ পাঁচটা প্রধান লাে-তীখা উদ্যোগৰ নাম লিখা।
উত্তৰ:ভাৰতৰ পাঁচটা লাে-তীখা উদ্যোগ
(১) জামছেদপুৰ টাটা লাে-তীখা উদ্যোগ।
(২) ভদ্ৰাৱতী বিশ্বেশ্বৰায় লাে-তীখা উদ্যোগ।
(৩) ৰুৰকেলা তীখা উদ্যোগ।
(৪) ভিলাই তীখা উদ্যোগ।
(৫) বােকাৰাে তীখা উদ্যোগ।

(গ) মুম্বাই-আহমেদাবাদ অঞ্চলত বয়ন উদ্যোগসমূহ কিয় গঢ়ি উঠিছে? কাৰণ ব্যাখ্যা কৰা।
উত্তৰ: মুম্বাই-আহমেদাবাদৰ কপাহী বস্ত্ৰ উদ্যোগসমূহঃ মহাৰাষ্ট্ৰ ৰাজ্য দাক্ষিণাত্য মালভূমিৰ ক’লা-সাৰুৱা মাটিৰ অঞ্চলত অৱস্থিত। কলা-সাৰুৱা মাটিত প্ৰচুৰ পৰিমাণে কপাহ খেতি কৰা হয়। কপাহী বস্ত্ৰ উদ্যোগৰ মূল উপাদান হ’ল— কেঁচামাল কপাহ। এই কপাহৰ সৰবৰাহ আৰু উৎপাদনথলীতে সাধাৰণতে বস্ত্ৰ উদ্যোগবােৰ গঢ়ি উঠে। মহাৰাষ্ট্ৰত বস্ত্র উদ্যোগ কেন্দ্ৰবােৰ গঢ়ি উঠিছে। মহাৰাষ্ট্ৰত মুঠতে ১১০ টা কাপােৰৰ কল প্রতিষ্ঠা হৈছে। মহাৰাষ্ট্রৰ মুম্বাই, পুণে, কোলাপুৰ, শােলাপুৰ, নাতাপুৰ, ৱাৰ্দ্ধা আদি বস্ত্ৰ উদ্যোগৰ প্রধান কেন্দ্র। সমগ্ৰ ভাৰতৰ ভিতৰত বস্ত্র উদ্যোগত উৎপাদনত মুম্বাইৰ স্থান দ্বিতীয়।

লগতে পঢ়ক:   জনসংখ্যা বৃদ্ধি আৰু বিতৰণ Class 8 অষ্টম শ্ৰেণী Class 8 Social Science Lesson 2 Assamese Medium

মহাৰাষ্ট্ৰ আৰু আহমেদাবাদত বস্ত্র উদ্যোগবােৰ গঢ়ি উঠাৰ প্ৰধান কাৰণ হ’ল এই উদ্যোগৰ বাবে প্রয়ােজনীয় কেঁচামাল ‘কপাহৰ প্রাচুর্য। দাক্ষিণাত্যৰ কলা-সাৰুৱা মাটিত প্ৰচুৰ কঁপাহ খেতি হয়। আনহাতে, মুম্বাই তুলা সংগ্ৰহৰ প্রধান কেন্দ্র। গতিকে উদ্যোগৰ কেঁচা সামগ্রী ইয়াত সহজে সংগ্রহ হয়।

ইয়াৰ উপৰি এই অঞ্চলৰ আদ্র সেমেকা জলবায়ু সূতা উৎপাদনৰ বাবে বৰ উপযােগী। এই অঞ্চলত জলবিদ্যুৎ উৎপাদনৰ সুবিধাৰ বাবে কম মূল্যতে বিজুলী শক্তিৰ যােগান পােৱা যায়। উদ্যোগ অঞ্চল হােৱা বাবে গ্রাম্য অঞ্চলৰ পৰা অহা কম মজুৰীৰ যথেষ্ট সংখ্যক শ্রমিকো পােৱা যায়। মহাৰাষ্ট্রৰ যাতায়াত আৰু পৰিবহণৰ সুবিধা যথেষ্ট উন্নত। এই অঞ্চলত পথ আৰু ৰে’ল পৰিবহণৰ সকলাে সুবিধা পােরা যায়। এই অঞ্চল মুম্বাই আৰু ওচৰ-পাজৰৰ আন বন্দৰৰ জৰিয়তে বিদেশৰ পৰা বস্ত্রশিল্পৰ কল-কাৰখানাৰ নানা যন্ত্রপাতি, ৰাসায়নিক দ্রব্য আমদানি কৰা আৰু কাৰখানাত উৎপাদিত সামগ্ৰী ৰপ্তানি কৰাৰ সকলাে সুবিধা এই অঞ্চলত আছে। ইয়াৰ উপৰি মুম্বাই আৰু আহমেদাবাদৰ পাৰ্ছী আৰু ভাটিয়া ধনী উদ্যোগপতিসকলে এই উদ্যোগৰ আৱশ্যকীয় মূলধনৰ যােগান ধৰিব পাৰিছে। লগতে মুম্বাইত উৎপাদিত কপাহী কাপােৰৰ এটা খ্যাতি আৰু সুনাম দেশৰ বাহিৰে ভিতৰে সবিস্তাৰে প্ৰচাৰিত হৈ থকাটোত এই উদ্যোগে এই অঞ্চলত বিকাশ লাভ কৰাৰ অন্যতম কাৰণ।

প্রশ্ন ৪। ভূচিত্ৰাৱলীৰ সহায়ত তলত দিয়াবােৰ লিখা।
(ক) অসমত ৰাষ্ট্ৰীয় ঘাই পথসমূহে ছুই যােৱা জিলা সদৰসমূহৰ নাম লিখা।
উত্তৰঃ ৰাষ্ট্ৰীয় ঘাই পথসমূহে চুই হােৱা জিলা সদৰ সমূহ-
(১) ৫২ নং ৰাষ্ট্ৰীয় ঘাইপথ – মংগলদৈ, তেজপুৰ, ওদালগুৰি, লখিমপুৰ, ধেমাজি
(২) ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ – পঞ্চৰত্নৰ পৰা গােৱালপাৰা, গুৱাহাটী, নগাওঁ যােৰহাট, শিৱসাগৰ, ডিব্ৰুগড়
(৩) ৩৮ নং ৰাষ্ট্ৰীয় ঘাইপথ – তিনিচুকীয়া, ডিগবৈ
(৪) ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথ – ধুবুৰী, দক্ষিণ শালমাৰা, বিজনী, বজালী (পাটশালা) নলবাৰী, ৰঙীয়া।

(খ) ৰেলপথে সংযােগ নকৰা ভাৰতৰ উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যকেইখনৰ নাম লিখা।
উত্তৰ: (১) মেঘালয় (২) মিজোৰাম, (৩) মনিপুৰ (৪) অৰুণাচল (৫) নগালেণ্ড।

(গ) ব্ৰহ্মপুত্ৰৰ উত্তৰপাৰে ধেমাজি জিলাত থকা ৰেলপথৰ শেষ ৰেল ষ্টেচনটোৰ নাম কি ?
উত্তৰ :ডাঙৰী।

Class 8 Social Science Chapter 6 in Assamese Medium

অতিৰিক্ত অতি চমু প্রশ্নোত্তৰ

প্রশ্ন ১। অসমৰ কুটীৰ শিল্পৰ বাবে বিখ্যাত হােৱা ঠাই দুখনৰ নাম লিখা।
উত্তৰঃ কুটীৰ শিল্পৰ বাবে বিখ্যাত হােৱা ঠাই দুখন (১) শুৱালকুছি আৰু (২) সৰ্থেবাৰী।

প্রশ্ন ২। এছিয়াৰ প্রথম তেল শােধনাগাৰটো ক’ত প্রতিষ্ঠা কৰা হৈছিল?
উত্তৰ: অসমৰ ডিগবৈত।

প্রশ্ন ৩। এপল (APOL) বস্ত্ৰ কাৰখানাটো ক’ত আছে?
উত্তৰঃ ৰঙিয়াৰ ওচৰৰ তুলসীবাৰীত।

প্রশ্ন ৪। ক’ত আছে উল্লেখ কৰা- 

(১) চেনী প্রস্তুত কাৰখানা (২) অসম পেট্র’কেমিকেলছ লিমিটেড (৩) ভাৰতীয় সাৰ নিগম কাৰখানা (৪) এলুমিনিয়ামৰ সাজ-বাচন প্রস্তুত কাৰখানা।
উত্তৰঃ(১) চেনী প্রস্তুত কাৰখানা- দেৰগাঁওৰ বৰুৱা বামুণগাঁওত।
(২) অসম পেট্র’কেমিকেলছ লিমিটেড-নামৰূপত।
(৩) ভাৰতীয় সাৰ নিগম কাৰখানা -নামৰূপত।
(৪) এলুমিনিয়াম সাজ-বাচন প্রস্তুত কাৰখানা— বঙাইগাঁওত।

প্রশ্ন ৫। অসমত ৩৭ নং ৰাষ্ট্ৰীয় ঘাই পথটো ক’ৰ পৰা ক’লৈ গৈছে?
উত্তৰ- ব্ৰহ্মপুত্ৰৰ দক্ষিণ পাৰত গােৱালপাৰাৰ পঞ্চৰত্নৰ পৰা গুৱাহাটী,নগাঁও, যােৰহাট, শিৱসাগৰ আৰু ডিব্ৰুগড় হৈ ডাঙৰীলৈকে গৈছে।

লগতে পঢ়ক:   প্ৰাকৃতিক সম্পদ Class 8 সমাজ বিজ্ঞান অষ্টম শ্ৰেণী পাঠ ১

প্রশ্ন ৬। অসমৰ পশ্চিম সীমাৰ শ্ৰীৰামপুৰৰ পৰা আমিনগাঁওৰ শৰাইঘাট দলঙলৈকে অহা ৰাষ্ট্ৰীয় ঘাই পথটো কিমান নম্বৰ ৰাষ্ট্ৰীয় পথ ?
উত্তৰঃ ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথ।

প্রশ্ন ৭। ব্রহ্মপুত্র নদীৰ যােগীঘােপা আৰু পঞ্চৰত্ন সংযােগী দলঙখনৰ নাম কি ?
উত্তৰ: নৰনাৰায়ণ সেতু।

প্রশ্ন ৮। গুৱাহাটীৰ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰটোৰ নাম কি? ই ক’ত অবস্থিত ?
উত্তৰ : গােপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰ। ই বৰঝাৰত অৱস্থিত।

প্রশ্ন ৯। তলথ উল্লেখ কৰা বিমান বন্দকেইটা কোনখন নগৰৰ লগত জৰিত ? নাম লিখা।
(১) লীলাবাৰী, (২) ৰৰৈয়া, (৩) মােহনবাৰী আৰু (৪) শালনিবাৰী।
উত্তৰ: (১) লীলাবাৰী – লক্ষিপুৰ।।
(২) ৰ ‘ৰৈয়া – যােৰহাট।
(৩) মােহনবাৰী – ডিব্ৰুগড়।
(৪) শালনীবাৰী – তেজপুৰ।

সমাজ বিজ্ঞান Class 8

পাঠ সমূহসম্পূৰ্ণ প্ৰশ্ন উত্তৰ
পাঠ 1প্ৰাকৃতিক সম্পদ
পাঠ 2জনসংখ্যা বৃদ্ধি আৰু বিতৰণ
পাঠ 3বসতি
পাঠ 4বসতি: গ্ৰাম্য আৰু নগৰীয়া জীৱন সমাজ
পাঠ 5সাগৰ-মহাসাগৰ
পাঠ 6ভাৰতৰ উদ্যোগ আৰু পৰিবহন ব্যৱস্থা
পাঠ 7অসমৰ নদ-নদী
পাঠ 8অধ্যয়নত প্রযুক্তিৰ প্ৰয়ােগ

সমাজ বিজ্ঞান Class 8 পাঠ 6

প্রশ্ন ১০| অসমৰ মুঠ নগৰ কিমান? অসমৰ বৃহত্তম নগৰখন কি ? বর্তমান ইয়াৰ জনসংখ্যা কিমান?
উত্তৰ: অসমৰ মুঠ নগৰৰ সংখ্যা ১০৩ খন। অসমৰ বৃহত্তম নগৰখন গুৱাহাটী৷ গুৱাহাটীৰ বর্তমান জনসংখ্যা ৮০৪৫৭৫ জন (২০০১ চনৰ লােকপিয়ল মতে)।

প্রশ্ন ১১। ক’ত অৱস্থিত আৰু কিয় বিখ্যাত লিখা। 

হামৰেণ, মাইবং, উমৰাংছু আৰু বােকাজান।
উত্তৰঃ হামৰেণঃ কাৰ্বি আংলং জিলাৰ হামৰেণ মহকুমাৰ সদৰনগৰ। ই শাসন আৰু বাণিজ্য কেন্দ্র।

মাইবং: উত্তৰ কাছাৰ জিলাৰ মাইবং মহকুমাৰ সদৰ নগৰ। ই আদিতে কছাৰী ৰাজ্যৰ ৰাজধানী আছিল।

উমৰাংছুঃ উত্তৰ কাছাৰ জিলাৰ এখন নগৰ। এই নগৰতে কপিলী নদীত বান্ধ দি উত্তৰ পূর্ব বিদ্যুৎ উৎপাদন নিগমে বিদ্যুৎ উৎপাদন কৰি কেবাখনাে ৰাজ্যক যােগান ধৰে।

বােকাজান: কাৰ্বি আংলঙৰ চিমেণ্ট নগৰ। ইয়াতে এটা চিমেণ্ট কাৰখানা আছে।

প্রশ্ন ১২। কাবিং আংলঙৰ চাৰিখন ৰবৰ বাগানৰ নাম লিখা।
উত্তৰঃ বুঢ়াপাহাৰ, ৰঙাগৰা, বৈথালাংছু আৰু ঔগুৰি।

প্রশ্ন ১৩। অসমৰ কফি বাগান কত আছে? দুখন বাগানৰ নাম লিখা।
উত্তৰ: অসমৰ কাৰ্বি আংলঙত কফি বাগান আছে। কফি বাগান দুখন হাৰমতী আৰু হামৰেণ।

সমাজ বিজ্ঞান Class 8 পাঠ 6

অনুশীলনীৰ ৰচনাধর্মী প্রশ্নোত্তৰ সমূহ

প্রশ্ন ১। বিজ্ঞান আৰু প্রযুক্তি বিদ্যাৰ প্ৰয়ােগে স্থল, জল আৰু বায়ু পৰিবহণৰ ক্ষেত্ৰত কেনে ধৰণৰ পৰিৱর্তন সাধন কৰিছে লিখা।
উত্তৰঃ প্রাচীন কালত মানুহে খােজকাঢ়ি, হাতী, ঘোঁৰা বা গৰুগাড়ীৰে যাতায়াত কৰিছিল। জলপথত নাও, ভুৰ আদিৰে নদী পাৰ হৈছিল। বর্তমান বিজ্ঞান আৰু প্ৰযুক্তিৰ আধুনিক যুগত যাতায়াত, পৰিবহণৰ আমূল পৰিৱৰ্তন হৈছে। বর্তমান স্থল, জল আৰু আকাশ মার্গত মানুহে অবাধভাৱে অতি তীব্র বেগেৰে যাতায়াত কৰি ফুৰিব পাৰে অতি কম সময়তে মানুহে বর্তমান যাতায়াত পৰিবহণ কৰা ব্যৱস্থাবােৰ হ’ল-

(ক) পথ পৰিবহণ: (১) স্থল পৰিবহণ :মানুহে সাধাৰণতে খােজকাঢ়ি বেছি দূৰ যাতায়াত নকৰে, নানা ধৰণৰ যানবাহনৰ ব্যৱহাৰ কৰে যেনে চাইকেল, স্কুটাৰ, তিনি চকীয়া বা বিভিন্ন চাৰিচকীয়া গাড়ী ব্যৱহাৰ কৰি তীব্র বেগে দূৰত্ববােৰ অতিক্ৰম কৰিব পাৰে।

লগতে পঢ়ক:   অধ্যয়নত প্রযুক্তিৰ প্ৰয়ােগ Class 8 Social Science Lesson 8 Assamese Medium

(২) ভাৰতৰ ৰে’লপৰিবহণ: এছিয়াৰ ভিতৰতে সর্ববৃহৎ ৰাজহুৱা উদ্যোগ। বৃটিছৰ শাসনতে ১৮৫৩ চনত প্রথমে ৰে’ল চলাচল আৰম্ভ হৈছিল। বর্তমান ভাৰতৰ সকলাে ৰাজ্যতে ৰেলেৰে মানুহে যাতায়াত কৰিব পাৰে। ১৬ টা মণ্ডলত এই ৰে’ল চলাচল কৰে। ৰে’লসেৱাত বর্তমান ১.৪ নিযুত কৰ্মচাৰীয়ে কাম কৰি আছে। প্রায় ৩১ নিযুত যাত্ৰীক প্রতিদিনে ৰে’লবিভাগে সেৱা আগবঢ়াই আহিছে।

(৩) স্থল পথসমূহ: ভাৰতৰ স্থলপথবােৰক চাৰিটা ভাগত ভাগ কৰা হয়– (ক) ৰাষ্ট্ৰীয় ঘাইপথ (খ) ৰাজ্যিক ঘাইপথ (গ) জিলা পথ (৪) স্বায়ত্ত গ্রাম্য পথ। ভাৰত চৰকাৰ, ৰাজ্য চৰকাৰৰ গড়কাপ্তানী বিভাগে এই পথবােৰ পৰিচালনা কৰে।

(খ) জলপথ পৰিবহণ: ভাৰতৰ আভ্যন্তৰীণ জল পৰিবহণৰ ভিতৰত ১৪ হাজাৰ কি. মি. জলপথ আছে যদিও ৩৭০০ কি. মি.তহে প্রধান নদী জলপথতহে যন্ত্রচালিত জাহাজ আদি চলিব পাৰে। এই জলপথবােৰেৰে কম খৰচতে মালবস্তু কঢ়িয়াব বা যাত্রীসকলে কম খৰচতে যাতায়াত কৰিব পাৰে। বর্তমান কেন্দ্রীয় চৰকাৰে গংগা নদীত ১নং ৰাষ্ট্ৰীয়, ব্রহ্মপুত্র নদীত ২নং ৰাষ্ট্ৰীয় জলপথৰ পৰিচালনা কৰে। ইয়াৰ উপৰিও বহুতাে চৰকাৰী-বেচৰকাৰী জলপথ আছে। ইয়াৰ উপৰি ভাৰতৰ আন্তর্জাতিক বাণিজ্যত আন্তৰাষ্ট্ৰীয় বহিঃসামুদ্রিক জল পৰিবহণ ব্যৱস্থাই এক গুৰুত্বপূর্ণ ভূমিকা লৈ আছে। ভাৰতত ১২ টা প্রধান, ১৮ টা মধ্যম আৰু কিছু সৰু সৰু সাগৰীয় বন্দৰ আছে।

(গ) বিমান পৰিবহণ: স্বাধীনতাৰ আগতে বিমানসেৱা প্রতিষ্ঠা হৈছিল যদিও ১৯৫৩ চনতহে অসমাৰিক বিমান সেৱাৰ আয়ােগ প্রতিষ্ঠা হয়। কেন্দ্রীয় চৰকাৰৰ অধীনত থকা তিনিটা বিমান সেৱাৰ উপৰি ব্যক্তিগত খণ্ডত চাৰিটামান কোম্পানী আছে। ভাৰতৰ বিমান সেৱাই আভ্যন্তৰীণ সেৱাৰ উপৰি ভাৰতীয় আন্তর্জাতিক বিমান সেৱাই বর্তমান ৯০ খনতকৈও বেছি দেশৰ যাত্ৰী আৰু কিছু বয়বস্তু অনা-নিয়া কৰে। ভাৰতৰ বর্তমান ৫৭ টা দেশীয় বিমান বন্দৰ আছে।

(ঘ) পাইপ লাইন পৰিবহণ: পাইপ লাইন পৰিবহণ বুলিলে সাধাৰণতে প্রাকৃতিক গেছ আৰু তেল কোম্পানীৰ খাৰুৱা তেল আৰু ঠায়ে ঠায়ে পৰিবহণ কৰা প্রাকৃতিক গেছৰ কথাকে বুজায়। ভাৰতে বিদেশৰ পৰা বিশেষকৈ আৰৱৰ পৰা জাহাজেৰে বহুতাে খাৰুৱা তেল আমদানি কৰে। এই তেল বন্দৰৰ পৰাই পাইপযােগে বিভিন্ন অঞ্চলত প্রতিষ্ঠিত শােধানাগাৰবােৰলৈ পঠাই দিয়ে। ভাৰতৰ বেছিভাগ শােধানাগাৰত স্থানীয়ভাৱে খাৰুৱা তেল নাই। সেইবাবে বেছি ভাগ শােধানাগাৰলৈ বাহিৰৰ তেল পথায় আৰু বন্দৰবােৰৰ পৰাহে পাইপযােগে খাৰুৱা তেল বা শােধিত হােৱা তেল আমদানি বা ৰপ্তানি কৰা হয়। মুঠতে পাইপ পৰিবহণ তেলেহে ভাৰতৰ পৰিবহণ ব্যৱস্থাবােৰ চলাই আছে। গতিকে প্রাচীনকালৰ তুলনাত পৰিবহণৰ পৰিৱৰ্তন যথেষ্ট হােৱা কথাটো সকলােৱে মানি লয়।

প্রশ্ন ২। “পৰিবহণ ব্যৱস্থা দেশ এখনৰ সিৰা-উপসিৰা স্বৰূপ।” সমর্থনত তিনিটা যুক্তি দিয়া।।
উত্তৰ: ‘সকলাে দেশতে পৰিবহণ ব্যৱস্থাটো মানৱ দেহৰ লগত ৰিজাব পাৰি। সঁচাকৈ মানৱ দেহত যিদৰে সিৰা-উপসিৰাই কলিজাৰ পৰা তেজ দেহৰ সকলাে অংগ প্রত্যংগত পৰিচালনা কৰি মানুহ এটাক বা জীৱ এটাক বৰ্তাই ৰাখে, ঠিক তেনেদৰে দেশ এখনক মানুহ বা জীৱ এটাৰ দৰে পৰিৱহণ ব্যৱস্থাই দেশখনৰ সকলাে ঠাইলৈ সামগ্রী বা বস্তু-বাহনি আৰু মানৱসম্পদৰ পৰিবহণ কৰি দেশখন সফলভাৱে উন্নত কৰি এখন শ্রেষ্ঠ দেশ হিচাপে গঢ়ি তােলে।

আনহাতে মানৱদেহত যিদৰে কলিজাৰ পৰা তেজ দেহৰ বিভিন্ন অংগৰ কোষবােৰলৈ গৈ দেহৰ পেশীবােৰ সজীৱ কৰি ৰাখে ঠিক সেইদৰে পৰিবহণ ব্যৱস্থায়ো বিভিন্ন ঠাইৰ মানুহৰ অত্যাৱশ্যকীয় সামগ্ৰীসমূহ দেশৰ বিভিন্ন পথ-উপপথেৰে আমদানি-ৰপ্তানি কৰি দেশৰ বিভিন্ন অঞ্চলৰ মানুহৰ প্ৰয়ােজনীয় সামগ্রী আমদানিৰে যােগান ধৰে। বা প্রয়ােজনীয় সামগ্ৰী ৰপ্তানিৰ দ্বাৰা অতিৰিক্ত সামগ্রী আন ঠাইলৈ পৰিবাহিত কৰি সেই ঠাইৰ আৱশ্যকতা পূৰণ কৰে। গতিকে দেশৰ পৰিবহণ ব্যৱস্থাক সিৰা-উপসিৰাৰ লগত তুলনা কৰি অতি সঠিকভাৱে ৰজিতা খুৱাই এই কথাষাৰ যুক্তিযুক্ততাৰে ৰিজনী কৰা হৈছে।

এবিধ ইন্ধন খনিজৰ নাম লিখা।

উত্তৰ: কয়লা।

ভাৰতৰ এখন কপাহ উৎপাদনকাৰী ৰাজ্যৰ নাম লিখা।

উত্তৰ: মহাৰাষ্ট্র।

ভাৰতৰ আটাইতকৈ অধিক পৰিমাণে ব্যৱহৃত পৰিবহণ সেৱা বিধৰ নাম লিখা।

উত্তৰ: ৰে’লসেৱা।

অসমত থকা আন্তর্জাতিক বিমান বন্দৰটিৰ নাম লিখা।

উত্তৰ: গুৱাহাটীৰ লােকপ্রিয় গােপীনাথ বৰদলৈ বিমান বন্দৰ।

অসমৰ পাঁচটা বিমান বন্দৰৰ নাম লিখা।

উত্তৰ: (ক) ৰৰৈয়া (যােৰহাট); (খ) মােহনবাৰী(ডিব্ৰুগড়); (গ) শালনিবাৰী (তেজপুৰ); লীলাবাৰী (লখিমপুৰ); (ঙ) কুন্তিগ্রাম (শিলচৰ)।

Leave a Comment

Your email address will not be published. Required fields are marked *


Scroll to Top