কৃত্রিম আঁহ আৰু প্লাষ্টিক Class 8 Science Chapter 3 Assamese

Class 8 Science Chapter 3 question answer in assamese

কৃত্রিম আঁহ আৰু প্লাষ্টিক
বিষয়   বিজ্ঞান Class 8
পাঠৰ নাম কৃত্রিম আঁহ আৰু প্লাষ্টিক প্ৰশ্ন উত্তৰ
শ্ৰেণী  অষ্টম শ্ৰেণী
পাঠৰ নং পাঠ ৩
পাঠ্যক্ৰম  ৰাজ্যিক শৈক্ষিক গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদ (SCERT)

কৃত্রিম আঁহ আৰু প্লাষ্টিক Class 8

অনুশীলনীৰ প্রশ্নোত্তৰ

প্রশ্ন : কিছুমান আঁহক সাংশ্লেষিক বুলি কোৱা হয় কিয়? ব্যাখ্যা কৰা।
উত্তৰ: পেট্রলিয়ামজাত দ্রব্যৰ পৰা যন্ত্ৰৰ সহায়ত সংশ্লেষণ প্রক্রিয়াৰ সহায়ত মানুহে যি আঁহ উৎপাদন কৰে তাকে সাংশ্লেষিক আঁহ বােলে। পলিয়েষ্টাৰ, নাইলন আদি কিছুমান সাংশ্লেষিক আঁহ।

প্রশ্ন 2ঃ শুদ্ধ উত্তৰটো বাচি উলিওৱা।
সাংশ্লেষিক আঁহসমূহৰ পৰা ৰেয়ন বেলেগ, কিয়নাে-
(ক) ইয়াৰ এটা ৰেচম-সদৃশ ৰূপ আছে।
(খ) ইয়াক কাঠৰ-মণ্ডৰ পৰা পােৱা যায়।
(গ) প্রাকৃতিক আহবােৰৰ দৰে ইয়াৰ আঁহবােৰ বব পাৰি।
উত্তৰঃ (খ) ইয়াক কাঠৰ-মণ্ডৰ পৰা পােৱা যায়।

প্রশ্ন 3ঃ উপযুক্ত শব্দৰে খালী ঠাই পূৰ কৰা।
(ক) সাংশ্লেষিক আঁহবােৰক ___ বা ___ বুলিও কোৱা হয়।
(খ) সাংশ্লেষিক আহবােৰক ____ নামৰ কেঁচামালৰ পৰা সংশ্লেষণ কৰা হয়।
(গ) সাংশ্লেষিক আহবােৰৰ দৰে প্লাষ্টিকো এবিধ ___
উত্তৰঃ (ক) কৃত্রিম, মানৱ সৃষ্টি
(খ) পেট্রলিয়াম
(গ) কৃত্রিম উৎস

প্রশ্ন 4ঃ নাইলনৰ আঁহবােৰ যে বৰ শক্তিশালী সেইটো বুজাবলৈ উদাহৰণ দিয়া।
উত্তৰ পেৰাচুট আৰু পর্বতাৰােহীয়ে ব্যৱহাৰ কৰা ৰচী নাইলন আঁহেৰে তৈয়াৰী। ইয়াৰ পৰা বুজা যায় যে নাইলন আঁহ অতি শক্তিশালী।

প্রশ্ন 5ঃ খাদ্য জমা কৰি ৰখাত প্লাষ্টিকৰ পাত্ৰবােৰক পছন্দ কৰা হয় কিয় ?
উত্তৰ: খাদ্য জমা কৰি ৰখাত প্লাষ্টিকৰ পাত্ৰ বেছি পছন্দ কৰাৰ কাৰণ হ’ল—

(i) প্লাষ্টিকে খাদ্য দ্রব্যৰ লগত ৰাসায়নিক বিক্রিয়া নকৰে।
(ii) প্লাষ্টিকত মামৰে নধৰে।
(iii) পাত্রবােৰ পাতল, টান আৰু বেছি দিন টিকে।

Class 8 Science Chapter 3 question answer in assamese

প্রশ্ন 6ঃ তাপনমনীয় আৰু তাপদৃঢ় প্লাষ্টিকৰ মাজত থকা পার্থক্য ব্যাখ্যা কৰা।

উত্তৰ: তাপনমনীয় আৰু তাপদৃঢ় প্লাষ্টিকৰ মাজত থকা পার্থক্য হ’ল—

লগতে পঢ়ক:   শব্দ Class 8 Science Chapter 13 Question Answer in Assamese

তাপ নমনীয় প্লাষ্টিক তাপদৃঢ় প্লাষ্টিক
১) তাপ নমনীয় প্লাষ্টিক তাপ দি লেহুকা কৰিব পাৰি। ১) তাপদৃঢ় প্লাষ্টিক তাপ দিলেও সহজে লেহুকা নহয়।
২) এই প্লাষ্টিকবিধক অলপ তাপ দি ভাঁজ কৰিব পাৰি অর্থাৎ সহজে বিকৃত হয়। ২) ইয়াক বিকৃত কৰিব নােৱাৰি। তাপ দিলেও ই কোমল নহয়। তাপৰ কুপৰিবাহী।
৩) কিছুপৰিমাণে তাপৰ সুপৰিবাহী। খেলনা, ফনী নানাধৰণৰ পাত্ৰ তৈয়াৰ কৰাত ব্যৱহাৰ হয়। ৩) বেকেলাইট, মেলামাইন আদি এনে প্লাষ্টিক। টিভি ছেট, বাচন-বৰ্তনৰ হেণ্ডেল, যানবাহন আদিত ইয়াক ব্যৱহাৰ কৰা হয়।

প্রশ্ন 7ঃ তলত দিয়াবােৰ কিয় তাপদৃঢ় প্লাষ্টিকেৰে বনােৱা হয় ব্যাখ্যা কৰা।
(ক) ছছপেনৰ নাল (খ) বিদ্যুতৰ প্লাগ/ছইচ/প্লাগ বার্ড
উত্তৰ: (ক) তাপদৃঢ় প্লাষ্টিক অতি টান। সাধাৰণ তাপে ইয়াক গলাব নােৱাৰে। ই তাপৰ কুপৰিবাহী বাবে হাতেৰে ধৰিব পাৰি। সেয়েহে ইয়াক ছছপেনৰ নাল বনােৱাত ব্যৱহাৰ কৰা হয়।

(খ) তাপদৃঢ় প্লাষ্টিক বিদ্যুতৰ কুপৰিবাহী। গতিকে ইয়াৰ মাজেৰে বিদ্যুৎ চালিত নহয়। গতিকে এনে সুবিধাৰ বাবে বিদ্যুতৰ প্লাগ/ছুইচ/ প্লাগ বর্ড’ত ইয়াক ব্যৱহাৰ কৰা হয়।

প্রশ্ন ৪ঃ তলত দিয়া সামগ্ৰীসমূহৰ পদার্থবােৰ পুনৰাবর্তন কৰিব পৰা” আৰু “পুনৰাবর্তন কৰিব নােৱাৰা” হিচাবে শ্রেণীভূক্ত কৰা-
টেলিফোনৰ সা-সৰঞ্জাম, প্লাষ্টিকৰ খেলনা, কুকাৰৰ নাল, কেৰি-বেগ, বল-পইন্ট পেন, প্লাষ্টিকৰ বাটি, বৈদ্যুতিক তাৰৰ প্লাষ্টিক আৱৰণ, প্লাষ্টিক চকী, বৈদ্যুতিক ছুইচ।
উত্তৰ: পুনৰাবৰ্তন কৰিব পৰা সামগ্রী হ’ল— প্লাষ্টিকৰ খেলনা, কেৰি-বেগ, প্লাষ্টিকৰ বাতি, প্লাষ্টিক চকী, বৈদ্যুতিক তাঁৰৰ প্লাষ্টিক আৱৰণ।
পুনৰাবর্তন কৰিব নােৱাৰা সামগ্রী হ’ল— টেলিফোনৰ সা-সৰঞ্জাম, কুকাৰৰ নাল, বল পইন্ট পেন, বৈদ্যুতিক ছুইচ।

প্রশ্ন 9ঃ ৰাণাই গ্রীষ্মকালৰ বাবে চার্ট কিনিব খুজিছে। তেওঁ কপাহী চার্ট নে সাংশ্লেষিক পদাৰ্থৰ চার্ট কিনাটো উচিত হ’ব? কাৰণ দৰ্শাই ৰাণাক উপদেশ দিয়া।

উত্তৰঃ কপাই চোলা (চার্ট) ই গ্রীষ্ম কালত শৰীৰৰ পৰা নিগ্ৰত ঘাম শােষণ কৰে। ঘাম শােষণৰ বাবে শৰীৰৰ উষ্ণতাও ঘামৰ লগত শােষিত হয়। গতিকে শৰীৰ শীতল থাকে। কিন্তু সাংশ্লেষিক পদাৰ্থৰ চোলা (ছিনথেটিক চার্ট) ই ঘাম শােষণ কৰিব নােৱাৰে। গতিকে শীতল নহয় আৰু পিন্ধি অসুবিধা অনুভৱ কৰা যায়।
গতিকে ৰাণাক কপাহী চাৰ্টটো কিনাৰ পৰামৰ্শ দিয়া উচিত।

লগতে পঢ়ক:   কৈশােৰ প্রাপ্তি Class 8 Science Chapter 10 Question Answer In Assamese

প্রশ্ন 10ঃ প্রকৃতিগতভাৱে প্লাষ্টিকসমূহ যে অক্ষয়কাৰী তাক দেখুৱাবলৈ উদাহৰণ দিয়া।
উত্তৰঃ প্রকৃতিগতভাৱে প্লাষ্টিকসমূহ অ-ক্ষয়কাৰী। কাৰণ ইয়াত যিকোনাে বস্তু থব পাৰি। মামৰ নধৰে আৰু খাদ্যদ্রব্যৰ লগত ৰাসায়নিক বিক্রিয়া নকৰে। মামৰে নধৰে বাৰে ই ক্ষয় নাযায়। পৃষ্ঠ মিহি বাবেও ইয়াৰ ক্ষয় কম কাৰণ ঘর্ষণ কম হয়।

প্রশ্ন 11ঃ টুথ ব্রাছ এডালৰ নাল আৰু নােমৰােৰ একে পদার্থৰে তৈয়াৰ কৰাটো উচিত নে?
উত্তৰঃ টুথ ব্রাছ এডালৰ নাল আৰু নােমবােৰ একে পদার্থৰে তৈয়াৰী নহয়। নােমবােৰ নালতকৈ বেছি কোমল প্লাষ্টিকেৰে তৈয়াৰী হ’ব লাগে।

প্রশ্ন 12ঃ “পৰাপক্ষত প্লাষ্টিক এৰাই চলিবা”— এই পৰামৰ্শৰ ওপৰত মতামত দিয়া।
উত্তৰঃ প্লাষ্টিকৰ ব্যৱহাৰ পৰাপক্ষত এৰাই চলিব লাগে। কাৰণ- প্লাষ্টিক পৰিৱেশ অনুকূল নহয়। ই পছি নাযায়। পুৰিলে পৰিৱেশ প্ৰদূষিত গেছ নির্গত হয়। গতিকে পানী, মাটি আৰু বায়ুক সমানে প্ৰদূষিত কৰে।

প্রশ্ন 13ঃ “A” স্তম্ভত দিয়া শব্দবােক “B” স্তম্ভত দিয়া খণ্ডবাক্যৰ লগত শুদ্ধকৈ মিলােৱা-

“A” স্তম্ভ “B” স্তম্ভ
(i) পলিয়েষ্টাৰ
(ii) টেফলন
(ii) ৰেয়ন
(iv) নাইলন
 (a) কাঠৰ মণ্ড ব্যৱহাৰ কৰি প্ৰস্তুত কৰা হয়।
(b) পেৰাচুট আৰু মােজা বনাবলৈ ব্যৱহাৰ কৰা হয়।
(c) কল/আটখাই নধৰা ৰন্ধন সা-সৰঞ্জাম বনাবলৈ ব্যৱহাৰ কৰা হয়।
(d) সহজে শােটোৰা নপৰা কাপোেৰ।

উত্তৰঃ (i) ↔(d),

(ii)  ↔(c)

(iii)  ↔ (a)

(iv)  ↔ (b)

প্রশ্ন 14 “সাংশ্লেষিক আঁহসমূহৰ উৎপাদনে আচলতে বন সংৰক্ষণত সহায় কৰি আছে— মতামত দিয়া।
উত্তৰঃ যদি সাংশ্লেষিক আঁহ উৎপন্ন নহ’লে হেঁতেন, তেন্তে আমাৰ দৈনন্দিন জীৱন যাপনত ব্যৱহাৰ কৰা সামগ্ৰীসমূহ বনজাত উদ্ভিদৰ পৰাই তৈয়াৰ কৰিব লগা হ’ল হেঁতেন। এনে সামগ্রী যি হাৰত উৎপাদন কৰিব লাগিল হেঁতেন, সেই অনুপাতে হাবি বনবােৰ উদ্ভিদ কাটি তহিলং কৰিব লগা হ’লহেঁতেন। প্লাষ্টিক উৎপাদনৰ পাছত এইবােৰৰ দ্বাৰা এনে সামগ্রী তৈয়াৰ হােৱা বাবে বনৰ উদ্ভিদবোৰ বাছি গৈছে। গতিকে সাংশ্লেষিক আঁহৰ উৎপাদনে বননি সংৰেক্ষণত সহায় কৰি আহিছে।

লগতে পঢ়ক:   বল আৰু চাপ Class 8 Science Chapter 11 Question answer in Assamese

প্রশ্ন 15ঃ তাপনমনীয় প্লাষ্টিক যে বিদ্যুতৰ কু-পৰিবাহী সেইটো দেখুৱাবলৈ এটা। ক্রিয়াকলাপ বর্ণনা কৰা৷
উত্তৰ : তাপনমনীয় প্লাষ্টিক বিদ্যুতৰ কু-পৰিবাহী। যদি আমি এডাল প্লাষ্টিকৰ তাৰেৰে বিদ্যুৎ বৰ্ত্তনী এটা তৈয়াৰ কৰাে, তেন্তে তাৰ মাজেৰে বিদ্যুৎ প্রবাহিত নহয়। ইয়াৰ পৰাই তাপনমনীয় প্লাষ্টিক বিদ্যুতৰ কু-পৰিবাহী বুলি প্রমাণ পােৱা যায়।

বিজ্ঞান class 8 পাঠ ৩

প্রশ্ন 1ঃ আঁহবােৰৰ প্ৰকাৰ কি কি? প্রত্যেকৰে উদাহৰণ দিয়া।
উত্তৰঃ আহবােৰৰ প্ৰকাৰ দুটা
(i) প্রাকৃতিক আঁহ। উদাহৰণ-পাট, মুগা, মৰাপাট, তচৰ আদি।
(ii) কৃত্রিম বা সাংশ্লেষিক আহ। উদাহৰণ-নাইলন, টেৰিলিন আদি।

প্রশ্ন 2ঃ পলিমাৰ বা বহুযােগী কাক কয়? এটা উদাহৰণ দিয়া।
উত্তৰঃ জৈৱ যৌগৰ অসংখ্য সৰু সৰু অণু লগ লাগি যি ডাঙৰ যৌগ উৎপন্ন হয় তাকে পলিমাৰ বা বহুযযাগী বােলে। Poly মানে বহুত mer মানে অংশ উদাহৰণস্বৰূপে পলিথিন এটা পলিমাৰ।

প্রশ্ন 3:  এটা প্রাকৃতিক পলিমাৰৰ উদাহৰণ দিয়া।
উত্তৰঃ কপাহ প্রাকৃতিক পলিমাৰৰ উদাহৰণ।

প্রশ্ন 4: ৰেয়ন বা কৃত্রিম পাট কাক বােলে?
উত্তৰঃ কাঠৰ মণ্ডৰ পৰা ৰায়ায়নিক প্রক্রিয়াৰে তৈয়াৰ কৰা আহক ৰেয়ন বা কৃত্রিম পাট বােলে।

প্রশ্ন 5ঃ নাইলন কেনেকৈ তৈয়াৰ কৰা হৈছিল?
উত্তৰঃ নাইলন কয়লা, পানী আৰু বায়ুৰ পৰা তৈয়াৰ কৰা হৈছিল। ই মানৱসৃষ্টি কৃত্রিম আঁহ। নাইলন প্রথম সাংশ্লেষিক আঁহ।

প্রশ্ন 6ঃ পলিয়েষ্টাৰ কি? টেৰিলিন কি?
উত্তৰ পলিয়েষ্টাৰ হ’ল এবিধ সাংশ্লেষিক আঁহ। ই পেট্ৰ’লিয়ামজাত। টেৰিলিন এবিধ জনপ্রিয় পলিয়েষ্টাৰ।

প্রশ্ন 7ঃ দুবিধ থার্ম প্লাষ্টিকৰ নাম লিখা।
উত্তৰঃ PVC  আৰু পলিথিন দুবিধ থার্মপ্লাষ্টিক।

প্রশ্ন ৪ঃ জৈৱ পচনশীল আৰু জৈৱ অপচনশীল বস্তু মানে কি বুজা? উদাহৰণ দিয়া।
উত্তৰঃ যিবােৰ পদার্থ বেক্টেৰিয়াৰ ক্ৰিয়াৰ দ্বাৰা গেলি পচি মাটিৰ লগত মিহলি হয়, সেইবােৰক জৈৱ পচনশীল বস্তু বােলে। উদাহৰণ-কাঠ, প্রাণীদেহ আদি।
যিবােৰ পদার্থ মাটিত বা পানীত বহু বছৰ ধৰি থাকিলেও পচি নাযায় তাক জৈৱ অপচনশীল বস্তু বােলে। উদাহৰণ— প্লাষ্টিক, কাচ আদি।

1 thought on “কৃত্রিম আঁহ আৰু প্লাষ্টিক Class 8 Science Chapter 3 Assamese”

Leave a Comment

Your email address will not be published. Required fields are marked *


Scroll to Top