Home » অষ্টম শ্ৰেণীৰ সমাজ বিজ্ঞান » বসতি: গ্ৰাম্য আৰু নগৰীয়া জীৱন – সমাজ বিজ্ঞান অষ্টম শ্ৰেণী

বসতি: গ্ৰাম্য আৰু নগৰীয়া জীৱন – সমাজ বিজ্ঞান অষ্টম শ্ৰেণী

শ্ৰেণীঅষ্টম শ্ৰেণী (Class 8)
বিষয়সমাজ বিজ্ঞান (Social Science)
পাঠৰ নামবসতি: গ্ৰাম্য আৰু নগৰীয়া জীৱন
খণ্ডভূগোল (Geography)
পাঠৰ নংঅধ্যায় ৪ (Chapter 4)
পাঠ্যক্ৰম SCERT

বসতি: গ্ৰাম্য আৰু নগৰীয়া জীৱন

অনুশীলনীৰ অতি চমু প্ৰশ্নোত্তৰ


প্ৰশ্ন ১: জনবসতিক কেইভাগত ভাগ কৰা হয়?
উত্তৰ: জনবসতিক ঘাইকৈ দুই ভাগত ভাগ কৰা হয়- (ক) গ্ৰাম্য বসতি আৰু (খ) নগৰীয়া বসতি।

প্ৰশ্ন ২: গ্ৰামাঞ্চলৰ কিমান শতাংশ লােক কৃষিকাৰ্যৰ লগত জড়িত?
উত্তৰ: প্ৰায় ৭৫ শতাংশতকৈও অধিক লােক কৃষিকাৰ্যৰ লগত জড়িত।

Winter Sale

প্ৰশ্ন ৩: নগৰৰ কেন্দ্ৰীয় অঞ্চলটো ঘাইকৈ কি কি কাৰ্যৰ লগত জড়িত?
উত্তৰ: নগৰৰ কেন্দ্ৰীয় অঞ্চলটো ব্যৱসায়-বাণিজ্যৰ লগত জড়িত।

প্ৰশ্ন ৪: উৎপত্তিকালৰ ভিত্তিত ভাৰতবৰ্ষৰ নগৰসমূহক কেইটা শ্ৰেণীত ভাগ কৰা হৈছে?
উত্তৰ: উৎপত্তিৰ যুগ অনুসৰি ভাৰতৰ নগৰসমূহক তিনিটা ভাগত ভাগ কৰা হৈছে— প্ৰাচীন নগৰ, মধ্যযুগৰ নগৰ আৰু আধুনিক যুগৰ নগৰ।

প্ৰশ্ন ৫: লােকপিয়ল বিভাগে নিৰ্দিষ্ট কৰি দিয়া মতে ভাৰতবৰ্ষৰ নগৰ এখনৰ প্ৰান্তিক জনসংখ্যা কিমান হ’ব লাগে?
উত্তৰ: আমাৰ ভাৰতবৰ্ষত নগৰ এখনৰ প্ৰাৰম্ভিক জনসংখ্যা ৫৫০০ জন হ’ব লাগে।

প্ৰশ্ন ৬: অসমৰ একমাত্ৰ পৌৰ নিগম পৰিচালিত মহানগৰখনৰ নাম কি?
উত্তৰ: গুৱাহাটী।

প্ৰশ্ন ৭: ভাৰতৰ প্ৰাচীন নগৰ, মধ্যযুগীয় নগৰ আৰু আধুনিক নগৰৰ প্ৰত্যেকৰে দুখনকৈ নগৰৰ নাম লিখা।
উত্তৰ:

  • প্ৰাচীন নগৰ: (ক) বাৰানসী আৰু (খ) পুৰী।
  • মধ্যযুগীয় নগৰ: (ক) দিল্লী আৰু (খ) আগ্ৰা।
  • আধুনিক নগৰ: (ক) চণ্ডীগড় আৰু (খ) ভুৱনেশ্বৰ।

প্ৰশ্ন ৮: শুদ্ধ/অশুদ্ধ লিখা।
(ক) নগৰীয়া বসতিতকৈ গ্ৰাম্য বসতিৰ ঘনত্ব অধিক।
উত্তৰ: অশুদ্ধ।
(খ) গ্ৰাম্য বসতিৰ অধিক সংখ্যক লােক চাকৰিৰ লগত জড়িত।
উত্তৰ: অশুদ্ধ।
(গ) নতুন দিল্লী এখন প্ৰশাসনিক নগৰ।
উত্তৰ: শুদ্ধ।
(ঘ) আগ্ৰা এখন নদীৰ পাৰত অৱস্থিত নগৰ।
উত্তৰ: শুদ্ধ।
(ঙ) শিলচৰ বৰাক নদীৰ পাৰত অৱস্থিত।
উত্তৰ: শুদ্ধ।

প্ৰশ্ন ৯: নগৰৰ সা-সুবিধা আৰু সমস্যা সম্পৰ্কত দুখন সুকীয়া তালিকা প্ৰস্তুত কৰা।
উত্তৰ:
(১) নগৰৰ সা-সুবিধাবােৰ:

  • ব্যৱসায়-বাণিজ্যৰ বাবে সুবিধাজনক।
  • ৰাস্তা-ঘাট, আলিবাটৰ বাবে সুবিধাজনক।
  • যাতায়াত-পৰিবহণৰ বাবে সুবিধাজনক।
  • উচ্চ উন্নত শিক্ষা-দীক্ষাৰ বাবে সুবিধাজনক।
  • চিকিৎসা ব্যৱস্থাৰ বাবে সুবিধাজনক।
  • আত্মনিয়ােগৰ বাবে সুবিধাজনক।
  • নিবনুৱাসকলৰ বাবে আত্মসংস্থাপনৰ সুবিধা।
  • আমােদ-প্ৰমােদ, তীৰ্থ যাত্ৰাৰ সা-সুবিধা।

(২) নগৰৰ সমস্যাসমূহ:

  • বাসস্থানৰ অসুবিধা।
  • জনসংখ্যা বৃদ্ধিৰ সমস্যা।
  • কৃত্ৰিম বানপানীৰ সমস্যা।
  • যান-জোঁটৰ সমস্যা।
  • নলা-নৰ্দমা বন্ধৰ সমস্যা।
  • অত্যধিক দামত সামগ্ৰী কিনাৰ সমস্যা।
  • গাঁৱৰ তুলনাত খৰচী জীৱন।

প্ৰশ্ন ১০: অসমত পৌৰ প্ৰশাসনৰ অন্তৰ্ভুক্ত নগৰৰ সংখ্যা কিমান খন?
উত্তৰ: নগৰৰ সংখ্যা ৮০ খন।

প্ৰশ্ন ১১: অসমৰ ১০ খন প্ৰধান নগৰৰ নাম লিখি সেইবােৰৰ জিলাবােৰ উল্লেখ কৰা।
উত্তৰ:

নগৰজিলা
১. গুৱাহাটীকামৰূপ (মেট্ৰো)
২. ডিব্ৰুগড়ডিব্ৰুগড়
৩. শিৱসাগৰশিৱসাগৰ
৪. লক্ষিমপুৰউত্তৰ লক্ষিমপুৰ
৫. তিনিচুকীয়াতিনিচুকীয়া
৬. নগাঁওনগাঁও
৭. ধুবুৰীধুবুৰী
৮. ডিফুডিফু
৯. বৰপেটাবৰপেটা
১০. যােৰহাটযােৰহাট

প্ৰশ্ন ১২: মানুহে কৃষিক কেন্দ্ৰ কৰি স্থায়ীভাবে বসতি আৰম্ভ কৰাৰ কাৰণ কি বুলি ভাবা লিখা।
উত্তৰ: মানুহে মাটি চহােৱা, শস্য চোৱা-চিতা কৰাৰ স্বাৰ্থত আৰু খেতিৰ শস্য ভৱিষ্যতলৈ মজুত ৰখাৰ স্বাৰ্থত স্থায়ীভাবে বসবাস কৰিব লগা হয়।

প্ৰশ্ন ১৩: মানুহে নৈপৰীয়া ঠাইত স্থায়ী বসতিৰ বাবে নিৰ্বাচন কৰাৰ কাৰণ কি?
উত্তৰ: মানুহ আৰু কৃষিকাৰ্যৰ বাবে পানী আৱশ্যক হােৱাৰ বাবে আৰু নৈৰে পৰিবহণ কৰিবলৈ নৈপৰীয়া ঠাইত স্থায়ী বসতি কৰে।

প্ৰশ্ন ১৪ (ক): গাঁৱতকৈ নগৰত জনসংখ্যা অধিক হােৱাৰ কাৰণ কি বুলি ভাবা লিখা।
উত্তৰ: নগৰবােৰ পৰিকল্পিতভাৱে গঢ়ি তােলা হয়। যাতায়াতৰ ব্যৱস্থা সুচল, ঘৰবাৰীৰ আৰ্হি আধুনিক, যানবাহনৰ সংখ্যা বেছি, ঘন বসতি, জীৱন-নিৰ্বাহৰ সুবিধা— এইবােৰ কাৰণতে জনসংখ্যা নগৰত বেছি।


ৰচনাধৰ্মী প্ৰশ্নোত্তৰ

প্ৰশ্ন ১: চমুকৈ উত্তৰ লিখা।

(ক) গ্ৰাম্য অঞ্চলৰ বৃত্তিৰ বিষয়ে চমুকৈ লিখা।
উত্তৰ: গ্ৰামাঞ্চলৰ মানুহৰ জীৱন-ধাৰণৰ একমাত্ৰ জীৱিকাৰ উপায় হ’ল কৃষিকৰ্ম। প্ৰায় ৭৫ৰ পৰা ৮০ শতাংশ লােক কৃষিজীৱী। খেতিৰ উপৰি পশুপালন, মাছ মৰা, বাঁহ-বেতৰ আচবাব তৈয়াৰ, মাটিৰ বাচন-বৰ্তন সাজি, কাঠমিস্ত্ৰিৰ কাম আৰু সৰু-সুৰা ব্যৱসায় কৰি জীৱন নিৰ্বাহ কৰে।

(খ) নগৰীয়া বসতিৰ প্ৰধান জীৱিকাবােৰ কি কি?
উত্তৰ: নগৰীয়া বসতি ব্যৱসায়-বাণিজ্য আৰু শিল্প-উদ্যোগৰ ওপৰত নিৰ্ভৰশীল। বেছিভাগ মানুহ বেপাৰ-বাণিজ্য আৰু চাকৰিজীৱী। পাইকাৰী-খুচুৰা বিক্ৰী, শিল্প-প্ৰতিষ্ঠান, চৰকাৰী-বেচৰকাৰী চাকৰি, শিক্ষানুষ্ঠান, চিকিৎসালয় আৰু পৰিবহণ বিভাগত কাম কৰি জীৱিকা অৰ্জন কৰে।

(গ) নগৰীয়া বসতিৰ সা-সুবিধাৰ বিষয়ে চমুকৈ লিখা।
উত্তৰ: নগৰত পৰিপাটি ঘৰ-বাৰী, সুচল যাতায়াত, পকী ৰাস্তা-ঘাট, শিক্ষানুষ্ঠান (মহাবিদ্যালয়, বিশ্ববিদ্যালয়), চিকিৎসা ব্যৱস্থা (হাস্পতাল, নার্চিংহােম), বেপাৰ-বাণিজ্যৰ সুবিধা আৰু কৰ্মসংস্থাপনৰ ব্যৱস্থা আছে।

(ঘ) নগৰত বসতি ঘন হােৱাৰ কাৰণ কি?
উত্তৰ: নগৰত জনসংখ্যা ঘন হয় কাৰণ গ্ৰাম্যাঞ্চলৰ পৰা শিক্ষা, কৰ্মসংস্থাপন আৰু ব্যৱসায়ৰ বাবে প্ৰব্ৰজন হয়। আধুনিক নগৰীকৰণ, বহুমহলীয়া অট্টালিকা, যানবাহনৰ সংখ্যা বৃদ্ধি আৰু বাণিজ্যিক কেন্দ্ৰ হিচাপে গঢ়ি উঠাৰ ফলত জনসংখ্যা বাঢ়ে।

(ঙ) মেগাল’পলিচ কাক বােলে?
উত্তৰ: ৰাজ্যৰ গুৰুত্বপূৰ্ণ নগৰক কেন্দ্ৰ কৰি তাৰ উপকণ্ঠত সৰু-সৰু নগৰ-চহৰ গঢ়ি উঠি এক নগৰপুঞ্জ গঠন কৰে। এনে নগৰপুঞ্জক মেগাল’পলিচ বােলে।


প্ৰশ্ন ২: অসম নগৰীকৰণত কিয় অনুন্নত বহলাই আলােচনা কৰা।
উত্তৰ: অসমত নগৰীকৰণ অনুন্নত কাৰণ নগৰৰ সংখ্যা আৰু মানদণ্ড ভাৰতৰ গড় (২৭.৭৪%)তকৈ কম (১২.৭২%)। অসম কৃষিপ্ৰধান হ’লেও কৃষি পিছপৰা, উৎপাদন কম, পদ্ধতি পুৰণি। বাণিজ্য আৰু ঔদ্যোগিক উন্নতি নোহোৱাৰ ফলত যাতায়াত-পৰিবহণ সুচল নহয়। প্ৰাকৃতিক সম্পদ (চাহ, তেল, বাঁহ-বেত)ৰ সম্পূৰ্ণ ব্যৱহাৰ আৰু আধুনিক শিল্প-উদ্যোগৰ অভাৱত কৰ্মসংস্থাপন সৃষ্টি নহয়। ফলত গ্ৰামৰ পৰা নগৰলৈ প্ৰব্ৰজন কম, আৰু শিক্ষা-প্ৰশাসনিক কেন্দ্ৰৰ উন্নতিও সীমিত।


প্ৰশ্ন ৩: অসমত কি কি ভিত্তিত নগৰবােৰ গঢ়ি উঠিছে?
উত্তৰ: অসমত মুঠ ১০৩ খন নগৰৰ ভিতৰত ৮৫ খন ব্ৰহ্মপুত্ৰ উপত্যকাত। এই নগৰবােৰ বিভিন্ন ভিত্তিত গঢ়ি উঠিছে:

  • চাহ শিল্পৰ ভিত্তি: ডুমডুমা, দেৰগাঁও।
  • প্ৰশাসনিক কেন্দ্ৰ: গুৱাহাটী, নগাঁও, লক্ষিমপুৰ।
  • কুটীৰ শিল্প আৰু লঘু উদ্যোগ: শুৱালকুছি, সৰ্থেবাৰী।
  • যাতায়াত-পৰিবহণ কেন্দ্ৰ: লামডিং, তিনিচুকীয়া।
  • খাৰুৱা তেলৰ ভিত্তি: ডিগবৈ, ডুলীয়াজান, বঙাইগাঁও।
  • কৃষিজ উৎপাদন: পাঠশালা, কৃষ্ণাই, খাৰুপেটীয়া।
  • শিল্প-উদ্যোগৰ বিকাশ: গুৱাহাটী, বঙাইগাঁও, তিনিচুকীয়া।

Leave a Comment

Stay informed about the latest Educational Update website. We provide timely and accurate information on upcoming Exam, application deadlines, exam schedules, and more.

📱 Get AssamWeb App

Unlock free PDFs, mock tests, and certificates with our mobile app. Faster, smoother, and made for students 📚✨

🚀 Install from Play Store One-time reminder • No spam