সাগৰ-মহাসাগৰ Class 8 সমাজ বিজ্ঞান অষ্টম শ্ৰেণী পাঠ ৫

সাগৰ-মহাসাগৰ
বিষয়  সমাজ বিজ্ঞান
পাঠৰ নাম সাগৰ-মহাসাগৰ
খণ্ড ভূগোল
শ্ৰেণী  অষ্টম শ্ৰেণী
পাঠৰ নং অধ্যায় ৫ ‌
পাঠ্যক্ৰম  ৰাজ্যিক শৈক্ষিক গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদ (SCERT)

সাগৰ-মহাসাগৰ Class 8

অনুশীলনীৰ প্রশ্নোত্তৰ

প্রশ্ন ১। মহাসাগৰীয় সোতৰ সৃষ্টিৰ কাৰণবােৰ কি কি?
উত্তৰঃ মহাসাগৰীয় সোঁত সৃষ্টিৰ কাৰণবােৰ হ’ল-
(ক) পৃথিৱীৰ আবর্তন। (খ) নিয়ত বতাহ। (গ) পানীৰ উষ্ণতা। (ঘ) পানীৰ লৱণতা। (ঙ) পানীৰ চাপৰ তাৰতম্য আদিয়ে সাগৰ মহাসাগৰৰ সোঁতৰ সৃষ্টি কৰে।

প্রশ্ন ২। গৰম পানীৰ সোঁত বুলিলে কি বুজা ?
উত্তৰ : উষ্ণমণ্ডলৰ পৰা গৰম আৰু পাতল সমুদ্র জল ওপৰে ওপৰে পৃষ্ঠপ্রবাহ ৰূপে শীতমণ্ডললৈ প্রবাহিত হয়। ইয়েই হ’ল সাগৰীয় উষ্ণ বা গৰম পানীৰ সোঁত।

প্রশ্ন ৩। সাগৰীয় জীৱবোৰ কেই প্রকাৰৰ? কিহৰ ভিত্তিত এইবােৰৰ শ্রেণী বিভাগ কৰা হয়?
উত্তৰঃ সাগৰীয় জীৱবােৰ তিনি প্রকাৰৰ— (ক) প্লেংকটন বা প্লৱক, (খ) বেনথ’জ আৰু (গ) নেকটন।
লৰচৰ কৰাৰ ধৰণ আৰু বসতি স্থলৰ ওপৰত ভিত্তি কৰা সাগৰীয় উদ্ভিদ আৰু প্রাণীবােৰক তিনি ভাগত ভাগ কৰা হয়।

প্রশ্ন ৪। সাগৰৰ কেনেকুৱা অঞ্চলত সাধাৰণতে মৎস্যক্ষেত্ৰ গঢ়ি উঠে?
উত্তৰ: সাগৰৰ বুকুত অগভীৰ অঞ্চলবােৰত মাছৰ খাদ্য প্লেংকটন বা প্লৱক যথেষ্ট পৰিমাণে-পােৱা যায়। এনে অঞ্চলবােৰতে পৃথিৱীৰ উৎকৃষ্ট মৎস ক্ষেত্ৰবােৰ গঢ়ি উঠে।

প্রশ্ন ৫। চুনামি কাক বােলে?
উত্তৰঃ ভূমিকম্পৰ ফলত সাগৰৰ বুকুত সৃষ্টি হােৱা প্রচণ্ড ঢৌক ছুনামি বােলে।

প্রশ্ন ৬। জোৱাৰ ভাটাৰ প্ৰধান কাৰণ কি?
উত্তৰ: পৃথিৱীৰ ওপৰত চন্দ্ৰ আৰু সূৰ্যৰ আকাৰ্ষণ আৰু পৃথিৱীৰ আৱৰ্তনৰ বাবে সৃষ্টি হােৱা অপকেন্দ্রিক শক্তিৰ আকর্ষণতে জোৱাৰ ভাটা হয়।

প্রশ্ন ৭ পৃথিৱীখনক নীলা গ্রহ বুলি কিয় কোৱা হয়?
উত্তৰ:-পৃথিৱীখনৰ উপৰি ভাগৰ প্ৰায় চাৰি ভাগৰ তিনি ভাগেই পানী। ভূ-পৃষ্ঠৰ প্রায় ৭১ শতাংশ জলভাগে আগুৰি আছে। এই কাৰণতে পৃথিৱীখনক নীলা গ্রহ বুলি কোৱা হয়।

সমাজ বিজ্ঞান অষ্টম শ্ৰেণী পাঠ ৫

প্রশ্ন ৮। পৃথিৱীখনৰ জলভাগক কি কি পাঁচটা ভাগত ভাগ কৰা হৈছে?
নাইবা, পৃথিৱী মহাসাগৰ পাঁচখনৰ নাম কি কি?
উত্তৰ:- পৃথিৱীৰ মহাসাগৰ পাঁচখনৰ নাম হ’ল—
(ক) প্রশান্ত মহাসাগৰ
(খ) আটলান্টিক মহাসাগৰ
(গ) ভাৰত মহাসাগৰ
(ঘ) উত্তৰ মহাসাগৰ
(ঙ) দক্ষিণ মহাসাগৰ।

লগতে পঢ়ক:   সমাজ বিজ্ঞান Class 8 প্ৰশ্ন উত্তৰ ইয়াত উপলব্ধ অষ্টম শ্ৰেণী

প্রশ্ন ৯। পৃথিৱীৰ বর্তমান বয়স কিমান বুলি জনা যায় ?
উত্তরঃ প্রায় ৪৫০০ বছৰ।

প্রশ্ন ১০। উৎপত্তিৰ সময়ত পৃথিৱীখন কেনেকুৱা অৱস্থাত আছিল লিখা।
উত্তৰ :উৎপত্তিৰ সময়ত আৰু তাৰ বহুকাল পাছলৈকে পৃথিৱীখন এটি উত্তপ্ত গেছীয় পিণ্ড হিচাপে আছিল।

প্রশ্ন ১১। নিৰক্ষীয় অঞ্চলত মহাসাগৰৰ পানীভাগ কিয় সহজে গৰম হয় লিখা।
উত্তৰ :পৃথিৱীৰ নিৰক্ষীয় অঞ্চলত সূৰ্যৰ তাপ (কিৰণ) পানে পােনে পৰা বাবে এই অংশত মহাসাগৰৰ পানীৰ উত্তাপ তুলনামূলকভাৱে বেছি হয়। সেইবাবে এই অঞ্চলত বাষ্পীভৱন বেছি হয় আৰু পানীৰ ঘনত্ব কম আৰু ঠাণ্ডা হয়।

প্রশ্ন ১২। ছুনামি (Tsunami) শব্দৰ অৰ্থ ব্যাখ্যা কৰা।
উত্তৰ : ছুনামি শব্দটো এটা জাপানী শব্দ। জাপানী ভাষাত ছু(Tsu) মানে পােতাশ্রয় (harbour) আৰু নামি (nami) মানে টৌ (wave)। গতিকে ইয়াৰ অৰ্থ হ’ল সাগৰৰ পােতাশ্ৰয়ত উঠা ঢৌ।

প্রশ্ন ১৩। পৃথিৱীৰ ভিতৰত প্রধান ভূমিকম্প প্রৱণ অঞ্চলটো কি, ক’ত তাৰ এটি বিৱৰণ দিয়া।
উত্তৰ:পৃথিৱীৰ তিনিটা আগ্নেয় বলয়ৰ ভিতৰত প্রশান্ত বলয়টো প্রধান। ই গােটেই প্রশান্ত মহাসাগৰক বেৰি প্ৰায় চাৰিওফালে আঙুঠিৰ নিচিনাকৈ থকা কাৰণতে ইয়াক প্রশান্ত মহাসাগৰীয় আগ্নেয় আঙঠি বলয় বােলে (Ring of Fire)। এই অঞ্চলতে পৃথিৱীৰ শতকৰা প্রায় ৬৫ ভাগ আগ্নেয়গিৰি আছে। জাপানতে পৃথিৱীৰ আটাইতকৈ বেছি আগ্নেয়গিৰি আছে। গতিকে জাপানত সঘনাই ভূমিকম্প হয় আৰু তাৰ ফলতে ছুনামিৰ সৃষ্টি হয়। ছুনামি ইমান প্রবল যে ইয়াৰ দ্বাৰা ১৫ মিটাৰ পর্যন্ত ওখ ঢৌৰ সৃষ্টি হ’ব পাৰে। ছুনামিৰ গতিবেগ ঘণ্টাত ৭০০ কিলােমিটাৰৰাে বেছি হ’ব পাৰে।

সমাজ বিজ্ঞান অষ্টম শ্ৰেণী পাঠ ৫

প্রশ্ন ১৪। তলত দিয়া প্রশ্নবােৰৰ কাৰণ দৰ্শোৱা ?

(ক) নাটনি জোৱাৰ বাসন্তী জোৱাৰৰ সমান শক্তিশালী নহয়।
উত্তৰ: পূর্ণিমা আৰু অমাৱস্যাৰ দিনা চন্দ্র, পৃথিৱী আৰু সূর্য প্রায় একেডাল ৰেখাত পৰে। এই দুদিনত চন্দ্ৰ আৰু সূর্য উভয়ৰে আকৰ্ষণত জোৱাৰৰ ঢৌ বেছি ওপৰলৈ অর্থাৎ সূর্য আৰু চন্দ্ৰৰ একেলগে আকর্ষণ কৰে কাৰণে আকর্ষণ জোৰ বেছি হয়। এই আকর্ষণ অমাৱস্যাৰ দিনা সূর্য আৰু চন্দ্র পৃথিৱীৰ এফালে থাকে আৰু পূর্ণিমাৰ দিনা পৃথিৱীক মাজত ৰাখি এফালে সূর্য আৰু আন ফালে চন্দ্র থাকি আকর্ষণ কৰে। সেই কাৰণে জোৱাৰ ভাটা বেছি উচ্চতালৈ উঠে।

লগতে পঢ়ক:   অধ্যয়নত প্রযুক্তিৰ প্ৰয়ােগ Class 8 Social Science Lesson 8 Assamese Medium

কিন্তু আনহাতে নাটনি জোৱাৰত সপ্তমী আৰু অষ্টমীৰ দিনা পৃথিৱীৰ লগত চন্দ্ৰ আৰু সূর্যই এক সমকোণত থাকি আকর্ষণ কৰে। সেই দুদিনত সূর্য আৰু চন্দ্রই দুই ফালৰ পৰা সমকোণভাৱে আকর্ষণ কৰে বাবে আকর্ষণ শক্তি বাসন্তী জোৱাৰৰ দৰে শক্তিশালী নহয়। কাৰণ দুটা বিপৰীত আকর্ষণে শক্তি যথেষ্ট কমাই পেলায়। সেই কাৰণে ইয়াক নাটনি জোৱাৰ বালে।

(খ) আজিকালি পৃথিৱীৰ সকলাে ঠাইতে সাগৰীয় মাছ কিনিবলৈ পােৱা যায়।।
উত্তৰ: পৃথিৱীৰ সকলাে ঠাইতে সাগৰীয় মাছ কিনিবলৈ পােৱাৰ কাৰণ হ’ল— মাছ ধৰা আৰু সংৰক্ষণৰ ক্ষেত্ৰত আজিকালি অত্যাধুনিক প্রযুক্তি ব্যৱহাৰ কৰি, মাছবােৰ লগে লগে শীতলীকৰণৰ দ্বাৰা সংৰক্ষণ কৰা হয় আৰু টিনত ভৰাই বৈজ্ঞানিক প্রযুক্তিৰে বিশ্বৰ বিভিন্ন প্রান্তলৈ পঠাই দিয়া হয়। সেই কাৰণতে টিনৰ সাগৰীয় মাছ কিনিবলৈ পােৱা যায়।

(গ) জাপানত সঘনাই ছুনামি হয়।
উত্তৰ: জাপান দেশখন প্রশান্ত মহাসাগৰীয় আগ্নেয় বলয়ত অৱস্থিত। এই আগ্নেয় বলয়তে পৃথিৱীৰ শতকৰা ৬৫ শতাংশ অংশত আগ্নেয়গিৰি উদগীৰণ হয়। জাপানতে পৃথিৱীৰ আটাইতকৈ বেছি আগ্নেয়গিৰি আছে। জাপানত সঘনে ভূমিকম্প আৰু আগ্নেয়গিৰি হয় বাবে ছুনামিও সঘনে হয়।

(ঘ) বৈদেশিক বাণিজ্যৰ বাবে জাহাজ পৰিবহণ ব্যৱস্থা উৎকৃষ্ট।
উত্তৰ : বৈদেশিক বাণিজ্যত অতীত কালৰে পৰা দেশ-বিদেশৰ বনিকসকলে জাহাজ ব্যৱহাৰ কৰি আহিছে। সাগৰীয় বতাহৰ সহায়ত আগৰ দিনত পালতৰা জাহাজেৰে ইউৰােপৰ বণিকসকলে জাহাজেৰে দেশ-বিদেশত বেপাৰ কৰি আহিছে। আধুনিক যুগত অত্যাধুনিক উন্নত দেশবােৰে সমগ্র পৃথিৱীতে বেপাৰ বাণিজ্য চলাই আহিছে। নৌ-বিদ্যাত পৃথিৱী বিখ্যাত বৃটিছ জাতিয়ে সমগ্র পৃথিৱীতে এই জাহাজেৰে বাণিজ্যিক পন্থাৰে দেশ-বিদেশ জয় কৰি, বিশ্বৰ সাম্রাজ্য বিস্তাৰ কৰিছিল। এই জাহাজ পৰিবহণ পৃথিৱীৰ এক উৎকৃষ্ট পৰিবহণ। কাৰণ জাহাজৰ দ্বাৰা বৃহৎ পৰিমাণৰ গধূৰ সামগ্ৰী পৰিবহণ কৰিব পাৰি। ইয়াৰ খৰছ তুলনামূলকভাৱে আন ব্যৱস্থাতকৈ কম। ইয়াৰ দ্বাৰা কম খৰচতে বহু দূৰ-দূৰণীৰ দেশলৈ বহু বস্তু কঢ়িয়াব পৰা যায়। গতিকে বৈদেশিক বাণিজ্যত জাহাজ পৰিবহণ আটাইতকৈ উৎকৃষ্ট পৰিবহণ।

লগতে পঢ়ক:   জনসংখ্যা বৃদ্ধি আৰু বিতৰণ Class 8 অষ্টম শ্ৰেণী Class 8 Social Science Lesson 2 Assamese Medium

সাগৰ-মহাসাগৰ Class 8

প্রশ্ন: ১৫। সোঁফালৰ লগত বাঁওফাল মিলােৱা
সোঁফাল ↔বাঁওফাল।
(ক) ডায়েটস ক) উদ্ভিদ প্লেংকটুন থকা ঠাইত গঢ়িউঠে।
(খ) নিৰক্ষীয় অঞ্চল (খ) নাটনি জোৱাৰ হয়।
(গ) সাধাৰণ নিমখ (গ) এবিধ উদ্ভিদ প্লেংকটন।
(ঘ) সপ্তমী আৰু অষ্টমী তিথিত (ঘ) মহাসাগৰৰ
পানীৰ দ্রবীভূত হৈ থাকে।
(ঙ) মৎস্য ক্ষেত্ৰবােৰ (ঙ) পানীৰ ঘনত্ব কম হয়।

উত্তৰ: (ক) – (গ), (খ) – (ঙ), (গ) – (ঘ), (ঘ) – (খ), (ঙ) – (ক)

প্রশ্ন ১৬। তলত দিয়াবােৰৰ শুদ্ধ উত্তৰটো বাছি উলিওৱা।

(ক) সাধাৰণতে পানীৰ সোঁতৰ উৎপত্তি হয়—
(১) মেৰু অঞ্চলত (২) নিৰক্ষীয় অঞ্চলত (৩) কোনােটো নহয়।
উত্তৰ : (১) মেৰু অঞ্চলত

(খ) দিনটোৰ ভিতৰত সাগৰত পানী দুবাৰ উঠানমা কৰাকে-
(১) ঢৌ বােলে।
(২) সাগৰীয় সোঁত
(৩) জোৱাৰ ভাটা
উত্তৰঃ (৩) জোৱাৰ ভাটা।

Class 8 science chapter 5 question answer assamese medium

(গ) ছুনামি শব্দৰ অৰ্থ হ’ল—
(১) ভূমিকম্পৰ ঢৌ (২) সাগৰীয় ঢৌ (৩) পােতাশ্রয়ৰ ঢৌ।
উত্তৰ: (৩) পােতাশ্রয়ৰ ঢৌ।

(ঘ) সাঁতুৰিব পৰা সাগৰীয় প্রাণীবােৰ—
(১) নেকটন ( ৩)প্লেংকটন (২) বেনথ’জ
উত্তৰ: (১) নেকটন।

(ঙ) অগভীৰ সূৰ্যৰ ৰশ্মি সহজে সােমাব পৰা পানীত বাস কৰে-
(১) প্লেংকটন (২) বেনথ’জ (৩) নেকটন
উত্তৰ (২) বেনথ’জ।

(চ) উপযুক্ত প্রশিক্ষণ দি বিভিন্ন কামত ব্যৱহাৰ কৰা হয়-
(১) তিমি (২) ডয়েটম (৩) ডলফিন।
উত্তৰ: (৩) ডলফিন।

Leave a Comment

Your email address will not be published. Required fields are marked *


Scroll to Top