Home » অষ্টম শ্ৰেণীৰ সমাজ বিজ্ঞান » সাগৰ-মহাসাগৰ Class 8 – সমাজ বিজ্ঞান

সাগৰ-মহাসাগৰ Class 8 – সমাজ বিজ্ঞান

শ্ৰেণীঅষ্টম শ্ৰেণী (Class 8)
বিষয়সমাজ বিজ্ঞান (Social Science)
পাঠৰ নামসাগৰ-মহাসাগৰ
খণ্ডভূগোল (Geography)
পাঠৰ নংঅধ্যায় ৪ (Chapter 4)
পাঠ্যক্ৰমৰাজ্যিক শৈক্ষিক গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদ (SCERT)

সাগৰ-মহাসাগৰ Class 8


অনুশীলনীৰ প্ৰশ্নোত্তৰ

প্ৰশ্ন ১। মহাসাগৰীয় সোতৰ সৃষ্টিৰ কাৰণবােৰ কি কি?
উত্তৰ: মহাসাগৰীয় সোঁত সৃষ্টিৰ কাৰণবােৰ হ’ল-

  • (ক) পৃথিৱীৰ আবৰ্তন।
  • (খ) নিয়ত বতাহ।
  • (গ) পানীৰ উষ্ণতা।
  • (ঘ) পানীৰ লৱণতা।
  • (ঙ) পানীৰ চাপৰ তাৰতম্য।

প্ৰশ্ন ২। গৰম পানীৰ সোঁত বুলিলে কি বুজা?
উত্তৰ: উষ্ণমণ্ডলৰ পৰা গৰম আৰু পাতল সমুদ্ৰৰ জল পৃষ্ঠপ্ৰবাহ ৰূপে শীতমণ্ডললৈ প্ৰবাহিত হয়। ইয়াক সাগৰীয় উষ্ণ বা গৰম পানীৰ সোঁত বোলে।

Winter Sale

প্ৰশ্ন ৩। সাগৰীয় জীৱবোৰ কেই প্ৰকাৰৰ? কিহৰ ভিত্তিত এইবােৰৰ শ্ৰেণী বিভাগ কৰা হয়?
উত্তৰ: সাগৰীয় জীৱ তিনি প্ৰকাৰৰ—

  • (ক) প্লেংকটন বা প্লৱক।
  • (খ) বেনথ’জ।
  • (গ) নেকটন।
    লৰচৰ কৰাৰ ধৰণ আৰু বসতি স্থলৰ ওপৰত ভিত্তি কৰি এই শ্ৰেণী বিভাগ কৰা হয়।

প্ৰশ্ন ৪। সাগৰৰ কেনেকুৱা অঞ্চলত সাধাৰণতে মৎস্যক্ষেত্ৰ গঢ়ি উঠে?
উত্তৰ: সাগৰৰ অগভTITLEভী অঞ্চলত সাধাৰণতে মৎস্যক্ষেত্ৰ গঢ়ি উঠে। এনে অঞ্চলত মাছৰ খাদ্য প্লেংকটন বা প্লৱক প্ৰচুৰ পৰিমাণে পোৱা যায়। এই কাৰণে এই অঞ্চলবোৰত পৃথিৱীৰ উৎকৃষ্ট মৎস্যক্ষেত্ৰ গঢ়ি উঠে।

প্ৰশ্ন ৫। চুনামি কাক বােলে?
উত্তৰ: ভূমিকম্পৰ ফলত সাগৰৰ বুকুত সৃষ্টি হোৱা প্ৰচণ্ড ঢৌক ছুনামি বোলে।

প্ৰশ্ন ৬। জোৱাৰ ভাটাৰ প্ৰধান কাৰণ কি?
উত্তৰ: পৃথিৱীৰ ওপৰত চন্দ্ৰ আৰু সূৰ্যৰ আকৰ্ষণ শক্তি আৰু পৃথিৱীৰ আৱৰ্তনৰ ফলত সৃষ্ট অপকেন্দ্ৰিক শক্তিৰ বাবে জোৱাৰ ভাটা হয়।

প্ৰশ্ন ৭। পৃথিৱীখনক নীলা গ্ৰহ বুলি কিয় কোৱা হয়?
উত্তৰ: পৃথিৱীৰ ভূ-পৃষ্ঠৰ প্ৰায় ৭১ শতাংশ জলভাগে আগুৰি আছে। এই পানীৰ বিস্তৃতিৰ বাবে পৃথিৱীখনক নীলা গ্ৰহ বোলে।

প্ৰশ্ন ৮। পৃথিৱীখনৰ জলভাগক কি কি পাঁচটা ভাগত ভাগ কৰা হৈছে?
উত্তৰ: পৃথিৱীৰ মহাসাগৰ পাঁচখন হ’ল—

  • (ক) প্ৰশান্ত মহাসাগৰ।
  • (খ) আটলান্টিক মহাসাগৰ।
  • (গ) ভাৰত মহাসাগৰ।
  • (ঘ) উত্তৰ মহাসাগৰ।
  • (ঙ) দক্ষিণ মহাসাগৰ।

প্ৰশ্ন ৯। পৃথিৱীৰ বৰ্তমান বয়স কিমান বুলি জনা যায়?
উত্তৰ: পৃথিৱীৰ বয়স প্ৰায় ৪৫০০ নিযুত (৪.৫ বিলিয়ন) বছৰ বুলি জনা যায়।

প্ৰশ্ন ১০। উৎপত্তিৰ সময়ত পৃথিৱীখন কেনেকুৱা অৱস্থাত আছিল লিখা।
উত্তৰ: উৎপত্তিৰ সময়ত পৃথিৱীখন এটি উত্তপ্ত গেছীয় পিণ্ড হিচাপে আছিল। বহুকাল পাছত ই ঠাণ্ডা হৈ কঠিন আৰু তৰল অৱস্থাত পৰিণত হয়।

প্ৰশ্ন ১১। নিৰক্ষীয় অঞ্চলত মহাসাগৰৰ পানীভাগ কিয় সহজে গৰম হয় লিখা।
উত্তৰ: নিৰক্ষীয় অঞ্চলত সূৰ্যৰ কিৰণ প্ৰায় পোনে পোনে পৰে। এই কাৰণে পানীৰ উষ্ণতা বাঢ়ে, বাষ্পীভৱন বেচি হয় আৰু পানীৰ ঘনত্ব কমি গৰম হয়।

প্ৰশ্ন ১২। ছুনামি (Tsunami) শব্দৰ অৰ্থ ব্যাখ্যা কৰা।
উত্তৰ: ছুনামি এটা জাপানী শব্দ। ‘ছু’ মানে পোতাশ্ৰয় আৰু ‘নামি’ মানে ঢৌ। অৰ্থাৎ, পোতাশ্ৰয়ত উঠা ঢৌ।

প্ৰশ্ন ১৩। পৃথিৱীৰ ভিতৰত প্ৰধান ভূমিকম্প প্ৰৱণ অঞ্চলটো কি, ক’ত তাৰ এটি বিৱৰণ দিয়া।
উত্তৰ: পৃথিৱীৰ প্ৰধান ভূমিকম্প প্ৰৱণ অঞ্চল হ’ল প্ৰশান্ত মহাসাগৰীয় আগ্নেয় আঙঠি বলয়। জাপান এই অঞ্চলত অৱস্থিত, য’ত পৃথিৱীৰ ৬৫% আগ্নেয়গিৰি আছে। তাত সঘনে ভূমিকম্প আৰু ছুনামি হয়।

প্ৰশ্ন ১৪। তলত দিয়া প্ৰশ্নবােৰৰ কাৰণ দৰ্শোৱা:

(ক) নাটনি জোৱাৰ বাসন্তী জোৱাৰৰ সমান শক্তিশালী নহয়।
উত্তৰ: বাসন্তী জোৱাৰত (পূৰ্ণিমা/অমাৱস্যা) চন্দ্ৰ আৰু সূৰ্যৰ আকৰ্ষণ একে ৰেখাত থাকে, শক্তি বেচি হয়। নাটনি জোৱাৰত (সপ্তমী/অষ্টমী) এই আকৰ্ষণ সমকোণত থাকে, শক্তি কমে।

(খ) আজিকালি পৃথিৱীৰ সকলাে ঠাইতে সাগৰীয় মাছ কিনিবলৈ পােৱা যায়।
উত্তৰ: আধুনিক প্ৰযুক্তিৰে মাছ ধৰা, শীতলীকৰণ কৰি সংৰক্ষণ আৰু টিনত ভৰাই বিশ্বব্যাপী পৰিবহণৰ ফলত সাগৰীয় মাছ সকলোতে পোৱা যায়।

(গ) জাপানত সঘনাই ছুনামি হয়।
উত্তৰ: জাপান প্ৰশান্ত মহাসাগৰীয় আগ্নেয় বলয়ত আছে। ইয়াত বহু আগ্নেয়গিৰি আৰু ভূমিকম্পৰ ফলত ছুনামি সঘনে হয়।

(ঘ) বৈদেশিক বাণিজ্যৰ বাবে জাহাজ পৰিবহণ ব্যৱস্থা উৎকৃষ্ট।
উত্তৰ: জাহাজে বৃহৎ পৰিমাণৰ সামগ্ৰী কম খৰচত দূৰৰ দেশলৈ কঢ়িয়াব পাৰে। আধুনিক জাহাজে বাণিজ্যৰ গতি বঢ়ায়।

প্ৰশ্ন ১৫। সোঁফালৰ লগত বাঁওফাল মিলােৱা:
(ক) ডায়েটছ – (গ) এবিধ উদ্ভিদ প্লেংকটন।
(খ) নিৰক্ষীয় অঞ্চল – (ঙ) পানীৰ ঘনত্ব কম হয়।
(গ) সাধাৰণ নিমখ – (ঘ) মহাসাগৰৰ পানীত দ্ৰৱীভূত হৈ থাকে।
(ঘ) সপ্তমী আৰু অষ্টমী তিথিত – (খ) নাটনি জোৱাৰ হয়।
(ঙ) মৎস্যক্ষেত্ৰবােৰ – (ক) উদ্ভিদ প্লেংকটন থকা ঠাইত গঢ়ি উঠে।

প্ৰশ্ন ১৬। তলত দিয়াবােৰৰ শুদ্ধ উত্তৰটো বাছি উলিওৱা:
(ক) সাধাৰণতে পানীৰ সোঁতৰ উৎপত্তি হয়— (১) মেৰু অঞ্চলত।
(খ) দিনটোৰ ভিতৰত সাগৰত পানী দুবাৰ উঠানমা কৰাকে— (৩) জোৱাৰ ভাটা।
(গ) ছুনামি শব্দৰ অৰ্থ হ’ল— (৩) পোতাশ্ৰয়ৰ ঢৌ।
(ঘ) সাঁতুৰিব পৰা সাগৰীয় প্ৰাণীবােৰ— (১) নেকটন।
(ঙ) অগভীৰ সূৰ্যৰ ৰশ্মি সহজে সোমাব পৰা পানীত বাস কৰে— (২) বেনথ’জ।
(চ) উপযুক্ত প্ৰশিক্ষণ দি বিভিন্ন কামত ব্যৱহাৰ কৰা হয়— (৩) ডলফিন।


Leave a Comment

Stay informed about the latest Educational Update website. We provide timely and accurate information on upcoming Exam, application deadlines, exam schedules, and more.

📱 Get AssamWeb App

Unlock free PDFs, mock tests, and certificates with our mobile app. Faster, smoother, and made for students 📚✨

🚀 Install from Play Store One-time reminder • No spam