অসমৰ নদ-নদী Class 8 অষ্টম শ্ৰেণী সমাজ বিজ্ঞান পাঠ ৭

অসমৰ নদ-নদী
বিষয়  সমাজ বিজ্ঞান
পাঠৰ নাম অসমৰ নদ-নদী
খণ্ড ভূগোল
শ্ৰেণী  অষ্টম শ্ৰেণী
পাঠৰ নং অধ্যায় ৭ ‌
পাঠ্যক্ৰম  ৰাজ্যিক শৈক্ষিক গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদ (SCERT)

অসমৰ নদ-নদী Class 8

অনুশীলনীৰ চমু প্রশ্নোত্তৰ

প্রশ্ন ১। ব্ৰহ্মপুত্ৰৰ তিনিটা চাপৰিৰ নাম লিখা।
উত্তৰ: (ক) কান্ধুলীমাৰী, (খ) শিয়ালমাৰী (৩) ভাঙনমাৰী।

প্রশ্নঃ ২। বহির্জাত কাৰক দুটাৰ নাম উল্লেখ কৰা।
উত্তৰ: (১) নদী আৰু (২) হিমনদী বা বতাহ।

প্রশ্ন : ৩। নদীৰ উৎপত্তি স্থল কত ?
উত্তৰ: পার্বত্য অঞ্চলত।

প্রশ্ন: ৪। নদীৰ পানীৰ উৎস কি কি ?
উত্তৰ: বৰষুণৰ পানী আৰু বৰফ গলা পানী।

প্রশ্ন: ৫। অৱবাহিকা কি?
উত্তৰ :কোনাে এখন নদীৰ উপনদী, শাখা নদীয়ে যি অঞ্চলৰ পানী বহন কৰি আনি নৈখনত পেলায় সেই অঞ্চলটোক সেই নদীৰ অৱবাহিকা বুলি গণ্য কৰা হয়।

প্রশ্ন : ৬। জলবিভাজিকা কাক বােলে ?
উত্তৰ : এখন নদীৰ অৱবাহিকাক আন এখন নদীৰ অৱবাহিকাৰ পৰা যি উচ্চ ভূমিয়ে পৃথক কৰে তাকে জল বিভাজিকা বােলে।

প্রশ্ন : ৮। নদীৰ দুটা বা তিনিটা কার্য উল্লেখ কৰা।
উত্তৰ: নদীৰ কার্য
(১) নদীৰ দুই পাৰ আৰু তলিত খনন বা ক্ষয় কার্য সম্পাদন কৰা।
(২) নদীয়ে ক্ষয় কৰা কাৰ্যৰদ্বাৰা সৃষ্টি কৰা সামগ্রী বহন বা পৰিবহন কৰা ।
(৩) নদীৰ সোঁত কমি গ’লে বা দুর্বল হ’লে নদীয়ে অৱক্ষেপণ বা সঞ্চয় কার্য সম্পাদন কৰে।

প্রশ্ন: ৯। ক্ষয় কার্য সম্পাদন কৰা নদীৰ দুটা প্রক্রিয়া উল্লেখ কৰা।
উত্তৰঃ ক্ষয় কার্য সাধন কৰা প্রক্রিয়া দুটা-
(১) পানীৰ সোঁত। (২) ঘর্ষণ কার্য (শিলৰ ঘর্ষণ)।

প্রশ্ন ১০। সোঁফালৰ লগত বাঁওফাল মিলােৱা ?
১। চাংপাে (ক) একা-বেকা গতি পথ।

২। অৰুণাচল (খ) মাজুলী

৩। সর্পিল (গ) চিয়াং

৪। কলং. (ঘ) তিব্বত

৫। নদীদ্বীপ (ঙ) সুঁতি।
উত্তৰ: ১। চাংপাে (ঘ) তিব্বত
২। অৰুণাচল (গ) চিয়াং
৩। সর্পিল (ক) একা-বেকা গতি পথ।
৪। কলং (ঙ)সুঁতি
৫। নদীদ্বীপ (খ) মাজুলী

অষ্টম শ্ৰেণী সমাজ বিজ্ঞান পাঠ ৭

অনুশীলনীৰ ৰচনাধর্মী প্রশ্নোত্তৰসমূহ

প্রশ্ন ১। ব্ৰহ্মপুত্ৰৰ গতিপথক বিভিন্ন অঞ্চলত বিভিন্ন নামেৰে জনা যায়, সেইবােৰ উৎসৰ পৰা ক্ৰমে উল্লেখ কৰা।।নাইবা, উৎসৰ পৰা মােহনালৈকে ব্ৰহ্মপুত্ৰ নৈৰ কোন কোন অংশ বর্তমান কি কি নামেৰে জনা যায় লিখা।
উত্তৰ: ব্রহ্মপুত্র নৈখন কৈলাশ পর্বতৰ তিব্বত ৰাজ্যৰ চেমা য়ুং দুং নামৰ হিমবাহত উৎপত্তি হৈ তিব্বত মালভূমিত প্রায় ১৭০০ কিলােমিটাৰ চাংপাে নামেৰে পূব দিশে বৈ আহি, নৈখনে দক্ষিণ পশ্চিমে ঘূৰি অৰুণাচল প্রদেশত সােমায়। অৰুণাচলত ইয়াৰ নাম হয় চিয়াং। পিছত চীনদেশৰ ‘পাে’ নামৰ ঠাইৰ পৰা থিয় ঢালেৰে পাছিঘাটৰ দক্ষিণত অসমৰ সমভূমিত প্রৱেশ কৰে আৰু দিহং নামেৰে দক্ষিণলৈ বৈ আহি শদিয়াৰ ওচৰত দিবাং আৰু লােহিত নদীৰ লগ লাগে। এই ঠাইৰ পৰাই নদীখনে ব্ৰহ্মপুত্ৰ নামেৰে প্রায় ৬৪০ কিলােমিটাৰ বৈ যায়। শদিয়াৰ পৰা ধুবুৰীলৈ বৈ গৈ ইদক্ষিণলৈ ঘূৰি বাংলাদেশত সােমাইছে। বাংলাদেশত গংগাৰ লগত লগহৈ পদ্মা নামে বৈ গৈ বৰাকত মেঘনা নামে বৈ গৈ বংগােপসাগৰত পৰিছে। এইদৰে চেমা-য়ু দুং হিমবাহত উৎপত্তি হৈ ক্রমে চাংপাে-চিয়াং-
দিহিং-দিবাং-লােহিত ব্রহ্মপুত্র-গংগা-পদ্মা-মেঘনা আদি নাম লৈ সাগৰত পৰিছে।

লগতে পঢ়ক:   বসতি: গ্ৰাম্য আৰু নগৰীয়া জীৱন সমাজ বিজ্ঞান অষ্টম শ্ৰেণী পাঠ ৪

প্রশ্ন ২। নৈ বা উপনৈৰ কাষত বসবাস কৰা লােকৰ নৈখনৰ লগত সাধাৰণতে সম্পর্ক কেনে হয় লিখা।
উত্তৰ: নৈৰ পাৰত বসবাস কৰা লােকৰ নদীখনৰ লগত সম্পর্ক ঘনিষ্ঠ হােৱা দেখা যায়। নৈৰ পাৰত বসবাস কৰা মানুহে সাধাৰণতে কৃষিকাৰ্য আৰু খােৱাপানী নৈৰ পৰাই ব্যৱহাৰ কৰে। কাৰণ নৈৰ পাৰত ভূগৰ্ভৰ পানী কুৱা বা দমকলত সহজে পােৱা নাযায়। আনহাতে খেতি পথাৰত দিয়া পানীও বৰ সােনকালে শুকাই যায়। সেইবাবে নৈৰ পাৰত কৃষিকার্য সিমান ভাল নহয়। নৈৰ পাৰৰ মানুহে সাধাৰণতে গা-পা ধােৱা আৰু কাপােৰ কানি ধােৱাৰ বাবে নৈৰ পানীতে বা পাৰতে ধােৱা দেখা যায়। মুঠতে সকলাে কামৰ বাবে আৰু ধােৱা-পখলা কামৰ বাবে নৈৰ পানীকে ব্যৱহাৰ কৰে। নদীৰ ইপাৰ-সিপাৰৰ মানুহে নদীখন পাৰ হ’বৰ বাবে নাও ব্যৱহাৰ কৰে। সৰু বা ডাঙৰনদীত নাও বা জাহাজৰ ব্যৱহাৰ হয়। স্কুল-কলেজ, বজাৰ-সমাৰ কৰিবলৈ নৈৰ পাৰৰ মানুহে প্রায়ে ইপাৰ সিপাৰ হােৱা দেখা যায়। সাধাৰণতে নদীৰ কোনাে এটা পাৰত ডাঙৰ চহৰ থাকিলে আনটো পাৰৰ মানুহে প্রায়ে নগৰৰ সকলাে সুবিধা পাবলৈ নগৰ বা চহৰখন পাৰ হৈ আহে আৰু যায়। নদীৰ পাৰৰ মানুহে সাধাৰণতে নদীৰ পৰা মাছ মৰা, খৰি-পাত সংগ্রহ কৰা কামাে কৰে। নদীৰ পাৰৰ যাতায়াত ব্যৱস্থা বেছি ভাল নহ’লে, নদীৰে কিছুমান গধূৰ সামগ্রী পানীৰে নাও বা জাহাজত পাৰ কৰিও আনে। আনকি গাড়ী-মটৰ, বাছ আদিও পাৰ কৰি নিয়ে। মুঠতে নদীৰ পাৰত বসবাস কৰা মানুহৰ বাবে নদীখনক আশ্রয় কৰিয়েই জীয়াই থাকে।

Class 8 Social Science Chapter 7 in Assamese Medium

প্রশ্ন ৩। চমূটোকা লিখা?
(ক) নদীৰ উচ্চগতিৰ অংশ (খ) নদীৰ মধ্যগতিৰ অংশ (গ) নদীৰ নিম্নগতিৰ অংশ (ঘ) প্লাৱন ভূমি

উত্তৰঃ (ক) নদীৰ উচ্চ গতি : নদ-নদী বহির্জাত পৰিৱৰ্তন প্রক্রিয়াৰ বিশেষভাৱে উল্লেখযােগ্য কাৰক। নদীয়ে ভূপৃষ্ঠত আটাইতকৈ বেছি পৰিৱৰ্তন ঘটায়। নদীৰ প্রাথমিক বা উচ্চ গতি প্রায় পার্বত্য উচ্চ ভূমিতে সীমাবদ্ধ থাকে। নদীৰ এই অংশ পর্বতৰ উৎসস্থলত আৰম্ভ হৈ সমভূমিত নমাৰ আগলৈকে ধৰা হয়। পার্বত্য অঞ্চলত ভূমিৰ ঢাল বেছি, ভূ-প্রকৃতি বাধাগ্রস্ত (বন্ধুৰত) আৰু কঠিন আৰু কোমল শিলৰদ্বাৰা গঠিত। এইবােৰ কাৰণতে নদীৰ সোঁত অত্যন্ত প্রবল হয়। নদীৰ তীব্র সোঁতে পৰ্বতৰ শিলাখণ্ডত আঘাত কৰি শিলৰােৰ খহাই তললৈ নমাই আনে আৰু তাক চূর্ণ-বিচূর্ণ কৰিনদীৰ খাদৰ সৃষ্টি কৰে। নদীৰ দুইকাষ আৰু তলি গভীৰভাৱে খান্দি পেলায়। শিলবােৰ ঘৰ্ষণৰ ফলত চূর্ণ-বিচূর্ণ হৈ সৰু সৰু খণ্ডত বালি, বােকা, মাটিত পৰিণত হৈ পৰে। শিলাখণ্ডবােৰে নদীৰ তলিভাগ গভীৰভাৱে খান্দে কাৰণে পার্বত্য অঞ্চলত নদীৰ গতিপথ ‘V’ আকৃতি হৈ পৰে। এই অঞ্চলত গতিপথ, গিৰিখাত, বন্দৰ, জলপ্রপাত আদিৰ সৃষ্টি হয়। পার্বত্য বা উচ্চ অংশত নদীৰ মুখ্য কার্ষ হৈছে খনন আৰু পৰিবহন।

(খ) নদীৰ মধ্য গতি : ভূপৃষ্ঠৰ পৰিৱৰ্তন সাধনত নদীৰ এটা প্রধান ভূমিকা আছে। প্রত্যেক নদীৰে তিনিটা অংশ থাকে। ভূপৃষ্ঠৰ পৰিৱৰ্তন সাধনত নদীৰ তিনিওটা অংশৰে আকাৰ, প্রকৃতি আৰু কার্যাৱলী বেলেগ বেলেগ। নৈ এখন যেতিয়া পার্বত্য অংশৰ পৰা নামি আহি সমভূমি অঞ্চলত অৱতীর্ণ হয় তাৰ্পৰাই মধ্য বা সমভূমি অংশ আৰম্ভ হয়। এই অংশত নদীৰ ঢাল যথেষ্ট কম হাৈৱা বাবে সোঁতৰ গতিবেগ যথেষ্ট কমি যায়। এই অংশত উপনৈবােৰ লগ লগাৰ কাৰণে পানীৰ পৰিমাণ বৃদ্ধি পায়। নদীৰ গতিপথ লাহে লাহে বহল হৈ পৰে। সোঁত কম হােৱা কাৰণত পার্বত্য অঞ্চলৰ পৰা পৰিবাহিত মাটি, বালি, শিল আদি নৈৰ বুকুত অৱক্ষেপণ কৰে। নৈ সমতলেৰে আগবঢ়াৰ লগে লগে সোঁতৰ গতিবেগ কমি যােৱা কাৰণতে সঞ্চিত মাটি, বালিয়ে নৈৰ বুকুত মাজুলী, চৰ আদিৰ সৃষ্টি কৰে। বাৰিষা বৰষুণৰ পানীয়ে নৈৰ দুয়ােপাৰ উপচি কাষৰ দ অঞ্চলবােৰ প্লাবিত কৰে। বছৰে বছৰে বাৰিষাৰ পানীয়ে দ ঠাইবােৰত পলস পেলাই সমতলত পৰিণত কৰে। ইয়াকে প্লাৱন সমভূমিও বােলে। মধ্য অঞ্চলত নৈৰ মুখ্য কার্য হ’ল— খনন, বহন আৰু অৱক্ষেপণ। এই অঞ্চলত নদীয়ে কোমল মাটিৰ মাজেৰে গতি কৰোঁতে কেতিয়াবা একা-বেঁকা পথেৰে গতি কৰে, পার্শ্বক্রিয়া বৃদ্ধি পায়। ফলত ইয়াৰ গতিপথত এই অঞ্চলত অশ্বখুৰা হ্রদৰ সৃষ্টি হয়।।

লগতে পঢ়ক:   অধ্যয়নত প্রযুক্তিৰ প্ৰয়ােগ Class 8 Social Science Lesson 8 Assamese Medium

(গ) নদীৰ নিম্ন গতি: অৱশেষত নদীয়ে যেতিয়া সমভূমিৰ মাজেৰে আহি সমুদ্র সমতলৰ লগত মিলি যায় সেই ঠাইৰ পৰা মােহনা পর্যন্ত নদীৰ নিম্ন গতি বা ‘ব-দ্বীপ’ অংশ বুলি ধৰা হয়। এই অংশত নদীৰ গতিপথৰ ঢাল অত্যন্ত কমি যায়। ফলত সোঁত গতি অতি ধীৰ হৈ পৰে। নদীৰ ক্ষয় সাধন আৰু বহন শক্তি একেবাৰে নাথাকে। নৈৰ সোঁতে লৈ অহা বােকা, মাটি, বালি আহি নদীৰ মুখত বৃহৎ বালিচৰৰ সৃষ্টি কৰে। বাৰিষা পানীৰ পৰিমাণ বৃদ্ধি পালেও মােহনাত পুঞ্জীভূত আৱৰ্জনৰ বাবে পানী নদীখনৰ দুই কাষেৰে বৈ গৈ সাগৰত পৰে। ইয়াৰ ফলত নদীৰ মুখত ত্রিকোণ আকৃতিৰ বৃহৎ বালিচৰ বা ভূমিখণ্ডৰ সৃষ্টি হয়। ইয়াকে ব- দ্বীপ বুলি কোৱা হয়। মুঠতে নদীৰ নিম্ন গতিৰ অংশৰ প্রধান কার্য হ’ল অৱক্ষেপণ। উচ্চ ভূমিৰ পৰা আৰম্ভ কৰি মধ্য গতিলৈকে নৈয়ে কঢ়িয়াই অনা সকলাে আৱৰ্জনা, বালি- বােকা নিম্ন অঞ্চলত অবক্ষেপণ কৰে। গংগা, ভাগীৰথী আৰু ব্ৰহ্মপুত্ৰৰ মােহনাত সৃষ্টি হােৱা বদ্বীপৰ নাম সুন্দৰবন। ই পৃথিৱীৰ ভিতৰতে এটা অন্যতম বদ্বীপ।

(ঘ) প্লাৱন ভূমি: নদীৰ মধ্য গতি বা সমভূমি অংশত ইয়াৰ প্রধান কাম হ’ল খনন, বহন আৰু অৱক্ষেপণ। সমভূমিৰ মাটি কোমল হােৱা বাবে খনন কার্য বৃদ্ধি পায়। এইদৰে ক্ষয় কৰা বালি, মাটি, বােকা নদীৰ তলিত সঞ্চিত কৰে ফলত নদীৰ গভীৰতা ক্রমে কমি আহে। বাৰিষাকালত বৰষুণৰ ফলত নদীত পানীৰ পৰিমাণ বৃদ্ধি পায়। বাৰিষা নদীৰ দুই পাৰ উপচি পৰে। অতিৰিক্ত পানীয়ে দুয়াে পাৰ প্লাবিত কৰি বানপানীৰ সৃষ্টি কৰে। বাৰিষাৰ বানপানীয়ে নদীৰ দুই পাৰ সমান কৰি তােলে। নদীৰ সোঁত বহু পৰিমাণে কমি যায়, দ অঞ্চলবােৰ নদীৰ পলসে পুতি সমান কৰি পেলায়। এইদৰে এক বিশাল প্লাৱন ভূমিৰ সৃষ্টি হয়। নদীৰ ঠিক পাৰতে পানীৰ সোঁতে বহন কৰি অনা গধুৰ শিলৰ টুকুৰা বা বােকা মাটি আদি সঞ্চিত কৰে আৰু পাতল পলস আদি দূৰলৈ বহন কৰি নিয়াৰ ফলত নদীৰ দুই পাৰ তুলনামূলকভাৱে ওখ হৈ পৰে। ইয়াকে স্বাভাৱিক বান্ধ বােলে।

লগতে পঢ়ক:   প্ৰাকৃতিক সম্পদ Class 8 সমাজ বিজ্ঞান অষ্টম শ্ৰেণী পাঠ ১

প্রশ্ন ৪। ব-দ্বীপ কিদৰে সৃষ্টি হয়?
উত্তৰ :নদীৰ নিম্নগতি বা বদ্বীপ অংশ: মধ্যগতি বা সমভূমি অংশৰ শেষত যি ঠাইত নদী সাগৰৰ সমতলৰ লগত মিলি যায় তাৰ পৰা নদীৰ মােহনা পর্যন্ত নদীৰ নিম্নগতি বুলি ধৰা হয়। এই অংশত নদী বৰ আহল-বহল হয় আৰু মাটিৰ ঢাল কম হােৱা বাবে পানীৰ সোঁত কমি যায়। নদীৰ ক্ষয় সাধন আৰু বহন শক্তি একেবাৰে নাথাকে। বাৰিষা পানীৰ পৰিমাণ বৃদ্ধি হ’লে ইয়াৰ ক্ষয়সাধন আৰু বহন ক্ষমতা কিছু বৃদ্ধি পালেও, বাৰিষাৰ পিছতে নদীৰ মােহনাত প্ৰচুৰ পৰিমাণে বালিচৰ পৰি মুখ বন্ধ হৈ পৰাৰ উপক্রম হয়। ইয়াৰ ফলত বালিচৰৰ দুয়াে কাষেৰে দুইধাৰা পানী বৈ গৈ সাগৰ বা হ্রদ আদিত মিলিত হয়। এই দুই ধাৰা পানী আৰু সাগৰ বা হ্রদ আদিত মিলিত হয়। এই দুই ধাৰা পানী আৰু সাগৰ বা হ্রদৰ মাজত ত্রিকোণ আকাৰৰ বৃহৎ বালিচৰ বা ভূমিৰ সৃষ্টি হয়। এইদৰে নদীৰ মােহনাত সৃষ্টি হােৱা ত্রিকোণ-আকাৰৰ ভূমিক ব-দ্বীপ’ বােলে।এনে বৃহৎ আকাৰৰ ব-দ্বীপৰ মাজত বহুতাে সৰু সৰু সুতি থকা দেখা যায়।

অসমৰ নদ-নদী Class 8

অনুশীলনীৰ অতি চমু প্রশ্নোত্তৰ

প্রশ্ন ১। ব্রহ্মপুত্র নৈখন উৎপত্তি হােৱা হিমবাহটোৰ নাম কি ?
উত্তৰ: তিব্ৰতৰ কৈলাশ পর্বতৰ চেমা-য়ুং-দুং হিমবাহ।

প্রশ্ন ২। ব্রহ্মপুত্র খনৰ মুঠ দৈর্ঘ্য কিমান?
উত্তৰ: ২৯০৬ কিলােমিটাৰ।

প্রশ্ন ৩। ব্ৰহ্মপুত্ৰ নৈখনৰ উৎস কোন ৰাষ্ট্ৰত অন্তর্ভুক্ত?
উত্তৰ: কৈলাশ পর্বতৰ তিব্বতত।

প্রশ্ন ৪। উচ্চগতিত পার্বত্য অঞ্চলত নদীৰ গতিপথৰ আকৃতি কেনেকুৱা?
উত্তৰঃ আকৃতি v (ভি আখৰটোৰ) আকৃতিৰ।

প্রশ্ন ৫। ব্রহ্মপুত্ৰ নৈ কি কি ৰাষ্ট্ৰৰ মাজেৰে বৈ গৈছে?
উত্তৰঃ তিব্বত, চীন, ভাৰতৰ অৰুণাচল আৰু অসম ৰাজ্যৰ মাজেৰে বৈ গৈ বাংলাদেশৰ মাজেৰে বংগােপসাগৰত পৰিছে।

প্রশ্নঃ ৬। নদীয়ে সৃষ্টি কৰা এটা গঠনমূলক আৰু এটা ধ্বংসাত্মক কার্য উল্লেখ কৰা।
উত্তৰ: (১) গঠনমূলক কার্য—পলসুৱা উপত্যকাৰ সৃষ্টি কৰা। (২) ধ্বংসাত্মক কার্য – বানপানীৰ প্রকোপ।

প্রশ্ন: ৭। কোনটো অংশত নদীৰ গতিপথত ভাজৰ সৃষ্টি হয়?
উত্তৰ: মধ্য অংশত।

প্রশ্ন: ৮। নদীৰ কোনটো অংশত খনন কার্য বেছি আৰু সঞ্চয় বৰ কম ?
উত্তৰঃ উচ্চ বা পার্বত্য অঞ্চলত।

প্রশ্নঃ ৯। নদীৰ কোনটো অংশত খনন, বহন আৰু অৱক্ষেপণ কার্য সমান সমান?
উত্তৰ: মধ্য বা সমভূমি অংশত।

প্রশ্ন ১০। মাজুলী কোন জিলাত অৱস্থিত?
উত্তৰ: যােৰহাট জিলাত।

প্রশ্ন: ১১। নদীৰ কোনটো অংশত জলপ্রপাতৰ সৃষ্টি হয়?
উত্তৰ: পার্বত্য অঞ্চলত।

প্রশ্ন: ১২। অশ্বখুৰা হ্রদ নদীৰ কোনটো ভাগত সাধাৰণতে সৃষ্টি হয়?
উত্তৰ: সমভূমি অঞ্চলত।

প্রশ্নঃ ১৩। নদীৰ কোনটো অংশত ‘V আকৃতিৰ নদী উপত্যকাৰ সৃষ্টি হয়?
উত্তৰঃ পার্বত্য অঞ্চলত।

প্রশ্ন : ১৪। বদ্বীপ’ নদীৰ কোন অংশত ক’ত সৃষ্টি হয়?
উত্তৰঃ নিম্ন অংশত, নদীৰ মােহনাত।

প্রশ্ন ১৫। শুদ্ধ উত্তৰটো বাছি লিখাঃ

(ক) গিৰিখাত নিম্মভূমি/ মােহনা/উচ্চভূমি অঞ্চলৰ ভূ-আকৃতি।
উত্তৰঃ উচ্চভূমি অঞ্চলৰ ভূ-আকৃতি।

(খ) নৈৰ গুস্ফিত ৰূপ সাধাৰণতে পর্বত/সমভূমি/মালভূমিত দেখা যায়।
উত্তৰঃ সমভূমিত দেখা যায়।

(গ) প্লাৱন ভূমিত দেখা পােৱা চৰ-চাপৰি নৈৰ খনন/পৰিবহণ/অৱক্ষেপণৰ ফলত বৃষ্টি হয়।
উত্তৰঃ অৱক্ষেপণৰ ফলত।

 (ঘ) বৰাক নৈ অসমৰ ২/৩/৪ জিলাৰে বৈ গৈছে।
উত্তৰঃ ৩ খন জিলাৰে বৈ গৈছে।

Leave a Comment

Your email address will not be published. Required fields are marked *


Scroll to Top