Home » অষ্টম শ্ৰেণীৰ বিজ্ঞান » কৃত্রিম আঁহ আৰু প্লাষ্টিক Class 8 – অষ্টম শ্ৰেণীৰ বিজ্ঞান

কৃত্রিম আঁহ আৰু প্লাষ্টিক Class 8 – অষ্টম শ্ৰেণীৰ বিজ্ঞান

পাঠঃ ৩
কৃত্ৰিম আঁহ আৰু প্লাষ্টিক
প্ৰশ্নোত্তৰ

কৃত্রিম আঁহ আৰু প্লাষ্টিক Class 8


প্ৰশ্ন ১ঃ কিছুমান আঁহক সাংশ্লেষিক বুলি কোৱা হয় কিয়? ব্যাখ্যা কৰা।

উত্তৰঃ পেট্ৰলিয়ামজাত দ্ৰব্যৰ পৰা যন্ত্ৰৰ সহায়ত সংশ্লেষণ প্ৰক্ৰিয়াৰে মানুহে যি আঁহ উৎপাদন কৰে, তাকে সাংশ্লেষিক আঁহ বোলে। যেনে— পলিয়েষ্টাৰ, নাইলন আদি।

Winter Sale

প্ৰশ্ন ২ঃ শুদ্ধ উত্তৰটো বাচি উলিওৱা।

সাংশ্লেষিক আঁহসমূহৰ পৰা ৰেয়ন বেলেগ, কিয়নো—
(ক) ইয়াৰ এটা ৰেচম-সদৃশ ৰূপ আছে।
(খ) ইয়াক কাঠৰ মণ্ডৰ পৰা পোৱা যায়।
(গ) প্ৰাকৃতিক আঁহবোৰৰ দৰে ইয়াৰ আঁহবোৰ বব পাৰি।
উত্তৰঃ (খ) ইয়াক কাঠৰ মণ্ডৰ পৰা পোৱা যায়।


প্ৰশ্ন ৩ঃ উপযুক্ত শব্দৰে খালী ঠাই পূৰ কৰা।

(ক) সাংশ্লেষিক আঁহবোৰক _ বা বুলিও কোৱা হয়।
(খ) সাংশ্লেষিক আঁহবোৰক
নামৰ কেঁচামালৰ পৰা সংশ্লেষণ কৰা হয়। (গ) সাংশ্লেষিক আঁহবোৰৰ দৰে প্লাষ্টিকো এবিধ _
উত্তৰঃ
(ক) কৃত্ৰিম, মানৱসৃষ্টি
(খ) পেট্ৰলিয়াম
(গ) কৃত্ৰিম উৎস


প্ৰশ্ন ৪ঃ নাইলনৰ আঁহবোৰ যে বৰ শক্তিশালী সেইটো বুজাবলৈ উদাহৰণ দিয়া।

উত্তৰঃ পেৰাচুট আৰু পৰ্বতাৰোহীয়ে ব্যৱহাৰ কৰা ৰচী নাইলন আঁহেৰে তৈয়াৰী। ইয়াৰ পৰা বুজা যায় যে নাইলন আঁহ অতি শক্তিশালী।


প্ৰশ্ন ৫ঃ খাদ্য জমা কৰি ৰখাত প্লাষ্টিকৰ পাত্ৰবোৰক পছন্দ কৰা হয় কিয়?

উত্তৰঃ খাদ্য জমা কৰি ৰখাত প্লাষ্টিকৰ পাত্ৰ বেছি পছন্দ কৰাৰ কাৰণ হ’ল—
(i) প্লাষ্টিকে খাদ্য দ্ৰব্যৰ লগত ৰাসায়নিক বিক্ৰিয়া নকৰে।
(ii) প্লাষ্টিকত মামৰে নধৰে।
(iii) পাত্ৰবোৰ পাতল, টান আৰু বেছি দিন টিকে।


প্ৰশ্ন ৬ঃ তাপনমনীয় আৰু তাপদৃঢ় প্লাষ্টিকৰ মাজত থকা পাৰ্থক্য ব্যাখ্যা কৰা।

উত্তৰঃ

তাপনমনীয় প্লাষ্টিকতাপদৃঢ় প্লাষ্টিক
১) তাপ দি লেহুকা কৰিব পাৰি।১) তাপ দিলেও সহজে লেহুকা নহয়।
২) অলপ তাপ দি ভাঁজ কৰিব পাৰি।২) ইয়াক বিকৃত কৰিব নোৱাৰি।
৩) কিছু পৰিমাণে তাপৰ সুপৰিবাহী।৩) তাপৰ কুপৰিবাহী।

প্ৰশ্ন ৭ঃ তলত দিয়াবোৰ কিয় তাপদৃঢ় প্লাষ্টিকেৰে বনোৱা হয় ব্যাখ্যা কৰা।

(ক) ছাছপেনৰ নাল
(খ) বিদ্যুতৰ প্লাগ/ছুইচ/প্লাগ বৰ্ড
উত্তৰঃ
(ক) তাপদৃঢ় প্লাষ্টিক অতি টান। সাধাৰণ তাপে ইয়াক গলাব নোৱাৰে। ই তাপৰ কুপৰিবাহী বাবে হাতেৰে ধৰিব পাৰি। সেয়েহে ইয়াক ছাছপেনৰ নাল বনোৱাত ব্যৱহাৰ কৰা হয়।
(খ) তাপদৃঢ় প্লাষ্টিক বিদ্যুতৰ কুপৰিবাহী। গতিকে ইয়াৰ মাজেৰে বিদ্যুৎ চলাচল নহয়। সেয়েহে বিদ্যুতৰ প্লাগ/ছুইচ/প্লাগ বৰ্ডত ইয়াক ব্যৱহাৰ কৰা হয়।


প্ৰশ্ন ৮ঃ তলত দিয়া সামগ্ৰীসমূহৰ পদাৰ্থবোৰ “পুনৰাবৰ্তন কৰিব পৰা” আৰু “পুনৰাবৰ্তন কৰিব নোৱাৰা” হিচাপে শ্ৰেণীভুক্ত কৰা।

টেলিফোনৰ সা-সৰঞ্জাম, প্লাষ্টিকৰ খেলনা, কুকাৰৰ নাল, কেৰি-বেগ, বল-পইন্ট পেন, প্লাষ্টিকৰ বাটি, বৈদ্যুতিক তাঁৰৰ প্লাষ্টিক আৱৰণ, প্লাষ্টিক চকী, বৈদ্যুতিক ছুইচ।
উত্তৰঃ
পুনৰাবৰ্তন কৰিব পৰা সামগ্ৰীঃ প্লাষ্টিকৰ খেলনা, কেৰি-বেগ, প্লাষ্টিকৰ বাটি, প্লাষ্টিক চকী, বৈদ্যুতিক তাঁৰৰ প্লাষ্টিক আৱৰণ।
পুনৰাবৰ্তন কৰিব নোৱাৰা সামগ্ৰীঃ টেলিফোনৰ সা-সৰঞ্জাম, কুকাৰৰ নাল, বল-পইন্ট পেন, বৈদ্যুতিক ছুইচ।


প্ৰশ্ন ৯ঃ ৰাণাই গ্ৰীষ্মকালৰ বাবে চাৰ্ট কিনিব খুজিছে। তেওঁ কপাহী চাৰ্ট নে সাংশ্লেষিক পদাৰ্থৰ চাৰ্ট কিনাটো উচিত হ’ব? কাৰণ দৰ্শাই ৰাণাক উপদেশ দিয়া।

উত্তৰঃ কপাহী চাৰ্ট ই গ্ৰীষ্মকালত শৰীৰৰ পৰা নিগ্ৰত ঘাম শোষণ কৰে। ঘাম শোষণৰ বাবে শৰীৰৰ উষ্ণতাও ঘামৰ লগত শোষিত হয়। গতিকে শৰীৰ শীতল থাকে। কিন্তু সাংশ্লেষিক পদাৰ্থৰ চাৰ্ট ই ঘাম শোষণ কৰিব নোৱাৰে। গতিকে শীতল নহয় আৰু পিন্ধি অসুবিধা অনুভৱ কৰা যায়। সেয়েহে ৰাণাক কপাহী চাৰ্ট কিনাৰ পৰামৰ্শ দিয়া উচিত।


প্ৰশ্ন ১০ঃ প্ৰকৃতিগতভাৱে প্লাষ্টিকসমূহ যে অক্ষয়কাৰী তাক দেখুৱাবলৈ উদাহৰণ দিয়া।

উত্তৰঃ প্ৰকৃতিগতভাৱে প্লাষ্টিকসমূহ অ-ক্ষয়কাৰী। কাৰণ ইয়াত যিকোনো বস্তু থব পাৰি। মামৰে নধৰে আৰু খাদ্য দ্ৰব্যৰ লগত ৰাসায়নিক বিক্ৰিয়া নকৰে। মামৰে নধৰা বাবে ই ক্ষয় নাযায়। পৃষ্ঠ মিহি হোৱা বাবে ইয়াৰ ক্ষয় কম কাৰণ ঘৰ্ষণ কম হয়।


প্ৰশ্ন ১১ঃ টুথব্ৰাছ এডালৰ নাল আৰু নোমবোৰ একে পদাৰ্থৰে তৈয়াৰ কৰাটো উচিত নে?

উত্তৰঃ টুথব্ৰাছ এডালৰ নাল আৰু নোমবোৰ একে পদাৰ্থৰে তৈয়াৰী নহয়। নোমবোৰ নালতকৈ বেছি কোমল প্লাষ্টিকেৰে তৈয়াৰী হ’ব লাগে।


প্ৰশ্ন ১২ঃ “পৰাপক্ষত প্লাষ্টিক এৰাই চলিবা”— এই পৰামৰ্শৰ ওপৰত মতামত দিয়া।

উত্তৰঃ প্লাষ্টিকৰ ব্যৱহাৰ পৰাপক্ষত এৰাই চলিব লাগে। কাৰণ— প্লাষ্টিক পৰিৱেশ অনুকূল নহয়। ই পচি নাযায়। পুৰিলে পৰিৱেশ প্ৰদূষিত গেছ নিৰ্গত হয়। গতিকে পানী, মাটি আৰু বায়ুক সমানে প্ৰদূষিত কৰে।


প্ৰশ্ন ১৩ঃ “A” স্তম্ভত দিয়া শব্দবোৰ “B” স্তম্ভত দিয়া খণ্ডবাক্যৰ লগত শুদ্ধকৈ মিলোৱা।

“A” স্তম্ভ“B” স্তম্ভ
(i) পলিয়েষ্টাৰ(a) কাঠৰ মণ্ড ব্যৱহাৰ কৰি প্ৰস্তুত কৰা হয়।
(ii) টেফলন(b) পেৰাচুট আৰু মোজা বনাবলৈ ব্যৱহাৰ কৰা হয়।
(iii) ৰেয়ন(c) কল/আটখাই নধৰা ৰন্ধন সা-সৰঞ্জাম বনাবলৈ ব্যৱহাৰ কৰা হয়।
(iv) নাইলন(d) সহজে শোটোৰা নপৰা কাপোৰ।

উত্তৰঃ
(i) ↔ (d),
(ii) ↔ (c),
(iii) ↔ (a),
(iv) ↔ (b)


প্ৰশ্ন ১৪ঃ “সাংশ্লেষিক আঁহসমূহৰ উৎপাদনে আচলতে বন সংৰক্ষণত সহায় কৰি আছে”— মতামত দিয়া।

উত্তৰঃ যদি সাংশ্লেষিক আঁহ উৎপন্ন নহ’লহেঁতেন, তেন্তে আমাৰ দৈনন্দিন জীৱনত ব্যৱহাৰ কৰা সামগ্ৰীসমূহ বনজাত উদ্ভিদৰ পৰাই তৈয়াৰ কৰিব লগা হ’লহেঁতেন। এনে সামগ্ৰী যি হাৰত উৎপাদন কৰিব লাগিলহেঁতেন, সেই অনুপাতে হাবি-বনবোৰ উদ্ভিদ কাটি তহিলং কৰিব লগা হ’লহেঁতেন। প্লাষ্টিক উৎপাদনৰ পাছত এইবোৰৰ দ্বাৰা এনে সামগ্ৰী তৈয়াৰ হোৱা বাবে বনৰ উদ্ভিদবোৰ বাচি গৈছে। গতিকে সাংশ্লেষিক আঁহৰ উৎপাদনে বননি সংৰক্ষণত সহায় কৰি আহিছে।


প্ৰশ্ন ১৫ঃ তাপনমনীয় প্লাষ্টিক যে বিদ্যুতৰ কু-পৰিবাহী সেইটো দেখুৱাবলৈ এটা ক্ৰিয়াকলাপ বৰ্ণনা কৰা।

উত্তৰঃ তাপনমনীয় প্লাষ্টিক বিদ্যুতৰ কু-পৰিবাহী। যদি আমি এডাল প্লাষ্টিকৰ তাঁৰেৰে বিদ্যুৎ বৰ্ত্তনী এটা তৈয়াৰ কৰোঁ, তেন্তে তাৰ মাজেৰে বিদ্যুৎ প্ৰবাহিত নহয়। ইয়াৰ পৰাই তাপনমনীয় প্লাষ্টিক বিদ্যুতৰ কু-পৰিবাহী বুলি প্ৰমাণ পোৱা যায়।


প্ৰশ্ন ১৬ঃ আঁহবোৰৰ প্ৰকাৰ কি কি? প্ৰত্যেকৰে উদাহৰণ দিয়া।

উত্তৰঃ আঁহবোৰৰ প্ৰকাৰ দুটা—
(i) প্ৰাকৃতিক আঁহ। উদাহৰণ— পাট, মুগা, মৰাপাট, তচৰ আদি।
(ii) কৃত্ৰিম বা সাংশ্লেষিক আঁহ। উদাহৰণ— নাইলন, টেৰিলিন আদি।


প্ৰশ্ন ১৭ঃ পলিমাৰ বা বহুযোগী কাক কয়? এটা উদাহৰণ দিয়া।

উত্তৰঃ জৈৱ যৌগৰ অসংখ্য সৰু সৰু অণু লগ লাগি যি ডাঙৰ যৌগ উৎপন্ন হয়, তাকে পলিমাৰ বা বহুযোগী বোলে। উদাহৰণ— পলিথিন এটা পলিমাৰ।


প্ৰশ্ন ১৮ঃ এটা প্ৰাকৃতিক পলিমাৰৰ উদাহৰণ দিয়া।

উত্তৰঃ কপাহ প্ৰাকৃতিক পলিমাৰৰ উদাহৰণ।


প্ৰশ্ন ১৯ঃ ৰেয়ন বা কৃত্ৰিম পাট কাক বোলে?

উত্তৰঃ কাঠৰ মণ্ডৰ পৰা ৰাসায়নিক প্ৰক্ৰিয়াৰে তৈয়াৰ কৰা আঁহক ৰেয়ন বা কৃত্ৰিম পাট বোলে।


প্ৰশ্ন ২০ঃ নাইলন কেনেকৈ তৈয়াৰ কৰা হৈছিল?

উত্তৰঃ নাইলন কয়লা, পানী আৰু বায়ুৰ পৰা তৈয়াৰ কৰা হৈছিল। ই মানৱসৃষ্টি কৃত্ৰিম আঁহ। নাইলন প্ৰথম সাংশ্লেষিক আঁহ।


প্ৰশ্ন ২১ঃ পলিয়েষ্টাৰ কি? টেৰিলিন কি?

উত্তৰঃ পলিয়েষ্টাৰ হ’ল এবিধ সাংশ্লেষিক আঁহ। ই পেট্ৰ’লিয়ামজাত। টেৰিলিন এবিধ জনপ্ৰিয় পলিয়েষ্টাৰ।


প্ৰশ্ন ২২ঃ দুবিধ থাৰ্মপ্লাষ্টিকৰ নাম লিখা।

উত্তৰঃ PVC আৰু পলিথিন দুবিধ থাৰ্মপ্লাষ্টিক।


প্ৰশ্ন ২৩ঃ জৈৱ পচনশীল আৰু জৈৱ অপচনশীল বস্তু মানে কি বুজা? উদাহৰণ দিয়া।

উত্তৰঃ
জৈৱ পচনশীল বস্তুঃ যিবোৰ পদাৰ্থ বেক্টেৰিয়াৰ ক্ৰিয়াৰ দ্বাৰা গেলি পচি মাটিৰ লগত মিহলি হয়। উদাহৰণ— কাঠ, প্ৰাণীদেহ আদি।
জৈৱ অপচনশীল বস্তুঃ যিবোৰ পদাৰ্থ মাটিত বা পানীত বহু বছৰ ধৰি থাকিলেও পচি নাযায়। উদাহৰণ— প্লাষ্টিক, কাঁচ আদি।


1 thought on “কৃত্রিম আঁহ আৰু প্লাষ্টিক Class 8 – অষ্টম শ্ৰেণীৰ বিজ্ঞান”

Leave a Comment

Stay informed about the latest Educational Update website. We provide timely and accurate information on upcoming Exam, application deadlines, exam schedules, and more.

📱 Get AssamWeb App

Unlock free PDFs, mock tests, and certificates with our mobile app. Faster, smoother, and made for students 📚✨

🚀 Install from Play Store One-time reminder • No spam