Home » অষ্টম শ্ৰেণীৰ বিজ্ঞান » অণুজীৱ: মিত্র আৰু শত্রু Class 8 বিজ্ঞান পাঠ ২ (প্ৰশ্ন উত্তৰ)

অণুজীৱ: মিত্র আৰু শত্রু Class 8 বিজ্ঞান পাঠ ২ (প্ৰশ্ন উত্তৰ)

বিষয়: বিজ্ঞান
শ্ৰেণী: অষ্টম শ্ৰেণী
পাঠৰ নাম: অণুজীৱ: মিত্ৰ আৰু শত্রু
পাঠৰ নং: পাঠ ২
পাঠ্যক্ৰম: ৰাজ্যিক শৈক্ষিক গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদ (SCERT)

অণুজীৱ: মিত্ৰ আৰু শত্রু

Class 8 Science Chapter 2
প্ৰশ্নোত্তৰ


প্ৰশ্ন ১: খালী ঠাই পূৰ কৰা।

Winter Sale

(ক) অণুজীৱবোৰ অণুবীক্ষণ যন্ত্ৰৰ সহায়ত দেখা পোৱা যায়।
(খ) নীল সেউজ শেলাইয়ে বায়ুৰ পৰা পোনপটীয়াকৈ নাইট্ৰজেন গ্ৰহণ কৰি মাটিৰ উৰ্বৰতা বৃদ্ধি কৰে।
(গ) ইষ্টৰ সহায়ত সুৰা প্ৰস্তুত কৰা হয়।
(ঘ) বেক্টেৰিয়াৰ দ্বাৰা কলেৰা হয়।


প্ৰশ্ন ২: শুদ্ধ উত্তৰত শুদ্ধ চিন দিয়া।

(ক) চেনি/সুৰা/হাইড্ৰক্লৰিক এছিড/অক্সিজেন প্রস্তুত কৰিবলৈ সুৰা ব্যৱহাৰ কৰা হয়।
(খ) ছডিয়াম বাইকার্বনেট/ষ্ট্রেপ্টমাইছিন/সুৰা/ইষ্ট এবিধ এন্টিবায়টিক।
উত্তৰ: ষ্ট্রেপ্টমাইছিন
(গ) মাইকী এনফিলিছ মহ/পঁইতাচোৰা/মাখি/পখিলা মেলেৰিয়া ৰোগ সৃষ্টি কৰা প্রট’জৱাৰ বাহক।
উত্তৰ: মাইকী এনফিলিছ মহ
(ঘ) পৰুৱা/মাখি/জিঞা/মকৰা সংক্রামক ৰোগৰ বাহক।
উত্তৰ: মাখি
(ঙ) তাপ/গুড়ি কৰা/ইষ্টকোষৰ বৃদ্ধি/ময়দা মৰাৰ বাবে পাউৰুটি বা ইডলিৰ লড়া ওফন্দি উঠে।
উত্তৰ: ইষ্টকোষৰ বৃদ্ধি
(চ) শৰ্কৰাৰ পৰা সুৰা প্রস্তুত হোৱা প্রক্রিয়াক নাইট্ৰজেন স্থিৰকৰণ/কিম্বন/সংক্রমণ বোলা হয়।
উত্তৰ: কিম্বন


প্ৰশ্ন ৩: ‘A’ অংশত থকা অণুজীৱবোৰক ‘B’ অংশৰ ক্ৰিয়াৰ লগত মিলোৱা।

A অংশB অংশ
(i) বেক্টেৰিয়া(e) কলেৰা ৰোগ সৃষ্টিত
(ii) ৰাইজ’বিয়াম(a) নাইট্ৰজেন স্থিৰকৰণ
(iii) লেক্ট’বেছিলাছ(b) দৈ প্রস্তুত কৰাত
(iv) ইষ্ট(c) পাউৰুটিৰ প্ৰস্তুতকৰণত
(v) প্রট’জ’ৱা(d) মেলেৰিয়া ৰোগ সৃষ্টিত
(vi) ভাইৰাছ(g) এন্টিবডি প্রস্তুত কৰাত

প্ৰশ্ন ৪: অণুজীৱবোৰ খালী চকুৰে দেখা পোৱা যায়নে? সিহঁতক কেনেকৈ দেখা পাব পাৰি?

উত্তৰ: অণুজীৱবোৰ খালী চকুৰে দেখা পোৱা নাযায়। সিহঁতক অণুবীক্ষণ যন্ত্ৰৰ সহায়ত দেখা পাব পাৰি।


প্ৰশ্ন ৫: অণুজীৱৰ ডাঙৰ ভাগবোৰ কি কি?

উত্তৰ: অণুজীৱৰ ডাঙৰ ভাগবোৰ হ’ল—

  1. বেক্টেৰিয়া
  2. ভেঁকুৰ
  3. প্রট’জ’ৱা
  4. শেলাই

প্ৰশ্ন ৬: মাটিত বায়ুমণ্ডলীয় নাইট্ৰজেন স্থিৰকৰণ কৰিব পৰা অণুজীৱসমূহৰ নাম কোৱা।

উত্তৰ: মাটিত বায়ুমণ্ডলীয় নাইট্ৰজেন স্থিৰকৰণ কৰিব পৰা অণুজীৱসমূহ হ’ল—

  1. ৰাইজ’বিয়াম (বেক্টেৰিয়া)
  2. নীল সেউজীয়া শেলাই

প্ৰশ্ন ৭: আমাৰ জীৱনত অণুজীৱৰ উপকাৰিতাৰ বিষয়ে ১০ শাৰী লিখা।

উত্তৰ:

  1. দৈ, পাউৰুটি, কেক আদি প্রস্তুত কৰাত অণুজীৱ ব্যৱহাৰ কৰা হয়।
  2. নাইট্ৰজেন স্থিৰকৰণ কৰি মাটিৰ উৰ্বৰতা বৃদ্ধি কৰে।
  3. সুৰা, মদ, ভিনেগাৰ আদি প্রস্তুত কৰাত ব্যৱহাৰ কৰা হয়।
  4. এন্টিবায়টিক প্রস্তুত কৰাত অণুজীৱ ব্যৱহাৰ কৰা হয়।
  5. ৰোগ প্রতিষেধক ছিটা প্রস্তুত কৰাত ব্যৱহাৰ কৰা হয়।
  6. জৈৱিক পদাৰ্থ পচন কৰি মাটিৰ উৰ্বৰতা বৃদ্ধি কৰে।
  7. পৰিৱেশ নিৰ্মল কৰাত অণুজীৱৰ ভূমিকা আছে।
  8. খাদ্য সংৰক্ষণত অণুজীৱ ব্যৱহাৰ কৰা হয়।
  9. বায়োগেছ উৎপাদনত অণুজীৱৰ ভূমিকা আছে।
  10. জৈৱিক প্ৰদূষণ নিয়ন্ত্ৰণ কৰাত অণুজীৱ ব্যৱহাৰ কৰা হয়।

প্ৰশ্ন ৮: অণুজীৱৰ অপকাৰিতাৰ বিষয়ে চমুকৈ লিখা।

উত্তৰ: অণুজীৱৰ অপকাৰিতাসমূহ হ’ল—

  1. মানুহ, প্ৰাণী আৰু উদ্ভিদৰ বিভিন্ন ৰোগ সৃষ্টি কৰে।
  2. খাদ্য পচন কৰে আৰু খাদ্য বিষাক্ত কৰে।
  3. কাপোৰ, চামৰা, প্লাষ্টিক আদি বস্তু নষ্ট কৰে।
  4. পানী আৰু বায়ু প্ৰদূষণ কৰে।

প্ৰশ্ন ৯: এন্টিবায়টিক কি? এন্টিবায়টিক গ্রহণ কৰোঁতে কি কি সাৱধানতা অৱলম্বন কৰিব লাগে?

উত্তৰ: এন্টিবায়টিক হৈছে কিছুমান অণুজীৱৰ পৰা প্রস্তুত কৰা ঔষধ, যিয়ে ৰোগ সৃষ্টিকাৰী অণুজীৱক ধ্বংস কৰে। এন্টিবায়টিক গ্রহণ কৰোঁতে ডাক্তৰৰ পৰামৰ্শ অনুসৰি গ্ৰহণ কৰিব লাগে আৰু দৰৱৰ কোৰ্ছ সম্পূৰ্ণ কৰিব লাগে।


প্ৰশ্ন ১০: সংক্রামক ৰোগ কাক বোলে? এই ৰোগ বিয়পোৱাত কেনেকৈ বাধা দিব পাৰি?

উত্তৰ: সংক্রামক ৰোগ হৈছে যিবোৰ ৰোগ অণুজীৱৰ দ্বাৰা সৃষ্টি হয় আৰু বায়ু, পানী, আহাৰ আদিৰ দ্বাৰা বিয়পে। এই ৰোগ বিয়পোৱাত বাধা দিবলৈ তলত দিয়া ব্যৱস্থা গ্ৰহণ কৰিব পাৰি—

  1. ৰোগীক আচুতীয়াকৈ ৰাখিব লাগে।
  2. পৰিষ্কাৰ-পৰিচ্ছন্নতা ৰক্ষা কৰিব লাগে।
  3. পানী উতলাই খাব লাগে।
  4. প্রতিষেধক ছিটা দিব লাগে।

প্ৰশ্ন ১১: ভাইৰাছ কি? ভাইৰাছৰ দ্বাৰা হোৱা কেইবিধমান ৰোগৰ নাম উল্লেখ কৰা।

উত্তৰ: ভাইৰাছ হৈছে এক প্ৰকাৰৰ অণুজীৱ, যিয়ে পোষক কোষৰ ভিতৰতহে বংশবৃদ্ধি কৰিব পাৰে। ভাইৰাছৰ দ্বাৰা হোৱা ৰোগবোৰ হ’ল—

  1. পলিঅ’
  2. বসন্ত
  3. চৰ্দি-জ্বৰ
  4. এইডছ

প্ৰশ্ন ১২: খাদ্য সংৰক্ষণৰ প্ৰয়োজন কি?

উত্তৰ: খাদ্য সংৰক্ষণৰ প্ৰয়োজন হৈছে খাদ্য নষ্ট নহোৱাকৈ ৰাখিবলৈ। অণুজীৱে খাদ্য পচন কৰে আৰু বিষাক্ত কৰে, গতিকে খাদ্য সংৰক্ষণ কৰাটো অতি প্রয়োজনীয়।


প্ৰশ্ন ১৩: খাদ্য সংৰক্ষণৰ তাপ আৰু শীতলীকৰণ পদ্ধতি বর্ণনা কৰা।

উত্তৰ:

  • তাপ পদ্ধতি: খাদ্য উতলাই বা গৰম কৰি অণুজীৱ ধ্বংস কৰা হয়।
  • শীতলীকৰণ পদ্ধতি: খাদ্য ঠাণ্ডা কৰি অণুজীৱৰ বৃদ্ধি ৰোধ কৰা হয়।

প্ৰশ্ন ১৪: প্ৰট’জ’ৱা কি? ইহঁতৰ দ্বাৰা হোৱা দুবিধ ৰোগ উল্লেখ কৰা।

উত্তৰ: প্ৰট’জ’ৱা হৈছে এককোষী অণুজীৱ। ইহঁতৰ দ্বাৰা হোৱা ৰোগবোৰ হ’ল—

  1. মেলেৰিয়া
  2. গ্ৰহণী

প্ৰশ্ন ১৫: প্রতিষেধক ছিটা কি? এই ছিটা দি প্ৰতিৰোধ কৰিব পৰা কেইটামান ৰোগ উল্লেখ কৰা।

উত্তৰ: প্রতিষেধক ছিটা হৈছে এক প্ৰকাৰৰ ঔষধ, যিয়ে ৰোগৰ বীজাণুৰ বিৰুদ্ধে শৰীৰত প্ৰতিৰোধ ক্ষমতা গঢ়ি তোলে। এই ছিটা দি প্ৰতিৰোধ কৰিব পৰা ৰোগবোৰ হ’ল—

  1. পলিঅ’
  2. বসন্ত
  3. টিটেনাছ
  4. হেপাটাইটিছ

1 thought on “অণুজীৱ: মিত্র আৰু শত্রু Class 8 বিজ্ঞান পাঠ ২ (প্ৰশ্ন উত্তৰ)”

Leave a Comment

Stay informed about the latest Educational Update website. We provide timely and accurate information on upcoming Exam, application deadlines, exam schedules, and more.

📱 Get AssamWeb App

Unlock free PDFs, mock tests, and certificates with our mobile app. Faster, smoother, and made for students 📚✨

🚀 Install from Play Store One-time reminder • No spam