কয়লা আৰু পেট্রলিয়াম Class 8 Science বিজ্ঞান পাঠ ৫ প্ৰশ্ন উত্তৰ

কয়লা আৰু পেট্রলিয়াম
বিষয়   বিজ্ঞান Class 8
পাঠৰ নাম কয়লা আৰু পেট্রলিয়াম প্ৰশ্ন উত্তৰ
শ্ৰেণী  অষ্টম শ্ৰেণী
পাঠৰ নং পাঠ ৫
পাঠ্যক্ৰম  ৰাজ্যিক শৈক্ষিক গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদ (SCERT)

কয়লা আৰু পেট্রলিয়াম Class 8

অনুশীলনীৰ প্রশ্নোত্তৰ
প্রশ্ন 1ঃ চি. এন. জি. আৰু এল, পি. জিক ইন্ধন হিচাবে ব্যৱহাৰ কৰা সুবিধাসমূহ কি
উত্তৰঃ চি. এন. জি. আৰু এল. পি. জিক ইন্ধন হিচাবে ব্যৱহাৰ কৰাৰ সুবিধাসমূহ হ’ল-
(i) দুয়ােৰে দহনত অৱশিষ্ট নহয়।।
(ii) দুয়ােয়ে পৰিবেশ প্ৰদূষণ নকৰে।
(iii) দুয়ােৰে কেৰিফিক মান বেছি অর্থাৎ দহনত অধিক তাপ উৎপন্ন হয়।
(iv) দুয়ােবিধকে উচ্চ চাপত সংকুচিত কৰি চিলিণ্ডাৰত (কম আয়তন) ভৰাই কঢ়িয়াব পৰা যায়।।

প্রশ্ন 2 ৰাস্তা বনাওতে ওপৰৰ তপত ব্যৱহাৰ কৰা পেট্রলজাত সামগ্ৰীটোৰ নাম কি?
উত্তৰ বিটুমিন।

প্রশ্ন 3ঃ মৃত গছ-গছনিৰ পৰা কয়লা কেনেকৈ সৃষ্টি হৈছিল বর্ণনা কৰা। এই প্রক্রিয়াটোৰ নাম কি?
উত্তৰঃ প্রায় তিনিশ নিযুত বছৰ আগতে পৃথিবীপৃষ্ঠত থকা বৃহৎ আকাৰৰ গছ-গছনি, হাবি- জংঘলবােৰ বানপানী, ভূমিকম্প বা আন প্রাকৃতিক দুর্যোগত মাটিৰ তলত পােট যায়। ভূ- গৰ্ভত বছৰ বছৰ ধৰি ঘটা জৈৱ ৰাসায়নিক বিক্রিয়াত ইহঁত কয়লালৈ ৰূপান্তৰিত হয়। এই বিক্রিয়া উচ্চ চাপ আৰু উচ্চ উষ্ণতাত সম্পন্ন হয়। এই প্রক্রিয়াটোৰ নাম অংগাৰীকৰণ বা কার্বনাইজেছন।

প্রশ্ন 4 খালী ঠাই পূৰ কৰা।
(ক) ___, ___আৰু ___হৈছে জীৱাশ্ম ইন্ধন।
(খ) পেট্রলিয়ামৰ উপাদানসমূহৰ পৃথকীকৰণ প্ৰক্ৰিয়াটোক ___ বােলা হয়।
(গ) আটাইতকৈ কম প্ৰদূষিত কৰা যানবাহনৰ ইন্ধনটো হ’ল ___
উত্তৰঃ (ক) কয়লা, পেট্রলিয়াম, প্রাকৃতিক গেছ।
(খ) শােধন।
(গ) চি, এন, জি. ।।

প্রশ্ন 5ঃ তলত দিয়া উক্তিসমূহত শুদ্ধ (শু)/অশুদ্ধ (অ) চিহ্নিত কৰা।
(ক) পৰীক্ষাগাৰত জীৱাশ্ম ইন্ধন প্রস্তুত কৰিব পাৰি।
(খ) পেট্র’লতকৈ চি. এন. জি. বেছি প্ৰদূষক ইন্ধন।
(গ) কক হৈছে কার্বনৰ প্রায় বিশুদ্ধ ৰূপ।
(ঘ) আলকৰা হৈছে বিভিন্ন উপাদানৰ এটা মিশ্রণ।

উত্তৰ: (ক) অশুদ্ধ, (খ) অশুদ্ধ, (গ) শুদ্ধ, (ঘ) শুদ্ধ, (ঙ) অশুদ্ধ।

লগতে পঢ়ক:   প্রাণীৰ প্রজনন Class 8 বিজ্ঞান পাঠ ৯ প্ৰশ্ন উত্তৰ Question Answer in assamese

Class 8 Science Chapter 5 question answer in assamese

প্রশ্ন 6ঃ জীৱাশ্ম ইন্ধনসমূহ কিয় নিঃশােষীয় প্রাকৃতিক সম্পদ ব্যাখ্যা কৰা।
উত্তৰ জীৱাশ্ম ইন্ধন এক সময়ত উৎপন্ন হৈছিল। সেয়ে ইয়াৰ পৰিমাণ সীমিত। মানুহে ইয়াক এই হাৰত নিষ্কাশন কৰি থাকিলে এটা সময়ত ইয়াৰ পৰিমাণ কমি গৈ নিঃশেষ হৈ যাব।

প্রশ্ন 7ঃ ককৰ বৈশিষ্ট্য আৰু ব্যৱহাৰসমূহ বর্ণনা কৰা।
উত্তৰ ককৰ বৈশিষ্ট্য হল—ই টান, ছিদ্রযুক্ত লা পদার্থ। ই কার্বনৰ বিশুদ্ধ ৰূপ। অতি কম বায়ু বা বায়ুৰ অনুপস্থিতিত কোমল কয়লাক দহন কৰি ক’ক উৎপন্ন কৰা হয়। ইয়াক তীখা উৎপাদন আৰু আন বহু ধাতু নিষ্কাশনৰ ক্ষেত্ৰত ইন্ধন হিচাবে ব্যৱহাৰ কৰা ককৰ দহনত যথেষ্ট তাপ উৎপন্ন হয়।

প্রশ্ন 8 কি প্রক্রিয়াৰ দ্বাৰা পেট্ৰ’লিয়ামৰ সৃষ্টি হৈছিল, ব্যাখ্যা কৰা ৷
উত্তৰ: নিযুত নিযুত বছৰ আগতে পৃথিবীত অসংখ্য জীৱ-জন্তু আৰু অৰণ্য আছিল। ভূমিকম্প, বানপানী আদিৰ দৰে প্ৰাকৃতিক দুর্যোগৰ ফলত এইবােৰ ভূগৰ্ভত সােমাই পৰে। ভূগৰ্ভত উচ্চ তাপ আৰু চাপৰ ফলত ইয়াৰ জৈৱ ৰাসায়নিক বিক্রিয়া ঘটে। বিক্রিয়াত জীৱদেহৰ চর্বিভাগৰ পৰা পেট্রলিয়াম উৎপন্ন হয়। এই পেট্রলিয়াম কিছুমান নিছিদ্র শিলাৰ ফাঁকত জমা হৈ আছে। পেট্রলিয়ামৰ ওপৰত উচ্চ চাপত প্রাকৃতিক গেছ আবদ্ধ হৈ থাকে।

প্রশ্ন 9ঃ তলৰ তালিকাত ভাৰতত 1991-1997 চনৰ ভিতৰত হােৱা মুঠ বিদ্যুৎ নাটনিৰ পৰিমাণ দেখুওৱা হৈছে। এই তথ্যখিনি লেখ চিত্ৰৰ সহায়ত প্ৰকাশ কৰা। লেখ চিত্ৰত বছৰসমূহত হােৱা নাটনিৰ শতাংশ Y-অক্ষত আৰু বছৰ X-অক্ষত লােৱা।

ক্রমিক সংখ্যা বছৰ নাটনি (%)
1
2
3
4
5
6
7
1991
1992
1993
1994
1995
1996
1997
7.9
7.8
8.3
7.4
7.1
9.2
11.5

class 8 science chapter 5

বিজ্ঞান class 8 পাঠ 5

প্রশ্ন l প্রাকৃতিক সম্পদসমূহক বহুলভাবে কেই ভাগত ভাগ কৰিব পাৰি লিখা।
উত্তৰ: প্রাকৃতিক সম্পদসমূহক বহলভাবে দুই ভাগত ভাগ কৰিব পাৰি। সেয়া হ’ল—
(ক) অনিঃশেষীয় প্রাকৃতিক সম্পদ
(খ) নিঃশেষীয় প্রাকৃতিক সম্পদ

(ক) অনিঃশেষীয় প্রাকৃতিক সম্পদ : প্রকৃতিত পােৱা এই সম্পদসমূহৰ উৎস সীমাহীন আৰু মানুহৰ ক্রিয়াকলাপৰ দ্বাৰা এইবােৰ সম্পদ শেষ হােৱাৰ সম্ভাৱনা কম। যেনেঃ সূর্যৰ ৰশ্মি, বায়ু।

লগতে পঢ়ক:   শস্য উৎপাদন আৰু ব্যৱস্থাপনা অষ্টম শ্ৰেণীৰ বিজ্ঞান পাঠ ১

(খ) নিঃশেযীয় প্রাকৃতিক সম্পদ : প্রকৃতিত পােৱা এই সম্পদসমূহৰ উৎস সীমিত। মানুহৰ ক্রিয়াকলাপৰ দ্বাৰা এইবােৰ শেষ হৈ যাব পাৰে। এনে সম্পদসমূহৰ উদাহৰণ হ’ল। অৰণ্য, বনৰীয়া জীৱ, মণিক, কয়লা, পেট্রলিয়াম, প্রাকৃতিক গেছ ইত্যাদি।

প্রশ্ন 2: কার্বনাইজেন বা অংগাৰীকৰণ কাক বােলে? কয়লাক আৰু কি ইন্ধন বােলা হয়?
উত্তৰ: অংগাৰীকৰণ (Carbonisation): মৃত উদ্ভিদৰ পৰা জৈৱ ৰাসায়নিক ক্রিয়াৰ দ্বাৰা অতি মন্থৰ গতিৰে কয়লালৈ ৰূপান্তৰিত হােৱা প্রক্রিয়াকে অংগাৰীকৰণ বাকার্বনাইজেচন বােলে। কয়লাক জীৱাশ্ম ইন্ধন নামেও জনা যায়।

প্রশ্ন : কয়লাৰ সাংসাধনৰ দ্বাৰা কি সামগ্রী পােৱা যায় ?
উত্তৰঃ কয়লা সাংসাধনৰ দ্বাৰা কক, আলকতৰা আৰু কয়লা গেছ পােৱা যায়।

প্রশ্ন : কক, আলকতৰা আৰু কয়ল গেছৰ বিষয়ে চমুকৈ লিখা।
উত্তৰঃ ককঃ ই ইবিধ কঠিন, সছিদ্র আৰু কলাবৰণীয়া পদার্থ। ই কার্বনৰ এটা প্রায় বিশুদ্ধ ৰূপ। তীখাৰ উৎপাদন আৰু বহুতাে ধাতু নিষ্কাশনৰ ক্ষেত্ৰত ব্যৱহাৰ কৰা হয়। আলকতৰাই এটা বেয়া গন্ধযুক্ত ক’লাবৰণীয়া ডাঠ, তৰল পদার্থ। ই প্রায় 250 বিধ পদার্থ এটা মিশ্রণ। আলকৰাৰ পৰা উৎপাদিত দ্রব্যসমূহ দৈনন্দিন জীৱন আৰু উদ্যোগত ব্যৱহাৰ কৰা বিভিন্ন সামগ্রীউৎপাদনত ব্যৱহাৰ কৰা হয়, যেনে- সাংশ্লেষিক ৰঞ্জক দ্রব্য, ভেষজ ঔষধ, বিস্ফোৰক, সুগন্ধি আতৰ, প্লাষ্টিক, ৰং, আলােকচিত্রনৰ সামগ্রী, চাল সজাৰ সামগ্রী ইত্যাদি প্রস্তুত কৰােতে কেঁচা সামগ্রী হিচাবে আলকতৰা ব্যৱহাৰ কৰা হয়। আমােদজনক কথা যে চকৰী আৰু অন্যান্য কীট- তৈয়াৰী। পতংগসমূহ আঁতৰাই ৰাখিবলৈ ব্যৱহাৰ কৰা নেফথেলিন বলসমূহাে আলকৰাৰ পৰাই কয়লা গেছ । কয়লাৰ সংসাধনৰ দ্বাৰা ক’ক প্রস্তুত কৰােতে কয়লা-গেছ উৎপন্ন হয়। ইয়াক কয়লা সংসাধনৰ কাৰখানাসমূহৰ ওচৰত থকা বহুতাে উদ্যোগে ইন্ধন হিচাবে ব্যৱহাৰ হয়।

বিজ্ঞান class 8 পাঠ 5

প্রশ্ন 6ঃ পৃথিবীৰ প্ৰথম তেল খাদ আৰু দ্বিতীয় তেল খাদ ক’ত কেতিয়া খন্দা হৈছিল ?
উত্তৰঃ পৃথিবীৰ প্রথম তেল খাদ 1859 চনত আমেৰিকাৰ পেনছিলভালনিয়া আৰু দ্বিতীয় তেল খাদ অসমৰ মাকুমত 1867 চনত খন্দা হৈছিল।

লগতে পঢ়ক:   শব্দ Class 8 Science Chapter 13 Question Answer in Assamese

প্রশ্ন 7ঃ ভাৰতৰ কোন কোন ঠাইত তেল পােৱা যায়?
উত্তৰ ভাৰতৰ অসম, গুজৰাট, মুম্বাই হাই, গােদাৱৰী আৰু কৃষ্ণা নদী অববাহিকাত পােৱা যায়।

প্রশ্ন ৪ঃ পেট্রলিয়াম শােধনত উৎপাদন হােৰা দ্রব্যসমূহৰ নাম লিখা।
উত্তৰ: পেট্ৰ’লিয়াম শােধনত উৎপাদন হােৱা দ্রব্যসমূহ হ’ল-পেট্ৰ’লিয়াম গেছ, পেট্রল, ডিজেল, কেৰাচিন, পিচ্ছলকাৰী তেল, খনিজ মম ইত্যাদি।

প্রশ্ন : পেট্ৰ’ৰাসায়নিক পদার্থ কাক বােলে? পেট্রলিয়ামক কি নামেৰে জনা যায় ?
উত্তৰঃ পেট্রলিয়াম আৰু প্রাকৃতিক গেছৰ পৰা উৎপাদন কৰা পদার্থবােৰকে পেট্ৰ’ৰাসায়নিক পদার্থ বােলে। পলিয়েষ্টাৰ, নাইলন, এক্রাইলিক, পলিথিন, প্লাষ্টিক আদি কিছুমান পেট্ৰ’ৰাসায়নিক পদার্থ। পেট্ৰ’লিয়ামক ক’লা সােণ বুলি জনা যায়।

প্রশ্ন 10: CNG মানে কি বুজা? ইয়াৰ ব্যৱহাৰ লিখা।
উত্তৰঃ CNG মানে হ’ল Compressed Natural Gas। প্রাকৃতিক গেছক উচ্চ চাপৰ অধীনত সংকুচিত কৰি চি, এন, জি. (CNG) প্রস্তুত কৰা হয়। ইয়াক বিদ্যুৎ শক্তি উৎপাদন কৰিবলৈ আৰু গাড়ী-মটৰ চলাত ব্যৱহাৰ কৰা হয়।

প্রশ্ন 11: কোন কোন ঠাইত নলীৰ নেটৱৰ্কৰ দ্বাৰা ৰন্ধন গেছ যােগান ধৰাৰ ব্যৱস্থা আছে?
উত্তৰ: অসমৰ দুলিয়াজান, শিৱসাগৰ, ডিব্ৰুগড়, গুজৰাটৰ বদোড়, দিল্লীৰ কিছু ঠাইত। নলীৰ নেটৱৰ্কৰ দ্বাৰা ৰন্ধন গেছ (প্রাকৃতিক গেছ) যােগান ধৰাৰ ব্যৱস্থা আছে।

প্রশ্ন 12ঃ LPG কি? ইয়াক কি কামত ব্যৱহাৰ কৰা হয় ?
উত্তৰঃ LPG হ’ল Liquid Petroleum Gas। ইয়াক ৰন্ধন গেছ হিচাবে ব্যৱহাৰ কৰা হয়।

প্রশ্ন 13ঃ PCRA মানে কি? ইয়াৰ কাম কি?
উত্তৰঃ PCRA মানে হ’ল– Petroleum Conservation Research Asso-citation অর্থাৎ পেট্রলিয়াম সংৰক্ষণ আৰু গৱেষণা সংস্থা। ইয়াৰ কাম হ’ল ভাৰতত যানবাহন চলাওঁতে কিদৰে পেট্রল/ডিজেল বছাব লাগে ইে বিষয়ে দিহা পৰামর্শ দিয়া।

প্রশ্ন 14: PCRA দিয়া সকীয়নিৰােৰ কি কি?
উত্তৰঃ PCRA য়ে দিয়া সকীয়নিবােৰ হ’ল—
(i) যিমানদূৰ সম্ভৱ, এক অপৰিৱৰ্তিত আৰু মধ্যমীয়া গতিত গাড়ী চলাব লাগে।
(ii) ট্রেফিক লাইট থাকিলে বা কোনাে ঠাইত ৰবলগীয়া হ’লে ইঞ্জিন বন্ধ কৰি দিব লাগে।
(iii) চকাৰ ভিতৰৰ বায়ুৰ চাপ শুদ্ধভাৱে থকাটো নিশ্চিত কৰিব লাগে।
(iv) নিয়মিতভাৱে গাড়ীখন চোৱা-চিতা কৰা বা যত্ন লােৱাটো নিশ্চিত কৰিব লাগে।

Leave a Comment

Your email address will not be published. Required fields are marked *


Scroll to Top