Home » অষ্টম শ্ৰেণী অসমীয়া » সুখ কবিতা Class 8 Assamese Chapter 12 question Answer

সুখ কবিতা Class 8 Assamese Chapter 12 question Answer

সুখ কবিতা class 8 Assamese Chapter 12 question Answer | অষ্টম শ্ৰেণী অসমীয়া পাঠ 12 প্ৰশ্ন উত্তৰ

সুখ কবিতা Class 8
শ্ৰেণী (Class)অষ্টম শ্ৰেণী
কবিতা (Lesson)সুখ (12)
কবিআনন্দ চন্দ্ৰ আগৰৱালা
সমাধানপাঠভিত্তিক প্ৰশ্ন উত্তৰ
বিষয় (Subject)অসমীয়া
মাধ্যমঅসমীয়া
পাঠ্যক্ৰম
NCERT

Class 8 Assamese Chapter 12 question answer

ক-পাঠভিত্তিক ক্রিয়া কলাপ।

প্রশ্ন ৩। উত্তৰ দিয়া।
(ক) সুখ-সুখ বুলি সংসাৰত সুখ বিচাৰোঁতে মানুহে কি পায়?
উত্তৰঃ সুখ সুখ বুলি সংসাৰত সুখ বিচাৰোঁতে মানুহে সংসাৰত দুখৰ উপৰি দুখ পায়।

Winter Sale

(খ) কবিয়ে মানুহক ‘দিনকণা’ বুলি কিয় কৈছে?
উত্তৰঃ সুখ হাততে থকা সত্ত্বেও দেখিও নেদেখা কাৰণে কবিয়ে মানুহক ‘দিনকণা’ বুলি কৈছে।

(গ) সুখ পাবলৈ হ’লে আমি কি বলিদান দিব লাগিব ?
উত্তৰঃ সুখ পাবলৈ হ’লে আমি স্বার্থ-বলিদান দিব লাগিব।

(ঘ) পৰমপিতাৰ সন্তান বুলি কাক কোৱা হৈছে?
উত্তৰ: পৃথিৱীৰ সকলাে মানুহকেই পৰমপিতাৰ সন্তান বুলি কোৱা হৈছে।

(ঙ) স্বাৰ্থৰ বাটত কিহে বিন্ধে বুলি কবিয়ে কৈছে?
উত্তৰ: স্বাৰ্থৰ বাটত দুখৰ কাইটে বিন্ধে বুলি কবিয়ে কৈছে।

(চ) সুগন্ধি কুসুম ক’তৃ ফুলে?
উত্তৰঃ নিঃস্বার্থৰ বাটত সুগন্ধি কুসুম ফুলে।

(ছ) জীৱনটো অকল নিজৰ নিমিত্তে নহয়, তেনেহ’লে কাৰ বাবে ?
উত্তৰ: জীৱনটো পৰৰ বাবেও।

(জ) কি কৰিব পাৰিলে সংসাৰৰ পৰা দুখ নােহােৱা হ’ব?
উত্তৰঃ নিঃস্বার্থভাৱে পৰক আপােন কৰিব পাৰিলে সংসাৰৰ পৰা সুখ নােহােৱা হ’ব।

সুখ কবিতা Class 8

প্রশ্ন ৪। কবিতাটোৰ মূলভাৱ নিজৰ কথাৰে লিখা।
উত্তৰ: পৃথিৱীত প্ৰতিগৰাকী মানুহেই সুখ সুখ বুলি প্রায় বলিয়াৰ দৰে হৈ সুখৰ সন্ধান কৰে, কিন্তু তেনেদৰে সুখ বিচাৰি হাবাথুৰি খাই পায় কেৱল দুখৰ উপৰি দুখহে। জীৱনৰ তাৎপর্য অনুধাৱন কৰা মানুহে জানে যে আনৰ সুখত সুখী আৰু আনৰ দুখত দুখী হােৱাজনেহে, নিঃস্বার্থভাৱে আনক আপােন কৰি ল’ব পৰা জনেহে। জীৱনত মুখ দেখা পায়। কবিয়ে কৈছে— ‘পৰৰ কাৰণে কান্দিব জানিলে কান্দোনতাে সুখ পায়। প্রকৃত সুখৰ ‘পৃথিৱীখনেই আমাৰ ঘৰ, আমি সকলােৱেই ভাই-ভনী’–এইবুলি অনুভৱ কৰিব পাৰিলে আমাৰ জীৱন সুখময় হৈ পৰিব।

প্রশ্ন ৫। সংসাৰত সুখ পাবলৈ হ’লে কি কি কৰিব লাগিব ? কবিতাটোৰ আলমত লিখা।
উত্তৰ : মানুহে জীৱনত সুখ বিচাৰি হাবাথুৰি খাই ফুৰিলেও সুখ নাপায়, বৰং দুখহে পায়। গতিকে সংসাৰত সুখ পাবলৈ হ’লে স্বার্থ বলিদান দি পৃথিৱীৰ সকলােকে নিজৰ ভাই-ভনী বুলি ভাবি মৰম-চেনেহেৰে আকোৱালি লব লাগিব। পৰৰ সুখত সুখী আৰু দুখত দুখী হ’ব পাৰিলে, ‘পৰৰ কান্দোনত কান্দিব জানিলে’ সংসাৰত সুখ পাব পৰা যায়। আমি সকলাে পৰমপিতাৰ সন্তান, ‘পৃথিৱী আমাৰ ঘৰ” এই বুলি অনুভৱ কৰি অন্তৰত নিঃস্বার্থভাৱে বিশ্বপ্রেম জগাই তুলিব পাৰিলে জীৱনত কেতিয়াও সুখৰ ওৰ নপৰিব।

প্রশ্ন ৬। শব্দার্থ

দিনকণা : চকু থাকিও দিনতে নেদেখা।
গাই-গােটা-পেটে ভঁৰাল : অকল নিজৰ কাৰণে চিন্তাক, স্বার্থপৰ।
নিঃস্বার্থ : অকল নিজৰ কাৰণে চিন্তা নকৰি পৰৰ কাৰণেও চিন্তা কৰা। স্বার্থহীন।
স্বার্থ : অকল নিজৰ কাৰণে চিন্তা কৰা৷
পবিত্র : পৰিষ্কাৰ শুদ্ধ।
ওৰ: শেষ, অন্ত।
বলিদানঃ দেৱতালৈ জন্তু আদি উছৰ্গা কৰা কাৰ্য।
তুৰীঃ নাও, নৌকা।
অভাৱঃ অনাটন, নােহােৱা অৱস্থা।
থিত : থিৰ।
যথার্থ : উপযুক্তভাৱে।
পমিঃ গলি যােৱা।।
হিতঃ উপকাৰ।
বৰত : উদ্দেশ্যত, লক্ষ্যত।
সামথ : সামর্থ্য, যােগ্যতা, সক্ষম।
সন্তোষ : সন্তুষ্ট।
পৰমপিতাঃ ভগৱান, ঈশ্বৰ .
হুল : জোং।

সুখ কবিতা Class 8

প্রশ্ন ৭। দেখিও নেদেখা কিয় দিনকণা
সুখ যে হাততে আছে,

যিটে দিব পাৰে স্বাৰ্থ বলিদান
সুখ ফুৰে পাছে পাছে।
কবিয়ে দিন কণা বুলি কাক আৰু কিয় কৈছে? মানুহৰ পাছে পাছে সুখ ফুৰিবলৈ হলে মানুহে কি কৰিব লাগিব ?

উত্তৰঃ স্বার্থ বলিদান দি আনক আপােন কৰিব পাৰিলে মানুহে সংসাৰত সুখ পায়। এই কথা জানিও মানুহে স্বার্থপৰ হৈ আনক নিজৰ ভাই-ভনী বুলি নাভাবি সংসাৰত সুখ বিচাৰি ফুৰে। চকু থাকিও দিনকণাই নেদেখাৰ দৰে সুখৰ কথা জানিও এনেদৰে সুখ বিচাৰি ফুৰা স্বার্থপৰ নির্দয় মানুহক কবিয়ে দিনকণা বুলি কৈছে। মানুহৰ পাছে পাছে সুখ ফুৰিবলৈ হ’লে মানুহে স্বার্থ বলিদান দিব লাগিব, পৰক আপােন কৰি লব লাগিব, আমি সকলাে এক পৰমপিতাৰ সন্তান ভাই-ভনী বুলি অনুভৱ কৰিব লাগিব।

প্রশ্ন ৮। প্রসংগ সংগতি লগাই ব্যাখ্যা কৰা
যথার্থ নিঃস্বার্থত মৰমী জীৱন
বিশ্বপ্রেমে ভৰপূৰ,
বিশ্বৰ সকলাে
ভাই-ভনী তাৰ,
সুখৰ নপৰে ওৰ।

উত্তৰঃ উদ্ধৃত কবিতাফাকি ভাঙনি কেঁৱৰ আনন্দচন্দ্ৰ আগৰৱালা ৰচিত সুখ’ নামৰ কবিতাটিৰ অন্তৰ্গত।
প্রকৃত সুখ মানুহে ক’ৰ পৰা কেনেকৈ পাব পাৰে তাৰে কথা কবিতাটিত প্ৰকাশ কৰিবলৈ যাওঁতেই কবিয়ে এনেদৰে উল্লেখ কৰিছে।
সুখ সুখ বুলি সুখ বিচাৰিলেই মানুহে সংসাৰত সুখ নাপায়, বৰং দুখহে পায়। প্রকৃত নিঃস্বার্থ মনােভাৱ লৈ মৰম চেনেহেৰে পৰক আপােন কৰি বিশ্বপ্রেম অন্তৰত জগাই তুলিব পাৰিলে, বিশ্বৰ সকলাে মানুহেই এক পৰমপিতাৰ সন্তান, আমি সকলাে ভাই ভগ্নী এনে মনােভাৱ ললে মানুহৰ জীৱনত কেতিয়াও সুখৰ অন্ত নপৰে, মানুহৰ জীৱনটো সুখৰ আঁৰ হৈ পৰিব।

প্রশ্ন ৯। বাক্য ৰচনা কৰা।
স্বার্থ বলিদান, সুগন্ধি, সেন্দুৰীয়া, ভৰ-পূৰ, দিনকণা

উত্তৰঃস্বার্থ-বলিদানঃ স্বার্থ বলিদান দি পৰক আপােন কৰি ল’ব পাৰিলেহে মানুহে জীৱনত সুখ পাৰ পাৰে।
সুগন্ধি : সদায় সৎ আৰু শুদ্ধপথত চলিলে জীৱনত সুগন্ধি ফুল ফুলে।
সেন্দুৰীয়া : নিঃস্বার্থৰ বাট সেন্দুৰীয়া আলিৰ দৰে মসৃণ।
ভৰ-পূৰঃ নিঃস্বার্থভাৱে পৰক আপােন কৰি ল’ব পাৰিলে জীৱনটো সুখেৰে ভৰ-পূৰ হয়।
দিনকণাঃ স্বার্থপৰ হৈ আনক নিজৰ বুলি নভবা লােকে দিনকণাৰ দৰে সুখ বিচাৰিলে দুখহে পায়।

খ (ভাষা অধ্যয়ন)

প্রশ্ন ১০। কবিতাটোত থকা যুৰীয়া শব্দ কেইটা বিচাৰি উলিয়াই বাক্য সাজা।
উত্তৰঃ শক্তি-সামৰথ : শক্তি-সামথ নাথাকিলে দুষ্ণৰ কামত আগবাঢ়িব নালাগে।
গাই-গােটাঃ গাই-গােটা হৈ চলাটোৱই মানুহৰ উদ্দেশ্য হবনালাগে।
ভৰ-পূৰঃ নিঃস্বার্থভাৱে পৰক আপােন কৰিব পাৰিলে মানুহৰ জীৱন সুখেৰে ভৰ- পূৰ হয়।
সুখ সুখ : সুখ সুখ বুলি মানুহে সুখ বিচাৰি ফুৰিলেই সুখ নাপায়।

Class 8 Assamese Chapter 12 question Answer

প্রশ্ন ১১ তলৰ শব্দৰােৰৰ লিংগ পৰিৱৰ্তন কৰা
হাতী, মানুহ, মহ, ছাগলী, কুকুৰা।
উত্তৰঃ মতা হাতী — মাইকী হাতী।
মতা মানুহ – মাইকী মানুহ।
মত ম’হ – মাইকী ম’হ।
মতা ছাগলী – মাইকী ছাগলী।
মতা কুকুৰা —মাইকী কুকুৰা।

প্রশ্ন ১২। “নিঃস্বার্থৰ বাট সেন্দুৰীয়া আলি
সুগন্ধি কুসুম ফুলে।
‘সেন্দুৰ শব্দটোত ঈয়া’ প্রত্যয় যোেগ হৈ সেন্দুৰীয়া হৈছে। যেনেঃ সেন্দুৰ + ঈয়া = সেন্দুৰীয়া। তেনেদৰে তলৰ শব্দ কেইটাৰ প্রত্যয় ভাঙি দেখুওৱা।
ঢুলীয়া, তেলীয়া, কপটীয়া, পাহাৰীয়া, সেউজীয়া, নগৰীয়া।
উত্তৰঃ ঢুলীয়া = ঢােল + ঈয়া

তেলীয়া। = তেল + ঈয়া।
কপটীয়া = কপট + ঈয়া
পাহাৰীয়া= পাহাৰ + ঈয়া।
সেউজীয়া = সেউজ + ঈয়া
নগৰীয়া = নগৰ + ঈয়া।

প্রশ্ন ১৩। তলৰ সৰল বাক্যবােৰ যৌগিক বাক্যলৈ পৰিৱৰ্তন কৰা
(ক) মনিয়ে ভাত খাই স্কুললৈ গ’ল।
উত্তৰঃ মনিয়ে ভাত খালে আৰু স্কুললৈ গ’ল।
(খ) সঁচা কথা ক’লে সকলােৱে মৰম কৰিব।
উত্তৰঃ সঁচা কথা কবা আৰু তেতিয়া সকলােৱে মৰম কৰিব।
(গ) ব্যায়াম নকৰিলে স্বাস্থ্য ভালে নাথাকিব।
উত্তৰ : যদি ব্যায়াম নকৰা তেতিয়াহ’লে স্বাস্থ্য ভালে নাথাকিব।
(ঘ) পৰীক্ষাত প্রথম হােৱা বাবে সকলােৱে প্রমােদক ভাল পাইছিল।
উত্তৰঃ প্রমােদ পৰীক্ষাত প্রথম হৈছিল আৰু সেইবাবে তাক সকলােৱে ভাল পাইছিল?
(ঙ) ৰবীন আহিল, শ্যাম নাহিল।
উত্তৰঃ ৰবীন আহিল কিন্তু শ্যাম নাহিল।
(চ) খেলুৱৈ দলটোৱে জিৰণি লৈ উঠি খেলপথাৰত নামিল।
উত্তৰ : খেলুৱৈ দলটোৱে জিৰণি ল’লে আৰু পিছত খেল পথাৰত নামিল।

সুখ Class 8

গ-জ্ঞান সম্প্রসাৰণ।

প্রশ্ন ১৪। তুমি তােমাৰ বন্ধু বা ওচৰ চুবুৰীয়াক বিপদত সহায় কৰি বা তেওঁলােকৰ আনত সন্তুষ্টি লাভ কৰি হােৱা তােমাৰ অনুভৱ বহলাই লিখা।
উত্তৰঃ যােৰ এটা নিঃস্বার্থ আৰু আনক সহায় কৰি আপােন কৰি লােৱাৰ মনােভাৱ আছে। সেয়ে মােৰ বন্ধু বা আমাৰ ওচৰ চুবুৰীয়া কোনােবা বিপদত পৰিলে তেওঁলােকৰ ওচৰলৈ মই দৌৰি যাওঁ আৰু সাধ্যৰে যি পাৰাে সহায় কৰে। তেওঁলােক সেই বিপদৰপৰা উদ্ধাৰ হ’লে, উদ্ধাৰ হৈ স্বস্তিৰ নিশ্বাস কাঢ়ি আনন্দত সন্তুষ্টি লাভ কৰিলে ময়াে বৰ শান্তি পাওঁ, আনন্দত সন্তুষ্টি লাভ কৰে। মই ভাবাে নিঃস্বার্থভাৱে আনক সহায় কৰিব পৰাত, আনক আপােন কৰিব পৰাতহে জীৱনৰ প্ৰকৃত সুখৰ আঁকৰ ৰক্ষিত হৈ থাকে।

প্রশ্ন ১৫। স্বার্থপৰ মানুহ আৰু স্বার্থ বলিদান দিয়া মানুহৰ দোষ গুণবােৰ কেনেধৰণৰ কামত ফুটি উঠে লিখা।
উত্তৰঃ স্বার্থপৰ মানুহে সদায় নিজৰ লাভালাভৰ কথাহে চিন্তা কৰে। আনৰ উন্নতি হৈছে নে নাই, আনে খাবলৈ পাইছে নে নাই, অন্যান্য বিভিন্ন ক্ষেত্ৰত আনে সুবিধা পাইছেনে নাই এইবােৰ কথা স্বার্থপৰ মানুহে চিন্তা কৰিব নােৱাৰে। আনৰ উন্নতি হলেও তেওঁৰ উন্নতি হ’ব লাগিব, আনে খাবলৈ নাপালে তেওঁ খাব পাবই লাগিব, আনে সুবিধা নাপালেও তেওঁ সুবিধা পাবই লাগিব, স্বার্থপৰ মানুহৰ এই মনােভাৱ।

আনহাতে স্বার্থ বলিদান দিয়া মানুহে আনৰ দুখত দুখী, আনৰ সুখী হয়। আনৰ কাৰণে কান্দিলে সেই কান্দোনতাে তেওঁ সুখ অনুভৱ কৰে। বিশ্বৰ সকলাে মানুহেই এক পৰমপিতাৰ সন্তান আৰু সকলােৱেই নিজৰ ভাইভনী বুলি মৰম চেনেহেৰে আকোৱালি লয়। স্বার্থ বলিদান দি এনে মনােভাৱেৰে চলা লােকসকলৰ অন্তৰত প্রকৃত সুখৰ আঁকৰ নিহিত হৈ

Class 8 Assamese Chapter 12 question Answer

প্রশ্ন ১৬। অতি চমু উত্তৰ দিয়া

(ক) ‘সুখ’ কবিতাটিৰ কৰি কোন?
উত্তৰ: আনন্দ চন্দ্ৰ আগৰৱালা।

(খ) আনন্দ চন্দ্ৰ আগৰৱালা কি আখ্যাৰে জনাজাত ?
উত্তৰঃ ভাঙনি কোৱৰ’ আখ্যাৰে।

(গ) আনন্দ চন্দ্ৰ আগৰৱালাৰ জন্ম কত আৰু কোন চনত হৈছিল ?
উত্তৰঃ তেজপুৰ কলংপুৰ মৌজাৰ বৰঙাবাৰীত ১৮৭৪ চনৰ ৫ ফেব্ৰুৱাৰীত।।

(ঘ) আনন্দ চন্দ্ৰ আগৰৱালাৰ শিশু পাঠ্য দুখনিৰ নাম লিখা।
উত্তৰ: কোমলপাঠ’ আৰু “ শিশু পাঠ।

(ঙ) স্বার্থ বলিদান দিয়া মানুহৰ পাছে পাছে কি ফুৰে?
উত্তৰঃ সুখ।

(চ) ত্যাগত কি লভিবা বুলি কৈছে?
উত্তৰ পৰম সন্তোষ।

(ছ) স্বাৰ্থৰ বাটত কি থাকে বুলি কৈছে?
উত্তৰঃ দুখৰ কাইট।

(জ) সুগন্ধি কুসুম কত ফুলে বুলি কৈছে?
উত্তৰ: নিঃস্বার্থৰ বাটত, সেন্দুৰীয়া আলিত।

Leave a Comment

Stay informed about the latest Educational Update website. We provide timely and accurate information on upcoming Exam, application deadlines, exam schedules, and more.

📱 Get AssamWeb App

Unlock free PDFs, mock tests, and certificates with our mobile app. Faster, smoother, and made for students 📚✨

🚀 Install from Play Store One-time reminder • No spam