Home » সপ্তম শ্ৰেণীৰ অসমীয়া » জনমভূমি Class 7 (প্ৰশ্ন উত্তৰ) জনমভূমি কবিতা অষ্টম শ্ৰেণী

জনমভূমি Class 7 (প্ৰশ্ন উত্তৰ) জনমভূমি কবিতা অষ্টম শ্ৰেণী

জনমভূমি Class 7 Assamese Lesson 4 Question Answer | জনমভূমি কবিতা নলিনীবালা দেৱীৰ | জনমভূমি কবিতা প্ৰশ্ন উত্তৰ class 7

জনমভূমি
বিষয় অষ্টম শ্ৰেণী অসমীয়া
মাধ্যমঅসমীয়া
পাঠৰ নামজনমভূমি
 নলিনীবালা দেৱীৰ
শ্ৰেণী VII
অধ্যায় অধ্যায় 4
পাঠ্যক্ৰমNCERT

জনমভূমি Class 7

১. কবিৰ ভাগৰুৱা আত্মাই ক’ত জিৰণি ল’ব বুলি কবিতাটিত উল্লেখ কৰিছে ?

  • ক) জনমভূমিৰ কোলাত
  • খ) জনমভূমিৰ ছায়াত
  • গ) শীতলী কোলাত
  • ঘ) ওখ বিৰিখত

A: খ) জনমভূমিৰ ছায়াত

Winter Sale

২. তলৰ কোনটো শব্দই ‘জনম’ শব্দৰ বিপৰীত অৰ্থ বুজাব ?

  • ক) শেষ
  • খ) মৰম
  • গ) প্ৰথম
  • ঘ) মৰণ

A: ঘ) মৰণ

৩. কবিয়ে ‘জনমভূমি’ কবিতাটিৰ দ্বাৰা মূলতঃ কি বুজাব বিচাৰিছে ?

  • ক) কবিৰ ওপজা ঠাইখনক জীৱনে মৰণে ভালপোৱাৰ কথা
  • খ) আইৰ কোলাত প্ৰথমে চকু মেলাৰ কথা
  • গ) পখী হৈ আকাশত উৰি ফুৰাৰ কথা
  • ঘ) সোণোৱালী মেঘ হৈ ৰঙা হাঁহি বিৰিঙোৱাৰ কথা

A: ক) কবিৰ ওপজা ঠাইখনক জীৱনে মৰণে ভালপোৱাৰ কথা

৪. কবিয়ে কিদৰে আইৰ শেঁতা পৰা দুখনি ওঁঠত ৰঙা হাঁহি বিৰিঙাম বুলি কৈছে ?

  • ক) নদী হৈ
  • খ) আকাশৰ তৰা হৈ
  • গ) সোণোৱালী মেঘ হৈ
  • ঘ) পখী হৈ

A: গ) সোণোৱালী মেঘ হৈ

৫. ‘পখী হৈ _________
বুকুত ফুৰিম উৰি
বাহ ল’ম ওখ বিৰিখত ‘
তলত দিয়া শব্দবোৰৰ পৰা সঠিক শব্দটো বাছি ওপৰৰ কবিতাংশৰ খালী ঠাই সম্পূৰ্ণ কৰা ।

  • ক) আকাশৰ
  • খ) পৰ্বতৰ
  • গ) বিৰিখৰ
  • ঘ) হিমালয়ৰ

A: ক) আকাশৰ

Class 7 Assamese Lesson 4 Question Answer

|পাঠভিত্তিক প্রশ্ন আৰু উত্তৰ|
১। শুদ্ধ উচ্চাৰণেৰে ‘জনমভূমি’ কবিতাংশ আবৃত্তি কৰা।
উঃ-― (শুদ্ধ উচ্চাৰণেৰে তোমালোকে কবিতাংশ আবৃত্তি কৰিবলৈ চেষ্টা কৰিবা।)

২। কবিতাংশ শুদ্ধ আৰু স্পষ্ট উচ্চাৰণেৰে পঢ়া।
উঃ— (কবিতাংশ শুদ্ধ আৰু স্পষ্ট উচ্চাৰণেৰে পঢ়িবলৈ চেষ্টা কৰিবা।)

৩। উত্তৰ দিয়া :-
(ক) কবিয়ে কাৰ কোলাত প্রথমে চকু মেলাৰ কথা কৈছে?
উঃ –কবিয়ে আই অৰ্থাৎ জনমভূমিৰ কোলাত প্ৰথমে চকু মেলাৰ কথা কৈছে।

(খ) কবিৰ ভাগৰুৱা আত্মাই কোন ঠাইত শেষ জিৰণি লবলৈ ইচ্ছা প্ৰকাশ কৰিছে?
উঃ— কবিৰ ভাগৰুৱা আত্মাই জনমভূমিৰ ছায়াত শেষ জিৰণি লবলৈ ইচ্ছা প্ৰকাশ কৰিছে।

(গ) কবিয়ে পখী হৈ ক’ত বাহ ল’ম বুলি কৈছে?
উঃ— কবিয়ে পখী হৈ ওখ বিৰিখত বাহ ল’ম বুলি কৈছে।

(ঘ) কবিয়ে হিমালয় পৰ্বতৰ ক’ত আৰু কি হৈ ৰ’ব বুলি কৈছে?
উঃ— কবিয়ে হিমালয় পৰ্ৱতৰ শুকুলা টিঙলৈ গৈ মানসী বিলত ফুল তৈ ফুলি ৰ’ব বুলি কৈছে।

জনমভূমি কবিতা class 7

৪। উদাহৰণত দিয়াৰ দৰে কবিতাটোৰ পৰা অন্ত্যমিল থকা শব্দবো বাছি লিখা।
উদাহৰণ : পুৱাত – সন্ধিয়াত
উঃ— কবিতাটোৰপৰা অন্ত্যমিল থকা শব্দবোৰ বাছি উলিয়াই লিখ হ’ল–
পুৱাত – সন্ধিয়াত
কোলাত – ছায়াত
বিৰিখত – গীতত
জেউতি – আৰতি
বিলত – চৰণত
বুকুত – ওঁঠত

৫। তলৰ শব্দবোৰৰ অৰ্থ মিলাই লিখা।

শব্দঅর্থ
পখীচৰাই
শীতলীচেঁচা, শীতল
সোণোৱালীসোণ-বৰণীয়া
মৰমচেনেহ
প্রথমআদি
টিংপৰ্বতৰ আগ বা ওখ ভাগ

৬। “মুদিম আকৌ চকু
তোমাৰ কোলাতে শুই
জীৱনৰ শেষ সন্ধিয়াত”।

ওপৰৰ কবিতাফাকিৰ গদ্যৰূপ হ’ল— জীৱনৰ শেষ সন্ধিয়াত তোমাৰ কোলাত শুই আকৌ চকু মুদিম। এই উদাহৰণটো চাই তলৰ কবিতা কেইফাকি গদ্য ৰূপত লিখা

(ক) সোণোৱালী মেঘ হৈ
ৰঙা হাঁহি বিৰিঙাম
শেঁতা পৰা দুখনি ওঁঠত।
উঃ— শেঁতা পৰা দুখনি ওঁঠত সোণোৱালী মেঘ হৈ ৰঙা হাঁহি বিৰিঙাম।

(খ) আকাশৰ তৰা হৈ
ৰ লাগি চাই ৰ’ম
সেউজীয়া শুৱনি জেউতি।
উঃ — সেউজীয়া শুৱনি জেউতি আকাশৰ তৰা হৈ ৰ লাগি চাই ৰম।

৭। পাঠত থকা “জনমভূমি” কবিতাংশৰ মূলভাব লিখা।
উঃ— নিজৰ ওপজা ঠাইখন সকলোৰে আপোন। কবি নলিনীবালা দেৱীয়ে তেওঁৰ ওপজা ঠাইখনৰ প্ৰতি থকা ভালপোৱা এই কবিতাটোৰ দ্বাৰা সুন্দৰকৈ প্ৰকাশ কৰিছে। কবিয়ে তেওঁৰ অতিকৈ প্রিয় জনমভূমিত জীৱনৰ আদিম পুৱাত জন্ম লাভ কৰি জীৱনৰ শেষ সন্ধিয়াত ইয়াতেই চকু মুদিব খুজিছে। মৰাৰ পিছতো যেন তেওঁ বাৰে বাৰে ইয়াতেই জন্ম হয় আৰু ইয়াতেই মৃত্যুবৰণ কৰে। কবিয়ে পখী হৈ আকাশৰ বুকুত উৰি ফুৰিব আৰু ওখ বিৰিখত বাহ সাজি থাকি পুৱতিৰ লগে লগে বনৰীয়া সুৱদি গীত গাই গাই দেশমাতৃক জগাবলৈ ইচ্ছা কৰিছে। আকাশৰ তৰা হৈ দেশমাতৃৰ সেউজীয়া শুৱনি জেউতি পান কৰিবলৈ আৰু জোনাকৰ লগত মিলি গৈ বিমান পথত ৰৈ ওৰে ৰাতি দেশমাতৃৰ আৰতি গীত গাবলৈ ইচ্ছা কৰিছে। হিমালয় পৰ্বতৰ শুকুলা টিঙত থকা মানসী বিলত ফুল হৈ ফুলি থাকিব আৰু মলয়াৰ চোঁৱৰত পাৰিজাত ৰেণু সানি দেশমাতৃৰ চৰণ ঢুলাবলৈ ইচ্ছা কৰিছে। নদী হৈ নিতৌ দেশমাতৃৰ চৰণ দুখনি পখালিবলৈ আৰু মাটি হৈ দেশমাতৃৰ বুকুত মিহলি হৈ যাবলৈ খুজিছে। আকৌ সোণোৱালী মেঘ হৈ জনমভূমিৰ শেঁতা পৰা ওঁঠ দুখনিত ৰঙা হাঁহি বিৰিঙাব খুজিছে। এইদৰে কবিয়ে তেওঁৰ ওপজা ঠাইখনক জীৱনে মৰণে ভালপোৱাৰ কথা কবিতাটোৰ মাজেৰে প্ৰকাশ কৰিছে।

৮। উপযুক্ত স্থানত যতি চিহ্ন প্ৰয়োগ কৰি তলৰ পদ্য কেইফাকি পুনৰাই লিখা।
পুঁৱতিৰ লগে লগে জগাম তোমাকে নিতে
বনৰীয়া সুৱদি গীতত

আকাশৰ তৰা হৈ ৰ লাগি চাই ৰ’ম
সেউজীয়া শুৱনি জেউতি
জোনাকত মিল হৈ বিমান পথত ৰৈ
ওৰে ৰাতি কৰিম আৰতি
উঃ— উপযুক্ত স্থানত যতি চিহ্ন প্রয়োগ কৰি তলৰ পদ্য কেইফাঁকি পুনৰাই লিখা হ’ল—
পুৱতিৰ লগে লগে
জগাম তোমাক নিতে
বনৰীয়া সুৱদি গীতত
আকাশৰ তৰা হৈ
ৰ লাগি চাই ৰ’ম
সেউজীৱা শুৱনি জেউতি,
জোনাকত মিল হৈ
বিমান পথত ৰৈ
ওৰে ৰাতি কৰিম আৰতি।

জনমভূমি কবিতা প্ৰশ্ন উত্তৰ class 7

৯। তলৰ শব্দবোৰৰ বিপৰীত অৰ্থ বুজোৱা শব্দ লিখা।
উঃ— তলৰ শব্দবোৰৰ বিপৰীত অৰ্থ বুজোৱা শব্দ লিখা হ’ল—

শব্দবিপৰীত শব্দ
জনমমৰণ
শেষআৰম্ভ
ওখচাপৰ
ছাঁপোহৰ
ৰাতিদিন
দুখীয়াধনী

১০। (ক) ছবিসমূহৰ তলত দিয়া শব্দবোৰৰ খালী ঠাইসমূহ বিশেষণ পদেৰে পূৰ কৰা—

উঃ- ৰঙা জবা, সেউজীয়া পাত,  ক’লা ছাতি

(খ) বন্ধনীৰ ভিতৰত থকা শব্দবোৰৰ পৰা বিশেষ্য আৰু বিশেষণ পদবোৰ বাছি ভাগে ভাগে লিখা।
(ভাল, ল’ৰা, ক’লা, কাউৰী, নীলা, আকাশ, লেতেৰা, সৰু, মাছ, পানী,
গাখীৰ, বগা।)।

পৰা বিশেষ্য আৰু বিশেষণ
উঃ— বন্ধনীৰ ভিতৰত থকা শব্দবোৰৰ পদবোৰ বাছি ভাগে ভাগে লিখা হ’ল-

বিশেষ্য পদবিশেষণ পদ
ল’ৰা, কাউৰী, আকাশ, মাছ, পানী, গাখীৰভাল, ক’লা, নীলা লেতেৰা, সৰু, বগা

 ১১। কবিয়ে আকাশৰ তৰা হৈ পৃথিৱীৰ সেউজীয়া বৰণ চাবলৈ বিচাৰিছে। তুমি আকাশত উৰিব পাৰিলে কি চাবলৈ বিচাৰিবা, লিখা।
উঃ― (তোমালোকে নিজে লিখিবা।)

জনমভূমি কবিতা প্ৰশ্ন উত্তৰ class 7

১২। জনমভূমিৰ দৰে স্বদেশপ্রেমমূলক কবিতা এটা সংগ্ৰহ কৰি আবৃত্তি কৰা।
উঃ— জনমভূমিৰ দৰে স্বদেশপ্রেমমূলক কবিতা এটা তলত উল্লেখ কৰা হ’ল-

জাগা জননীৰ সন্তান
জাগা জননীৰ সন্তান
জাগা শক্তিমান জাগা মুক্তপ্রাণ।
মৃত্যু গচকি আনা জয়জিনি
কৰি দুৰ্জ্জয় অভিযান।
কর্মহীনতা কাপুৰুষতাই
তোমাক কৰিলে জয়
তুমি দুর্ব্বল ম্রিয়মান
তথাপিও নাই ভয়
জাগা শক্তিমান জাগা মাতৃপ্রাণ।
শক্তি গায়ত্রী মনত পেলোৱা হবা দুর্নিবাৰ
তেতিয়া তোমাৰ জয় নিনাদত শত্রু কম্পমান।
অ’ মোৰ আপোনপাহৰা দুৰ্ম্মদবীৰ
অজেয় নৱ-জোৱান,
জাগা শক্তিমান জাগা মাতৃপ্রাণ।।
কবিতাটোৰ ৰচক ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা।

১৩। তুমি তোমাৰ অঞ্চলৰ বাবে কেনেধৰণৰ ভাল কাম কৰিব বিচৰা, লিখা।
উঃ― (তোমালোকে নিজে লিখিবলৈ চেষ্টা কৰিবা।)

১৪। তুমি জনা পাঁচগৰাকী দেশপ্রেমিকৰ নাম ছবিসহ সংগ্রহ কৰি তেওঁলোকৰ কৰ্মৰাজিৰ বিষয়ে চমুকৈ লিখা। (সহায়ক উৎস হিচাপে পথিভঁৰাল, বাতৰি কাকত, আলোচনী, বৈদ্যুতিন মাধ্যমৰ পৰা তথ্য সংগ্ৰহ কৰিবলৈ চেষ্টা কৰিবা।
উঃ— মই জনা পাঁচগৰাকী দেশপ্রেমিকৰ নাম ছবিসহ সংগ্ৰহ কৰি তেওঁলোকৰ কৰ্মৰাজিৰ বিষয়ে চমুকৈ লিখা হ’ল—

মহাত্মা গান্ধী :— ভাৰতৰ স্বাধীনতা আন্দোলনৰ এগৰাকী গুৰিয়াল হ’ল মহামানৱ মহাত্মা গান্ধী। তেওঁ অহিংস ব্ৰত গ্ৰহণ কৰি ইংৰাজৰ বিপক্ষে যুঁজ দিছিল। দেশৰ বাবে কেইবাবাৰো কাৰাবাস খাটিছিল। তেওঁৰ আশাসুধীয়া প্ৰচেষ্টাৰ ফলত ১৯৪৭ চনৰ ১৫ আগষ্ট তাৰিখে ভাৰতে স্বাধীনতা লাভ কৰিছিল।

জৱাহৰলাল নেহৰু :- ভাৰতীয় স্বাধীনতা আন্দোলনৰ এগৰাকী গুৰি ধৰোঁতা হৈছে জৱাহৰলাল নেহৰু। ইংৰাজৰ অধীনত থকা ভাৰতৰ স্বাধীনতা পুনৰ উদ্ধাৰৰ ক্ষেত্ৰত তেখেতে বিশেষ ভূমিকা গ্ৰহণ কৰিছিল। এই ক্ষেত্ৰত তেওঁ কেইবাবাৰো কাৰাবাস খাটিবলগীয়া হৈছিল। স্বাধীন ভাৰতৰ তেওঁ প্রথম প্রধানমন্ত্রী আছিল।

কনকলতা বৰুৱা : ১৯৪২ চনৰ গণ আন্দোলনৰ শ্বহীদ হৈছে কনকলতা বৰুৱা। ভাৰত ত্যাগ আন্দোলনত অংশগ্রহণ কৰি গহপুৰ থানাত পতাকা উত্তোলন কৰিবলৈ যাওঁতে পুলিচৰ গুলীত তেওঁৰ থিতাতে মৃত্যু হৈছিল।

বাল গংগাধৰ তিলক: ভাৰতৰ স্বাধীনতা আন্দোলনৰ এগৰাকী নেতা হৈছে বাল গংগাধৰ তিলক। “স্বৰাজ আমাৰ জন্মগত স্বত্ত্ব” আৰু ই আমাৰ কাম্য” এয়া বাল গংগাধৰ তিলকৰ বাণী আছিল। দেশৰ স্বাধীনতা আন্দোলনত ভাগ লৈ তেখেতে কাৰাবাস বৰণ কৰিছিল।

কুশল কোঁৱৰ : ১৯৪২ চনৰ গণ আন্দোলনৰ এগৰাকী শ্বহীদ হৈছে কুশল কোঁৱৰ। এওঁ গান্ধীজীৰ অসহযোগ আন্দোলন সক্রিয় ভূমিকা গ্রহণ কৰিছিল। ভাৰত ত্যাগ আন্দোলনৰ সময়ত সৰুপথাৰৰ ৰে’লৰ কূটাঘাত কাৰ্যত বৃটিছ চৰকাৰে এওঁক দোষী সাব্যস্ত কৰি ফাঁচি কাঠত ওলোমাইছিল।

জনমভূমি কবিতা প্ৰশ্ন উত্তৰ class 7

পাঠভিত্তিক অতিৰিক্ত প্রশ্নোত্তৰ

১। জনমভূমি কবিতাটোৰ ৰচক কোন?
উঃ– জনমভূমি কবিতাটোৰ ৰচক নলিনীবালা দেৱী।

২। কবিয়ে জীৱনৰ শেষ সন্ধিয়াত ক’ত চকু মুদাৰ কথা কৈছে?
উঃ— কবিয়ে জীৱনৰ শেষ সন্ধিয়াত জনমভূমিৰ কোলাতে শুই চকুু মুদাৰ কথা কৈছে।

৩। মৰাৰ পিছত কবিয়ে ক’ত ঠাই পাবলৈ ইচ্ছা কৰিছে?
উঃ— মৰাৰ পিছত কবিয়ে পুনৰ চেনেহৰ জনমভূমিৰ শীতলী কোলাত ঠাই পাবলৈ ইচ্ছা কৰিছে।

৪। কবিয়ে পখী হৈ কি কৰিব খুজিছে?
উঃ— কবিয়ে পখী হৈ আকাশৰ বুকুত উৰি ফুৰিব খুজিছে আৰু ওখ বিৰিখত বাহ সাজি থাকি ৰাতিপুৱাৰ লগে লগে বনৰীয়া সুৱদি গীত গাই দেশমাতৃক জগাবলৈ ইচ্ছা কৰিছে।

৫। কবিয়ে তৰা হৈ কি চাই থাকিব খুজিছে?
উঃ— কবিয়ে তৰা হৈ আকাশৰ পৰা জনমভূমিৰ সেজডীয়া শুৱনি জেউতি চাই থাকিব খুজিছে।

৬। কবিতাটোত কাৰ আৰতি কৰাৰ কথা কোৱা হৈছে?
উঃ— কবিতাটোত দেশমাতৃৰ আৰতি কৰাৰ কথা কোৱা হৈছে।

৭। জোনাকত মিল হৈ কবিয়ে কি কৰিব খুজিছে?
উঃ— জোনাকত মিল হৈ কবিয়ে বিমান পথত ৰৈ থাকি ওৰে ৰাতি দেশমাতৃৰ আৰতি কৰিব খুজিছে।

জনমভূমি কবিতা class 7

৮। কবিয়ে ক’ত ফুলি ৰ’ব খুজিছে?
উঃ– কবিয়ে হিমালয় পৰ্বতৰ শুকুলা টিঙত গৈ মানসী বিলত ফুলি ৰ’ব খুজিছে ।

৯। কবিয়ে কিদৰে দেশমাতৃৰ চৰণ ঢুলাব খুজিছে?
উঃ— কবিয়ে হিমালয় পৰ্বতৰ শুকুলা টিঙত গৈ মানসী বিলত ফুল হৈ ফুলি ৰব খুজিছে আৰু মলয়াৰ চোৱৰত পাৰিজাত ৰেনু সানি দেশমাতৃৰ চৰণ ঢুলাব খুজিছে।

১০। কবিয়ে নদীৰ ৰূপ লৈ কি কৰিব খুজিছে? বুজিছে।
উঃ— কবিয়ে নদীৰ ৰূপ লৈ দেশমাতৃৰ দুখনি চৰণ নিতে পখালিব, খুজিছে।

১১। কবিয়ে মাটি হৈ ক’ত মিলিব বুলি কৈছে?
উঃ— করিয়ে মাটি হৈ দেশমাতৃৰ বুকুত মিলিব বুলি কৈছে।

১২। কবিয়ে দেশমাতৃৰ শেঁতা পৰা দুখনি ওঁঠত কেনেদৰে হাঁহি বিৰিঙাব খুজিছে?
উঃ— কবিয়ে সোণোৱালী মেঘ হৈ দেশমাতৃৰ শেঁতা পৰা ওঁঠ দুখনিত হাঁহি বিৰিঙাব খুজিছে।

(ক) কবিয়ে কাৰ কোলাত প্রথমে চকু মেলাৰ কথা কৈছে?

উঃ –কবিয়ে আই অৰ্থাৎ জনমভূমিৰ কোলাত প্ৰথমে চকু মেলাৰ কথা কৈছে।

(খ) কবিৰ ভাগৰুৱা আত্মাই কোন ঠাইত শেষ জিৰণি লবলৈ ইচ্ছা প্ৰকাশ কৰিছে?

উঃ— কবিৰ ভাগৰুৱা আত্মাই জনমভূমিৰ ছায়াত শেষ জিৰণি লবলৈ ইচ্ছা প্ৰকাশ কৰিছে।

(গ) কবিয়ে পখী হৈ ক’ত বাহ ল’ম বুলি কৈছে?

উঃ— কবিয়ে পখী হৈ ওখ বিৰিখত বাহ ল’ম বুলি কৈছে।

(ঘ) কবিয়ে হিমালয় পৰ্বতৰ ক’ত আৰু কি হৈ ৰ’ব বুলি কৈছে?

উঃ— কবিয়ে হিমালয় পৰ্ৱতৰ শুকুলা টিঙলৈ গৈ মানসী বিলত ফুল তৈ ফুলি ৰ’ব বুলি কৈছে।

1 thought on “জনমভূমি Class 7 (প্ৰশ্ন উত্তৰ) জনমভূমি কবিতা অষ্টম শ্ৰেণী”

  1. গ) জনমভূমি কার্বতাটোত থকা দুটা এটা উপমা উল্লেখ কৰা।

    Reply

Leave a Comment

Stay informed about the latest Educational Update website. We provide timely and accurate information on upcoming Exam, application deadlines, exam schedules, and more.

📱 Get AssamWeb App

Unlock free PDFs, mock tests, and certificates with our mobile app. Faster, smoother, and made for students 📚✨

🚀 Install from Play Store One-time reminder • No spam