পণ্ডিত আনন্দৰাম বৰুৱা Class 7 (প্ৰশ্নোত্তৰ) অংকুৰণ সপ্তম শ্রেণী

পণ্ডিত আনন্দৰাম বৰুৱা Class 7 Assamese Lesson 3 Question Answer | আনন্দৰাম বৰুৱা Question Answer Class 7

পণ্ডিত আনন্দৰাম বৰুৱা
বিষয়  অংকুৰণ (সপ্তম শ্রেণীঅসমীয়া)
মাধ্যম অসমীয়া
পাঠৰ নাম পণ্ডিত আনন্দৰাম বৰুৱা
শ্ৰেণী  সপ্তম শ্রেণী (VII)
অধ্যায়  অধ্যায় 3
পাঠ্যক্ৰম NCERT

পণ্ডিত আনন্দৰাম বৰুৱা

১. পণ্ডিত আনন্দৰাম বৰুৱাৰ জন্ম কোন ঠাইত হৈছিল ?

  • ক) কলিকতাত
  • খ) উত্তৰ গুৱাহাটীত
  • গ) নোৱাখালিত
  • ঘ) শিৱসাগৰত

A: খ) উত্তৰ গুৱাহাটীত

২. পণ্ডিত আনন্দৰাম বৰুৱা ডাঙৰীয়াই আই. চি. এছ পৰীক্ষাত কি স্থান লাভ কৰিছিল ?

  • ক) সপ্তম
  • খ) তৃতীয়
  • গ) প্ৰথম
  • ঘ) ষষ্ঠ

A: ক) সপ্তম

Class 7 Assamese Lesson 3 Question Answer

৩. পণ্ডিত আনন্দৰাম বৰুৱা ডাঙৰীয়াই আই. চি. এছ. পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হৈ কিয় থমকি ৰব লগা হৈছিল ?

  • ক) আই. চি. এছ. পৰীক্ষাত সপ্তম স্থান পোৱা বাবে
  • খ) অসমত সেই সময়ত কলেজ নথকা বাবে
  • গ) অসমৰ দৰে বংগদেশতো ভাষাৰ ভিন্নতা থকা বাবে
  • ঘ) আই. চি. এছ. পৰীক্ষাত উত্তীৰ্ণ বুলি ঘোষিত হ’বলৈ প্ৰয়োজনীয় ন্যূনতম বয়স

A: ঘ) আই. চি. এছ. পৰীক্ষাত উত্তীৰ্ণ বুলি ঘোষিত হ’বলৈ প্ৰয়োজনীয় ন্যূনতম বয়স

৪. বংগদেশৰ ভাষাবিদসকলে মান্যভাষাত এখন অভিধানৰ প্ৰয়োজনীয়তা কিয় অনুভৱ কৰিছিল ?

  • ক) বংগদেশত স্ত্ৰী শিক্ষা প্ৰচাৰৰ বাবে
  • খ) বংগদেশত অঞ্চলভেদে থকা ভাষাৰ ভিন্নতা দূৰ কৰাৰ বাবে
  • গ) বিশ্বৰ বুকুত ভাষা শিক্ষাৰ গৌৰৱ বিলোৱাৰ বাবে
  • ঘ) প্ৰাচীন ভাষা সাহিত্যৰ পুনৰুদ্ধাৰৰ বাবে

A: খ) বংগদেশত অঞ্চলভেদে থকা ভাষাৰ ভিন্নতা দূৰ কৰাৰ বাবে

৫. “কাইলৈ মই শিৱসাগৰলৈ _____________ ।”

তলৰ শব্দবোৰৰ পৰা উপযুক্ত শব্দ বাছি ওপৰৰ খালী ঠাই সম্পূৰ্ণ কৰা ।

  • ক) যাম
  • খ) গৈছিলোঁ
  • গ) যাব
  • ঘ) যাওঁ

A: ক) যাম

আনন্দৰাম বৰুৱা Question Answer Class 7

২। উত্তৰ দিয়া :-
(ক) আনন্দৰাম বৰুৱাৰ জন্ম ক’ত হৈছিল?
উঃ— আনন্দৰাম বৰুৱাৰ জন্ম হৈছিল উত্তৰ গুৱাহাটীৰ ৰজা দুৱাৰত৷

(খ) তেওঁৰ পিতৃ আৰু মাতৃৰ নাম কি আছিল?
উঃ— তেওঁৰ পিতৃৰ নাম গৰ্গৰাম বৰুৱা আৰু মাতৃৰ নাম দুৰ্লভেশ্বৰী বৰুৱা।

(গ) আনন্দৰাম বৰুৱাই কলকাতাৰ কোন কলেজত নামভৰ্তি কৰিছিল ?
উঃ— আনন্দৰাম বৰুৱাই কলকাতাৰ প্ৰেছিডেন্সী কলেজত নামভর্তিকৰিছিল।

(ঘ) “আনন্দৰাম বৰুৱা ভাষা-কলা-সংস্কৃতি-সংস্থা” কিয় প্রতিষ্ঠা কৰিছিল?
উঃ— ভাৰতৰ ব্ৰিটিছ আমোলত প্রথমজন অসমীয়া বেৰিষ্টাৰ আছিল আনন্দৰাম বৰুৱা। তেওঁ প্ৰথমজন অসমীয়া তথা ভাৰতীয় চিভিলিয়ান হোৱাৰ উপৰি এজন প্রখ্যাত সংস্কৃত পণ্ডিতো আছিল। সেয়েহে তেওঁৰ স্মৃতি ৰক্ষাৰ্থে ৰাজ্য চৰকাৰে “আনন্দৰাম বৰুৱা ভাষা-কলা-সংস্কৃতি সংস্থা” প্রতিষ্ঠা কৰিছিল।

৩। ABILAC –ৰ সম্পূৰ্ণ নামটো ইংৰাজী আৰু অসমীয়াত লিখা।
উঃ—ABILAC—ৰ সম্পূৰ্ণ নামটো ইংৰাজী আৰু অসমীয়াত লিখা হ’ল—
ইংৰাজী : – Anundoram Borooah Institute of Language, Art, And Culture, Assam.
অসমীয়াতঃ আনন্দৰাম বৰুৱা ভাষা-কলা-সংস্কৃতি সংস্থা।

৪। তলত দিয়া পুথিসমূহৰ পৰা আনন্দৰাম বৰুৱাই ৰচনা কৰা পুথিসমূহ বাছি উলিয়াই লিখা।

  • কোটিল্যৰ অৰ্থশাস্ত্র
  • প্রাচীন ভাৰতৰ ভূগোল
  • ভবভূতিৰ মহাবীৰ চৰিত
  • উচ্চ সংস্কৃত ব্যাকৰণ
  • সৰস্বতী কণ্ঠাভৰণ
  • ভাগৱতৰ দশম স্কন্ধ
  • ইংৰাজী-সংস্কৃত অভিধান
  • সংস্কৃত ভাষাৰ বৃহৎ ব্যাকৰণ
  • সংস্কৃত শিক্ষার্থী সহচৰ
  • মহাভাৰত
  • নাম-ঘোষা।

উঃ— উক্ত পুথিসমূহৰ পৰা আনন্দৰাম বৰুৱাই ৰচনা কৰা পুথিসমূহ তলত উল্লেখ কৰা হ’ল-
★প্রাচীন ভাৰতৰ ভূগোল
★সৰস্বতী কণ্ঠাভৰণ
★ ভৱভূতিৰ মহাবীৰ চৰিত
★ সংস্কৃত ভাষাৰ বৃহৎ ব্যাকৰণ
★উচ্চ সংস্কৃত ব্যাকৰণ
★ সংস্কৃত শিক্ষার্থী সহচৰ

আনন্দৰাম বৰুৱা Question Answer Class 7

৫। আনন্দৰাম বৰুৱাই আই. চি. এছ. পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ পাছত বিলাতত হোৱা বয়সৰ বিতৰ্কত মি. গ্রেন্ট ডাফে দিয়া মন্তব্যটো নিজৰ ভাষাত লিখা।
উঃ— আনন্দৰাম বৰুৱাই আই. চি. এছ. পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ পাছত বিলাতত হোৱা বয়সৰ বিতৰ্কত মি. গ্রেন্ট ডাফে এই বুলি মন্তব্য আগবঢ়াইছিল যে তেওঁলোকে আই. চি. এচ পৰীক্ষাৰ নিয়মাৱলী নিৰ্ধাৰণ কৰোঁতে এই পৰীক্ষাৰ নিয়মাৱলীৰ ভিতৰুৱা উদ্দেশ্যলৈহে মন দিছে। কিন্তু যিগৰাকী ছাত্ৰই সুদূৰ ব্ৰহ্মপুত্ৰ উপত্যকাৰ পৰা আহি ইমানবোৰ প্ৰতিযোগীৰ মাজতো সুখ্যাতিৰে সেই পৰীক্ষাত উত্তীৰ্ণ হ’ব পাৰিছে’ সেই ছাত্ৰগৰাকীৰ ইচ্ছা বা আকাংক্ষাৰ বাটত তেওঁলোকে একো বাধাৰ সৃষ্টি কৰিব নিবিচাৰে।

৬। আনন্দৰাম বৰুৱাৰ কৰ্মজীৱনৰ বিষয়ে কেইশাৰী মান বাক্য লিখা।
উঃ— আনন্দৰাম বৰুৱাৰ কৰ্মজীৱনৰ বিষয়ে কেইশাৰী মান বাক্য লিখা হ’ল–
আই. চি. এছ. পৰীক্ষাত উত্তীৰ্ণ হৈ স্বদেশলৈ উভতি আহি আনন্দৰাম বৰুৱাই শিৱসাগৰ জিলাত সহকাৰী মেজিষ্ট্রেট হিচাপে কামত যোগদান কৰে। ইয়াৰ পাছত তেওঁ মৈমনসিং জিলাৰ সহকাৰী মেজিষ্ট্রেট আৰু কালেক্টৰ নিযুক্তি পায়। ১৮৮৪ চনত নোৱাখালি জিলাৰ মেজিষ্ট্রেট হিচাপে নিযুক্ত হয়। নোৱাখালিত থাকোঁতে তেওঁ স্ত্ৰী-শিক্ষাৰ প্ৰচাৰৰ বাবে এখন বালিকা বিদ্যালয় স্থাপন কৰে। বংগদেশৰ আঞ্চলিক ভাষাৰ বৈষম্য আঁতৰ কৰিবলৈ বংগদেশৰ ভাষাবিদসকলে মান্য ভাষাত এখন অভিধানৰ প্ৰয়োজনীয়তা
অনুভৱ কৰি এই কামৰ দায়িত্ব আনন্দৰাম বৰুৱাক অৰ্পণ কৰিছিল যদিও তেওঁ তাক সম্পূৰ্ণ কৰিব নোৱাৰিলে। অসমীয়া সাহিত্য জগতকৈ তেওঁ বহুতো অৱদান আগবঢ়াই থৈ গৈছে।

লগতে পঢ়ক:   বিদ্যা Class 7 Question Answer (VII) অসমীয়া সপ্তম শ্ৰেণীৰ

৭। “ক” অংশত থকা শব্দৰ লগত “খ” অংশত থকা অৰ্থবোৰ আঁচ টানি মিলোৱা।
উঃ— ‘ক’ অংশত থকা শব্দৰ লগত ‘খ’ অংশত থকা শব্দবোৰ আঁচ টানি মিলোৱা হ’ল-

“ক” অংশ “খ” অংশ
অধ্যৱসায় নেৰানেপেৰাকৈ লাগি থকা কার্য
মন্থন মথা বা ঘোঁটা কার্য
সুখ্যাতি সুনাম, যশস্যা
জাকতজিলিকা অতি শুৱনি,বহুতৰ মাজত চকুত পৰা
অৱদান বৰঙণি বা অৰিহণা।
সংকল্প কোনো কাম কৰিবলৈ দৃঢ় ইচ্ছা
অপ্রত্যাশিত আশা নকৰা
প্রতিযোগী প্রতিদ্বন্দ্বী
নিযুক্ত কামত লগোৱা, কামত বিয়োগ কৰা
মনীষী জ্ঞানী

আনন্দৰাম বৰুৱা Question Answer Class 7

৮। দলত ভাগ হৈ পাঠটো পঢ়া। পাঠটোৰ পৰা অতীত কালৰ ক্রিয়াপদকেইটা বাছি উলিয়াই লিখা।
উঃ― (তোমালোকে পাঠটো পঢ়িবা।)
তলত পাঠটোৰপৰা অতীত কালৰ ক্রিয়াপদকেইটা বাছি উলিয়াই লিখা হল-
হৈছিল
লৈছিল
নাছিল
নোৱাৰিলে
দৰ্শাইছিল
পঠিয়াইছিল
লিখিছিল
গল
ফলিয়াইছিল
আছিল
পাৰিছিল
কৰিছিল
৯। খালী ঠাই পূৰ কৰা
(ক) কালি মই গুৱাহাটীলৈ ____
উঃ– কালি মই গুৱাহাটীলৈ গৈছিলোঁ।

(খ) কাইলৈ আমাৰ ঘৰলৈ ৰমেন____
উঃ— কাইলৈ আমাৰ ঘৰলৈ ৰমেন আহিব।

(গ) ল’ৰাবিলাকে খেল পথাৰত বল ____
উঃ— ল’ৰাবিলাকে খেল পথাৰত বল খেলিছে।

১০। পাঠটোৰ পৰা বিশেষ্য, বিশেষণ, সর্বনাম আৰু ক্রিয়াপদ বিচাৰি উলিয়াই বহীত লিখা ।
উঃ– পাঠটোৰ পৰা বিশেষ্য, বিশেষণ, সর্বনাম আৰু ক্ৰিয়াপদ বিচাৰি উলিয়াই বহীত লিখা হ’ল-

বিশেষ্য বিশেষণ সর্বনাম  ক্রিয়াপদ
অসম, যুৱক
ভাৰতীয় প্রশাসনিক সেৱা পৰীক্ষা, বয়স, বিলাত পার্লামেন্ট, ব্রিটিছ, সদস্য মি. গ্রেন্ট ডাফ, আই.চি.
এছ পৰীক্ষা, কাণ, ছাত্র, ব্ৰহ্মপুত্ৰ উপত্যকা,
প্রতিযোগী, বাট, মেধাৱী, আনন্দৰাম বৰুৱা দুৰ্লভেশ্বৰী বৰুৱা, সন্তান,
ইংৰাজী, মে মাহ,
উত্তৰ, গুৱাহাটী, ৰজাদুৱাৰ
খাট, কামৰূপ, মজিন্দাৰ
বৰুৱা বংশ, অসম, কলেজ,
প্ৰৱেশিকা পৰীক্ষা, কলকাতা
প্রেছিডেন্সী কলেজ,
এফ. এ. পৰীক্ষা,
গণিত, ডাফ স্কলাৰছিপ,
ইংৰাজ চৰকাৰ, উচ্চ শিক্ষা
বিলাত, লণ্ডন, বেৰিষ্টাৰী
ইত্যাদি।
এজন, মেধাসম্পন্ন
ন্যূনতম, তুমুল, সন্মানীয়, এগৰাকী,
ভিতৰুৱা, সুদূৰ, এক,
একো, সপ্তম
কঠোৰ, দৃঢ়, কঠিন, তৃতীয়, ১৮৫০, ২৯
পণ্ডিত প্ৰৱৰ
তেখেত

 

এই

তেতিয়া

আমি
এইদৰে
সেই ….ইত্যাদি

হৈছিল

 

থমকি ৰ’ব,  হ’ব, নাছিল, দৰ্শাইছিল, হওঁতে, দিছোঁ, আহি,
পাৰিছে, নকৰোঁ, ফলিয়াইছিল, কৰে, পায়,
পঠিয়াইছিল, ইত্যাদি।

চেষ্টার অসাধ্য একো নাই in Assamese

১১। “চেষ্টাৰ অসাধ্য একো নাই” কথাষাৰ বহলাই লিখা।
উঃ— চেষ্টা কৰিলে আমি সকলো কাম অতি সহজতে কৰিব পাৰোঁ। কোনো এটা কাম যিমানেই কঠিন নহওক কিয় আমি তাক গুৰুত্ব সহকাৰে কৰিব লাগে। যেতিয়া আমি মনোযোগেৰে বা গুৰুত্ব সহকাৰে কাম এটা কৰিবলৈ চেষ্টা কৰিম, তেতিয়া সেই কামটো আমাৰ বাবে সহজ হৈ পৰিব অৰ্থাৎ ই আমাৰ সাধ্যৰ ভিতৰত থাকিব। গতিকে কাম এটা যিমানেই টান নহওক কিয় মনোযোগেৰে বা গুৰুত্ব সহকাৰে আমি যেতিয়া তাক কৰিবলৈ যাম তাত আমি সফল হমেই। গতিকে ক’ব পাৰি যে চেষ্টাৰ অসাধ্য একো নাই।

১২। কিছুমান লোকে ভালদৰে পঢ়া-শুনা কৰি, ভাল কাম কৰি নিজৰ বংশৰ লগতে দেশৰ নামো উজ্জ্বল কৰে। তুমি নিজে তেনে ব্যক্তি হবলৈ কি কৰিবা লিখা।
উঃ― (নিজে নিজে লিখিবলৈ চেষ্টা কৰিবা।

Class 7 Assamese Lesson 3 Question Answer

১৩। বিভিন্ন ক্ষেত্ৰত (সাহিত্য, কলা, গীত-গোৱা, বাদ্যযন্ত্ৰী, চিত্র শিল্পী, খেলুৱৈ) আদিৰ নাম সংগ্ৰহ কৰি তালিকা প্রস্তুত কৰা।
উঃ— বিভিন্ন ক্ষেত্ৰত অৱদান আগবঢ়োৱা ব্যক্তিসকলৰ নাম সংগ্ৰহ কৰি তালিকা প্রস্তুত কৰা হ’ল—

সাহিত্য কলা গীত গোৱা
চিত্র শিল্পী খেলুৱৈ
লক্ষ্মীনাথ বেজবৰুৱা,আনন্দৰাম বৰুৱা, মামনি ৰয়চম গোস্বামী, বীৰেন্দ্ৰনাথ ভট্টাচাৰ্য, লক্ষ্মীনন্দন বৰা, হোমেন বৰগোহাঞি আদি বেণু মিশ্র, নীলপৱন বৰুৱা, বিৰেন্দ্ৰ সিংহ আদি ভূপেন হাজাৰিকা, মৃদুলা বৰুৱা
দীপালী বৰঠাকুৰ
জুবিন গাৰ্গ, খগেন মহন্ত, অৰ্চনা মহন্ত আদি
সীমা বিশ্বাস
বিজু ফুকন
নিপন গোস্বামী, প্রস্তুতি পৰাশৰ আদি
শিৱ ঠাপা
মিঠু বৰুৱা
এলভিচ আলি হাজৰিকা
দীপাংকৰ ভট্টাচাৰ্য
ৰিয়ান পৰাগ
হিমা দাস আদি।
লগতে পঢ়ক:   নোকোৱাৰ পৰিণাম উত্তৰ (Class 7) অসমীয়া সপ্তম শ্ৰেণীৰ পাঠ 6

১৪। প্রত্যেকজন ছাত্র-ছাত্রীয় নিজৰ গাঁৱৰ/ঠাইৰ সকলোৱে জনা এজন ব্যক্তিৰ (লিখা-মেলা কৰা, গীত গোৱা, সমাজৰ কাম কৰা, খেলা-ধূলা কৰা, নৃত্য কৰা, মাটিৰ মূৰ্তি সজা, কাঠৰ বস্তু তৈয়াৰ কৰা, বাঁহৰ বস্তু সজা, মৰাপাটৰ বস্তু তৈয়াৰ কৰা আদি যিকোনো এটা বিষয়ত পাৰ্গত)ৰ বিষয়ে আনক সুধি বা নিজে সেই ব্যক্তিৰ লগত দেখা কৰি তেখেতৰ বিষয়ে তথ্য সংগ্ৰহ কৰি লিখিবা।
উঃ (তোমালোকে লিখিবলৈ চেষ্টা কৰিবা)।

১৫। ভৱিষ্যতে কোনে কি হ’বলৈ বিচৰা আৰু কিয় হ’ব বিচৰা সেই বিষয়ে লিখা।
উঃ― (তোমালোকে নিজে লিখিবা।)

লগতে পঢ়ক: কালিকা লগা পাট-কাপোৰ Class 7

|পাঠভিত্তিক অতিৰিক্ত প্রশ্নোত্তৰ|

প্রশ্ন ১। আনন্দৰাম বৰুৱাই আই. চি. এছ. পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ পাছত বিলাতত হোৱা বয়সৰ বিতৰ্কত মি. গ্রেণ্ট ডাফে দিয়া মন্তব্যটি লিখা।
উত্তৰ। আনন্দৰাম বৰুৱাই আই. চি. এছ. পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ পাছত বিলাতত হোৱা বয়সৰ বিতৰ্কত মি. গ্ৰেণ্ট ডাফে এই বুলি মন্তব্য আগবঢ়াইছিল— যে তেওঁলোকে আই. চি. এছ. পৰীক্ষাৰ নিয়মাৱলী নিৰ্ধাৰণ কৰোঁতে এই পৰীক্ষাৰ নিয়মাৱলীৰ ভিতৰুৱা উদ্দেশ্যলৈহে মন দিছে। কিন্তু যিগৰাকী ছাত্ৰই সুদূৰ ব্ৰহ্মপুত্ৰ উপত্যকাৰ পৰা আহি ইমানবোৰ প্ৰতিযোগীৰ মাজতো সুখ্যাতিৰে সেই পৰীক্ষাত উত্তীৰ্ণ হ’ব পাৰিছে, সেই ছাত্ৰগৰাকীৰ ইচ্ছা বা আকাংক্ষাৰ বাটত তেওঁলোকে একো বাধাৰ সৃষ্টি কৰিব নিবিচাৰে।

Class 7 Assamese Lesson 3 Question Answer

প্রশ্ন ২। উত্তৰ দিয়া :
(ক) আনন্দৰাম বৰুৱাৰ জন্ম ক’ত হৈছিল? তেওঁৰ পিতৃ-মাতৃৰ নাম কি?
উঃ আনন্দৰাম বৰুৱাৰ জন্ম হৈছিল কামৰূপ জিলাৰ উত্তৰ গুৱাহাটীৰ ৰজা দুৱাৰত। তেওঁৰ পিতৃ-মাতৃৰ নাম আছিল গৰ্গৰাম বৰুৱা আৰু দুৰ্লভেশ্বৰী বৰুৱা।

(খ) আনন্দৰাম বৰুৱাই কলিকতাৰ কোন কলেজত নাম ভর্তি কৰিছিল ?
উঃ আনন্দৰাম বৰুৱাই কলিকতাৰ প্ৰেছিডেন্সি কলেজত নাম ভর্তি কৰিছিল।

(গ) এফ. এ. পৰীক্ষাত কি স্থান পাইছিল?
উঃ এফ. এ. পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হৈছিল আৰু গণিতত সর্বোচ্চ নম্বৰসহ ‘ডাফ স্কলাৰছিপ’ লাভ কৰিছিল।

প্রশ্ন ৩। আনন্দৰাম বৰুৱাৰ কৰ্মজীৱনৰ বিষয়ে পাঁচশাৰী বাক্য লিখা।
উঃ তলত আনন্দৰাম বৰুৱাৰ কৰ্মজীৱনৰ বিষয়ে পাঁচশাৰী বাক্য লিখা হ’ল—
আই. চি. এছ. পৰীক্ষাত উত্তীৰ্ণ হৈ স্বদেশলৈ উভতি আহি আনন্দৰাম বৰুৱা শিৱসাগৰ জিলাত সহকাৰী মেজিষ্ট্রেট হিচাপে কামত যোগদান কৰে। ইয়াৰ পাছত তেওঁ মৈমনসিং জিলাৰ সহকাৰী মেজিষ্ট্রেট আৰু কালেক্টৰ নিযুক্তি পায়। বিভিন্ন জিলাত উচ্চপদস্থ বিষয়া হিচাপে কার্য নির্বাহ কৰি ১৮৮৪ চনত নোৱাখালি জিলাৰ ম্যাজিষ্ট্রেটও হিচাপে নিযুক্ত হয়। নোৱাখালিত থাকোঁতে তেওঁ স্ত্ৰী-শিক্ষা প্ৰচাৰৰ বাবে এখন বালিকা বিদ্যালয় স্থাপন কৰে। ইয়াৰোপৰি আনন্দৰাম বৰুৱাই প্রাচীন ভাষা-সাহিত্যৰ পুনৰুদ্ধাৰৰ বাবে যৎপৰোনাস্তি চেষ্টা কৰি থৈ গৈছে।

প্রশ্ন ৪। ‘আনন্দৰাম বৰুৱা ভাষা-কলা-সংস্কৃতি সংস্থা’ৰ বিষয়ে লিখা।
উঃ ১৯৮৯ চনত ৰাজ্য চৰকাৰৰ পৃষ্ঠপোষকতাত ‘আনন্দৰাম বৰুৱা ভাষা-কলা-সংস্কৃতি সংস্থা প্রতিষ্ঠা কৰা হয়। ইয়াক ইংৰাজীত
Annundoram Borooah Institute of Language, Art, Cuture, Assam বা সংক্ষেপ ABILAC বুলি কোৱা হয়। আনন্দৰাম বৰুৱা ভাৰতৰ ব্ৰিটিছ আমোলত প্ৰথমজন অসমীয়া বেৰিষ্টাৰ, প্রথমজন অসমীয়া চিভিলিয়ান, প্রথমজন ভাৰতীয় চিভিলিয়ান আৰু
সংস্কৃতত এগৰাকী বিদগ্ধ পণ্ডিত আছিল। তেওঁৰ স্মৃতি ৰক্ষাৰ্থে ৰাজ্য চৰকাৰে ‘আনন্দৰাম বৰুৱা ভাষা-কলা-সংস্কৃতি সংস্থা, অসম’ নামৰ এই প্রতিষ্ঠানটো প্রতিষ্ঠা কৰে। এই প্রতিষ্ঠানটোৰ প্ৰধান উদ্দেশ্য হৈছে অসমৰ ভাষা আৰু ভাষাতত্ত্ব সম্পৰ্কীয় অধ্যয়ন আৰু গৱেষণা কৰাৰ উপৰি অসমৰ কলা-সাহিত্য আৰু সংস্কৃতিৰ উৎকর্ষ সাধন কৰা।

Class 7 Assamese Lesson 3 Question Answer

প্রশ্ন ৫। চমুকৈ লিখা-
(ক) নোৱাখালি (খ) আই. চি. এছ.
উঃ

(ক) নোৱাখালি—নোৱাখালি তেতিয়াৰ ‘অবিভক্ত ভাৰতৰ পূর্ব-বংগ আৰু বৰ্তমান বাংলাদেশৰ এখনি গুৰুত্বপূৰ্ণ জিলা। আনন্দৰাম বৰুৱাই ১৮৮৪ চনত নোৱাখালি জিলাৰ মেজিষ্ট্রেট হিচাপে নিযুক্ত হয়। নোৱাখালিতে তেওঁ বিভিন্ন উন্নয়নমূলক কার্য কৰাৰ উপৰিও স্ত্রী-শিক্ষা প্ৰচাৰৰ বাবে এখন বালিকা বিদ্যালয় স্থাপন কৰিছিল।

(খ) আই. চি. এছ.– ভাৰতীয় প্রশাসনিক সেৱাক চমুকৈ আই. চি. এছ. ( Indian Civil Service, I.C.S) বুলি কোৱা হয়। আই. চি. এছ. হৈছে প্ৰশাসনৰ বাবে অনুষ্ঠিত কৰা এক প্রতিযোগিতামূলক পৰীক্ষা। ব্ৰিটিছ শাসনকালত ব্ৰিটিছসকলে এই পৰীক্ষাৰ যোগেদি উপযুক্ত প্ৰশাসনৰ বাবে দক্ষ প্রশাসক নির্বাচন কৰিছিল। আৰম্ভণিতে এই পৰীক্ষা দুটা পৰ্যায়ত অনুষ্ঠিত হৈছিল। প্রথম পর্যায়টো আছিল মুক্ত প্রতিযোগিতা। মুক্ত প্রতিযোগিতাত উত্তীৰ্ণ হোৱা সকলেহে দ্বিতীয় পৰ্যায়ৰ পৰীক্ষাত অৱতীৰ্ণ হ’ব পাৰিছিল। এনেকৈয়ে এই পৰীক্ষাৰ দ্বাৰা সুদক্ষ প্রশাসক বাচনি কৰা হৈছিল।

লগতে পঢ়ক:   জতুৱাৰ জঁট Class 7 Question Answer – অংকুৰণ সপ্তম শ্ৰেণীৰ

পণ্ডিত আনন্দৰাম বৰুৱা Class 7

প্রশ্ন ৬। আনন্দৰাম বৰুৱাই ৰচনা কৰা কেইখনমান পুথিৰ নাম লিখা।
উঃ আনন্দৰাম বৰুৱাই ৰচনা কৰা কেইখনমান পুথিৰ নাম হ’ল—ব্যৱহাৰোপযোগী ইংৰাজী সংস্কৃত অভিধান, উচ্চ সংস্কৃত ব্যাকৰণ, প্রাচীন ভাৰতৰ ভূগোল, ভৱভূতিৰ মহাবীৰ চৰিত, জানকীৰাম ভাষা টীকা সম্বলিত সংস্কৃত শিক্ষাৰ্থীৰ সহচৰ, সংস্কৃত ভাষাৰ বৃহৎ ব্যাকৰণ, বৈশ্লেষণিক ঐতিহাসিক আৰু আভিধানিক সংস্কৃত ভাষাৰ বৃহৎ ব্যাকৰণ, সৰস্বতী কণ্ঠাভৰণ আদি।

প্রশ্ন ৭। আনন্দৰাম বৰুৱাৰ পাণ্ডিত্যত মুগ্ধ হৈ প্রখ্যাত কবি মেক্‌মিলানে লিখা স্তৱকটি বর্ণনা কৰা।
উঃ আনন্দৰাম বৰুৱাৰ পাণ্ডিত্যত মুগ্ধ হৈ প্ৰখ্যাত মেকমিলানে লিখা স্তৱকটি হ’ল-
“এটা নাম আছে, যাৰ পৰশত পুৱাৰপৰা সন্ধিয়ালৈকে, সন্ধিয়াৰপৰা পুৱতিলৈকে মই থিৰেৰে থাকিব নোৱাৰা হৈছো। ই নিজৰাৰ কুলু কুলু শব্দ নহয়, নাইবা হেমন্ত কালৰ গছৰ পাতত ৰিক্ ৰিক্‌ বতাহৰ হেন্দোলনি নহয়, ই লাৱণ্যময়ী যুৱতীৰ নাম নহয়, নাইবা দুপৰ নিশাৰ অমৃত বৰষা বুল-বুলৰ ধ্বনিও এই নামত নাই। এই নামটো আন কাৰো নহয়—অলপতে আই. চি. এছ. পাছ কৰা আনন্দৰাম বৰুৱাৰ।” ইয়াৰ দ্বাৰা কবিগৰাকীয়ে আনন্দৰাম বৰুৱাৰ কীৰ্তি প্ৰকাশ কৰিছে। এই নামটোৱে তেওঁক প্ৰভাৱান্বিত কৰিছে। ৰাতিপুৱাৰপৰা ৰাতিলৈকে আনন্দৰাম বৰুৱাৰ নামটোৱে তেওঁক অস্থিৰ কৰি তোলে।

পণ্ডিত আনন্দৰাম বৰুৱা Class 7

৮। তলৰ শব্দকেইটাৰ একোটা অৰ্থপূৰ্ণ বাক্য সাজা :
অধ্যৱসায়, জাকত-জিলিকা, আকর্ষণীয়

উঃ অধ্যৱসায়— আনন্দৰাম বৰুৱাই কঠোৰ অধ্যৱসায়ৰ জৰিয়তে ভাৰতীয় প্রশাসনিক সেৱাৰ প্ৰতিযোগিতামূলক পৰীক্ষাত উত্তীৰ্ণ হৈছিল।
জাকত-জিলিকা—সংস্কৃত সাহিত্যলৈ আগবঢ়োৱা বিশেষ বৰঙণিৰ বাবে আনন্দৰাম বৰুৱাৰ নামটো অসমীয়া ভাষা-সাহিত্যৰ বুৰঞ্জীত জাকত-জিলিকা হৈ আছে।
আকর্ষণীয়—আনন্দৰাম বৰুৱাৰ আকৰ্ষণীয় ব্যক্তিত্বই সকলোকে মুগ্ধ কৰিছিল।

প্রশ্ন ৯। যথা স্থানত যতি, উদ্ধৃতি চিন আদি বহুওৱা।
জেৰেঙা পথাৰত চাওদাঙে কুঁৱৰীক অবর্ণনীয় অত্যাচাৰ কৰি থকা দেখি গদাপাণিয়ে সুধিলে হেৰা মানুহজনী গিৰীয়েৰাৰ কথা কৈ নিদিয়ানো কেলৈ জয়মতীয়ে কেৰাহিকৈ গদাপাণিৰ ফালে চাই ক’লে মই মোৰ স্বামীৰ কথা নকলোৱেইবা ইবিলাকক নো কোনে মাতিছে।
উত্তৰ। যথা স্থানত যতি, উদ্ধৃতি চিন আদি বহুওৱা হ’ল— জেৰেঙা পথাৰত চাওদাঙে কুঁৱৰীক অবর্ণনীয় অত্যাচাৰ কৰি থকা দেখি গদাপাণিয়ে সুধিলে, “হেৰা মানুহজনী গিৰীয়েৰাৰ কথা কৈ নিদিয়ানো কেলৈ?” জয়মতীয়ে কোহিকৈ গদাপাণিৰ ফালে চাই ক’লে, “মই মোৰ স্বামীৰ কথা নকলোৱেইবা ইবিলাকক নো কোনে মাতিছে!”

(ক) আনন্দৰাম বৰুৱাৰ জন্ম ক’ত হৈছিল?

উঃ— আনন্দৰাম বৰুৱাৰ জন্ম হৈছিল উত্তৰ গুৱাহাটীৰ ৰজা দুৱাৰত৷

(খ) আনন্দৰাম বৰুৱাৰ পিতৃ আৰু মাতৃৰ নাম কি আছিল?

উঃ— তেওঁৰ পিতৃৰ নাম গৰ্গৰাম বৰুৱা আৰু মাতৃৰ নাম দুৰ্লভেশ্বৰী বৰুৱা।

(গ) আনন্দৰাম বৰুৱাই কলকাতাৰ কোন কলেজত নামভৰ্তি কৰিছিল ?

উঃ— আনন্দৰাম বৰুৱাই কলকাতাৰ প্ৰেছিডেন্সী কলেজত নামভর্তিকৰিছিল।

(ঘ) “আনন্দৰাম বৰুৱা ভাষা-কলা-সংস্কৃতি-সংস্থা” কিয় প্রতিষ্ঠা কৰিছিল?

উঃ— ভাৰতৰ ব্ৰিটিছ আমোলত প্রথমজন অসমীয়া বেৰিষ্টাৰ আছিল আনন্দৰাম বৰুৱা। তেওঁ প্ৰথমজন অসমীয়া তথা ভাৰতীয় চিভিলিয়ান হোৱাৰ উপৰি এজন প্রখ্যাত সংস্কৃত পণ্ডিতো আছিল। সেয়েহে তেওঁৰ স্মৃতি ৰক্ষাৰ্থে ৰাজ্য চৰকাৰে “আনন্দৰাম বৰুৱা ভাষা-কলা-সংস্কৃতি সংস্থা” প্রতিষ্ঠা কৰিছিল।

Leave a Comment

Your email address will not be published. Required fields are marked *


Scroll to Top