বিজ্ঞান আৰু আমাৰ মানসিকতা Questions Answers সপ্তম শ্ৰেণীৰ অসমীয়া

বিজ্ঞান আৰু আমাৰ মানসিকতা Questions Answers |বিজ্ঞান আৰু আমাৰ মানসিকতা Class 7 Assamese Lesson 5 Question Answer সপ্তম শ্ৰেণীৰ অসমীয়া প্ৰশ্ন উত্তৰ অসম

বিজ্ঞান আৰু আমাৰ মানসিকতা
বিষয় সপ্তম শ্ৰেণীৰ অসমীয়া
মাধ্যমঅসমীয়া
পাঠৰ নামবিজ্ঞান আৰু আমাৰ মানসিকতা
শ্ৰেণী VII
অধ্যায় অধ্যায় 5
পাঠ্যক্ৰমNCERT

বিজ্ঞান আৰু আমাৰ মানসিকতা Questions Answers

১. ছিটা সম্পৰ্কে প্ৰচাৰ হোৱা উৰাবাতৰিটো কি মাধ্যমৰ জৰিয়তে প্ৰচাৰ হৈছিল ?

  • ক) ‘ভ্ৰাম্যভাষ’ৰ জৰিয়তে
  • খ) জাননী ফলকৰ জৰিয়তে
  • গ) পুস্তিকাৰ জৰিয়তে
  • ঘ) শ্লোগানৰ জৰিয়তে

A: ক)‘ভ্ৰাম্যভাষ’ৰ জৰিয়তে

২. বিদ্যালয়লৈ ছিটা সম্পৰ্কে জনাবলৈ অহা চিকিৎসক গৰাকীৰ নাম কি আছিল ?

  • ক) হৰিধন
  • খ) ৰতন পায়েং
  • গ) বিনোদ ওৰাং
  • ঘ) শংকৰ

A: খ) ৰতন পায়েং

৩. বুধবাৰে ছাত্ৰ-ছাত্ৰীসকল বিদ্যালয়লৈ কিয় অহা নাছিল ?

  • ক) সাপ্তাহিক হাট বহাৰ দিন বাবে
  • খ) খেলি থকাৰ বাবে
  • গ) জৰুৰী সভা থকাৰ বাবে
  • ঘ) ছিটা লোৱাৰ ভয়ত

A: ঘ) ছিটা লোৱাৰ ভয়ত

Class 7 Assamese Lesson 5 Question Answer

৪. বীজাণুবোৰৰ সংক্ৰমণ কেনেদৰে ৰোধ কৰিব পাৰি ?

  • ক) শৰীৰত ছিটা প্ৰয়োগ কৰি
  • খ) ভ্ৰাম্যভাষৰ যোগেদি
  • গ) পুস্তিকা অধ্যয়ন কৰি
  • ঘ) বৈদ্যুতিন মাধ্যমৰ যোগেদি

A: শৰীৰত ছিটা প্ৰয়োগ কৰি

৫. ‘ছাত্ৰ-ছাত্ৰীসকল বিদ্যালয়ত উপস্থিত হ’ল ।’
উল্লিখিত বাক্যশাৰীত থকা ’উপস্থিত’ শব্দটোৰ বিপৰীত শব্দটো বাছি উলিওৱা ।

  • ক) আৰম্ভ
  • খ) অপকাৰ
  • গ) অনুপস্থিত
  • ঘ) উৎসাহিত

A: গ) অনুপস্থিত

বিজ্ঞান আৰু আমাৰ মানসিকতা Questions Answers

পাঠভিত্তিক প্রশ্ন আৰু উত্তৰ

১। পাঠটো শুদ্ধ আৰু স্পষ্টকৈ পঢ়া।
উঃ― (তোমালোকে পাঠটো শুদ্ধ আৰু স্পষ্টকৈ পঢ়িবলৈ যত্ন কৰিবা।)

২। উত্তৰ দিয়া :-
(ক) ছিটা সম্পৰ্কে প্ৰচাৰ হোৱা উৰাবাতৰিটো কি মাধ্যমৰ যোগেদি প্ৰচাৰ হৈছিল?
উঃ— ছিটা সম্পর্কে প্ৰচাৰ হোৱা উৰাবাতৰিটো ভ্ৰাম্যভাষৰ যোগেদি প্ৰচাৰ হৈছিল।

(খ) বুধবাৰে ছাত্ৰ-ছাত্ৰীসকলে কিয় বিদ্যালয়লৈ অহা নাছিল ?
উঃ— ৰতনপুৰ গাঁৱৰ নতুন আদর্শ মাধ্যমিক বিদ্যালয়ত বুধবাৰে ছিটা দিবলৈ অহাৰ কথা আছিল। ভ্ৰাম্যভাষৰ যোগেদি অহা উৰাবাতৰি অনুসৰি ছিটা প্ৰয়োগৰ ফলত শিশুসকলৰ ভীষণ অপকাৰ হোৱাৰ কথাহে উল্লেখ থকাত সেই দিনা ছাত্ৰ-ছাত্ৰীসকল বিদ্যালয়লৈ অহা নাছিল।

(গ) বিদ্যালয়লৈ ছিটা সম্পর্কে সবিশেষ জনাবলৈ কোন আহিছিল?
উঃ— বিদ্যালয়লৈ ছিটা সম্পর্কে সবিশেষ জনাবলৈ সেই অঞ্চলৰ প্রাথমিক চিকিৎসালয়ৰ চিকিৎসক ৰতন ‘পায়েং মহোদয় আহিছিল।

৩। চমু উত্তৰ লিখা।
(ক) ‘ভ্রাম্যভাষত’ অহা উৰাবাতৰিটোত ছিটা ল’লে কি হ’ব বুলি কৈছিল?
উঃ— ‘ভ্ৰাম্যভাষ’ত অহা উৰাবাতৰিটোত ছিটা প্ৰয়োগৰ ফলত শিশুসকলৰ ভীষণ অপকাৰ হ’ব বুলি কৈছিল।

(খ) জংকীয়ে বুধবাৰৰ দিনা বিদ্যালয়ৰ পৰিৱেশ আন দিনাতকৈ কি বেলেগ দেখিছিল?
উঃ— জংকী ৰতনপুৰ গাৱৰ নতুন আদর্শ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰী আছিল। তাই বুধবাৰৰ দিনা বিদ্যালয়ৰ পৰিৱেশ আন দিনাতকৈ বেলেগ দেখিছিল। সেইদিনা তাই বিদ্যালয়লৈ যোৱাৰ বাটত কমল আৰু জেনিথক লগ পোৱা নাছিল। বিদ্যালয়ৰ খেলপথাৰ, শ্ৰেণীকোঠা আদি ক’তো নিজৰ লগৰীয়াবোৰক দেখা নাছিল।

লগতে পঢ়ক:   অসম Class 7 Question Answer | পাঠ 9 | অংকুৰণ সপ্তম শ্ৰেণীৰ

বিজ্ঞান আৰু আমাৰ মানসিকতা Questions Answers

(গ) সংক্রামক ৰোগ আৰু প্ৰতিৰোধ ক্ষমতাৰ বিষয়ে চিকিৎসকগৰাকীয়ে কি কি কৈছিল?
উঃ— সেই অঞ্চলৰ প্ৰাথমিক চিকিৎসালয়ৰ চিকিৎসক গৰাকীয়ে বিদ্যালয়ৰ চৌহদত অনুষ্ঠিত হোৱা এখন জৰুৰী সভাত অভিভাবক আৰু ছাত্ৰ-ছাত্ৰীসকলৰ আগত সংক্রামক ৰোগ আৰু প্ৰতিৰোধ ক্ষমতাৰ বিষয়ে কিছু কথা জানিবলৈ দিছিল। তেখেতে কৈছিল যে অন্য অণুজীৱই আমাৰ দেহত প্ৰৱেশ কৰাৰ দৰে বেমাৰৰ বীজাণু আমাৰ দেহত প্ৰৱেশ কৰে। কিছুমান শক্তিশালী বীজাণুয়ে পলিঅ’, জলাতংক, ইনফ্লুয়েঞ্জা, হেপাটাইটিছ আদি ৰোগৰ সৃষ্টি কৰে। এইবোৰ বীজাণুৱে মানুহৰ দেহৰ ৰোগ প্ৰতিৰোধ ক্ষমতা সহজে হ্রাস কৰে। ছিটা প্ৰয়োগ কৰি এই ভয়ানক বীজাণুবোৰৰ সংক্রমণ ৰোধ কৰিব পাৰি। উপযুক্ত সময়ত শৰীৰত ছিটা প্ৰয়োগ কৰি আমাৰ শিশুসকলৰ ৰোগ প্ৰতিৰোধ কৰাৰ ক্ষমতা সৃষ্টি কৰাটো অতি প্রয়োজন।

Class 7 Assamese Lesson 5 Question Answer

(ঘ) উৰাবাতৰিয়ে কিদৰে ৰতনপুৰ গাঁৱৰ পৰিৱেশ সলনি কৰিছিল?
উঃ— ৰতনপুৰ গাঁৱৰ নতুন আদর্শ মাধ্যমিক বিদ্যালয়ত বুধবাৰে ছিটা দিবলৈ অহাৰ কথা আছিল। এই ছিটাৰ বিপক্ষে ভ্রাম্যভাষত অহা এটা উৰাবাতৰিয়ে ছিটা প্ৰয়োগৰ ফলত শিশুসকলৰ ভীষণ অপকাৰ হোৱাৰ কথাহে উল্লেখ কৰিছিল। ফলত এই বাতৰিটোৱে গাঁৱৰ বহু অভিভাৱকক বিমোৰত পেলাইছিল। সেয়েহে সেইদিনা তেওঁলোকে ল’ৰা-ছোৱালীবোৰক বিদ্যালয়লৈ পঠোৱা নাছিল। কেৱল জংকী নামৰ ছাত্ৰী গৰাকীহে বিদ্যালয়লৈ গৈছিল।

(ঙ) প্রধান শিক্ষক মহোদয়ে ছিটাৰ বিষয়ে জনাবলৈ কি ব্যৱস্থা গ্রহণ কৰিছিল?
উঃ ছিটা দিয়াৰ বিপক্ষে প্রচাৰিত হোৱা উৰা বাতৰিটোৰ বিষয়ে ৰতনপুৰ গাঁৱৰ নতুন আদর্শ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক বিনোদ ওৰাং মহাশয়ে নীলিমা খাটুন বাইদেউৰ পৰা জানিব পাৰে। তেখেতে ভ্ৰাম্যভাষৰ যোগেদি সেই অঞ্চলৰ প্ৰাথমিক চিকিৎসালয়ৰ চিকিৎসক ৰতন পায়েং মহোদয়ক ছাত্র ছাত্রীসকলে ছিটা লোৱাৰ ভয়ত বিদ্যালয়লৈ নহাৰ কথা জনায় ৷ দুয়োজনে এই বিষয়ে আলোচনা কৰি সেইদিনাখনেই আবেলি পৰত বিদ্যালয় চৌহদত এখন জৰুৰী সভা অনুষ্ঠিত কৰাৰ সিদ্ধান্ত লয়। প্রধান শিক্ষকে সহযোগী কর্মী হৰিধনৰদ্বাৰা গাঁওবুঢ়া, অভিভাৱক আৰু ছাত্র-ছাত্রী সকলক এই বিষয়ে অৱগত কৰায়। চিকিৎসক ৰতন পায়েং মহোদয়ে আবেলি সভাত ছিটাৰ বিষয়ে সকলোকে জানিবলৈ দিয়ে।

৪। উদাহৰণত দেখুওৱাৰ দৰে শব্দৰ লগত অৰ্থ মিলোৱা
উঃ

শব্দঅর্থ
হাটনির্দিষ্ট দিনত বহুত মানুহ গোট খাই কিনা-বেচা কৰা ঠাই
প্রাঙ্গণচোতাল
বীজাণুৰোগ সৃষ্টিকাৰী ক্ষুদ্ৰ জীৱাণু।
সংক্রামকএজনৰ গাৰপৰা আন এজনৰ গালৈ যোৱা সোঁচৰা
প্ৰতিৰোধবাধা
পুস্তিকা,সৰু কিতাপ

৫। “শংকৰ, তুমি এতিয়াও বিদ্যালয়লৈ যাবলৈ সাজু হোৱা নাই কিয়?” —কথাষাৰ কোনে, কাক আৰু কিয় কৈছিল?
উঃ- উক্ত কথাষাৰ জংকীয়ে কৈছিল।
জংকীয়ে উক্ত কথাষাৰ শংকৰক কৈছিল।
জংকী ৰতনপুৰ গাঁৱৰ আদৰ্শ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰী আছিল। আনদিনাৰ দৰে বুধবাৰৰ দিনাও তাই বিদ্যালয়লৈ আহিছিল। সিদিনা আনদিনাৰ দৰে কমল আৰু জেনিথক বাটত লগ পোৱা নাছিল। বিদ্যালয়লৈ গৈ খেলপথাৰ, শ্ৰেণীকোঠা আদি ক’তো নিজৰ লগৰীয়াবোৰক নেদেখি বিদ্যালয়ৰ ওচৰতে থকা সহপাঠী শংকৰৰ ঘৰলৈ যায়। শংকৰক ঘৰৰ চোতালত খেলি থকা দেখা পাই জংকী আচৰিত হয় আৰু উক্ত কথাষাৰ হৈছিল।

৬। উৰাবাতৰিসমূহ সমাজৰ বাবে একপ্ৰকাৰ সোঁচৰা ৰোগ’।
কথাষাৰৰ বিষয়ে দলত আলোচনা কৰি নিজৰ নিজৰ মতামত প্ৰকাশ কৰা।
উঃ— এজনৰ গাৰপৰা আন এজনৰ গালৈ সংক্ৰমিত হোৱা ৰোগক সোঁচৰা ৰোগ বোলে। এইদৰে উৰাবাতৰিকো সোঁচৰা ৰোগৰ লগত তুলনা কৰিব পাৰি। কোনো এটা বাতৰিৰ সত্যাসত্য বিচাৰ নকৰাকৈ, যুক্তি সহকাৰে চালি-জাৰি নোচোৱাকৈ কেৱল শুনাৰ লগে লগেই তাক বিশ্বাস কৰি লোৱা আৰু আনৰ আগত প্ৰকাশ কৰি তাক বিয়পাই দিয়াই হৈছে উৰাবাতৰি। এনেধৰণৰ বাতৰিয়ে বহু ক্ষেত্ৰত সমাজৰ অনিষ্ট কৰে। যুক্তিসংগতভাৱে বিচাৰ নকৰি কেৱল শুনাৰ লগে লগেই ইয়াক কেতিয়াও বিশ্বাস কৰিব নালাগে।

লগতে পঢ়ক:   কালিকা লগা পাট-কাপোৰ Class 7 – (প্ৰশ্ন উত্তৰ) Kalika Laga Part Kapoor

বিজ্ঞান আৰু আমাৰ মানসিকতা Class 7

৭। তলৰ বাকচত দিয়া শব্দকেইটাৰে, বাক্য ৰচনা কৰা।
দলং, ৰং, কলং, শিং
উঃ- দলং – সেই পুৰণি দলংখনে দুখন গাঁৱক জোৰা লগায়।
ৰং – পুতলা নাচ দেখি শিশুটোৱে মনত বৰ ৰং পালে।
কলং – একা-বেঁকাকৈ বৈ যোৱা কলং নদীখন দেখিবলৈ বৰ ধুনীয়া।
শিং – ম’হৰ শিঙৰ পৰা পেঁপা বনোৱা হয়।

৮। এটা শব্দত প্ৰকাশ কৰা।
উঃ-

বাক্যএটা শব্দত
(ক) যি একেলগে পঢ়েসহপাঠী
(খ) যি জানিবলৈ ইচ্ছা কৰেঅনুসন্ধিৎসু
(গ) গাঁৱৰ মুখিয়ালগাঁওবুঢ়া
 (ঘ) কাৰো পক্ষ নোলোৱানিৰপেক্ষ
(ঙ) এজনৰ দেহৰ পৰা আন এজনৰ দেহলৈ যোৱা বেমাৰ।সোঁচৰা

৯। বিপৰীতার্থক শব্দ লিখা।
উঃ-

শব্দবিপৰীত শব্দ
আৰম্ভশেষ
বাদবিবাদ, প্রতিবাদ
উপস্থিতঅনুপস্থিত
দিনৰাতি
অপকাৰউপকাৰ
মান্তিঅমান্তি

Also Read: জনমভূমি Class 7

বিজ্ঞান আৰু আমাৰ মানসিকতা Questions Answers

১০। পঢ়া আৰু দফাটোত থকা ‘ং’ আৰু “ঙ” ৰ ব্যৱহাৰ শিকা
উঃ― (তোমালোকে শিকিবলৈ যত্ন কৰিবা।)

১১। তোমালোকে পাঠত পাইছা যে ৰতনপুৰ গাঁৱত বুধবাৰে সাপ্তাহিক হাট বহে। তোমালোকে জনা এনে হাটৰ বিষয়ে পাঁচশাৰী লিখা।
উঃ― (তোমালোকে এনে হাটৰ বিষয়ে লিখিবলৈ চেষ্টা কৰিবা।)

১২। চিকিৎসক পায়েঙে ছিটা প্ৰয়োগ কৰাৰ উপকাৰিতাৰ বিষয়ে কোৱা কথাখিনি তুমি তোমাৰ অভিভাৱকৰ আগত কিদৰে প্ৰকাশ কৰিবা, দলত আলোচনা কৰি লিখা।
উঃ– ৰতনপুৰ অঞ্চলৰ প্ৰাথমিক চিকিৎসালয়ৰ চিকিৎসক ৰতন পায়েঙে ৰতনপুৰৰ নতুন আদর্শ মাধ্যমিক বিদ্যালয়ত অনুষ্ঠিত হোৱা জৰুৰী সভাত বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী আৰু অভিভাৱকসকলক ছিটা সম্পর্কে বুজাবলৈ চেষ্টা কৰিছিল। তেওঁ ছিটা সম্পৰ্কীয় কেতবোৰ সচিত্ৰ প্ৰচাৰ পুস্তিকা উলিয়াইছিল আৰু তেওঁলোকক দেখুৱাইছিল। এই পুস্তিকাসমূহ দেখি অভিভাৱকসকল উৎসাহিত হৈছিল। তেওঁ পুস্তিকাসমূহৰ কথাখিনি আলোচনা কৰাৰ লগতে বীজাণুৰ সংক্ৰমণ আৰু ৰোগ প্ৰতিৰোধ ক্ষমতাৰ বিষয়েও তেওঁলোকক জানিবলৈ দিছিল। তেওঁ কৈছিল যে আন অণুজীৱৰ দৰে বীজাণু আমাৰ দেহত প্ৰৱেশ কৰে। কিছুমান শক্তিশালী বীজাণুয়ে পলিঅ’, জলাতংক, ইনফ্লুয়েঞ্জা, হেপাটাইটিছ আদি ৰোগৰ সৃষ্টি কৰে। ইয়াৰ ফলত আমাৰ দেহৰ ৰোগ প্ৰতিৰোধ ক্ষমতা সহজে হ্রাস পায়। ছিটা প্ৰয়োগৰদ্বাৰা এই ভয়ানক বীজাণুৰ সংক্রমণ ৰোধ কৰিব পাৰি। উপযুক্ত সময়ত শিশুসকলৰ শৰীৰত ছিটা প্ৰয়োগ কৰি শিশুসকলৰ ৰোগ প্ৰতিৰোধ কৰাটো অতি প্রয়োজনীয় কথা।

১৩। তোমাৰ অঞ্চলৰ যিকোনো এটা সমস্যাৰ বিষয়ে বর্ণনা কৰি বাতৰি কাকতত প্ৰকাশৰ বাবে সম্পাদকলৈ এখন চিঠি লিখা।
উঃ– প্রতি
মাননীয় সম্পাদক মহোদয়
আমি বাস কৰা বৃহত্তৰ এই অঞ্চলটিৰ খোৱা পানীৰ সমস্যা সম্পর্কে চৰকাৰৰ দৃষ্টিগোচৰ কৰাৰ কাৰণে আপোনাৰ কাকতৰ জৰিয়তে প্ৰকাশ কৰিব বিচাৰিছোঁ। পানী হৈছে মানুহৰ প্ৰাণ৷ ইয়াৰ অবিহনে জীৱকূলৰ জীৱন ধাৰণ সম্ভৱপৰ নহয়। বর্তমান এই অঞ্চলৰ ৰাইজে যেন খোৱাপানীৰ নামত বৰবিহহে সেৱন কৰি আছে। শেহতীয়াভাৱে চলোৱা এক সমীক্ষা অনুসৰি অঞ্চলটোৰ পানীত প্ৰচুৰ পৰিমাণে ফ্লুৰাইড, আৰ্চেনিক আদি থকা বুলি প্রমাণিত হৈছে। সেইবাবে অঞ্চলটোৰ ৰাইজে চৰকাৰী খোৱাপানী যোগান আঁচনিখন ইয়াত ৰূপায়ন কৰিবলৈ তীব্রভাৱে দাবী তুলি আহিছে। কিন্তু আজিলৈকে বিভাগীয় কর্তৃপক্ষই বিষয়টোত কোনো হস্তক্ষেপ কৰা নাই। সেইবাবে এই অঞ্চলটোৰ ৰাইজে বর্তমান তীব্র সমস্যাৰ সন্মুখীন হৈছে। ফ্লুৰাইড, আৰ্চেনিক আদি সেৱনৰ ফলত মানুহৰ দেহত যি ক্ষতি হয় সেয়া সকলোৰে জ্ঞাত, গতিকে চৰকাৰে বিষয়টোৰ ওপৰত অতি সোনকালে হস্তক্ষেপ কৰি বিপদগ্রস্ত ৰাইজক উদ্ধাৰ কৰিবলৈ আপোনাৰ কাকতৰ যোগেদি অনুৰোধ জনালোঁ।

লগতে পঢ়ক:   জতুৱাৰ জঁট Class 7 Question Answer – অংকুৰণ সপ্তম শ্ৰেণীৰ

ইতি
কমল নাথ

বিজ্ঞান আৰু আমাৰ মানসিকতা Class 7

১৪। তুমি যদি কেতিয়াবা উৰাবাতৰিৰে প্ৰৰোচিত হোঁৱা, তেনেহলে তাৰ পৰা পৰিত্ৰাণ পাবলৈ কি উপায় ল’বা কোৱা।

উঃ— উৰাবাতৰিৰ পৰা পৰিত্ৰাণ পাবলৈ হ’লে আমি বাতৰিটো শুনি সেই বিষয়ে প্ৰৰোচিত হ’লে নহব, আমি বাতৰিটোৰ সত্যাসত্য নিৰূপণ কৰিব পাৰিব লাগিব। যিকোনো বাতৰি শুনাৰ লগে লগে ইয়াক যুক্তি সহকাৰে বিচাৰ কৰি জানি লৈহে আনৰ আগত ইয়াক ক’ব লাগে। আমি কেতিয়াও উৰাবাতৰিদ্বাৰা প্ৰৰোচিত হ’ব নালাগে। আমি সেই বাতৰিটোৰ সত্যতা নিৰূপণ কৰিহে ইয়াক বিশ্বাস কৰিব লাগে।

১৫। ছবিখন চাই এটা কাহিনী লিখা।

বিজ্ঞান আৰু আমাৰ মানসিকতা Questions Answers

উঃ— এদিনাখন দেওবাৰে ৰিয়া আৰু ৰাজুৱে আলিবাটৰ কাষৰ পদপথেৰে ওচৰৰ দোকান এখনলৈ গৈ আছিল। সিহঁতৰ ঘৰত আলহী আহিবৰ কথা আছিল কাৰণে মাকে মনোহৰ খুড়াকৰ দোকানৰ পৰা সিহঁতক
কিবা অলপ ঘৰুৱা বয়-বস্তু আনিবলৈ পঠিয়াইছিল। দোকানলৈ যোৱাৰ বাটত এটা উচ্চ ক্ষমতাসম্পন্ন বিদ্যুৎ পৰিবাহী তাঁৰৰ খুঁটা পোৱা যায়। সিহঁতে গৈ থাকোঁতে সেই খুঁটাত থকা তাঁৰৰ পৰা কেতবোৰ জুইৰ স্ফুলিংগ তলত পৰি থকা দেখিবলৈ পায়। ৰিয়াই এই বিষয়ে সজাগ হৈ পৰে। তাই এই ঘটনাৰপৰা হ’ব পৰা সাম্ভাব্য বিপদৰ কথা ৰাজুৰ আগত ব্যক্ত কৰে। এনে ধৰণৰ মুক্ত হৈ থকা তাঁৰেৰে বিদ্যুৎ প্রবাহিত হৈ থাকিলে যিকোনো সময়তে যিকোনো ধৰণৰ বিপদে গোটেই অঞ্চলটো আৱৰি ধৰিব পাৰে। গতিকে দুয়ো এনেধৰণৰ সাম্ভাব্য বিপদৰ পৰা পৰিত্ৰাণ পোৱাৰ উপায় চিন্তা কৰে। তেতিয়া ৰাজুৱে বিদ্যুৎ বিভাগত চাকৰি কৰা চৌধুৰী খুড়াকক এই বিষয়ে অৱগত কৰোৱাটো উচিত হ’ব বুলি বিবেচনা কৰে। দুয়ো চৌধুৰী খুড়াকৰ তালৈ যায় আৰু উন্মুক্ত হৈ থকা বৈদ্যুতিক তাঁৰেদি বিদ্যুৎ প্রবাহিত হৈ সংঘটিত হ’ব পৰা সাম্ভাব্য বিপদৰপৰা গোটেই অঞ্চলটোক ৰক্ষা কৰে। অঞ্চলবাসীয়ে দুয়োৰে শলাগ লয়।

বিজ্ঞান আৰু আমাৰ মানসিকতা Questions Answers

১৬। উৰাবাতৰি সম্পর্কে সমাজত সজাগতা সৃষ্টিৰ বাবে বাটৰ নাট এখন প্ৰদৰ্শন কৰা।
উঃ― (তোমালোকে কৰিবলৈ চেষ্টা কৰিবা।)

১৭। তলত দিয়া আহিৰ দৰে উৰাবাতৰি সম্পৰ্কে সমাজত সজাগতা সৃষ্টিৰ বাবে প্রত্যেকেই দুটামান শ্লোগান লিখা।

সঠিক সময়ত স্বাস্থ্য পৰীক্ষা কৰিব লাগেছিটা ল’লে কোনো অপকাৰ নহয়ছিটা ললে ৰোগ প্ৰতিৰোধ ক্ষমতা বাঢ়ে

উঃ— উৰাবাতৰি সম্পর্কে সমাজত সজাগতা সৃষ্টিৰ বাবে দুটামান শ্লোগান লিখা হ’ল-
১। উৰাবাতৰি সমাজৰ ব্যাধি
ইয়াক নির্মূল কৰাটো আমাৰ কৰ্তব্য

২। উৰাবাতৰিক সমাজৰ পৰা উভালি পেলাম
সত্যাসত্য বিবেচনা কৰি আগুৱাই যাম।

৩।উৰাবাতৰিয়ে সমাজ ধ্বংস কৰে।

৪। উৰাবাতৰিক নহয়
শিক্ষাকহে গুৰুত্ব দিব লাগে।

FAQs

(ক) ছিটা সম্পৰ্কে প্ৰচাৰ হোৱা উৰাবাতৰিটো কি মাধ্যমৰ যোগেদি প্ৰচাৰ হৈছিল?

উঃ— ছিটা সম্পর্কে প্ৰচাৰ হোৱা উৰাবাতৰিটো ভ্ৰাম্যভাষৰ যোগেদি প্ৰচাৰ হৈছিল।

(খ) বুধবাৰে ছাত্ৰ-ছাত্ৰীসকলে কিয় বিদ্যালয়লৈ অহা নাছিল ?

উঃ— ৰতনপুৰ গাঁৱৰ নতুন আদর্শ মাধ্যমিক বিদ্যালয়ত বুধবাৰে ছিটা দিবলৈ অহাৰ কথা আছিল। ভ্ৰাম্যভাষৰ যোগেদি অহা উৰাবাতৰি অনুসৰি ছিটা প্ৰয়োগৰ ফলত শিশুসকলৰ ভীষণ অপকাৰ হোৱাৰ কথাহে উল্লেখ থকাত সেই দিনা ছাত্ৰ-ছাত্ৰীসকল বিদ্যালয়লৈ অহা নাছিল।

(গ) বিদ্যালয়লৈ ছিটা সম্পর্কে সবিশেষ জনাবলৈ কোন আহিছিল?

উঃ— বিদ্যালয়লৈ ছিটা সম্পর্কে সবিশেষ জনাবলৈ সেই অঞ্চলৰ প্রাথমিক চিকিৎসালয়ৰ চিকিৎসক ৰতন ‘পায়েং মহোদয় আহিছিল।

Leave a Comment

Your email address will not be published. Required fields are marked *


Scroll to Top