বিদ্যা Class 7 Question Answer (VII) অসমীয়া সপ্তম শ্ৰেণীৰ

বিদ্যা Class 7 Question Answer | Class 7 Assamese Lesson 14 Question Answer সপ্তম শ্ৰেণীৰ অসমীয়া প্ৰশ্ন উত্তৰ | Class 7 Assamese Chapter 14 | বিদ্যা অংকুৰণ সপ্তম শ্ৰেণীৰ

বিষয় সপ্তম শ্ৰেণীৰ অসমীয়া
মাধ্যমঅসমীয়া
কিতাপখনৰ নামঅংকুৰণ class 7 ( Assamese)
পাঠৰ নামবিদ্যা
অধ্যায় (Chapter) 14
শ্ৰেণী VII
অধ্যায় অধ্যায় 14

বিদ্যা Class 7 Question Answer

পাঠভিত্তিক প্রশ্ন আৰু উত্তৰ

৩। উত্তৰ দিয়া :

(ক) লিখন, কৰ্ষণ আৰু ৰন্ধন কাম কৰিবলৈ কি কি বস্তুৰ প্ৰয়োজন হয়?
উঃ- লিখন কৰিবলৈ কাপ, কৰ্ষণ কৰিবলৈ হাল আৰু ৰন্ধন কৰিবলৈ চৰুৰ প্ৰয়োজন হয়।

(খ) সুকলমে কাম কৰিবলৈ কিহৰ প্ৰয়োজন হয়?
উঃ- সুকলমে কাম কৰিবলৈ লাগতিয়াল আহিলা পাতিৰ প্ৰয়োজন হয়।

(গ) উদ্‌গতিৰ ঘাই আহিলা কি?
উঃ- উদ্‌গতিৰ ঘাই আহিলা বিদ্যা অর্থাৎ জ্ঞান বা কোনো এটা বিষয়ত বিশেষ দক্ষতা।

(ঘ) বিদ্যাহীন জীৱন কেনে বুলি কোৱা হৈছে?
উঃ- বিদ্যাহীন জীৱন বৃথা বুলি কোৱা হৈছে।

(ঙ) কি কৰিলে সংসাৰত কৰ্ম কৰিবলৈ সুচল হয়?
উঃ- বিদ্যা বা জ্ঞানেৰে মন পোহৰাই ল’লে সংসাৰত কৰ্ম কৰিবলৈ সুচল হয়।

(চ) পৃথিৱীত নাম উজ্বলাবলৈ কি আয়ত্ত কৰিব লাগিব ?
উঃ- পৃথিৱীত নাম উজ্বলাবলৈ আমি বিদ্যা অর্থাৎ জ্ঞান বা কোনো বিষয়ত বিশেষ দক্ষতা আয়ত্ত কৰিব লাগিব ।

(ছ) কি থাকিলেও খনিকৰে আন্ধাৰত চিত্র আঁকিব নোৱাৰে?
উঃ- লিখনি থাকিলেও খনিকৰে আন্ধাৰত চিত্ৰ আঁকিব নোৱাৰে।

বিদ্যা Class 7 Question Answer

৪। সত্য নে অসত্য লিখা :

(ক) কাপ নহ’লে লিখন কাম কৰিব নোৱাৰি।
উঃ- সত্য।

(খ) বিদ্যাহীন জীৱন সুখৰ বুলি সকলোৱে স্বীকাৰ কৰে।
উঃ- অসত্য।

(গ) হাল নহ’লে কৰ্ষণ কৰিব নোৱাৰি।
উঃ- সত্য।

(ঘ) আগৰ কালৰ খ্যাতিমস্ত লোকসকলো বৰ বিদ্যাৱন্ত নাছিল।
উঃ- অসত্য।

৫। খালী ঠাই পূৰ কৰা :

(ক) লাগতিয়াল – যতনাই নল’লে কোনো কাম _____কৰিব নোৱাৰি।
উঃ- লাগতিয়াল আহিলাপাতি যতনাই নল’লে কোনো কাম সুকলমে কৰিব নোৱাৰি।

(খ) এইবোৰ কামৰ যেনে – আহিলাপাতি আছে,___ তেনে সুকীয়া____ আছে।
উঃ- এইবোৰ কামৰ যেনে সুকীয়া আহিলা আছে, উদ্‌গতি সাধনাৰো তেনে সুকীয়া আহিলা আছে।

(গ) বিদ্যাই _____ কাটি মন ফৰকাল নকৰিলে, মানুহে তাৰ  _____ লগাবলৈ ঠাই দেখা নাপায়।
উঃ- বিদ্যাই আন্ধাৰ কাটি মন ফৰকাল নকৰিলে, মানুহে তাৰ ক্ষমতা লগাবলৈ ঠাই দেখা নাপায়।

(ঘ)  ____নহ’লে লিখন কাম কৰিব নোৱাৰি।
উঃ- কাপ নহ’লে লিখন কাম কৰিব নোৱাৰি।

(ঙ) বিদ্যাৰে মন ____ নল’লে সংসাৰত ____ কৰিবলৈ সুচল নহয়।
উঃ- বিদ্যাৰে মন পোহৰাই নল’লে সংসাৰত কৰ্ম কৰিবলৈ সুচল নহয়।

৬। তলৰ বাকচত থকা শব্দবোৰৰ পৰা ক্রিয়াবাচক বিশেষ্য পদবোৰ বাছি উলিওৱা ।
পোহৰাই, খোৱা, ৰান্ধন, কথন, লিখন, শোৱা, দাৱন, পঢ়ন।
উঃ- ক্রিয়াবাচক বিশেষ্য পদবোৰ তলত দিয়া হ’ল – ৰান্ধন, কথন, লিখন, দাৱন, পঢ়ন।

বিদ্যা Class 7 Question Answer

৭। উদাহৰণত দিয়াৰ দৰে শব্দ গঠন কৰা আৰু নতুনকৈ পোৱা শব্দৰ অর্থ অভিধানত চাই লিখা।

উঃ-
শ্রী + মন্ত = শ্ৰীমন্ত
শক্তি + মন্ত = শক্তিমন্ত
খ্যাতি + মন্ত = খ্যাতিমন্ত

ৰূপ + ৱন্ত = ৰূপৱন্ত
আঢ্য + ৱন্ত = আঢ্যৱম্ভ
গুণ + ৱন্ত= গুণৱত্ত

নতুনকৈ গঠন হোৱা শব্দবোৰৰ অৰ্থসমূহ লিখা হ’ল-
শ্ৰীমন্ত – সুন্দৰ-সুঠাম, সুশ্রী।
শক্তিমন্ত – বলৱন্ত, পৰাক্ৰমী।
খ্যাতিমন্ত – যশস্যাযুক্ত।
ৰূপৱন্ত – সুন্দৰ, শুৱনি।
আঢ্যৱম্ভ – ধনী, চহকী।
গুণৱন্ত – জ্ঞান বিদ্যাযুক্ত।

Class 7 Assamese Lesson 14 Question Answer

৮। সমার্থক শব্দবোৰ আঁচ টানি মিলোৱা।
উঃ-

শব্দসমার্থক
সুকলমেঅনায়াসে
সুকীয়াপৃথক
বৃথানিষ্ফল
ফৰকালপৰিষ্কাৰ
পোহৰআলোক
লাগতিয়ালপ্রয়োজনীয়

৯। বাঁওফালৰ শব্দবোৰৰ বিপৰীত অর্থ বুজোৱা শব্দবোৰ সোঁফালৰ শব্দ সম্ভাৰৰ পৰা বাছি উলিয়াই মাজৰ ঘৰটোৰ ভিতৰত লিখা।

উঃ-

শব্দবিপৰীত অৰ্থ বুজোৱা শব্দশব্দ সম্ভাৰ
লাগতিয়ালঅলাগতিয়ালপ্রয়োজনীয়, অলাগতিয়াল, দৰকাৰী |
উদ্‌গতিঅধোগতিউৎপত্তি, উন্নতি, অধোগতি
বিদ্যাহীনবিদ্যাৱম্ভঅবিদ্যা,  বিদ্যাৱম্ভ, বিদ্যালয়
আন্ধাৰপোহৰতিমিৰ, অমানিশা, পোহৰ
   

১০। বাক্য ৰচনা কৰা :
খ্যাতিমন্ত, উদ্‌গতি, পৃথিৱী, খনিকৰ, বৃথা
উঃ- খ্যাতিমন্ত— শ্ৰীমন্ত শংকৰদেৱ এগৰাকী খ্যাতিমন্ত মহাপুৰুষ আছিল।

উদ্‌গতি— পৰিশ্ৰমেই উদ্‌গতিৰ মূল।
পৃথিৱী— পৃথিৱীখন সজীৱ কৰি ৰাখিবলৈ আমি বৃক্ষৰোপণ কৰিব লাগে।
খনিকৰ — চন্দ্ৰকুমাৰ আগৰৱালাক প্ৰতিমাৰ খনিকৰ বুলি কোৱা হয়।
বৃথা — জ্ঞান অবিহনে মানৱ জীৱন বৃথা বুলি ক’ব পাৰি।

Class 7 Assamese Lesson 14 Question Answer

১১। দলত আলোচনা কৰি লিখা।
‘ৰান্ধন’ শব্দটোৰ পৰা ৰান্ধনি, ৰান্ধনী, ৰান্ধনিশাল, ৰান্ধনি-বেলি আদি অনেক শব্দ সাজিব পাৰি। ‘বিদ্যা’ শব্দটোৰ পৰা তেনেকৈ কিমান শব্দ সাজিব পাৰি লিখা।
উঃ- ‘বিদ্যা’ শব্দটোৰ পৰা সাজিব পাৰা শব্দবোৰ হৈছে – বিদ্বান, বিদ্যাৱত্ত, বিদ্যাদান, বিদ্যাধন, বিদ্যাভূষণ ইত্যাদি।

১২। তলৰ শব্দবোৰ বৰ্ণৰ ক্ৰম ৰক্ষা কৰি সজোৱা। (অভিধানৰ ক্ৰমত)
যশস্যা, সকাম, সুচল কৰ্ষণ, আলম, লিখনি, ৰশ্মি, বৃথা, চৰু, গভীৰ, খনিকৰ, ধন।
উঃ- উক্ত শব্দবোৰ বৰ্ণৰ ক্ৰম ৰক্ষা কৰি সজোৱা হ’ল- আলম, কৰ্ষণ, খনিকৰ, গভীৰ, চৰু, ধন, বৃথা, যশস্যা, ৰশ্মি, লিখনি, সকাম, সুচল।

১৩। তুমি পঢ়া শিশু আলোচনী এখনৰ পৰা তোমাৰ ভাল লগা কবিতা বা গল্প দলত পঢ়ি শুনোৱা।
উঃ- ( নিজে কৰা।)

১৪। আগৰ দিনত ৰন্ধনৰ কাৰণে ‘চৰু’ ব্যৱহাৰ কৰিছিল। বর্তমান সময়ত আমি ‘চক্ৰ’ৰ উপৰি আন কি কি আহিলাৰে ৰন্ধা-বঢ়া ‘কৰোঁ, লিখা।
উঃ- বর্তমান সময়ত আমি ‘চৰু’ৰ উপৰি, প্ৰেচাৰকুকাৰ, কেৰাহি, চচপেন, আদি আহিলাৰে ৰন্ধা-বঢ়া কৰোঁ।

১৫। খেতি কৰিবলৈ যিদৰে আমাৰ কেইবাবিধো সঁজুলিৰ প্ৰয়োজন, ঠিক সেইদৰে লিখা-পঢ়া কৰিবলৈ প্ৰয়োজন হোৱা সামগ্ৰীবোৰ কি কি?
উঃ- লিখা-পঢ়া কৰিবলৈ প্ৰয়োজন হোৱা সামগ্ৰীবোৰ হ’ল— কাগজ, কিতাপ, কলম, পেঞ্চিল, ৰবৰ আদি।

Class 7 Assamese Lesson 14 Question Answer

পাঠভিত্তিক অতিৰিক্ত প্রশ্ন আৰু উত্তৰ

১। ‘বিদ্যা’ পাঠটিৰ ৰচক কোন?
উঃ- বিদ্যা পাঠটিৰ ৰচক সত্যনাথ বৰা।

২। ‘বিদ্যা’ পাঠটি লেখকৰ কোনখন পুথিৰ পৰা লোৱা হৈছে?
উঃ- ‘বিদ্যা’ পাঠটি লেখকৰ ‘সাৰথি’ নামৰ পুথিখনৰ পৰা লোৱা হৈছে।

৩। হালৰ সহায়ত কি কাম কৰা হয়?
উঃ- হালৰ সহায়ত কৰ্ষণ বা মাটি চহোৱা কাৰ্য কৰা হয়।

৪। চৰু কি কামত ব্যৱহাৰ কৰা হয়?
উঃ- ৰন্ধন কার্য কৰিবলৈ চৰুৰ ব্যৱহাৰ কৰা হয়।

৫। উদ্‌গতি সাধনৰ প্ৰধান আহিলা কি?
উঃ- উদ্‌গতি সাধনৰ প্ৰধান আহিলা হৈছে বিদ্যা অর্থাৎ জ্ঞান আহৰণ।

৬। উদ্‌গতি সাধনৰ আগে কি যতনাই লব লাগে?
উঃ- উদ্‌গতি সাধনৰ আগে বিদ্যা যতনাই লব লাগে।

৭। বিদ্যাৰ আলম নোহোৱাকৈ কোনো বিষয়ত উদ্‌গতি কৰিব পাৰিনে?
উঃ— বিদ্যাৰ আলম নোহোৱাকৈ কোনো বিষয়ত উদ্‌গতি কৰিব নোৱাৰি।

৮। আগৰ কালৰ খ্যাতিমন্ত মানুহবোৰ বিদ্যাৱস্ত আছিলনে?
উঃ— আগৰ কালৰ খ্যাতিমন্ত মানুহবোৰ বিদ্যাৱন্ত আছিল।

৯। মানৱ মনৰ দীপ্তি কি?
উঃ— মানৱ মনৰ দীপ্তি হৈছে বিদ্যা।

১০। বিদ্যাৰ ৰশ্মিৰ পোহৰত কাম কৰি মানুহে কি লাভ কৰে?
উঃ— বিদ্যাৰ ৰশ্মিৰ পোহৰত কাম কৰি মানুহে ধন, মান আৰু যশস্যা লাভ কৰে।

১১। খনিকৰে কিহৰ সহায়ত চিত্র অংকন কৰে?
উঃ— খনিকৰে লিখনিৰ সহায়ত চিত্র অংকন কৰে।

১২। সংসাৰত কেতিয়া কৰ্ম কৰিবলৈ সুচল হয়?
উঃ— বিদ্যাৰ সহায়ত অৰ্থাৎ জ্ঞানেৰে মনৰ মাজত থকা অন্ধকাৰ দূৰ কৰিলে সংসাৰত কৰ্ম কৰিবলৈ সুচল হয়।

১৩। কাপেৰে কি কৰা হয়?
উঃ– কাপেৰে লিখন কাৰ্য কৰা হয়।

১৪। সত্য নে অসত্য লিখা।
(i) হাল নহ’লে কর্ষণ কাম কৰিব নোৱাৰি।
উঃ- সত্য।
(ii) বিদ্যা উদ্‌গতিৰ ঘাই আহিলা নহয়।
উঃ- অসত্য।
(iii) লিখনি থাকিলে খনিকৰে আন্ধাৰতো চিত্র আঁকিব পাৰে?
উঃ– অসত্য।
(iv) উদ্‌গতিৰ পথত যাত্ৰা কৰিবৰ আগেয়ে বিদ্যা যুগুত কৰি ললেও হয়?
উঃ– অসত্য।
(v) আগৰ কালৰ খ্যাতিমন্ত মানুহবোৰে বৰ বিদ্যাৱন্ত আছিল?
উঃ- সত্য।

১৫। খালী ঠাই পূৰ কৰা :—

(ক) _____নহ’লে লিখন কাম কৰিব নোৱাৰি, হাল নহ’লে ____কাম কৰিব নোৱাৰি, ____ নহ’লে ____ কাম কৰিব নোৱাৰি।
উঃ— কাপ নহ’লে লিখন কাম কৰিব নোৱাৰি, হাল নহ’লে কৰ্ষণ কাম কৰিব নোৱাৰি, চৰু নহ’লে ৰন্ধন কাম কৰিব নোৱাৰি।

(খ) ____ উদ্‌গতিৰ ঘাই আহিলা, এতেকে যি ____ কৰিব খোজে, সি আগে ____ যতনাই লোৱা ____।
উঃ— বিদ্যা উদ্‌গতিৰ ঘাই আহিলা, এতেকে যি উদ্‌গতি কৰিব খোজে, সি আগে বিদ্যা যতনাই লোৱা উচিত।

(গ) বিদ্যাহীন জীৱন ___ বুলি ____ স্বীকাৰ কৰে।
উঃ — বিদ্যাহীন জীৱন বৃথা বুলি সকলোৱে স্বীকাৰ কৰে।

(ঘ) ____ থাকিলেও খনিকৰে ____ চিত্র আঁকিব নোৱাৰে।
উঃ — লিখনি থাকিলেও খনিকৰে আন্ধাৰত চিত্র আঁকিব নোৱাৰে।

বিদ্যা Class 7 Question Answer

১। পাঠটো শুদ্ধ উচ্চাৰণেৰে পঢ়া।
উঃ- (তোমালোকে পঢ়া।)

২। পাঠটোৰ মূল কথাখিনি কোৱা আৰু লিখা।
উঃ- পাঠটোৰ মূল কথাখিনি লিখা হ’ল-
কোনো কাম আশা কৰা ধৰণে সমাপন কৰিবলৈ বিশেষ দক্ষতাৰ প্রয়োজন। প্রয়োজনীয় আহিলাপাতি নহ’লে কোনো কাম সুচাৰুৰূপে কৰিব নোৱাৰি, কাপ নহ’লে লিখন কাৰ্য কৰিব নোৱাৰি, হাল নহ’লে মাটি চহাব নোৱাৰি, চৰু নহ’লে ৰান্ধিব নোৱাৰি। সকলো কামৰ যিদৰে সুকীয়া সুকীয়া আহিলা পাতি আছে, জীৱনত উন্নতি সাধন কৰিবলৈ সুকীয়া আহিলা আছে। ইয়াৰ বাবে প্ৰয়োজন হোৱা আহিলা আমি আগেয়ে যোগাৰ কৰি লব লাগে। বিদ্যা বা জ্ঞান হৈছে উন্নতিৰ ঘাই আহিলা। গতিকে যিজনে উন্নতি কৰিব খোজে তেওঁ বিদ্যা বা জ্ঞান যতনাই লোৱা উচিত। অর্থাৎ দক্ষতা অর্জন কৰিবলৈ ‘বিদ্যা’ বা সেই বিষয়ে বিশদ জ্ঞানৰ প্ৰয়োজন।

বিদ্যা মনুষ্য জীৱনৰ ঘাই বস্তু। ইয়াৰ অবিহনে জীৱন বৃথা বুলি সকলোৱে স্বীকাৰ কৰে। কোনো বিষয়ত বিশেষ দক্ষতা নাথাকিলে কোনেও সেই বিষয়ত উন্নতি কৰিব নোৱাৰে৷ বৰ্তমানলৈকে যিসকল লোকে জীৱনত উন্নতি সাধন কৰি পৃথিৱীত নিজৰ নাম উজলাইছে সেইসকললৈকে চালেই এই কথাৰ সুন্দৰ প্ৰমাণ পোৱা যায়। তেওঁলোক সকলোৱেই গভীৰ জ্ঞানৰ অধিকাৰী। আগৰ কালৰ খ্যাতিমন্ত মানুহবোৰ অতি বিদ্যাৱন্ত আছিল।

বিদ্যা বা জ্ঞানে মানুহৰ মনৰ অন্ধকাৰ আঁতৰ কৰি তাক পোহৰাই তোলে। ইয়াৰ ফলত মানুহে ধন, মান আৰু যশস্যা লাভ কৰে। বিদ্যা বা জ্ঞান অবিহনে এইবোৰ সম্ভৱ নহ’লহেঁতেন। লিখনি থাকিলেও খনিকৰে ‘অন্ধকাৰত চিত্ৰ আঁকিব নোৱাৰে। সেইদৰে বিদ্যা বা জ্ঞানেৰে মন পোহৰাই নল’লে সংসাৰত কৰ্ম কৰিবলৈ সুচল নহয়। সেইবাবে জীৱনত উন্নতি সাধন কৰিবলৈ বিচাৰিলে যথোপযুক্ত বিদ্যা আহৰণ কৰাটো বিশেষ গুৰুত্বপূৰ্ণ।

প্রশ্ন: সুকলমে কাম কৰিবলৈ কিহৰ প্ৰয়োজন হয়?

উঃ- সুকলমে কাম কৰিবলৈ লাগতিয়াল আহিলা পাতিৰ প্ৰয়োজন হয়।

প্রশ্ন: উদ্‌গতিৰ ঘাই আহিলা কি?

উঃ- উদ্‌গতিৰ ঘাই আহিলা বিদ্যা অর্থাৎ জ্ঞান বা কোনো এটা বিষয়ত বিশেষ দক্ষতা।

প্রশ্ন: বিদ্যাহীন জীৱন কেনে বুলি কোৱা হৈছে?

উঃ- বিদ্যাহীন জীৱন বৃথা বুলি কোৱা হৈছে।

প্রশ্ন: কি কৰিলে সংসাৰত কৰ্ম কৰিবলৈ সুচল হয়?

উঃ- বিদ্যা বা জ্ঞানেৰে মন পোহৰাই ল’লে সংসাৰত কৰ্ম কৰিবলৈ সুচল হয়।

প্রশ্ন: পৃথিৱীত নাম উজ্বলাবলৈ কি আয়ত্ত কৰিব লাগিব ?

উঃ- পৃথিৱীত নাম উজ্বলাবলৈ আমি বিদ্যা অর্থাৎ জ্ঞান বা কোনো বিষয়ত বিশেষ দক্ষতা আয়ত্ত কৰিব লাগিব ।

প্রশ্ন: কি থাকিলেও খনিকৰে আন্ধাৰত চিত্র আঁকিব নোৱাৰে?

উঃ- লিখনি থাকিলেও খনিকৰে আন্ধাৰত চিত্ৰ আঁকিব নোৱাৰে।

Leave a Comment