প্ৰাকৃতিক দুৰ্যোগ Class 7 Question Answer (VII) অসমীয়া

প্ৰাকৃতিক দুৰ্যোগ Class 7 Question Answer | Class 7 Assamese Lesson 13 Question Answer সপ্তম শ্ৰেণীৰ অসমীয়া প্ৰশ্ন উত্তৰ | Class 7 Assamese Chapter 13 | প্ৰাকৃতিক দুৰ্যোগ অংকুৰণ সপ্তম শ্ৰেণীৰ

বিষয় সপ্তম শ্ৰেণীৰ অসমীয়া
মাধ্যমঅসমীয়া
কিতাপখনৰ নামঅংকুৰণ class 7
পাঠৰ নামপ্ৰাকৃতিক দুৰ্যোগ
অধ্যায় (Chapter) 13
শ্ৰেণী VII
অধ্যায় অধ্যায় 13

প্ৰাকৃতিক দুৰ্যোগ Class 7 Question Answer

পাঠভিত্তিক প্রশ্ন আৰু উত্তৰ

১। উত্তৰ দিয়া :

(ক) অসমত প্ৰলয়ংকাৰী ভূমিকম্প হোৱা চন দুটা কি কি?
উঃ- অসমত প্ৰলয়ংকাৰী ভূমিকম্প হোৱা চন দুটা হৈছে ১৯৫০ আৰু ১৮৯৭৷

(খ) ১৮৯৭ চনত অসমত হোৱা ভূমিকম্পৰ উৎপত্তিস্থল ক’ত আছিল?
উঃ- ১৮৯৭ চনত অসমত হোৱা ভূমিকম্পৰ উৎপত্তিস্থল আছিল খাচীয়া জয়ন্তীয়া পাহাৰ

(গ) ২০০১ চনৰ ২৬ জানুৱাৰীত ভাৰতৰ কোন ৰাজ্যত ভূমিকম্প হৈছিল?
উঃ- ২০০১ চনৰ ২৬ জানুৱাৰীত ভাৰতৰ গুজৰাট ৰাজ্যৰ ভূজ অঞ্চলত ভূমিকম্প হৈছিল।

(ঘ) কোন চনৰ ভূমিকম্পটোৰ পৰা অসমত বানপানীৰ প্ৰকোপ বাঢ়িল?
উঃ- ১৯৫০ চনৰ ভূমিকম্পটোৰ পৰা অসমত বানপানীৰ প্ৰকোপ বাঢ়িল।

প্ৰাকৃতিক দুৰ্যোগ Class 7 Question Answer

২। তলৰ প্ৰশ্নকেইটা আলোচনা কৰি উত্তৰ লিখা।

(ক) চানডুবি বিল কেনেকৈ সৃষ্টি হ’ল?
উঃ- ১৮৯৭ চনত অসমত এটা প্রলয়ংকৰী ভূমিকম্প হৈছিল। এই ভূমিকম্পটোৰ উৎপত্তিস্থল আছিল খাচীয়া জয়ন্তীয়া পাহাৰ। এই ভূঁইকঁপটোৰ ফলতেই বর্তমান কামৰূপ জিলাৰ বনভোজৰ অন্যতম আকৰ্ষণৰ স্থান চানডুবি বিলৰ সৃষ্টি হৈছিল। চানডুবি বিল আচলতে এসময়ত পাহাৰ আছিল। এই বৰভূঁইকঁপৰ ফলতেই ই এখন বিলত পৰিণত হ’ল। ভূমিকম্পৰ ফলত কেইবাখনো পাহাৰ লাহে লাহে তললৈ গৈ চানডুবি বিলৰ সৃষ্টি হৈছিল।

(খ) ১৯৫০ চনত ভূমিকম্পৰ ফলত অসমত কি কি পৰিৱৰ্তন হৈছিল?
উঃ- ১৯৫০ চনত ভূমিকম্পৰ ফলত অসমত বিভিন্ন ধৰণৰ পৰিৱৰ্তন হৈছিল। এই ভূমিকম্পই গছ-গছনিৰে ভৰপূৰ অৰুণাচল পাহাৰৰ বিশাল অংশ খহাই বৰলুইতৰ বুকু বাম কৰি পেলাইছিল। ইয়াৰ ফলত অসমত প্রলয়ংকৰী বাপপানী হৈছিল আৰু বহু নদীৰ গতিপথ সলনি হৈছিল।

(গ) ছুনামি কি?
উঃ- ছুনামি এটা প্রাকৃতিক দুর্যোগ। পৃথিৱীৰ বিভিন্ন ঠাইত ভূঁইকঁপ হোৱাৰ দৰে সাগৰপৃষ্ঠটো ভূমিকম্প হয়। সাগৰত হোৱা ভূমিকম্প, আগ্নেয়গিৰিৰ উদ্‌গীৰণ আৰু সমুদ্ৰ গৰ্ভৰ আলোড়নৰ কাৰণে পানীৰ ওপৰত প্ৰবল ঢৌৰ সৃষ্টি হয়। ইয়াকে ছুনামি বুলি কোৱা হয়।

লগতে পঢ়ক:   বিজ্ঞান আৰু আমাৰ মানসিকতা Questions Answers সপ্তম শ্ৰেণীৰ অসমীয়া

(ঘ) ভাৰতবৰ্ষত কেতিয়া আৰু কোন কোন ঠাইত ছুনামিয়ে প্ৰভাৱ পেলাইছিল?
উঃ- ২০০৪ চনৰ ২৬ ডিচেম্বৰ তাৰিখে সাগৰত হোৱা এটা ভূমিকম্পই ভাৰতৰ পূব উপকূলত এক মহাপ্ৰলয়ৰ সৃষ্টি কৰিছিল। ভাৰত মহাসাগৰত হোৱা এই ছুনামিটোৱে শ্রীলংকা, ইণ্ডোনেছিয়া আদি দেশৰ লগতে ভাৰতৰ তামিলনাড়ু, আন্দামান নিকোবৰ দ্বীপপুঞ্জ আদি ঠাইত প্ৰভাৱ পেলাইছিল।

৩। তলত দিয়া শব্দকেইটাৰে বাক্য সাজি কোৱা আৰু লিখা।
পাহাৰ, চানডুবি বিল, ভূমিকম্প, আনন্দ, বনভোজ, আতংক।
উঃ- পাহাৰ :– গোৱালপাৰা জিলাৰ শ্ৰীশ্ৰী সূৰ্য পাহাৰ এখন ধুনীয়া পর্যটন স্থলী।
বনভোজ :-‘ কামৰূপ জিলাৰ চানডুবি বিললৈ বহুলোক বনভোজ খাবলৈ যায়।
চানডুৰি বিল :- বনভোজৰ অন্যতম আকৰ্ষণৰ স্থলী চানডুবি বিল আচলতে এসময়ত পাহাৰ আছিল।
আনন্দ :- বনভোেজ খাবলৈ গ’লে সকলোৰে মন আনন্দত মতলীয়া হয়।
আতংক :- নৰখাদক বাঘটোৱে অঞ্চলটোত আতংকৰ সৃষ্টি কৰিছে।
ভূমিকম্প :- ভূমিকম্পৰ সময়ত মানুহবোৰ মুকলি ঠাইলৈ ওলাই আহিব লাগে।

Class 7 Assamese Lesson 13 Question Answer

৪। উদাহৰণৰ দৰে শব্দ গঠন কৰা আৰু অভিধান চাই অৰ্থ জানি লোৱা।
সাৱধান+ তা = সাৱধানতা
বিচ্ছিন্ন +তা = বিচ্ছিন্নতা
বিভিন্ন + তা = বিভিন্নতা
বিশাল + তা = বিশালতা
প্ৰসাৰ + তা = প্ৰসাৰতা

উক্ত শব্দকেইটাৰ অৰ্থ হ’ল-
সাৱধানতা— ততোৱাল গুণ, তত, মন দিয়া গুণ, সাৱধানে।

বিচ্ছিন্নতা— সংযোগহীনতা।
বিভিন্নতা— পার্থক্য, প্রভেদ।
বিশালতা— বৃহত্ত্ব, প্রকাণ্ড অৱস্থা।
প্ৰসাৰতা — বিস্তাৰিত।

৫। তলৰ বাক্যকেইটাৰ পৰা অব্যয় পদবোৰ বিচাৰি উলিয়াই লিখা।
ফৰিদা – হেৰা মনু, তুমি কেনেকৈ যাবা?
মনু – বাছ বা ৰিক্সাৰে যাম বুলি ভাবিছোঁ।
ফৰিদা – পিছে মই এতিয়া নাযাওঁ দিয়া।
মনু – বাৰু, হ’ব দিয়া।
ফৰিদা – উঃ, আজি যে কি গৰম! মনু, মোক ঠাণ্ডা পানী এগিলাচ দিবা নে?
মনু – হয়, দিছোঁ ৰ’বা।
ফৰিদা – তুমি কাৰ লগত বজাৰলৈ যাবা?
মনু – মই আৰু শেৱালি একেলগে যাম।

উঃ- উক্ত বাক্যকেইটাত থকা অব্যয় পদবোৰ হ’ল— হেৰা, বা, পিছে, বাৰু, উঃ, কেনেকৈ, এতিয়া, নে, হয়, আৰু, বুলি,যে।

প্ৰাকৃতিক দুৰ্যোগ Class 7 Question Answer

৬। পাঠত থকা যুৰীয়া শব্দবোৰ বিচাৰি লিখা।
উঃ- পাঠত থকা যুৰীয়া শব্দবোৰ উল্লেখ কৰা হ’ল— জীৱ-জন্তু, সা-সম্পত্তি, হানি-বিঘিনি, ঘৰ-দুৱাৰ, ৰাস্তা-পদুলি, চহৰ-নগৰ, উঠা-নমা,
ক্ষয়-ক্ষতি, আলৈ-আহুকাল।

লগতে পঢ়ক:   গছ ভালপোৱা ককাৰ খং Class 7 Question Answer অংকুৰণ সপ্তম শ্ৰেণীৰ

৮। ভূমিকম্পৰ সময়ত মাৰা-দেউতাৰাই তোমালোকক কি কি কৰিবলৈ কয়?
উঃ- ভূমিকম্পৰ সময়ত আমি কিছুমান সাৱধানতা লব লাগে। ভূমিকম্পৰ সময়ত আমি মুকলি ঠাইলৈ ওলাই আহিব লাগে। পকীঘৰ বা বহুমহলীয়া অট্টালিকাৰ ভিতৰত থাকিলে বিছনা বা মেজৰ তলত আশ্রয় লব লাগে। মূলঘৰৰ বিজুলী সংযোগ বিচ্ছিন্ন কৰি দিব লাগে। ডাঙৰ গছৰ তলত আশ্রয় লব নালাগে। জোকাৰণি নকমালৈকে একেঠাইতে থাকিব লাগে।

Class 7 Assamese Lesson 13 Question Answer

পাঠভিত্তিক অতিৰিক্ত প্রশ্নোত্তৰ

১। কেইটামান প্রাকৃতিক দুৰ্যোগৰ নাম লিখা।
উঃ- কেইটামান প্রাকৃতিক দুর্যোগ হৈছে—বানপানী, ভূমিকম্প, ধুমুহা, ঘূর্ণীবতাহ, বনজুই আদি।

২। ২০০১ চনৰ ২৬ জানুৱাৰীৰ দিনা পৃথিৱীৰ বিভিন্ন প্ৰচাৰ মাধ্যমে কঢ়িয়াই অনা দুঃসংবাদটো কি আছিল?
উঃ- ২০০১ চনৰ ২৬ জানুৱাৰীৰ দিনা পৃথিৱীৰ বিভিন্ন প্ৰচাৰ মাধ্যমে কঢ়িয়াই অনা দুঃসংবাদটো হ’ল— ২৬ জানুৱাৰীৰ গণতন্ত্ৰ দিৱসৰ উৎসৱত মতলীয়া হৈ থকা অজস্র মানুহক ভূমিকম্পৰ এক প্রবল জোকাৰণিয়ে পলকতে নিঃশেষ কৰি পেলাইছিল। গুজৰাটৰ ভুজ অঞ্চলৰ এই ঘটনাই পৃথিৱীৰ সকলোকে মর্মাহত কৰিছিল।

৩। ১৮৯৭ চনৰ প্ৰলয়ংকৰী ভূমিকম্পই অসমত কিদৰে ধ্বংসলীলা চলাইছিল?
উঃ- ১৮৯৭ চনৰ প্ৰলয়ংকৰী ভূমিকম্পই অসমত ধ্বংসলীলা চলাইছিল। এই ভূমিকম্পটোৰ উৎপত্তি স্থল আছিল খাছীয়া জয়ন্তীয়া পাহাৰ। বৰ্তমান কামৰূপ জিলাৰ বনভোজৰ অন্যতম আকর্ষণস্থলী চালডুবি বিল এই ভূমিকম্পৰ ফলতেই সৃষ্টি হৈছিল। আচলতে চানডুবি বিল এসময়ত পাহাৰ আছিল। ভূমিকম্পৰ ফলত কেইবাখনো পাহাৰ লাহে লাহে তললৈ গৈ চানডুবি বিলৰ সৃষ্টি হৈছিল।

৪। বিজ্ঞানীসকলে চিহ্নিত কৰা ভূমিকম্পপ্ৰৱণ অঞ্চলসমূহ কি কি?
উঃ- বিজ্ঞানীসকলে চিহ্নিত কৰা ভূমিকম্পপ্ৰৱণ অঞ্চলসমূহ হৈছে তিব্বত, চীন, জাপানৰ উপৰি অসমকে ধৰি ভাৰতৰ সমগ্ৰ উত্তৰ-পূর্বাঞ্চল, হিমাচল প্রদেশ, জম্মু-কাশ্মীৰ আৰু গুজৰাট ৰাজ্য।

৫। চৰকাৰৰ কোন বিভাগে ভূমিকম্পৰ সময়ত লবলগা সাৱধানতা সম্পর্কে জনসাধাৰণক কিদৰে সজাগ কৰে?
উঃ- চৰকাৰৰ “দুর্যোগ ব্যৱস্থাপনা বিভাগে” ভূমিকম্পৰ সময়ত লবলগা সাৱধানতা সম্পর্কে বিভিন্ন ধৰণে ফলক আঁৰি, দূৰদৰ্শন, ছপা মাধ্যম আদিৰ দ্বাৰা জনসাধাৰণক সজাগ কৰে।

Class 7 Assamese Lesson 13 Question Answer

৬। ছুনামি ক’ত হয়?
উঃ- ছুনামি সাগৰত হয়।

৭। কোন চনত অহা ছুনামিয়ে ভাৰতৰ উত্তৰ-পূৰ্ব উপকূলত মহাপ্ৰলয়ৰ সৃষ্টি কৰিছিল?
উঃ- ২০০৪ চনৰ ২৬ ডিচেম্বৰত অহা ছুনামিয়ে ভাৰতৰ উত্তৰ-পূব উপকূলত মহাপ্রলয়ৰ সৃষ্টি কৰিছিল।

লগতে পঢ়ক:   জতুৱাৰ জঁট Class 7 Question Answer – অংকুৰণ সপ্তম শ্ৰেণীৰ

৮। ২০০১ চনৰ ২৬ জানুৱাৰী তাৰিখে অহা ভূমিকম্পৰ ফলত গুজৰাটৰ কোন অঞ্চলত ঘটা হৃদয়বিদাৰক ঘটনাই সকলোকে মর্মাহত কৰিছিল?
উঃ- ২০০১ চনৰ ২৬ জানুৱাৰী তাৰিখে অহা ভূমিকম্পৰ ফলত গুজৰাটৰ ভূজ অঞ্চলত ঘটা হৃদয়বিদাৰক ঘটনাই সকলোকে মর্মাহত কৰিছিল।

৯। কামৰূপ জিলাৰ বনভোজৰ এক আকৰ্ষণস্থলীৰ নাম লিখা।
উঃ- কামৰূপ জিলাৰ বনভোজৰ এক আকৰ্ষণস্থলী হৈছে চানডুবি বিল।

প্রশ্ন: চানডুবি বিল কেনেকৈ সৃষ্টি হ’ল?

উঃ- ১৮৯৭ চনত অসমত এটা প্রলয়ংকৰী ভূমিকম্প হৈছিল। এই ভূমিকম্পটোৰ উৎপত্তিস্থল আছিল খাচীয়া জয়ন্তীয়া পাহাৰ। এই ভূঁইকঁপটোৰ ফলতেই বর্তমান কামৰূপ জিলাৰ বনভোজৰ অন্যতম আকৰ্ষণৰ স্থান চানডুবি বিলৰ সৃষ্টি হৈছিল। চানডুবি বিল আচলতে এসময়ত পাহাৰ আছিল। এই বৰভূঁইকঁপৰ ফলতেই ই এখন বিলত পৰিণত হ’ল। ভূমিকম্পৰ ফলত কেইবাখনো পাহাৰ লাহে লাহে তললৈ গৈ চানডুবি বিলৰ সৃষ্টি হৈছিল।

প্রশ্ন: ১৯৫০ চনত ভূমিকম্পৰ ফলত অসমত কি কি পৰিৱৰ্তন হৈছিল?

উঃ- ১৯৫০ চনত ভূমিকম্পৰ ফলত অসমত বিভিন্ন ধৰণৰ পৰিৱৰ্তন হৈছিল। এই ভূমিকম্পই গছ-গছনিৰে ভৰপূৰ অৰুণাচল পাহাৰৰ বিশাল অংশ খহাই বৰলুইতৰ বুকু বাম কৰি পেলাইছিল। ইয়াৰ ফলত অসমত প্রলয়ংকৰী বাপপানী হৈছিল আৰু বহু নদীৰ গতিপথ সলনি হৈছিল।

প্রশ্ন: ছুনামি কি?

উঃ- ছুনামি এটা প্রাকৃতিক দুর্যোগ। পৃথিৱীৰ বিভিন্ন ঠাইত ভূঁইকঁপ হোৱাৰ দৰে সাগৰপৃষ্ঠটো ভূমিকম্প হয়। সাগৰত হোৱা ভূমিকম্প, আগ্নেয়গিৰিৰ উদ্‌গীৰণ আৰু সমুদ্ৰ গৰ্ভৰ আলোড়নৰ কাৰণে পানীৰ ওপৰত প্ৰবল ঢৌৰ সৃষ্টি হয়। ইয়াকে ছুনামি বুলি কোৱা হয়।

প্রশ্ন: অসমত প্ৰলয়ংকাৰী ভূমিকম্প হোৱা চন দুটা কি কি?

উঃ- অসমত প্ৰলয়ংকাৰী ভূমিকম্প হোৱা চন দুটা হৈছে ১৯৫০ আৰু ১৮৯৭৷

প্রশ্ন: ১৮৯৭ চনত অসমত হোৱা ভূমিকম্পৰ উৎপত্তিস্থল ক’ত আছিল?

উঃ- ১৮৯৭ চনত অসমত হোৱা ভূমিকম্পৰ উৎপত্তিস্থল আছিল খাচীয়া জয়ন্তীয়া পাহাৰ

Leave a Comment

Your email address will not be published. Required fields are marked *


Scroll to Top