গড়গাঁও Class 7 Question Answer (VII) প্রশ্ন উত্তৰ অসমীয়া

গড়গাঁও Class 7 Question Answer | Class 7 Assamese Lesson 15 Question Answer সপ্তম শ্ৰেণীৰ অসমীয়া প্ৰশ্ন উত্তৰ | Class 7 Assamese Chapter 15 | গড়গাঁও অংকুৰণ সপ্তম শ্ৰেণীৰ

বিষয় সপ্তম শ্ৰেণীৰ অসমীয়া
মাধ্যমঅসমীয়া
কিতাপখনৰ নামঅংকুৰণ class 7 (Assamese)
পাঠৰ নামগড়গাঁও
অধ্যায় (Chapter) 15
শ্ৰেণী VII
অধ্যায় অধ্যায় 15

গড়গাঁও Class 7 Question Answer

পাঠভিত্তিক প্রশ্ন আৰু উত্তৰ

৪। উত্তৰ দিয়া :
(ক) গড়গাঁও কবিতাটি কোনে ৰচনা কৰিছে?
উঃ– গড়গাঁও কবিতাটি ধ্বনিকবি বিনন্দচন্দ্ৰ বৰুৱাদেৱে ৰচনা কৰিছে।

(খ) গড়গাঁও কবিতাটিৰ ৰচকজনক কি কবি বুলি জনা যায়?
উঃ— গড়গাঁও কবিতাটিৰ ৰচকজনক ধ্বনিকবি বুলি জনা যায়।

(গ) মাৰ-নাও বুলিলে কি বুজা?
উঃ- মাৰ নাও হৈছে জুটি লোৱা যোৰ নাও।

(ঘ) কবিতাটোত বর্ণনা কৰা মতে ৰজাৰ আদেশত হোৱা কেইটামান কামৰ উল্লেখ কৰা।
উঃ– কবিতাটোত বর্ণনা কৰা মতে ৰজাৰ আদেশত হোৱা কেইটামান কাম হৈছে ৰাজ আদেশ পোৱা মাত্রেই গড়গাঁৱৰ কৰ্মঠ লোকসকলে দিন-ৰাতি, মাটি-পানী আদিলৈ ভ্ৰক্ষেপ নকৰি বিলত নগৰ বান্ধে আৰু নগৰত নৈ বোৱায়। ধোদসকলে গড়গাঁৱত ৰাজআলি বন্ধাৰ দৰে কঠিন কাম কৰে।

(ঙ) গড়গাঁৱৰ কথা শুনি তল যাওঁ বুলি কবিয়ে কিয় কৈছে?
উঃ- আহোম স্বৰ্গদেউৰ ৰাজধানী গড়গাঁও সৌন্দৰ্যৰ আকৰ স্বৰূপ আছিল। ৰূপ, প্রতাপ, শক্তি সকলোতে এই ৰাজধানী অন্যতম আছিল। ইয়াৰ প্ৰতাপত সকলোক ত্ৰস্তমান আছিল। এটা নিৰ্দিষ্ট নিয়মেৰে এই ৰাজধানীৰ কোনো বস্তুৱেই পৰিচালিত হোৱা নাছিল। গড়গঞা কটাৰীৰ ডাবেও নিজ পৰাক্ৰম দেখুৱাব পাৰিছিল। নগৰৰ জীৱ-জন্তুবোৰে মিলা প্ৰীতিৰে নগৰৰ জয়াল ঘাটবোৰত পানী খাইছিল। এই বৈচিত্র্যময় দেশখনত যেন উজুটি খালে মানুহৰ দাঁত ভাঙিছিল আৰু কোঢ়াল কাঢ়িলে মাত নোহোৱা হৈ গৈছিল। এই ৰাজধানীৰ অধিকাংশ কর্মঠ লোকে স্বৰ্গদেউৰ আদেশ পালন কৰিবলৈ সদা প্রস্তুত আছিল। স্বৰ্গদেউৰ আদেশমতে তেওঁলোকে বিলত নগৰ বান্ধিছিল আৰু নগৰত নৈ বোৱাইছিল। ধোদসকলে তাত ৰাজআলি বন্ধাৰ দৰে কঠিন কাম কৰিছিল। হাঁহকণীৰে তাত কাৰেং সজা হৈছিল আৰু লানি নিছিগা ৰণুৱাই এই কামত মনোনিৱেশ কৰিছিল।

সকলোৱে মিলি তাত গড়বন্ধা, মাটি খন্দা আৰু বৰনাও চলোৱা কাম কৰিছিল। তেওঁলোকৰ হাতখনেই বঠা সদৃশ আছিল আৰু দাঁতবোৰেই দা সদৃশ আছিল। এনেধৰণৰ শক্তিশালী সৈন্যবাহিনীয়ে গড়গাঁওখন ৰক্ষা কৰিছিল। এই সকলোবোৰ দেখি শুনি কবিয়ে গড়গাঁৱৰ কথা শুনি তল যাওঁ বুলি কৈছে।

গড়গাঁও Class 7 Question Answer

৫। চমু উত্তৰ দিয়া :

(ক) দিখৌৰ সোঁতত যোৱা, ভটীয়নী বল পোৱা, উভতিব খোজে মাৰ নাও’। –– মাৰ-নাও উভতিব খোজাৰ কাৰণ কি?
উঃ– আহোম ৰজাসকলে তেওঁলোকৰ নিজ ৰাজ্যৰ ৰাজধানীখন বৰ আটোম-টোকাৰিকৈ সজাই পৰাই লৈছিল। এই ৰাজধানীবোৰৰ ভিতৰত গড়গাঁও আছিল অন্যতম। আহোম ৰাজ্যৰ ৰাজধানী গড়গাঁও হৈছে সকলো সৌন্দৰ্যৰ খনি স্বৰূপ৷ ৰূপ, প্রতাপ, শক্তি আদি সকলো ক্ষেত্রতে নিজৰ পৰিচয় দিব পাৰিছিল। এই ৰাজধানীৰ সৌন্দর্য দেখিলে ভৰি পিচল খোৱাৰ উপক্ৰম হৈছিল আৰু কথা শুনিলে সকলো অহংকাৰ, গৌৰৱ নিমিষতে মাৰ গৈছিল। ওচৰতে গড়গাঁওখন দেখিলে দিখৌ নৈৰ সোঁতত বৈ যোৱা মাৰ নাওখনো উভতিব খোজাৰ উপক্ৰম হৈছিল।

(খ) ‘ওলট্-পালট্ দেশ, কথাৰে নহয় শেষ, কটাৰীৰো ডাবে তাৰ কাটে’ বুলি কবিয়ে কি বুজাব খুজিছে?
উঃ— গড়গাঁও কবিতাটিত কবিয়ে গড়গাঁৱক ওলট-পালট দেশ বুলি কোৱাৰ কাৰণ হৈছে গড়গাঁৱত এটা নির্দিষ্ট নিয়মেৰে কোনো বস্তু পৰিচালিত নহয়। ইয়াত কটাৰীৰ নালেও নিজৰ পৰাক্ৰম দেখুৱায়; বাঘ, গৰু আদি জন্তুবোৰে মিলাপ্ৰীতিৰ স্বাক্ষৰ বহন কৰি একেলগে নগৰৰ জয়াল ঘাটবোৰত পানী খায়। এই বৈচিত্র্যময় দেশত উজুটি খালেও মানুহৰ দাঁত ভাঙে আৰু কোঢ়াল কৰিলেও মানুহৰ মাত নোহোৱা হয়। ইয়াত দিন-ৰাতি, মাটি-পানী আদিলৈ ভ্ৰূক্ষেপ কৰিবলৈ জনসাধাৰণৰ সময়ৰ অভাৱ।

এই নগৰৰ কৰ্মঠ লোকসকলে স্বৰ্গদেউৰ আদেশ পালন কৰিবলৈ সদায় প্রস্তুত থাকে। স্বৰ্গদেউৰ আদেশত তেওঁলোকে বিলত নগৰ বান্ধে আৰু নগৰত নৈ বোৱায়৷ ধোদসকলে তাত ৰাজ আলি বন্ধাৰ দৰে কঠিন কাম কৰে। হাঁহকণীৰে সেই নগৰৰ কাৰেং নিৰ্মাণ কৰা হয়। সকলোৱে মিলি গড় বান্ধে, মাটি খান্দে আৰু নাও চলায়। ইয়াৰ বাবে তেওঁলোকক বেলেগ অস্ত্ৰৰ প্ৰয়োজন নাই। তেওঁলোকৰ হাতখনেই হ’ল বঠা সদৃশ আৰু দাঁতবোৰ হ’ল দা সদৃশ। এনে ধৰণৰ কল্পনাৰে সজাই পৰাই তোলা গড়গাঁওখনক কবিয়ে ওলট্-পালট্ দেশ বুলি কৈছে।

(গ) নাই দিন, নাই ৰাতি, নাই পানী, নাই মাটি, আদেশ মাথোন হয় সাজ কবিতাফাকিত থকা ‘সাজ’ শব্দই কি বুজাইছে।
উঃ— কবিতাফাকিত থকা ‘সাজ’ শব্দই সাজু হোৱা বা তৈয়াৰ হোৱাকে বুজাইছে। গড়গাঁও কবিতাটিত কবিয়ে গড়গাঁৱক ওলট্‌-পালট্ দেশ বুলি কৈছে, কাৰণ গড়গাঁৱত এটা নিৰ্দিষ্ট নিয়মেৰে কোনো কাম পৰিচালিত নহয়। ইয়াত দিন-ৰাতি, মাটি-পানী আদিলৈ ভ্ৰূক্ষেপ কৰিবলৈ জনসাধাৰণৰ সময়ৰ অভাৱ। এই নগৰৰ কৰ্মঠ লোকসকলে স্বৰ্গমহাৰাজৰ আদেশ পালন কৰিবলৈ সদায় সাজু হৈ থাকে। স্বৰ্গদেউৰ আদেশত তেওঁলোকে বিলত নগৰ বান্ধে আৰু নগৰত নৈ বোৱায়। ধোদসকলে তাত ৰাজআলি বন্ধাৰ দৰে কঠিন কাম কৰে।

(ঘ) অহা-যোৱা নাই তাত শেষ;
জনে জনে ভিন ভিন বেশ।
– এই কথাফাকিৰ মাজেৰে কবিয়ে কি বুজাব বিচাৰিছে?
উঃ- আহোম ৰাজ্যৰ ৰাজধানী গড়গাঁৱৰ প্ৰতাপত সকলো এস্তমান আছিল। ইয়াত কটাৰীৰ ডাবেও নিজৰ বীৰত্ব দেখুৱাবলৈ সক্ষম হৈছিল। নগৰৰ জীৱ-জন্তুবোৰে মিলা-প্ৰীতিৰ স্বাক্ষৰ বহন কৰি একেলগে নগৰৰ জয়াল ঘাটবোৰত পানী খাইছিল। এক নিৰ্দিষ্ট নিয়মেৰে এই ৰাজধানীৰ একো বস্তুৱেই পৰিচালিত নহৈছিল। সেইবাবে ইয়াক ওলট্‌-পালট্ দেশ বুলি কোৱা হৈছিল। এইবোৰ দৃশ্য দেখি বিদেশীৰ চকু স্থিৰ হৈ পৰিছিল আৰু স্বদেশীসকলৰ শিৰ উচ্চ হৈছিল। এই বৈচিত্র্যময় দেশখনত যেন উজুটি খালে মানুহৰ দাঁত ভাঙিছিল আৰু কোঢ়াল কৰিলে মাত নোহোৱা হৈ গৈছিল৷ ইয়াত ভিন ভিন বেশভূষা পৰিধান কৰি সকলো সময়তে মানুহৰ অহা-যোৱা চলি থাকিছিল। এই ৰাজধানীৰ সকলো লোকেই কর্মঠ আছিল আৰু স্বৰ্গমহাৰাজৰ আজ্ঞা পালন কৰিবলৈ সকলো সময়তে সাজু আছিল।

লগতে পঢ়ক:   তেজৰে কমলাপতি Class 7 Question Answer – অংকুৰণ সপ্তম শ্ৰেণীৰ

গড়গাঁও Class 7 Question Answer

৬। কবিতাটোৰ মূল কথাখিনি গদ্যত প্ৰকাশ কৰা।
উঃ- আহোম ৰাজ্যৰ কেইবাখনো ৰাজধানীৰ ভিতৰত গড়গাঁওখন আছিল অন্যতম। স্বৰ্গদেউসকলে নিজৰ ৰাজ্যৰ এই ৰাজধানীখন বৰ আটোম-ঢোকাৰিকৈ সজাইছিল। এই কবিতাটোৰ দ্বাৰা গড়গাঁৱৰ অতীত কীৰ্তি সুন্দৰকৈ প্ৰকাশ হৈছে। গড়গাঁওৰ ৰূপ, প্রতাপ, শক্তি অতুলনীয় আছিল। এই ৰাজধানীৰ সৌন্দর্য দেখিলে ভৰি পিচল খোৱাৰ উপক্ৰম হৈছিল, ইয়াৰ কথা শুনিলে সকলো অহংকাৰ, গৌৰৱ মাৰ গৈছিল। ওচৰতে গড়গাঁওখন দেখি দিখৌ নৈৰ সোঁতত বৈ যোৱা মাৰ নাওখনো উভতিব বিচাৰিছিল অর্থাৎ এই ৰাজধানীৰ প্ৰতাপত সকলো এস্তমান আছিল। এক নির্দিষ্ট নিয়মেৰে এই ৰাজধানীৰ কোনো বস্তুৱেই পৰিচালিত নহৈছিল।

ইয়াত গড়গঞা কটাৰীৰ ডাবেও নিজৰ প্ৰতাপ দেখুৱাব খুজিছিল। নগৰৰ জীৱ-জন্তুবোৰে মিলা-প্রীতি স্বাক্ষৰ বহন কৰি একেলগে নগৰৰ জয়াল ঘাটত পানী খাইছিল৷ এইবোৰ দেখি বিদেশীৰ চকু থিৰ হৈছিল, স্বদেশীৰ শিৰ উন্নত হৈছিল। ইয়াত উজুটি খালে দাঁত ভগাৰ উপক্ৰম হৈছিল আৰু কোঢ়াল কৰিলে মুখৰ মাত হৰিছিল। ৰাজধানীৰ কৰ্মঠ লোকসকলে দিন-ৰাতি, মাটি-পানী আদিলৈ ভ্রূক্ষেপ নকৰি আদেশ পোৱা মাত্রেই সকলো কাম কৰিবলৈ সদায় প্রস্তুত আছিল। তেওঁলোকে বিলত নগৰ বান্ধিছিল আৰু নগৰত নৈ বোৱাইছিল। ধোদে ৰাজআলি বন্ধাৰ দৰে কঠিন কাম কৰিছিল। হাঁহকণীৰে তাত কাৰেং সাজিছিল। সকলোৱে মিলি তাত গড় বান্ধিছিল, মাটি খান্দিছিল আৰু বৰ নাও চলাইছিল। তেওঁলোকৰ হাত কেইখন বঠা সদৃশ আছিল আৰু দাঁত কেইটা দা সদৃশ আছিল। এয়াই আছিল কবিৰ কল্পনাৰ গড়গাঁও য’ত এনেধৰণৰ সৈন্যবাহিনীয়ে ৰাজধানী গড়গাঁওখন ৰক্ষা কৰিছিল। গড়গাঁৱৰ এই বীৰত্বপূর্ণ দৃশ্যবোৰ দেখি সকলো লোকৰে শিৰ নত হৈ যায়।

৭। তলৰ দফাত থকা খালী ঠাই পূৰ কৰা।

(ক) বিদেশীৰ চকু থিৰ,____ ওখ শিৰ,
____ মানুহৰ দেশ;
উজুটিত ভাগে ____ কোঢ়ালত হৰে মাত
অহা যোৱা নাই ____শেষ
জনে জনে _____ বেশ।

;
উঃ— বিদেশীৰ চকু থিৰ, স্বদেশীৰ ওখ শিৰ
দেওলগা মানুহৰ দেশ;
উজুটিত ভাগে দাঁত, কোঢ়ালত হৰে মাত
অহা যোৱা নাই তাত শেষ;
জনে জনে ভিন ভিন বেশ।

(খ) সকলোৰে আছে ____,নোহোৱাৰ নাই নাম,
_____ সদা পায় লাজ;
নাই দিন, নাই ____ নাই পানী, _____ মাটি।
আদেশ _____ হয় ‘সাজ’
ইচ্ছা _____ স্বৰ্গমহাৰাজ ।
উঃ— সকলোৰে আছে কাম, নোহোৱাৰ নাই নাম
কাপুৰুষে সদা পায় লাজ;
নাই দিন, নাই ৰাতি, নাই পানী, নাই মাটি
আদেশ মাথোন হয় ‘‘সাজ’
ইচ্ছা যেনে স্বর্গ মহাৰাজ।

Class 7 Assamese Lesson 15 Question Answer

৯। ‘ক’ অংশত দিয়া শব্দবোৰ ‘খ’ অংশৰ অৰ্থৰ লগত মিলোৱা।

‘ক’ অংশ‘খ’ অংশ
ভটীয়নীনৈৰ ভাটি বা নামনিলৈ বৈ থকা
বল পোৱাশক্তিপোৱা
মাৰ-নাওএখনৰ দাঁতিত আন এখন বান্ধি লোৱা যোৰ
ওলট্‌-পালট্তল ওপৰ হোৱা বা কৰা
বিদেশীপৰদেশৰ, যিটো নিজৰ দেশৰ নহয়।
শিৰমূৰ
কোঢ়ালবহুলোকে একেলগে কৰা হাই-উৰুমি
সাজনিৰ্মাণ কৰা, প্ৰস্তুত কৰা
ধোদএলেহুৱা, বন-বাৰী নকৰি বহি থকা

১০। উদাহৰণটোৰ দৰে বিশেষ্যৰ পৰা বিশেষণ পদলৈ নিয়া
উঃ—
বিশেষ্য – বিশেষণ
বিদেশ – বিদেশী
স্বদেশ – স্বদেশী
দেশ – দেশী
সুখ – সুখী
পৰদেশ – পৰদেশী
দুখ – দুখী
কপাহ – কপাহী
আকাশ – আকাশী
গোলাপ – গোলাপী
বাদাম – বাদামী

১১। বাক্য ৰচনা কৰা:
বাৰ (সপ্তাহৰ বাৰ), বাৰ (অ) (সংখ্যা)
টকা (টকা-পইচা), টকা (বাঁহৰ এবিধ বাদ্য)
পাৰ (নদীৰ পাৰ), পাৰ (অ) (চৰাই)
• উঃ– বাৰ (সপ্তাহৰ বাৰ) – মানুহে দিন বাৰ চাইহে শুভকাম আৰম্ভ কৰে।
বাৰ (অ) (সংখ্যা) – হৰিহঁতৰ ঘৰখন বছৰৰ বাৰ মাহেই অভাৱ অনাটনত ভূগি থাকে।

পাৰ (নদীৰ পাৰ) – আমি সন্ধিয়া নদীৰ পাৰলৈ ফুৰিবলৈ গৈছিল।
পাৰ (অ) (চৰাই) – আমাৰ ঘৰৰ মূধচত এহাল পাৰ চৰায়ে বাহ সাজিছে।

টকা (টকা-পইচা) – টকা পইচাৰে মানুহে সুখ শান্তি কিনিব নোৱাৰে।
টকা (বাঁহৰ এবিধ বাদ্য) – আমাৰ বিহু অনুষ্ঠানৰ লগত জড়িত এবিধ বাদ্য হৈছে টকা।

Class 7 Assamese Lesson 15 Question Answer

১২। দলত আলোচনা কৰি কোৱা।

(ক) জল পৰিবহণৰ ক্ষেত্ৰত নাৱে আমাক কেনেদৰে সহায় কৰে?
উঃ — জল পৰিবহণৰ এক প্রধান মাধ্যম হৈছে নাও। আজি কিছুবছৰ আগলৈ ই নদী পৰিবহণৰ একমাত্র মাধ্যম আছিল। নদী পাৰ হ’বলৈ, বয়-বস্তু অনা-নিয়া কৰিবলৈ ইয়াক ব্যৱহাৰ কৰা হয়। ইয়াৰ দ্বাৰা কিছুমান লোকৰ আর্থিক দিশতো প্ৰভাৱ পৰে। বানপানীৰ দৰে প্ৰাকৃতিক দুৰ্যোগৰ সময়ত জনসাধাৰণৰ যাতায়াতৰ একমাত্র মাধ্যম হৈছে নাও। সেই দুৰ্যোগৰ সময়ছোৱাত বানপীড়িতক উদ্ধাৰ কৰিবলৈ, ঘৰুৱা সা-সামগ্রী, পোহনীয়া জীৱ-জন্তু আদি উদ্ধাৰ কৰিবলৈ নাৱৰ ব্যৱহাৰ কৰা হয়।

(খ) তলত দিয়া ছবিবোৰত কি দেখিছা।
উঃ– ১ম ছবিখনত – আমি জল পৰিবহণৰ ক্ষেত্ৰত নাও এখন ব্যৱহাৰ হোৱা দেখিছোঁ।
২য় ছবিখনত – বানপীড়িত লোকক উদ্ধাৰকাৰী দলে সহায়ৰ হাত আগবঢ়াবলৈ নাৱৰ ব্যৱহাৰ কৰিছে।
৩য় ছবিখনত – বানপানীৰ সময়ত পোহনীয়া জীৱ-জন্তু, সা-সামগ্ৰী উদ্ধাৰৰ ক্ষেত্ৰত নাৱৰ ব্যৱহাৰ কৰা হৈছে।
৪র্থ ছবিখনত –  মৎস্যজীৱী এচাম লোকে নাওৰ সহায়ত নদী বা বিল আদি জলাশয়ত মাছ মৰা কাৰ্য কৰিছে।

লগতে পঢ়ক:   গছ ভালপোৱা ককাৰ খং Class 7 Question Answer অংকুৰণ সপ্তম শ্ৰেণীৰ

১৩। তোমালোকে ওচৰে-পাজৰে খাল-বিল পুতি, পাহাৰ কাটি মানুহে ঘৰ-দুৱাৰ সজাৰ ফলত কি কি সুবিধা অসুবিধা হোৱা দেখিছা, দলত আলোচনা কৰি লিখা।
উঃ― বৰ্তমান আমাৰ ওচৰ-পাজৰৰ সকলো ঠাইতে খাল-বিল পুতি, পাহাৰ কাটি ঘৰ-দুৱাৰ সজা দেখা গৈছে। ইয়াৰ ফলত বহুত সুবিধা হোৱাৰ লগতে বহুত অসুবিধাও হৈছে। এখন ঠাইত যিমানে ঘৰ-দুৱাৰ সজা হয়, সিমানে তাৰ জনবসতি বাঢ়ি আহে। জনবসতি বাঢ়ি অহাৰ লগে লগে ব্যৱসায়-প্রতিষ্ঠান বা দৈনন্দিন জীৱনধাৰণৰ বাবে প্ৰয়োজন হোৱা সকলো সা-সুবিধা সহজেই পোৱা সম্ভৱ হৈ উঠে। অর্থাৎ ঠাইখনৰ উন্নতি হয়।

আনহাতে খাল, বিল পুতি, পাহাৰ কাটি মানুহে ঘৰ-দুৱাৰ সজাৰ ফলত বিভিন্ন ধৰণৰ অসুবিধাও হয়। সঠিকভাৱে নলা-নর্দমা নির্মাণ নকৰাৰ বাবে বৰষুণৰ পানী ওলাই যাব নোৱাৰি কৃত্রিম বানপানীৰ সৃষ্টি কৰে। ফলত সকলো লোকেই সমস্যাৰ সন্মুখীন হ’বলগীয়া হয়। জধে-মধে পাহাৰ কটাৰ ফলত ভূমিস্খলন হৈ বহু লোক মৃত্যুৰ মুখত পৰাও দেখা যায়। ঘৰ-দুৱাৰ সাজিবলৈ জধে-মধে গছ-গছনি, বনাঞ্চল আদি ধ্বংস কৰাৰ ফলত জীৱ-জন্তুৰ বাসস্থান ধ্বংস হোৱাৰ লগতে প্ৰাকৃতিক ভাৰসাম্য বিনষ্ট হোৱা দেখা গৈছে।

Class 7 Assamese Lesson 15 Question Answer

পাঠভিত্তিক অতিৰিক্ত প্রশ্নোত্তৰ

১। বাট দেখি কবিৰ পাৱ কিয় পিছলি যায় ?
উঃ— আহোম ৰাজ্যৰ ৰাজধানী গড়গাঁও হৈছে সৌন্দৰ্যৰ আক্কৰস্বৰূপ। ৰূপ, প্রতাপ, শক্তি সকলোতে এই ৰাজধানী অন্যতম। এই ৰাজধানীৰ সৌন্দৰ্য দেখিলে কবিৰ ভৰি পিছলি যায়।

২। মাৰ-নাও খন উভতিব খোজাৰ কাৰণ কি?
উঃ– ৰূপ, শক্তি সকলোতে অন্যতম আহোম ৰাজ্যৰ ৰাজধানী গড়গাঁৱৰ প্ৰতাপত ত্ৰস্তমান হৈ দিখৌ নৈৰ সোঁতত বৈ যোৱা মাৰ নাওখন উভতিব খোজে।

৩। ‘ওলট্-পালট্ দেশ’ বুলি কাৰ কথা কৈছে?
উঃ— ওলট্-পালট্ দেশ বুলি গড়গাঁৱৰ কথা কৈছে। এক নিৰ্দিষ্ট নিয়মেৰে এই ৰাজধানীৰ কোনো বস্তুৱেই পৰিচালিত নহয়।

৪। কটাৰীৰো ডাবে তাৰ কাটে’ – কি কৈছে লিখা।
উঃ– আহোম ৰাজ্যৰ ৰাজধানী গড়গাঁও অতি প্রতাপশালী নগৰ আছিল। ইয়াত কটাৰীৰ ডাব অৰ্থাৎ নালেও নিজৰ পৰাক্ৰম দেখুৱাব খুজিছিল।

৫। বাঘ গৰু হালে হালে ক’ত আৰু কেনেদৰে পানী খায়?
উঃ– আহোম ৰাজ্যৰ ৰাজধানী গড়গাঁৱৰ বাঘ-গৰু আদি জীৱ-জন্তুবোৰে মিলাপ্ৰীতিৰ স্বাক্ষৰ বহন কৰি একে লগে নগৰৰ ভয়াল ঘাটবোৰত পানী খায়।

৬। আদেশ মাথোন হয় ‘সাজ’ ইচ্ছা যেনে স্বৰ্গ মহাৰাজ – কি কৈছে লিখা।
উঃ— আহোম ৰাজ্যৰ ৰাজধানী-গড়গাঁৱৰ কৰ্মঠ লোকসকলে দিন-ৰাতি, মাটি-পানী আদিলৈ ভ্ৰূক্ষেপ নকৰি স্বৰ্গমহাৰাজৰ আদেশ পোৱা মাত্ৰকেই সকলো কাম কৰিবলৈ সদায় প্রস্তুত থাকে।

৭। গড়গাঁৱত বনুৱাসকলে কিদৰে কাম কৰে?
উঃ— গড়গাঁৱৰ বনুৱাসকল ইমানেই কর্মঠ যে তেওঁলোকে বিলত নগৰ নিৰ্মাণ কৰে, নগৰত নৈ বোৱাই দিয়ে, ধোদে তাত ৰাজআলি নিৰ্মাণ কৰে। হাঁহকণীৰে তাত কাৰেং সজা হয়। সকলোৱে মিলি তাত গড় বান্ধে, মাটি খান্দে আৰু বৰ নাও চলায়।

৮। ‘এনে সেনা ৰাখে গড়গাঁও’ – গড়গাঁৱৰ সেনাসকল কেনেকুৱা ?
উঃ— গড়গাঁৱৰ সেনাসকল সকলো কামতে অতি পাকৈত। তেওঁলোকৰ হাতকেইখন নাৱৰ বঠা সদৃশ আৰু দাঁতবোৰ দা সদৃশ। গতিকে এনেধৰণৰ শক্তিশালী সেনা বাহিনীয়ে আহোম ৰাজ্যৰ ৰাজধানী গড়গাঁওখন ৰক্ষা কৰে।

৯। ‘বিদেশীৰ চকু থিৰ স্বদেশীৰ ওখ শিৰ’ – হোৱাৰ কাৰণ কি?
উঃ— আহোম ৰাজ্যৰ ৰাজধানী গড়গাঁৱৰ প্ৰতাপত সকলো ত্ৰস্তমান আছিল। ইয়াত কটাৰীৰ নালেও নিজৰ বীৰত্ব দেখুৱাব পাৰিছিল ৷ নগৰৰ জীৱ-জন্তুবোৰে মিলা-প্ৰীতিৰ স্বাক্ষৰ বহন কৰি একেলগে নগৰৰ জয়াল ঘাটবোৰত পানী খাইছিল। এক নির্দিষ্ট নিয়মেৰে এই ৰাজধানীৰ একো বস্তুৱেই পৰিচালিত নহৈছিল। সেইবাবে ইয়াক ওলট্-পালট্ দেশ বুলি কোৱা হৈছিল। এইবোৰ দৃশ্য দেখি বিদেশীৰ চক্ৰ স্থিৰ হৈ পৰিছিল আৰু স্বদেশীসকলৰ শিৰ উচ্চ হৈছিল।

১০। কবিতাটিত কোৱা মতে সেনাবিলাকে দা-বঠা নোহোৱাকৈ কৰা কাম কি কি?
উঃ— কবিতাটিত কোৱামতে সেনাবিলাকে সকলোৱে মিলি গড়গাঁৱত গড় বান্ধে, মাটি খান্দে আৰু বৰনাও চলায়। ইয়াৰ বাবে তেওঁলোকক দা, ব’ঠা আদি কোনো অস্ত্র-শস্ত্ৰৰ প্ৰয়োজন নাই। তেওঁলোকে বঠা নোহোৱাকৈ কেৱল হাতেৰে ব’ঠা মাৰিব পাৰে আৰু দা নোহোৱাকৈ দাঁতেৰে অস্ত্ৰৰ কাম কৰিব পাৰে। কবিৰ কল্পনাৰ গড়গাঁৱত এনেধৰণৰ সেনাবাহিনীয়ে ৰাজধানী ৰক্ষা কৰে।

গড়গাঁও Class 7 Question Answer

১১। ভাব বহলাই লিখা :

বাঘ গৰু হালে হালে, একে ঘাটে পানী খালে,
নগৰৰ দেও-লগা ঘাটে;
উঃ— উক্ত কবিতাফাকিৰ দ্বাৰা কবি বিনন্দচন্দ্ৰ বৰুৱাই গড়গাঁও নগৰৰ জীৱ-জন্তুবোৰৰ মিলাপ্ৰীতিৰ কথা বৰ্ণনা কৰিছে। কবিৰ কল্পনাৰ গড়গাঁওত এক নিৰ্দিষ্ট নিয়মেৰে কোনো বস্তুৱেই পৰিচালিত নহয় । এই বৈচিত্র্যময় দেশত বাঘ-গৰু আদি জন্তুৱে মিলাপ্ৰীতিৰ স্বাক্ষৰ বহন কৰি নগৰৰ জয়াল ঘাটবোৰত একেলগে পানী খায়।

১২। বাক্য ৰচনা কৰা :
ওলট-পালট, হাটে-বাটে, কাপুৰুষ, ভটীয়নী, শাওঁ, বিচূৰ্তি, কোঢ়াল।
উঃ—  ওলট-পালট—মোগল সেনাপতি মিৰজুমলাই অসম আক্ৰমণ কৰি সকলো ওলট-পালট কৰি থৈ গৈছিল।
হাটে-বাটে— বর্তমান অসমৰ হাটে-বাটে বিদেশী বস্তুৰে ভৰি পৰিছে।
কাপুৰুষ – কাপুৰুষসকলে বিপদৰ সময়ত পলায়নবাদী মনোভাৱ গ্ৰহণ কৰে।
ভটীয়নী—নাওখন ভটীয়নী সোঁতত আগবাঢ়ি গৈ আছে।
শাওঁ—বানপানীৰ পাছত শাওঁপৰা ৰোগত বহুৰোগ আক্রান্ত হয়।
বিচূৰ্তি —বহুদিনৰ মূৰত ঘৰলৈ ঘূৰি আহি ঘৰৰ দূৰৱস্থা দেখি সি বিচূৰ্তি খাইছে।
কোঢ়াল—জনসাধাৰণৰ কোঢ়ালত কাৰো মাত কোনেও নুশুনা হৈছে।

লগতে পঢ়ক:   নোকোৱাৰ পৰিণাম উত্তৰ (Class 7) অসমীয়া সপ্তম শ্ৰেণীৰ পাঠ 6

১৩। তলৰ শব্দবোৰৰ অৰ্থ লিখা—
জাত, জাত-পাত, জাত-মাৰ, জাত-কৰ্ম, জাত-কাঁহী।
বাট, বাট-চ’ৰা, বাট-চা, বাট-মাৰ, বাটকুৰি বা
দেও, দেওধনি, দেওধা, দেওবাৰ, দেওলগা, দেওবৰীয়া।
নাও, মাৰ-নাও, বৰ-নাও, খেল-নাও, পাল-নাও, হোলোং নাও।

উঃ— জাত – বংশ, কূল, বর্ণ, শ্রেণী।
জাত-পাত – বংশ গোষ্ঠী, বাচ-বিচাৰ ।
জাত-মাৰ – নিজ বংশৰ পৰিচয় নোহোৱা।
জাত-কর্ম – সন্তান ওপজিলে পালন কৰা সংস্কাৰ।
জাত-কাঁহী – এবিধ ডাঙৰ কাঁহী।
বাট – আলি, পথ, উপায়, পন্থা।
বাট-চ’ৰা – ঘৰৰ প্ৰৱেশ-দ্বাৰৰ সমুখত সজোৱা ধুনীয়া কোঠা।
বাট-চা – অপেক্ষা কৰ্।
বাট-মাৰ – অহা-যোৱাৰ সু-সম্পর্ক নষ্ট কৰ্।
বাটকুৰি বা – বৰকৈ অহা যোৱা কৰ্; বহু দূৰ ভ্ৰমণ কৰ।
দেও – অপদেৱতা, ভূত, দেৱতা।
দেওধনি –  দেৱতাই ধৰা তিৰোতা।
দেওধা – আহোমসকলৰ পুৰোহিত।
দেওবাৰ – ৰবিবাৰ।
দেওলগা – ভূতে লম্বা।
দেওবৰীয়া – দেওবাৰে হোৱা বা ওপজা।
নাও – নৌকা।
মাৰ-নাও – জুঁটি লোৱা যোৰ নাও।
বৰ-নাও – এবিধ ডাঙৰ নাও।
খেল-নাও – প্রতিযোগী নাও, পানীত খেল দেখুওৱা নাও।
পাল-নাও – বতাহৰ শক্তিৰে চলিবলৈ নাৱত ওখকৈ বহলাই আঁৰি দিয়া কাপোৰ।
হোলোং নাও – এডাল গা-গছ খুলি তৈয়াৰ কৰা নাও।

১৪। ‘নোহোৱা’ অৰ্থ প্ৰকাশ হোৱাকৈ শব্দ গঠন কৰা।
উদাহৰণ : ইচ্ছা—অনিচ্ছা, অনুকূল—প্রতিকূল।
বাট, স্বাধীন, লাজ, সংযত, আদৰ, ৰস, আদি, শান্ত।
উঃ—  বাট – অবাট
স্বাধীন – পৰাধীন
লাজ – নিলাজ
সংযত – অসংযত
আদৰ – অনাদৰ
ৰস – নিৰস
আদি – অনাদি
শান্ত – অশান্ত

গড়গাঁও Class 7 Question Answer

১৫। অৰ্থ-প্ৰকাশ হোৱাকৈ বাক্য সাজা :
গাঁও, গাওঁ, গড়, গড়, হাট, হাত, লক্ষ্য, লক্ষ, পাণি, পানী, গাঁথা, গাথা।
উঃ— গাঁও (নগৰৰ বাহিৰৰ মানুহৰ বসতি স্থল)—বর্তমান লোকসকল গাঁও অঞ্চলৰপৰা চহৰমুখী হৈছে।
গাওঁ (গীত গোৱা কাৰ্য) – আমি সমস্বৰে এবাৰ গীত গাওঁ।

গঁড় (এবিধ জন্তু)—এশিঙীয়া গঁড়ৰ বাবে অসম জগত বিখ্যাত।
গড় (কোঠ, মাটিৰ ডাঙৰ ঢাপ) — মোগল সৈন্যক বাধা দিবৰ বাবে লাচিত বৰফুকনে শৰাইঘাটত এটা গড় বান্ধিছিল।

হাট (বজাৰ)—দেওবৰীয়া হাটত বেপাৰীবোৰে বহুত বস্তু বেচিবলৈ আনে।
হাত (শৰীৰৰ এবিধ অঙ্গ)—আমি হাতেৰে কাম কৰোঁ।

লক্ষ্য (নজৰ, উদ্দেশ্য )—প্ৰতিজন ব্যক্তিৰে জীৱনত একোটা লক্ষ্য থকা উচিত।
লক্ষ (লাখ)–বানপানীৰ পিছত লক্ষাধিক লোক বিভিন্ন ৰোগত আক্ৰান্ত হৈছিল।

পাণি (হাত)—হাতত বীণা লৈ থাকে বাবে সৰস্বতীক বীনাপাণি বুলিও কোৱা হয়।
পানী (জল, জীৱন) —পানী জীৱৰ প্ৰাণস্বৰূপ।

গাঁথা (বান্ধ, জোৰা দিয়া)—বকুল ফুলেৰে গাঁথা মালাডাল বৰ সুন্দৰ হৈছে।
গাথা (কবিতা, সৰু কবিতা, গীতি কবিতা)—কবিগৰাকীয়ে বহুতো গাথা, মালিতা আদি ৰচনা কৰি থৈ গৈছে।

গড়গাঁও Class 7 Question Answer

১৬ । তলৰ শব্দবোৰ খটুৱাই একোটাকৈ অৰ্থপ্ৰকাশ কৰা।
বাট (আলি), বাত (বতাহ), বাত (এবিধ মাছ), বাট্ (ভেজা, পকোৱা)
ঘাঁট (লৰা, মথ), ঘাট (নৈ বা পুখুৰীৰ ঘাট), ঘাট্ (কম্ হ’টুট্‌), (আঘাত)
ডাব (কুমলীয়া নাৰিকল), ডাব (কটাৰী মোকোটাই সুমাই ৰখা নাল)।
উঃ— বাট (আলি) — আমি এই বাটেদি স্কুললৈ যাওঁ ৷
বাত (বতাহ) – বাত বৃষ্টি নোহোৱাকৈ গছজোপা উঘালি পৰাটো সম্ভৱ নহয়।

বাত (এবিধ মাছ) – আজি-কালি বাত মাছ পাবলৈ নোহোৱা হৈছে।
বাট্‌ (ভগাই দি)—আমি সকলো বস্তু বাটি খাব লাগে।
বাট্ (পকোৱা, গুৰি কৰা)—আফুগুটি পটাত বাটিলে পানী হয়।

ঘাঁট (লৰা, মথ)—গোপ নাৰীসকলে মথনি মাৰিৰে দৈ ঘাঁটি তাৰপৰা মাখন উলিয়াইছিল।
ঘাট (নৈ বা পুখুৰীৰ ঘাট)—নৈৰ ঘাটত মুদৈৱে বেপাৰ কৰে।
ঘাট্ (কম হ, টুট)—এইবাৰ সংসদত ঘাটি বাজেট উত্থাপন হ’ল।
ঘাত (আঘাত)—দুৰ্ঘটনাৰ ফলত ঘাত-প্রতিঘাতেৰে জৰ্জৰিত হোৱা লোকসকলক চিকিৎসালয়ত ভৰ্তি কৰা হৈছে।

ডাব (কুমলীয়া নাৰিকল)—ডাবৰ পানী শৰীৰৰ বাবে উপকাৰী।
ডাব (কটাৰী মোকোটাই সুমাই ৰখা নাল)—গড়গঞা কটাৰীৰ ডাবেও এসময়ত নিজৰ পৰাক্ৰম দেখুৱাব পাৰিছিল।

১। কবিতাটো শুদ্ধ উচ্চাৰণেৰে পঢ়া।
উঃ- (তোমালোকে পঢ়া)।

২। ছন্দ, লয় ৰক্ষা কৰি কবিতাটো আবৃত্তি কৰা।
উঃ― (তোমালোকে আবৃত্তি কৰা)

৩। তলৰ দফাটো শুদ্ধ উচ্চাৰণেৰে পঢ়া।
ধোদৰ আলি – আহোম স্বৰ্গদেউ গদাধৰ সিংহৰ নিৰ্দেশত নিৰ্মিত এটা আলি। এই আলিটো বর্তমানেও আছে। আলিটোৰ এমূৰে আছে বৰ্তমানৰ ডিব্ৰুগড় জিলাৰ নামৰূপ আৰু আনটো মূৰে আছে বৰ্তমানৰ গোলাঘাট জিলাৰ কমাৰবন্ধা। আলিটো দীঘলে প্রায় ২১০ কিলোমিটাৰ। এই আলিটো স্বৰ্গদেৱে কাম-কাজ নকৰি শুই বহি থকা এচাম ধোদক বাধ্যতামূলকভাৱে নিয়োগ কৰি নিৰ্মাণ কৰাইছিল। সেয়েহে সেই আলিটোৰ নাম ধোদৰ আলি।
উঃ- (তোমালোকে শুদ্ধ উচ্চাৰণেৰে পঢ়া।)

প্রশ্ন: মাৰ-নাও বুলিলে কি বুজা?

উঃ- মাৰ নাও হৈছে জুটি লোৱা যোৰ নাও।

প্রশ্ন: গড়গাঁও কবিতাটিৰ ৰচকজনক কি কবি বুলি জনা যায়?

উঃ— গড়গাঁও কবিতাটিৰ ৰচকজনক ধ্বনিকবি বুলি জনা যায়।

প্রশ্ন: কবিতাটোত বর্ণনা কৰা মতে ৰজাৰ আদেশত হোৱা কেইটামান কামৰ উল্লেখ কৰা।

উঃ– কবিতাটোত বর্ণনা কৰা মতে ৰজাৰ আদেশত হোৱা কেইটামান কাম হৈছে ৰাজ আদেশ পোৱা মাত্রেই গড়গাঁৱৰ কৰ্মঠ লোকসকলে দিন-ৰাতি, মাটি-পানী আদিলৈ ভ্ৰক্ষেপ নকৰি বিলত নগৰ বান্ধে আৰু নগৰত নৈ বোৱায়। ধোদসকলে গড়গাঁৱত ৰাজআলি বন্ধাৰ দৰে কঠিন কাম কৰে।

প্রশ্ন: ওলট্-পালট্ দেশ’ বুলি কাৰ কথা কৈছে?

উঃ— ওলট্-পালট্ দেশ বুলি গড়গাঁৱৰ কথা কৈছে। এক নিৰ্দিষ্ট নিয়মেৰে এই ৰাজধানীৰ কোনো বস্তুৱেই পৰিচালিত নহয়।

প্রশ্ন: কটাৰীৰো ডাবে তাৰ কাটে’ – কি কৈছে লিখা।

উঃ– আহোম ৰাজ্যৰ ৰাজধানী গড়গাঁও অতি প্রতাপশালী নগৰ আছিল। ইয়াত কটাৰীৰ ডাব অৰ্থাৎ নালেও নিজৰ পৰাক্ৰম দেখুৱাব খুজিছিল।

Leave a Comment