বিশ্বায়ন Class 12 গুৰুত্বপূৰ্ণ প্ৰশ্নোত্তৰ ৰাজনীতি বিজ্ঞান

বিশ্বায়ন  Class 12 Political Science Chapter 9 question Answer In Assamese Medium দ্বাদশ শ্ৰেণী ৰাজনীতি বিজ্ঞান অধ্যায় 9

বিষয়  ৰাজনীতি বিজ্ঞান
পাঠৰ নাম বিশ্বায়ন
উপলব্ধ গুৰুত্বপূৰ্ণ প্ৰশ্নোত্তৰ
শ্ৰেণী  দ্বাদশ শ্ৰেণী
পাঠৰ নং অধ্যায় 9
পাঠ্যক্ৰম  অসম মাধ্যমিক শিক্ষা পৰিষদৰ (AHSEC)

বিশ্বায়ন Class 12

প্র : বিশ্বায়নৰ সপক্ষে আৰু বিপক্ষে দুটাকৈ যুক্তি দাঙি ধৰা।
উ : সপক্ষে : (১) বিশ্বায়নৰ ফলত বিশ্বৰ বিভিন্ন প্ৰান্তৰ সাধাৰণ মানুহ, ব্যৱসায়-বাণিজ্য আৰু চৰকাৰৰ মাজত পাৰস্পৰিক নিৰ্ভৰশীলতা বৃদ্ধি পাইছে। (২) প্রযুক্তিবিদ্যাৰ উন্নয়ন হোৱাৰ লগে লগে টেলিভিশ্বন, ম’বাইল আদিয়ে বিশ্বখনক সৰু কৰি তুলিছে।

বিপক্ষে— (১) বিশ্বায়নৰ সমালোচকসকলৰ মতে ই বিশ্ব পুঁজি বাদক প্রতিনিধিত্ব কৰে যিয়ে ধনীসকলক বেছি ধনী আৰু দুখীয়াসকলক বেছি দুখীয়া কৰে।
(২) বিশ্বায়নৰ ফলত সংস্কৃতিৰ ক্ষেত্ৰতো ভাবুকি আহিছে। বিশ্বায়নৰ কেতবোৰ আপসংস্কৃতিয়ে পৃথিৱীৰ বিভিন্ন অঞ্চলৰ খাদ্যাভাস, ৰুচি, স্থানীয় ভাষা আদিৰ অৱনতি ঘটাইছে। যাৰ ফলত নিজৰ সংস্কৃতি বাদ দি পাশ্চাত্যৰ প্ৰভাৱৰ প্ৰতিহে মানুহ আকৰ্ষিত হৈছে।

প্র : WTOৰ সম্পূৰ্ণ ৰূপটো কি?
উ: World Trade Organisation.

প্র : বিশ্বায়ন প্ৰক্ৰিয়াৰ লগত জড়িত দুটা সংগঠনৰ নাম লিখা।
উঃ (১) আন্তর্জাতিক মুদ্রা নিধি (২) বিশ্ব বাণিজ্য সংস্থা।

প্র : ভাৰতবৰ্ষই কেতিয়া নতুন অর্থনৈতিক নীতি গ্রহণ কৰে?
উঃ ১৯৯১ চনত।

প্র : বিশ্বায়নৰ দুটা কাৰণ উল্লেখ কৰা।
উ: উন্নত প্রযুক্তি যেনে— টেলিফোন, টেলিগ্রাফ, ইণ্টাৰনেট আদি নতুন নতুন কৌশলৰ আৱিষ্কাৰৰ ফলত যাতায়াত আৰু যোগাযোগৰ প্রভূত উন্নয়ন হৈ বৈপ্লৱিক পৰিৱৰ্তনেই হৈছে বিশ্বায়নৰ এটা প্ৰধান কাৰণ।
দ্বিতীয়তে, পৃথিৱীৰ এখন দেশৰ পৰা আন এখন দেশলৈ পুঁজি, বস্তু-বাহানি আৰু মানুহৰ প্ৰবাহ তৰান্বিত হোৱাটো বিশ্বায়নৰ অন্যতম কাৰণ।

প্র : ভাৰতৰ নতুন অর্থনৈতিক নীতিৰ দুটা প্ৰধান বৈশিষ্ট্য লিখা।
উ : ভাৰতৰ নতুন অর্থনৈতিক নীতিৰ দুটা প্রধান বৈশিষ্ট্য
(i) উদাৰীকৰণ : নতুন অর্থনৈতিক নীতিয়ে ভাৰতত ৰাষ্ট্ৰৰ অপ্ৰয়োজনীয় নিয়ন্ত্ৰণৰ পৰা অৰ্থনীতি মুক্ত হোৱাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিছে।
(ii) আধুনিকীকৰণ : নতুন অর্থনৈতিক নীতিয়ে উৎপাদন ব্যৱস্থাত নতুন কাৰিকৰী কৌশল গ্ৰহণ কৰাৰ ওপৰত গুৰুত্ব দিছে।

বিশ্বায়ন Class 12

খালী ঠাই পূৰ কৰাঃ
প্র : বিশ্বয়ানৰ এক অন্যতম গুৰুত্বপূৰ্ণ কাৰক হ’ল প্ৰযুক্তি বিদ্যা ।

প্র : বিশ্বায়নৰ তিনিটা প্রধান দিশ কি?
উঃ (১) অর্থনৈতিক (২) ৰাজনৈতিক আৰু (৩) সাংস্কৃতিক দিশ।

লগতে পঢ়ক:   আন্তঃৰাষ্ট্ৰীয় ৰাজনীতিত যুক্তৰাষ্ট্ৰৰ আধিপত্য Class 12 ৰাজনীতি বিজ্ঞান অধ্যায় 3

প্র : বিশ্বায়নৰ সমালোচকসকলৰ এটা মত লিখা।
উঃ সমসাময়িক বিশ্বায়নে এটা বিশেষ সময়ৰ বিশ্ব পুঁজিবাদক প্রতিনিধিত্ব কৰে যিয়ে ধনীসকলক বেছি ধনী আৰু দুখীয়াসকলক বেছি দুখীয়া কৰে।

প্র : বিশ্বায়নৰ এটা ইতিবাচক দিশ লিখা।
উঃ বিশ্বায়নৰ ফলত সমগ্র বিশ্বত সমৰূপী অর্থনৈতিক ব্যৱস্থা সম্ভৱ হোৱাৰ সম্ভাৱনা থাকে।

প্ৰঃ বিশ্বায়নৰ এটা নেতিবাচক দিশ লিখা।

উঃ বিশ্বায়নৰ ফলত বহুত কৃষকে জীৱিকাৰ পথ হেৰুৱাই আত্মহননৰ পথ বাছি লয়।

প্র : বহুজাতিক নিগম বুলিলে কি বুজা?
উঃ যিবোৰ সংগঠন বা সংস্থাই নিজৰ উৎপাদিত বস্তু সেৱা আদিক এখন দেশত কেন্দ্রীভূত নকৰাকৈ বিশ্বৰ বিভিন্ন দেশত বিয়পাই দিয়ে তেনে সংগঠনসমূহক বহুজাতিক নিগম বোলে।

প্র : অর্থনৈতিক গোলকীকৰণে কি বুজায়?
উ: অর্থনৈতিক গোলকীকৰণে বিশ্বৰ এটা অঞ্চলৰ পৰা আন এটা অঞ্চললৈ অর্থনৈতিক বস্তু যেনে– কাৰিকৰী কৌশল, মূলধন, বস্তু-সামগ্ৰী আদিৰ আদান-প্রদানক বুজায়।

প্র : বিশ্বায়নৰ প্ৰভাৱ সকলো ঠাইতে একে নে?
উঃ বিশ্বায়নৰ প্ৰভাৱ সকলো ঠাইতে একে নহয়। বিশ্বায়নৰ একে ধৰণৰ নীতিয়ে সকলো ঠাইতে একে প্রভাব নেপেলায়। বিশ্বায়নে পৃথিৱীৰ বিভিন্ন প্ৰান্তৰ চৰকাৰসমূহে গ্ৰহণ কৰা একে ধৰণৰ অৰ্থনৈতিক নীতি মানি চলে যদিও এইটোৱে পৃথিৱীৰ বিভিন্ন প্রান্তত বিস্তৃতভাৱে বিভিন্ন ফলাফলৰ সৃষ্টি কৰে।

বিশ্বায়ন Class 12 Question Answer

প্র : বিশ্বায়নৰ বৈশিষ্ট্যসমূহ উল্লেখ কৰা।
উঃ (১) বিশ্বায়ন হৈছে মূলতঃ এক আর্থিক প্রক্রিয়া। বিশ্বায়নৰ লগত আর্থিক কথা-বতৰাৰ সম্পৰ্ক আটাইতকৈ বেছি।
(২) বিশ্বায়ন প্রক্রিয়াটোত বহুজাতিক প্রতিষ্ঠান, উদ্যোগপতি আদি জড়িত থাকে আৰু IMF, World Bank, WTO আদিৰ নিয়ন্ত্ৰণ আৰু পৰিচালনাত ই সংঘটিত হয়।
(৩) বিশ্বায়ন অর্থনৈতিক উদাৰীকৰণৰ লগত জড়িত। ই মুক্ত আৰু প্ৰতিযোগিতামূলক অৰ্থনীতিৰ পোষকতা কৰে।
(৪) বিশ্বায়ন পৰম্পৰাগত সামাজিক ন্যায়ৰ ধাৰণাৰ লগত জড়িত নহয়। (৫) বিশ্বায়নৰ লগত ব্যক্তিগতকৰণৰ ঘনিষ্ঠ সম্পর্ক আছে।
(৬) বিশ্বায়ন সাংস্কৃতিক আৰু ৰাজনৈতিক দিশৰ লগতো জড়িত।

প্ৰ : বিশ্বায়নৰ বিষয়ে টোকা লিখা ।
উঃ বিশ্বায়ন বুলিলে বিভিন্ন ৰাষ্ট্ৰ আৰু বিভিন্ন অঞ্চলৰ জনসাধাৰণৰ মাজত বিশেষকৈ সামাজিক, অর্থনৈতিক আদি দিশত পৰস্পৰ নির্ভৰশীলতাকে বুজায়। বিশ্বায়ন এটা বহুমুখী ধাৰণা, ইয়াৰ ৰাজনৈতিক, অর্থনৈতিক আৰু সাংস্কৃতিক অভিব্যক্তি আছে। বিশ্বয়নে সাধাৰণতে অর্থনৈতিক কার্যাবলীসমূহ যেনে- ব্যবসায়, মূলধনৰ চলনশীলতা, সামগ্রী উৎপাদন আৰু বিতৰণ তথ্য যোগাযোগ ব্যৱস্থাৰ মাধ্যমেদি ৰাষ্ট্ৰসমূহৰ মাজত পৰস্পৰ নিৰ্ভৰশীলতা আৰু বাণিজ্যিক ঘনিষ্ঠতা বৃদ্ধিকে বুজায়। বিশ্বায়নে ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় ক্ষেত্রত, আর্থ-সামাজিক দিশবোৰত অর্থনৈতিক ব্যৱস্থাটোৰ আটাইতকৈ বেছি প্ৰভাৱ থকা বুলি বিশ্বাস কৰে। বিশ্বায়ন এখন ঠাইৰ পৰা অন্য এখন ঠাইলৈ, এখন ৰাষ্ট্ৰৰ পৰা অন্য এখন ৰাষ্ট্ৰলৈ হব পাৰে । বিশ্বায়ন ফলত বিশ্বৰ বিভিন্ন প্ৰান্তৰ সাধাৰণ মানুহ, ব্যৱসায়-বাণিজ্য আৰু চৰকাৰৰ মাজত পাৰস্পৰিক নিৰ্ভৰশীলতা আৰু সংহতি বৃদ্ধি কৰে।

লগতে পঢ়ক:   পৰিকল্পিত বিকাশৰ ৰাজনীতি গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰ HS 2nd Year

বিশ্বায়ন Class 12

প্র : বিশ্বায়নৰ ৰাজনৈতিক, অর্থনৈতিক আৰু সাংস্কৃতিক প্রভাৱসমূহ কি কি? আলোচনা কৰা। 
উঃ ৰাজনৈতিক ফলশ্রুতি : (১) বিশ্বায়নে দেশবোৰৰ সার্বভৌমত্বক সীমিত কৰিছে। কিয়নো, বিশ্বায়নে ৰাষ্ট্ৰৰ কার্যকলাপত বহুজাতিক নিগম, ব্যবসায়িক প্রতিষ্ঠান আদিৰ প্রভুত্ব বৃদ্ধি কৰে।

(২) বিশ্বায়নে ৰাষ্ট্ৰ ব্যৱস্থাত প্রযুক্তিবিদ্যা আৰু যোগাযোগৰ গুৰুত্ব বৃদ্ধি কৰিছে। যাৰ ফলত, স্বাধীন ৰাষ্ট্ৰবিলাকৰ মাজত সহযোগিতামূলক চৰকাৰ আৰু প্ৰশাসন গঢ়ি উঠাত সহায় হৈছে।

(৩) কোনো এটা ৰাষ্ট্ৰীয় সমস্যাই বিশ্বায়নৰ প্ৰভাৱৰ ফলত অতি সোনকালে আন্তঃৰাষ্ট্ৰীয় গুৰুত্ব লাভ কৰে।

অর্থনৈতিক ফলশ্রুতি : বিশ্বায়ন মূলতঃ এক আর্থিক প্রক্রিয়া। বিশ্বায়নে পৃথিৱীৰ দেশবোৰৰ মাজত অর্থনৈতিক সহযোগিতা আৰু সমন্বয়ৰ সৃষ্টি কৰিছে।
(২) বিশ্বায়নৰ লগত পোনপটীয়াকৈ বিশ্ববেংক, আন্তর্জাতিক মুদ্রানিধি আৰু বিশ্ব-বাণিজ্য সংস্থাৰ প্ৰত্যক্ষ সম্পর্ক আছে। (৩) বিশ্বায়নৰ ফলত দেশবোৰৰ মাজত মূলধনৰ গতিশীলতা, বিনিয়োগ আৰু বিতৰণ বৃদ্ধি পাইছে।

সাংস্কৃতিক ফলশ্রুতি : বিশ্বায়নৰ ফলত দেশসমূহৰ সাংস্কৃতিক দিশবোৰৰ আদান-প্রদান হৈছে, যিয়ে এক সহনশীলতাৰ সৃষ্টি কৰিছে। (২) সাংস্কৃতিক বিশ্বায়নৰ ফলত প্রত্যেক দেশেই নিজৰ স্বকীয় অস্তিত্ব বিশ্বৰ দৰবাৰত দাঙি ধৰিবলৈ সক্ষম হৈছে। যাক আমি সাংস্কৃতিক বহুত্বতা বুলি কওঁ। (৩) বিশ্বায়নৰ সাংস্কৃতিক ক্ষেত্রত ঋণাত্মক প্রভাৱো আছে। বিশ্বায়নৰ কেতবোৰ অপসংস্কৃতিয়ে পৃথিৱীৰ বিভিন্ন অঞ্চলত খাদ্যাভাস, ৰুচি, স্থানীয় ভাষা আদিৰ অৱনতি ঘটাইছে।

প্র : ভাৰতবৰ্ষত বিশ্বায়নলৈ অহা প্রতিবন্ধক লিখা।
উ : বিশ্ব সামাজিক ফ’ৰাম (WSF) World Social Forum আন এখন বিশ্বমঞ্চ, যিয়ে মানৱ অধিকাৰ কৰ্মীসকল, পৰিৱেশবিদসকল, শ্রমিক, ডেকা আৰু মহিলা কর্মীসকলক একেলগ কৰি আৰু ই নতুন উদ্বাৰনৈতিক বিশ্বায়নৰ বিৰোধিতা কৰে। ভাৰতবৰ্ষত বিশ্বায়নলৈ প্রতিবন্ধক বিভিন্ন ক্ষেত্ৰৰ পৰা আহিছে।

(১) ঔদ্যোগিক শক্তিৰ ব্যৱসায় সংঘ আৰু যিবোৰে কৃষকৰ স্বাৰ্থক প্রতিনিধিত্ব কৰে সেইবোৰে বহুজাতিক নিগমবোৰ সোমোৱাৰ বিৰুদ্ধে প্রতিবাদ সংঘটিত কৰিছে।

(২) নিম গছৰ দৰে কিছুমান গছৰ কৃতিস্বত্ব আমেৰিকা আৰু ইউৰোপৰ ফার্মসমূহে লাভ কৰাৰো বহু পৰিমাণে বিৰোধিতা সৃষ্টি কৰিছে।

(৩) বিদেশী দূৰদৰ্শনৰ বিভিন্ন চেনেলৰ পর্যাপ্ততা যিয়ে কেৱল নেটৱৰ্কৰ সুবিধা দিয়ে। ভেলেনটাইন দিনৰ আনন্দোৎসৱ আৰু স্কুল-কলেজৰ ছোৱালী ছাত্ৰীৰ সাজ- পোছাকৰ পচন্দত পাশ্চাত্যতা।

বিশ্বায়ন Class 12

প্র : উন্নয়নশীল দেশবিলাকত বিশ্বায়নৰ সামাজিক- সাংস্কৃতিক প্রভাৱ আলোচনা কৰা।
উ : উন্নয়নশীল দেশবোৰৰ ওপৰত বিশ্বায়নৰ প্ৰভাৱ আটাইতকৈ দৃঢ়। বিশ্বায়নে উন্নয়নশীল দেশৰ ৰাষ্ট্ৰৰ নিয়ন্ত্ৰিত আৰ্থিক ব্যৱস্থাক পৰিৱৰ্তন কৰি তাৰ ঠাইত প্রতিযোগিতামূলক আৰু মুক্ত আৰ্থিক ব্যৱস্থাৰ সূচনা কৰিছে। উন্নয়নশীল বা তৃতীয় বিশ্বৰ দেশসমূহৰ বিভিন্ন সামাজিক সমস্যা যেনে— দৰিদ্ৰতা, শিক্ষাহীনতা আদি সমস্যাৰে পৰিপূৰ্ণ। আন্তঃগাঁথনি উন্নয়নকে ধৰি অন্যান্য সমস্যাসমূহ সমাধানৰ বাবে আন্তঃৰাষ্ট্ৰীয় বিত্তীয় সংগঠনসমূহৰ সাহাৰ্যৰ প্ৰয়োজন। উন্নয়নশীল দেশসমূহৰ ব্যাপক জনসংখ্যা আৰু সীমিত সম্পদৰ বাবে এই দেশবোৰত আৰ্থিক সুস্থিৰতা স্থাপন কৰা সম্ভৱ নহয় যিয়ে, অন্যান্য সামাজিক/ ৰাজনৈতিক সমস্যাৰ সৃষ্টিত অৰিহণা যোগাইছে।

লগতে পঢ়ক:   পাৰিপাৰ্শ্বিকতা আৰু প্ৰাকৃতিক সম্পদ Class 12 গুৰুত্বপূৰ্ণ প্ৰশ্নোত্তৰ

তৃতীয় বিশ্বৰ দেশবোৰৰ সংস্কৃতিৰ ওপৰত বিশ্বায়নৰ প্ৰভাৱ লক্ষণীয়। এই দেশবোৰত সৃষ্টি হোৱা ধনী আৰু যুৱসমাজ পৰম্পৰাগত সংস্কৃতিৰ তুলনাত বিশ্বায়নে সৃষ্টি কৰা আধুনিক সংস্কৃতিৰ পৃষ্ঠপোষকতা কৰে। আনহাতে, থলুৱা ভাষাৰ পৰা আৰম্ভ কৰি খাদ্যভাসলৈ বিশ্বায়নৰ সুস্পষ্ট প্ৰভাৱ পৰিছে।

প্র : ভাৰতৰ ওপৰত বিশ্বায়নৰ প্ৰভাৱ আলোচনা কৰা।
উ : ১৯৯১ চনত অর্থনৈতিক সংস্কাৰ কাৰ্যসূচীৰ জৰিয়তে ভাৰতত আনুষ্ঠানিকভাৱে উদাৰীকৰণ, ব্যক্তিগতকৰণ আৰু গোলকীকৰণ (LPG) গ্ৰহণ কৰা হয়। ইয়াৰ ফলত বিদেশী বিনিয়োগ কাৰীসকলে সহজে ভাৰতলৈ মূলধন বিনিয়োগ কৰিব পৰা হয়। তাৰোপৰি, বহুজাতিক প্রতিষ্ঠানসমূহ আৰু বৃহৎ বৃহৎ বিদেশী পুঁজিপতি গোষ্ঠীয়ে ভাৰতত ব্যৱসায় সম্প্ৰসাৰণ কৰাৰ সুবিধা লাভ কৰে। দেশৰ ভিতৰত বিশ্বায়নৰ ফলস্বৰূপে উদ্যোগৰ পূৰ্বৰ ৰাজহুৱা প্ৰতিষ্ঠানসমূহৰ ব্যক্তিগতকৰণৰ প্ৰক্ৰিয়া আৰম্ভ হোৱা দেখা যায়। আনহাতে, খুচুৰা, বেংকিং আদি অর্থনৈতিক খণ্ডসমূহতো ব্যক্তিগতকৰণৰ প্ৰক্ৰিয়া আৰম্ভ হয়।

অর্থাৎ, বিশ্বায়নে ভাৰতীয় অর্থনীতিৰ ওপৰত ৰাষ্ট্ৰৰ নিয়ন্ত্রণ কমাই আনিছে। বিশ্বায়নে ভাৰতত মুক্ত আৰু প্রতিযোগিতামূলক আর্থিক ব্যৱস্থাৰ সূচনা কৰিছিল। যিয়ে দেশীয় অর্থনীতিৰ কিছু পৰিমাণে উন্নতি সাধন কৰিলেও বহুতো ক্ষেত্ৰত বিৰূপ প্ৰভাৱ পেলাইছে। বিশ্বায়নৰ প্ৰভাৱে দেশৰ অৰ্থনীতি ৰাষ্ট্ৰৰ নিয়ন্ত্ৰণৰ পৰা বিদেশী বহুজাতিক প্রতিষ্ঠান আৰু আন্তঃৰাষ্ট্ৰীয় বিত্তীয় সংস্থাসমূহৰ হাতত পুঞ্জীভূত কৰিছে। বিশ্বায়নৰ ফলস্বৰূপে ভাৰতৰ পূৰ্বৰ সামাজিক কল্যাণ আৰু দ্বায়বদ্ধতাৰ আদৰ্শ নোহোৱা কৰাৰ চেষ্টা কৰা হৈছে। মূল্যবৃদ্ধি অনিয়ন্ত্ৰিত ৰূপত দেখা গৈছে। ইয়াৰ ফলস্বৰূপে ৰাজনৈতিক ক্ষেত্ৰত বিদেশী পুঁজি আৰু ব্যক্তিগত খণ্ডৰ বিৰুদ্ধে দেশৰ বিভিন্ন অংশত আন্দোলন সংঘটিত হৈছে।

প্র : বিশ্বায়নৰ তিনিটা প্রধান দিশ কি?

উঃ (১) অর্থনৈতিক (২) ৰাজনৈতিক আৰু (৩) সাংস্কৃতিক দিশ।

প্ৰঃ বিশ্বায়নৰ এটা নেতিবাচক দিশ লিখা।

উঃ বিশ্বায়নৰ ফলত বহুত কৃষকে জীৱিকাৰ পথ হেৰুৱাই আত্মহননৰ পথ বাছি লয়।

প্র : বিশ্বায়নৰ এটা ইতিবাচক দিশ লিখা।

উঃ বিশ্বায়নৰ ফলত সমগ্র বিশ্বত সমৰূপী অর্থনৈতিক ব্যৱস্থা সম্ভৱ হোৱাৰ সম্ভাৱনা থাকে।

প্র : বিশ্বায়নৰ সমালোচকসকলৰ এটা মত লিখা।

উঃ সমসাময়িক বিশ্বায়নে এটা বিশেষ সময়ৰ বিশ্ব পুঁজিবাদক প্রতিনিধিত্ব কৰে যিয়ে ধনীসকলক বেছি ধনী আৰু দুখীয়াসকলক বেছি দুখীয়া কৰে।

Leave a Comment

Your email address will not be published. Required fields are marked *


Scroll to Top