সাম্প্রতিক বিশ্বত নিৰাপত্তা Class 12 গুৰুত্বপূৰ্ণ প্ৰশ্নোত্তৰ

সাম্প্রতিক বিশ্বত নিৰাপত্তা Class 12 Political Science Chapter 7 question Answer In Assamese Medium দ্বাদশ শ্ৰেণী ৰাজনীতি বিজ্ঞান অধ্যায় 7

বিষয়  ৰাজনীতি বিজ্ঞান
পাঠৰ নাম সাম্প্রতিক বিশ্বত নিৰাপত্তা
উপলব্ধ গুৰুত্বপূৰ্ণ প্ৰশ্নোত্তৰ
শ্ৰেণী  দ্বাদশ শ্ৰেণী
পাঠৰ নং অধ্যায় 7
পাঠ্যক্ৰম  অসম মাধ্যমিক শিক্ষা পৰিষদৰ (AHSEC)

সাম্প্রতিক বিশ্বত নিৰাপত্তা Class 12

প্র : মানৱ নিৰাপত্তাৰ প্ৰতি অহা যিকোনো নতুন ভাবুকি এটা লিখা।
উ : মানৱ নিৰাপত্তাৰ প্ৰতি অহা এটা নতুন ভাবুকি হ’ল— সন্ত্রাসবাদীসকলে কৰা বলপূর্বক বিমান অপহৰণ, জনসমাগম ঠাইত বোমা বিস্ফোৰণ

প্র : ৰাষ্ট্ৰসংঘৰ কোনটো সংস্থাই পাৰমাণৱিক প্রযুক্তিবিদ্যাৰ নিৰাপদ আৰু শান্তিপূর্ণ ব্যৱহাৰৰ দিশটো চোৱাচিতা কৰে?
উ : আন্তঃৰাষ্ট্ৰীয় পাৰমাণৱিক ইন্ধন এজেন্সিয়ে।

প্র : পৰম্পৰাগত নিৰাপত্তাৰ ধাৰণাটো কিহৰ লগত জড়িত?
উ : সামগ্রিকভাৱে পৰম্পৰাগত নিৰাপত্তাৰ ধাৰণাটো প্ৰধানকৈ সামৰিক শক্তি প্রয়োগ নাইবা সামৰিক শক্তি প্ৰয়োগৰ ভাবুকিৰ সৈতে জড়িত।

প্র : নিৰাপত্তা কি?
উ : যিকোনো ধৰণৰ ভাবুকিৰ পৰা মুক্তি হোৱা অৱস্থাকে নিৰাপত্তা বোলা হয়।

প্র : নিৰাপত্তাৰ ধাৰণাটোক কেইটা ভাগত ভগাব পাৰি?
উ : নিৰাপত্তাৰ ধাৰণাটো দুটা ভাগত বিভক্ত— (১) পৰম্পৰাগত ধাৰণা আৰু (২) অপৰম্পৰাগত ধাৰণা।

প্র : বিশ্বৰ বৰ্ধিত জনসংখ্যাৰ ৬খন দেশৰ নাম লিখা।
উ : (১) ভাৰত (২) চীন (৩) পাকিস্তান (৪) বাংলাদেশ (৫) নাইজেৰিয়া আৰু (৬) ইণ্ডোনেছিয়া।

প্র : সন্ত্রাসবাদৰ সৰ্বত্ৰ স্বীকৃত দুটা উদাহৰণ দিয়া।
উ : (১) বিমান অপহৰণ (২) ৰেলগাড়ী, ৰেষ্টোৰা, বজাৰ আদি জনসমাগমপূর্ণ ঠাইত বোমা বিস্ফোৰণ।

প্ৰঃ ৰাসায়নিক অস্ত্র নিষিদ্ধকৰণ চুক্তি কি?
উঃ ১৯৯২ চনত ৰাসায়নিক অস্ত্র নিষিদ্ধকৰণ চুক্তি হৈছিল। এই চুক্তিত ১৮১ খন ৰাষ্ট্ৰই সম্মতি জনাইছিল। এই চুক্তিয়ে জৈৱিক আৰু ৰাসায়নিক অস্ত্ৰৰ উৎপাদন আৰু আহৰণ নিষিদ্ধ কৰিছিল।

প্র : বিশ্বজনীন ভাবুকিৰ এটা উদাহৰণ দিয়া। 
উ : আন্তর্জাতিক সন্ত্রাসবাদ।

সাম্প্রতিক বিশ্বত নিৰাপত্তা Question Answer

প্র : মানৱ অধিকাৰণ ঘোষণা পত্ৰত উল্লেখিত পাঁচটা মানৱ অধিকাৰ উল্লেখ কৰা।
উ : (১) সার্বজনীন ঘোষণাই জাতি-ধর্ম, বর্ণ-ভাষা, লিংগ নির্বিশেষে সকলোকে মৌলিক অধিকাৰ দিয়াৰ কথা কৈছিল। জন্মগতভাৱে পোৱা এই অধিকাৰৰ পৰা কাকো বৈষম্য কৰিব নোৱাৰি।
(২) এই ঘোষণা অনুসৰি প্ৰত্যেক ব্যক্তিৰ জীৱন ধাৰণ স্বতন্ত্রতা আৰু ব্যক্তিগত সুৰক্ষাৰ অধিকাৰ থাকিব।
(৩) পৃথিৱীৰ সকলো ঠাইতে সকলো মানুহৰ আইনৰ চকুত সমান অধিকাৰ থাকিব।
(৪) এই ঘোষণা অনুসৰি কোনো ব্যক্তিক আইনৰ আগতীয়া অনুমতি অবিহনে গ্ৰেপ্তাৰ, শাস্তি প্রদান কৰিব নোৱাৰি।
(৫) পুৰুষ মহিলা উভয়কে এই ঘোষণা পত্রই সমান মজুৰি তথা সন্মান প্ৰদান কৰিছে।

প্র : বিশ্ব দৰিদ্ৰতা কি?
উ: মানৱ নিৰাপত্তাৰ প্ৰতি থকা ভাবুকিসমূহৰ ভিতৰত অন্যতম হৈছে বিশ্ব দৰিদ্ৰতা ই মানৱ জীৱনৰ নিৰাপত্তাহীনতাৰ এক প্ৰধান কাৰণ। ৰাষ্ট্ৰ এখনত যেতিয়া জনসংখ্যা অনুপাতে পর্যাপ্ত কর্মসংস্থাপনৰ সুবিধা নাথাকে, তেতিয়া সাধাৰণতে জনসাধাৰণ দৰিদ্ৰতাত ভোগে। দৰিদ্ৰতাৰ ফলত জনসাধাৰণৰ নিৰাপত্তাৰ ওপৰত নেতিবাচক প্রভাৱ পৰে। ইয়াৰ ফলত জনসাধাৰণৰ, খাদ্য, বস্তু, শিক্ষা, স্বাস্থ্যৰ উপযুক্ত সেৱা আদি সকলো দিশত বঞ্চিত হ’বলগীয়া হয়। জনসংখ্যাৰ দ্রুত বৃদ্ধিয়ে বিশ্ব দৰিদ্ৰতা বৃদ্ধিত যথেষ্ট বৰঙনি যোগাইছে। তাৰোপৰি, আফ্রিকা, লেটিন আমেৰিকা আৰু এছিয়াৰ দৰে তুলনামূলকভাৱে পিছপৰা মহাদেশকেইখনৰ জনসংখ্যাৰ ভয়াবহ বৃদ্ধিয়ে কর্মসংস্থাপনহীনতা, নিৰক্ষৰতা আদিৰ জৰিয়তে দৰিদ্ৰতাই সমস্যাক ভয়াবহ কৰি তুলিছে। আনহাতে, বিশ্বৰ দৰিদ্ৰতা এক সার্বজনীন সমস্যা আৰু এই সমস্যাটো মূলতঃ অনুন্নত আৰু উন্নয়নশীল দেশবিলাকৰ মাজত সীমাবদ্ধ। তদুপৰি দৰিদ্ৰতাই মানৱ জীৱনৰ প্ৰতি অন্যান্য আনুষংগিক সমস্যা তথা ভাবুকিৰো সৃষ্টি কৰিছে।

লগতে পঢ়ক:   আন্তর্জাতিক সংগঠন Class 12 (গুৰুত্বপূৰ্ণ প্ৰশ্নোত্তৰ) ৰাজনীতি বিজ্ঞান

প্র : প্ৰৱজনকাৰী আৰু শৰণাৰ্থীৰ মাজত থকা পার্থক্য লিখা।
উ : বর্তমান সময়ত শৰণাৰ্থী আৰু প্ৰৱজনৰ সমস্যা এক বিশ্বজনীন সমস্যা। দক্ষিণৰ দুখীয়া দেশসমূহৰ পৰা উত্তৰৰ ধনী দেশবোৰলৈ দৈনিক প্রব্রজন ঘটি আছে। তলত শৰণাৰ্থী আৰু প্ৰব্ৰজনকাৰীৰ মাজত থকা পার্থক্য উল্লেখ কৰা হ’ল-
(১) কোনো এটা বিশেষ ৰাজনৈতিক বা সামাজিক সমস্যাক কেন্দ্ৰ কৰি শৰণাৰ্থী সমস্যাৰ সৃষ্টি হ’ব পাৰে। আনহাতে, প্ৰব্ৰজনৰ তেনেকুৱা কোনো বিশেষ কাৰণ নাই।
(২) শৰণাৰ্থীৰ সমস্যা বিভিন্ন সংঘাতক কেন্দ্ৰ কৰি হয়। আনহাতে, প্ৰৱজন মূলতঃ উন্নত আৰু নিৰাপদ জীৱনৰ সন্ধানত হোৱা দেখা যায়।

(৩) প্ৰব্ৰজন সাধাৰণতে স্ব-ইচ্ছাৰে হোৱা দেখা যায়। আনহাতে, শৰণাৰ্থীৰ সমস্যা বাধ্যবাদকতাত পৰি হোৱা দেখা যায়।

(৪) শৰণাৰ্থী আৰু প্ৰব্ৰজনকাৰীক কেন্দ্ৰ কৰি আন্ত:ৰাষ্ট্ৰীয় নীতি নিয়মৰ পাৰ্থক্য আছে। প্ৰব্ৰজনকাৰীবোৰৰ গ্ৰহণ কৰিবলৈ দেশসমূহ বাধ্য নহয়। আনহাতে শৰণাৰ্থীসকলক মানৱীয় দৃষ্টি-ভংগীৰে ৰাষ্ট্ৰবোৰে গ্ৰহণ কৰিব লাগে।

(৫) শৰণার্থী সমস্যা মূলতঃ যুদ্ধ আৰু আভ্যন্তৰীণ অশান্তিৰ লগত জড়িত। আনহাতে, প্ৰৱজন মূলতঃ আৰ্থিক কাৰণৰ লগত জড়িত।

সাম্প্রতিক বিশ্বত নিৰাপত্তা Question Answer

প্রঃ মানৱীয় নিৰাপত্তা আৰু স্বাস্থ্যৰ মাজৰ সম্পর্ক কি? চমুকৈ আলোচনা কৰা ।
উঃ মানৱীয় নিৰাপত্তা হ’ল সৰ্বসাধাৰণ লোকৰ দৈনন্দিন জীৱনৰ বিধিগত অধিকাৰ। এই নিৰাপত্তাৰ নীতিয়ে মানুহক ৰোগ, অনাহাৰ, প্ৰাকৃতিক দুর্যোগ আদিৰ পৰা সুৰক্ষা দিয়ে। কিন্তু বর্তমান মানৱ নিৰাপত্তাই স্বাস্থ্যৰ ক্ষেত্ৰত নিৰাপত্তা প্রদান কৰিব পৰা নাই। বিগত সময়ছোৱাত কিছুমান ৰোগক লৈ মানুহ সন্ত্ৰস্ত হৈ পৰিছে। উদাহৰণস্বৰূপে— পক্ষী জ্বৰ অথবা খুৱাইন ফ্লু আদিয়ে বিশ্বৰ জনগণৰ জীৱনৰ নিৰাপত্তাৰ ক্ষেত্ৰত তাণ্ডৱৰ সৃষ্টি কৰিছে। এই ৰোগবোৰ এখন ৰাষ্ট্ৰৰ পৰা আন ৰাষ্ট্ৰলৈ সহজে বিয়পি পৰে। এনে ৰোগ আৰম্ভ হোৱা ৰাষ্ট্ৰলৈ বহিঃৰাষ্ট্ৰৰ মানুহে সাধাৰণতে ভ্ৰমণ নকৰে বা সেই ৰাষ্ট্ৰৰ পৰা অন্য দেশলৈ অহা লোকৰ স্বাস্থ্য পৰীক্ষা কৰা হয়।

একেদৰে এইড্‌ছ জাতীয় ৰোগো এবিধ মাৰাত্মক ৰোগ। 2003 চনত বিশ্বত প্রায় 4 কোটি লোক এই ৰোগত আক্ৰান্ত হৈছিল আৰু ইয়াৰে এক তৃতীয়াংশ ৰোগী আফ্ৰিকাত আছিল। 1990 চনৰ শেষৰফালে উত্তৰ আমেৰিকা আৰু আন ঔদ্যোগিক ৰাষ্ট্ৰসমূহে এইড্‌ছ প্ৰতিৰোধৰ কিছু ঔষধ নিৰ্মাণ কৰি উলিয়াইছে। কিন্তু এই ৰোগৰ চিকিৎসা ইমানেই ব্যয়বহুল যে আফ্ৰিকাৰ দৰে দৰিদ্ৰ দেশৰ জনসাধাৰণে এই ব্যয় বহন কৰা সম্ভৱ নহয়। এই দেশসমূহক এইড্‌ছ ৰোগে যথেষ্ট আর্থিক সংকটত পেলাইছে। বর্তমান এব’লা ভাইৰাছ, হাণ্টা ভাইৰাছ, হেপাটাইটিছ-চি আদি ৰোগ ওলাইছে। তদুপৰি পুৰণি যেনে— টিউবাৰকোলোচিচ, মেলেৰিয়া, ডেংগুজ্বৰ আদি ৰোগৰ প্ৰতিৰোধ ঔষধ বাহিৰ হৈছে যদিও ইয়াক চিকিৎসা কৰাটো সহজসাধ্য নহয়।

জীৱ-জন্তুৰ মাজত হোৱা মহামাৰী ৰোগ, পক্ষীজ্বৰ আদিয়েও দেশসমূহক আর্থিক দিশত যথেষ্ট ক্ষতি কৰিছে। এই সকলোবোৰ উদাহৰণে প্ৰমাণ কৰে যে পৰম্পৰাগত নিৰাপত্তাই বহু সময়ত ৰাষ্ট্ৰৰ নাগৰিকক নিৰাপত্তা প্ৰদান কৰিব নোৱাৰে। যিবোৰ সমস্যাই কোনো এখন দেশ বা অঞ্চলৰ অস্তিত্বৰ প্ৰতি ভাবুকিৰ সৃষ্টি কৰে, সেই সকলোবোৰ সমস্যাই নিৰাপত্তাৰ অন্তৰ্ভুক্ত হোৱা উচিত।

প্রঃ পৰম্পৰাগত নিৰাপত্তা আৰু অপৰম্পৰাগত নিৰাপত্তাৰ মাজত থকা পার্থক্য লিখা।
উ : (১) পৰম্পৰাগত নিৰাপত্তাই প্ৰধানকৈ ৰাষ্ট্ৰ নিৰাপত্তাক বুজায়৷ আনহাতে, অপৰম্পৰাগত নিৰাপত্তাই জনসাধাৰণৰ নিৰাপত্তাক বুজায়।
(২) পৰম্পৰাগত নিৰাপত্তাৰ ধাৰণাটোৱে শীতল যুদ্ধৰ আগলৈকে প্রাধান্য লাভ কৰিছিল। আনহাতে, অপৰম্পৰাগত নিৰাপত্তাই শীতল যুদ্ধৰ পিছতহে প্ৰাধান্য লাভ কৰিছিল।
(৩) পৰম্পৰাগত নিৰাপত্তাই ৰাষ্ট্ৰক যিকোনো ধৰণৰ সামৰিক ভাবুকিৰ পৰা সুৰক্ষা দিয়াত গুৰুত্ব আৰোপ কৰে। আনহাতে, অপৰম্পৰাগত নিৰাপত্তাই জনসাধাৰণৰ সামৰিক আৰু অনা-সামৰিক ভাবুকিৰ পৰা সুৰক্ষা দিয়া গুৰুত্ব দিয়ে।
(৪) পৰম্পৰাগত নিৰাপত্তাৰ মূল কেন্দ্ৰবিন্দু হ’ল ৰাষ্ট্ৰ। আনহাতে, অপৰম্পৰাগত নিৰাপত্তাৰ মূল কেন্দ্রবিন্দু জনসাধাৰণ।

লগতে পঢ়ক:   পাৰিপাৰ্শ্বিকতা আৰু প্ৰাকৃতিক সম্পদ Class 12 গুৰুত্বপূৰ্ণ প্ৰশ্নোত্তৰ

(৫) পৰম্পৰাগত নিৰাপত্তাৰ পৰিসৰ সীমিত। আনহাতে, অপৰম্পৰাগত নিৰাপত্তাৰ পৰিসৰ ব্যাপক। ই গোটেই মানৱজাতিৰ কল্যাণৰ লগত জড়িত।
(৬) পৰম্পৰাগত নিৰাপত্তাৰ প্ৰধান দুটা দিশ আছে।
(৭) বাহ্যিক নিৰাপত্তা আৰু (খ) আভ্যন্তৰীণ নিৰাপত্তা। আনহাতে, অপৰম্পৰাগত নিৰাপত্তাৰ সাতটা মূল দিশ আছে।

প্র: মানৱ নিৰাপত্তা কি? ইয়াৰ ঠেক আৰু বহল ধাৰণা সম্পর্কে আলোচনা কৰা।
উঃ অপৰম্পৰাগত নিৰাপত্তাৰ ধাৰণাটোৱে সামৰিক ভাবুকিৰ দিশটো অতিক্ৰম কৰি এক বিস্তৃত পৰিসৰৰ ভাবুকি আৰু ভয়াবহতা অন্তর্ভুক্ত কৰিছে। যিবোৰে মানুহৰ অস্তিত্বক বিপদাপন্ন কৰি তোলে। অপৰম্পৰাগত নিৰাপত্তাৰ দৃষ্টিভংগীক‘মানৱ নিৰাপত্তা’ নাইবা ‘গোলকীয় নিৰাপত্তা’ বুলি কোৱা হয়।
মানৱ নিৰাপত্তা হল জনগণৰ নিৰাপত্তা। ইয়ে ৰাষ্ট্ৰৰ সুৰক্ষাতকৈ জনগণৰ সুৰক্ষাক অধিক গুৰুত্ব দিয়ে। অৱশ্যে মানৱ নিৰাপত্তা আৰু ৰাষ্ট্ৰৰ নিৰাপত্তা প্ৰায়েই একে হোৱা দেখা যায়। কিন্তু ৰাষ্ট্ৰ সুৰক্ষিত হ’লেই জনগণ নিজে নিজে সুৰক্ষিত নহয়।

মানৱ নিৰাপত্তাৰ সংকীৰ্ণ ধাৰণাৰ প্ৰবক্তাসকলে কৈছে যে মানৱ নিৰাপত্তাৰ প্ৰাথমিক লক্ষ্য হ’ল ব্যক্তিক সুৰক্ষা প্রদান কৰা। এই সংকীর্ণ ধাৰণাৰ প্ৰবক্তাসকলে ব্যক্তিৰ প্ৰতি থকা হিংসাত্মক ভাবুৰিৰ দিশটোত মনোযোগ দিছে। ৰাষ্ট্ৰসংঘৰ পূৰ্বৰ সচিবপ্রধান কফি আন্নানে এইদৰে মন্তব্য কৰিছে, ‘আভ্যন্তৰীণ হিংসাৰ পৰা সম্প্ৰদায় আৰু ব্যক্তিক সুৰক্ষা প্ৰদান কৰা। মানৱ নিৰাপত্তাৰ উদাৰ ধাৰণাৰ প্ৰবক্তাসকলে এইদৰে যুক্তি আগবঢ়াইছে যে ভাবুকিৰ তালিকাখনত ভোক, ৰোগ আৰু প্রাকৃতিক দুর্যোগক অন্তর্ভুক্ত কৰা উচিত। কাৰণ এই বোৰে গণহত্যা, যুদ্ধ, সন্ত্রাসবাদতকৈ বহুত অধিক মানুহ হত্যা কৰে। তেওঁলোকে যুক্তি দিছে যে মানৱ নিৰাপত্তা নীতিয়ে মানুহক হিংসাৰ লগতে ভোক, ৰোগ আৰু প্ৰাকৃতিক দুর্যোগকে এইদৰে ভাবুকিৰ পৰাও সুৰক্ষা দিব লাগিব। মানৱ নিৰাপত্তাৰ বহল দৃষ্টিভংগীয়ে অর্থনৈতিক নিৰাপত্তা আৰু মানৱীয় মর্যাদাকে সামৰি লৈছে। আন কথাত ক’বলৈ গ’লে মানৱ নিৰাপত্তাই ‘অভাৱৰ পৰা মুক্ত’ আৰু ‘ভয়ৰ পৰা মুক্ত’ হোৱাত গুৰুত্ব প্ৰদান কৰে।

সাম্প্রতিক বিশ্বত নিৰাপত্তা Class 12

প্র : নিৰাপত্তা কি? ই কেই প্ৰকাৰৰ?
উ : সাধাৰণ অৰ্থত নিৰাপত্তা বুলিলে ভয় আৰু সন্ত্ৰাসৰ পৰা মুক্ত এটা অৱস্থাক বুজা যায়। প্রত্যেক মানুহে জন্মগতভাৱে বিভিন্ন ধৰণৰ মানৱ অধিকাৰ আহৰণ কৰে। তাৰোপৰি, মানুহ হিচাপে বিকশিত হ’বলৈ এক সুস্থ পৰিৱেশৰ প্ৰয়োজন। এই পৰিৱেশ স্বাস্থ্যজনিত, পৰিৱেশ সংক্রান্তীয়, সামাজিক আদি হ’ব পাৰে। গতিকে, সাধাৰণভাৱে ক’ব পাৰি যে যিবিলাক কাৰ্য-কলাপ, ঘটনা-পৰিঘটনা, সমাজ আৰু পৰিৱেশৰ প্রমূল্যসমূহক ভাঙি যাব নিদিয়াকৈ স্থিৰে ৰখা ব্যৱস্থাটোৱে হৈছে নিৰাপত্তা। ই বিঘ্নিত হ’লে নিৰাপত্তাজনিত পৰিস্থিতি বিঘ্নিত হোৱা বুলি কোৱা হয়।

নিৰাপত্তা দুই প্ৰকাৰৰ পৰম্পৰাগত নিৰাপত্তা আৰু অপৰম্পৰাগত নিৰাপত্তা। পৰম্পৰাগত নিৰাপত্তা প্রধানত ৰাষ্ট্ৰ ব্যৱস্থাৰ লগত জড়িত। ৰাষ্ট্ৰসমূহ বহিঃআক্ৰমণ আৰু আভ্যন্তৰীণ অশাস্তিৰ পৰা সুৰক্ষিত হৈ থাকিলেই ইয়াক নিৰাপদ বুলি ধৰা হয়। অর্থাৎ, যুদ্ধ বা হিংসাৰ পৰা মুক্ত হৈ থকাটোৱে পৰম্পৰাগত নিৰাপত্তা অক্ষুণ্ণ হৈ থকাটো বুজায়। অ-পৰম্পৰাগত নিৰাপত্তাৰ ধাৰণাটো যুদ্ধ বা অশান্তিৰ লগত জড়িত নহয়। ই মানৱ জীৱনৰ আধুনিক শংকাসমূহ যেনে– স্বাস্থ্যজনিত সমস্যা, অস্ত্র-শস্ত্ৰৰ পৰা হোৱা শংকা, পৰিৱেশ প্ৰদূষণৰ কুফলসমূহ, জলবায়ু পৰিবর্তন আদিৰ লগত জড়িত।

প্র : সন্ত্রাসবাদ কাক বোলে? সন্ত্রাসবাদৰ কাৰণসমূহ লিখা।
ড: সন্ত্রাসবাদ হৈছে এক প্ৰকাৰৰ পৰিকল্পিত আৰু সংগঠিত শিক্ষা যিয়ে এটা নির্দিষ্ট উদ্দেশ্য আগত ৰাখি চৰকাৰ আৰু জনসাধাৰণক ব্যতিব্যক্ত কৰি তোলে।
যিবোৰ ব্যক্তি আৰু সংগঠনে এনেকুৱা কাৰ্যাৱলীত অংশগ্ৰহণ কৰে, তাকে সন্ত্রাসবাদী বোলে। সন্ত্রাসবাদীবোৰে এটা নিৰ্দিষ্ট ৰাজনৈতিক উদ্দেশ্য আগত
ৰাখি নিজৰ হিংসাত্মক কার্যাবলী অব্যাহত ৰাখে। সন্ত্ৰাসবাদৰ কাৰণসমূহ–
(১) যেতিয়া কোনো এটা গোষ্ঠী বা ৰাজনৈতিক দলে সংগঠিতভাবে প্রচলিত ৰাজনৈতিক ব্যৱস্থাটোৰ বিৰুদ্ধাচৰণ কৰি নতুন ব্যৱস্থা এটা প্রতিষ্ঠা কৰাৰ চেষ্টা কৰাতো সন্ত্ৰাসবাদৰ এটা ৰাজনৈতিক কাৰণ।

লগতে পঢ়ক:   Class 12 Assamese Question Answer – দ্বাদশ শ্ৰেণীৰ (সম্পূৰ্ণ প্ৰশ্নোত্তৰ) অসমীয়া মাধ্যমৰ বাবে।

(২) যেতিয়া কোনো এটা নৃগোষ্ঠীয়ে নিজৰ অঞ্চলত নিজৰ নৃগোষ্ঠীয় অধিকাৰ স্থাপনৰ বাবে সংগ্রাম কৰে, তেতিয়া তাক নৃগোষ্ঠীয় সন্ত্রাসবাদ বুলি কোৱা হয় আৰু ইয়ো সন্ত্রাসবাদ সৃষ্টিৰ এটা কাৰণ।

(৩) ধর্মীয় গোড়ামী আৰু ধর্মীয় অন্ধবিশ্বাসো সন্ত্রাসবাদৰ আন এটা প্ৰধান কাৰণ। বর্তমান পৃথিৱীত ধর্মীয় সন্ত্রাসবাদীৰ কাৰ্যকলাপ আটাইতকৈ বৃদ্ধি পাইছে।
(৪) যেতিয়া ৰাষ্ট্ৰএখনে সংগঠিত ৰূপত ইয়াৰ বিৰোধী শক্তিসমূহক শক্তি প্রয়োগ কৰি নিয়ন্ত্ৰণ কৰাৰ চেষ্টা কৰে, তাকে ৰাষ্ট্ৰ পৰিচালিত সন্ত্রাসবাদ বুলি কোৱা হয়। ইয়ো সন্ত্ৰাসবাদৰ এটা কাৰণ।

সাম্প্রতিক বিশ্বত নিৰাপত্তা Class 12

প্র : মানৱ অধিকাৰ কাক বোলে? তিনিবিধ মানৱ অধিকাৰৰ নাম লিখা।
উ : মানুহে সামাজিক জীৱন যাপন কৰিবলৈ প্রয়োজন। হোৱা অধিকাৰকে মানৱ অধিকাৰ বোলে। মানৱ অধিকাৰৰ তিনিটা শ্ৰেণীত বিভক্ত কৰা হৈছে। প্ৰথমবিধ হ’ল –
ৰাজনৈতিক অধিকাৰ, যেনে বাস্বাধীনতা আৰু সমবেত হোৱাৰ স্বাধীনতা। দ্বিতীয় বিধ হ’ল অর্থনৈতিক আৰু সামাজিক অধিকাৰ। তৃতীয়বিধ হ’ল পৰাধীন দেশৰ জনসাধাৰণৰ নাইবা নৃগোষ্ঠীয় আৰু সংখ্যালঘুসকলৰ অধিকাৰ। মানৱ অধিকাৰৰ এই শ্রেণী বিভাজন সম্পর্কে এক বহুল ঐক্যমতত উপনীত হ’ব পৰা গৈছে যদিও কোনবোৰ মানৱ অধিকাৰ সার্বজনীন মানৱ অধিকাৰৰূপে গণ্য কৰা হ’ব সেই বিষয়ে কোনো ধৰণৰ ঐক্যমত সৃষ্টি হোৱা নাই, নাইবা মানৱ অধিকাৰ ভংগ হ’লে আন্তঃৰাষ্ট্ৰীয় সম্প্রদায়ে কি কৰা উচিত সেই বিষয়েও কোনো ধৰণৰ ঐক্যমত সৃষ্টি কৰা নাই ।

প্র : বাহ্যিক আক্রমণৰ ভাবুকি প্রতিহত কৰাৰ নিৰাপত্তাৰ পৰম্পৰাগত ধাৰণাৰ উপাদান চাৰিটা কি কি? উদাহৰণ দিয়া।
উ : বাহ্যিক নিৰাপত্তা পৰম্পৰাগত নিৰাপত্তাৰ এটা ভাগ। এই নিৰাপত্তাই বহিঃশক্তি সমূহৰ পৰা ৰাষ্ট্ৰৰ সুৰক্ষা বুজায়। বহিঃনিৰাপত্তাৰ ধাৰণাটো ৰাষ্ট্ৰৰ নিৰাপত্তাৰ লগত জড়িত। ইয়াক প্রতিহত কৰাৰ চাৰিটা উপাদান তলত আলোচনা কৰা হ’ল।

(১) ক্ষমতাৰ ভাৰসাম্য : পৃথিৱীৰ সকলোবোৰ দেশেই সমানে ক্ষমতাশালী নহয়। দেশসমূহৰ মাজত ক্ষমতাক লৈ প্ৰতিযোগিতা থকা দেখা যায়। সেয়েহে সকলোবোৰ দেশেই প্রতিবেশী দেশসমূহৰ লগত ক্ষমতাৰ এক ভাৰসাম্য ৰক্ষা কৰে।

(২) সামৰিক শক্তি আৰু দক্ষতা বৃদ্ধি : দেশসমূহে বহিঃআক্ৰমণৰ পৰা নিজকে ৰক্ষা কৰিবৰ বাবে সামৰিক ক্ষেত্ৰত অত্যধিক গুৰুত্ব আৰোপ কৰা দেখা যায়। প্রত্যেক দেশেই ক্রমবৰ্দ্ধিতভাৱে সামৰিক ক্ষেত্ৰত বাজেট বৃদ্ধি কৰি থকা দেখা গৈছে।

(৩) মিত্রতা বৃদ্ধি : বাহ্যিক নিৰাপত্তা ৰক্ষাৰ আন এটা উপায় হৈছে মিত্র দেশসমূহৰ মাজত বন্ধুত্ব বৃদ্ধি কৰা। এনে মিত্ৰতাই কোনো দেশৰ ওপৰত হোৱা আক্রমণক প্রতিহত আৰু নিয়ন্ত্ৰণ কৰে। যেনে—ভাৰত আৰু ৰাছিয়াৰ মিত্ৰতাৰ ফলত ১৯৭১ চনত স্বাধীন বাংলাদেশৰ জন্ম হৈছিল।

(৪) অর্থনৈতিক সহযোগিতা বৃদ্ধি : দেশখনৰ মাজত বৰ্তমান সময়ত বৃদ্ধি হোৱা আর্থিক সহযোগে বাহ্যিক নিৰাপত্তা ৰক্ষাৰ ক্ষেত্ৰত মূল ভূমিকা পালন কৰিছে। জনসংখ্যা বৃদ্ধিৰ লগে লগে দেশবিলাকৰ মাজত সহযোগিতা আৰম্ভ হৈছে আৰু এই সহযোগিতাই বাহ্যিক নিৰাপত্তা ৰক্ষাৰ ক্ষেত্ৰত ভূমিকা পালন কৰি আহিছে।

প্র : পৰম্পৰাগত নিৰাপত্তাৰ ধাৰণাটো কিহৰ লগত জড়িত?

উ : সামগ্রিকভাৱে পৰম্পৰাগত নিৰাপত্তাৰ ধাৰণাটো প্ৰধানকৈ সামৰিক শক্তি প্রয়োগ নাইবা সামৰিক শক্তি প্ৰয়োগৰ ভাবুকিৰ সৈতে জড়িত।

প্র : নিৰাপত্তা কি?

উ : যিকোনো ধৰণৰ ভাবুকিৰ পৰা মুক্তি হোৱা অৱস্থাকে নিৰাপত্তা বোলা হয়।

প্র : নিৰাপত্তাৰ ধাৰণাটোক কেইটা ভাগত ভগাব পাৰি?

উ : নিৰাপত্তাৰ ধাৰণাটো দুটা ভাগত বিভক্ত— (১) পৰম্পৰাগত ধাৰণা আৰু (২) অপৰম্পৰাগত ধাৰণা।

প্র : বিশ্বৰ বৰ্ধিত জনসংখ্যাৰ ৬খন দেশৰ নাম লিখা।

উ : (১) ভাৰত (২) চীন (৩) পাকিস্তান (৪) বাংলাদেশ (৫) নাইজেৰিয়া আৰু (৬) ইণ্ডোনেছিয়া।

Leave a Comment

Your email address will not be published. Required fields are marked *


Scroll to Top