শীতল যুদ্ধৰ যুগ Class 12 Question Answer প্ৰশ্ন উত্তৰ দ্বাদশ শ্ৰেণী

বিষয়  ৰাজনীতি বিজ্ঞান
পাঠৰ নাম শীতল যুদ্ধৰ যুগ
শ্ৰেণী  দ্বাদশ শ্ৰেণী
অংশ (ক)
পাঠৰ নং অধ্যায় 1
পাঠ্যক্ৰম  অসম মাধ্যমিক শিক্ষা পৰিষদৰ (AHSEC)

শীতল যুদ্ধৰ যুগ

প্রঃ ৰাষ্ট্ৰসংঘৰ চনদত কিমানখন সদস্য ৰাষ্ট্ৰই স্বাক্ষৰ কৰিছিল? (Final-15)
উ : ৫১ খন ৰাষ্ট্রই।

প্র : শীতল যুদ্ধৰ যুগত দুই বৃহৎ গােষ্ঠীৰ বাহিৰেও উদ্ভৱ হােৱা তৃতীয় গােষ্ঠীটো কি আছিল? (Final-15)
উঃ গােষ্ঠী নিৰপেক্ষ গােট।

প্রঃ কোন চনত পাৰমাণৱিক অস্ত্র সম্প্রসাৰণ বিৰােধ চুক্তি সাক্ষৰিত হৈছিল? (Final-15)
উঃ ১৯৬৮ চনত।

প্র : গােষ্ঠী নিৰপেক্ষ আন্দোলনৰ তিনিগৰাকী প্রধান নেতাৰ নাম লিখা। (Final-15)
উঃ (১) ভাৰতৰ জৱাহৰলাল নেহৰু (২) যুগােশ্লোভিয়াৰ যােচেফ ব্রজ টিটো (৩) ইজিপ্তৰ গামাল আব্দুল নাচেৰ।

প্র : ৰাষ্ট্ৰসংঘৰ প্ৰথমগৰাকী সচিবপ্রধান কোন আছিল? (Final-16)
উঃ নৰৱেৰ ট্রিগ ভিলি।

প্র : WTOৰ সম্পূৰ্ণ ৰূপটো লিখা। (Final-16)
উঃ World Trade Organisation.

প্রঃ গোষ্ঠী নিৰপেক্ষ আন্দোলন (NAM)ৰ সফলতাৰ বিষয়ে লিখা। (Final-16)
উঃ (১) গােষ্ঠী নিৰপেক্ষই ভাৰতক আন্তর্জাতিক সিদ্ধান্ত লােৱাৰ ক্ষেত্ৰত পথ মুকলি কৰিছিল।

(২) ভাৰতকে ধৰি গােষ্ঠী নিৰপেক্ষ দেশবোৰে শান্তি আৰু স্থিৰতা ৰক্ষার্থে দুই‌ প্রতিদ্বন্দ্বী মিত্রগােষ্ঠীৰ মাজত সক্রিয় মধ্যস্থতাকাৰীৰ ভূমিকা পালন কৰিছিল।
(৩) আন্দোলনৰ ফলত বিশ্ব বাণিজ্য প্রথাৰ সংস্কাৰৰ প্ৰস্তাৱ লােৱা হয়।

(৪) এই আন্দোলনৰ ফলত বিশেষকৈ তৃতীয় বিশ্বৰ স্বাধীনতা লাভ কৰা দেশবোৰে স্বাধীনভাৱে নিজৰ আভ্যন্তৰীণ আৰু বৈদেশিক নীতি-নির্ধাৰণ কৰিব পাৰিছিল।
(৫) আন্তর্জাতিক ক্ষেত্ৰত শান্তি আৰু নিৰাপত্তাক সুনিশ্চিত কৰাৰ ক্ষেত্ৰত সহায়ক হৈছিল। এনে আন্দোলনে তৃতীয় বিশ্বযুদ্ধ সংগঠিত নােহােৱাৰ ক্ষেত্ৰত যথেষ্ট বৰঙনি আগবঢ়াইছে।

প্র : কিউবাৰ ক্ষেপণাস্ত্ৰ সংকটৰ বিষয়ে এটা টোকা লিখা। (Final-16)
উ : ১৯৬১ চনৰ এপ্রিল মাহত সংযুক্ত সমাজবাদী ছােভিয়েট গণৰাজ্যই যিকোনাে সময়ত পুঁজিবাদী আমেৰিকা যুক্তৰাষ্ট্ৰই সাম্যবাদী কিউবাক আক্রমণ কৰিব বুলি আশংকা কৰিছিল। কিউবা ছােভিয়েট ৰাছিয়াৰ মিত্ৰৰাষ্ট্ৰ আছিল। ছােভিয়েট ৰাছিয়াই উপকূলীয় সৰুৰাষ্ট্ৰ কিউবাৰ ৰাষ্ট্রপতি ফিডেল কেষ্টোক‌ উৎখাত কৰিব বুলি আশংকা কৰিছিল। ছােভিয়েট ইউনিয়নৰ নেতা নিকিটা  ক্ৰুশ্বেভে কিউবাক ৰাছিয়াৰ ভেঁটি হিচাপে গঢ়ি তুলিব বিচাৰিছিল। সেয়েহে সাম্যবাদী ৰাষ্ট্ৰৰ সমর্থক হিচাপে কিউবাক ৰক্ষণাবেক্ষণৰ দায়িত্ব ৰাছিয়াই লৈছিল। সেয়েহে কিউবাক এনে সংকটৰ পৰা ৰক্ষা কৰিবলৈ ১৯৬২ চনত কিউবাত আণৱিক ক্ষেপণাস্ত্র স্থাপন কৰিছিল। এই বিষয়ে আমেৰিকাই তিনিসপ্তাহৰ পাছত জানিব পাৰিছিল। সেয়েহে ৰাষ্ট্রপতি জন.এফ কেনেডীয়ে কিউবাৰ পৰা ক্ষেপণাস্ত্ৰ আৰু আণৱিক অস্ত্র-শস্ত্র আঁতৰাই নিবলৈ ছােভিয়েট ইউনিয়ন নেতা ক্রুশ্বেভক বাধ্য কৰিবলৈ চেষ্টা কৰিছিল।

এই অস্ত্রসমূহৰ সংস্থাপনে পােন প্রথমবাৰৰ বাবে আমেৰিকাক আসন্ন বিপদৰ সন্মুখীন কৰিছিল। কেনেডীয়ে কিউবা অভিমুখী যিকোনাে ৰুচ জাহাজক বাধা দিবলৈ আমেৰিকাৰ যুদ্ধ জাহাজবােক নির্দেশ দিছিল। এই নির্দেশ ৰাছিয়াৰ প্রতি আমেৰিকাৰ ভাবুকি আছিল যিটোৱে এক সংঘৰ্ষৰ সম্ভাৱনাৰ সৃষ্টি কৰিছিল। এই সংঘৰ্ষৰ সম্ভাৱনাই সমগ্র বিশ্বক পাৰমাণৱিক যুদ্ধৰ আশংকাত শংকিত কৰিছিল। সৌভাগ্যক্রমেই কেতিয়াও এই দুই শক্তিৰ পূৰ্ণাংগ যুদ্ধ নহ’ল আৰু সকলাে ৰাষ্ট্ৰই যুদ্ধৰপৰা ৰক্ষা পৰিল। ইয়াকে কিউবাৰ ক্ষেপণাস্ত্ৰৰ সংকট বােলা হয়।

শীতল যুদ্ধৰ যুগ Class 12

প্র : NIEOৰ সম্পূৰ্ণ ৰূপটো লিখা। (Final-17)

ডঃ NIEOৰ সম্পূৰ্ণ ৰূপটো হ’ল- New International Econimic Order.

প্র : মহাশক্তিৰ বাবে ক্ষুদ্রৰাষ্ট্ৰবােৰ কিয় সহায়ক/উপযােগী হৈছিল? (Final-17)
নাইবা
বৃহৎ শক্তিৰ ৰাষ্ট্ৰসমূহক সৰু সৰু ৰাষ্ট্রসমূহৰ মিত্ৰতাৰ কিয় প্রয়ােজন? চাৰিটা কাৰণ লিখা।
উ : নিম্নলিখিত কাৰণসমূহৰ বাবে বিশ্বৰ সৰু দেশবােৰ বৃহৎ শক্তিৰ বাবে অতি উপযােগী —
(ক) প্রমুখ বা মূল সম্পদসমূহ যেনে— তেল আৰু খনি।
(খ) ভূ-ক্ষেত্র (য’ৰ পৰা বৃহৎ শক্তিসমূহে নিজৰ অস্ত্র-শস্ত্ৰ আৰু সেনা সঞ্চালন কৰিব পাৰে)।

(গ) অৱস্থান য’ৰ পৰা তেওঁলােকে পৰস্পৰৰ ওপৰত গুপ্তচৰী কৰিব পাৰে, আৰু
(ঘ) আর্থিক সাহায্য (মিত্ৰগােষ্ঠীৰ অন্তর্ভুক্ত বহুত সৰু সৰু দেশে একেলগে সামৰিক ব্যয় কৰিবলৈ সহায় কৰিব পাৰে। এই কাৰণবােৰে সৰু দেশসমূহক বৃহৎ শক্তিসমূহৰ বাবে প্রয়ােজনীয় কৰি তুলিছিল।

লগতে পঢ়ক:   Class 12 Assamese Question Answer – দ্বাদশ শ্ৰেণীৰ (সম্পূৰ্ণ প্ৰশ্নোত্তৰ) অসমীয়া মাধ্যমৰ বাবে।

প্রঃ গােষ্ঠী নিৰপেক্ষ আন্দোলনৰ প্ৰতিষ্ঠাপক কোন আছিল? এই আন্দোলনৰ প্ৰথমখন সন্মিলন কেতিয়া আৰু ক’ত হৈছিল? (Final-14/17)
উ : গােষ্ঠী নিৰপেক্ষ আন্দোলনৰ প্ৰতিষ্ঠাপক আছিল যােচেফ ব্রজ টিটো। এই আন্দোলনৰ প্ৰথমখন সম্মিলন ১৯৬১ চনত বেলগ্রেডত হৈছিল।

প্রঃ দ্বিতীয় বিশ্বযুদ্ধৰ পিছত মূৰ দাঙি উঠা দুই মহাশক্তিৰ নাম লিখা। (Final-18)
উঃ দ্বিতীয় বিশ্বযুদ্ধৰ পিছত দুটা মহাশক্তিৰ সৃষ্টি হয়। সেই দুটা হ’ল—আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ছােভিয়েট ৰাছিয়া। এটা শক্তিগােষ্ঠীৰ নেতৃত্ব বহন কৰিছিল পুঁজিবাদী আমেৰিকাই আৰু আনটো গােষ্ঠীৰ নেতৃত্ব দিছিল সাম্যবাদী ৰাছিয়াই।

প্রঃ SEATOৰ সম্পূৰ্ণ ৰূপটো লিখা। (Final-18/19)
উঃ Southeast Asia Treaty Organization.

প্রঃ শীতল যুদ্ধৰ যুগত ভাৰতৰ স্থিতি কেনেধৰণৰ আছিল? আলােচনা কৰা। (Final-18)
নাইবা
গােষ্ঠীনিৰপেক্ষ আন্দোলন (NAM) ৰ নেতা হিচাপে ভাৰতৰ ভূমিকা কেনে আছিল? (Final-13)
উঃ শীতল যুদ্ধৰ কালছােৱাত ভাৰতবৰ্ষৰ ভূমিকাঃ শীতল যুদ্ধ ১৯৪৫ চনৰ পৰা ১৯৯১ চনলৈ চলিছিল। আনহাতে, ভাৰতবৰ্ষই স্বাধীনতা লাভ কৰিছিল ১৯৪৭ চনত সম্পূর্ণ অহিংস উপায়েৰে। ভাৰতে পূৰ্বৰে পৰাই আন্তৰ্জাতিক ব্যৱস্থাত শান্তিপূর্ণ সহাৱস্থান নীতিৰ পােষকতা কৰি অহিংস উপায়েৰে সমস্যা সমাধানৰ ওপৰত গুৰুত্ব দিছিল। গােষ্ঠীনিৰপেক্ষ আন্দোলনৰ লগত ভাৰতে সক্রিয়ভাৱে পূৰ্বৰে পৰা জড়িত আছিল আৰু দুই মহাশক্তি ক্রমে আমেৰিকা আৰু ছােভিয়েট ইউনিয়নৰ পৰা সমদূৰত্ব বজাই ৰাখিছিল। সেই সময়ছােৱাত শীতল যুদ্ধই সৃষ্টি কৰা উত্তেজনামূলক আন্তর্জাতিক পৰিৱেশৰ পৰা তৃতীয় বিশ্বৰ দেশসমূহৰ আঁতৰাই অনাৰ বাবে ভাৰতবৰ্ষই অহৰহ চেষ্টা কৰিছিল। যাতে এই দেশসমূহে নতুনকৈ লাভ কৰা স্বাধীনতা হেৰুৱাবলগীয়া নহয়। দুই মহাশক্তিৰ ভিন্ন মতাদৰ্শৰ সংমিশ্রণেৰে ভাৰতে গণতান্ত্রিক সমাজবাদ গঢ়ি তােলাৰ চেষ্টা কৰিছিল। আনহাতে, এইখিনি সময়ছােৱাত ভাৰতবৰ্ষই নিজৰ আর্থিক স্থিতি, জাতীয় স্বার্থ আৰু দুয়ােপক্ষৰ পৰা ৰাজনৈতিক সমর্থন লাভৰ কাৰণে অহৰহ চেষ্টা কৰিছিল। ভাৰতে দুই মহাশক্তিয়ে নেতৃত্ব দিয়া সামৰিক মৈত্রীত অন্তর্ভুক্ত হােৱা নাছিল যদিও ই ছােভিয়েট ইউনিয়নৰ বেছি ঘনিষ্ঠ আছিল। ১৯৭১ চনৰ ভাৰত-পাকিস্তান যুদ্ধৰ সময়ত ৰাছিয়াৰ সহযােগত ভাৰতে পাকিস্তানৰ পৰা এখন স্বাধীন বাংলাদেশ জন্ম দিছিল। ১৯৮০ চন মানৰ পৰা ছােভিয়েট ইউনিয়ন ক্রমাগতভাৱে দুৰ্বল হৈ আহে আৰু ১৯৯১ চনত ই ভাঙি যায়। ইয়াৰ ফলত ইয়াৰ মৈত্রী ৰাষ্ট্ৰসমূহ আৰু নতুনকৈ স্বাধীনতা লাভ কৰা দেশসমূহে পুঁজিবাদী ব্যৱস্থাৰ ফালে গতি কৰিলে। ভাৰত ইয়াৰ ব্যতিক্ৰম নহয় আৰু আমেৰিকা যুক্তৰাষ্ট একমাত্র মহাশক্তি হিচাপে নিজকে প্রতিষ্ঠা কৰিবলৈ সক্ষম হয়।

শীতল যুদ্ধৰ যুগ Question Answer

প্রঃ NATOৰ সম্পূৰ্ণ ৰূপটো কি? (Final- 20)

উঃ NATOৰ সম্পূৰ্ণ ৰূপটো হ’ল– North Atlantic, Treaty Organisation উত্তৰ আটলান্টিক চুক্তি সস্থা।

প্রঃ প্রথম গােষ্ঠীনিৰপেক্ষ সন্মিলন ক’ত অনুষ্ঠিত হৈছিল? (Final- 20)
উ : ১৯৬১ চনত বেলগ্রেডত অনুষ্ঠিত হৈছিল।

প্রঃ নতুন আন্তৰাষ্ট্ৰীয় অর্থনৈতিক শৃংখলাৰ দুটা নীতি লিখা। (Final- 20)
উ : নতুন আন্তৰাষ্ট্রীয় অর্থনৈতিক শৃংখলাৰ দুটা নীতি হ’ল-

(ক) ভৱিষ্যত প্রজন্মৰ বাবে শান্তি আৰু ন্যায়ৰ ওপৰত প্রতিষ্ঠিত এক আন্তর্জাতিক অর্থব্যৱস্থা গঢ়ি তােলা।
(খ) আন্তর্জাতিক অর্থনীতিত চলি থকা অসমতা আৰু অন্যায় দূৰীকৰণৰ লগতে উন্নত আৰু উন্নয়নশীল দেশবােৰৰ মাজৰ ব্যৱধান দূৰ কৰা।
**
প্রঃ ৱাৰশ্ব চুক্তি (Warsaw Pact) প্রধান কার্য কি আছিল?
উঃ ৱাৰশ্ব চুক্তি(Warsaw Pact)ৰ প্ৰধান কাম আছিল NATO শক্তিক প্রতিৰােধ কৰা।

প্র: SATOৰ সম্পূৰ্ণ ৰূপটো কি?
উ : Southern Asia Treaty Organisation দক্ষিণ এছিয়া চুক্তি সংগঠন।

প্রঃ শীতল যুদ্ধ’ কেতিয়া আৰম্ভ আৰু কেতিয়া অন্ত হৈছিল? (Final- 12)
উ : শীতল যুদ্ধ ১৯৪৫ চনত আৰম্ভ হৈ ১৯৯১ চনত অন্ত পৰে।

প্রঃ দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত বােমা পৰা দুখন ঠাইৰ নাম লিখা। (Final- 12)
উঃ জাপানৰ হিৰোশ্বিমা আৰু নাগাছাকি।

লগতে পঢ়ক:   সাম্প্রতিক বিশ্বত নিৰাপত্তা Class 12 গুৰুত্বপূৰ্ণ প্ৰশ্নোত্তৰ

প্রঃ শীতল যুদ্ধ কাক বােলে? শীতল যুদ্ধৰ তিনিটা কাৰণ লিখা।
উঃ দ্বিতীয় বিশ্বযুদ্ধৰ সমাপ্তিৰ পিছত নতুনকৈ উঠি অহা দুই মহাশক্তি ক্রমে আমেৰিকা যুক্তৰাষ্ট আৰু ছােভিয়েট ইউনিয়ন মাজত আধিপত্য স্থাপনক লৈ আৰম্ভ হােৱা সংঘাতকে শীতল যুদ্ধ বুলি কোৱা হয়।

শীতল যুদ্ধৰ কাৰণ তিনিটা হ’ল
(১) আমেৰিকাৰ পুঁজিবাদী আৰু ছােভিয়েট ৰাছিয়াৰ সমাজবাদী আদৰ্শৰ সংঘাত।
(২) দুই মহাশক্তিৰ প্ৰভুত্ব স্থাপনৰ সংঘাত।

(৩) আণৱিক অস্ত্র নির্মাণ প্রতিযােগিতা।

প্রঃ দুই মহাশক্তিৰ দ্বাৰা স্বাক্ষৰিত অস্ত্র নিয়ন্ত্ৰণৰ চুক্তি তিনিখনৰ নাম কি? (Final- 12)
উঃ(১) সীমিত পৰীক্ষা নিষিদ্ধকৰণ চুক্তি-Limited Test Ban Treaty
(২) পাৰমাণৱিক অস্ত্র সম্প্রসাৰণ বিৰােধ  চুক্তি—Nuclear Non-Proliferation Treaty.
(3) Anti-Ballistic Missile Treaty মিছাইল পদ্ধতিৰ সীমিতকৰণ চুক্তি।

প্রঃ কিউবা ক্ষেপণাস্ত্র সংকট ____ হৈছিল।
উঃ১৯৬২ চনত

প্রঃ কোন চনত আমেৰিকাই জাপানৰ হিৰােশ্বিমা আৰু নাগাছাকিত আণবিক বােমা নিক্ষেপ কৰিছিল?
উঃ ১৯৪৫ চনত।

প্রঃ ৱাৰশ্ব চুক্তি (Warsaw Pact) ৰ প্রধান কার্য কি আছিল?
উঃ ৱাৰশ্ব চুক্তি (Warsaw Pact)ৰ প্রধান কাম আছিল NATO শক্তিক প্রতিবাৰোধ কৰা।।

প্রঃ NAMৰ সম্পূৰ্ণ ৰূপটো কি?
উঃ Non-Aligned Movement.

প্রঃ CENTOৰ সম্পূৰ্ণ ৰূপটো কি?
উঃ CENTOৰ সম্পূৰ্ণ ৰূপটো হ’ল – Central Treaty Organisation বা কেন্দ্রীয় চুক্তি সংগঠন।

প্ৰঃ NATO ৰাষ্ট্ৰসমুহৰ ঘোষণাপত্র কি?
উঃ NATOৰ সদস্যৰাষ্ট্রসমুহে ঘােষণা কৰে যে তেওঁলােকৰ যিকোনো সদস্য ৰাষ্ট্ৰত আক্রমণ হ’লে তেওঁলােকে সামূহিকভাৱে সেই আক্রমণ প্রতিহত কৰিব NATOৰ সদস্য দেশবোৰে পৰস্পৰে পৰস্পৰক সহায় কৰিব।

প্ৰঃ গােষ্ঠী নিৰপেক্ষ আন্দোলনৰ প্ৰথম অধিৱেশনত কেইখন সদস্য ৰাষ্ট্ৰ উপস্থিত আছিল?
উঃ ২৫ খন।

প্রঃ গােষ্ঠী নিৰপেক্ষতা নির্লিপ্তবাদ নহয়, কিয়নাে নির্লিপ্তবাদ মানে ঘটনাক্ৰমৰ পৰা আঁতৰি থকা বুজায়। ‘কথাষাৰ সঁচানে?
উ : সঁচা।

প্রঃ ৱাৰশ্ব চুক্তি (Warsaw Pact) বুলিলে কি বুজা?
উঃ ৱৰশ্ব চুক্তি (Warsaw Pact) হ’ল ১৯৫৫ চনত ছােভিয়েট ৰাছিয়াৰ নেতৃত্বত পােলেণ্ড, পূর্ব জার্মানী, হাঙ্গেৰী আৰু চেকশ্লোভিয়াকে ধৰি ৮খন ৰাষ্ট্ৰই লগ হৈ NATOক প্রত্যাহ্বান জনাবলৈ সম্পাদন কৰা এক সামৰিক চুক্তি।

প্রঃ দ্বিতীয় বিশ্বযুদ্ধৰ মিত্রশক্তি আৰু অক্ষীয় শক্তি বুলিলে কি বুজা? । (Final- 14)
উঃ দ্বিতীয় বিশ্বযুদ্ধৰ মিত্রশক্তি বুলিলে আমেৰিকা, ব্রিটেইন,‌ ফ্রান্স, ছােভিয়েট ৰাছিয়া আদি ৰাষ্ট্ৰসমূহৰ জোঁটক বুজায়। আনহাতে, অক্ষীয় শক্তি বুলিলে জাপান, ইটালী আৰু জাৰ্মানীক বুজায়।

প্র : অপৰোধৰ যুক্তি কাক বােলে?
উঃ যদি কোনাে এটা শক্তিয়ে নিজৰ শত্রুক আক্রমণ কৰি তাৰ পৰমাণু শক্তি ধ্বংস কৰিবলৈ চেষ্টা কৰে তেতিয়াও তাক ধ্বংস কৰিব পৰা অস্ত্র-শস্ত্র বিপক্ষ শক্তিৰ হাতত মজুত থাকিব। ইয়াক ‘অপৰােধ’ৰ যুক্তি বুলি কোৱা হয়। অপৰােধ সম্বন্ধই যুদ্ধ প্রতিৰোধ কৰে কিন্তু শক্তিসমূহৰ প্রতিদ্বন্দ্বিতা প্রতিৰোধ নকৰে।

প্র : নব্য-আন্তর্জাতিক অর্থব্যৱস্থা কি?
উ: (NIEO) New International Economic Order 1970ৰ দশকৰ গােষ্ঠী নিৰপেক্ষ আন্দোলনৰ সদস্যভুক্ত দেশসমুহৰ নেতৃত্বত বিশ্বৰ অনুন্নত আৰু দুখীয়া দেশসমূহৰ চলিত আর্থিক ব্যৱস্থাৰ অর্থনৈতিক সমতা, পৰস্পৰ নিৰ্ভৰশীলতা, সার্বভৌমত্ব, সহযােগিতাৰ ভিত্তিত পৰিৱর্তন বিচাৰি আৰু বিশ্বশান্তি আৰু নিৰাপত্তাৰ হকে তথা উন্নত পশ্চিমীয়া দেশসমূহৰ শোষণৰ বিৰােধিতা কৰি যিটো নতুন আর্থিক ব্যৱস্থাৰ ৰাষ্ট্ৰসংঘৰ মজিয়াত সন্ধান কৰা হৈছিল তাকেই নব্য-আন্তর্জাতিক অর্থ ব্যৱস্থা বােলে।

Class 12 Political Science Chapter 1 Question Answer Assamese

প্রঃ দ্বিতীয় বিশ্বযুদ্ধ কেতিয়া সমাপ্তি হয়। শীতল যুদ্ধ কিয় এক শীতল যুদ্ধ হৈ থাকিল ই কিয় গৰম বা উত্তপ্ত যুদ্ধলৈ পৰিৱর্তন নহ’ল?
উঃ ১৯৪৫ চনত আমেৰিকা, ছােভিয়েট ইউনিয়ন, বৃিটেইন‌ আৰু ফ্ৰান্সৰ নেতৃত্বত মিত্র শক্তিয়ে জার্মানী, ইটালী আৰু জাপানে নেতৃত্ব দিয়া অক্ষ শক্তিক পৰাস্ত কৰি দ্বিতীয় মহাযুদ্ধৰ সমাপ্তি ঘটায়। এই যুদ্ধৰ পাছত বিশ্বৰ ৰাজনীতিৰ মঞ্চত দুটা নতুন শক্তিৰ জন্ম হল। ইউৰােপ আৰু বিশ্বৰ বিভিন্ন অংশৰ
পতনৰ লগে লগে আমেৰিকা আৰু ছােভিয়েট ইউনিয়ন বিশ্বৰ সবাতােকৈ বৃহৎ শক্তিৰূপে পৰিগণিত হয়। দুয়ােখন দেশেই বিশ্বৰ ৰাজনীতিত প্ৰভাৱ পেলাবলৈ চেষ্টা কৰিছিল। লাহে লাহে দুয়ােখন দেশৰ মাজত শীতল যুদ্ধ আৰম্ভ হ’ল। অর্থাৎ শীতল যুদ্ধ আছিল আমেৰিকা আৰু ছােভিয়েট ৰাছিয়া পৰস্পৰৰ প্রতিদ্বন্দ্বী বৃহৎ শক্তি হিচাপে উদয় হােৱাৰ পৰিণাম। দুয়ােখন দেশেই পাৰমাণৱিক শক্তি সমৃদ্ধ দেশ আছিল বাবে যুদ্ধ কৰিব বিচৰা নাছিল। যুদ্ধ হ’লে দুয়ােখন দেশৰে ক্ষতি হ’ব বুলি ভাবি যুদ্ধৰ পৰা বিৰত থাকিছিল। আণৱিক যুদ্ধ হলে দুয়ােপক্ষ ইমান বেয়াকৈ ক্ষতিগ্রস্ত হ’ব যে কোনাে এটা পক্ষকে বিজেতা বুলি ঘােষণা কৰিব পৰা নাযাব। যদি কোনােবা এটা শক্তিয়ে শত্রুক আক্রমণ কৰি তাৰ পৰমাণু শক্তি ধ্বংস কৰিবলৈ চেষ্টা কৰে তেতিয়াও তাক ধ্বংস কৰিবপৰা অস্ত্রশস্ত্র বিপক্ষ শক্তিৰ হাতত মজুত থাকিব। সেয়েহে যুদ্ধ আৰম্ভ কৰিবলৈ দুয়ােপক্ষই সাহস কৰা নাছিল সেই বাবেই দুই শক্তিৰ মাজত তীব্র প্রতিদ্বন্দ্বিতা থকা স্বতেও শীতল যুদ্ধই ৰক্তাক্ত যুদ্ধৰ ৰূপ ল’ব নােৱাৰিলে। শীতল যুদ্ধ “শীতল” হৈয়ে থাকিল ।

লগতে পঢ়ক:   সাম্প্রতিক দক্ষিণ এছিয়া Class 12 | গুৰুত্বপূৰ্ণ প্ৰশ্নোত্তৰ ৰাজনীতি বিজ্ঞান

প্রঃ গােষ্ঠী নিৰপেক্ষ আন্দোলনৰ প্ৰতিষ্ঠাপক কোন আছিল? ইয়াৰ প্ৰথম, সন্মিলনত কিমানখন ৰাষ্ট্ৰই যােগদান কৰিছিল? এই আন্দোলনৰ বিষয়ে লিখা।
উ: গােষ্ঠী নিৰপেক্ষ আন্দোলনৰ মূলতে আছিল যুগােশ্লোভিয়াৰ যােচেফ ব্রজ টিটো, ভাৰতৰ জৱাহৰলাল নেহৰু আৰু ইজিপ্তৰ নেতা গামাল আব্দুল নাচেৰ, এই তিনি নেতাই ১৯৪৬ চনত এক সফল অধিৱেশন অনুষ্ঠিত কৰে। ইণ্ডোনেছিয়াৰ সুকার্ণো আৰু ঘানাৰ এন. ক্ৰুমা এওঁলােকৰ প্রবল সমর্থক আছিল। এই পাঁচজন নেতাক গােষ্ঠী নিৰপেক্ষ আন্দোলনৰ পাঁচজন প্রতিষ্ঠাপক বুলি কোৱা হয়। প্রথম গােষ্ঠী নিৰপেক্ষ সন্মিলন ১৯৬১ চনত বেলগ্রেডত অনুষ্ঠিত হয়। এই সন্মিলন অন্ততঃ ৩ টা কথাৰ পৰিণতি আছিল।
(১) পাঁচখন দেশৰ মাজৰ সহযােগিতা।
(২) শীতল যুদ্ধৰ প্ৰসাৰ আৰু ইয়াৰ বর্ধিত পৰিসৰ আৰু
(৩) ঔপনিৱেশিক শাসনৰ পৰা নতুনকৈ মুক্তি লাভ কৰা বহুতাে আফ্রিকীয় দেশৰ আন্তঃৰাষ্ট্ৰীয় ৰণক্ষেত্ৰত নাটকীয় প্রৱেশ। ১৯৬০ চনৰ ভিতৰত ৰাষ্ট্ৰসংঘত ১৬ খন নতুন আফ্রিকীয় সদস্য দেশ আছিল।

প্রথম গােষ্ঠী নিৰপেক্ষ অধিৱেশনত ২৫ খন সদস্য ৰাষ্ট্র উপস্থিত আছিল। সময় যােৱাৰ লগে লগে গােষ্ঠী নিৰপেক্ষ আন্দোলনৰ সদস্য সংখ্যা বাঢ়ি গ’ল। ২০০৬ চনত কিউবাৰ হাভানাত হােৱা সন্মিলনত ১১৬ খন সদস্য ৰাষ্ট্ৰ আৰু ১৫ খন পর্যবেক্ষক দেশ চামিল হয়। গােষ্ঠী নিৰপেক্ষ আন্দোলন জনপ্রিয় হৈ পৰাৰ লগে লগে বেলেগে বেলেগ ৰাজনৈতিক পদ্ধতি আৰু স্বার্থই ইয়াত যােগদান কৰিলে। ইয়াৰ দ্বাৰা গােষ্ঠী নিৰপেক্ষ আন্দোলনৰ মূল নীতিলৈ পৰিৱৰ্তন আহিল।

প্রঃ শীতল যুদ্ধ’ কেতিয়া আৰম্ভ আৰু কেতিয়া অন্ত হৈছিল? 

উ : শীতল যুদ্ধ ১৯৪৫ চনত আৰম্ভ হৈ ১৯৯১ চনত অন্ত পৰে।

প্রঃ শীতল যুদ্ধ কাক বােলে? শীতল যুদ্ধৰ তিনিটা কাৰণ লিখা।

উঃ দ্বিতীয় বিশ্বযুদ্ধৰ সমাপ্তিৰ পিছত নতুনকৈ উঠি অহা দুই মহাশক্তি ক্রমে আমেৰিকা যুক্তৰাষ্ট আৰু ছােভিয়েট ইউনিয়ন মাজত আধিপত্য স্থাপনক লৈ আৰম্ভ হােৱা সংঘাতকে শীতল যুদ্ধ বুলি কোৱা হয়।

প্র : শীতল যুদ্ধৰ যুগত দুই বৃহৎ গােষ্ঠীৰ বাহিৰেও উদ্ভৱ হােৱা তৃতীয় গােষ্ঠীটো কি আছিল?

উঃ গােষ্ঠী নিৰপেক্ষ গােট।

Leave a Comment

Your email address will not be published. Required fields are marked *


Scroll to Top