পৰিকল্পিত বিকাশৰ ৰাজনীতি গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰ HS 2nd Year

পৰিকল্পিত বিকাশৰ ৰাজনীতি | Hs 2nd year ৰাজনীতি বিজ্ঞান| Class 12 Political Science Chapter 12 question Answer In Assamese Medium

বিষয় ৰাজনীতি বিজ্ঞান
পাঠৰ নামপৰিকল্পিত বিকাশৰ ৰাজনীতি
উপলব্ধগুৰুত্বপূৰ্ণ প্ৰশ্নোত্তৰ
খণ্ড(খ) অংশ
শ্ৰেণী দ্বাদশ শ্ৰেণী অধ্যায় 12
পাঠ্যক্ৰম 
অসম মাধ্যমিক শিক্ষা পৰিষদৰ (AHSEC)

পৰিকল্পিত বিকাশৰ ৰাজনীতি প্ৰশ্ন উত্তৰ

প্র : বর্তমান পৰিকল্পনা আয়োগৰ স্থানত থকা সংগঠনটোৰ নাম কি?
উ: NITI AYOG (National Institute for Transforming India) আয়োগ।

প্র : পৰিকল্পনাৰ দুটা উদ্দেশ্য উল্লেখ কৰা।
উ: (১) কৃষিখণ্ডৰ বিকাশৰ ওপৰত গুৰুত্ব দিয়া।
(২) জাতীয় আয় বৃদ্ধি আৰু সম্পদৰ উচিত ব্যৱহাৰ।

প্র: পৰিকল্পনা আয়োগ কেতিয়া গঠন কৰা হৈছিল।
উ: ১৯৫০ চনৰ মাৰ্চ মাহত।

প্র : পৰিকল্পিত উন্নয়ন বুলিলে কি বুজা?
উঃ পৰিকল্পিত উন্নয়ন বুলিলে নির্দিষ্ট নীতি অনুসৰণৰ জৰিয়তে দেশৰ উন্নয়ন সাধনক সূচায়।

প্র : ‘ভাৰতৰ দুগ্ধমানৱ’ বুলি কাক কোৱা হয়? 
উঃ ভাগিজ কুৰীয়েনক।

প্র : বিকাশৰ দুটা আৰ্হি আছিল, এটা আছিল উদাৰ পুঁজিবাদী আৰ্হি আৰু আনটো কি?
উ: সমাজবাদী আৰ্হি।

প্র: প্রথম পঞ্চবার্ষিক পৰিকল্পনাত সন্নিবিষ্ট এটা বৃহৎ মাত্ৰাৰ প্ৰকল্পৰ নাম লিখা।
উঃ ভাক্ৰানাঙ্গল প্ৰকল্প।

প্র : FYP কি?
উ: Five Year plan.

প্র : কৃষকসকলৰ যিকোনো এটা সংগঠনৰ নাম লিখা।
উ : ভাৰতীয় কৃষক সংঘ।

প্র : দ্বিতীয় পঞ্চবার্ষিক পৰিকল্পনাই কিহৰ ওপৰত গুৰুত্ব দিছিল।
উ: গুৰু উদ্যোগৰ ওপৰত।

প্র : পি. চি. মহলানবীশ কোন আছিল?
উঃ পি. চি. মহলানবীশ এজন বিশ্ববিখ্যাত বৈজ্ঞানিক আৰু পৰিসংখ্যাবিদ আছিল। তেওঁ দ্বিতীয়খন পঞ্চবার্ষিক পৰিকল্পনাৰ প্রস্তুতকর্তা আছিল। তেৱে উদ্যোগীকৰণ আৰু দ্রুত ৰাজহুৱা খণ্ডৰ সমৰ্থক আছিল।

পৰিকল্পিত বিকাশৰ ৰাজনীতি প্ৰশ্ন উত্তৰ

প্র : পৰিকল্পনা কাক বোলে?
উঃ আৰ্থিক উন্নয়নৰ প্ৰক্ৰিয়াত চৰকাৰৰ অংশগ্ৰহণ পৰিকল্পনা নামৰ শব্দটোৰ লগত জড়িত। চৰকাৰে যেতিয়া দেশৰ আৰ্থিক অৱস্থাৰ অর্থনৈতিক উন্নতিৰ বাবে আয়-ব্যয়ৰ পূৰ্বানুমান কৰে আৰু লগতে উন্নয়নৰ বাবে কিছুমান ক্ষেত্ৰ অগ্ৰাধিকাৰ ভিত্তিত নিৰ্বাচিত কৰে, তাকে পৰিকল্পনা বোলে।

প্র: প্রথম পঞ্চবার্ষিক পৰিকল্পনা কেতিয়া আৰম্ভ কৰা হৈছিল ?
উঃ ১৯৫১ চনত।

প্র: সেউজ বিপ্লৱৰ দুটা প্রভাৱ লিখা।
উঃ (১) দৰিদ্ৰ কৃষক আৰু ভূস্বামীসকলৰ মাজত থকা তীব্র বিৰোধৰ ফলত বামপন্থী সংগঠনসমূহে দৰিদ্ৰ কৃষকসকলক সংগঠিত কৰাৰ অনুকূল পৰিৱেশৰ সৃষ্টি হৈছিল। (২) সেউজ বিপ্লৱৰ ফলত মধ্যবর্তী শ্ৰেণীৰ কৃষকৰ উত্থান হৈছিল।

প্র: কেৰেলা মডেল বা আৰ্হি কি?
উ: ভাৰতৰ কেৰেলা ৰাজ্যই সূচনা কৰা পৰিকল্পনা আৰু বিকাশৰ পথক কেৰেলা আৰ্হি বোলা হয়।

প্রঃ বাওঁ বা বামপন্থী আৰু সৌপন্থী বুলিলে কি বুজা?
উ : বাওঁ বা বামপন্থী বুলিলে সেইসকলক বুজায়, যি দৰিদ্ৰ আৰু নিপীড়িতসকলৰ পক্ষত থিয় দিয়ে আৰু এইসকলৰ কল্যাণৰ বাবে চৰকাৰে গ্ৰহণ কৰা নীতিক সমর্থন কৰে। সৌপন্থী বুলিলে সেইসকলক বুজোৱা হয়, যি বিশ্বাস কৰে যে মুক্ত প্রতিযোগিতা আৰু বজাৰ, অর্থনীতিয়েহে কেৱল প্ৰগতি সাধন কৰিব পাৰে।

লগতে পঢ়ক:   সাম্প্রতিক দক্ষিণ এছিয়া Class 12 | গুৰুত্বপূৰ্ণ প্ৰশ্নোত্তৰ ৰাজনীতি বিজ্ঞান

প্র : দেশৰ অৰ্থনৈতিক আৰু সামাজিক প্রেক্ষাপটত পৰিকল্পনাৰ প্ৰয়োজনীয়তা সম্পর্কে আলোচনা কৰা।
উঃ(১) পৰিকল্পনাৰ জৰিয়তে দেশৰ বাবে প্ৰয়োজনীয় খৰচৰ পূর্বানুমান কৰিব পাৰি। (২) দেশৰ আৰ্থিক সুস্থিৰতাৰ লগত পৰিকল্পনাৰ সম্পৰ্ক আছে। (৩) অর্থনৈতিক পৰিকল্পনাই দেশৰ জনসাধাৰণৰ জীৱন ধাৰণৰ মানদণ্ড উন্নত কৰাত সহায় কৰে। (৪) অর্থনৈতিক পৰিকল্পনাই উন্নয়নৰ বাবে অগ্ৰাধিকাৰ ভিত্তিত কিছুমান ক্ষেত্রক নিৰ্বাচিত কৰে। যাৰ ফলত অর্থনৈতিক উন্নয়নে দেশখনৰ আৰ্থিক অৱস্থাত প্ৰভাৱ পেলায়।

প্ৰঃ ভাৰতৰ পৰিকল্পাৰ মূল উদ্দেশ্যসমূহ লিখা।
ড: (ক) পুৰুষ আৰু মহিলা—সকলো নাগৰিকৰ বাবে উপযুক্ত জীৱন নিৰ্বাহৰ উপায়ৰ অধিকাৰ থাকিব।

(খ) সমূহীয়া সম্পদৰ মালিকীস্বত্ব এনেদৰে বিতৰণ কৰা হ’ব যাতে উৎকৃষ্টভাৱে সামূহিক মঙ্গল সাধন হয়।

(গ) অর্থনৈতিক ব্যৱস্থা কাৰ্যকৰী কৰোতে যাতে সম্পদ আৰু উৎপাদনৰ উপায়সমূহ কেন্দ্রীভূত হৈ সামূহিক মঙ্গলৰ পৰিপন্থী নহ’ব।

Class 12 Political Science Chapter 12 question Answer In Assamese Medium

প্র : ভাৰতৰ স্বাধীনতাৰ আৰম্ভণি সময়ছোৱাত পৰিকল্পিত বিকাশৰ সৈতে জড়িত মূল বিতৰ্ক সমূহৰ বিষয়ে আলোচনা কৰা।
উঃ ভাৰতৰ স্বাধীনতা হৈছে ইয়াৰ জনসাধাৰণে অতি কষ্টেৰে ব্রিটিছ উপনিৱেশিক শক্তিৰ বিৰুদ্ধে অহিংসা পদ্ধতিৰে পোৱা স্বাধীনতা। দেশ স্বাধীন হোৱাৰ সময়ত ভাৰতৰ অধিকাংশ মানুহে দৰিদ্ৰতাৰে পীড়িত আছিল। স্বাধীনতাৰ পূৰ্বৰ পৰাই ভাৰতৰ নেতৃবৃন্দৰ ছোভিয়েট ইউনিয়নৰ লগত এক বন্ধুত্বপূর্ণ সম্পর্ক আছিল। ছোভিয়েট ইউনিয়নৰ সমাজবাদী পদ্ধতিৰ আর্থিক উন্নয়ন আৰু জনসাধাৰণৰ আৰ্থিক অৱস্থাত উন্নয়নে ভাৰতীয় নেতৃবৃন্দক স্বাধীন ভাৰতক ছোভিয়েট আৰ্হিৰ সমাজবাদী আর্থিক ব্যৱস্থা গ্ৰহণৰ বাবে অনুপ্রাণিত কৰিছিল। তাৰোপৰি, ভাৰতৰ ব্যাপক দৰিদ্ৰতা/পুঁজিবাদী পদ্ধতিৰে দুৰ কৰা সম্ভৱ নহয় বুলি জাতীয় নেতৃবৃন্দ নিশ্চিত আছিল।

আনহাতে, উদ্যোগপতি সকলৰ দ্বাৰা গৃহীত ১৯৪৪ চনৰ বোম্বে আঁচনিয়ে ভাৰতত সমাজবাদী পদ্ধতিৰ আৰ্থিক ব্যৱস্থা স্থাপনত গুৰুত্ব দিছিল। তাৰোপৰি, কৃষি উদ্যোগ, যোগাযোগ, বাণিজ্য আদি সকলো ক্ষেত্ৰতে পিছপৰি থকা ভাৰতত কোনটো খণ্ডক অগ্ৰাধিকাৰ দিব সেই বিষয়েও বিতর্ক হৈ থকা দেখা গৈছিল। দেশ নির্মাণত অৰিহণা থকা ভাৰতৰ বৃহৎ সংখ্যক পুঁজিপতিক কিদৰে সমাজবাদী ব্যৱস্থাত সুৰক্ষিত কৰি ৰাখিব পাৰি সেই বিষয়েও প্রথমে বিতর্ক হৈ থকা দেখা গৈছিল। স্বাধীন ভাৰতে লোৱা মিশ্র অর্থনৈতিক গাঁথনিও বহুতৰ মাজত এটি বিতর্কিত বিষয়। বহুতৰে মতে, আমেৰিকা আৰু ছোভিয়েট ইউনিয়নৰ লগত বন্ধুত্ব বজাই ৰখাৰ স্বাৰ্থত ভাৰতে এনেকুৱা পদ্ধতি গ্ৰহণ কৰিছিল। চিন্তাবিদসকলৰ মতে, ভাৰতবৰ্ষই সমাজবাদী বা পুঁজিবাদী যিকোনো এটা স্পষ্ট নীতি ল’ব লাগিছিল।

প্র : ভাৰতৰ আধুনিকীকৰণ আৰু বিকাশৰ ক্ষেত্ৰত পৰিকল্পনা আয়োগৰ ভূমিকা আলোচনা কৰা।
উ: স্বাধীনতাৰ পিছত ভাৰত চৰকাৰে ছোভিয়েট ৰাছিয়াৰ অনুকৰণত পৰিকল্পিত অর্থনীতিৰ ব্যৱস্থা আৰম্ভ কৰিছিল। ইয়াৰ জৰিয়তে পাঁচ বছৰৰ বাবে আয়-ব্যয়ৰ হিচাপ চৰকাৰে প্রস্তুত কৰিছিল আৰু প্ৰয়োজনত অপৰিকল্পিত শিতানৰ ব্যৱস্থাও চৰকাৰে ৰাখিছিল। জাতীয় আন্দোলনৰ নেতাসকলে ব্যক্তিগত পুঁজিপতিৰ দ্বাৰ্য দেশৰ বিকাশ সম্ভৱ নহয় বুলি দৃঢ়ভাৱে বিশ্বাস কৰিছিল।

লগতে পঢ়ক:   প্ৰাকৃতিক সম্পদৰ ব্যৱস্থাপনা (প্রশ্নোত্তৰ) দশম শ্ৰেণীৰ বিজ্ঞান অধ্যায় ১৬

আনহাতে, বোম্বে প্লেনৰ জৰিয়তে উদ্যোগপতি সকলে এই বিষয়ে নিজৰ সহমত প্ৰকাশ কৰিছিল। যোৱা ৬টা দশকত পৰিকল্পিত অর্থনীতিয়ে দেশৰ সামগ্রিক বিকাশৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ প্রভাৱ পেলাইছে। ১৯৫০ চনৰ মাৰ্চ মাহত পৰিকল্পনা আয়োগ এটা পৰামৰ্শকাৰী সংস্থা হিচাপে ভাৰত চৰকাৰে
গঠন কৰে। ভাৰতৰ প্ৰধানমন্ত্ৰীয়ে ইয়াৰ সভাপতি হিচাপে আয়োগখন পৰিচালনা কৰে। পৰৱৰ্তী সময়ত এই আয়োগখন এটা পৰামৰ্শকাৰী অনুষ্ঠানৰ পৰা গৈ পৰিকল্পনা প্রস্তুত আৰু নিয়ন্ত্ৰণকাৰী সংস্থাত পৰিণত হ’ল, যিয়ে কেন্দ্রীয়ভাবে সমগ্ৰ দেশৰ বাবে পৰিকল্পনা প্রস্তুত কৰে আৰু অগ্ৰাধিকাৰ ভিত্তিত অর্থনৈতিক প্ৰগতিৰ বাবে কিছুমান ক্ষেত্র নির্বাচন কৰে।

পৰিকল্পনা আয়োগে ভাৰতৰ আৰ্থিক সুস্থিৰতা আৰু সীমিত অর্থনৈতিক সুবিধাৰ মাজেৰে দেশৰ সম্পদসমূহৰ উচিত ব্যৱহাৰৰ বাবে পূৰ্বৰে পৰা চেষ্টা কৰি আহিছে। কৃষি আৰু উদ্যোগ এই দুটা প্রধান ক্ষেত্ৰৰ উপৰিও শিক্ষা, স্বাস্থ্য, বিজ্ঞান প্রযুক্তিবিদ্যা, সাংস্কৃতিক অনুষ্ঠানসমূহৰ স্থাপন আৰু বিকাশৰ বাবে পৰিকল্পনা আয়োগে প্রধান দ্বায়িত্ব পালন কৰিছে। দৰিদ্ৰতা হ্রাস কৰা, ভূমি সংস্কাৰ, বাদ্য-সংকট হ্ৰাসত প্রত্যক্ষ বা পৰোক্ষভাৱে এই আয়োগৰ হাত আছে। তাৰোপৰি, খাদ্য আৰু বিভিন্ন উদ্যোগিক উৎপাদনৰ ক্ষেত্ৰত ভাৰতৰ পূৰ্বৰ পৰনিৰ্ভৰশীলতা নোহোৱা কৰি পৰিকল্পনা আয়োগে দেশক আত্মনিৰ্ভৰশীল কৰাৰ চেষ্টা কৰিছে। এই ক্ষেত্ৰত আয়োগ সফল হৈছে আৰু কিছু সফলতা এতিয়াও পাবলৈ বাকী আছে।

পৰিকল্পনা আয়োগে ভাৰতৰ বিশাল জনসংখ্যা এক উপযুক্ত মানৱ সম্পদৰূপে গঢ়ি তোলাৰ বাবে অপ্রাণ চেষ্টা কৰিছে আৰু সময়ে সময়ে ইয়াৰ বিশ্লেষণ আৰু নতুন ব্যৱস্থা গ্ৰহণ কৰিছে। ভাৰতে ১৯৯১ চনত উদাৰীকৰণৰ পথ লোৱাৰ পিছতো সমাজবাদী আৰ্হিৰ পৰিকল্পনা আয়োগে পূৰ্বৰ দ্বায়িত্ব পালন কৰি আহিছে। ২০১৪ চনত নৰেদ্ৰ মোডীৰ নেতৃত্বাধীন চৰকাৰে পৰিকল্পনা আয়োগক সম্পূৰ্ণৰূপে বাতিল কৰি তাৰ ঠাইত NITI (National Institute for Transforming India) আয়োগ প্রতিষ্ঠা কৰিছে। পৰিৱৰ্তিত সমাজ আৰু আর্থিক প্রেক্ষাপটত পৰিকল্পনা আয়োগৰ কাৰ্যাৱলী ধাৰাবাহিক নতুন আধুনিক নীটি আয়োগ প্রতিষ্ঠা কৰিছে। সংকোচনৰ বাবে চৰকাৰে ইয়াক বিলুপ্ত কৰি ইয়াৰ ঠাইত এক নতুন আধুনিক নীতি আয়োগ প্ৰতিষ্ঠা কৰিছে।

পৰিকল্পিত বিকাশৰ ৰাজনীতি প্ৰশ্ন উত্তৰ

প্র: সেউজ বিপ্লৱ কি? ভাৰতৰ সেউজ বিপ্লৱৰ বিষয়ে সমালোচনায়ক আলোচনা কৰা। নাইবা সেউজ বিপ্লৱ বুলিলে কি বুজা? সেউজ বিপ্লৱৰ অর্থনৈতিক আৰু ৰাজনৈতিক ফলাফল আলোচনা কৰা।
উঃ সেউজ বিপ্লৱ বুলিলে আমি সাধাৰণতে কৃষিক্ষেত্ৰত হোৱা আধুনিকীকৰণক বুজো। ইয়াৰ জৰিয়তে ভাৰতীয় অর্থনীতিত বেছি অংশ থকা কৃষিখণ্ডক আধুনিক আৰু বিজ্ঞানসম্মতভাৱে বিশ্ব পৰ্যায়ৰ মানদণ্ড দিয়াৰ চেষ্টা কৰা হৈছিল। উন্নত মানদণ্ডৰ বীজৰ প্ৰয়োগ, কৃষি পথাৰ সমূহত জলসিঞ্চনৰ ব্যৱস্থা আৰু বিদ্যুতকৰণ, আধুনিক প্রযুক্তি ব্যৱহাৰৰ লগতে উৎপাদনক্ষম সাৰৰ প্ৰয়োগ আদিকে বুজায়। সেউজ বিপ্লৱৰ জৰিয়তে ভাৰতীয় কৃষিখণ্ডত সেউজ বিপ্লৱৰ প্ৰসাৰ কৰাৰ চেষ্টা কৰা হৈছিল সেউজ বিপ্লৱ হৈছে এক চৰকাৰী প্রচেষ্টা যাৰ জৰিয়তে কৃষিখণ্ডৰ উৎপাদন বৃদ্ধিৰ লগে লগে আধুনিক বজাৰৰ সৃষ্টি কৰি কৃষকসকলৰ আৰ্থিক অৱস্থাৰ উন্নতি ঘটোৱাৰ চেষ্টা কৰা হৈছিল। এই বিপ্লৱৰ জৰিয়তে কৃষিখণ্ডত বিত্তৰ যোগান খৰতকীয়া কৰা হৈছিল আৰু আনুষ্ঠানিক বিত্তীয় অনুষ্ঠানসমূহৰ প্ৰসাৰ ঘটোৱা হৈছিল।

সেউজ বিপ্লৱৰ আৰ্থিক ফলাফল : (১) আনুষ্ঠানিক বিত্তীয় অনুষ্ঠানসমূহক সেউজ বিপ্লৱৰ সময়ছোৱাত সৃষ্টি কৰা হৈছিল যদিও অনুষ্ঠানসমূহে গাঁৱলীয়া মহাজন, সদাগৰ জাতীয় অবৈজ্ঞানিক আর্থিক উৎসসমূহ বন্ধ কৰাত সফল হোৱা নাছিল।

লগতে পঢ়ক:   বড়োসকল Class 10 (সম্পূৰ্ণ প্ৰশ্নোত্তৰ) বৈচিত্র্যময় অসম দশম শ্ৰেণী (X)

(২) চৰকাৰী সুবিধাসমূহ দুখীয়া আৰু উপাস্ত কৃষকসকলে পোৱা নাই, যাৰ ফলত এই শ্রেণীৰ কৃষকৰ সেউজ বিপ্লৱৰ পৰা কোনো প্রত্যক্ষ লাভ হোৱা নাই। (৩) সেউজ বিপ্লৱৰ জৰিয়তে গ্রামাঞ্চলত একচাম ধনী শ্রেণীৰ কৃষকৰ জন্ম হৈছে। যিয়ে, কৃষিখণ্ডক দুটা ভাগত ভাগ কৰিছে আৰু সমস্যাসমূহ অধিক
ব্যাপক কৰি তুলিছে।

ৰাজনৈতিক ফলাফলঃ (১) সেউজ বিপ্লৱে ভাৰতত প্ৰথমে ধনী আৰু দুখীয়া ৰাজ্যৰ ধাৰণাটো সৃষ্টি কৰিছিল৷ এই বিপ্লৱৰ যোগেদি পাঞ্জাৱ, হাৰিয়ানা আদি ৰাজ্যসমূহ আর্থিকভাৱে শক্তিশালী হৈছে। কিন্তু, বিহাৰ, অসম আদিৰ দৰে ৰাজ্য ইয়াৰ দ্বাৰা লাভান্বিত হোৱা নাই।

(২) সেউজ বিপ্লৱৰ দ্বাৰা অৱহেলিত অঞ্চল আৰু দুখীয়া সমস্যাৰ সৃষ্টি হৈছে। কৃষকসকলক লৈ পৰৱৰ্তী সময়ত মাওবাদীৰ দৰে সন্ত্রাসবাদী সমস্যাৰ সৃষ্টি হৈছিল ।
(৩) সেউজ বিপ্লৱৰ আঁচনিয়ে পৰৱর্তী সময়ত ভাৰতত চলি থকা ভূমি সংস্কাৰ আঁচনিসমূহৰ গুৰুত্ব কমাই আনিলে।

পৰিকল্পিত বিকাশৰ ৰাজনীতি প্ৰশ্ন উত্তৰ

প্র : দ্বিতীয় পঞ্চবার্ষিক পৰিকল্পনাৰ সময়ত উদ্যোগীকৰণ আৰু কৃষি বিকাশৰ মাজত উদ্ভৱ হোৱা বিতৰ্কৰ আলোচনা কৰা।
উ : স্বাধীনতাৰ পৰৱৰ্তীকালত গ্ৰহণ কৰা বিকাশৰ নীতি, বিশেষকৈ পৰিকল্পিত বিকাশৰ নীতিয়ে প্রথমাৱস্থাত জনসাধাৰণৰ মাজত যথেষ্ট উৎসাহ-উদ্দীপনাৰ সৃষ্টি কৰিবলৈ সক্ষম হ’লেও পৰৱৰ্তী সময়ত ই যথেষ্ট সমালোচনাৰ সম্মুখীন হৈছে। এই ক্ষেত্ৰত দ্বিতীয় পঞ্চবার্ষিক পৰিকল্পনাৰ সময়ত উদ্যোগীকৰণ আৰু কৃষি বিকাশৰ মাজত উদ্ভৱ হোৱা বিতর্কসমূহ তলত আলোচনা কৰা হ’ল-

প্রথম পঞ্চবার্ষিক পৰিকল্পনাত কৃষিখণ্ডই সৰ্বাধিক গুৰুত্ব লাভ কৰিছিল যদিও, দ্বিতীয় পঞ্চবার্ষিক পৰিকল্পনাৰ সময়ৰ পৰা কৃষিখণ্ডৰ ওপৰত দিয়া প্রাথমিকতা লাহে লাহে কমি আহিবলৈ ধৰে। তদুপৰি, ভূমিহীন কৃষকৰ হাতত ভূমি আবণ্টন দিয়াৰ লক্ষ্য আগত ৰাখি 1950 ৰ দশকত সূচনা কৰা ভূমিসংস্কাৰৰ নীতিৰ সঠিক প্রয়োগৰ ক্ষেত্ৰতো চৰকাৰে পর্যাপ্ত পৰিমাণে মনোনিৱেশ নকৰিলে।

ভাৰতবৰ্ষৰ প্ৰাক্তন প্রধানমন্ত্ৰী চৌধুৰী চৰণ সিঙে কৃষিখণ্ডই ভাৰতীয় পৰিকল্পনাত কৃষিয়ে মুখ্য স্থান পাব লাগে বুলি যুক্তি দৰ্শাইছিল। তেওঁৰ মতে ভাৰতীয় পৰিকল্পনাই চহৰাঞ্চল আৰু এচাম উদ্যোগপতিৰ বা সা-সম্পত্তি কঢ়িয়াই অনাৰ বিপৰীতে কৃষকসকলক তথা গ্ৰাম্যাঞ্চলৰ লোকসকলৰ দৰিদ্ৰতাৰ মুখলৈ ঠেলি দিছে। সকলো বিশেষজ্ঞ, ৰাজনীতিবিদ বা অর্থনীতিবিদে ভাৰতীয় পৰিকল্পনা ব্যৱস্থা আৰু উদ্যোগীকৰণৰ বিৰুদ্ধে গঢ়ি উঠা এনে অভিযোগ গ্রহণ কৰিব নোৱাৰিলে। এই ক্ষেত্ৰত তেওঁলোকে আগবঢ়োৱা যুক্তিসমূহ হ’ল-

(i) বৃহৎ প্রাকৃতিক আৰু মানৱ সম্পদৰ অধিকাৰী ভাৰত উদ্যোগৰ বাবে উপযুক্ত।
(ii) ভাৰতৰ কৃষিভূমিৰ ওপৰত অত্যধিক হেঁচা লাঘৱ কৰিবলৈ হ’লে উদ্যোগীকৰণৰ ওপৰত গুৰুত্ব দিয়াটো প্রয়োজন।
(iii) দ্রুত উদ্যোগীকৰণ কেৱল কৃষিখণ্ডৰ বাবেই নহয়, ভাৰতৰ সকলো খণ্ডৰ বিকাশৰ এক অন্যতম অত্যাবশ্যকীয় পূর্বচর্ত।
(iv) জাতীয় আৰু জনমুৰি আয়ৰ দ্ৰুত বৃদ্ধি কেৱল দ্রুত উদ্যোগীকৰণৰ জৰিয়তেহে সম্ভৱ। এনেদৰেই দ্বিতীয় পঞ্চবার্ষিক পৰিকল্পনাৰ সময়ছোৱাত কৃষিখণ্ডক নে উদ্যোগখণ্ডক অধিক গুৰুত্ব দিব এই লৈ বিতৰ্কৰ সৃষ্টি হৈছিল।

প্র : ‘ভাৰতৰ দুগ্ধমানৱ’ বুলি কাক কোৱা হয়? 

উঃ ভাগিজ কুৰীয়েনক।

প্র : FYP কি?

উ: Five Year plan.

প্র : বিকাশৰ দুটা আৰ্হি আছিল, এটা আছিল উদাৰ পুঁজিবাদী আৰ্হি আৰু আনটো কি?

উ: সমাজবাদী আৰ্হি।

প্র: প্রথম পঞ্চবার্ষিক পৰিকল্পনাত সন্নিবিষ্ট এটা বৃহৎ মাত্ৰাৰ প্ৰকল্পৰ নাম লিখা।

উঃ ভাক্ৰানাঙ্গল প্ৰকল্প।

প্র : কৃষকসকলৰ যিকোনো এটা সংগঠনৰ নাম লিখা।

উ : ভাৰতীয় কৃষক সংঘ।

Leave a Comment

Your email address will not be published. Required fields are marked *


Scroll to Top