দ্বি ৰাষ্ট্ৰবাদৰ অৱসান Class 12 Chapter 2 Question Answer Assamese

বিষয়  ৰাজনীতি বিজ্ঞান
পাঠৰ নাম দ্বি ৰাষ্ট্ৰবাদৰ অৱসান
শ্ৰেণী  দ্বাদশ শ্ৰেণী
অংশ (ক)
পাঠৰ নং অধ্যায় 2
পাঠ্যক্ৰম  অসম মাধ্যমিক শিক্ষা পৰিষদৰ (AHSEC)

দ্বি ৰাষ্ট্ৰবাদৰ অৱসান Question Answer

প্রঃ ছােভিয়েট ইউনিয়নৰ ৰাজনৈতিক আৰু অর্থনৈতিক সংস্কাৰ কোনে আৰম্ভ কৰিছিল? (Final-16)

উঃ মিখাইল গর্ভাচেভে।

প্রঃ ছােভিয়েট ইউনিয়নৰ বিভাজনৰ পিছত সৃষ্টি হােৱা দুখন দেশৰ নাম লিখা। (Final-16)
উঃ(১) বেলাৰুছ (২) ইউক্রেইন।

প্র : ১৯৮৫ চনত ছােভিয়েট ইউনিয়নত মিখাইল গর্বাচেভে সংস্কাৰৰ সূচনা কৰিছিল। (Final-16/18)

প্রঃ ছােভিয়েট ইউনিয়ন পতনৰ ফলাফলৰ ফলশ্রুতিসমূহ আলােচনা কৰা। (Final-20) নাইবা।
ছােভিয়েট ইউনিয়ন পতনৰ পিছত কি কি পৰিৱৰ্তন বিশ্ব ৰাজনীতিত হৈছিল সেই বিষয়ে আলােচনা কৰা।
উ : ১৯৯১ চনত ছােভিয়েট ইউনিয়নৰ পতন হয়। ছােভিয়েট সংঘৰ পতন হৈছে আন্তঃৰাষ্ট্ৰীয় ৰাজনীতিৰ এটা গুৰুত্বপূৰ্ণ পৰিঘটনা। ইয়াৰ পতনৰ লগে লগে প্রায় সাত দশক জুৰি চলি থকা সমাজবাদী ব্যৱস্থা এটা আৰু প্রায় চাৰি দশকৰো অধিক সময় চলি থকা শীতল যুদ্ধৰ আনুষ্ঠানিকতা অন্ত পৰে। তলত ইয়াৰ ফলশ্রুতিসমূহ আলােচনা কৰা হ’ল-
(১) ছােভিয়েট সংঘ ভাংঙোনৰ ফলত আন্তঃৰাষ্ট্ৰীয় ক্ষেত্ৰত চলি থকা দ্বি-মেৰুত বিভক্ত আন্তঃর্জাতিক ব্যৱস্থাৰ অন্ত পৰে। (২) ইয়াৰ ফলত আমেৰিকা যুক্তৰাষ্ট্ৰ বিশ্বৰ একমাত্র মহাশক্তিত পৰিণত হয়। যিটো ব্যৱস্থা বর্তমানেও অব্যাহত আছে। (৩) ছােভিয়েট ইউনিয়নৰ ভাঙোনে নতুন নতুন স্বাধীন ৰাষ্ট্রৰ সৃষ্টি কৰে। (৪) ইয়াৰ পিছতেই গােটেই পৃথিৱীজুৰি আমেৰিকাৰ নেতৃত্বত গােলকীকৰণৰ সূচনা হয়। (৫) বিশ্ববেংক, আন্তঃৰাষ্ট্ৰীয় মুদ্রানিধি আদি আমেৰিকাৰ নেতৃত্বাধীন এই আর্থিক সংস্থাসমূহৰ নেতৃত্বত গােটেই পৃথিৱীজুৰি আর্থিক উদাৰতা ছােভিয়েট সংঘৰ পতনৰ পিছৰ পৰা আৰম্ভ হয়। (৬) ছছাভিয়েট সংঘৰ পতনৰ পিছত আন্তঃৰাষ্ট্ৰীয় ৰাজনীতিত যুদ্ধৰ গুৰুত্ব ক্রমাগতভাৱে হ্রাস পায় আৰু নিৰস্ত্ৰীকৰণৰ এক পৰিৱেশৰ সৃষ্টি হয়।  (৭) ছােভিয়েট ইউনিয়নৰ পতনে পৰােক্ষভাৱে আন্তঃৰাষ্ট্ৰীয় প্রেক্ষাপটত এটা বহুমেৰুসম্পন্ন ৰাজনৈতিক ব্যৱস্থা গঢ় লৈ উঠাতে সহায় কৰে।

মূল্যায়নঃ ছােভিয়েট ইউনিয়নৰ পতন এক সুদূৰ প্ৰসাৰী ঘটনা। ইয়াৰ ফলত যেনেকৈ সমাজবাদৰ আনুষ্ঠানিক সমাপ্তি ঘটিছিল আনহাতেই গােটেই ক্ষেত্রবিলাকত আমেৰিকা যুক্তৰাষ্ট্ৰক শক্তিশালী কৰিছিল।

প্রঃ কোনখন দেশ ভাঙি পৰাটোক দ্বিতীয় বিশ্ব ভাঙি পৰা বুলি জনা যায়। (Final-19)

উঃ ছােভিয়েট ইউনিয়ন।

প্রঃ ছােভিয়েট ইউনিয়নৰ খণ্ডিতকৰণৰ দুটা কাৰণ লিখা। (Final-19/17/20)
নাইবা
ছােভিয়েট ইউনিয়ন কিয় ভংগ হৈছিল? আলােচনা কৰা। (Final-19/20)
উঃ ১৯১৭ চনত বলছােভিক বিপ্লৱৰ মাধ্যমেৰে লেনিনৰ নেতৃত্বত ছােভিয়েটে ইউনিয়ন দ্বি-সমাজবাদী আদৰ্শৰ ভিত্তিত গঢ় লৈ উঠিছিল। অতি কম সময়ৰ ভিতৰত এই দেশখন এখন শক্তিশালী আৰু আর্থিকভাৱে ধনী দেশলৈ ৰূপান্তৰিত হৈছিল। তাৰােপৰি, ই তৃতীয় বিশ্ব আৰু গােষ্ঠী নিৰপেক্ষ দেশসমূহৰ ত্রাণকর্তা হিচাপে দেখা দিছিল। ছােভিয়েট ইউনিয়ন ভাঙি যােৱাৰ কাৰণসমূহ আলােচনা কৰা হ’ল-

(১) মহাশক্তি হিচাপে প্রতিষ্ঠা হােৱাৰ বাবে আৰু পাৰমাণৱিক অস্ত্র-শস্ত্র তথা পৰম্পৰাগত অস্ত্র-শস্ত্র উৎপাদনত কৰিবলগীয়া হােৱা প্ৰচুৰ খৰচৰ বাবে ই আর্থিকভাৱে দুৰ্বল হৈ পৰিছিল।

(২) ছােভিয়েট প্রশাসনত কমিউনিষ্ট দলে চৰকাৰত প্ৰভুত্ব বিস্তাৰ কৰিছিল। এই দলৰ প্ৰশাসনত দেখা দিয়া ব্যাপক দুর্নীতিয়ে চৰকাৰত সংকটৰ সৃষ্টি কৰিছিল।

(৩) ছােভিয়েট সংঘৰ বিভিন্ন গণৰাজ্যত ক্রমাগতভাৱে বৃদ্ধি হােৱা স্বাধীনতাৰ মনােভাব হ’ল ইয়াৰ পতনৰ অন্যতম কাৰণ।

লগতে পঢ়ক:   পৰিকল্পিত বিকাশৰ ৰাজনীতি গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰ HS 2nd Year

(৪) আর্থিক আৰু প্রযুক্তি বিদ্যাৰ ক্ষেত্ৰত আমেৰিকা তথা ইউৰােপীয়ান দেশসমূহৰ তুলনাত ছােভিয়েট সংঘৰ কম উন্নয়ন।

(৫) দশকৰ পিছত দশক ধৰি ব্যক্তিস্বাধীনতা আৰু মানৱ অধিকাৰৰ ওপৰত চলােৱা অৱদমন।

(৬) গর্বাচেভে উদ্ভাৱন কৰা ‘গ্লাচনােষ্ট’ আৰু পেৰেষ্ট্রোইকা প্রভাৱ হৈছে ছােভিয়েট ইউনিয়ন ভংগৰ তৎকালীন কাৰণ। গর্বাচেভে অর্থনৈতিক, প্রসাশনিক আদি দিশক সংস্কাৰ কৰি পশ্চিমৰ লগত মিত্ৰতা নীতিৰ পােষকতা কৰিছিল। কিন্তু ইয়াৰ বিৰুদ্ধে বিভিন্ন সমালােচনা আৰম্ভ হ’ল আৰু জনগণ বিভাজিত হৈ পৰিল।

(৭) ছােভিয়েট সংঘৰ গণৰাজ্যসমূহৰ দীর্ঘদিনীয়া অর্থনৈতিক দৈন্য তথা আর্থিক অসন্তুষ্টিও ইয়াৰ অন্যতম কাৰণ।

(৮) প্রশাসনত দেখা দিয়া অৰাজকতা, সাংগঠনিক দুর্বলতা আৰু দুর্নীতি আৰু জনতাৰ স্বাধীনতা নথকাৰ বাবে প্ৰশাসনৰ প্ৰতি জনতাৰ মােহভংগ হােৱা আৰম্ভ হৈছিল। তদুপৰি সাধাৰণ জনতাতকৈ দলীয় নেতাসকলে অধিক সা-সুবিধা পাইছিল আৰু ইয়াৰ, ৰাজনৈতিক-প্রশাসনিক দিশৰ লগত কোনাে সম্পর্ক জড়িত নােহােৱাৰ বাবে যি জনগণৰ সন্মতি সমর্থন হেৰুৱাইছিল।

(৯) ছােভিয়েটে ইউনিয়ন একে সময়তে ৰাজনৈতিক আৰু প্রশাসনিক বিকাশৰ পৰাও দুর্বল হৈ পৰিছিল। ইয়াৰ সাম্যবাদী দল যি ৭০ বছৰ ধৰি শাসনৰ গাদীত আছিল। কিন্তু ইয়াৰ জনতাৰ ওচৰত কোনাে দায়বদ্ধতা নাছিল।

(১০) সাধাৰণ মানুহে পশ্চিমৰ অর্থনৈতিক অগ্রগতিৰ বিষয়ে অধিক জ্ঞান-লাভ কৰিছিল। তেওঁলােকে পশ্চিমৰ আৰু নিজ দেশৰ ব্যৱস্থাৰ ব্যৱধান ধৰা পেলাব পাৰিছিল। ছােভিয়েট ব্যৱস্থাটোক পশ্চিমৰ পুঁজিবাদী ব্যৱস্থাতকৈ শ্রেষ্ঠ বুলি বাৰে বাৰে কৈ অহাৰ পাছতাে, প্রকৃত সত্যতা পৰিষ্কাৰ হৈ পৰাত মানুহৰ মাজত সামাজিক আৰু মনােবৈজ্ঞানিক প্রভাৱ পৰিস্ফুট হৈ পৰিছিল।

(১১) ছােভিয়েট ইউনিয়নৰ ৰাজনৈতিক আৰু অর্থনৈতিক অনুষ্ঠানসমূহৰ আভ্যন্তৰীণ দুর্বলতা আৰু জনসাধাৰণৰ আশা পূৰণ কৰাত ইয়াৰ বিকলতা ছােভিয়েট ইউনিয়ন পতন হােৱাৰ অন্যতম কাৰণ।

Class 12 Political Science Chapter 2 Question Answer Assamese

প্রঃ ছােভিয়েট ইউনিয়ন বিভাজনৰ পৰিণাম বা ফলাফল লিখা। (Final-20)
উঃ ছােভিয়েট ইউনিয়নৰ পতন আৰু ইউৰােপৰ সমাজবাদী ধাৰণাৰ পতনে বিশ্বৰ ৰাজনীতিত সুদূৰ প্ৰসাৰী প্ৰভাৱ পেলাইছিল।
(১) সমাজবাদী আৰু পুঁজিবাদী আদৰ্শৰ শ্ৰেষ্ঠতা প্রতিষ্ঠাৰ বুজন অস্তিত্বৰ সমাপ্তি হৈ পুজীবাদী ব্যৱস্থা শক্তিশালী হৈ পৰিল।

(২) ছােভিয়েট ৰাছিয়াৰ পতনে আমেৰিকাক বিশ্বৰ একমাত্র মহাশক্তিধৰ দেশলৈ পৰিগণিত কৰিলে।

(৩) ছােভিয়েট ৰাছিয়া পতনৰ পাছত বহুত নতুন ৰাষ্ট্রৰ জন্ম হ’ল। এই প্রতিখন ৰাষ্ট্ৰৰ নিজা স্বাধীন আশা আৰু আকাংক্ষা আছে। ইয়াৰ কিছুমান দেশে বিশেষতঃ Baltic আৰু পূর্ব ইউৰােপীয় দেশ সমূহ Europian Unionৰ লগত থাকিব বিচাৰিলে আৰু NATOৰ সদস্যভুক্ত হ’ল। কেন্দ্রীয় এছিয়াৰ দেশসমূহে নিজ ভৌগােলিক অৱস্থানৰ সুবিধা গ্রহণ কৰি Sorictৰ লগত সম্বন্ধ ৰক্ষাৰ উপৰি পশ্চিমীয়া দেশ China, US আদিৰ লগত ভাল সম্বন্ধ বর্তাই থাকিব। বিচাৰিলে।

(৪) অন্যান্য জাতি গােট যেনে ইউৰােপীয় সংঘ, নেচন ষ্টেট আদিয়ে শক্তিশালী ৰূপত আত্মপ্রকাশ কৰিবলৈ সুবিধা পালে।
##

প্র : গর্বাচেভে আৰম্ভ কৰা দুটা সংস্কাৰৰ নাম উল্লেখ কৰা।
উঃ Glasnots আৰু Perestroika
Glashots মানে হৈছে মুক্ত বাতাবৰণ আৰু Perestroika মানে হৈছে পুনর্গঠন।

প্র: USSRৰ সৃষ্টি কেতিয়া হৈছিল? উঃ ১৯১৭ চনত।

প্রঃ ছােভিয়েটে ইউনিয়নৰ উত্তৰাধিকাৰী ৰাষ্ট্ৰ খন কি?
উঃ ৰাছিয়া।

প্রঃ দি মেৰুকৰণৰ কেতিয়া অৱসান ঘটে?
উঃ ১৯৯১ চনত।

লগতে পঢ়ক:   আন্তর্জাতিক সংগঠন Class 12 (গুৰুত্বপূৰ্ণ প্ৰশ্নোত্তৰ) ৰাজনীতি বিজ্ঞান

প্রঃ কোন চনত ৱাৰশ্ব চুক্তিখন ভংগ হৈছিল।
উঃ ১৯৯১ চনত।

প্রঃ ছােভিয়েটে ৰাছিয়াৰ পতনৰ পিছত এক মাত্র শক্তিধৰ দেশ হিচাপে কোন ৰাষ্ট্রৰ উত্থান ঘটে?
উ : আমেৰিকাৰ।

প্রঃ CISৰ পূৰ্ণ ৰূপটো লিখা।
উঃ Commonwealth of Independent States.

প্রঃ ভাৰত আৰু ৰাছিয়াৰ মাজত সম্পর্ক বজাই আছে বুলি তুমি ভাবানে?
উ: ভাবাে। কিয়নাে ৬০ খনতকৈ অধিক চুক্তি ভাৰত আৰু ৰাছিয়াৰ মাজত ২০০২ চনৰ Strategic Agreement আধাৰত স্বাক্ষৰিত হৈছিল।

প্রঃ ছােভিয়েট ৰাছিয়াৰ পতনৰ তাৎক্ষণিক কাৰণ কি আছিল?
উঃ ছােভিয়েট ৰাছিয়াৰ ৰাষ্ট্রপতি হিচাপে গর্বাচেভে ১৯৯১ চনৰ ২৫ ডিচেম্বৰত পদত্যাগ কৰাৰ লগে লগে ছােভিয়েট ইউনিয়নৰ পতন হয়।

প্রঃ ছােভিয়েট সমাজবাদী গণৰাজ্যত কোন দলে শাসন কৰিছিল?
উঃ সাম্যবাদী দলে।

প্রঃ ছােভিয়েট ইউনিয়ন কি আদৰ্শৰ ওপৰত প্রতিষ্ঠিত আছিল?
উঃ, সাম্যবাদী আদৰ্শৰ ওপৰত প্রতিষ্ঠিত আছিল।

দ্বি ৰাষ্ট্ৰবাদৰ অৱসান Class 12

প্রঃ ছােভিয়েট অর্থনীতিৰ দুটা বৈশিষ্ট্য লিখা।
উ : (১) ছােভিয়েট সংঘৰ চৰকাৰে ইয়াৰ জনসাধাৰণৰ জীৱনধাৰাৰ এক নূন্যতম মান থিৰাং কৰিছিল আৰু জনসাধাৰণক নিত্য প্রয়ােজন হােৱা সকলোেবােৰ সেৱা, যেনে- স্বাস্থ্য, শিক্ষা, শিশু-পালন আৰু অন্যান্য জনকল্যাণমূলক সেৱাৰ যােগান ধৰিছিল।
(২) ৰাষ্ট্র তত্ত্বাৱধান, মালিকীস্বত্বৰ অন্যতম প্রধান বাহক আছিল আৰু দেশৰ সমগ্র ভূমি আৰু অন্যান্য উৎপাদিত সামগ্রী নিয়ন্ত্রণ আৰু তত্ত্বাৱধান ৰাষ্ট্রৰ অধীনত আছিল।

প্রঃ মিখাইল গর্বাচেভ কোন আছিল?
উঃ মিখাইল গর্বাচেভ ১৯৮৫ চনত ছােভিয়েট ইউনিয়ন সাম্যবাদী দলৰ সাধাৰণ সম্পাদক হিচাপে নির্বাচিত হৈছিল। তেওঁ ছােভিয়েট ব্যৱস্থাৰ ৰাজনীতি আৰু অৰ্থনীতিৰ, পৰিৱৰ্তন আনিব বিচাৰিছিল আৰু নিজ দেশৰ চৰকাৰী ব্যৱস্থাত গণতান্ত্রিক মূল্যবােধক অগ্রাধিকাৰ দিছিল। এনে পৰিৱর্তন বা সংশােধনক তেওঁৰ নিজ সাম্যবাদী দলৰ নেতাই বিৰােধিতা কৰিছিল। ১৯৯১ চনৰ ২৫ ডিচেম্বৰত অনেক বাধাৰ সন্মুখীন হৈ ছােভিয়েট ইউনিয়নৰ ৰাষ্ট্রপতি হিচাপে গর্বাচেভে পদত্যাগ কৰে। ইয়াৰ লগে লগে ছােভিয়েট ইউনিয়নৰ পৰিসমাপ্তি ঘটে।

প্র : চক থেৰাপি বুলিলে কি বুজা?
উঃ চক থেৰাপিঃ সাম্যবাদৰ পতনৰ পাছত বহুতাে ৰাষ্ট্রই একনায়কত্ববাদী সমাজবাদী ব্যৱস্থাৰ পৰা গণতান্ত্রিক ব্যৱস্থালৈ পৰিৱৰ্তন হােৱাৰ এক বিষয়ত ‘অভিজ্ঞতাৰ সম্মুখীন হ’ব লগা হ’ল। ছােভিয়েট ইউনিয়নৰ পতনৰ পিছত ৰাছিয়া, মধ্য এছিয়া আৰু পূব ইউৰােপৰ দেশসমূহে ভয়ংকৰ আর্থিক দুর্দশা আৰু প্ৰত্যাহ্বানৰ মাজেৰে বিশ্ব বেংক (World Bank) আৰু আন্তর্জাতিক মুদ্ৰানিধিৰ (IMF)ৰ দ্বাৰা পৰিচালিত পুঁজিবাদী ব্যৱস্থাৰ ফালে যাবলগীয়া হৈছিল। সমাজবাদী দেশসমূহৰ পুঁজিবাদী ব্যৱস্থালৈ যােৱা এই পৰিৱৰ্তনক চক থেৰাপি (আঘাত, নিৰাময়) বােলা হয়। Shock therapyৰ বিস্তাৰ আৰু প্ৰসাৰ দেশভেদে ভিন্ন হলেও ইয়াৰ আদৰ্শ, বৈশিষ্ট্য। সকলােতে একে।

প্রঃ বার্লিন দেৱালৰ দৈৰ্ঘ্য কিমান কিলােমিটাৰ আছিল? এই দেৱালৰ কেতিয়া পতন হয়? (Final-14/15)
উঃ বার্লিন দেৱালৰ দৈর্ঘ্য ১৫০ কি.মি.। ১৯৮৯ চনত এই দেৱালৰ পতন হয়।

প্রঃ ছােভিয়েট ইউনিয়ন বিভাজনৰ পৰা অহা নতুন ৰাষ্ট্ৰসমূহৰ ৰাজনৈতিক ব্যৱস্থাৰ বিষয়ে চমুকৈ লিখা। (Final-14/15)
উঃ ছােভিয়েট ইউনিয়নৰ পতন হােৱা বাবে বহুতাে নতুন ৰাষ্ট্রৰ জন্ম হয়। নতুনকৈ গঠন হােৱা এই ৰাষ্ট্ৰসমূহৰ নিজা স্বাধীন আশা আৰু আকাংক্ষা আছে। ইয়াৰে কিছুমান দেশে বিশেষকৈ Baltic আৰু পূর্ব ইউৰােপৰ দেশসমূহে Europian Unionৰ লগত থাকিবলৈ ইচছা প্রকাশ কৰি NATOৰ সদস্যভুক্ত হ’ল। কেন্দ্রীয় এছিয়াৰ দেশসমূহে নিজ ভৌগােলিক অৱস্থানৰ সুবিধা গ্রহণ কৰি ৰাছিয়াৰ লগত ওচৰ সম্বন্ধ ৰক্ষাৰ উপৰিও পশ্চিমীয়া দেশ, চীন আৰু আমেৰিকাৰ লগত সু-সম্পর্ক ৰক্ষা কৰিবলৈ বিচাৰিলে। এনেদৰে আন্তৰাষ্ট্ৰীয় ৰাজনীতিত নিজৰ স্বকীয়তা বজাই ৰাখি বহুতাে নতুন খেলুৱৈৰ জন্ম হ’ল যাৰ নিজস্ব অর্থনৈতিক, ৰাজনৈতিক ব্যৱস্থা আছে।

লগতে পঢ়ক:   আন্তঃৰাষ্ট্ৰীয় ৰাজনীতিত যুক্তৰাষ্ট্ৰৰ আধিপত্য Class 12 ৰাজনীতি বিজ্ঞান অধ্যায় 3

Class 12 Political Science Chapter 2 Question Answer Assamese

প্রঃ চক থেৰাপীৰ তিনিটা পৰিণাম লিখা।
উঃ (১) চক থেৰাপীয়ে সমূহীয়া উপভােগৰ ক্ষেত্ৰত যি সপােন দেখুৱাইছিল সি সম্পূর্ণ ব্যর্থ হৈছিল।
(২) ৰাছিয়াত দেখা গল প্রায় সকলাে গুৰু উদ্যোগ ধ্বংসৰ মুখলৈ আগবাঢ়ি গ’ল আৰু প্রায় ৯০ শতাংশ জাতীয় নিয়ন্ত্রণত থকা উদ্যোগ কোনাে ব্যক্তি বা প্রতিষ্ঠানক বিক্ৰী কৰাৰ প্ৰয়াস চলােৱা দেখা গ’ল।

(৩) পুৰণা সামাজিক কল্যাণমূলক আঁচনি সমূহৰ অৱলুপ্তি হৈছিল। চৰকাৰী অনুদান উঠাই লােৱাত এক বৃহৎসংখ্যক লােক দৰিদ্ৰতাৰ গৰাহত পৰিছিল। মধ্যবিত্ত সমাজে সুবিধা আদায় কৰিব বিচাৰিছিল আৰু শিক্ষিত আৰু জ্ঞানী লােকসকলৰ অন্য দেশলৈ প্ৰবজন ঘটিছিল।

প্র: আঘাত নিৰাময় কি? ই সাম্যবাদৰ পৰা পুজিবাদলৈ পৰিৱর্তনৰ উত্তম ব্যৱস্থানে? আঘাত নিৰাময়ৰ ফলাফলসমূহ লিখা।
উঃ সাম্যবাদী ছােভিয়েট ইউনিয়নৰ আৰু পূর্ব ইউৰােপৰ সমাজবাদী ব্যৱস্থাৰ তৎকালীন পতনৰ ফলত এই দেশসমূহত আর্থিক সংকট, অনিশ্চয়তা আৰু নিৰাপত্তাহীন পৰিস্থিতিৰ সৃষ্টি হৈছিল। এনেকুৱা ভয়াবহ আর্থিক সংকটৰ মােকাবিলা কৰিবলৈ বিশ্ববেংক আৰু আন্তর্জাতিক মুদ্রানিধিৰ পৰামৰ্শ আৰু সাহার্যত এই দেশসমূহে (পূৰ্ব সমাজবাদী) গণতান্ত্রিক (উদাৰ) পুঁজিবাদৰ ফালে গৈছিল। বিশ্ব ৰাজনীতিত এই সংস্কাৰ প্রক্রিয়াক “আঘাত নিৰাময়” বুলি কোৱা হয়।

“আঘাত নিৰাময়ক সাম্যবাদৰ পৰা পুঁজিবাদলৈ পৰিৱর্তনৰ উত্তম ব্যৱস্থা বুলি ক’ব নােৱাৰি। কিয়নাে

(১) এই পৰিৱর্তনৰ ফলত ৰাষ্ট্ৰ পৰিচালিত সমাজবাদী আর্থিক ব্যৱস্থা ভাঙি পেলােৱা হৈছিল। প্রায় সকলাে উদ্যোগ এই দেশবােৰত (ৰাছিয়া/পূর্ব ইউৰােপৰ দেশবােৰ) ব্যক্তিগতকৰণ কৰা হৈছিল।

(২) সমাজবাদৰ পৰা পুঁজিবাদলৈ হােৱা এই পৰিৱৰ্তনত ৰাছিয়ান, “ৰুবল”কে ধৰি অন্যান্য মুদ্ৰাৰ চূড়ান্ত পতন হৈছিল। ইয়াৰ ফলত দেশীয় মুদ্ৰাৰ মূল্য হ্রাস পােৱাৰ লগতে অভাৱনীয় হাৰত মূল্যবৃদ্ধি ঘটিছিল।
(৩) এই পৰিৱর্তনে দেশবােৰত পূৰ্বৰে পৰা চলি থকা ৰাজহুৱা বিতৰণ তথা সামাজিক কল্যাণ আঁচনিসমূহ ধ্বংস কৰিছিল আৰু জনসাধাৰণক ব্যাপক বিপদত পেলাইছিল।
(৪) ব্যক্তিগতক/উদাৰীকৰণৰ অনিয়ন্ত্রিত প্রক্রিয়াই ৰাছিয়াকে ধৰি অন্যান্য গণৰাজ্য তথা পূর্ব ইউৰােপৰ দেশসমূহত অপৰাধ প্রৱণতা, বৈষম্য আৰু অক্ষমতা দ্রুতভাৱে বৃদ্ধি কৰিছিল।
(৫) আন্তৰাষ্ট্ৰীয় বিত্তীয় সংস্থাসমূহ আৰু আমেৰিকাৰ উদ্যোগত চলা আঘাত নিৰাময়ৰ জৰিয়তে গণতন্ত্র প্রতিষ্ঠাৰ চেষ্টা বিফল হৈছিল। গণতন্ত্রৰ পৰিৱর্তে বেছিভাগ দেশকে কঠোৰ একনায়কত্ববাদে শাসন কৰিছিল।

প্রঃ কোনখন দেশ ভাঙি পৰাটোক দ্বিতীয় বিশ্ব ভাঙি পৰা বুলি জনা যায়।

উঃ ছােভিয়েট ইউনিয়ন।

প্রঃ ছােভিয়েট ইউনিয়নৰ ৰাজনৈতিক আৰু অর্থনৈতিক সংস্কাৰ কোনে আৰম্ভ কৰিছিল?

উঃ মিখাইল গর্ভাচেভে।

Leave a Comment

Your email address will not be published. Required fields are marked *


Scroll to Top