সাম্প্রতিক দক্ষিণ এছিয়া Class 12 | গুৰুত্বপূৰ্ণ প্ৰশ্নোত্তৰ ৰাজনীতি বিজ্ঞান

সাম্প্রতিক দক্ষিণ এছিয়া Class 12 Political Science Chapter 5 question Answer In Assamese Medium দ্বাদশ শ্ৰেণী ৰাজনীতি বিজ্ঞান অধ্যায় 5

বিষয় ৰাজনীতি বিজ্ঞান
পাঠৰ নামসাম্প্রতিক দক্ষিণ এছিয়া
উপলব্ধগুৰুত্বপূৰ্ণ প্ৰশ্নোত্তৰ
শ্ৰেণী দ্বাদশ শ্ৰেণী
পাঠৰ নংঅধ্যায় 5
পাঠ্যক্ৰম অসম মাধ্যমিক শিক্ষা পৰিষদৰ (AHSEC)

সাম্প্রতিক দক্ষিণ এছিয়া Class 12

প্র : শ্রীলংকা কেতিয়া স্বাধীন হৈছিল?
উঃ ১৯৪৮ চনত।

প্র : প্রথম SAARC শীর্ষ সন্মিলনখন ক’ত অনুষ্ঠিত হৈছিল?
উঃ ১৯৮৫ চনত বাংলাদেশৰ ঢাকাত।

প্র : শ্রীলংকাত সংঘাতত লিপ্ত থকা সম্প্রদায় দুটাৰ নাম লিখা।
উ : সিংহলী আৰু তামিল সম্প্রদায়।

প্ৰ: ভাৰত আৰু বাংলাদেশৰ মাজত সহযোগিতা আৰু সংঘাতৰ এটাকৈ দিশ উল্লেখ কৰা।
উ : ভাৰত আৰু বাংলাদেশৰ মাজত সহযোগিতাৰ এটা দিশ হ’ল— দুয়োখন দেশে বেহা-বেপাৰৰ বাবে ভালেমান ব্যৱস্থা হাতত লৈ আর্থিক সম্পর্ক উন্নীত কৰিছিল।
আনহাতে, দুয়োখন দেশৰ মাজত সংঘাতৰ এটা দিশ হৈছে— বাংলাদেশৰ পৰা বহুত লোক বে-আইনীভাৱে প্ৰব্ৰজন কৰি ৰাজনৈতিক সমস্যাৰ সৃষ্টি কৰিছে।

প্র : ছাৰ্কৰ ভূমিকা আৰু সীমাবদ্ধতাৰ বিষয়ে লিখা।
উ : দক্ষিণ এছিয়াৰ দেশবোৰৰ মাজত বহুতো বিবাদ আছিল যদিও এই দেশবোৰে তেওঁলোকৰ মাজত সহযোগিতা আৰু বন্ধুত্বমূলক সম্পৰ্কৰ আৱশ্যক আছে বুলি মানি ল’লে। ইয়াৰ ফলতে ১৯৮৫ চনত SAARC নামৰ এক আঞ্চলিক সংগঠন গঢ়ি উঠে। ছাৰ্কৰ প্ৰথম সন্মিলন ঢাকাত অনুষ্ঠিত হয়। ইয়াৰ
সদস্যসকল হৈছে– ভাৰত, পাকিস্তান, নেপাল, বাংলাদেশ, ভূটান, শ্রীলংকা আৰু মালদ্বীপ।

SAARCত ভাৰতে বিশেষ ভূমিকা পালন কৰিছে। দক্ষিণ এছিয়াৰ ৭২ শতাংশ অঞ্চল ভাৰতৰ অন্তৰ্ভুক্ত।৭৭ শতাংশ জনসংখ্যা আৰু ৭৮ শতাংশ মুঠ উৎপাদন হৈছে ভাৰতৰ। সেয়েহে ভাৰতে ছাৰ্কত বিশেষ প্রতিনিধিত্ব কৰিবলৈ সক্ষম হৈছে। ভাৰতে ছাকৰ অধিৱেশনসমূহত বিভিন্ন ধৰণৰ নতুন ধাৰণা যেনে পৰিৱেশৰ ভিন্নতা, জলবায়ুৰ পৰিৱৰ্তন, অ’জন লেয়াৰৰ ৰক্ষণ আদি উপস্থাপন কৰিছে। SAARCৰ এখন সম্মিলনত দক্ষিণ এছিয়ান মুক্ত বাণিজ্য চুক্তি সম্পাদিত হৈছিল।

ছাৰ্কৰ বিশেষ অধিৱেশনসমূহত কৃষি, বিজ্ঞান আৰু কাৰিকৰী কৌশল আদি বিষয় লৈ আলোচনা হৈছিল যদিও দেশবিলাকত থকা বিভিন্নতাই ছাৰ্কৰ সফলতাত হেঙাৰ সৃষ্টি কৰিছে। ভাৰতৰ বৃহৎ জনশক্তি আৰু ইয়াৰ বিশালতাৰ বাবে ছাৰ্কৰ দেশসমূহে ভাৰতক ভাতৃ সদৃশ ব্যৱহাৰ কৰিবলৈ বাধ্য হৈছে বুলি সমালোচিত হৈছে। ভাৰততকৈ তুলনামূলকভাৱে কম শক্তিশালী দেশসমূহে ভাৰতে সেইবোৰ দেশৰ সাৰ্বভৌমত্বত হস্তক্ষেপ কৰিব পাৰে বুলি শংকা কৰা দেখা যায়।

সাম্প্রতিক দক্ষিণ এছিয়া Class 12 Question Answer

প্র : SAFTAৰ সম্পূর্ণ নাম লিখা। SAFTA কেতিয়া চহী কৰা হয়। ইয়াৰ প্ৰধান উদ্দেশ্যসমূহ কি কি?
উ : SAFTAৰ সম্পূর্ণ নাম হৈছে— ‘South Asian Free Trade Agreement’ ২০০৪ চনত ইছলামাবাদত অনুষ্ঠিত ছাৰ্কৰ ১২তম সম্মিলনত এই চুক্তি সম্পাদিত হয়। এই চুক্তিৰ উদ্দেশ্য হৈছে সমগ্র দক্ষিণ এছিয়াৰ বাবে এক মুকলি বাণিজ্য স্থল স্থাপনৰ বাবে প্রতিশ্রুতিবদ্ধ হোৱা। যদিহে অঞ্চলটোৰ আটাইবোৰ দেশে চাৰিসীমা অতিক্ৰম কৰি মুকলি বাণিজ্য কৰিবলৈ অনুমতি দিয়ে তেতিয়া শান্তি আৰু সহযোগিতাৰ এক নতুন অধ্যায় মুকলি হ’ব। ২০০৪ চনত এই চুক্তি স্বাক্ষৰিত হয় আৰু ২০০৬ চনৰ ১ জানুৱাৰিৰ পৰা ই কাৰ্যকৰী হয়। SAFTA ই ২০০৭ চনলৈ বাণিজ্য নিৰিখ ২০ শতাংশ হ্রাস কৰাৰ উদ্দেশ্য ৰাখিছিল।

প্র : ভাৰত আৰু পাকিস্তানৰ মাজত সংঘাতৰ যিকোনো দুটা ক্ষেত্র উল্লেখ কৰা।
উ : (১) জম্বু আৰু কাশ্মীৰক লৈ সীমা বিবাদ। স্বাধীনতাৰ পাছত দুয়োখন দেশে কাশ্মীৰৰ ভাগ্যক লৈ হৰামুৰা কৰে। পাকিস্তানে কাশ্মীৰ তেওঁলোকৰ বুলি দাবী কৰে। (২) ভাৰতৰ বিৰুদ্ধে পাকিস্তানে সন্ত্রাসবাদীক দি থকা উচটনি।

লগতে পঢ়ক:   পাৰিপাৰ্শ্বিকতা আৰু প্ৰাকৃতিক সম্পদ Class 12 গুৰুত্বপূৰ্ণ প্ৰশ্নোত্তৰ

প্র: আগ্রা শীর্ষ সম্মিলন ভাৰত আৰু পাকিস্তানৰ মাজত অনুষ্ঠিত হৈছিল। এই শীর্ষ সন্মিলনত অংশগ্ৰহণ কৰা ভাৰতীয় প্রধান মন্ত্ৰীজনৰ নাম লিখা।
উ : অটল বিহাৰী বাজপেয়ী।

প্র : ভাৰত আৰু পাকিস্তানৰ মাজত সংঘাতৰ কাৰণসমূহ চমুকৈ আলোচনা কৰা।
উ: ব্ৰিটিছ শাসনৰ পৰা ভাৰতে স্বাধীনতা লাভ কৰা সময়ত ভাৰত আৰু পাকিস্তানত বিভাজন হৈছিল। জন্মলগ্নৰ পৰা এই দুয়োখন চুবুৰীয়া ৰাষ্ট্ৰৰ মাজত সংঘাতপূর্ণ পৰিৱেশৰ সৃষ্টি হৈ আহিছে। তলত ভাৰত আৰু পাকিস্তানৰ মাজৰ সংঘাতপূর্ণ বিষয়সমূহ আলোচনা কৰা হ’ল-

(i) ভাৰতবৰ্ষ আৰু পাকিস্তান দুয়োখন দেশে স্বাধীনতাৰ সময়ৰ পৰাই কাশ্মীৰক কেন্দ্র কৰি প্ৰথমবাৰৰ বাবে সংঘাতত লিপ্ত হৈছিল আৰু নিজৰ ভূ-খণ্ড বুলি দাবী কৰি অহাৰ ফলশ্ৰুতিত 1947-1948, 1965 চনত দুয়োখন দেশে দুখনকৈ যুদ্ধৰ মুখামুখি হৈছিল।

(ii) ভাৰত আৰু পাকিস্তানৰ মাজত দেখা দিয়া আন এটা সমস্যা হ’ল নদীৰ পানীৰ ভাগবটোৱাৰা। 1960 চনলৈকে সিন্ধু নদীৰ জলধাৰাক লৈ ভাৰত আৰু পাকিস্তানৰ মাজত তীব্র বাক-বিতৰ্কৰ উদ্ভৱ হৈছিল। অৱশ্যে 1960 চনত বিশ্ব-বেংকৰ মধ্যস্থতাত ভাৰত আৰু পাকিস্তানৰ মাজত হোৱা ‘সিন্ধু জল চুক্তি’ৰ জৰিয়তে এই সমস্যাৰ সমাধান হৈছিল।

(iii) আকৌ বাংলাদেশৰ গৃহযুদ্ধৰ সময়ত ভাৰতবৰ্ষই বাংলাদেশক সর্বতোপ্ৰকাৰৰ সাহায্যৰ জৰিয়তে সহায় কৰাৰ পৰিপ্ৰেক্ষিতত 1971 চনত ভাৰতবৰ্ষ আৰু পাকিস্তানৰ মাজত এখন ভয়াবহ যুদ্ধৰ সূচনা হৈছিল।

(iv) ভাৰত আৰু পাকিস্তানৰ উভয় চৰকাৰে ইখনে সিখনক সন্দেহৰ দৃষ্টিৰে চায়। কিয়নো পাকিস্তানৰ ‘Inter Service Intelligence’ য়ে ভাৰতৰ বিভিন্ন প্ৰান্তত সন্ত্রাসমূলক কার্যকলাপত লিপ্ত হৈ পৰিছে। 2001 চনত ভাৰতৰ সংসদ ভবনত আক্রমণ 2008 চনত পাকিস্তানৰ সন্ত্রাসবাদীৰ মুম্বাই আক্রমণ আদিয়ে দুয়োখন দেশৰ সম্পৰ্কৰ অৱনতি ঘটাইছে।

এনেদৰে বিভিন্ন বিষয়ক কেন্দ্ৰ কৰি দুয়োখন দেশৰ মাজত বিবাদ হৈ আহিছে যদিও বিভিন্ন সময়ত দুয়োখন দেশে কিছুমান চুক্তি স্বাক্ষৰ কৰি শান্তিপূর্ণ পৰিৱেশ ঘুৰাই আনিবলৈ সক্ষম হৈছে।

সাম্প্রতিক দক্ষিণ এছিয়া Class 12 Question Answer

খালী ঠাই পূৰণ কৰা
প্র : সিংহলি আৰু তামিল শ্রীলংকাৰ পৰস্পৰ বিবদমান দুটা গোট।
প্র : বাংলাদেশ ১৭৪৭ চনৰ পৰা ১৯৭১ চনলৈ পাকিস্তানৰ অংশ আছিল।

প্র : দক্ষিণ এছিয়াৰ কোনখন ৰাষ্ট্ৰই নিজৰ অৰ্থনীতিক প্রথমে উদাৰীকৰণ কৰিছিল।
উঃ শ্রীলংকাই।

প্র : SAFTA ই ছলামাদত অনুষ্ঠিত ১২তম ছার্ক অধিবেশনত সম্পাদিত হয়।
উঃ হয়।

প্র : ‘হয়’ নে নহয় লিখা। চীন দক্ষিণ এছিয়াৰ অংশ।
উ: নহয়।

প্র: ভাৰতে কেতিয়া আৰু ক’ত পৰমাণু পৰীক্ষণ কার্যসূচী চলাইছিল।
উঃ ১৯৯৮ চনত গুজৰাটৰ পোখৰাণত।

প্র : LTTEৰ সম্পূৰ্ণ নাম কি?
উ: Liberation of Tamil Tiger’s Elam.

প্র : SAARCৰ সম্পূৰ্ণ নাম লিখা। ইয়াৰ উদ্দেশ্য কি
উ: South Asian Association for Regional Cooperation. ইয়াৰ উদ্দেশ্য হ’ল— দক্ষিণ এছীয় দেশসমূহৰ মাজত সংযোগ স্থাপন কৰা।

লগতে পঢ়ক:   আন্তর্জাতিক সংগঠন Class 12 (গুৰুত্বপূৰ্ণ প্ৰশ্নোত্তৰ) ৰাজনীতি বিজ্ঞান

প্র : চিমলা চুক্তি কেতিয়া আৰু কাৰ কাৰ মাজত হৈছিল?
উঃ ১৯৭২ চনৰ জুলাই মাহত ভাৰত আৰু পাকিস্তানৰ মাজত চিমলা চুক্তি হৈছিল।

প্রঃ কোন চনত কার্গিলৰ যুদ্ধ হৈছিল।
উ: ১৯৯৯ চনৰ জুন-জুলাইত।

প্র : ভাৰত আৰু শ্রীলংকাৰ মুক্ত বাণিজ্য চুক্তি (FTA) কেতিয়া হৈছিল?
উঃ ১৯৯৮ চনৰ মে’ত।

প্র : ভাৰত আৰু নেপালৰ মাজত বিশেষ সম্পর্ক আছে বুলি ভাবানে?
উঃ ভাৰত আৰু নেপালৰ মাজত কিছু বিভেদ থকা সত্ত্বেও দুয়োখন দেশে এক বিশেষ সম্পৰ্ক ৰক্ষা কৰে যি পৃথিৱীত বহু কম আছে। উদাহৰণস্বৰূপে দুয়োখন দেশৰ মাজত হোৱা এখন চুক্তিয়ে পাছপ’ৰ্ট আৰু ভিছা নোহোৱাকৈয়ে দুয়ো দেশৰ নাগৰিকৰ যাতায়াত আৰু কাম কৰাৰ অনুমতি আছে। ব্যৱসায়-বাণিজ্য, বৈজ্ঞানিক সহযোগ, উমৈহতীয়া প্রাকৃতিক সহযোগ, বিদ্যুৎ উৎপাদন, যুটীয়া জলসম্পদ নিয়ন্ত্ৰণ আদিৰ ক্ষেত্ৰত দুয়োখন দেশৰ মাজত পূর্ণ সহযোগিতা আছে।

প্র : দক্ষিণ এছিয়া বুলিলে কি বুজা।
উঃ দক্ষিণ এছিয়া শব্দটো সাতখন ৰাষ্ট্ৰক বুজাবলৈ ব্যৱহাৰ কৰা হয়। এই সাতখন ৰাষ্ট্ৰ হ’ল– (১) ভাৰত (২) বাংলাদেশ (৩) ভূটান (৪) মালদ্বীপ (৫) নেপাল (৬) পাকিস্তান আৰু (৭) শ্রীলংকা। দক্ষিণ এছিয়া বুলিলে প্ৰতিটো ক্ষেত্ৰত বিভিন্নতা থকা এক ভূ-ৰাজনৈতিক অঞ্চলক আখ্যা দিয়া হয়।

সাম্প্রতিক দক্ষিণ এছিয়া Class 12 Question Answer

প্র : ভাৰত আৰু দক্ষিণ এছিয়াৰ দেশসমূহৰ মাজৰ সম্পর্ক বহলাই আলোচনা কৰা।
উ: ভাৰত দক্ষিণ এছিয়াৰ এক গুৰুত্বপূৰ্ণ দেশ। ইয়াৰে বাংলাদেশ আৰু পাকিস্তান পূৰ্বতে ভাৰতৰে অন্তৰ্গত আছিল। ভাৰতে ইয়াৰ ওচৰ-চুবুৰীয়া দেশ কেইখনৰ লগত এখন সুস্থ আৰু শক্তিশালী সম্পর্ক স্থাপন কৰাৰ চেষ্টা কৰি আহিছে। তলত দক্ষিণ এছিয়াৰ দেশকেই খনৰ লগত ভাৰতৰ সম্পৰ্কৰ চমু আলোচনা কৰা হ’ল-

দক্ষিণ এছিয়াত পাকিস্তানে ভাৰতৰ পিছতে গুৰুত্ব লাভ কৰে। পাকিস্তান পূৰ্বতে ভাৰতৰ লগত আছিল আৰু ১৯৪৭ চনতহে ই এখন স্বাধীন দেশ হয়।
এতিয়ালৈকে ৩ বাৰ ভাৰত আৰু পাকিস্তানৰ মাজত পূর্ণকালীন যুদ্ধ সংঘটিত হৈছে। কাশ্মীৰ আৰু ভাৰতৰ অন্য ৰাজ্যবোৰত সন্ত্রাস বিয়পোৱাৰ মূল শক্তি হৈছে পাকিস্তান। তথাপিও দুয়োখন দেশৰ মাজত গুৰুত্বপূর্ণ ব্যৱসায়িক সম্পর্ক আছে।  পাকিস্তানত গণতন্ত্ৰৰ অৱক্ষয়ে দুয়োখন দেশৰ মাজৰ সম্পৰ্ক স্বাভাৱিক হোৱাত বাধা হৈ দেখা দিছে।

১৯৭১ চনত ভাৰতৰ সহযোগত পূব পাকিস্তানে এখন স্বাধীন দেশ হিচাপে জন্ম লৈ বাংলাদেশ নামেৰে জনা যায়। বাংলাদেশৰ লগত আৰম্ভণিৰে পৰা ভাৰতৰ সু- সম্পর্ক আছিল যদিও কিন্তু তাত হোৱা সামৰিক অভ্যুত্থান আৰু ভাৰতীয় সন্ত্রাসবাদীক বাংলাদেশে দিয়া আশ্রয়ে উত্তৰ-পূব ভাৰতলৈ বাংলাদেশৰ মাজেৰে ভাৰতীয় সৈন্যক যাবলৈ দিয়াত অমান্তি, প্ৰাকৃতিক ৰপ্তানি কৰিবলৈ অমান্তি, গংগা আৰু ব্ৰহ্মপুত্ৰ নদীৰ পানীৰ অংশীদাৰ আদিক লৈ দুয়োখন দেশৰ মাজৰ সম্পৰ্ক ব্যাহত কৰিছে। কিন্তু, পৰৱৰ্তী সময়ত গণতন্ত্র প্রতিষ্ঠা হোৱাৰ পিছত দেশখনৰ চৰকাৰৰ লগত ভাৰতৰ ভাল সম্পর্ক গঢ় লৈ উঠিছিল। ইমানবোৰ পার্থক্য থকা সত্ত্বেও ভাৰত আৰু বাংলাদেশৰ বিভিন্ন বিষয়ত সহযোগিতা আছে। যোৱা দহ বছৰত অৰ্থনৈতিক সম্পর্ক উন্নত হৈছে।

প্রায় একেলগে স্বাধীনতা লাভ কৰা ভাৰত আৰু শ্রীলংকা গোষ্ঠী নিৰপেক্ষ আন্দোলনৰ সদস্য হোৱাৰ লগতে ব্যৱসায়িক, ৰাজনৈতিক আৰু কূটনৈতিক সহযোগী। L.T.T.E. আৰু ভাৰতীয় তামিলসকলক লৈ থকা সমস্যাৰ বাবে দুয়োখন দেশৰ মাজত সম্পৰ্ক ব্যাহত হৈছিল যদিও বর্তমান সময়ত কেতবোৰ আলোচনাৰ জৰিয়তে ইয়াক সমাধানৰ চেষ্টা কৰি থকা হৈছে। ভাৰতে শ্রীলংকাৰ সৈতে এখন মুকলি বাণিজ্য চুক্তি (FTA) কৰে, যি দুয়ো দেশৰ সম্পৰ্কক সবল কৰিছে। চুনামিৰ পাছৰ সময়ছোৱাত শ্রীলংকাৰ পুনৰ নিৰ্মাণত ভাৰতৰ সহযোগে দুয়ো দেশক কাষলৈ লৈ আহে।

লগতে পঢ়ক:   জাতি গঠনৰ প্ৰত্যাহ্বান Class 12 – (প্ৰশ্ন উত্তৰ) HS 2nd Year ৰাজনীতি বিজ্ঞান

পূৰ্বৰ ৰাজতান্ত্রিক নেপালৰ পৰা এতিয়াৰ গণতান্ত্ৰক নেপাললৈ ভাৰতৰ গুৰুত্বপূৰ্ণ, সামৰিক, সাংস্কৃতিক, আর্থ- ৰাজনৈতিক সম্পর্ক আছে। নেপাল আৰু চীনৰ সম্পৰ্ক আৰু নেপালৰ ভাৰত বিৰোধী উপাদনবোৰৰ বিৰুদ্ধে নীৰৱতাত প্ৰায়ে ভাৰত চৰকাৰে অসন্তুষ্টি প্ৰকাশ কৰিছে। কিন্তু, সঘনে হোৱা গণতান্ত্রিক বিপর্যয়ে ভাৰত নেপাল সংক্রান্তত চিন্তিত কৰি তুলিছে। নেপালৰ প্ৰতিটো বিপদতে ভাৰতে নিকটতম সহযোগী হিচাপে সাহার্য আগবঢ়াইছে। আনহতে, নেপালত চলি থকা আর্থিক উন্নয়ন কেতবোৰ প্ৰক্ৰিয়া ভাৰতৰ সহযোগত চলি আছে। দুয়োখন দেশৰ মাজত হোৱা এখন চুক্তিয়ে পাছপ’ৰ্ট আৰু ভিছা নোহোৱাকৈ দুয়ো দেশৰ নাগৰিকক যাতায়াত আৰু কাম কৰাৰ অনুমতি দিয়ে।

হিমালয় অঞ্চলৰ ক্ষুদ্ৰ দেশ ভূটানৰ লগত এতিয়ালৈকে ভাৰতৰ কোনো সংঘাত নাই। ভূটান হৈছে ভাৰতৰ দ্বাৰা সুৰক্ষিত এখন শান্তিপূর্ণ দেশ। ইয়াৰ আৰ্থিক আৰু ৰাজনৈতিক উন্নয়নৰ বহু কথা ভাৰতৰ লগত জড়িত। যেনে ভাৰতে ভূটানৰ বৃহৎ হাইড্ৰ’ ইলেকট্রিক প্ৰকল্পত অন্তর্ভুক্ত হৈছে আৰু ৰাষ্ট্ৰখনৰ উন্নতিৰ বৃহত্তম উৎস হৈ আছে। আনহাতে, ৰাজতন্ত্ৰৰ পৰা সীমিত ৰাজতন্ত্ৰ আৰু সংসদীয় গণতন্ত্র প্রতিষ্ঠালৈকে তথা ব্যৱসায়িক সম্পর্ক স্থাপনলৈকে দুয়োখন দেশৰ ঘনিষ্ঠ সম্পর্ক আছে।

ভাৰত মহাসাগৰৰ ক্ষুদ্র দ্বীপৰাষ্ট্ৰ মালদ্বীপৰ লগত ভাৰতৰ সম্পৰ্ক আন্তৰিক আৰু উৎসাহী হৈ আছে। ১৯৮৮ চনত যেতিয়া কিছুসংখ্যক শ্রীলংকাৰ তামিল বেতনভোগীয়ে মালদ্বীপক আক্রমণ কৰে মালদ্বীপ চৰকাৰে আক্রমণ ৰোধ কৰিবলৈ ভাৰতৰ সহায় বিচৰাত ভাৰতৰ নৌ সেনা আৰু বায়ু সেনাই শীঘ্ৰে সঁহাৰি জনায়। ভাৰতে দ্বীপটোৰ অৰ্থনৈতিক বিকাশ, পর্যটন আৰু মীন পালন আদিত সহায় কৰিছে। বৰ্তমান ইয়াত বহুদলীয় পদ্ধতিৰ ৰাষ্ট্ৰপতীয় চৰকাৰ আছে।

সাম্প্রতিক দক্ষিণ এছিয়া Class 12 Question Answer

প্র : ভাৰত আৰু বাংলাদেশৰ মাজত থকা সংঘাত আৰু সহযোগিতাৰ কাৰণসমূহ লিখা।
উঃ ১৯৭১ চনত ভাৰতৰ সহযোগত পূৰ্ববংগই বাংলাদেশ নামেৰে স্বাধীনতা লাভ কৰিছিল। বৰ্তমানৰ বাংলাদেশ পূর্বতে পূব পাকিস্তান আছিল আৰু এই অঞ্চলটো বঙালী অধ্যুষিত অঞ্চল। ভাৰতৰ সহযোগত এই দেশখনে স্বাধীনতা লাভ কৰিলেও ভাৰতৰ লগত ইয়াৰ বিভিন্ন বিষয়ত সহযোগিতা আৰু সংঘাত গঢ় লৈ উঠিছে।

সহযোগিতা– (১) প্রযুক্তিগত কৃষি, আন্তঃগাঁথনি আৰু উদ্যোগীক পৰিকল্পনা আৰু প্ৰতিষ্ঠাৰ ক্ষেত্ৰত ভাৰত হৈছে বাংলাদেশৰ নিকট সহযোগী। (২) বাংলাদেশৰ মূল আমদানি সামগ্ৰী মৰাপাটৰ মুখ্য গ্রাহক হৈছে ভাৰতবৰ্ষ। (৩) বাংলাদেশক আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত প্রতিষ্ঠিত কৰা আৰু বিভিন্ন ক্ষেত্ৰত সহায় সহযোগ আগবঢ়োৱা মূল দেশখন হৈছে ভাৰত বৰ্ষ। (৪) দুয়োখন দেশৰ সহযোগিতাৰ আন এটা কাৰণ হৈছে ভাৰতৰ বৃহৎ সংখ্যক বঙালী মানুহৰ উপস্থিতি।

সংঘাত –  (১) নদীৰ পানী বিতৰণক লৈ (বিশেষকৈ তিস্তা, পদ্মা) ভাৰত বাংলাদেশৰ মাজত সংঘাত আছে।

(২) বাংলাদেশত ক্রমবর্ধিত হাৰত হিন্দু সংখ্যালঘুৰ ওপৰত চলোৱা নিৰ্যাতন তথা তাৰ ধাৰাবাহিকভাৱে গণতান্ত্রিক পৰম্পৰাসমূহৰ অৱনতিও দুয়োখন দেশৰ সংঘাতৰ এটা কাৰণ। (৩) বাংলাদেশৰ ব্যাপক দৰিদ্ৰতাই ভাৰতত সৃষ্টি কৰা অবৈধ প্ৰব্ৰজনেও দুয়োখন দেশৰ সংঘাতৰ এটা কাৰণ। (৪) ভাৰত বাংলাদেশৰ মাজেৰে বংগোপসাগৰলৈ ব্যৱসায়িক স্বাৰ্থত পৰিবহণৰ সুযোগ নিদিয়াটো সংঘাতৰ আন এটা কাৰণ। তাৰোপৰি, ভাৰতীয় সন্ত্রাসবাদী গোটসমূহে বাংলাদেশৰ ভূমি ব্যৱহাৰ কৰাটো সংঘাতৰ অন্য এটা কাৰণ।

প্র : দক্ষিণ এছিয়াৰ কোনখন ৰাষ্ট্ৰই নিজৰ অৰ্থনীতিক প্রথমে উদাৰীকৰণ কৰিছিল।

উঃ শ্রীলংকাই।

প্র : SAFTA ই ছলামাদত অনুষ্ঠিত ১২তম ছার্ক অধিবেশনত সম্পাদিত হয়।

উঃ হয়।

প্র: ভাৰতে কেতিয়া আৰু ক’ত পৰমাণু পৰীক্ষণ কার্যসূচী চলাইছিল।

উঃ ১৯৯৮ চনত গুজৰাটৰ পোখৰাণত।

প্র : LTTEৰ সম্পূৰ্ণ নাম কি?

উ: Liberation of Tamil Tiger’s Elam.

Leave a Comment

Your email address will not be published. Required fields are marked *


Scroll to Top