আন্তর্জাতিক সংগঠন Class 12 (গুৰুত্বপূৰ্ণ প্ৰশ্নোত্তৰ) ৰাজনীতি বিজ্ঞান

আন্তর্জাতিক সংগঠন Question Answer | Class 12 Political Science Chapter 6 question Answer In Assamese Medium দ্বাদশ শ্ৰেণী ৰাজনীতি বিজ্ঞান অধ্যায় 6

বিষয়  ৰাজনীতি বিজ্ঞান
পাঠৰ নাম আন্তর্জাতিক সংগঠন Question Answer
উপলব্ধ গুৰুত্বপূৰ্ণ প্ৰশ্নোত্তৰ
শ্ৰেণী  দ্বাদশ শ্ৰেণী
পাঠৰ নং অধ্যায় 6
পাঠ্যক্ৰম  অসম মাধ্যমিক শিক্ষা পৰিষদৰ (AHSEC)

আন্তর্জাতিক সংগঠন Question Answer

প্র : সমগ্র বিশ্বতে মানৱ অধিকাৰৰ সুৰক্ষাৰ হকে কাম কৰা দুটা NGO (বেচৰকাৰী সন্থাৰ) নাম লিখা।
উ : Amnesty International, Human Rights Watch.

প্র : যেতিয়া ৰাষ্ট্ৰসংঘ চনদখন স্বাক্ষৰ কৰা হৈছিল, তেতিয়া কেইখন প্রতিষ্ঠাপক সদস্য ৰাষ্ট্ৰ আছিল?
উ : ৫১ খন ৰাষ্ট্ৰ আছিল।

প্র : নিৰাপত্তা পৰিষদত তুমি ভাৰতৰ স্থায়ী সদস্য পদ বিচাৰানে? যুক্তিসহ উত্তৰ লিখা ।  নাইবা
নিৰাপত্তা পৰিষদৰ স্থায়ী সদস্য হিচাপে ভাৰতৰ`অন্তভুক্তিৰ যুক্তিযুক্ততা প্ৰদৰ্শন কৰা।
উঃ বিচাৰো। ৰাষ্ট্ৰসংঘৰ গোটেই ব্যৱস্থাটোৰ ওপৰত বৰ্তমান সময়ত পৰিৱৰ্তিত বিশ্ব ৰাজনীতি আৰু সামাজিক প্রেক্ষাপটৰ বাবে কেতবোৰ সংস্কাৰৰ প্ৰয়োজনীয়তা সম্পর্কে আন্তঃৰাষ্ট্ৰীয়ভাৱে দাবী উঠিছে। তাৰ ভিতৰত অন্যতম হৈছে নিৰাপত্তা পৰিষদ। ভাৰতবৰ্ষ ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ এখন স্থায়ী সদস্য পদৰ অন্যতম দাবীদাৰ। কিয়নো –
(১) ভাৰত পৃথিৱীৰ আটাইতকৈ বৃহৎ সফল গণতন্ত্র। পৃথিৱীৰ মুঠ জনসংখ্যাৰ ১/৫ অংশ ভাৰতত বাস কৰে।
(২) ভাৰতে ৰাষ্ট্ৰসমূহৰ সকলো, কাৰ্যাৱলীতে সক্রিয় অংশ গ্ৰহণ কৰি আহিছে। (৩) আন্তঃৰাষ্ট্ৰীয় শান্তি ৰক্ষাত ভাৰতে মুখ্য ভূমিকা পালন কৰি আছে। ৰাষ্ট্ৰসংঘৰ শান্তি-ৰক্ষা বাহিনীৰ বেছিভাগ সদস্যই ভাৰতৰ। (৪) ভাৰত বৰ্তমান এক বৃহৎ আৰ্থিক শক্তি। তাৰোপৰি, ইয়াৰ সামাজিক আৰু সাংস্কৃতিক
ক্ষেত্ৰলৈয়ো অৰিহণা আছে। (৫) ভাৰত গোষ্ঠীনিৰপেক্ষ আৰু তৃতীয় বিশ্বৰ দেশসমূহৰ প্ৰধান নেতা। (৬) ভাৰতে নিয়মিতভাৱে ৰাষ্ট্ৰসংঘলৈ আর্থিক অনুদান আগবঢ়াই আহিছে। উপৰোক্ত কাৰণবোৰৰ বাবে ভাৰতে ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ এখন স্থায়ী সদস্য হোৱাটো যুক্তিসংগত। ভাৰতৰ লগতে জার্মানী, জাপান, ব্রাজিল আদি দেশসমূহেও নিৰাপত্তা পৰিষদৰ স্থায়ী সদস্যপদ দাবী কৰিছে। ভাৰতে এই সমূহীয়া দাবীৰ প্ৰতিও সমৰ্থন আগবঢ়াইছে। ইয়াৰ জৰিয়তে নিৰাপত্তা পৰিষদত স্থায়ী সদস্য ৰাষ্ট্ৰকেইখনৰ আধিপত্যৰ অন্ত পৰিব।

আন্তর্জাতিক সংগঠন Class 12

খালী ঠাই পূৰণ কৰাঃ
প্র : নিৰাপত্তা পৰিষদৰ স্থায়ী সদস্য সংখ্যা ৫ খন

প্র : বৰ্তমানৰ ৰাষ্ট্ৰসংঘৰ সচিব প্রধান দক্ষিণ কোৰিয়াৰ বান-কি-মুন

প্র : World Bank বিশ্ব ধনাগাৰ/বেংকৰ বিষয়ে লিখা।
উঃ দ্বিতীয় মহাসমৰ পিছতেই ১৯৪৫ চনত বিশ্ব-ধনাগাৰ /বেংক সৃষ্টি কৰা হৈছিল। ইয়াৰ কাম-কাজবিলাক উন্নত দেশবোৰত প্ৰতিফলিত হৈছিল। ই মানব উন্নয়নৰ কাৰণে কাম কৰিছিল। যেনে— শিক্ষা, স্বাস্থ্য, কৃষি আৰু গাঁও অঞ্চলৰ উন্নয়ন, জলসিঞ্চন, গাওঁসেৱা, পাৰিপাৰ্শ্বিকতা সংৰক্ষণ, জনসংখ্যা ৰোধ, ৰাস্তা-ঘাট উন্নয়ন, বিজুলীবাতি সৰবৰাহ দুৰ্নীতি ৰোধ, আইনী প্রতিষ্ঠান ইত্যাদি। ই সদস্য ৰাষ্ট্ৰবোৰক ঋণ প্রদান আৰু অনুদান দিয়ে। এইদৰে ই উন্নয়নশীল ৰাষ্ট্ৰবোৰৰ অৰ্থনৈতিক নীতিৰ ওপৰত প্ৰভুত প্ৰভাৱ বিস্তাৰ কৰে। ই দুখীয়া ৰাষ্ট্ৰবোৰৰ অর্থনৈতিক নীতি সমালোচনা কৰি এইবোৰ ঋণৰ ওপৰত কঠোৰ নীতি আৰোপ কৰি মুক্ত বজাৰ সংস্কাৰৰ দাবী কৰে।

প্ৰ : ৰাষ্ট্ৰসংঘত সংস্কাৰৰ প্ৰয়োজনীয়তা সম্পর্কে চমুকৈ আলোচনা কৰা।
উ : পৰিৱেশৰ পৰিৱৰ্তনৰ লগে লগে যিকোনো সংস্থাৰ সংস্কাৰ আৰু উন্নয়নৰ মৌলিক প্ৰয়োজন আছে। ৰাষ্ট্ৰসংঘও ইয়াৰ ব্যতিক্ৰম নহয়। 1945 চনৰ 24 অক্টোবৰ তাৰিখে ৰাষ্ট্ৰসংঘ গঠন হোৱাৰ পিছত বিশ্বৰ ৰাজনীতিত যথেষ্ট পৰিৱৰ্তন হৈছে। সেয়েহে ইয়াক সংস্কাৰ তথা পুনর্গঠনৰ বাবে দাবী উত্থাপন হৈছে।

লগতে পঢ়ক:   ভাৰতৰ বৈদেশিক সম্বন্ধ Class 12 (গুৰুত্বপূৰ্ণ প্ৰশ্নোত্তৰ) ৰাজনীতি বিজ্ঞান

ৰাষ্ট্ৰসংঘক দুই ধৰণৰ সংস্কাৰ কৰাৰ প্ৰয়োজন হৈছে। যেনে—
(ক) সাংগঠনিক দিশ আৰু প্ৰক্ৰিয়াৰ ক্ষেত্ৰত সংস্কাৰ।
(খ) ইয়াৰ অধিকাৰ ক্ষেত্ৰৰ ভিতৰত পৰা বিষয়সমূহৰ সংস্কাৰ।

ৰাষ্ট্ৰসংঘৰ সাংগঠনিক দিশ আৰু প্ৰক্ৰিয়াৰ সংস্কাৰ বুলি ক’লে সাধাৰণতে নিৰাপত্তা পৰিষদৰ সংস্কাৰৰ কথাকে বুজা যায়। ৰাষ্ট্ৰসংঘৰ সদস্যভুক্ত ৰাষ্ট্ৰসমূহে নিৰাপত্তা পৰিষদৰ স্থায়ী আৰু অস্থায়ী সদস্যৰ সংখ্যা বৃদ্ধি কৰিবলৈ দাবী উত্থাপন কৰি আহিছে। বিশেষকৈ নিৰাপত্তা পৰিষদত যিহেতু এছিয়া, আফ্ৰিকা আৰু দক্ষিণ আমেৰিকাৰ পৰা উচিত প্রতিনিধিত্ব নাই, সেয়েহে এই অঞ্চলবোৰৰ পৰা উচিত প্রতিনিধি ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত অন্তর্ভূক্ত কৰিব লাগে। আকৌ, কার্যপ্রণালীৰ ক্ষেত্ৰত আমেৰিকা আৰু পশ্চিমীয়া দেশবোৰে ৰাষ্ট্ৰসংঘৰ বাজেটৰ নিয়ম নীতি আৰু প্ৰশাসনৰ উন্নয়ন বিচাৰিছিল।

দ্বিতীয়তে, কেতবোৰ ৰাষ্ট্ৰ তথ্য বিশেষজ্ঞসকলৰ মতে ৰাষ্ট্ৰসংঘৰ কার্যক্ষেত্ৰখন সম্প্ৰসাৰণ হ’ব লাগে। তেওঁলোকৰ মতে ৰাষ্ট্ৰসংঘই শান্তি আৰু নিৰাপত্তাৰ ক্ষেত্ৰত গুৰুত্ব দিব লাগে। আনহাতে, কিছুমানৰ মতে উন্নয়ন আৰু মানবীয় কাৰ্য, যেনে— স্বাস্থ্য, শিক্ষা, পাৰিপার্শ্বিকতা নিয়ন্ত্রণ, জনসংখ্যা নিয়ন্ত্রণ, মানৱীয় অধিকাৰ ৰক্ষা এইবোৰ কাৰ্যৰ মাজতে ৰাষ্ট্ৰসংঘৰ কাৰ্য সীমিত হ’ব লাগে। গতিকে সমগ্র বিশ্বত যিবোৰ ৰাজনৈতিক পৰিৱৰ্তন হৈছে বা নতুন নতুন সমস্যাই দেখা দিছে সেইবোৰ প্রতিহত কৰাৰ বাবে বৰ্তমান ৰাষ্ট্ৰসংঘক সংস্কাৰ কৰাৰ প্ৰয়োজন আহি পৰিছে।

আন্তর্জাতিক সংগঠন Question Answer

প্র : কোন চনত ৰাষ্ট্ৰসংঘ প্রতিষ্ঠা হয়? কোন তাৰিখে ৰাষ্ট্ৰসংঘ দিৱস পালন কৰা হয়?
‘উঃ ১৯৪৫ চনৰ অক্টোবৰৰ ২৪ তাৰিখে ৰাষ্ট্ৰসংঘ প্রতিষ্ঠা হয়। সেয়েহে ২৪ অক্টোবৰ দিনটো ৰাষ্ট্ৰসংঘ দিৱস হিচাপে পালন কৰা হয়।

প্র : “যুদ্ধ যুদ্ধ কৰাতকৈ বক বকনিয়েই ভাল ” এই মন্তবাটো কাৰ?
উঃ চাৰ্চিলৰ।

প্র : বর্তমান বিশ্বত কাক এটা গুৰুত্বপূর্ণ আন্তর্জাতিক সংগঠন হিচাপে বিবেচনা কৰা হয়?
উঃ ৰাষ্ট্ৰসংঘক।

প্র: সংগঠন কি ? আন্তর্জাতিক সংগঠনৰ মুখ্য ভূমিকা কি?
উ : সংগঠনক ৰাষ্ট্ৰবোৰে সৃষ্টি কৰে। সংগঠন সৃষ্টি হোৱাৰ পিছত ই সদস্য ৰাষ্ট্ৰবোৰৰ সমস্যাবোৰ শান্তিপূর্ণভাবে সমাধা কৰে। ৰাষ্ট্ৰবোৰৰ পৰস্পৰৰ মাজত হোৱা বিবাদ আৰু মতানৈক্যক শান্তিপূর্ণভাৱে সমাধান কৰাই হৈছে আন্তর্জাতিক সংগঠনৰ মুখ্য ভূমিকা।

প্র : I.M.F. আন্তর্জাতিক ধন ভাণ্ডাৰৰ কিমানখন সদস্য আছে?
উঃ ১৮৪ খন।

প্র : আটলান্টিক চনদ কেতিয়া আৰু কোনে চহী,কৰিছিল?
উঃ ১৯৪১ চনৰ আগষ্টত আমেৰিকাৰ ৰাষ্ট্ৰপতি ফ্রেংকলিন ডি ৰুজভেল্ট আৰু বৃটিছ প্রধানমন্ত্রী উইনষ্টন চার্চিলে আটলান্টিক চনত চহী কৰিছিল।

প্র : কোন চনত য়াল্টা সম্মিলন হৈছিল?
উঃ ১৯৪৫ চনত।

প্র: কোনখন দেশে ৰাষ্ট্ৰসংঘত আটাইতকৈ বেছি অৱদান আগবঢ়াইছে?
উঃ আমেৰিকাই।

প্র : ভাৰতে কোন চনত ৰাষ্ট্ৰসংঘত যোগদান কৰে?
উঃ ১৯৪৫ চনৰ ৩০ অক্টোবৰত।

প্র : ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ স্থায়ী সদস্যৰাষ্ট্ৰ কেইখনৰ নাম লিখা।
উঃ (১) আমেৰিকা যুক্তৰাষ্ট্ৰ (২) ছোভিয়েট ৰাছিয়া (৩) গ্রেড ব্রিটেইন (৪) ফ্রান্স (৫) চীন।

প্র : নিৰাপত্তা পৰিষদৰ স্থায়ী আৰু অস্থায়ী সদস্য হ’বলৈ হলে ৰাষ্ট্ৰখনৰ কি কি গুণ থাকিব লাগিব?’
উ : নিৰাপত্তা পৰিষদৰ স্থায়ী আৰু অস্থায়ী সদস্য হ’বলৈ হলে এইসমূহ গুণ থাকিব লাগিব।
(১) এটা বুজন পৰিমাণৰ অৰ্থনৈতিক ক্ষমতা। (২) বুজন পৰিমাণৰ সামৰিক ক্ষমতা। (৩) ৰাষ্ট্ৰসংঘৰ বাজেটলৈ আকর্ষণীয় বৰঙনি। (৪) জনসংখ্যাৰ ফালৰ পৰা এখন বৃহৎ ৰাষ্ট্ৰ। (৫) গণতন্ত্ৰ আৰু মানৱ অধিকাৰক সম্মান জনোৱা ৰাষ্ট্ৰ। (৬) বিশ্বৰ ভৌগোলিক, অর্থনৈতিক ব্যৱস্থা, সাংস্কৃতিক বিভিন্নতাৰ মাজত পৰিষদক বেছি প্রতিনিধিত্ব কৰা।

লগতে পঢ়ক:   পাৰিপাৰ্শ্বিকতা আৰু প্ৰাকৃতিক সম্পদ Class 12 গুৰুত্বপূৰ্ণ প্ৰশ্নোত্তৰ

প্র : নিৰাপত্তা পৰিষদৰ কেইজন স্থায়ী সদস্য আছে? ভেটো ক্ষমতা কি আৰু কোনে প্রয়োগ কৰিব পাৰে?
উঃ নিৰাপত্তা পৰিষদৰ ৫ জন স্থায়ী সদস্য আছে। পাঁচজন স্থায়ী সদস্যই ভেটো ক্ষমতা প্রয়োগ কৰিব পাৰে। নিৰাপত্তা পৰিষদত ভোটৰ সহায়ত যিকোনো সিদ্ধান্ত গ্রহণ কৰা হয়। এজন সদস্যৰ মাত্ৰ এটা ভোট থাকে। যদি এজন স্থায়ী সদস্যই এটা নেতিবাচক ভোট দিয়ে তেতিয়া স্থায়ী, অস্থায়ী সদস্যৰ সকলো ভোটৰ মিলিত সিদ্ধান্ত নাকচ হয়। এই নেতিবাচক ভোটকে ভেটো বোলা হয়।

আন্তর্জাতিক সংগঠন Class 12

প্র : বৰ্তমান বিশ্বৰ পৰিপ্ৰেক্ষিতত ৰাষ্ট্ৰসংঘৰ এটা অত্যাবশ্যকীয় সংগঠন বুলি তুমি ভাবানে? তোমাৰ উত্তৰৰ যুক্তিযুক্ততা প্ৰদৰ্শন কৰা।
উঃ আৰম্ভণি : ৰাষ্ট্ৰসংঘ হৈছে পৃথিৱীৰ একমাত্ৰ আন্তঃৰাষ্ট্ৰীয় সংগঠন। বিশ্বশান্তি আৰু নিৰাপত্তা ৰক্ষাত ইয়াৰ অতুলনীয় অৱদান আছে। ৰাষ্ট্ৰসংঘই বিশ্বৰ ৰাজনীতিত যুদ্ধৰ গুৰুত্ব কমাই এক শান্তিপূর্ণ মানৱতাবাদী আৰু গণতান্ত্রিক পৰিৱেশৰ সৃষ্টি কৰিছে। বিশ্ব ৰাজনীতি বৰ্তমান পৰিৱৰ্তন হৈছে। জনসংখ্যাৰ বৃদ্ধি, পাৰমাণৱিক অস্ত্ৰৰ বিকাশ আৰু অন্যান্য মানবধ্বংসী অস্ত্ৰৰ আৱিষ্কাৰ, দৰিদ্ৰতা, অনুপ্ৰৱেশ, শৰণাৰ্থী আৰু সন্ত্রাসবাদৰ সমস্যাই গোটেই বিশ্বখনকে প্রভাৱিত কৰিছে। পৰিৱেশৰ ধাৰাবাহিক অবক্ষয় বর্তমান সময়ত এটি চিত্তনীয় সমস্যা। দেশসমূহৰ মাজত বর্ধিত দ্বিপাক্ষিক সম্পৰ্কৰ অৱনতিয়ে নিৰাপত্তাৰ কিছুমান সমসাময়িক দিশক উন্মোচিত কৰিছে। AIDS, IBOLA, পক্ষীজ্বৰ, কেন্সাৰ আদি ঘাতক ৰোগসমূহৰ ক্রমবর্ধমান প্ৰসাৰেও বিশ্বৰ প্ৰেক্ষাপটত সমস্যাৰ সৃষ্টি কৰিছে। পৃথিৱীখনত এক মানৱ বাসোপযোগী কৰি তুলিবলৈ ৰাষ্ট্ৰসংঘই আপ্রাণ চেষ্টা কৰি আহিছে। তলত ইয়াৰ সপক্ষে যুক্তি দাঙি ধৰা হ’ল—

  • (১) ৰাষ্ট্ৰসংঘৰ জন্মৰ পিছৰ পৰা পৃথিৱীখন এখন তৃতীয় বিশ্বযুদ্ধৰ ভয়াবহতাৰ পৰা ৰক্ষা পাইছে। আনহাতে, বিভিন্ন আঞ্চলিক যুদ্ধ হ্রাস কৰাটো ৰাষ্ট্ৰসংঘই সক্রিয় ভূমিকা গ্রহণ কৰিছে।
  • (২) ৰাষ্ট্ৰসংঘই এক আন্তর্জাতিক সংগঠন হিচাপে শান্তিপূর্ণ, নিৰস্ত্ৰীকৰণ আৰু আলোচনাৰ মাধ্যমেৰে সমস্যাসমূহ সমাধান কৰিছে।
  • (৩) বর্তমান পৃথিৱীত বিভিন্ন সংঘাত আৰুনিৰাপত্তাহীনতাৰ সৃষ্টি কৰা সন্ত্রাসবাদী সংগঠনসমূহৰ বিৰুদ্ধেৰাষ্ট্ৰসংঘই সকলোৰে সহযোগত ব্যৱস্থা গ্ৰহণ কৰিবলৈ সক্ষমহৈছে।
  • (৪) পৃথিৱীৰ অনুন্নত আৰু উন্নয়নশীল দেশসমূহৰ বাবেৰাষ্ট্ৰসংঘ হ’ল তেওঁলোকৰ প্ৰকৃত অৱস্থা বর্ণনা কৰিব পৰা একমাত্র মঞ্চ।
  • (৫) বিশ্বশান্তিৰ উপৰিও ৰাষ্ট্ৰসংঘই গ্ৰহণ কৰা মানৱ অধিকাৰ, স্বাস্থ্য, দৰিদ্ৰতা, জলবায়ু, শৰণাৰ্থী আদি বিষয়সমূহৰ ক্ষেত্ৰত এই সংগঠনটোৱেহে একমাত্র সফলভাৱে কাম কৰিব পাৰিছে।
  • (৬) শক্তিশালী আৰু উন্নত দেশসমূহক নিয়ন্ত্ৰণৰ বাবে ৰাষ্ট্ৰসংঘকে উপযুক্ত মঞ্চ হিচাপে গণ্য কৰা হয়।
  • (৭) বিশ্ব- বাণিজ্য, আন্তঃৰাষ্ট্ৰীয় আর্থিক ব্যৱস্থা, বিত্তীয় ব্যৱস্থা, নিয়ন্ত্ৰণৰ দ্বায়িত্ব ৰাষ্ট্ৰসংঘৰ।
  • (৮) তাৰোপৰি, বিভিন্ন আন্তর্জাতিক সহযোগিতা, আঞ্চলিক সমস্যা আদিৰ ক্ষেত্ৰতো ৰাষ্ট্ৰসংঘই এক গুৰুত্বপূৰ্ণ মঞ্চ হিচাপে দ্বায়িত্ব পালন কৰে।

আন্তর্জাতিক সংগঠন Question Answer

প্র : বিশ্ব বাণিজ্য সন্থা (WTO) ৰ বিষয়ে কি জানা লিখা।
উঃ বিশ্ব বাণিজ্যক সন্থা আন্তর্জাতিক সংগঠন যি বিশ্ব বাণিজ্য নীতি প্রণয়ন কৰে। দ্বিতীয় মহাযুদ্ধৰ পিছত বাণিজ্য আৰু শুল্ক বিষয়ক চুক্তিৰ উত্তৰাধিকাৰী সূত্রে এই সন্থা ১৯৯৫ চনত স্থাপন কৰা হয়। ইয়াৰ মুঠ সদস্য সংখ্যা ১৫০ জন আছিল। ইয়াৰ সকলো সিদ্ধান্ত সর্বসম্মতিক্রমে লোৱা হয়। কিন্তু প্রধান অর্থনৈতিক শক্তি যেনে— যুক্তৰাষ্ট্ৰ ইউৰোপীয় ইউনিয়ন আৰু জাপানে নিজৰ স্বাৰ্থ সিদ্ধিৰ খাতিৰত বিশ্ব বাণিজ্য সন্থাক বাণিজ্য নীতি প্রণয়ক হিচাপে ব্যৱহাৰ কৰিছিল। উন্নয়নশীল দেশসমূহে অস্বচ্ছ নীতিৰ বিৰুদ্ধাচৰণ কৰিছে।

লগতে পঢ়ক:   ক্ষমতাৰ বিকল্প কেন্দ্রস্থলসমূহ Class 12 (সম্পূৰ্ণ প্ৰশ্নোত্তৰ) দ্বাদশ শ্ৰেণী

প্র : এটা আন্তর্জাতিক সংগঠন হিচাপে ৰাষ্ট্ৰসংঘই আন্তর্জাতিক শান্তি আৰু নিৰাপত্তা ৰক্ষাৰ বাবে পালন কৰা ভূমিকা আলোচনা কৰা।
উ: আৰম্ভণি : জাতিসংঘৰ বিফলতা আৰু দ্বিতীয় বিশ্বযুদ্ধৰ আৰম্ভণিয়ে ৰাষ্ট্ৰসংঘ নামৰ এটা সংগঠনৰ জন্ম দিছিল। এই ক্ষেত্ৰত আটলান্টিক চনদৰ কথা উল্লেখযোগ্য।আনুষ্ঠানিকভাৱে, ১৯৪৫ চনত ২৪ অক্টোবৰ তাৰিখে এই এই সংগঠনটোৰ জন্ম হয়। বৰ্তমান ইয়াৰ সদস্য ৰাষ্ট্ৰৰ সংখ্যা ১৯২ খন। ৰাষ্ট্ৰসংঘৰ চনদৰ মূল উদ্দেশ্য হৈছে আন্তঃৰাষ্ট্ৰীয় শাস্তি, নিৰাপত্তা স্থাপন কৰা। সহযোগিতাৰ ভিত্তিত অধিকাৰ ৰক্ষাৰ বাবে কাম কৰা। মুঠ দুটা বিভিন্ন অংগৰে এই সংগঠনটো গঠন হৈছিল।

ৰাষ্ট্ৰসংঘৰ ভূমিকা : ৰাষ্ট্ৰসংঘ হৈছে বৰ্তমান সময়ৰ আটাইতকৈ গুৰুত্বপূৰ্ণ আৰু সফল আন্তর্জাতিক অনুষ্ঠান। পৃথিৱীৰ সকলো দেশেই এই সংগঠনটোৰ নৈতিক অধিকাৰক স্বীকৃতি দিছে। ইয়াৰ বাবেই পৃথিৱীত তৃতীয় বিশ্ব যুদ্ধ হোৱা নাই বুলি ক’ব পাৰি আৰু ইয়াৰ প্ৰচেষ্টাতেই বিভিন্ন আঞ্চলিক যুদ্ধৰ সোনকালে শেষ হৈছে। ৰাষ্ট্ৰসংঘই আর্থিক, ৰাজনৈতিক, সামাজিক, সাংস্কৃতিক, শিক্ষা-স্বাস্থ্য, মানৱ অধিকাৰ, দৰিদ্ৰতা হ্রাস, নিৰন্ত্ৰীকৰণ আদি সকলো বিষয়তে গুৰুত্ব প্ৰদান কৰিছে আৰু পৃথিৱীখনক বিভিন্ন সমস্যাৰ পৰা মুক্ত কৰাৰ বাবে প্ৰচেষ্টা অব্যাহত ৰাখিছে। শীতল যুদ্ধৰ সময়ত বা কিউবাৰ মিছাইল সংকটৰ সময়ত
এখন তৃতীয় বিশ্বযুদ্ধৰ সম্ভাৱনাৰ পৰা ই বিশ্ববাসীক উদ্ধাৰ কৰিছে। আনহাতে, অন্যান্য দ্বিপাক্ষিক আৰু আঞ্চলিক যুদ্ধৰ সময়তো ই শক্তিশালী নেতৃত্বৰে সমস্যা সমাধানত সফল হৈছে। ৰাষ্ট্ৰসংঘ হৈছে এছিয়া, আফ্রিকা, লেটিন আমেৰিকাৰ দেশসমূহৰ মত প্ৰকাশৰ একমাত্র মঞ্চ।

আনহাতে, উন্নত আৰু শক্তিশালী দেশসমূহক নিয়ন্ত্রণ কৰাৰ ইয়ে একমাত্র মাধ্যম। তাৰোপৰি, পাৰমাণৱিক নিয়ন্ত্রণ, সন্ত্রাসবাদ দমন আৰু পৰিৱেশৰ সমস্যা সমাধান কৰাৰ দৰে গোলকীয় গুৰুত্ব থকা বিষয়সমূহ ৰাষ্ট্ৰসংঘৰ মজিয়াতে সমাধানৰ চেষ্টা কৰা হৈছে। আন্তঃৰাষ্ট্ৰীয় শান্তি- ভংগকাৰী ৰাষ্ট্ৰসমূহৰ বিপক্ষে ই সামৰিক ব্যৱস্থা গ্রহণ কৰে। মানৱীয় সমস্যা যেনে— দৰিদ্ৰতা, শৰণাৰ্থী, দুর্ভিক্ষ আদি সমস্যাসমূহ সমাধানৰ বাবেও ই সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে। এক নতুন আর্থ-ব্যৱস্থা অনুন্নত আৰু উন্নয়নশীল দেশসমূহক লৈ ৰাষ্ট্ৰসংঘই বনাব বিচাৰে। তাৰোপৰি, পৃথিৱীখনক মানৱোপযোগী তথা সম্পদৰ সমব্যৱহাৰৰ ওপৰতো ই গুৰুত্ব আৰোপ কৰে।

মূল্যায়ন : ওপৰৰ আলোচনাৰ পৰা দেখা গ’ল ৰাষ্ট্ৰসংঘই এক অন্যান্য মানৱীয় সংগঠন হিচাপে গোটেই পৃথিৱীতে ইয়াৰ কাম চলাই গৈছে। কিন্তু বর্তমানে কিছুমান উন্নত শক্তিশালী দেশে ৰাষ্ট্ৰসংঘৰ নিয়মাৱলীসমূহক উলংশা কৰা দেখা যায়। সকলোৰে সহযোগিতাৰ ফলত ভৱিষ্যতে ৰাষ্ট্ৰসংঘ আৰু অধিক সফল আৰু শক্তিশালী হোৱাৰ প্ৰচুৰ সম্ভাৱনা আছে।

প্র : I.M.F. আন্তর্জাতিক ধন ভাণ্ডাৰৰ কিমানখন সদস্য আছে?

উঃ ১৮৪ খন।

প্র : আটলান্টিক চনদ কেতিয়া আৰু কোনে চহী,কৰিছিল?

উঃ ১৯৪১ চনৰ আগষ্টত আমেৰিকাৰ ৰাষ্ট্ৰপতি ফ্রেংকলিন ডি ৰুজভেল্ট আৰু বৃটিছ প্রধানমন্ত্রী উইনষ্টন চার্চিলে আটলান্টিক চনত চহী কৰিছিল।

প্র : কোন চনত য়াল্টা সম্মিলন হৈছিল?

উঃ ১৯৪৫ চনত।

প্র: কোনখন দেশে ৰাষ্ট্ৰসংঘত আটাইতকৈ বেছি অৱদান আগবঢ়াইছে?

উঃ আমেৰিকাই।

প্র : ভাৰতে কোন চনত ৰাষ্ট্ৰসংঘত যোগদান কৰে?

উঃ ১৯৪৫ চনৰ ৩০ অক্টোবৰত।

Leave a Comment

Your email address will not be published. Required fields are marked *


Scroll to Top