ভাৰতৰ বৈদেশিক সম্বন্ধ Class 12 (গুৰুত্বপূৰ্ণ প্ৰশ্নোত্তৰ) ৰাজনীতি বিজ্ঞান

ভাৰতৰ বৈদেশিক সম্বন্ধ | Hs 2nd year ৰাজনীতি বিজ্ঞান| Class 12 Political Science Chapter 13 question Answer In Assamese Medium

বিষয়  ৰাজনীতি বিজ্ঞান
পাঠৰ নাম ভাৰতৰ বৈদেশিক সম্বন্ধ
উপলব্ধ গুৰুত্বপূৰ্ণ প্ৰশ্নোত্তৰ
খণ্ড (খ) অংশ
শ্ৰেণী  দ্বাদশ শ্ৰেণী অধ্যায় 13
পাঠ্যক্ৰম 
অসম মাধ্যমিক শিক্ষা পৰিষদৰ (AHSEC)

ভাৰতৰ বৈদেশিক সম্বন্ধ Class 12

প্র : ১৯৭২ চনত ইন্দিৰা গান্ধী আৰু জুলফিকৰ আলী ভুট্টোৰ মাজত স্বাক্ষৰিত হোৱা চুক্তিখনৰ নাম লিখা।
উঃ চিমলা চুক্তি।

প্র : পাকিস্তানৰ সৈতে ভাৰতৰ সম্পৰ্কত থকা দুটা উদ্বিগ্নতাপূর্ণ দিশ উল্লেখ কৰা।
উঃ (১) কাশ্মীৰ সমস্যা আৰু (২) সন্ত্রাসবাদী সমস্যা।

প্র : ভাৰতৰ বৈদেশিক নীতিৰ স্থপতি কোন আছিল?
উঃ জৱাহৰলাল নেহৰু।

প্র : ভাৰতীয় সংবিধানৰ ৫১ নং অনুচ্ছেদত আন্তর্জাতিক শান্তি আৰু সুৰক্ষাৰ উন্নীতকৰণৰ বাবে সন্নিবিষ্ট কৰা ৩টা নির্দেশনাত্মক নীতি লিখা।
নাইবা
বৈদেশিক নীতিৰে সম্পর্কিত ৰাষ্ট্ৰৰ তিনিটা নির্দেশক নীতিবোৰ লিখা।
উঃ (১) আন্তর্জাতিক শান্তি আৰু নিৰাপত্তাৰ উন্নতি সাধন কৰা। (২) ৰাষ্ট্ৰৰ মাজত ন্যাৰ্য আৰু সন্মানজনক সম্বন্ধ বজাই ৰখা। (৩) আন্তর্জাতিক বিবাদসমূহ মধ্যস্থতাৰ মাজেৰে মীমাংসা, কৰিবলৈ উৎসাহ যোগাব।

প্র: ভাৰতীয় জাতীয় বাহিনী কোনে গঠন কৰে?
উ: নেতাজী সুভাষ চন্দ্র বসুৱে।

প্র: নেহৰুৰ পিছত চীন ভ্রমণ কৰা আনগৰাকী প্ৰথম প্রধানমন্ত্রী কোন আছিল?
উঃ ৰাজীৱ গান্ধী (১৯৭৯ চনত)।

প্র: লাল বাহাদুৰ শাস্ত্রী আৰু জেনেৰেল আয়ুব খানে ১৯৬৬ চনত কৰা চুক্তিখনক কি বুলি জনা যায়?
উঃ তাঁচকেণ্ট চুক্তি।

প্র: নেমৰ প্ৰধান শীর্ষ সন্মিলন কেতিয়া আৰু ক’ত অনুষ্ঠিত হৈছিল?
উঃ ১৯৬১ চনৰ চেপ্তেম্বৰত বেলগ্রেড চহৰত অনুষ্ঠিত হৈছিল।

প্র: NEFAৰ সম্পূৰ্ণ ৰূপটো লিখা।
উ: North Eastern Frontier Agency.

প্র : ভাৰতৰ বৈদেশিক নীতিৰ দুটা অতি গুৰুত্বপূর্ণ মূল নীতি লিখা।
উঃ (ক) দেশৰ একতা আৰু (খ) সার্বভৌমত্ব ৰক্ষা কৰা।

প্র: আকাচাই কোন প্রদেশৰ অন্তৰ্গত?
উঃ আকাচাই কাশ্মীৰৰ লাডাখ অঞ্চলৰ অন্তর্গত।

প্রঃ কোন চনত জনতা দলে চৰকাৰ গঠন কৰে?
উঃ ১৯৭৭ চনত।

প্র : NPT আৰু CTBT সম্পূর্ণ নাম দুটা লিখা।
উ: NPT – Nuclear Non-proliferation Treaty.
CTBT – Comprehensive Test Ban Treaty।.

প্র : এছিয়া সম্বন্ধীয় সম্মিলন কোনে আৰু কেতিয়া আহ্বান কৰিছিল?
উঃ ১৯৪৭ চনৰ মাৰ্চত জবাহৰলাল নেহৰুৱে এছিয়া সম্বন্ধীয় সম্মিলন আহ্বান কৰিছিল ।

প্র: বেনদুং সম্মিলন কি?
উঃ ১৯৫৫ চনৰ ইণ্ডোনেছিয়াৰ বেনদুং চহৰত হোৱা এছিয়ান সম্মিলনকে বেনদুং সন্মিলন বোলা হয়। এই সন্মিলনখনে এছিয়া আৰু আফ্ৰিকাৰ নতুনকৈ স্বাধীন হোৱা ৰাষ্ট্ৰসমূহৰ লগত ভাৰত লগ লগাৰ শীর্ষ বিন্দু আছিল।

ভাৰতৰ বৈদেশিক সম্বন্ধ Class 12

প্র : কাৰ অধীনত পাকিস্তান সামৰিক বাহিনীয়ে চৰকাৰ হস্তগত কৰে?
উঃ সামৰিক প্রধান জেনেৰেল পাভেজ মোচাৰফৰ অধীনত।

প্র : কোন চনত ভাৰতে প্রথম আণৱিক উদ্গীৰণ ঘটাইছিল?
উ: ১৯৭৪ চনৰ মে মাহত।

প্র: কাৰ মাৰ্গ প্ৰদৰ্শনত আৰু কেতিয়া ভাৰতৰ ‘আণৱিক কার্য তালিকা’ আৰম্ভ হৈছিল?
উ: ১৯৪০ চনত হোমি জাহাংগিৰ ভাবাৰ মাৰ্গ প্ৰদৰ্শনেৰে আৰম্ভ হৈছিল।

প্র: সিন্ধু জল চুক্তি কি?
উ: ১৯৬০ চনত ভাৰত-পাকিস্তান সিন্ধু জল চুক্তি (India Pakistan Indus Water Treaty) জৱাহৰলাল নেহৰু আৰু জেনেৰেল আয়ুব খানে চহী কৰিছিল। ভাৰত পাকিস্তানৰ উত্থান-পতনৰ মাজতো এই চুক্তিখনে ভাল কাম কৰি আছিল।

প্র : পাকিস্তানৰ সৈতে ভাৰতৰ সম্পৰ্কৰ দুটা মতানৈক্যৰ বিষয়ে উল্লেখ কৰা।
উ: (ক) জম্মু আৰু কাশ্মীৰ আৰু (খ) বাংলাদেশৰ স্বাধীনতা।

লগতে পঢ়ক:   ক্ষমতাৰ বিকল্প কেন্দ্রস্থলসমূহ Class 12 (সম্পূৰ্ণ প্ৰশ্নোত্তৰ) দ্বাদশ শ্ৰেণী

প্র: বসুন্ধৰা চুক্তি কি?
উ : ভাৰতে ছোভিয়েট ইউনিয়নৰ লগত ১৯৭১ চনৰ আগষ্ট মাহত শান্তি আৰু বন্ধুত্বৰ ২০ বছৰীয়া চুক্তি (20 year Treaty of Peace and Friendship) স্বাক্ষৰ কৰে। এই চুক্তিয়ে ভাৰত আক্ৰমণৰ সন্মুখীন হ’লে ছোভিয়েটৰ সমৰ্থন নিশ্চিত কৰিছে।

প্রঃ কোন চনত আৰু কাৰ কাৰ মাজত চিমলা চুক্তি হৈছিল ?
উ: ইন্দিৰা গান্ধী আৰু ঝুলফিকৰ আলি ভুট্টাৱে ১৯৭২ চনৰ ৩ জুলাই তাৰিখে চিমলা চুক্তি স্বাক্ষৰ কৰিছিল।

প্র : পঞ্চশীল চুক্তি কি?
উঃ ১৯৫৪ চনৰ এপ্ৰিলত ভাৰতৰ প্ৰধানমন্ত্রী নেহৰু আৰু চীনদেশৰ প্ৰধানমন্ত্রী চৌ এন লাইয়ে শান্তিপূর্ণ সহাৱস্থানৰ পাঁচটা নীতিৰে গঠিত পঞ্চশীল চুক্তিপত্ৰত যুটীয়া স্বাক্ষৰে ভাৰত আৰু চীন দুয়োখন দেশৰ ভিতৰত সম্বন্ধ গঢ়া এক শক্তিশালী পদক্ষেপ আছিল। ভাৰত আৰু চীনৰ নেতাসকলে ইজন সিজনৰ দেশ ভ্ৰমণ কৰিছিল আৰু বিপুল সংখ্যক ৰাইজে আদৰণি জনাইছিল। ১৯৫৪ চনৰ ভাৰত আৰু চীনৰ মাজত স্বাক্ষৰিত পঞ্চশীল চুক্তিৰ এটা দফা মতে, এখন ৰাষ্ট্ৰৰ অখণ্ডতা আৰু সার্বভৌমত্বৰ প্রতি সম্মান জনাব লাগে সেই কাৰণে ভাৰতে চীনৰ তিব্বতৰ ওপৰত কৰা দাবী স্বীকাৰ কৰিছিল।

ভাৰতৰ বৈদেশিক সম্বন্ধ HS 2nd Year

প্র : জৱাহৰলাল নেহৰুৰ বৈদেশিক নীতিৰ দুটা প্ৰধান উদ্দেশ্যে লিখা ?
নাই বা
ভাৰতৰ বৈদেশিক নীতি প্রস্তুত কৰোতে কোনে বেছি প্রভাৱ পেলাইছিল? এই নীতিৰ ৩টা মূল মন্ত্ৰ কি আছিল?
উ: প্রধানমন্ত্রী জৱাহৰলাল নেহৰুৱে ১৯৪৬ চনৰ পৰা ১৯৬৪ চনলৈকে ভাৰতৰ বৈদেশিক নীতি প্রস্তুত আৰু কাৰ্যকৰী কৰাত গভীৰ প্ৰভাৱ পেলাইছিল। কষ্টোপার্জিত সার্বভৌম ৰক্ষা কৰা, দেশৰ অখণ্ডতা ৰক্ষা কৰা আৰু দ্রুত আর্থিক উন্নয়নকৰণ— এই তিনিটা নেহৰুৰ বৈদেশিক নীতিৰ মূলমন্ত্ৰ আছিল।

প্র : পঞ্চশীল নীতি ভাৰতৰ প্ৰধানমন্ত্রী জৱাহৰলাল নেহৰু আৰু চীনৰ মুৰব্বী চৌ এন লায়ে যুটীয়াভাৱে ঘোষণা কৰিছিল।

প্র : কাশ্মীৰ সমস্যা সম্পর্কে চমুকৈ লিখা।
উ : স্বাধীনতাৰ পিছৰে পৰাই কাশ্মীৰক লৈ ভাৰত আৰু পাকিস্তানে এতিয়ালৈকে তিনিখন পূর্ণাংগ যুদ্ধত অৱতীৰ্ণ হৈছে। ভাৰতবৰ্ষ আৰু পাকিস্তানে স্বাধীনতা লাভ কৰাৰ সময়ত কাশ্মীৰখন স্বাধীন আছিল আৰু ভৱিষ্যতে ই ভাৰত নাইবা পাকিস্তান দুয়োখনৰ লগত যুদ্ধ নকৰাকৈ স্বাধীন হৈ থাকিব বিচাৰিছিল। কিন্তু, ১৯৪৮ চনত পাকিস্তান সমর্থিত কিছু জনগোষ্ঠীয় মানুহে কাশ্মীৰ আক্ৰমণ কৰি ৰাজধানী শ্রীনগৰৰ ফালে আগবাঢ়ি আহিছিল। পৰৱৰ্তী সময়ত কাশ্মীৰৰ ৰজা হৰি সিং আৰু প্ৰধানমন্ত্রী শ্বেখ আব্দুল্লাই ভাৰতৰ পৰা পাকিস্তানী শক্তিৰ বিৰুদ্ধে সহায় বিচাৰিছিল আৰু সেই সময়ত চৰকাৰে “Instrument of Accession” নোহোৱাকৈ কাশ্মীৰত সোমোৱা নাছিল। কাশ্মীৰৰ ৰজাই পৰৱৰ্তী সময়ত ভাৰতৰ অন্তৰ্ভুক্তিৰ চুক্তিত স্বাক্ষৰ কৰিছিল আৰু কাশ্মীৰ ভাৰতৰ অংগৰাজ্য হিচাপে অন্তৰ্ভুক্ত হৈছিল। ইয়াৰ পিছতে ভাৰতীয় সামৰিক বাহিনীয়ে কাশ্মীৰক পাকিস্তানৰ পৰা মুক্ত কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিছিল যদিও ভাৰতীয় প্ৰধানমন্ত্রী জৱাহৰলাল নেহৰুৰ নিৰ্দেশত সম্পূৰ্ণ কাশ্মীৰখন মুক্ত কৰা ন’হল আৰু LOCক ভাৰত-পাকিস্তানৰ মাজৰ সীমা নির্ণয় কৰা হ’ল।

আনহাতে, পাকিস্তানে বন্ধুত্বৰ সূত্ৰে চীনক লাডাখৰ বৃহৎ অঞ্চল দিয়ে আৰু সেইফালৰ পৰা কাশ্মীৰৰ বৃহৎ ভূ-খণ্ড চীনৰ দখলতো আছে। কাশ্মীৰৰ ওপৰত ৰাষ্ট্ৰসংঘকে ধৰি অন্যান্য আন্তঃৰাষ্ট্ৰীয় অনুষ্ঠানসমূহক পাকিস্তানে নিজৰ অধিকাৰ দাবী কৰি আহিছিল আৰু এইটো মূল সমস্যা হিচাপে ভাৰতত স্বাধীনতাৰ পিছৰে পৰাই চিহ্নিত হৈ আহিছে।

Class 12 Political Science Chapter 13 Assamese Medium

প্র : ভাৰতৰ বৈদেশিক নীতিৰ যিকোনো দুটা বৈশিষ্ট্য লিখা।
উ : (১) ভাৰতৰ অন্য সকলোবোৰ দেশৰ সাৰ্বভৌমত্বৰ প্ৰতি সন্মান প্ৰদৰ্শন আৰু শান্তিৰক্ষাৰ দ্বাৰা নিজৰ নিৰাপত্তা সুৰক্ষিত কৰা। (২) আন্তর্জাতিক বিবাদসমূহ ভাৰতে মধ্যস্থতাকাৰীৰ ভূমিকালৈ আলোচনাৰ মাধ্যমেৰে শান্তিপূর্ণভাৱে মিমাংসা কৰাৰ বাবে উৎসাহ যোগোৱা।

প্র : ভাৰতে কিয় গোষ্ঠীনিৰপেক্ষ নীতি গ্রহণ কৰিছে? কাৰণ দর্শোৱা ।
উঃ গোষ্ঠীনিৰপেক্ষ আন্দোলনে বিশ্বৰ দুই শক্তি আমেৰিকা আৰু ৰাছিয়াৰ পৰা সমদূৰত্ব বজাই ৰখাটোকে বুজায়। এই আন্দোলন মূলতঃ তৃতীয় বিশ্বৰ দ্বাৰা পৰিচালিত হৈছিল। তলত ভাৰতে এই নীতি গ্ৰহণ কৰাৰ আলোচনা কৰা হ’ল–

(১) ভাৰতে আমেৰিকা আৰু ছোভিয়েট ৰাছিয়া, দুয়োটা বিশ্বশক্তিৰ মাজৰ সামৰিক প্ৰতিযোগিতাক ভাল পোৱা নাছিল।
(২) দ্বিতীয়তে, ভাৰতে নিজৰ নব্যলব্ধ স্বাধীনতাক নতুনকৈ বিপদত পেলাব বিচৰা নাছিল।

লগতে পঢ়ক:   সাম্প্রতিক বিশ্বত নিৰাপত্তা Class 12 গুৰুত্বপূৰ্ণ প্ৰশ্নোত্তৰ

(৩) ভাৰতে নিজৰ সীমিত সম্পদক শীতল যুদ্ধত অংশগ্ৰহণ কৰি খৰচ কৰাতকৈ দেশৰ জনসাধাৰণৰ কল্যাণমূলক কাৰ্যসূচীত খৰচ কৰিছিল।
(৪) ভাৰতৰ আৰ্থিক আৰু উদ্যোগীক প্ৰগতিৰ বাবে আমেৰিকা আৰু ৰাছিয়া দুয়োখন দেশৰে সহযোগিতাৰ প্ৰয়োজন আছে। এখনৰ লগত শীতল যুদ্ধত যোগ সি ভাৰতে আনখনৰ অপ্ৰিয়ভাজন হ’ব বিচৰা নাছিল।

(৫) ভাৰতে পূৰ্বৰে পৰা সাম্ৰাজ্যবাদৰ বিৰোধিতা কৰি আহিছে। শীতল যুদ্ধৰ দ্বাৰা পুনৰ সাম্রাজ্যবাদী শক্তিসমূহক শক্তিশালী হোৱাটো দেশে বিচৰা নাছিল। (৬) আন্তঃর্জাতিকভাৱে ভাৰতবৰ্ষই তৃতীয় বিশ্বৰ দেশসমূহৰ দৰিদ্ৰতা, শিক্ষাহীনতা আৰু দুর্বল আর্থিক অৱস্থাৰ প্ৰতি সচেতন আছিল। সেয়েহে, সেই দেশসমূহে যাতে যুদ্ধত যোগদান কৰি নিজৰ অৱস্থা আৰু অধিক শোচনীয় কৰি নোতোলে তাৰ বাবেও এই আন্দোলন শক্তিশালী কৰি তুলিছে।

(৭) ভাৰতবৰ্ষই তৃতীয় বিশ্বৰ দেশসমূহৰ মাজত একতা প্রতিষ্ঠা হোৱাটো আৰু ৰাষ্ট্ৰসংঘৰ আঁচনিসমূহ সফল হোৱাটো বিচাৰিছিল। ইয়াৰ বাবে, ভাৰতে গোষ্ঠীনিৰপেক্ষতাক এক মাধ্যম হিচাপে গণ্য কৰিছিল।

(৮) জৱাহৰলাল নেহৰুৰ শক্তিশালী মানৱতাবাদী নেতৃত্বয়ো গোষ্ঠীনিৰপেক্ষতাৰ প্ৰতি ভাৰতৰ জনসাধাৰণক আকৃষ্ট কৰিছিল।

প্ৰঃ চিমলা চুক্তি স্বাক্ষৰিত হৈছিল ভাৰত আৰু পাকিস্তানৰ মাজত।

প্ৰ : ভাৰতৰ পাৰমাণৱিক নীতিৰ বিষয়ে চমুকৈ আলোচনা কৰা।
উ : ভাৰতৰ বৈদেশিক নীতিৰ অন্যতম বৈশিষ্ট্য হ’ল— ৰাষ্ট্ৰখনৰ শক্তিশালী পাৰমাণৱিক নীতি। নেহৰুৱে এখন আধুনিক ভাৰত নিৰ্মাণৰ বাবে বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ ওপৰত যথেষ্ট বিশ্বাস ৰাখিছিল। 1940 ৰ দশকৰ শেষৰফালে হোমি জাহাঙ্গীৰ ভাবাৰ নেতৃত্বত ভাৰতত পাৰমাণবিক কর্মসূচী আৰম্ভ হয়। নেহৰু পাৰমাণৱিক যুদ্ধাস্ত্ৰ বিৰোধী আছিল আৰু সেই কাৰণে তেওঁ সু-সংহত পাৰমাণৱিক নিৰস্ত্ৰীকৰণৰ আৱেদন জনাই আহিছিল। 1964 চনৰ অক্টোবৰত চীনে
পাৰমাণৱিক পৰীক্ষা কৰে। সেই সময়ত বিশ্বত পাৰমাণৱিক যুদ্ধাস্ত্ৰ নিৰ্মাণৰ হাৰ বৃদ্ধি পাবলৈ ধৰিছিল।

এনে পৰিস্থিতিত ৰাষ্ট্ৰসংঘই পাৰমাণৱিক নিৰস্ত্ৰীকৰণ চুক্তি স্বাক্ষৰ কৰিবলৈ আহ্বান জনায়। ভাৰতে আজিলৈকে এই চুক্তি স্বাক্ষৰ কৰাৰ পৰা বিৰত আছে। কাৰণ ভাৰতে অনুভৱ কৰে যে এই চুক্তিখন বৈষম্যমূলক। অৱশ্যে ভাৰতে 1963 চনৰ আংশিক পৰীক্ষা নিষিদ্ধকৰণ চুক্তি স্বাক্ষৰ কৰিছে। পাৰমাণৱিক পৰীক্ষা নিষিদ্ধ কৰাৰ দাবী জনোৱা ভাৰত হ’ল বিশ্বৰ প্ৰথম ৰাষ্ট্ৰ। অৱশ্যে ভাৰতে 1974 আৰু 1998 চনত দুবাৰকৈ ৰাজস্থানৰ পোখৰাণত পাৰমাণৱিক পৰীক্ষা কৰিছে।

1999 চনত ভাৰতে বিশ্বাসযোগ্য ন্যূনতম প্ৰতিৰোধৰ ওপৰত আধাৰিত এটা পাৰমাণৱিক মতবাদ আৰম্ভ কৰে। 2003 চনত ভাৰতে কৌশলগত পাৰমাণৱিক কৰ্তৃত্ব আনুষ্ঠানিকভাৱে গঠন কৰে। ভাৰত আন্তঃৰাষ্ট্ৰীয় ইন্ধন এজেঞ্চিৰ সদস্য। ভাৰতবৰ্ষই সু- সংহত পৰীক্ষা নিষিদ্ধকৰণ চুক্তি স্বাক্ষৰ কৰাৰ পৰাও আঁতৰি আছে। ভাৰতে আণৱিক ইন্ধন শান্তিপূর্ণ উদ্দেশ্যত উৎপাদন আৰু ব্যৱহাৰক সমর্থন কৰে।

ভাৰতৰ বৈদেশিক সম্বন্ধ Class 12 Question Answer

প্রঃ বৈদেশিক নীতি মানে কি বুজা? ভাৰতৰ বৈদেশিক নীতিৰ সাংবিধানিক ভিত্তি কি কি?
উঃ পৃথিৱীৰ কোনো দেশে আত্মনির্ভৰশীল নহয়। প্রত্যেক দেশে নিজ দেশৰ স্বাৰ্থ ৰক্ষা আৰু বন্ধুত্বপূর্ণ সম্পর্ক স্থাপন কৰিবলৈ চেষ্টা কৰে। যি নীতি বা আঁচনিৰ ভিত্তিত এখন দেশে আন এখন দেশৰ লগত সম্পর্ক স্থাপনৰ প্ৰচেষ্টা অব্যাহত ৰাখে বা স্থাপন কৰে। সেই নীতিকে বৈদেশিক নীতি বুলি কোৱা হয়। বিভিন্ন দেশৰ মাজৰ বৈদেশিক নীতিৰ ভিত্তিতে আন্তর্জাতিক সম্পর্ক সৃষ্টি হয়।

ভাৰতৰ সংবিধানে দেশখনত এক গণতান্ত্রিক ব্যৱস্থা স্থাপন কৰিছিল। পৰৱৰ্তী সময়ত গণতান্ত্রিক পদ্ধতিৰে দেশৰ শাসন ব্যৱস্থা পৰিচালিত হৈ আহিছে। ভাৰতবৰ্ষই গণতান্ত্রিক সমাজবাদৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে আৰু আন্তঃৰাষ্ট্ৰীয় ক্ষেত্ৰতো গণতন্ত্র প্রতিষ্ঠাৰ ওপৰত গুৰুত্ব দি আহিছে। ভাৰতৰ সংবিধানৰ নিৰ্দেশাত্মক নীতিসমূহত বিশ্বশান্তি ৰক্ষাৰ বাবে আৰু ৰাষ্ট্ৰসংঘ তথা কমনৱেলথৰ সমস্যা হিচাপে যাতে বিশ্বশান্তি আৰু নিৰাপত্তা ৰক্ষা হয় তাৰ বাবে নির্দেশনা দিয়া হৈছে। ভাৰতৰ বৈদেশিক নীতিৰ মূল ভেঁটি হ’ল- সংবিধানৰ ৫১ নং অনুচ্ছেদ। ভাৰতবৰ্ষই সাংবিধানিকভাৱে গোষ্ঠীনিৰপেক্ষ আৰু সাম্রাজ্যবাদী বিৰোধী নীতি অনুসৰণৰ জৰিয়তে বিশ্বশাস্তি ৰক্ষাৰ ওপৰত গুৰুত্ব দিছে।

প্র : কার্গিল যুদ্ধৰ চাৰিটা কাৰণ লিখা।
উঃ

লগতে পঢ়ক:   আন্তর্জাতিক সংগঠন Class 12 (গুৰুত্বপূৰ্ণ প্ৰশ্নোত্তৰ) ৰাজনীতি বিজ্ঞান
  • (১) ভাৰতলৈ পাকিস্তানৰ দ্বাৰা প্রশিক্ষিত আৰু পৰিচালিত সন্ত্রাসবাদী প্ৰেৰণ।
  • (২) গিলগিট বাল্টিস্তানত পাকিস্তানী সেনাবাহিনীৰ অপ্ৰৰোচিত আক্রমণ।
  • (৩) পাকিস্তানৰ শাসন ক্ষমতা নিৰ্বাচিত চৰকাৰৰ হাতৰ পৰা সেনাবাহিনীৰ মুৰব্বী পাৰভেজ মুখাৰফৰ অধীনলৈ যোৱা।
  • (৪) কাশ্মীৰত অশান্তি আৰু সংঘাত সৃষ্টি কৰিবলৈ পাকিস্তান চৰকাৰে কৰা প্ৰচেষ্টা।

প্র : ভাৰতৰ বৈদেশিক নীতিৰ উদ্দেশ্য লিখা।
উ: কোনো এখন দেশৰ বৈদেশিক নীতিয়ে সেই দেশখনৰ পৰম্পৰা, সাংস্কৃতিক ঐতিহ্য, সামাজিক আৰু ৰাজনৈতিক ব্যৱস্থা তথা অর্থনৈতিক স্থিতি আৰু অৱস্থাক প্রতিফলিত কৰে। ভাৰতৰ বৈদেশিক নীতিয়ো ইয়াৰ ব্যতিক্ৰম নহয়। তলত ভাৰতৰ বৈদেশিক নীতিৰ উদ্দেশ্যসমূহ আলোচনা কৰা হ’ল—

(১) ভাৰতৰ বৈদেশিক নীতিয়ে যুদ্ধৰ পৰিৱেশ নোহোৱা কৰি আন্তঃৰাষ্ট্ৰীয়ভাৱে শান্তি আৰু বন্ধুত্বৰ ভাৱ প্রতিষ্ঠা কৰিব বিচাৰে।

(২) ভাৰতবৰ্ষই বুদ্ধ, অশোক আৰু মহাত্মা গান্ধীৰ দ্বাৰা প্রতিষ্ঠিত অহিংসা নীতিত বিশ্বাস কৰে। সেয়েহে বৈদেশিক ক্ষেত্ৰত ভাৰতবৰ্ষই হিংসাক পৰিহাৰ কৰি দেশবোৰত আন্তঃৰাষ্ট্ৰীয় সম্পর্ক স্থাপন কৰাৰ কথা কৈছে।

(৩) ভাৰতবৰ্ষই পৃথিৱীৰ প্ৰতিখন দেশৰ জাতীয়তাবাদ আৰু সার্বভৌমত্বক সন্মান জনায় আৰু ইয়াক সংৰক্ষণৰ ওপৰত গুৰুত্ব দিয়ে।

(৪) ভাৰতবৰ্ষই ওচৰ-চুবুৰীয়া দেশসমূহৰ লগত সহ-অবস্থান আৰু শক্তিশালী, দৃঢ় সম্পর্ক স্থাপনত গুৰুত্ব দিয়ে।

(৫) আঞ্চলিক সহযোগিতা স্থাপন আৰু দক্ষিণ এছিয়াৰ দেশসমূহৰ লগত সু-সম্পর্ক স্থাপন কৰাই ভাৰতৰ বৈদেশিক নীতিৰ অন্যতম উদ্দেশ্য।

(৬) ৰাষ্ট্ৰসংঘ আৰু অন্যান্য আন্তঃৰাষ্ট্ৰীয় সংগঠনৰ প্ৰতি সমর্থন আৰু বিশ্বাস স্থাপন কৰাটো ভাৰতৰ বৈদেশিক নীতিৰ এটা অন্যতম উদ্দেশ্য।
(৭) আন্তঃৰাষ্ট্ৰীয় চুকি, সন্ধি আদিৰ প্রতি সম্মান আৰু সমৰ্থন প্ৰদান কৰা তথা ইয়াৰ প্ৰয়োজনীয়তাক স্বীকৃতি দিয়াটোও হৈছে ভাৰতৰ বৈদেশিক নীতিৰ এটা মূল উদ্দেশ্য।

(৮) গোষ্ঠীনিৰপেক্ষতাৰ বিকাশ আৰু ইয়াৰ সংৰক্ষণ ভাৰতৰ বৈদেশিক নীতিৰ মূল উদ্দেশ্য। তাৰোপৰি, শক্তিগোষ্ঠীৰ ৰাজনীতিৰ বিৰোধিতা কৰা আৰু তৃতীয় বিশ্বৰ দেশসমূহৰ স্বাৰ্থক সুৰক্ষিত কৰাও ভাৰতৰ বৈদেশিক নীতিৰ অন্যতম উদ্দেশ্য।

ভাৰতৰ বৈদেশিক সম্বন্ধ Class 12

প্ৰঃ ভাৰতৰ বৈদেশিক নীতিত গোষ্ঠীনিৰপেক্ষতাৰ গুৰুত্ব আলোচনা কৰা
উঃ ভাৰতে দীর্ঘদিনীয়া গণতান্ত্রিক আন্দোলনৰ মাধ্যমেৰে নিজৰ স্বাধীনতা অর্জন কৰিছে। পৰৱৰ্তী সময়ত স্বাধীন ভাৰতে ইয়াৰ বৈদেশিক নীতিত গোষ্ঠীনিৰপেক্ষতাক এক অন্যতম আদর্শ হিচাপে লৈছিল। ইয়াৰ অধীনত ভাৰতবৰ্ষই পৃথিৱীৰ দুয়োটা প্রধান শক্তি আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ছোভিয়েটৰ পৰা সমদূৰত্ব বজাই ৰাখিছিল আৰু দুয়োটা প্রধান শক্তিৰ সামৰিক আৰু ৰাজনৈতিক প্রতিযোগিতাত অংশগ্রহণ কৰা নাছিল। বৈদেশিক ক্ষেত্ৰত এই নীতিৰ আধাৰত ভাৰতবৰ্ষই তৃতীয় বিশ্বৰ দেশসমূহৰ সৰ্বাংগীণ উন্নয়নৰ ওপৰত গুৰুত্ব আৰোপ কৰিছিল আৰু ৰাষ্ট্ৰসংঘৰ সকলো কার্যকলাপৰ সক্ৰিয় সমৰ্থন আৰু সহযোগিতা আগবঢ়াইছিল।

গোষ্ঠীনিৰপেক্ষ আন্দোলনে আন্তর্জাতিক ক্ষেত্ৰত যুদ্ধ আৰু অস্ত্র-শস্ত্ৰৰ প্ৰতিযোগিতাৰ বিৰোধিতা কৰে। ভাৰতেও ইয়াক নিজৰ বৈদেশিক নীতিৰ ক্ষেত্ৰত বিৰোধ কৰে। ভাৰতবৰ্ষই NATO তথা Warsow Pactৰ দৰে সামৰিক মৈত্রীৰ বিৰোধিতা কৰে। গোষ্ঠীনিৰপেক্ষতায়ো ইয়াৰ বিৰোধিতা কৰে। এই নীতিৰ ভিত্তিতেই ভাৰতে কোনো সামৰিক মৈত্ৰীগোষ্ঠীৰ সদস্য হোৱা নাই। গোষ্ঠীনিৰপেক্ষতাই সামৰিকভাৱে সমস্যা সমাধান কৰাতকৈ আলোচনাৰ মাধ্যমেৰে সমাধান কৰিব বিচাৰে, ভাৰতেও বৈদেশিক ক্ষেত্ৰত এই নীতিটো প্রয়োগ কৰে।

গোষ্ঠীনিৰপেক্ষতাই পৰাধীন দেশবোৰৰ স্বাধীনতাক সমৰ্থন কৰে আৰু বৰ্ণ বৈষম্য নীতিৰ বিলুপ্তিকৰণ বিচাৰে। ভাৰতেও ইয়াৰ বৈদেশিক নীতিৰ পৰাধীন দেশবোৰৰ স্বাধীনতাক সমর্থন কৰে আৰু বৰ্ণ বৈষম্যৰ অতি শীঘ্ৰে অৱসান বিচাৰে।

ওপৰৰ আলোচনাৰ পৰা গম পোৱা গ’ল যে ভাৰতৰ বৈদেশিক নীতি আৰু গোষ্ঠীনিৰপেক্ষতাৰ ঘনিষ্ঠ সম্পর্ক আছে। দুয়োটা অনুষ্ঠানৰ মূল আদৰ্শ হ’ল গণতন্ত্র, আৰু মানৱতাবাদ।

প্র: ভাৰতীয় জাতীয় বাহিনী কোনে গঠন কৰে?

উ: নেতাজী সুভাষ চন্দ্র বসুৱে।

প্র: নেহৰুৰ পিছত চীন ভ্রমণ কৰা আনগৰাকী প্ৰথম প্রধানমন্ত্রী কোন আছিল?

উঃ ৰাজীৱ গান্ধী (১৯৭৯ চনত)।

প্র: লাল বাহাদুৰ শাস্ত্রী আৰু জেনেৰেল আয়ুব খানে ১৯৬৬ চনত কৰা চুক্তিখনক কি বুলি জনা যায়?

উঃ তাঁচকেণ্ট চুক্তি।

প্র: NEFAৰ সম্পূৰ্ণ ৰূপটো লিখা।

উ: North Eastern Frontier Agency.


প্র: নেমৰ প্ৰধান শীর্ষ সন্মিলন কেতিয়া আৰু ক’ত অনুষ্ঠিত হৈছিল?

উঃ ১৯৬১ চনৰ চেপ্তেম্বৰত বেলগ্রেড চহৰত অনুষ্ঠিত হৈছিল।

Leave a Comment

Your email address will not be published. Required fields are marked *


Scroll to Top