ভাৰতীয় অৰ্থব্যৱস্থা Class 12 (1950-1990) দ্বিতীয় অধ্যায়

ভাৰতীয় অৰ্থব্যৱস্থা Class 12 |  HS 2nd Year Economics Chapter 2 question Answer – (প্ৰশ্নোত্তৰ) ভাৰতীয় অৰ্থব্যৱস্থা (1950 – 1990) অৰ্থনীতি বিজ্ঞান | Class 12 Economics Part 2 Chapter 2 Assamese Medium

বিষয় অৰ্থনীতি বিজ্ঞান দ্বাদশ শ্ৰেণীৰ
দ্বিতীয় অধ্যায়ভাৰতীয় অৰ্থব্যৱস্থা (1950 – 1990)
উপলব্ধগুৰুত্বপূৰ্ণ প্ৰশ্নোত্তৰ
অংশ 2
অধ্যায়দ্বিতীয় অধ্যায়
শ্ৰেণী দ্বাদশ শ্ৰেণী অর্থনীতি বিজ্ঞান
পাঠ্যক্ৰম অসম মাধ্যমিক শিক্ষা পৰিষদৰ (AHSEC)

ভাৰতীয় অৰ্থব্যৱস্থা Class 12

(ক) অতি চমু প্রশ্ন উত্তৰ :

১। ” অর্থনৈতিক পৰিকল্পনা কি?
উত্তৰঃ ই হ’ল কেন্দ্ৰীয় ভাবে গ্ৰহন কৰা এক পদ্ধতি যাৰ সহায়ত পূৰ্ব নিৰ্দ্ধাৰিত কিছুমান লক্ষ্য বা উদ্দেশ্যত উপনীত হ’বৰ বাবে প্ৰচেষ্টা লোৱা হয়।

২। ভাৰতত পৰিকল্পনা কাৰ্য্যকৰী কৰা সংগঠনটোৰ নাম কি ?
উত্তৰঃ পৰিকল্পনা আয়োগ ।

৩। পৰিকল্পনা সমূহক চূড়ান্ত অনুমোদন জনোৱা সংগঠনটোৰ নাম কি ?
উত্তৰঃ ৰাষ্ট্ৰীয় উন্নয়ন পৰিষদ।

৪। ভাৰতৰ একাদশ পৰিকল্পনাৰ উন্নয়নৰ হাৰ কিমান ?
উত্তৰঃ প্ৰতি বছৰে 9 শতাংশ (9%)

৫। পৰিকল্পনা আয়োগ কিমান চনত গঠন কৰা হৈছিল।
উত্তৰ: 1950,15 March.

৬। পৰিকল্পনা আয়োগৰ অধ্যক্ষ কোন।
উত্তৰঃ ভাৰতৰ প্ৰধানমন্ত্রী।

৭। ভাৰতত স্বাধীনতাৰ আগতে প্রচলিত কেইখন মান পৰিকল্পনাৰ নাম লিখা।
উত্তৰঃ (ক) বম্বে’ প্লেন বা পৰিকল্পনা।
(খ) জনতাৰ পৰিকল্পনা।
(গ) গান্ধীয়ান পৰিকল্পনা।

৮। ভাৰতত পৰিকল্পনা আয়োগৰ প্ৰথম অধ্যক্ষ কোন আছিল?
উত্তৰঃ পণ্ডিত জৱাহৰ লাল নেহৰু।

৯। উচ্চ উৎপাদনক্ষ্যম বীজ (HYV Seeds)ৰ আৱিষ্কাৰক কোন?
উত্তৰ: Dr. Norman E Barlaug.

১০। ক্ষুদ্ৰ আৰু কুটিৰ উদ্যোগ সমূহে কেনেকুৱা সমস্যাৰ সমাধান কৰিব পাৰে।
উত্তৰঃ নিবনুৱা সমস্যাৰ সমাধান।

১১। কোন চনত ভাৰতত প্ৰথম উদ্যোগিক নীতি গ্ৰহণ কৰা হৈছিল?
উত্তৰ: 1948 চনত।

১২। ভাৰতৰ প্ৰধান উদ্যোগিক নীতি সমূহ কোন কোন চনত গ্ৰহণ কৰা হৈছিল?
উত্তৰ: 1948, 1956, 1977, 1980, 1991।

১৩। ভাৰতৰ প্ৰধান ৰপ্তানিজাত সামগ্ৰীসমূহ কি?
উত্তৰঃ চাহপাত, মৰাপাট, কপাহ আৰু কপাহী কাপোৰ, চামৰা উৎপাদিত সামগ্ৰী, মছলা, কফি, পাঁথৰ আৰু অলংকাৰ, হস্তশিল্প, বাদাম, ইত্যাদি।

১৪। ভাৰতৰ প্ৰধান আমদানি জাত সামগ্রী সমূহ কি?
উত্তৰঃ যন্ত্রপাতি, লো আৰু আছৰ, সাৰ পেট্ৰলিয়াম জাত সামগ্ৰী, ৰাসায়নিক উপাদান, প্লাষ্টিক, পেপাৰ, পৰিবহণৰ সঁজুলি ইত্যাদি।

১৫। ভাৰতৰ নতুন বৈদেশিক নীতি কেতিয়া ঘোষণা কৰা হৈছিল?
উত্তৰঃ 31 August, 2004.

১৬। ভাৰতে প্ৰধানকৈ কোনবোৰ দেশলৈ চাহপাত ৰপ্তানি কৰে।
উত্তৰঃ ইংলণ্ড, আমেৰিকা, জার্মানি, আষ্ট্ৰেলিয়া ইত্যাদি।

১৭। ভাৰতে প্ৰধানকৈ কোনবোৰ দেশৰ পৰা পেট্রল আমদানি কৰে।
উত্তৰঃ ইৰাণ, ইৰাক্, চৌদি আৰৱ ইত্যাদি।

১৮। আমদানি বিকল্পীকৰণ বুলিলে কি বুজা ?
উত্তৰঃ ইয়াৰ অৰ্থ হ’ল বাহিৰৰ দেশৰ পৰা সামগ্ৰী সমূহ আমদানি নকৰি, নিজ দেশতে আমদানি প্রতিকল্প দ্রব্য-সামগ্ৰী সমূহৰ উৎপাদনত গুৰুত্ব দিয়া।

Class 12 Economics Part 2 Chapter 2 Assamese Medium

১৯। পৰিকল্পনাৰ সংজ্ঞা দিয়া।
উত্তৰ: দেশ এখনৰ সম্পদ সমূহ কিদৰে ব্যৱহাৰ কৰা উচিত তাক পৰিকল্পনাই ব্যাখ্যা কৰে। পৰিকল্পনা সমূহত এটা নিৰ্দিষ্ট সময়ত উপনীত হ’বলগীয়া ইয়াৰ কিছুমান সাধাৰণ লক্ষ্য আৰু বিশেষ উদ্দেশ্য থাকে। ভাৰতবৰ্ষৰ পৰিকল্পনাৰ কাৰ্যকাল পাঁচবছৰ আৰু ইয়াৰ পঞ্চবার্ষিক পৰিকল্পনা বুলি কোৱা হয় ।

২০। ভাৰতবৰ্ষই কিয় পৰিকল্পনা হাতত লৈছিল?
উত্তৰঃ ভাৰতবৰ্ষই পৰিকল্পনা হাতত লৈছিল উন্নয়নৰ এক প্ৰক্ৰিয়াৰ সূচনা কৰিবলৈ। এই পৰিকল্পনাই জীৱন ধাৰণ মান উন্নীত কৰিব তথা সম্বৃদ্ধ আৰু ভিন্নতা পূৰ্ণ জীৱনৰ বাবে জনসাধাৰণলৈ নতুন নতুন সুযোগৰ পাতনি মেলিব।

ভাৰতীয় অৰ্থব্যৱস্থা Class 12

চমু আৰু দীঘল প্রশ্ন উত্তৰ :

১। ভাৰতৰ পঞ্চবার্ষিক পৰিকল্পনা সমূহৰ প্ৰধান লক্ষ্য সমূহ কি কি?
উত্তৰঃ (ক) দ্ৰুত অর্থনৈতিক উন্নয়ন।
(খ) অৰ্থনৈতিক আৰু সামাজিক ন্যায়।
(গ) আঞ্চলিক বৈষম্য দূৰ কৰা।
(ঘ) অর্থনৈতিক স্থিৰতা অৱলম্বন কৰা।
(ঙ) আত্মনিৰ্ভৰশীলতা অৰ্জন কৰা।

২। অর্থনৈতিক উন্নয়নত কৃষিৰ ভূমিকা লিখা।
উত্তৰঃ (ক) দেশৰ জাতীয় আয়লৈ বৰঙণি ।
(খ) প্ৰায়ভাগ মানুহৰ জীৱন নিৰ্বাহৰ উৎস।
(গ) চৰকাৰৰ ৰাজহ আহৰণৰ উৎস।
(ঘ) দেশৰ মূলধন গঠনত গুৰুত্ব।
(ঙ) উদ্যোগ সমূহলৈ কেঁচা সামগ্ৰীৰ যোগান।

৩। ভাৰতীয় কৃষিৰ নিম্ন উৎপাদিকা বা অনগ্ৰসৰতাৰ কাৰণ সমূহ কি কি?
উত্তৰঃ (ক) প্রকৃতিক দুর্যোগ, যেনেঃ বানপানী, খৰাং বতৰ, ভূমিস্খলন ইত্যাদি।
(খ) উপযুক্ত কৃষি ঋণৰ অভাৱ।
(গ) আসোঁৱাহ পূৰ্ণ বজাৰ ব্যৱস্থা।
(ঘ) নিম্ন গুণগত বীজ আৰু কীটনাশক দ্ৰৱ্যৰ ব্যৱহাৰ।
(ঙ) জলসিঞ্চন ব্যৱস্থাৰ অভাৱ।
(চ) পুৰণিকলীয়া কৃষি পদ্ধতি তথা যন্ত্রপাতিৰ অভাৱ।
(ছ) কৃষি গৱেষণাৰ অভাৱ৷

8। কৃষিৰ উৎপাদন বৃদ্ধি কৰিবলৈ কিছু পৰামৰ্শ আগবঢ়োৱা।
উত্তৰঃ (ক) জনসংখ্যা বৃদ্ধি নিয়ন্ত্রণ।
(খ) ৰাসায়নিক সাৰ আৰু উচ্চ উৎপাদনক্ষম বীজৰ প্ৰচুৰ ব্যৱহাৰ।
(গ) পৰিকল্পিত আৰু সুসংগঠিত জলসিঞ্চন ব্যৱহাৰ প্ৰচাৰ।
(ঘ) ভূমি শংস্কাৰ ব্যৱহাৰ কাৰ্য্যকৰী কৰণ।
(ঙ) নিয়ন্ত্ৰিত বজাৰ ব্যৱস্থাৰ প্ৰচলন।
(চ) কৃষক শকললৈ প্ৰশিক্ষণ ব্যৱস্থা আগবঢ়োৱা।
(ছ) আধুনিক প্রযুক্তি বিদ্যাৰ বহল প্ৰচন।
(জ) ক্ষুদ্ৰ আৰু কুটীৰ উদ্যাগ সমূহৰ বিকাশ সাধন কৰা।

লগতে পঢ়ক:   চৰকাৰ : কাৰ্যাৱলী আৰু পৰিসৰ Class 12 (প্ৰশ্নোত্তৰ) অৰ্থনীতি বিজ্ঞান

৫। ভূমি সংস্কাৰ ব্যৱস্থাৰ দুৰ্বিলতা সমূহ কি কি?
উত্তৰঃ (ক) ৰাজনৈতিক সদিচ্ছাৰ অভাৱ।
(খ) বিভিন্ন ভূমি সংস্কাৰ আইন, যাৰ মাজত কোনো ধৰণৰ মিল নাছিল।
(গ) ডাঙৰ ডাঙৰ ভূমি গৰাকী সমূহৰ প্ৰভাৱ বা হস্তক্ষেপ।
(ঘ) বিত্তীয় ব্যৱস্থাৰ অভাৱ৷
(ঙ) নিৰক্ষৰতা তথা সু-সংগঠনৰ অভাৱ।
(চ) তথ্য পাতি সমূহ সংৰক্ষণৰ সু-ব্যৱস্থা নথকা।

৬। ভূমি সংস্কাৰ ব্যৱস্থাৰ দুৰ্বলতা সমূহ আঁতৰ কৰিবলৈ পৰামৰ্শ দিয়া।
উত্তৰঃ (ক) বিত্তীয় সাহাৰ্য্য আগবঢ়োৱা ।
(খ) দক্ষতা পূৰ্ণ প্ৰশাসনৰ ব্যৱস্থা কৰা।
(গ) উপযুক্ত আঁচানি সমূহ সফল ভাৱে ৰূপায়ন কৰা।
(ঘ) ভূমি সংস্কাৰ আদালত তৈয়াৰ কৰা।

৭। নতুন ৰাষ্ট্ৰীয় কৃষি নীতি কেতিয়া আৰম্ভ হৈছিল। ইয়াৰ মুখ্য উদ্দেশ্য সমূহ কিকি আছিল।
উত্তৰ: 25th July, 2000 চনত।
ইয়াৰ মুখ্য উদ্দেশ্য সমূহ আছিল—
(ক) দক্ষতা পূর্ণ কৃষি পদ্ধতি ব্যৱহাৰ কৰা।
(খ) উপযুক্ত কৃষি ঋণ ব্যৱস্থাৰ প্ৰচালন কৰা।
(গ) বিভিন্ন ধৰণৰ কৃষি সংশ্লিস্ত বীমা আঁচনি সমূহ প্ৰৱৰ্ত্তন কৰা।
(ঘ) শ্ৰাম্য বৈদ্যুতিকৰণ ব্যৱস্থাৰ প্ৰচলন কৰা।

(ঙ) আমদানি ৰপ্তানি শুল্কৰ পৰিমাণ হ্রাস কৰা।
(চ) কৃষিৰ লগত জড়িত নিয়ন্ত্ৰণ সমূহ নাই| কয়া কৰা ।

৮। সমবায় কৃষি ব্যৱস্থা বুলিলে কি বুজা ? ইয়াৰ সুবিধা সমূহ কি কি ?
উত্তৰঃ যি কৃষি ব্যৱস্থাত, ক্ষুদ্র ক্ষুদ্র কৃষক সকলে একেলগ হৈ কৃষি উৎপাদন সম্ভৱ কৰি তুলে, তেনে কৃষি ব্যৱস্থাক সমবায় কৃষি ব্যৱস্থা বোলে। ইয়াৰ মুখ্য সুবিধা সমূহ হ’ল—
(ক) একে লগ হৈ তেওঁলোকে ভাল গুণৰ বীজ, সাৰ তথা জল সিঞ্চনৰ ব্যৱস্থা কৰিব পাৰে।
(খ) মধ্যস্থতাকাৰী সকলে কৃষক সকলক শোষণ কৰিব নোৱাৰে।
(গ) কৃষিৰ উৎপাদিকা বৃদ্ধি হয়।

(ঘ) কৃষক সকলৰ আয়ৰ পৰিমাণ বৃদ্ধি হয় ।
(ঙ) কৃষক,সকলৰ জীৱন ধাৰণৰ মানদত্ত উন্নত হয়।

৯। সেউজ বিপ্লৱৰ উৎপাদান সমূহ কি কি ?
উত্তৰঃ (ক) উচ্চ উৎপাদন ক্ষম বীজৰ ব্যৱস্থাৰ।
(খ) জলসিঞ্চন ব্যৱস্থাৰ প্ৰচলন।
(গ) ৰাসায়নি সাৰ তথা কীটনাশক দ্ৰৱ্যৰ বহুল প্রচলন।
(ঘ) কৃষিৰ আধুনিকীকৰণ তথা যান্ত্ৰিককৰণ।
(ঙ) বহু শস্য কৃষি পদ্ধতিৰ প্ৰচলন।
(চ) কৃষিজাত দ্রব্য সমূহৰ বজাৰৰ ব্যৱস্থা কৰা।

১০। অর্থনৈতিক উন্নয়নত উদ্যোগৰ ভূমিকা লিখা।
উত্তৰ: (ক) জাতীয় আয়লৈ বৰঙণি।
(খ) জনমূৰি আয় বৃদ্ধি।
(গ) জীৱন ধাৰণৰ মানদণ্ডৰ উন্নতি।
(ঘ) সঞ্চয় আৰু বিনিয়োগৰ পৰিমাণ বৃদ্ধি।
(ঙ) প্ৰতিৰক্ষাৰ বাবে গুৰুত্বপূর্ণ।
(চ) উৎপাদন বৃদ্ধি।
(ছ) কৃষিৰ উন্নয়নৰ বাবেও গুৰুত্বপূর্ণ।

ভাৰতীয় অৰ্থব্যৱস্থা Class 12

১১ । 1991 চনত গ্ৰহণ কৰা নতুন ইদ্যোগিক নীতিৰ মুখ্য উদ্দেশ্য সমূহ কি কি?
উত্তৰঃ (ক) ভাৰতীয় উদ্যোগ সমূহৰ প্ৰতিযোগিতা মূলক সামৰ্থ বৃদ্ধি কৰা।

(খ) ৰাজহুৱা খণ্ডৰ উদ্যোগবোৰক লাভজনক ভাবে গঢ়ি তোলা।
(গ) ব্যক্তিগত খণ্ডৰ উদ্যোগক পৰ্য্যাপ্ত স্বাধীনতা প্ৰদান কৰা।
(ঘ) উৎপাদন আৰু নিয়োগ বৃদ্ধিৰ সুবিধা সৃষ্টি কৰা।

১২। ভাৰতৰ বৈদেশিক বাণজ্যৰ বৈশিষ্ট্য বোৰ কি কি?
উত্তৰঃ প্রধান বৈশিষ্ট্য সমূহ হ’ল—
(ক) বাণিজ্যৰ পৰিমাণ আৰু মূল্যৰ বৃদ্ধি ।
(খ) জাতীয় আয়লৈ বৰঙণি ৷
(গ) বৈদেশিক বাণিজ্যৰ দিশৰ পৰিৱৰ্ত্তন।
(ঘ) আমদানি আৰু ৰপ্তানি জাত সামগ্ৰী সমূহৰ পৰিৱৰ্ত্তন।
(ঙ) চৰকাৰৰ নিয়ন্ত্ৰণ আৰু বেপাৰ বাণিজ্য।

১৩। আমদানি বিকল্পৰ উদ্দেশ্য কি?
উত্তৰঃ (ক) অধিক গুৰুত্বশীল বস্তু আমদানি কৰাৰ বাবে বিদেশী মুদ্রা সঞ্চয় কৰা।
(খ) বহু বস্তুৰ ক্ষেত্ৰত স্বাৱলম্বিতা লাভৰ ব্যৱস্থা কৰা।

১৪। ৰপ্তানি বৃদ্ধিৰ ব্যৱস্থা সমূহ কিকি?
উত্তৰঃ (ক) ৰপ্তানি আমদানি চুক্তি সম্পন্ন কৰা।
(খ) বিভিন্ন দেশলৈ বাণিজ্য প্রতিনিধিৰ দল পঠোৱা ।
(গ) বিভিন্ন দেশৰ মাজত পৰিবহণ আৰু যোগাযোগ ব্যৱহাৰ উন্নতি সাধন কৰা।
(ঘ) দ্বি-পাক্ষিক বাণজ্যিক চুক্তি।

১৫। পৰিকল্পনাৰ কিয় লক্ষ্য তথা উচিত?
উত্তৰঃ পৰিকল্পনাৰ প্ৰস্তুতকৰ্তা সকলে লক্ষ্যসমূহৰ মাজত ভাৰসাম্যতা ৰক্ষা কৰি চলে। ভাৰতবৰ্ষত বিভিন্ন পৰিকল্পনাত বিভিন্ন লক্ষ্যৰ ওপৰত জোৰ দিয়া দেখা যায়। দৰাচলতে বিভিন্ন লক্ষ্যসমূহ পৰস্পৰ বিৰোধী হ’ব পাৰে। যেনে – যদিও প্রযুক্তিবিদ্যাই শ্ৰমৰ প্ৰয়োজনীয়তা হ্রাস কৰে, তেনেহ’লে আধুনিক প্রযুক্তিবিদ্যা প্ৰচলনৰ লক্ষ্য আৰু নিয়োগ বৃদ্ধিত লক্ষ্যৰ মাজত বিৰোধৰ সৃষ্টি হ’ব পাৰে। গতিকে দেশৰ সম্পদ সমূহৰ বিকাশ, প্রগতি ইত্যাদি এটা সুনিষ্টিত সময়ত গঢ়ি তুলিবৰ বাবে পৰিকল্পনাসমূহৰ লক্ষ্য থকা উচিত।

১৬। ‘বিস্ময়কৰ বীজ’ (Miracle seeds) কি?
উত্তৰঃ ভাৰতত ভূমি সংস্কাৰ ব্যৱস্থা প্ৰৱৰ্তনৰ পিছত, ভাৰতবৰ্ষৰ কৃষি ব্যৱস্থা বাণিজ্যিকীকৰণ হৈছিল আৰু এইক্ষেত্ৰত ‘বিস্ময়কৰ বীজ’ৰ অৰিহণা যথেষ্ট। এই বীজ হ’ল এবিধ উচ্চ উৎপাদনক্ষম বীজ আৰু কোনো কোনো অঞ্চলত এই বীজ ব্যৱহাৰ কৰি তুলনামূলকভাৱে অধিক পৰিমাণৰ উপার্জনমুখী শস্য উৎপাদনৰ ব্যৱস্থা কৰা হৈছিল ।

১৭। বিক্ৰীযোগ্য উদ্ধৃত্ত কি?
উত্তৰঃ কৃষি উৎপাদনৰ যিটো অংশ কৃষক সকলে বজাৰত বিক্ৰী কৰে সেই অংশটোক বজাৰ বিক্ৰীৰ উদ্বৃত্ত বা বিক্ৰীযোগ্য উদ্বৃত্ত বুলি কোৱা হয় ।

লগতে পঢ়ক:   সূচনা Class 12 – পাঠৰ সম্পূৰ্ণ প্ৰশ্ন উত্তৰ অৰ্থনীতি বিজ্ঞান

১৮। কৃষি খণ্ডত প্ৰৱৰ্তন কৰা ভূমি সংস্কাৰ ব্যৱস্থাৱলীৰ প্ৰয়োজনীতা আৰু ধৰণ ব্যাখ্যা কৰা।
উত্তৰঃ প্রকৃত কৃষকক ভূমিৰ মালিকীস্বত্ব প্ৰদান কৰি তেওঁলোকৰ সামাজিক ন্যায় আৰু অর্থনৈতিক সুৰক্ষা প্ৰদান কৰিবলৈ গ্ৰহণ কৰা আনুষ্ঠানিক ব্যৱস্থাসমূহকে ভূমি সংস্কাৰ বোলা হয়। মধ্যস্থতাকাৰীৰ অৱসান, কৃষকক ভূমি দখলীস্বত্বৰ নিৰাপত্তা প্রদান, মালিকীস্বত্বৰ সংস্কাৰ, কৃষি গোটৰ সীমা নিৰ্ধাৰণ,ৰাজহ নিৰ্দ্ধাৰণ আদি ব্যৱস্থা ভূমি সংস্কাৰৰ বিভিন্ন দিশ। ভাৰত তথা অসমত কৃষি অর্থনীতিৰ উন্নয়নৰ বাবে ভূমি সংস্কাৰ অতি প্রয়োজনীয় হৈ পৰিছে। কাৰণ দিনক দিনে ভূমিৰ উৎপাদিকা শক্তি সংৰক্ষণ ক্ষমতা কমি আহিবলৈ ধৰিছে । তদুপৰি কৃষিগোট পৰিধি বংশানুক্রমে ক্ষুদ্ৰতৰ হৈ অহা পৰিলক্ষিত হৈছে৷ গতিকে কৃষি ভূমিৰ সংস্কাৰৰ যোগেদি কৃষি ক্ষেত্ৰলৈ আমূল পৰিৱৰ্তন অনাৰ আৱশ্যক হৈ পৰিছে। কৃষিভূমি সংস্কাৰৰ ব্যৱহাৰ গুৰুত্ব সমূহ হৈছে –
(ক) মধ্যভোগী সকলক উচ্ছেদ সাধন কৰা ৷
(খ) ভূমি সংস্কাৰৰ জৰিয়তে কৃষি ভূমিৰ প্ৰকৃত গৰাকীক তথা প্রকৃত কৃষকক ভূমিৰ মালিকীস্বত্ব প্ৰদান কৰা।
(গ) ভূমি সংস্কাৰৰ যোগেদি কৃষি কাৰ্যৰ বাবে কৃষকে দিবলগীয়া খাজনাৰ নিৰিখ নিৰ্ধাৰণ কৰা
(ঘ) ভূমিৰ ওপৰত থকা দখলীস্বত্ব আৰু মালিকীস্বত্বৰ নিৰাপত্তা প্ৰদান কৰা ৷
(ঙ) কৃষকৰ কৃষি ভূমিৰ উৰ্দ্ধসীমা নিৰ্ধাৰণ কৰা
(চ) কৃষি গোটক কৃষি ক্ৰয় কৰাৰ অধিকাৰ প্ৰদান কৰাত গুৰুত্ব দিয়া ।
এইদৰে ভূমি সংস্কাৰ ব্যৱস্থাৰ প্ৰয়োজনীয়তাসমূহ ফহিয়াই চাব পাৰি।

Class 12 Economics Part 2 Chapter 2 Assamese Medium

১৯। সেউজ বিপ্লব কি ? ইয়াক কিয় প্ৰৱৰ্তন কৰা হৈছিল আৰু ই কিদৰে কৃষক সকলক লাভান্বিত কৰিছিল ? চমুকৈ ব্যাখ্যা কৰা।
উত্তৰ : সেউজ বিপ্লৱে বিশেষকৈ ধান, ঘেহুৰ উচ্চ উৎপাদনক্ষম বীজ ব্যৱহাৰৰ ফলত কৃষি উৎপাদনৰ যথেষ্ট বৃদ্ধি ঘটাটো বুজায়। উন্নত প্রযুক্তিবিদ্যাৰ সহায়ত কৃষি উৎপাদন বৃদ্ধি কৰি খাদ্যাভাৱ আঁতৰ কৰিবলৈ ভাৰত চৰকাৰে দ্বিতীয় পৰিকল্পনাৰ শেষৰ পিনে কেতবোৰ ব্যৱস্থা হাতত লৈছিল। ইয়াৰ ফলত পাঞ্জাৱ, হাৰিয়ানা, উত্তৰ প্ৰদেশ আদি ৰাজ্যত কৃষি উৎপাদন যথেষ্ট বৃদ্ধি পাইছিল। ভাৰতীয় কৃষিৰ ক্ষেত্ৰত বৈপ্লৱিক পৰিৱৰ্তন আনিবৰ বাবে ইয়াক প্ৰৱৰ্তন কৰা হৈছিল। ইয়াৰ ফলত কৃষক সকল যথেষ্ট পৰিমাণে লাভাম্বিত হৈছিল, যেনে-

(ক) উচ্চ উৎপাদনক্ষম বীজ আঁচনি (HYVP)খন ব্যৱহাৰৰ ফলত উচ্চ উৎপাদনক্ষম বীজ, কীট-পতংগ নাশক পদার্থ, জলসিঞ্চন আদিৰ পৰ্যাপ্ত ব্যৱহাৰ পৰিলক্ষিত হৈছিল।
(খ) এই নতুন কৌশলৰ ফলত দেশৰ খাদ্য সংকটৰ প্ৰয়োজন পূৰণ কৰিছিল।
(গ) কৃষিৰ উৎপাদনশীলতা বৃদ্ধি কৰা সম্ভৱ হৈছিল আৰু খাদ্যৰ উৎপাদন বৃদ্ধি কৰি খাদ্যৰ আমদানিৰ পৰিমাণৰ হ্ৰাস কৰিবলৈ সক্ষম হৈছিল।
(ঘ) অতি কম সময়ৰ ভিতৰত আন আন শস্য, যেনে – জোৱাৰ, বাজৰা ইত্যাদিলৈ উৎপাদন প্রক্রিয়া বিকশিত হৈছিল।
(ঙ) এই আঁচনিৰ অধীনত থকা অঞ্চলৰ পৰিমাণ বৃদ্ধি কৰা হৈছিল আৰু 1995-96 চনত মুঠ খেতি মাটিৰ পৰিমাণ 75.0 নিযুত হেক্টৰলৈ বৃদ্ধি পাইছিল।

২০। পৰিকল্পনাৰ উদ্দেশ্য হিচাপে ‘সমতাৰ সৈতে বৃদ্ধি’ সম্পর্কে ব্যাখ্যা কৰা৷
উত্তৰঃ অর্থনৈতিক উন্নয়নৰ সুফল সমূহ কেৱল মাত্ৰ চহকীসকলে উপভোগ কৰাৰ পৰিৱৰ্তে দুখীয়া সকলেও পোৱাটো উচিত। সেয়েহে বৃদ্ধি, আধুনিকীকৰণ আৰু আত্মনিৰ্ভৰশীলতাৰ উপৰি সমতাও গুৰুত্বপূৰ্ণ। প্ৰতিজন ভাৰতীয়ই খাদ্য, সুবাসস্থান, শিক্ষা, স্বাস্থ্য যতন আদি মৌলিক প্রয়োজনীয়তা পূৰাবলৈ সক্ষম হ’ব লাগিব আৰু ধনৰ বিতৰণৰ ক্ষেত্ৰত থকা অসমতা হ্ৰাস কৰিব লাগিব ৷ সেয়েহে দেশ এখনৰ কেৱল বৃদ্ধিয়ে জনসাধাৰণৰ বৰ্তমানৰ জীৱন নিৰ্বাহত মান উন্নত কৰিব বুলি ক’ব নোৱাৰি, যদিহে ইয়াৰ লগত বা এই বৃদ্ধিৰ লগত ‘সমতা’ৰ ধাৰণাটো সংলগ্ন হৈ নাথাকে।

ভাৰতীয় অৰ্থব্যৱস্থা Class 12

২১। নিয়োগ সৃষ্টিৰ পৰিপ্ৰেক্ষিতত পৰিকল্পনাৰ উদ্দেশ্য হিচাপে আধুনিকীকৰণৰ বিৰুদ্ধতাৰ সৃষ্টি কৰেনে? ব্যাখ্যা কৰা।
উত্তৰঃ আধুনিকীকৰণে বিৰুদ্ধতাৰ সৃষ্টি কৰে। মাত্র নতুন প্রযুক্তি বিদ্যাৰ ব্যৱহাৰকে আধুনিকীকৰণ বুলিব নোৱাৰি। বৰঞ্চ সমাজিক দৃষ্টিভংগীৰো পৰিৱৰ্তন হোৱাটো উচিত।

উদাহৰণস্বৰূপেঃ মহিলা সকলে পুৰুষৰ লগত সমান অধিকাৰ আৰু কাম কৰাৰ সুবিধা পোৱা উচিত। পৰম্পৰাগত সমাজত পুৰুষ সকলেহে কৰ্ম কৰে, মহিলা সকলে ঘৰৰ ভিতৰতে সোমাই থাকিব লগা হয়। আধুনিক সমাজে বেংক, স্কুল, কাৰখানা আদি কর্মক্ষেত্ৰত মহিলা সকলৰ প্ৰতিভা কামত খটুয়ায়।

২২৷ ভাৰতবৰ্ষৰ দৰে এখন উন্নতশীল দেশৰ বাবে পৰিকল্পনাৰ এটা উদ্দেশ্য হিচাপে আত্মনিৰ্ভৰশীলতাক অনুসৰণ কৰাটো কিয় প্রয়োজনীয় হৈছিল?
উত্তৰঃ প্ৰয়োজনীয় হৈছিল, কিয়নো, এখন দেশৰ ওপৰত ভাৰতবৰ্ষৰ নিৰ্ভৰশীলতা, বিশেষকৈ খাদ্যৰ ওপৰত নিৰ্ভৰশীলতা, হ্ৰাস কৰাৰ বাবে এই নীতি অপৰিহাৰ্য বুলি বিবেচিত হৈছিল। আত্মনিৰ্ভৰশীল দেশ এখনে নিজৰ সম্পদৰাজি বা বিদেশৰ পৰা আমদানি কৰা সম্পদ ব্যৱহাৰ কৰি অৰ্থনৈতিক উন্নয়ন আৰু আধুনিকীকৰণৰ পথত আগবাঢ়িব পাৰে। বিদেশী শাসনৰ পৰা সদ্যমুক্ত জনসাধাৰণে আত্মৰ্ভিৰশীলতাৰ ওপৰত অধিক গুৰুত্ব দিয়াটো সহজে অনুমেয়।

২৩। অর্থব্যৱস্থাৰ খণ্ডমূলক গঠন কি? এটা অৰ্থব্যৱস্থাৰ মুঠ ঘৰুৱা উৎপাদনলৈ সেৱা খণ্ডই সৰ্বাধিক বৰঙণি যোগোৱাটো প্ৰয়োজনীয়নে? মন্তব্য আগবঢ়োৱা
উত্তৰ: অর্থব্যৱহাৰ খণ্ডমূলক গঠন হ’ল যে দেশৰ বিভিন্ন খন্ডই জাতীয় আয়লৈ আগবঢ়োৱা বৰঙণি। জাতীয় আয়ৰ খণ্ডমূলক গঠনে দেশৰ জাতীয় আয়ৰ গাঁথনি আৰু বিতৰণৰ বিষয়ে স্পষ্ট ধাৰণা দিয়ে। দেশ এখনৰ মুঠ ঘৰুৱা উৎপাদন দেশখনৰ বিভিন্ন খণ্ড যেনে – কৃষি, উদ্যোগ আৰু সেৱাখণ্ডৰ পৰা উদ্ভৱ হয়। এই খণ্ড সমূহৰ প্ৰত্যেকৰে বৰঙণিয়ে অৰ্থব্যৱস্থাৰ গাঠনিমূলক বিন্যাস ঘটায়। এটা অৰ্থব্যৱস্থাৰ মুঠ ঘৰুৱা উৎপাদনলৈ সেৱা খণ্ডই সৰ্বাধিক বৰঙণি যোগোৱাটো প্ৰয়োজনীয়। সেৱা খণ্ডত বেপাৰ-বাণিজ্য, পৰিবহণ, যোগাযোগ, বেংক আৰু বীমা ব্যৱস্থা ইত্যাদি অন্তর্ভুক্ত হৈ থাকে । অধিক বৰঙণি মানে এখন দেশত গোলকীকৰণৰ আৰম্ভণি বুলি বিবেচনা কৰা হয়। আৰু উন্নয়নৰ পথ প্রশস্ত হয়।

লগতে পঢ়ক:   উদাৰীকৰণ, ব্যক্তিগতকৰণ আৰু গোলকীকৰণ : এক পৰ্য্যালোচনা Class 12

Class 12 Economics Part 2 Chapter 2 Assamese Medium

২৪। পৰিকল্পনাৰ সময়ত উদ্যোগিক উন্নয়নৰ বাবে ৰাজহুৱা খণ্ডক কিয় অগ্রণী ভূমিকা দিয়া হৈছিল?
উত্তৰঃ অগ্রণী ভূমিকা দিয়াৰ মুখ্য কাৰণ আছিল –
(ক) কেৱল মাত্ৰ ৰাজহুৱা খণ্ডই ৰাষ্ট্ৰীয় প্ৰতিৰক্ষা আৰু দুখীয়া ৰোগীলৈ বিনামূলীয়া চিকিৎসা সেৱা আগবঢ়াব পাৰে।
(খ) ৰাজহুৱা খণ্ডৰ ব্যৱসায় প্রতিষ্ঠানে বৃহৎ পৰিমাণৰ লোকচান ভৰা স্বত্বেও কাম-কাজ চলাই যাব পাৰে।

(গ) ৰাজহুৱা খণ্ডই হ’ল নিবনুৱাক সংস্থাপন দিয়া প্রধান অনুষ্ঠান।
(ঘ) ৰাজহুৱা খণ্ডই দেশৰ মূলধন গঠনত সহায় কৰে।

২৫। নাটনিৰ সময়ত ব্যৱহাৰ কৰিব পৰা ভাণ্ডাৰ প্ৰস্তুত কৰাৰ বাবে যথেষ্ট পৰিমাণৰ খাদ্য শস্য সংগ্ৰহ কৰিবলৈ সেউজ বিপ্লৱ চৰকাৰক সমৰ্থৱান কৰিছে বোলা উক্তিটো ব্যাখ্যা কৰা।
উত্তৰ: সেউজ বিপ্লৱৰ সময়ত উৎপাদন হোৱা ঘেঁহু আৰু ধানৰ এটা ডাঙৰ অংশ কৃষকসকলে বজাৰত বিক্ৰী কৰিছিল। ফলস্বৰূপে অন্যান্য ভোগ্য সামগ্ৰীৰ তুলনাত খাদ্য সামগ্ৰীৰ দাম হ্রাস পাইছিল। আয়ৰ অধিক অংশ খাদ্যত খৰচ কৰা নিম্ন আয়ৰ লোকসকলে এনে আপেক্ষিক দাম হ্রাসৰ ফলত লাভান্বিত হৈছিল। সেউজ বিপ্লৱে সেয়েহে চৰকাৰক খাদ্য সামগ্ৰীৰ নাটনিৰ সময়ত ব্যৱহাৰ কৰিব পৰাকৈ যথেষ্ট পৰিমাণৰ খাদ্য শস্য সংগ্ৰহ কৰি ইয়াক মজুত কৰাত সমৰ্থ হৈছিল।

২৬। ৰাজসাহাৰ্যই কৃষকসকলক নতুন প্রযুক্তি বিদ্যা ব্যৱহাৰৰ বাবে উৎসাহিত কৰে যদিও চৰকাৰী বিত্ত ব্যৱস্থাৰ ই এক বৃহৎ বোজা। এই সত্যৰ পৰিপ্ৰেক্ষিতত ৰাজসাহাৰ্যৰ উপকাৰিতা সম্পর্কে আলোচনা কৰা ।
উত্তৰ : সাধাৰণভাৱে সকলো কৃষক আৰু বিশেষতঃ ক্ষুদ্র কৃষকসকলক অধিক উৎপাদনক্ষম বীজৰ নতুন প্রযুক্তিবিদ্যা গ্ৰহণৰ বাবে প্ৰেৰণা যোগাবলৈ ৰাজসাহায্যৰ প্ৰয়োজনীয়তাৰ কথা সার্বজনীন ভাবে গ্রহণীয়; ভাৰতবৰ্ষত কৃষি কার্য আজিও শংকা বহুল। ভাৰতবৰ্ষৰ প্ৰায়ভাগ কৃষক অতি দুখীয়া আৰু ৰাজসাহায্য অবিহনে প্রয়োজনীয় উপাদান সমূহ ঢুকি পাবলৈ তেওঁলোক সক্ষম নহ’ব। ৰাজসাহায্যৰ বিলোপ সাধনৰ ফলত ধনী আৰু দুখীয়াৰ মাজত প্ৰভেদ বৃদ্ধি পাব আৰু ই সমতাৰ লক্ষ্যৰ পৰিপন্থী হ’ব।

২৭। সেউজ বিপ্লৱ প্ৰৱৰ্তিত হোৱা স্বত্বেও 1990 চনলৈ আমাৰ মুঠ জনসংখ্যাৰ 65 শতাংশ কিয় কৃষি খণ্ডত নিয়োজিত হৈ আছিল?
উত্তৰঃ কাৰণ, ভাৰতবৰ্ষৰ কৃষিখণ্ডত কৰ্মৰত লোকসকলক উদ্যোগিক আৰু সেৱাখণ্ডই নিয়োজিত কৰা নাছিল। বহুতো অর্থনীতিবিদে ইয়াক 1950 চনৰ পৰা 1990 চনলৈ অনুসৰণ কৰা আমাৰ নীতিসমূহৰ গুৰুত্বপূৰ্ণ বিফলতা বুলি বিবেচনা কৰে।

২৮। উদ্যোগৰ বাবে ৰাজহুৱা খণ্ড অপৰিহাৰ্য যদিও ৰাজহুৱা খণ্ডত বহু প্রতিষ্ঠানে বৃহৎ পৰিমাণৰ লোকচান ভৰে আৰু ইহঁত অৰ্থব্যৱস্থাৰ সম্পদৰ নিৰ্গমন। এই সমগ্ৰ পৰিপ্ৰেক্ষিতত ৰাজহুৱা খণ্ডৰ উদ্যোগ প্ৰতিষ্ঠানৰ উপকাৰিতা আলোচনা কৰা ।
উত্তৰঃ অগ্রণী ভূমিকা দিয়াৰ মুখ্য কাৰণ আছিল –

(ক) কেৱল মাত্ৰ ৰাজহুৱা খণ্ডই ৰাষ্ট্ৰীয় প্ৰতিৰক্ষা আৰু দুখীয়া ৰোগীলৈ বিনামূলীয়া চিকিৎসা সেৱা আগবঢ়াব পাৰে।
(খ) ৰাজহুৱা খণ্ডৰ ব্যৱসায় প্রতিষ্ঠানে বৃহৎ পৰিমাণৰ লোকচান ভৰা স্বত্বেও কাম-কাজ চলাই যাব পাৰে।
(গ) ৰাজহুৱা খণ্ডই হ’ল নিবনুৱাক সংস্থাপন দিয়া প্রধান অনুষ্ঠান।
(ঘ) ৰাজহুৱা খণ্ডই দেশৰ মূলধন গঠনত সহায় কৰে।

ভাৰতীয় অৰ্থব্যৱস্থা Class 12

২৯। আমদানি বিকল্পকৰণে দেশীয় উদ্যোগ সমূহক কিদৰে ৰক্ষণা-বেক্ষণ দিব পাৰে আলোচনা কৰা।
উত্তৰঃ আমদানি বিকল্পকৰণৰ লক্ষ্য আছিল আমদানিকৃত সামগ্ৰীৰ সলনি ঘৰুৱা সামগ্ৰীৰ সৰবৰাহ। এই নীতিত ঘৰুৱা উদ্যোগসমূহক বিদেশী প্রতিযোগিতাৰ পৰা ৰক্ষণা-বেক্ষণ দিয়া হৈছিল। সামগ্ৰীৰ আমদানিৰ পৰা দুই প্রকাৰে ৰক্ষণা-বেক্ষণ দিয়া হৈছিল-
— আমদানি শুল্ক আৰু কোটা (Quota) |
আমদানি শুল্ক বা কৰ (Tax)-য়ে আমদানিকৃত সামগ্ৰীক অধিক ব্যয় বহুল কৰে আৰু সেয়েহে ইয়াৰ ব্যৱহাৰক নিৰুৎসাহিত কৰে। আনহাতে, কিমান পৰিমাণৰ সামগ্ৰী আমদানি কৰিব পাৰি তাক কোটাই নিৰ্দেশ কৰে। এই দুইবিধৰ ফল এয়ে যে, এইবোৰে আমদানি সীমিত কৰে আৰু ঘৰৱা ব্যৱসায় প্রতিষ্ঠান সমূহক বিদেশী প্রতিযোগিতাৰ পৰা ৰক্ষণা-বেক্ষণ দিয়ে।

৩০। 1956 চনৰ ঔদ্যোগিক নীতি প্রস্তাবৰ অধীনত ব্যক্তিগত খণ্ড কিয় আৰু কেনেদৰে নিয়ন্ত্ৰণ কৰা হৈছিল ?
উত্তৰঃ গুৰুত্বপূৰ্ণ উদ্যোগসমূহ ৰাষ্ট্ৰৰ নিয়ন্ত্ৰণত ৰখাৰ উদ্দেশ্যৰে 1956 চনৰ উদ্যোগিক নীতিৰ প্ৰস্তাৱ গ্ৰহণ কৰা হৈছিল। এই 1956 চনৰ উদ্যোগিক নীতিৰ একেবাৰে তৃতীয় ভাগত ৰখা হৈছিল ব্যক্তিগত খণ্ডক। এই ব্যক্তিগত খণ্ডটো লাইচেন্স ব্যৱস্থাৰ জৰিয়তে নিয়ন্ত্ৰণত ৰখা হৈছিল। চৰকাৰী অনুজ্ঞাপত্ৰ অবিহনে কোনো নতুন উদ্যোগ গঢ়ি উঠিবলৈ অনুমতি দিয়া হোৱা নাছিল।

প্রশ্ন: অর্থনৈতিক পৰিকল্পনা কি?

উত্তৰঃ ই হ’ল কেন্দ্ৰীয় ভাবে গ্ৰহন কৰা এক পদ্ধতি যাৰ সহায়ত পূৰ্ব নিৰ্দ্ধাৰিত কিছুমান লক্ষ্য বা উদ্দেশ্যত উপনীত হ’বৰ বাবে প্ৰচেষ্টা লোৱা হয়।

প্রশ্ন: পৰিকল্পনা আয়োগ কিমান চনত গঠন কৰা হৈছিল।

উত্তৰ: 1950,15 March.

প্রশ্ন: ভাৰতৰ একাদশ পৰিকল্পনাৰ উন্নয়নৰ হাৰ কিমান ?

উত্তৰঃ প্ৰতি বছৰে 9 শতাংশ (9%)

প্রশ্ন: পৰিকল্পনা আয়োগৰ অধ্যক্ষ কোন।

উত্তৰঃ ভাৰতৰ প্ৰধানমন্ত্রী।

প্রশ্ন: কোন চনত ভাৰতত প্ৰথম উদ্যোগিক নীতি গ্ৰহণ কৰা হৈছিল?

উত্তৰ: 1948 চনত।

প্রশ্ন: ভাৰতৰ প্ৰধান ৰপ্তানিজাত সামগ্ৰীসমূহ কি?

উত্তৰঃ চাহপাত, মৰাপাট, কপাহ আৰু কপাহী কাপোৰ, চামৰা উৎপাদিত সামগ্ৰী, মছলা, কফি, পাঁথৰ আৰু অলংকাৰ, হস্তশিল্প, বাদাম, ইত্যাদি।

প্রশ্ন: ভাৰতৰ প্ৰধান আমদানি জাত সামগ্রী সমূহ কি?

উত্তৰঃ যন্ত্রপাতি, লো আৰু আছৰ, সাৰ পেট্ৰলিয়াম জাত সামগ্ৰী, ৰাসায়নিক উপাদান, প্লাষ্টিক, পেপাৰ, পৰিবহণৰ সঁজুলি ইত্যাদি।

Leave a Comment

Your email address will not be published. Required fields are marked *


Scroll to Top