চৰকাৰ : কাৰ্যাৱলী আৰু পৰিসৰ Class 12 (প্ৰশ্নোত্তৰ) অৰ্থনীতি বিজ্ঞান

চৰকাৰ : কাৰ্যাৱলী আৰু পৰিসৰ Class 12 – (প্ৰশ্নোত্তৰ) অৰ্থনীতি বিজ্ঞান | Class 12 Economics Chapter 5 Assamese Medium | দ্বাদশ শ্ৰেণীৰ চৰকাৰ : কাৰ্যাৱলী আৰু পৰিসৰ Question Answer

বিষয় অৰ্থনীতি বিজ্ঞান দ্বাদশ শ্ৰেণীৰ
পাঠৰ নামচৰকাৰ : কাৰ্যাৱলী আৰু পৰিসৰ
উপলব্ধগুৰুত্বপূৰ্ণ প্ৰশ্নোত্তৰ
অধ্যায়পঞ্চম অধ্যায়
পাঠ5
শ্ৰেণী দ্বাদশ শ্ৰেণী
পাঠ্যক্ৰম অসম মাধ্যমিক শিক্ষা পৰিষদৰ (AHSEC)

চৰকাৰ : কাৰ্যাৱলী আৰু পৰিসৰ Class 12

অতি চমু প্রশ্ন উত্তৰ : (মূল্যাংক-১)

১। অনা-কৰ ৰাজহৰ এটা উদাহৰণ দিয়া ।
উত্তৰঃ মাচুল।

২। মূলধনী ব্যয়ৰ এটা উদাহৰণ দিয়া।
উত্তৰ : অংশপত্র বিনিয়োগ।

৩। চৰকাৰ কেতিয়া ঘাটি বাজেটৰ সন্মুখীন হয়?
উত্তৰঃ যেতিয়া ব্যয় > আয়।

৪। আয় ঘাটি কি?
উত্তৰ : চৰকাৰৰ ৰাজহ ব্যয় ৰাজহ প্ৰাপ্তিতকৈ অধিক হোৱা অৱস্থাকে ৰাজহ ঘাটি বোলা হয়।

৫। ফিচকল ঘাটি কি? / ৰাজকোষীয় ঘাটি কি?
উত্তৰ : ৰাজকোষীয় ঘাটি – মুঠ বাজেট ব্যয় – ৰাজহ প্ৰাপ্তি – ঋণ বাদে মূলধন প্রাপ্তি।

৬। প্রাথমিক ঘাটি কি?
উত্তৰ : ৰাজকোষীয় ঘাটিৰ পৰা সুদ পৰিশোধ বাদ দিলে প্রাথমিক ঘাটি পোৱা যায়।

৭। চৰকাৰী বাজেট কি ?
উত্তৰ : চৰকাৰী বাজেট হ’ল এক বিত্তীয় দলিল য’তচৰকাৰৰ বাৰ্ষিক ৰাজহ আৰু ব্যয়ৰ হিচাব থাকে।

৮। ৰাজহ / ফিচকল নীতি কি?
উত্তৰ : চৰকাৰৰ ব্যয়, ৰাজহ আৰু ঋণ নিয়ন্ত্ৰণ ব্যৱস্থাৰ মাধ্যমত যেতিয়া সম্পদ নিয়োগ মাৰু পুঁজিৰ প্ৰবাহ ঘটাই দেশৰ উপাৰ্জন, মূল্যস্তৰ, নিয়োগ আৰু উৎপাদনৰ স্তৰৰ ওপৰত প্ৰভাৱ বিস্তাৰ কৰা হয়, তাকেই ৰাজকোষীয় নীতি বুলি কোৱা হয়।

৯। শুদ্ধ বা অশুদ্ধ লিখা :
আয় কৰ এবিধ পৰোক্ষ কৰ।
উত্তৰ: অশুদ্ধ।

১০। খালী ঠাই পূৰ কৰাঃ
ৰাজহ প্ৰান্তিতকৈ যদি ৰাজহ ব্যয় অধিক হয় তাক কোৱা হয়_____।
উত্তৰঃ ৰাজহ ঘাটি।

১১। কৰ ৰাজহৰ এটা উদাহৰণ উল্লেখ কৰা।
উত্তৰঃ আয় কৰ, সম্পত্তি কৰ ইত্যাদি।

১২। সত্য-অসত্য লিখা :
(ক) ‘বিক্ৰী কৰ এবিধ প্রত্যক্ষ কৰ’।
উত্তৰঃ অসত্য।
(খ)‘প্ৰৱেশ কৰ এবিধ পৰোক্ষ কৰ।’
উত্তৰঃ সত্য।

১৩। ৰাজহুৱা দ্ৰব্যৰ এটা উদাহৰণ দিয়া।
উত্তৰঃ ষ্ট্ৰীট লাইট, পাৰ্ক ইত্যাদি।

১৪। পৰিকল্পনা বহির্ভূত ব্যয়ৰ এটা উদাহৰণ দিয়া।
উত্তৰ: চৰকাৰৰ নিয়মিত কাৰ্য্য সম্পন্নৰ ব্যয়।

১৫। খালী ঠই পূৰণ কৰা :
ডাকঘৰ সঞ্চয় হিচাপ হৈছে_____ৰ এটা উদাহৰণ। (মূলধনপ্রাপ্তি / মূলধন ব্যয়)
উত্তৰঃ মূলধন প্রাপ্তি।

চৰকাৰ : কাৰ্যাৱলী আৰু পৰিসৰ Class 12

(খ) চমু প্রশ্ন উত্তৰ II প্ৰকাৰৰ : (মূল্যাংক-৩)
১। ধৰা, মুঠ চৰকাৰী ব্যয় G = 150 আৰু কৰ ৰাজহ T = 0.20Y। এতিয়া যদি জাতীয় আয় 2000, চৰকাৰী বাজেটৰ স্থিতি কি ?
উত্তৰ: দিয়া আছে y = 2000……(¡)
G= 150…..(¡¡)
T= 0.20Y…….(iii)
এতেকে কৰ ৰাজহ, T= 0.20 (2000) = 400 [(iii) ত (i) বহুৱাই পাওঁ]
গতিকে চৰকাৰী ব্যয়, G = 150, কৰ ৰাজহ T = 400 তকৈ সৰু। সেয়েহে চৰকাৰী বাজেটখন ৰাহি বাজেট হ’ব আৰু ই মুদ্রাস্ফীতিৰ সহায়ক হ’ব।

২। ৰাজহুৱা সামগ্ৰী আৰু ব্যক্তিগত সামগ্ৰীৰ পাৰ্থক্য লিখা।
উত্তৰঃ ৰাজহুৱা দ্ৰব্য আৰু ব্যক্তিগত দ্ৰব্যৰ পাৰ্থক্যসমূহ হ’ল—

(ক) ৰাজহুৱা দ্ৰব্যৰ ক্ষেত্ৰত পোৱা সুবিধাবোৰ কোনো বিশেষ ভোক্তাৰ ক্ষেত্ৰত সীমাবদ্ধ নহয়, কিন্তু ব্যক্তিগত দ্ৰব্যৰ পৰা পোৱা সুবিধাবোৰ প্ৰত্যেকে ব্যক্তিগতভাৱে উপভোগ কৰিব পাৰে।
(খ) ৰাজহুৱা দ্ৰব্যৰ উপভোগ কাৰ্য মুক্ত আৰু অপ্রতিদ্বন্দ্বিতামূলক। কিন্তু ব্যক্তিগত দ্ৰব্যৰ উপভোগ কার্যত উপভোক্তাৰ মাজত প্ৰতিদ্বন্দ্বিতা থাকে।
(গ) ব্যক্তিগত দ্ৰব্য উপভোগৰ বাবে উপভোক্তাই মূল্য পৰিশোধ কৰিব লাগে। কিন্তু ৰাজহুৱা দ্রব্যবোৰ কোনো মূল্য নিদিয়াকৈ উপভোগ কৰিব পাৰে।

৩। চৰকাৰৰ আবণ্টন কাৰ্য্যসমূহ কি?
উত্তৰ: চাহিদা আৰু যোগানৰ বজাৰ প্ৰক্ৰিয়াৰ দ্বাৰা সম্পদৰ সুস্থ আবণ্টন সম্ভৱ হৈ নুঠিলে বাজেট প্ৰক্ৰিয়াৰ দ্বাৰা চৰকাৰে সামাজিক আৰু অৰ্থনৈতিক কল্যাণৰ প্ৰয়োজনত সম্পদৰ পুনর্বণ্টন কৰিব পাৰে। বাজেটৰ জৰিয়তে চৰকাৰে ব্যক্তিগত প্ৰয়োজনলৈ সম্পদৰ স্থানান্তৰ ঘটাব পাৰে। সাধাৰণতে এই কাম দুটা উপায়ে কৰা হয়— কৰ আৰু চৰকাৰী ব্যয় । ক্রমবর্ধমান হাৰত প্ৰত্যক্ষ কৰ আৰোপ কৰি বাজেটৰ জৰিয়তে সমাজৰ দৰিদ্ৰ শ্ৰেণীলৈ অধিক সম্পদ আবন্টিত কৰিব পাৰি। সেইদৰে খোৱা পানী, পৰিবহন, স্বাস্থ্যসেৱা আদি কামত অধিক ব্যয় কৰিলেও দুখীয়া শ্রেণী অধিক পৰিমাণে উপকৃত হয়।

৪। চৰকাৰৰ বিতৰণমূলক কাৰ্য্যসমূহ কি?
উত্তৰঃ চৰকাৰে উপযুক্ত কৰ আৰু ব্যয় নীতিৰ যোগেদি সমাজৰ দ্বাৰা ন্যায্য হিচাপে বিবেচিত আয় বিতৰণ কাৰ্য সমাধা কৰিবলৈ চেষ্টা কৰে। চৰকাৰে হস্তান্তৰযোগ্য দেনা আৰু কৰ সংগ্ৰহৰ জৰিয়তে ব্যক্তিগত ব্যয়যোগ্য আয়ৰ পৰিৱৰ্তন ঘটাই আয় বিতৰণৰ ৰূপান্তৰ ঘটাব পাৰে আৰু ইয়াকে চৰকাৰৰ বিতৰণ কাৰ্য বোলে।

৫। ৰাহি বাজেট, ঘাটি বাজেট আৰু সমবাজেটৰ সংজ্ঞা দিয়া।
উত্তৰঃ যি বাজেট সৰ্বমুঠ ৰাজহ সৰ্বমুঠ ব্যয়তকৈ অধিক হয় তাক ৰাহি বাজেট বোলা হয়। যি বাজেটত সৰ্বমুঠ ৰাজহ সৰ্বমুঠ ব্যয়তকৈ কম তাক ঘাটি বাজেট বোলা হয়। যি বাজেটত মুঠ ৰাজহ আৰু মুঠ ব্যয় সমান হয় তাক সমবাজেট বোলা হয়।

৫। চৰকাৰী বাজেটৰ উপাদানসমূহ কি?
উত্তৰ : (ক) কৰ : চৰকাৰী ৰাজহৰ প্ৰধান উৎস হ’ল কৰ। কৰৰ পৰা পোৱা সমুদায় ৰাজহ আয়ক কৰ ৰাজহ বোলে। কৰ এবিধ বাধ্যতামূলক বহঙণি। কোনো বিশেষ প্রতিদানৰ আশা নকৰি জনসাধাৰণে তেওঁলোকৰ সম্পদৰ যি অংশ ৰাষ্ট্ৰৰ সামূহিক কাৰ্য্য সম্পাদন কৰাৰ কাৰণে বাধ্যতামূলক ভাবে ৰাষ্ট্ৰক প্ৰদান কৰে তাকেই কৰ বোলে।

লগতে পঢ়ক:   আয় নিৰ্ধাৰণ Class 12 – (প্ৰশ্নোত্তৰ) অৰ্থনীতি বিজ্ঞান চতুর্থ অধ্যায়

(খ) বাণিজ্যিক ৰাজহ : বাণিজ্যিক ৰাজহো চৰকাৰী ৰাজহৰ এবিধ উৎস। চৰকাৰী উদ্যোগ
প্ৰতিষ্ঠানৰ দ্ৰব্য আৰু সেৱা বিক্ৰী কৰি চৰকাৰে পোৱা আয় হ’ল বাণিজ্যিক ৰাজহ।

(গ) মাচুলঃ যি সকল ব্যক্তি প্রতিস্থানে চৰকাৰী সেৱাৰ কিছুমান বিশেষ সুবিধা লাভ কৰে সেই সুবিধা পোৱা কাৰণে মাচুল ধার্য কৰা হয়।

৭। চৰকাৰী বাজেটৰ মূলধন প্ৰাপ্তিৰ উপাদানসমূহ কি কি?
উত্তৰ : যিবোৰ চৰকাৰী প্ৰাপ্তিয়ে চৰকাৰৰ দেনাৰ সৃষ্টি কৰে আৰু ইয়াৰ পৰিসম্পদৰ হ্ৰাস ঘটায় তাক মূলধন প্রাপ্তি বোলে। উদাহৰণ – (ক) চৰকাৰে জনসাধাৰণৰ পৰা গ্ৰহণ কৰা ঋণ।
(খ) চৰকাৰে কেন্দ্ৰীয় বেংক, বাণিজ্যিক বেংক বা অন্যান্য বিত্তীয় প্রতিষ্ঠানৰ পৰা গ্ৰহণ কৰা ঋণ।

৮। চৰকাৰী ৰাজেটৰ অ-পৰিকল্পিত ব্যয় তিনিটাৰ নাম লিখা।
উত্তৰ : (ক) পুলিচ সেৱাৰ ব্যয়, (খ) সাধাৰণ প্ৰশাসনৰ ব্যয়, (গ) সুদ পৰিশোধৰ ব্যয়।

৯। চৰকাৰী বাজেটৰ ৰাজহ হিচাপত কি থাকে?
উত্তৰ : চৰকাৰৰ ব্যয়, ৰাজহ আৰু ঋণ নিয়ন্ত্ৰণ ব্যৱস্থাৰ মাধ্যমত যেতিয়া সম্পদ নিয়োগ আৰু পুঁজিৰ প্ৰবাহ ঘটাই দেশৰ উপাৰ্জন, মূল্যস্তৰ, নিয়োগ আৰু উৎপাদনৰ স্তৰৰ ওপৰত প্ৰভাৱ বিস্তাৰ কৰা হয়, তাকেই ৰাজকোষীয় নীতি বুলি কোৱা হয়।

Class 12 Economics Chapter 5 Assamese Medium

১০। চৰকাৰী কৰ ব্যৱস্থাৰ পুনঃ বিতৰণৰ উদ্দেশ্য সমূহ কি কি ?
উত্তৰঃ কৰ আৰু চৰকাৰী ব্যয় । ক্রমবর্ধমান হাৰত প্ৰত্যক্ষ কৰ আৰোপ কৰি বাজেটৰ জৰিয়তে সমাজৰ দৰিদ্ৰ শ্ৰেণীলৈ অধিক সম্পদ আবন্টিত কৰিব পাৰি। সেইদৰে খোৱা পানী, পৰিবহন, স্বাস্থ্যসেৱা আদি কামত অধিক ব্যয় কৰিলেও দুখীয়া শ্রেণী অধিক পৰিমাণে উপকৃত হয়।

চৰকাৰে উপযুক্ত কৰ আৰু ব্যয় নীতিৰ যোগেদি সমাজৰ দ্বাৰা ন্যায্য হিচাপে বিবেচিত আয় বিতৰণ কাৰ্য সমাধা কৰিবলৈ চেষ্টা কৰে। চৰকাৰে হস্তান্তৰযোগ্য দেনা আৰু কৰ সংগ্ৰহৰ জৰিয়তে ব্যক্তিগত ব্যয়যোগ্য আয়ৰ পৰিৱৰ্তন ঘটাই আয় বিতৰণৰ ৰূপান্তৰ ঘটাব পাৰে আৰু ইয়াকে চৰকাৰৰ বিতৰণ কাৰ্য বোলে।

১১। চৰকাৰী ৰাজেটৰ পৰিকল্পনা বহির্ভূত তিনিটা প্রধান বিষয় উল্লেখ কৰা ।
উত্তৰঃ (ক) অধিগ্রহণ ব্যয়, যেনে: ভূমি, যন্ত্রপাতি আদি।
(খ) কেন্দ্ৰৰ পৰা প্ৰদান কৰা ঋণ আৰু অগ্রিম ধনৰাশি।
(গ) চৰকাৰী কোম্পানী, আয়োগ আৰু নিগম ইত্যাদিত ব্যয়।

১২। চৰকাৰৰ ঘাটি কিদৰে হ্ৰাস কৰিব পাৰি লিখা।
উত্তৰঃ (ক) বৈদেশিক নিৰ্ভৰশীলতা হ্ৰাস কৰি।
(খ) আমদানিৰ বিকল্পকৰণৰ যোগেদি।
(গ) মৌদ্রিক সম্প্ৰসাৰণ, ইয়াত, দেশৰ কেন্দ্ৰীয় বেংকৰ পৰা ঋণ লৈ এখন দেশৰ
বিত্ত ঘাটি পুৰোৱা হয় ।

১৩। মূলধন ব্যয়ৰ অন্তৰ্ভুক্ত তিনিটা বিষয় উল্লেখ কৰা।
উত্তৰঃ (ক) ভূমি, ঘৰ, মেচিন সা-সৰঞ্জাম অংশপত্ৰত বিনিয়োগ।

( খ) কেন্দ্ৰীয় চৰকাৰে ৰাজ্য চৰকাৰলৈ দিয়া অনুমোদন।
(গ) বিভিন্ন ধৰণৰ সাধাৰণ আৰু অৰ্থনৈতিক সেৱা সামৰি লয়।

১৪। ৰাজহুৱা দ্ৰব্যৰ ক্ষেত্ৰত কিদৰে ‘মুক্ত বিচৰণ’ সমস্যা উদয় হয় ব্যাখ্যা কৰা।
উত্তৰঃ ব্যক্তিগত দ্ৰব্যৰ ক্ষেত্ৰত যি ব্যক্তিয়ে কোনো দ্ৰব্যৰ বাবে মূল্য পৰিশোধ নকৰে তেওঁ সেই দ্ৰব্য উপভোগৰ পৰা বঞ্চিত হ’ব। কিন্তু ৰাজহুৱা দ্ৰব্যৰ সুবিধা উপভোগৰ পৰা কাকো বঞ্চিত কৰাটো সম্ভৱ নহয় যদিও তেওঁ সেই দ্ৰব্যটোৰ উৎপাদন ব্যয়ত কোনো বৰঙণি আগনবঢ়ায়। ইয়াতে ‘মুক্ত বিচৰণ’ সমস্যাৰ উদয় হয়।

চৰকাৰ : কাৰ্যাৱলী আৰু পৰিসৰ Class 12

চমু প্রশ্ন উত্তৰ I প্ৰকাৰৰ : (মূল্যাংক-8)

১। পৰিকল্পিত ব্যয় আৰু অ-পৰিকল্পিত ব্যয়ৰ পাৰ্থক্য লিখা।
উত্তৰ : পৰিকল্পনা ব্যয় বুলিলে বছৰটোৰ চলিত পঞ্চবার্ষিক পৰিকল্পনাৰ অধীনৰ কাৰ্যসূচীত কৰিবলগীয়া ব্যয়ক বুজায়। ই হৈছে অৰ্থনীতিৰ বিভিন্ন খণ্ডৰ লগত জড়িত কেন্দ্ৰীয় পৰিকল্পনাৰ কাৰ্যসূচী ৰূপায়ণত কৰা ব্যয় ।
আনহাতে, চলিত পঞ্চবার্ষিক পৰিকল্পনাৰ লগত সম্পর্কহীন ব্যয়সমূহক পৰিকল্পনা বহির্ভূত ব্যয় বোলে।
পৰিকল্পনা ব্যয়তকৈ পৰিকল্পনা বহির্ভূত ব্যয়ৰ পৰিমাণ অধিক হয়।

২। চৰকাৰী ৰাজহৰ উৎসসমূহ কি কি ? চমুকৈ ব্যাখ্যা কৰা।
উত্তৰ : (ক) কৰঃ চৰকাৰী ৰাজহৰ প্ৰধান উৎস হ’ল কৰ। কৰৰ পৰা পোৱা সমুদায় ৰাজহ আয়ক কৰ ৰাজহ বোলে। কৰ এবিধ বাধ্যতামূলক বহঙণি। কোনো বিশেষ প্রতিদানৰ আশা নকৰি জনসাধাৰণে তেওঁলোকৰ সম্পদৰ যি অংশ ৰাষ্ট্ৰৰ সামূহিক কাৰ্য্য সম্পাদন কৰাৰ কাৰণে বাধ্যতামূলক ভাবে ৰাষ্ট্ৰক প্ৰদান কৰে তাকেই কৰ বোলে।

(খ) বাণিজ্যিক ৰাজহঃ বাণিজ্যিক ৰাজহো চৰকাৰী ৰাজহৰ এবিধ উৎস। চৰকাৰী উদ্যোগ প্ৰতিষ্ঠানৰ দ্ৰব্য আৰু সেৱা বিক্ৰী কৰি চৰকাৰে পোৱা আয় হ’ল বাণিজ্যিক ৰাজহ।
(গ) মাচুল : যি সকল ব্যক্তি প্রতিস্থানে চৰকাৰী সেৱাৰ কিছুমান বিশেষ সুবিধা লাভ কৰে সেই সুবিধা পোৱা কাৰণে মাচুল ধার্য কৰা হয়।
(ঘ) জৰিমনাঃ ন্যায় প্রশাসন আৰু আইন শৃঙ্খলা অৱমাননাৰ বাবে চৰকাৰক জৰিমনা, প্ৰদান কৰিব লাগে।
(ঙ) চৰকাৰী সম্পত্তিৰ আয় : দেশ এখনৰ ভিতৰত থকা প্ৰাকৃতিক সম্পদ মাটি, হাবি-বননি, নদ-নদী, খনি আদিৰ পৰা চৰকাৰে ৰাজহ আদায় কৰে।

(চ) দান আৰু অনুদান : চৰকাৰী আয় নিজ দেশৰ ব্যক্তি আৰু প্ৰতিষ্ঠান, বিদেশী চৰকাৰ, আন্তর্জাতিক প্রতিষ্ঠান আদিৰ দান-অনুদানৰ জৰিয়তেও আহে।
(ছ) ঋণ গ্রহণঃ দেশ এখনৰ চৰকাৰে মাজে সময়ে ঋণৰ দ্বাৰাও ধন সংগ্ৰহ কৰে। আভ্যন্তৰীণ আৰু বাহ্যিক দুয়োবিধ ঋণ চৰকাৰে সংগ্ৰহ কৰি ৰাজহৰ পৰিমাণ বঢ়াব পাৰে।

লগতে পঢ়ক:   উদাৰীকৰণ, ব্যক্তিগতকৰণ আৰু গোলকীকৰণ : এক পৰ্য্যালোচনা Class 12

৩। কৰ ৰাজহ আৰু অনা-কৰ ৰাজহৰ পাৰ্থক্য লিখা।
উত্তৰ : কৰৰ পৰা আহৰণ কৰা ৰাজহক কৰ ৰাজহ বোলে। আয়কৰ, বিক্ৰীকৰ, সম্পত্তি কৰ, আবকাৰী শুল্ক আদি কৰ ৰাজহৰ অন্তৰ্ভূক্ত। আনহাতে মাচুল, জৰিমনা, চৰকাৰী বাণিজ্যিক প্ৰতিষ্ঠানৰ লাভ আদি অনাকৰ ৰাজহ। কৰ ৰাজহ আৰু অনাহকৰ ৰাজহৰ মাজত চাৰিটা পার্থক্য তলত উল্লেখ কৰা হ’ল—
প্ৰথম, কৰ ৰাজহ হ’ল বাধ্যতামূলক বৰঙণি; অনাকৰ ৰাজহ বাধ্যতামূলক নহয়। চৰকাৰে প্ৰদান কৰা সা-সুবিধা গ্ৰহণ নকৰি অনাকৰ ৰাজহ নিদিবও পাৰে।
দ্বিতীয়, কৰ দিয়াৰ বিনিময়ত কৰদাতাই কোনো সুবিধা দাবী কৰিব নোৱাৰে; অনাকৰ ৰাজহৰ বিনিময়ত বিশেষ সুবিধা পোৱা যায়।
তৃতীয়, কৰ ৰাজহৰ স্থিতিস্থাপকতা অনাকৰ ৰাজহতকৈ কম। চৰকাৰে প্ৰয়োজন হ’লে বস্তুৰ দাম বৃদ্ধি কৰি অধিক অনাকৰ ৰাজহ সংগ্ৰহ কৰিব পাৰে।
চতুৰ্থ, কৰ ৰাজহত ত্যাগ জড়িত থাকে। অনাকৰ ৰাজহৰ বিনিময়ত চৰকাৰৰ পৰা সা-সুবিধা পোৱা যায় ৷ গতিকে ইয়াত ত্যাগৰ প্ৰশ্ন নাহে।

Class 12 Economics Chapter 5 Assamese Medium

৪। চৰকাৰী ঘাটি আৰু চৰকাৰী ঋণৰ মাজৰ সম্পৰ্ক বাছি উলিওৱা।
উত্তৰ : এখন দেশৰ চৰকাৰে কৰ, ঋণ বা অতিৰিক্ত মুদ্ৰা ছপা কৰি বাজেটৰ ঘাটি পূৰণৰ বাবে বিত্ত যোগান ধৰিব পাৰে। এই ক্ষেত্ৰত চৰকাৰে আভ্যন্তৰীণ বা বৈদেশিক উৎসৰ পৰা ঋণ হিচাপে ল’ব পাৰে ইয়াক চৰকাৰী ঋণ বুলি কোৱা হয়। গতিকে চৰকাৰী ঘাটি আৰু ঋণৰ মাজত ঘনিষ্ঠ সম্পর্ক আছে। ঘাটিক পুঁজিৰ প্ৰবাহ হিচাপে ভাবিব পাৰি আৰু ইয়াক্ ঋণৰ মজুতৰ লগত যোগ কৰা হয়। যদি চৰকাৰে বছৰৰ পাছত বছৰ ধৰি ঋণৰ আশ্ৰয় লয় তেতিয়া ঋণৰ ওপৰত অধিক সুদ প্ৰদান কৰিবলগীয়া হয়। চৰকাৰে প্ৰদান কৰিবলগীয়া এই সুদৰ পৰিমাণেও ৰাজহুৱা ঋণলৈ বৰঙণি যোগায়।

চৰকাৰী ঋণ হ্রাস পালে বিনিয়োগ কমি যায়। কাৰণ চৰকাৰে বন্ধকীপত্ৰ বিক্ৰীৰ জৰিয়তে জনসাধাৰণৰ পৰা ঋণ সংগ্ৰহ কৰিলে অর্থনীতিৰ মুঠ সঞ্চয়ৰ এক বৃহৎ অংশ লৈ যায়। যদি চৰকাৰী ঘাটি উৎপাদন বৃদ্ধিৰ লক্ষ্যত সফল হয় তেন্তে আয় বৃদ্ধি পাব আৰু ফলত সঞ্চয়ো বৃদ্ধি হ’ব। আকৌ চৰকাৰে আন্তঃগাঁথনিত বিনিয়োগ কৰিলে আৰু এনেধৰণৰ বিনিয়োগৰ প্ৰতিদানৰ হাৰ সুদৰ হাৰতকৈ অধিক হ’লে ভৱিষ্যৎ প্রজন্মই তাৰ সুবিধা ভোগ কৰিব। তেতিয়া ঋণক বোজা বুলি ভবাটো উচিত নহ’ব।

৫। চৰকাৰী বাজেটৰ মুখ্য উদ্দেশ্যসমূহ কি? চমুকৈ ব্যাখ্যা কৰা।
উত্তৰ : বাজেটৰ প্ৰধান উদ্দেশ্য কেইটা হ’ল-

(ক) সম্পদ পুনর্বণ্টন : অৰ্থনীতিৰ সামাজিক আৰু অৰ্থনৈতিক অৱস্থা পর্যবেক্ষণ কৰি চৰকাৰে সম্পদৰ পুনর্বণ্টন ঘটায়। বাজেটত সন্নিবিষ্ট কৰনীতিত পৰিৱৰ্তন ঘটাই সম্পদৰ পুনর্বন্টন ঘটোৱা হয়।
(খ) অর্থনীতিৰ সুস্থিৰকৰণঃ চৰকাৰে দেশত দেখা দিয়া অর্থনৈতিক তাৰতাম্য হ্ৰাস কৰি ‘অৰ্থনীতিত সুস্থিৰতা প্ৰদান কৰে। কৰ আৰু চৰকাৰী ব্যয়নীতিৰ পৰিৱৰ্তন ঘটাই বাজেটৰ জৰিয়তে চৰকাৰে নিয়োগৰ স্তৰ বৃদ্ধি কৰে আৰু দৰত সুস্থিৰতা আনে।
(গ) ৰাজহুৱা বাণিজ্যিত সংস্থাৰ ওপৰত নিয়ন্ত্ৰণ : বাণিজ্যিক সংস্থা সংখ্যাত এটা হ’লে সেই সংস্থাটোয়ে ব্যয় সংকোচনৰ সুবিধাবোৰ গ্ৰহণ কৰি নিম্ন গড়ব্যয়ত উৎপাদন কৰিব পাৰে। এনে সংস্থা চৰকাৰে নিজৰ নিয়ন্ত্ৰণত ৰাখে। চৰকাৰী নিয়ন্ত্রণ নাথাকিলে একচেটিয়া ব্যৱসায়ীৰ ৰূপত ই উৎপাদন হ্রাস কৰি সৰ্বোচ্চ মুনাফা লাভ কৰিব পাৰে৷

৬। এখন অৰ্থনীতিত সুস্থিৰ নিয়ন্ত্ৰকৰ গুৰুত্ব ব্যাখ্যা কৰা ।
উত্তৰঃ সুস্থিৰ নিয়ন্ত্রণ পদ্ধতিয়ে ঋণৰ প্ৰয়োজনীয় আৰু অপ্রয়োজনীয় ব্যৱহাৰৰ মাজত পাৰ্থক্য বিহীনভাবে ঋণৰ মুঠ পৰিমাণ আৰু ব্যয়ৰ ওপৰত প্রভাব পেলায়। এই পদ্ধতিয়ে কেৱল ঋণদাতাৰ ওপৰতহে প্ৰভাৱ পেলায়। এই পদ্ধতিবোৰ হৈছে ঋণ নিয়ন্ত্ৰণৰ পৰম্পৰাগত পদ্ধতি বেংক হাৰ, মুকলি বজাৰ প্ৰক্ৰিয়া আৰু পৰিৱৰ্তনশীল সংৰক্ষণৰ অনুপাত অন্তর্ভুক্ত। এই ব্যৱস্থাটো স্থিৰ আৰু পৰিবৰ্তনীয় বিনিময় হাৰৰে এটা মিশ্ৰিত ৰূপ।

৭। আনুপাতিক আয় কৰে কিদৰে স্বয়ংক্রিয় নিয়ন্ত্ৰকৰ কাম কৰে ব্যাখ্যা কৰা।
উত্তৰঃ আনুপাতিক কৰ প্ৰথাত বিভিন্ন পৰিমাণৰ উপাৰ্জনৰ ওপৰত একেটা হাৰতে কৰ ধাৰ্য্য কৰা হয়। উদাহৰণস্বৰূপেঃ যদি কৰৰ হাৰ 10% হয় তেন্তে এজন 40,000 টকা বছৰি উপাৰ্জন কৰা ব্যক্তিৰ কৰৰ পৰিমাণ বছৰি 4000 টকা। কিন্তু যদি তেওঁৰ বছৰি উপাৰ্জন 60,000 টকালৈ বৃদ্ধি হয় তথাপিও ব্যক্তিজনৰ পৰা সমান শতাংশ (10%ই) কৰ সংগ্ৰহ কৰা হ’ব। অর্থাৎ এতিয়া ব্যক্তিজনে বছৰি 6000 টকা কৰ হিচাপে পৰিশোধ কৰিব লাগিব। কৰদাতাৰ উপাৰ্জন হ্রাস-বৃদ্ধিৰ লগত এনে কৰৰ কোনো সম্পর্ক নাই। এইদৰে, ই স্বয়ংক্রিয় নিয়ন্ত্ৰকৰ কাম কৰে।

চৰকাৰ : কাৰ্যাৱলী আৰু পৰিসৰ Class 12

(ঘ) দীঘলীয়া প্রশ্ন উত্তৰ : (মূল্যাংক – ৬)

১। ” চৰকাৰী বাজেটৰ উপাদানসমূহ ব্যাখ্যা কৰা।
উত্তৰঃ (ক) কৰ : চৰকাৰী ৰাজহৰ প্ৰধান উৎস হ’ল কৰ। কৰৰ পৰা পোৱা সমুদায় ৰাজহ আয়ক কৰ ৰাজহ বোলে। কৰ এবিধ বাধ্যতামূলক বহঙণি। কোনো বিশেষ প্রতিদানৰ আশা নকৰি জনসাধাৰণে তেওঁলোকৰ সম্পদৰ যি অংশ ৰাষ্ট্ৰৰ সামূহিক কাৰ্য্য সম্পাদন কৰাৰ কাৰণে বাধ্যতামুলক ভাবে ৰাষ্ট্ৰক প্ৰদান কৰে তাকেই কৰ বোলে।

(খ) বাণিজ্যিক ৰাজহঃ বাণিজ্যিক ৰাজহ, চৰকাৰী ৰাজহৰ এবিধ উৎস। চৰকাৰী উদ্যোগ প্ৰতিষ্ঠানৰ দ্ৰব্য আৰু সেৱা বিক্ৰী কৰি চৰকাৰে পোৱা আয় হ’ল বাণিজ্যিক ৰাজহ।
(গ) মাচুল : যি সকল ব্যক্তি প্রতিস্থানে চৰকাৰী সেৱাৰ কিছুমান বিশেষ সুবিধা লাভ কৰে সেই সুবিধা পোৱা কাৰণে মাচুল ধার্য কৰা হয়।
(ঘ) জৰিমনা : ন্যায় প্রশাসন আৰু আইন শৃঙ্খলা অৱমাননাৰ বাবে চৰকাৰক জৰিমনা, প্ৰদান কৰিব লাগে।
(ঙ) চৰকাৰী সম্পত্তিৰ আয় : দেশ এখনৰ ভিতৰত থকা প্রাকৃতিক সম্পদ মাটি, হাবি- বননি, নদ-নদী, খনি আদিৰ পৰা চৰকাৰে ৰাজহ আদায় কৰে।
(চ) দান আৰু অনুদানঃ চৰকাৰী আয় নিজ দেশৰ ব্যক্তি আৰু প্ৰতিষ্ঠান, বিদেশী চৰকাৰ, আন্তর্জাতিক প্রতিষ্ঠান আদিৰ দান-অনুদানৰ জৰিয়তেও আছে।
(ছ)ঋণ গ্ৰহণ : দেশ এখনৰ চৰকাৰে মাজে সময়ে ঋণৰ দ্বাৰাও ধন সংগ্ৰহ কৰে। আভ্যন্তৰীণ আৰু বাহ্যিক দুয়োবিধ ঋণ চৰকাৰে সংগ্ৰহ কৰি ৰাজহৰ পৰিমাণ বঢ়াব পাৰে।

লগতে পঢ়ক:   ভাৰতীয় অর্থনৈতিক উন্নয়ন HS 2nd Year – প্ৰাক্ স্বাধীনতা কালৰ ভাৰতীয় অৰ্থব্যৱস্থা

২। চৰকাৰী ৰাজেটৰ পৰিপ্ৰেক্ষিতত আয় ঘাটি, ফিচকল ঘাটি আৰু প্ৰাথমিক ঘাটিৰ ধাৰণাৰ বিষয়ে চমুকৈ লিখা।
উত্তৰ : চৰকাৰৰ ৰাজহ ব্যয় ৰাজহ প্ৰাপ্তিতকৈ অধিক হোৱা অৱস্থাকে ৰাজহ ঘাটি বোলা হয়। ৰাজকোষীয় ঘাটিৰ পৰা সুদ পৰিশোধ বাদ দিলে প্রাথমিক ঘাটি পোৱা যায় ৷ ৰাজকোষীয় ঘাটি = মুঠ বাজেট ব্যয় – ৰাজহ প্রাপ্তি — ঋণ বাদে মূলধন প্রাপ্তি।

৩। চৰকাৰী ঋণ বোজা নেকি? ব্যাখ্যা কৰা।
উত্তৰ : চৰকাৰী ঋণ দেশীয় বা বৈদেশিক হ’ব পাৰে। দেশীয় ঋণৰ ক্ষেত্ৰত চৰকাৰে দেশৰ নাগৰিক বা বিত্তীয় অনুষ্ঠানৰ পৰা ঋণ লয়। এনে ঋণৰ প্ৰকৃত বোজা নাই বুলি ক’ব পাৰি। এই ঋণ পৰিশোধ কৰিবলৈ কৰৰ যোগেদি সম্পদ আহৰণ কৰা হয়। কৰদাতাই যি পৰিমাণৰ সম্পদ হেৰুৱায়, ঋণদাতাই সেই পৰিমাণৰ সম্পদ লাভ কৰিব। অর্থাৎ দেশৰ সম্পদ এটা শ্ৰেণীৰ হাতৰ পৰা আন এটা শ্ৰেণীৰ হাতলৈ স্থানান্তৰিত হ’ব। কিন্তু দেশীয় ঋণৰ প্ৰকৃত বোজা আছে। ঋণ দিওঁতা শ্ৰেণীটো সাধাৰণতে আঢ্যৱন্ত শ্রেণীৰ হয় আৰু কৰ প্ৰদান কৰা শ্ৰেণীটো চহকী আৰু দুখীয়া দুয়ো শ্ৰেণীৰ হয়। গতিকে দুখীয়া শ্ৰেণীৰ পৰা কৰযোগে সংগ্ৰহ কৰা সম্পদ চৰকাৰে ধনী শ্ৰেণীটোৰ ঋণ পৰিশোধ কৰাত ব্যৱহাৰ কৰিলে ধনী আৰু দুখীয়াৰ মাজত আৰ্থিক বৈষম্য বৃদ্ধি পাব। আকৌ কৰৰ যোগেদি সংগৃহীত সম্পদৰ জৰিয়তে এই ঋণৰ সুদ আদায়ৰ ব্যৱস্থা কৰিলে দেশৰ ৰাইজৰ কৰ্ম, সঞ্চয় আৰু বিনিয়োগ ক্ষমতা হ্রাস পাব। বৈদেশিক ঋণৰ ক্ষেত্ৰত চৰকাৰে বিদেশৰ নাগৰিক আৰু বিত্তীয় অনুষ্ঠানৰ পৰা ঋণ সংগ্ৰহ কৰে।

এই ঋণৰ ক্ষেত্ৰত এখন দেশৰ পৰা সম্পদ আন এখন দেশলৈ স্থানান্তৰ হয়। বৈদেশিক ঋণ আৰু সুদ পৰিশোধৰ ফলত ঋণী ৰাষ্ট্ৰখনৰ জাতীয় আয় কমি যায়। ফলত আর্থিক কল্যাণ হ্রাস পায়। ৰাজহুৱা ঋণৰ বোজা থাকিলেও অর্থনৈতিক উন্নয়নৰ বাবে ইয়াৰ প্ৰয়োজনীয়তা আছে। কিন্তু বৈদেশিক ঋণৰ ওপৰত অধিক নিৰ্ভৰশীলতা কাম্য নহয়। কিয়নো এই ঋণ অনিশ্চিত। এই ঋণৰ বোজা অত্যধিক হ’লে এই ঋণ পৰিশোধ কৰিবলৈ নতুন বৈদেশিক ঋণ ল’বলগীয়া হয়। ই অর্থনৈতিক উন্নয়নত সহায়ক নহ’ব। ঋণী ৰাষ্ট্ৰখন ‘ঋণ ফান্দ’ত সোমাই পৰিব।

Class 12 Economics Chapter 5 Assamese Medium

৪। চৰকাৰী বাজেট কি ? ৰাজহ বাজেট আৰু মূলধনী বাজেটৰ পাৰ্থক্য ব্যাখ্যা কৰা ।
উত্তৰঃ চৰকাৰী বাজেট হৈছে আগন্তুক বৰ্ষত চৰকাৰৰ ৰাজহ আৰু ব্যয়ৰ তথ্য সম্বলিত হিচাপ। ভাৰতীয় সংবিধান মতে বাজেট হৈছে বার্ষিক বিত্তীয় বিবৃতি। ইয়াত চৰকাৰৰ আগন্তুক বিত্তীয় বৰ্ষৰ সকলো প্রত্যাশিত আয় আৰু ব্যয়ৰ হিচাপ অর্ন্তভুক্ত। ৰাজহ বাজেটত চৰকাৰৰ আয়-ব্যয়সমূহ অর্ন্তভুক্ত হয়। মূলধণী বাজেটত চৰকাৰৰ মূলধণী আয় আৰু মূলধনী ব্যয় অন্তর্ভুক্ত হয়। চৰকাৰৰ ৰাজহ আয় আৰু ৰাজহ ব্যয় ৰাজহ হিচাপত দেখুওৱা হয়। আনহাতে, মূলধণী আয় আৰু মূলধণী ব্যয় মূলধণী হিচাপত দেখুওৱা হয় ।

৫। ৰাজকোষীয় নীতি কি? চৰকাৰী ব্যয়ৰ পৰিৱৰ্তনে কিদৰে ভাৰসাম্য আয় স্তৰক প্ৰভাৱিত কৰে লিখা।
উত্তৰঃ ৰাজকোষীয় নীতিয়ে, জাতীয় অর্থনৈতিক নীতিসমূহ উপস্থাপন কৰে আৰু বাজেট নীতিয়ে এইবোৰক কাৰ্যকৰী কৰে। ৰাজকোষীয় নীতিয়ে জাতীয় সামাজিক, অর্থনৈতিক লক্ষ্যত উপনীত হোৱাৰ দিশত নীতিসমূহ গঠন আৰু উপস্থাপন প্ৰক্ৰিয়া নিৰ্দ্ধাৰণ কৰে। আনহাতে, এখন অৰ্থনীতিৰ ঘাটি বাজেট নিৰ্দ্ধাৰণৰ ক্ষেত্ৰত ৰাজকোষীয় ঘাটি এটা গুৰুত্বপূৰ্ণ নিৰ্দ্ধাৰক ৷ ৰাজকোষীয় ঘাটি হৈছে অতিৰিক্ত মুঠ ব্যয়ৰ পৰা মুঠ ৰাজহ আৰু মূলধন আয় বাদ দিয়াৰ সমান। ৰাজকোষীয় ঘাটি ঋণৰ জৰিয়তে পুৰোৱা হয়। সেইবাবেই চৰকাৰৰ সকলো উৎসৰ পৰা মুঠ ঋণৰ প্ৰয়োজনীয়তাৰ বিষয়ে সূচিত কৰে। সুদ পৰিশোধে ৰাজহ ব্যয় বৃদ্ধি কৰে যাৰ ফলত ৰাজহ ঘাটি বৃদ্ধি হয়। বৰ্দ্ধিত ৰাজহ ঘাটিয়ে পুনৰ ঋণ বৃদ্ধিত ইন্ধন যোগাই আৰু বেছি ঋণ পৰিশোধৰ মাত্রা বৃদ্ধি কৰে। গতিকে ঋণৰ এক চক্রবৎ প্ৰবাহৰ সৃষ্টি হয়।

৬। সন্তুলিত বাজেট গুণকৰ ধাৰণাটো ব্যাখ্যা কৰা।
উত্তৰঃ যি বাজেটত নিৰ্দ্ধাৰিত আয় আৰু ব্যয়ৰ পৰিমাণ সমান হয় তেনে বাজেটক সন্তুলিত বাজেট বোলে। ই দেশৰ বিত্তীয় স্থিৰতাক প্ৰতিফলিত কৰে। যিহেতু কৰ ব্যয়ৰ সৈতে সমান, সামগ্ৰীক চাহিদা হ্ৰাসৰ পৰিমাণ ব্যয়ৰ প্ৰান্তিৰ উপভোগ প্রবণতাৰ (MPC) ৰসৈতে সমান হ’ব। সামগ্রিক চাহিদাৰ পৰিমাণ (কৰৰ বাবে) কৰৰ প্ৰান্তিক উপভোগ প্রবণতাৰ লগত সমান হয়। এতিয়া ব্যয়ৰ বাবে হোৱা সামগ্ৰীক চাহিদা বৃদ্ধি ব্যয়ৰ পৰিমাপৰ লগত সমান হ’ব। তেতিয়া, সামগ্ৰীক চাহিদা বৃদ্ধি (ব্যয়ৰ বাবে) সামগ্ৰীক চাহিদা হ্ৰাসতকৈ (কৰৰ বাবে) বেছি হ’ব। ইয়াৰ প্ৰকৃত ফল হ’ব সামগ্রিক চাহিদা বৃদ্ধি (1-MPC) ব্যয়ৰ পুণফলৰ পৰিমাণ সমান হ’ব। সন্তুলিত বাজেটক এখন পূৰ্ণ নিয়োগৰ ওচৰচপা-অৰ্থনীতিক পূর্ণ নিয়োগ ভাৰসাম্যতাত উপনিত কৰাবলৈ এটা ভাল নীতি হিচাপে ব্যৱহাৰ কৰিব পাৰি। ই দৰ স্তৰ বৃদ্ধি নিয়ন্ত্ৰণত ৰাখে আৰু ই চৰকাৰৰ অপ্ৰয়োজনীয় আৰু অপচয়মূলক ব্যয়ৰ নিয়ন্ত্ৰণ কৰে।

প্ৰশ্নঃ অনা-কৰ ৰাজহৰ এটা উদাহৰণ দিয়া ।

উত্তৰঃ মাচুল।

প্ৰশ্নঃ আয় ঘাটি কি?

উত্তৰ : চৰকাৰৰ ৰাজহ ব্যয় ৰাজহ প্ৰাপ্তিতকৈ অধিক হোৱা অৱস্থাকে ৰাজহ ঘাটি বোলা হয়।

প্ৰশ্নঃ চৰকাৰ কেতিয়া ঘাটি বাজেটৰ সন্মুখীন হয়?

উত্তৰঃ যেতিয়া ব্যয় > আয়।

প্ৰশ্নঃ চৰকাৰী বাজেট কি ?

উত্তৰ : চৰকাৰী বাজেট হ’ল এক বিত্তীয় দলিল য’তচৰকাৰৰ বাৰ্ষিক ৰাজহ আৰু ব্যয়ৰ হিচাব থাকে।

প্ৰশ্নঃ ৰাজহ / ফিচকল নীতি কি?

উত্তৰ : চৰকাৰৰ ব্যয়, ৰাজহ আৰু ঋণ নিয়ন্ত্ৰণ ব্যৱস্থাৰ মাধ্যমত যেতিয়া সম্পদ নিয়োগ মাৰু পুঁজিৰ প্ৰবাহ ঘটাই দেশৰ উপাৰ্জন, মূল্যস্তৰ, নিয়োগ আৰু উৎপাদনৰ স্তৰৰ ওপৰত প্ৰভাৱ বিস্তাৰ কৰা হয়, তাকেই ৰাজকোষীয় নীতি বুলি কোৱা হয়।

Leave a Comment

Your email address will not be published. Required fields are marked *


Scroll to Top