আয় নিৰ্ধাৰণ Class 12 – (প্ৰশ্নোত্তৰ) অৰ্থনীতি বিজ্ঞান চতুর্থ অধ্যায়

আয় নিৰ্ধাৰণ Class 12 – (প্ৰশ্নোত্তৰ) অৰ্থনীতি বিজ্ঞান | Class 12 Economics Chapter 4 Assamese Medium | আয় নিৰ্ধাৰণ Question Answer

বিষয়  অৰ্থনীতি বিজ্ঞান দ্বাদশ শ্ৰেণীৰ
পাঠৰ নাম আয় নিৰ্ধাৰণ
উপলব্ধ গুৰুত্বপূৰ্ণ প্ৰশ্নোত্তৰ
পাঠ 4
অধ্যায় চতুর্থ অধ্যায়
শ্ৰেণী  দ্বাদশ শ্ৰেণী
পাঠ্যক্ৰম  অসম মাধ্যমিক শিক্ষা পৰিষদৰ (AHSEC)

আয় নিৰ্ধাৰণ Class 12

(ক) অতি চমু প্রশ্ন উত্তৰ : (মূল্যাংক- ১)

১। সামগ্রিক চাহিদা কি?
উত্তৰ : অৰ্থনীতিত দ্ৰব্য আৰু সেৱা সামগ্ৰীৰ মুঠ চাহিদাক সামগ্রিক চাহিদা বোলা হয়।

২। দিয়া আছে, প্রান্তিক সঞ্চয় প্ৰৱণতা, 0.3 । আয় গুণক নির্ণয় কৰা ।
উত্তৰ: আয় গুণক = 1/MPS = 1/0.3 = 3.33

৩। ‘চেটেৰিচ্ পেৰিবাচ’ৰ সাংবিধানিক অর্থ কি ?
উত্তৰ: আন সকলো একে অৱস্থাত থকা বুলি কোৱা হয়।

8। শুদ্ধ বা অশুদ্ধ লিখা :
ভাৰসাম্য অৰ্থনীতি এখনত, যেতিয়া চূড়ান্ত সামগ্ৰীৰ বজাৰ ভাৰসাম্যতাত থাকে, তেতিয়া, পৰিকল্পিত চাহিদা আৰু যোগান সমান হয়।
উত্তৰঃ শুদ্ধ

৫। খালী ঠাই পূৰ কৰা :
পৰিকল্পিত উপভোগৰ মূল্যক_____ উপভোগ বোলে। (এক্স এন্টি/ এন্স পোষ্ট)
উত্তৰ: এক্স-এন্টি

৬। খালী ঠাই পূৰ কৰা :
এটা চলকৰ পৰিকল্পিত মূল্য ইয়াৰ প্ৰকৃত মূল্যতকৈ বিপৰীত হ’লৈ, তাক বোলে। (এক্স-এন্টি/এক্স পোষ্ট/ইনভেন্‌ট্ৰী)
উত্তৰঃ ইনভেন্‌ট্ৰী।

৭। যেতিয়া মানুহে সঞ্চয়ৰ পৰিমাণ কম কৈ কৰে বা সামগ্রীক ভাৱে আগৰ সমানত ৰাখে, সেই পৰিস্থিতিক কোৱা হয় _____?
উত্তৰ : সঞ্চয়ৰ প্ৰৱণতা

৮। শুদ্ধ অংশটো বাছি উলিওৱা :
কোনো এটা পেৰামিটাৰৰ পৰিৱৰ্তনৰ কাৰণে যদি গ্ৰাফ এডালৰ সলনি হয়, তেন্তে তাক কোৱা হয় ——–। (গ্ৰাফিক পৰিৱৰ্তন /পেৰামেট্ৰিক পৰিৱৰ্তন)
উত্তৰঃ পেৰামেট্ৰিক পৰিৱৰ্তন।

৯। শুদ্ধ অংশটো বাছি উলিওৱা :
অতিৰিক্ত আয়ৰ প্ৰতিলৈ অতিৰিক্ত উপভোগৰ অনুপাতক কোৱা হয়। (প্রান্তিক সঞ্চয় প্ৰৱণতা / প্রান্তিক উপভোগ প্রবণতা/প্রান্তিক আয়)
উত্তৰ : প্রান্তিক সঞ্চয় প্ৰৱণতা।

১০। শুদ্ধ নে অশুদ্ধ লিখা :
এটা প্ৰদত্ত বৰ্ষত জনসাধাৰণে যি ব্যৱহাৰ কৰে তাকে উপভোগ বোলে, কিন্তু একেখিনি সময়তে জনসাধাৰণে যি ব্যৱহাৰ কৰিবলৈ পৰিকল্পনা কৰে তাক ই সূচাব নোৱাৰে।
উত্তৰ: শুদ্ধ।

১১। খালী ঠাই পূৰ কৰা :
প্ৰকৃত মূল্যৰ বিৰোধিতা কৰা হিচাপে এটা চলকৰ পৰিকল্পিত মূল্যক কোৱা হয়। (পৰৱৰ্তী / পূর্ববর্ত্তী / সম্পদ তালিকা)।
উত্তৰঃ পৰৱৰ্তী।

১২। সঠিক ৰূপটো বাছনি কৰা :
এটা বেষ্ঠনীৰ মূল্যত পৰিৱৰ্তনৰ ফলত হোৱা এখন লেখচিত্ৰৰ পৰিৱৰ্তনক কোৱা হয়। (লেখচিত্ৰীয় পৰিৱৰ্তন / বেষ্ঠনীগত পৰিবৰ্তন)
উত্তৰঃ বেষ্ঠনীগত পৰিৱৰ্তন ।

১৩। সঠিক ৰূপটো বাছনি কৰা অতিৰিক্ত আয়ৰে অতিৰিক্ত উপভোগৰ অনুপাতক কোৱা হয়। (তাৰ প্ৰতি প্রান্তিক আসক্তি / উপভোগৰ প্ৰতি প্রান্তিক আসক্তি / প্রান্তিক আয়)
উত্তৰঃ উপভোগৰ প্ৰতি প্রান্তিক আসক্তি।

১৪। প্রান্তিক ভোগ প্ৰৱণতাৰ অৰ্থ লিখা।
উত্তৰঃ আয়ৰ পৰিৱৰ্তনৰ লগত উপভোগৰ পৰিৱৰ্ত্তনৰ অনুপাতক প্রান্তিক ভোগ প্ৰৱণতা বোলে।

১৫। প্রত্যাশিত বিনিয়োগৰ সংজ্ঞা দিয়া।
উত্তৰ: আয়ৰ স্তৰৰ ওপৰত নিৰ্ভৰ কৰা বিনিয়োগক প্রত্যাশিত বিনিয়োগ বোলে।

১৬। গুণক আৰু প্ৰান্তিক উপভোগ প্ৰৱণতাৰ সম্পৰ্ক দেখুওৱা।

উত্তৰঃ সম্পৰ্কটো হ’ল
য’ত K = গুণক, MPC = প্রান্তিক উপভোগ প্ৰৱণতা।

আয় নিৰ্ধাৰণ Class 12

(খ) চমু প্রশ্ন উত্তৰ : প্ৰকাৰ II : (মূল্যাংক – ৩)

১। প্রান্তিক সঞ্চয় প্ৰৱণতা কি?
উত্তৰ : আয়ৰ প্ৰতি একক বৃদ্ধিৰ ফলত সঞ্চয়ৰ যি বৃদ্ধি হয় তাক প্রান্তিক সঞ্চয় প্ৰৱনতা বোলে।
MPS= ΔS/ΔY=
ইয়াত MPS = প্রান্তিক সঞ্চয় প্ৰৱনতা
ΔS= সঞ্চয় বৃদ্ধি

লগতে পঢ়ক:   Class 12 Assamese Question Answer – দ্বাদশ শ্ৰেণীৰ (সম্পূৰ্ণ প্ৰশ্নোত্তৰ) অসমীয়া মাধ্যমৰ বাবে।

ΔY = আয়ৰ বৃদ্ধি

২। আমি কিয় ধাৰণা কৰো যে দৰ কেৱল দীর্ঘকালতহে সলনি হয়?
উত্তৰ : দীর্ঘকালীন অৱস্থাত বজাৰৰ সকলো দিশত সামগ্ৰীৰ যোগান আৰু চাহিদাৰ পৰিৱৰ্তন কৰিব পাৰি। এই সময়ছোৱাত সকলো দিশত অতিৰিক্ত যোগান আৰু চাহিদাৰ অৱস্থা নোহোৱা কৰি দিব পৰা নাযায়। গতিকে দৰৰ পৰিৱৰ্তন হয়।

৩। উৎপাদন গুণক কি ?
উত্তৰঃ উৎপাদিত চূড়ান্ত সামগ্ৰীৰ ভাৰসাম্য মূল্যৰ মুঠ বৃদ্ধি আৰু স্বতন্ত্র ব্যয়ৰ প্ৰাৰম্ভিক বৃদ্ধিৰ অনুপাতকে এখন অর্থনীতিৰ উৎপাদন গুণক বোলে।
উৎপাদন গুণক = Δy/ΔA = 1/1-C

য’ত Δy হ’ল চূড়ান্ত উৎপাদিত সামগ্ৰীৰ মুঠ বৃদ্ধি আৰু C = প্রান্তিক উপভোগ প্ৰৱণতা (MPC)। গুণকৰ মান ‘C’ৰ ওপৰত নিৰ্ভৰ কৰে আৰু ‘C’ ৰ মান বঢ়াৰ লগে লগে গুণকৰ মান বৃদ্ধি হয় ।

৪। ভোগযোগ্য ব্যয় কি?
উত্তৰঃ অর্থনীতি এখনত সকলো পৰিয়ালে ব্যক্তিগত উপভোগৰ উদ্দেশ্যে দব্য আৰু সেৱাৰ ক্ৰয়ত কৰা মুঠ ব্যয়কে উপভোগ ব্যয় বোলে।

৫। যদি প্রান্তিক উপভোগ প্রবণতা, 0.9, তেন্তে আয় গুণকৰ মূল্য নির্ণয় কৰা।
উত্তৰঃ যদি MPC = 0.9

আয় গুণক, k = 1/1-MPC = 1/1-0.9 = 1/0.1 = 10

৬।এখন অৰ্থনীতিৰ স্বায়ত্ত উপভোগ 500 কোটি টকা, স্বায়ত্ত বিনিয়োগ 150 টকা, চৰকাৰী ব্যয় 200 কোটি টকা আৰু ব্যক্তিগত ব্যয়সাধ্য আয় 600 কোটি টকা। যদিহে খৰচ কৰাৰ বাবে প্রান্তিক আসক্তি 0.8 হয়, তেন্তে অর্থনীতিটোৰ আয়ৰ সামগ্রিক স্তৰ নিৰ্ণয় কৰা৷
উত্তৰঃ দিয়া আছে, উপভোগ = 500 কোটি টকা
বিনিয়োগ = 150 কোটি টকা
∴ সামগ্রিক চাহিদা = (500 + 150) = 650 কোটি টকা
আয় স্তৰ = y= Ā/1-b যত Ā = C + I (সামগ্রীক চাহিদা)
=
650/1-0.8 = 650/0.2 b=MPC
= 3250 কোটি টকা

Class 12 Economics Chapter 4 Assamese Medium

৭। মিতব্যয়িতাৰ সাঁথৰ (Paradox of thrift) কি – ব্যাখ্যা কৰা।
উত্তৰ: নিয়োগৰ স্তৰ নিৰ্ণয়ৰ অৰ্থে বিনিয়োগৰ পৰিমাণৰ লগতে সঞ্চয়ৰ পৰিমাণ অতি গুৰুত্বপূৰ্ণ। সঞ্চয়ৰ গুৰুত্বতাৰ এনে দৃষ্টিকোণৰ পৰা অৰ্থনীতিবিদ কেইন্সই জনসাধাৰণৰ সঞ্চয় এক সদৃগুণ নে বহুগুণ সেই বিষয়ে আলোচনা কৰিছে। সঞ্চয়ৰ বিষয়টোৰ কেইন্সীয় ব্যাখ্যাই ‘মিতব্যয়িতাৰ সাঁথৰ’ নামেৰে পৰিচিত।

অর্থনীতিবিদ কেইন্সৰ ব্যাখ্যা অনুসৰি এখন সমাজৰ সকলো মানুহে যদি সঞ্চয়ৰ পৰিমাণ বৃদ্ধি কৰে তেতিয়া সামগ্রিক চাহিদাৰ অৱনতি ঘটে। কাৰণ সঞ্চয় বৃদ্ধিয়ে উপভোগ ব্যয় হ্রাস হোৱাৰ ইংগিত দিয়ে। সক্ৰিয় চাহিদাৰ অৱনতিয়ে মূল্যস্তৰ হ্ৰাস কৰি মূলধনৰ প্ৰান্তিক দক্ষতা হ্রাস কৰে আৰু ইয়াৰ ফলত মূলধনৰ বিনিয়োগৰ পৰিমাণো হ্রাস পায়। মূলধন বিনিয়োগ হ্রাস হোৱাৰ ফলত নিয়োগ আৰু উপাৰ্জনৰ স্তৰ হ্ৰাস হয়। সমাজৰ উপাৰ্জন হ্ৰাস হোৱাৰ ফলত জনসাধাৰণৰ সঞ্চয় ক্ষমতা হ্রাস হয় আৰু দেশত সঞ্চয়ৰ পৰিমাণ কমি যায়। এনেভাৱে সঞ্চয় বৃদ্ধিয়ে অৱশেষত সঞ্চয় হ্রাস কৰাটোৱেই হৈছে ‘মিতব্যয়িতাৰ সাঁথৰ’। এই সাঁথৰটোৱে এইটো স্পষ্ট কৰি দিছে যে যদি এখন দেশত অতিৰিক্ত সঞ্চয়ৰ অনুপাতত অতিৰিক্ত বিনিয়োগ বৃদ্ধি নহয়, তেতিয়া সঞ্চয় এটা সদগুণৰ পৰিবৰ্তে বদগুণ হিচাপেহে স্বীকৃত হয়, কাৰণ এনে অৱস্থাত সঞ্চয় বৃদ্ধিয়ে নিয়োগ আৰু উপাৰ্জনৰ স্তৰ নিম্নগামী কৰি এখন অর্থনীতিক পতন আৰু অৱশেষত মন্দাৱস্থাৰ সন্মুখীন কৰায়।

অর্থনীতিবিদ কেইন্সৰ মতে ব্যক্তিগত দৃষ্টিকোণৰ পৰা বিচাৰ কৰিলে সঞ্চয় এটা সদগুণ, কিন্তু সমুদায় সমাজৰ দৃষ্টিকোণৰ পৰা বিচাৰ কৰিলে সঞ্চয় এটা বদগুণ। কাৰণ ব্যক্তিগত নিৰাপত্তাৰ দৃষ্টিকোণৰ পৰা সঞ্চয়ৰ প্ৰয়োজনীয়তা অস্বীকাৰ কৰিব পৰা নাযায়, কিন্তু সমাজৰ সকলো ব্যক্তিয়ে যেতিয়া সঞ্চয় বৃদ্ধি কৰে তেতিয়া দেশত উপভোগৰ পৰিমাণ কমি যায়। দ্রব্য সামগ্ৰীৰ প্ৰতি সক্ৰিয় চাহিদাৰ অৱনতিয়ে দ্রব্য সামগ্ৰীৰ মূল্য হ্ৰাস কৰি বিনিয়োগৰ প্ৰত্যাশা হ্রাস কৰে আৰু ইয়াৰ ফলত মূলধন বিনিয়োগ, নিয়োগ আৰু উপাৰ্জনৰ স্তৰ হ্ৰাস হয় আৰু এক পুনৰাবৃত্তি প্ৰক্ৰিয়াৰে অৰ্থনীতিয়ে পতন আৰু অৱশেষত মন্দাৱস্থাৰ ফালে গতি কৰে। অৰ্থনীতিবিদসকলে কোৱাৰ দৰে সঞ্চয় বৃদ্ধি অপৰিহাৰ্য্য, কিন্তু সঞ্চিত পুঁজি যদি উৎপাদন কার্যত ব্যৱহাৰৰ পৰিবৰ্তে মজতু কৰা হয়, তেতিয়া সঞ্চয় বুদ্ধিয়ে বিনিয়োগ আৰু নিয়োগৰ স্তৰ উন্নীত কৰিব নোৱাৰে। এইদৰে ‘মিতব্যয়িতাৰ সাঁথৰ’টো ব্যাখ্যা কৰিব পাৰি ।

লগতে পঢ়ক:   সূচনা Class 12 – পাঠৰ সম্পূৰ্ণ প্ৰশ্ন উত্তৰ অৰ্থনীতি বিজ্ঞান

৮। চূড়ান্ত দ্ৰব্যৰ বাবে সামগ্রিক চাহিদা কিহেৰে গঠিত হয়?
উত্তৰ: সমষ্টিবাদী অৰ্থবিজ্ঞানৰ সামগ্ৰিক চাহিদাই, সিহঁতৰ গড় দৰস্তৰত সামগ্রিকভাৱে অর্থনীতি খনৰ সকলো চূড়ান্ত দ্ৰব্য আৰু সেৱাৰ চাহিদাক বুজায় ।

আয় নিৰ্ধাৰণ Class 12

(গ) চমু উত্তৰৰ প্ৰশ্ন: প্ৰকাৰ I : (মূল্যাংক-৪)

১। এখন অৰ্থনীতিৰ প্রান্তিক উপভোগ প্রবণতা হল 0.85। নির্ণয় কৰা
(a) আয় গুণকৰ আকাৰ।
(b) যদি চৰকাৰে বিনিয়োগ 250 কোটি টকালৈ বৃদ্ধি পায়, তেন্তে অর্থনীতিত আয় বৃদ্ধি কিমান হ’ব?
উত্তৰঃ k (আয় গুণক) = 1/1-MPC= 1/1-0.85=1/0.15
আকৌ Δy=1/MPS × ΔI

এতেকে MPS = 1-MPS=1-0.85=0.15
এতেকে Δy= 1/MPS×ΔΙ=1/0.15×250=1666.67 কোটি টকা।

২। পৰিকল্পিত উপভোগৰ ধাৰণাটো ব্যাখ্যা কৰা৷
উত্তৰ : প্রত্যাশিত উপভোগ হ’ল পৰিকল্পিত উপভোগ। মানুহে আয়ৰ এটা অংশ উপভোগত ব্যয় কৰে আৰু বাকী অংশ সঞ্চয় কৰে। যদি বিভিন্ন ব্যক্তিয়ে সঞ্চয় কৰা আয়ৰ অংশবোৰৰ গড় উলিয়াও, তেন্তে সমগ্ৰ অৰ্থনীতিৰ মানুহবোৰে অতিৰিক্ত আয়ৰ কিমান অংশ সঞ্চয় কৰে তাৰ এটা প্রতিচ্ছবি পাব পাৰো। এই অংশটোকে প্রান্তিক সঞ্চয়প্ৰৱণতা বোলে। ই হল অৰ্থনীতিৰ মুঠ অতিৰিক্ত পৰিকল্পিত সঞ্চয় আৰু মুঠ অতিৰিক্ত আয়ৰ এক অনুপাত। যিহেতু উপভোগ হ’ল সঞ্চয়ৰ পৰিপূৰক, গতিকে আমি 1 ৰ পৰা বিয়োগ কৰিলে প্রান্তিক সঞ্চয় প্ৰৱণতা পাব পাৰো।

৩। প্রান্তিক উপভোগ প্ৰৱণতা আৰু প্ৰান্তিক সঞ্চয় প্ৰৱণতাৰ মাজৰ পাৰ্থক্য নির্ণয় কৰা।
উত্তৰ : প্রান্তিক সঞ্চয়প্ৰৱণতাই জাতীয় আয়ৰ পৰিৱৰ্তন হ’লে সঞ্চয় কি হাৰত পৰিৱৰ্তন হয়। তাকে নিৰ্দেশ কৰে। ই হ’ল আয়ৰ পৰিৱৰ্তনৰ লগত সঞ্চয়ৰ পৰিৱৰ্তনৰ অনুপাত।
সংকেতত, MPS =ΔS/Δy য’ত ΔS সঞ্চয়ৰ পৰিৱৰ্তন
Ay = আয়ৰ পৰিৱৰ্তন
আনহাতে সামগ্রিক আয় স্তৰৰ পৰিৱৰ্তনৰ লগত সামগ্রিক উপভোগ স্তৰৰ পৰিৱৰ্তনৰ অনুপাতকে প্রান্তিক উপভোগ প্ৰৱণতা বুলি কোৱা হয়। MPC = Δc/Δy
MPC আৰু MPS ৰ সম্পৰ্কটো হ’ল MPC + MPS = 1, MPC ধনাত্মক আৰু 1 তকৈ সৰু। MPS ধনাত্মক আৰু 1 তকৈ সৰু। গতিকে আমি 1ৰ পৰা MPC বিয়োগ কৰিলে MPS পাব পাৰো।

Class 12 Economics Chapter 4 Assamese Medium

8। পৰিকল্পিত বিনিয়োগৰ ধাৰণাটো ব্যাখ্যা কৰা।
উত্তৰঃ প্রত্যাশিত বিনিয়োগ হ’ল পৰিকল্পিত বিনিয়োগ। উৎপাদনকাৰী এজনে তেওঁৰ দ্ৰব্যৰ মজুত যি পৰিমাণে বৃদ্ধি কৰিবলৈ পৰিকল্পনা কৰিছিল ঠিক সেই পৰিমাণে মজুত বৃদ্ধি নাপাবও পাৰে। অৰ্থাৎ প্রকৃত বিনিয়োগ আৰু পৰিকল্পিত বিনিয়োগ একে নহবও পাৰে। X দ্ৰব্যৰ উৎপাদনকাৰী এজনে বছৰৰ শেষত 1000 টকা মূল্যৰ দ্ৰব্য মুঠ মজুতলৈ সংযোজন কৰিব বিচাৰিছিল। কিন্তু অপ্রত্যাশিতভাৱে তেওঁৰ দ্ৰব্যটোৰ প্ৰতি চাহিদা এনেদৰে বৃদ্ধি পালে যে তেওঁৰ মজুতৰ পৰাও 300 টকা মূল্যৰ দ্ৰব্য বিক্ৰী কৰিহে চাহিদা পূৰাবলৈ সক্ষম হ’ল।

গতিকে বছৰৰ তেওঁৰ মজুত বৃদ্ধি পালে (Rs. 1000 Rs. 300 = Rs.700) টকা। উৎপাদনকাৰীৰ পৰিকল্পিত বা প্রত্যাশিত বিনিয়োগ আছিল 1000 টকা আৰু প্ৰকৃততে বিনিয়োগ হ’ল 700 টকা। গতিকে প্রত্যাশিত বিনিয়োগ হ’ল বিনিয়োগৰ সম্ভাব্য মান।

৫। সামগ্রিক চাহিদাৰ নিৰ্দ্ধাৰকবোৰ কি কি ? চমুকৈ ব্যাখ্যা কৰা ।
উত্তৰ : সামগ্রিক চাহিদাৰ উপাদানসমূহ হ’ল – (i) ব্যক্তিগত উপভোগ চাহিদা, (ii) ব্যক্তিগত বিনিয়োগ চাহিদা, (iii) দ্ৰব্য আৰু সেৱাৰ প্ৰতি চৰকাৰী চাহিদা, (iv) নিগুট ৰপ্তানি চাহিদা।

(i) ব্যক্তিগত উপভোগ চাহিদা: ই ঘৰুৱা খণ্ডৰ ক্ৰয় ক্ষমতা থকা আৰু ক্ৰয় কৰাৰ ইচ্ছা প্ৰকাশ কৰাৰ দ্ৰব্য আৰু সেৱাৰ মানক বুজায়।
(ii) ব্যক্তিগত বিনিয়োগ চাহিদা : যন্ত্রপাতি, গৃহ আদিৰ দৰে নতুন মূলধনী সম্পত্তিৰ সৃষ্টি আৰু কেঁচামালৰ ওপৰত ব্যক্তিগত উদ্যোগীসকলৰ পৰিকল্পিত ব্যয়কে ব্যক্তিগত বিনিয়োগ চাহিদা বুলি কোৱা হয়। এই বিনিয়োগ কেৱল চলিত পৰ্যায়ৰ উৎপাদন বৰ্তাই ৰাখিবৰ কাৰণেই নহয় ভৱিষ্যৎ উৎপাদন ক্ষমতা বৃদ্ধিৰ কাৰণেও পৰিকল্পনা কৰা হয়। ই দুই প্ৰকাৰৰ (a) স্বতন্ত্র বিনিয়োগ (b) অভিপ্রেত বিনিয়োগ।
(iii) দ্ৰব্য আৰু সেৱাৰ প্ৰতি চৰকাৰী চাহিদা : সমাজৰ সাধাৰণ অভাৱ পূৰণৰ বাবে উপভোগ্য আৰু মূলধনী দ্ৰব্যত চৰকাৰৰ পৰিকল্পিত ব্যয়কে দ্ৰব্য আৰু সেৱাৰ প্ৰতি চৰকাৰী চাহিদা বোলে। ই চৰকাৰে স্কুল, পৰিবহণ, হাস্পতাল, ৰাস্তা-ঘাট, শক্তি ইত্যাদিত কৰিবলৈ বিচৰা খৰচকে বুজায়।

লগতে পঢ়ক:   উদাৰীকৰণ, ব্যক্তিগতকৰণ আৰু গোলকীকৰণ : এক পৰ্য্যালোচনা Class 12

(iv) নিগুট ৰপ্তানি চাহিদা: এখন দেশে বিদেশী দ্ৰব্য আৰু সেৱাৰ প্ৰতি কৰা চাহিদাৰ ওপৰত অন্য দেশে সেই দেশখনৰ দ্ৰব্য আৰু সেৱাৰ প্ৰতি কৰা চাহিদাৰ অতিৰিক্তখিনিকে নিগুট ৰপ্তানি চাহিদা বোলে। ই বৈদেশিক বিনিময় হাৰ, বাণিজ্য নীতি, পৰিশোধৰ সমতাৰ অৱস্থান আদিৰ ওপৰত নিৰ্ভৰ কৰে। নিগুট ৰপ্তানি চাহিদা = ৰপ্তানি (X) – আমদানি (M)

আয় নিৰ্ধাৰণ Class 12

৬। সামগ্রিক যোগান কি ? সামগ্রিক যোগানৰ নিৰ্দ্ধাৰকবোৰ কি কি ?
উত্তৰ : এক বিশেষ সময় কালত অর্থনীতি এখনত ক্ৰয়ৰ বাবে উপলব্ধ দ্ৰব্য আৰু সেৱাৰ মুঠ যোগানৰ মৌদ্রিক মানেই হ’ল সামগ্রিক যোগান। সামগ্রিক যোগানক অর্থনীতি এখনৰ মুঠ উৎপাদন হোৱা মুঠ ব্যয় বুলিও ক’ব পাৰো। সামগ্রিক যোগানৰ ঘাই উপাদান দুটা। সেইবোৰ হ’ল—
উপভোগ ব্যয় (C) : অর্থনীতি এখনত সকলো পৰিয়ালে ব্যক্তিগত উপভোগৰ উদ্দেশ্যে দ্ৰব্য আৰু সেৱাত ক্ৰয় কৰা মুঠ ব্যয়কে উপভোগ ব্যয় বোলে।

সঞ্চয় (S) : আয়ৰ এক বৃহৎ অংশ দ্ৰব্য আৰু সেৱাৰ উপভোগত ব্যয় কৰা হয় আৰু বাকী থকা অংশটো সঞ্চয় কৰা হয়। গতিকে সামগ্রিক যোগান (AS) = উপভোগ (C) + সঞ্চয় (S)

৭। স্বতন্ত্র বিনিয়োগ আৰু অভিপ্রেত বিনিয়োগৰ পাৰ্থক্য লিখা।
উত্তৰ : স্বতন্ত্র বিনিয়োগ হ’ল সেইটো বিনিয়োগ যি আয়ৰ পৰিৱৰ্তনৰ লগত পৰিৱৰ্তন নহয়। আৰু সেয়ে আয়ৰ ওপৰত নিৰ্ভৰশীল নহয়। ব্যয়ৰ স্তৰ যিমানেই নহওক কিয় ই এক স্থিৰ পৰিমাণক বুজায়। স্বতন্ত্র বিনিয়োগ সাধাৰণতে চৰকাৰী খণ্ডই কৰে। ই ৰাজহুৱা দ্ৰব্যৰ আৱশ্যকতা, জনসংখ্যাৰ পৰিৱৰ্তন, চৰকাৰৰ সমাজ কল্যাণৰ লক্ষ্য আদিৰ ওপৰত নিৰ্ভৰ কৰে। স্বতন্ত্র বিনিয়োগ ৰেখা আনুভূমিক আকৃতিৰ হয় ।

আনহাতে আয়, উৎপাদন, মজুৰি, বিক্ৰী, মুনাফা ইত্যাদিৰ দ্বাৰা প্ৰভাৱিত হোৱা বিনিয়োগক অভিপ্রেত বিনিয়োগ বোলে। ব্যক্তিগত খণ্ডৰ বিনিয়োগ সাধাৰণতে অভিপ্রেত বিনিয়োগ। জাতীয় আয় বৃদ্ধি পালে অভিপ্রেত বিনিয়োগ বৃদ্ধি পায়। অভিপ্রেত বিনিয়োগ ৰেখাডাল এডাল ঊর্ধ্বগামী ৰেখা। ই নিৰ্ভৰ কৰে বিনিয়োগৰ প্ৰান্তিক দক্ষতা আৰু সুদৰ হাৰৰ ওপৰত।

৮। বিনিয়োগ চাহিদাৰ নিৰ্দ্ধাৰকবোৰ কি কি? ব্যাখ্যা কৰা।
উত্তৰ: বিনিয়োগ চাহিদাৰ নিৰ্ধাৰকসমূহ হ’ল—
(i) বিনিয়োগৰ ব্যয় : বিনিয়োগৰ উদ্দেশ্য ঋণ লোৱা পুঁজিৰ ব্যয় হৈছে সেই পুঁজিত দিবলগীয়া বজাৰ সুদৰ হাৰ।
(ii) ব্যৱসায়িক প্রত্যাশা : ভৱিষ্যতে কি ঘটিব সেই বিষয়ে উদ্যোক্তাই কৰা অনুমানৰ ওপৰতো বিনিয়োগৰ চাহিদা নিৰ্ভৰ কৰে। স্বাভাৱিকতে ভৱিষ্যৎ হৈছে অনিশ্চিত। গতিকে বিনিয়োগ কৰিবলৈ যাওতে উৎপাদন প্রতিষ্ঠানসমূহে ভৱিষ্যৎ সম্পর্কে অনুমান কৰি লয়। কোনো ব্যৱসায়ত বার্ষিক নিগুট লাভ ধনাত্মক হ’লে হে বিনিয়োগ লাভজনক হয়। স্বাভাৱিকতে উদ্যোক্তাই যোগাত্মক বার্ষিক নিগুট লাভ দিয়া প্রকল্পসমূহতহে বিনিয়োগ কৰিব। আকৌ সুদৰ হাৰ বৃদ্ধি পালে বার্ষিক নিগুট লাভ হ্রাস পায় আৰু ফলত বিনিয়োগ চাহিদা হ্রাস পায়।

সামগ্রিক চাহিদা কি?

উত্তৰ : অৰ্থনীতিত দ্ৰব্য আৰু সেৱা সামগ্ৰীৰ মুঠ চাহিদাক সামগ্রিক চাহিদা বোলা হয়।

প্রত্যাশিত বিনিয়োগৰ সংজ্ঞা দিয়া।

উত্তৰ: আয়ৰ স্তৰৰ ওপৰত নিৰ্ভৰ কৰা বিনিয়োগক প্রত্যাশিত বিনিয়োগ বোলে।

আমি কিয় ধাৰণা কৰো যে দৰ কেৱল দীর্ঘকালতহে সলনি হয়?

উত্তৰ : দীর্ঘকালীন অৱস্থাত বজাৰৰ সকলো দিশত সামগ্ৰীৰ যোগান আৰু চাহিদাৰ পৰিৱৰ্তন কৰিব পাৰি। এই সময়ছোৱাত সকলো দিশত অতিৰিক্ত যোগান আৰু চাহিদাৰ অৱস্থা নোহোৱা কৰি দিব পৰা নাযায়। গতিকে দৰৰ পৰিৱৰ্তন হয়।

ভোগযোগ্য ব্যয় কি?

উত্তৰঃ অর্থনীতি এখনত সকলো পৰিয়ালে ব্যক্তিগত উপভোগৰ উদ্দেশ্যে দব্য আৰু সেৱাৰ ক্ৰয়ত কৰা মুঠ ব্যয়কে উপভোগ ব্যয় বোলে।

Leave a Comment

Your email address will not be published. Required fields are marked *


Scroll to Top