মুদ্ৰা আৰু বেংক ব্যৱস্থা Class 12 Economics (প্ৰশ্নোত্তৰ) অৰ্থনীতি বিজ্ঞান

মুদ্ৰা আৰু বেংক ব্যৱস্থা Class 12 – (প্ৰশ্নোত্তৰ) অৰ্থনীতি বিজ্ঞান | Class 12 Economics Chapter 3 Assamese Medium | দ্বাদশ শ্ৰেণীৰ মুদ্ৰা আৰু বেংক ব্যৱস্থা Question Answer

বিষয় অৰ্থনীতি বিজ্ঞান দ্বাদশ শ্ৰেণীৰ
পাঠৰ নামমুদ্ৰা আৰু বেংক ব্যৱস্থা Class 12
উপলব্ধগুৰুত্বপূৰ্ণ প্ৰশ্নোত্তৰ
পাঠ3
শ্ৰেণী দ্বাদশ শ্ৰেণী
পাঠ্যক্ৰম অসম মাধ্যমিক শিক্ষা পৰিষদৰ (AHSEC)

মুদ্ৰা আৰু বেংক ব্যৱস্থা Class 12

(ক) অতি চমু প্রশ্ন উত্তৰ: (মূল্যাংক-১)

১। বিনিময় প্রথা কি?
উত্তৰ : এবিধ পণ্যৰ সলনি আন এবিধ পণ্য গ্ৰহণ কৰা ব্যৱস্থাকে বিনিময় প্রথা বোলে।

২। মুদ্ৰাৰ লেন-দেনৰ চাহিদাৰ সমীকৰণ, MDT = K.T টোত, সোঁহাতে থকা ‘T’ য়ে কি সূচায়?
উত্তৰঃ এক নিৰ্দিষ্ট সময়ৰ ভিতৰত হোৱা মুঠ লেনদেনৰ মূল্যক সূচায়।

৩। মুদ্ৰাৰ চলনশীলতাৰ বেগ কি?
উত্তৰ : এক নিৰ্দিষ্ট পৰিমাণৰ মুদ্ৰাই এক নিৰ্দিষ্ট সময়ছোৱাৰ ভিতৰত যিমানবাৰ বিনিময়ৰ মাধ্যম হিচাপে কাৰ্য্য সম্পাদন কৰে, সেই সংখ্যাটোৱেই মুদ্ৰাৰ চলনশীলতাৰ বেগ।

৪। এজন মানুহে প্রতি মাহত 700 টকা উপাৰ্জন কৰে। তেওঁৰ গড় নগদ ধাৰণ উলিওৱা।
উত্তৰঃ মানুহজনৰ মাহিলি আয় =700 টকা।
গড় নগদ জমা হ’ল = (700 টকা +0) ÷ 2 = 350 টকা

৫। এজন ব্যক্তিৰ মুদ্ৰাৰ গড় লেন-দেনৰ চাহিদা কি?
উত্তৰ : মানুহ এজনৰ গড় লেন-দেনৰ চাহিদা হ’ল তেওঁৰ মাহিলি লেনদেন আধা ।

৬। শুদ্ধ বা অশুদ্ধ লিখা :
মুদ্ৰাৰ লেন-দেনৰ চাহিদা এখন অৰ্থনীতিৰ প্ৰকৃত আয় আৰু গড় দৰ স্তৰৰ লগত ধণাত্মক ভাবে জড়িত।
উত্তৰঃ শুদ্ধ।

৭। তাৰল্য ফান্দত, মুদ্ৰাৰ কল্পনা প্রসূত চাহিদাৰ স্থিতিস্থাপকতা কি?
উত্তৰঃ অসীম।

৮। “মুদ্ৰাৰ কল্পনা প্রসূত চাহিদা বজাৰৰ সুদৰ হাৰৰ লগত-(প্ৰত্যক্ষ/ঋণাত্মক) ভাৱে জড়িত।
উত্তৰ: ঋণাত্মক।

৯। এখন আধুনিক অর্থনীতিত, মানুহে মুদ্ৰা ৰাখে বহলভাৱে দুটা অভিপ্ৰায়ৰ বাবে। এটা হ’ল, লেনদেনৰ অভিপ্রায়, আনটো কি?
উত্তৰ: আনটো হ’ল- কল্পনাপ্রভূত অভিপ্রায়।

১০। ভাৰতত মুদ্ৰাগত নোট প্ৰৱৰ্ত্তন/প্রচলিত কৰা মুদ্ৰাগত কৰ্তৃত্বৰ নাম লিখা।
উত্তৰঃ ৰিজাৰ্ভ বেংক।

১১। বাণিজ্যিক বেংকে RBI ৰ লগত ৰখা ৰিজাৰ্ভ কিয় ব্যয় বহুল।
উত্তৰ : কাৰণ বেংকসমূহে সিমান পৰিমাণৰ মুদ্ৰা সুদ অৰ্জন কৰা বিনিয়োগমূলক আঁচনিৰ বাবে দিব পাৰে।

১২। RBIই বাণিজ্যিক বেংকৰ পৰা ৰিজাৰ্ভ ৰখাটো কিয় প্রয়োজনীয়।
উত্তৰ : বাণিজ্যিক বেংকসমূহৰ সুৰক্ষিত আমানত অনুপাত সুচলভাৱে আগবঢ়াই নিবলৈ সেই বেংকসমূহৰ পৰা ৰিজাৰ্ভ ৰখাটো প্ৰয়োজনীয়।

১৩। নগদ সংৰক্ষণ অনুপাত (CRR) কি ?
উত্তৰ: বাণিজ্যিক বেংক সমূহে নিজৰ জমাৰ বিপৰীতে কিমান অংশ কেন্দ্ৰীয় বেংকত জমা ৰাখে তাকেই নগদ জমাৰ অনুপাত বোলা হয়।

১৪। SLR (বিধিসম্মত তাৰল্য অনুপাত) কি?
উত্তৰঃ বিধিসন্মত তাল্য অনুপাত্‌ হ’ল সেইটো যিটো বেংকসমূহে সৰ্বমুঠ চাহিদা আৰু কাল আমানতৰ যিটো অংশ নগদ সদৃশ পৰিসম্পদৰ ৰূপত ৰাখিব লাগে।

১৫। বাণিজ্যিক বেংক ঋণৰ হাৰ কি?
উত্তৰ: যি সুদৰ হাৰত আমানতকাৰীক টকা দিয়া হয় তাকে বাণিজ্যিক বেংকৰ ঋণৰ হাৰ বোলে।

১৬। বাণিজ্যিক বেংকে এজন ব্যক্তিৰ ঋণৰ যোগ্যতা কিদৰে বিবেচনা কৰে।
উত্তৰঃ তেওঁৰ চলিত সম্পত্তি বা তেওঁ প্ৰদান কৰা আনুষংগিক পত্ৰ সংগ্ৰহৰ দ্বাৰা বিচাৰ কৰে।

১৭।  উচ্চ ক্ষমতাসম্পন্ন মুদ্ৰাৰ সংজ্ঞা দিয়া ।
উত্তৰ : দেশৰ মুদ্ৰা কৰ্তৃপক্ষৰ সৰ্বমুঠ আর্থিক দায় (Liability) মুদ্ৰাৰ ভিত্তি হিচাপে বা প্ৰসাৰণ ক্ষমতাসম্পন্ন মুদ্রা হিচাপে বিবেচিত হয়।

১৮। শুদ্ধ অংশটো বাছি উলিওৱাঃ
বাণিজ্যিক বেংকৰ যিটো অংশ ভাৰতীয় ৰিজাৰ্ভ বেংকৰ লগত ৰখা হয় তাক কোৱা হয় ——।
(সংৰক্ষিত জমা অনুপাত/নগদ সংৰক্ষণ অনুপাত/বিধিসম্মত তাৰল্য অনুপাত)
উত্তৰঃ নগদ সংৰক্ষণ অনুপাত

১৯। শুদ্ধ বা অশুদ্ধ লিখা :
স্থায়ী জমা যাক সময়ভিত্তিক জমা বুলিও জনা যায়, পৰিপূৰ্ণতাৰ কোনো নিৰ্দিষ্ট সময় সীমা বা স্থিৰ সময় সীমা নাথাকে।
উত্তৰঃ অশুদ্ধ।

২০। খালী ঠাই পূৰ কৰা :
_____হ’ল আটাইতকৈ তাৰল্য সম্পদ, যি সকলোৰে দ্বাৰা সহজে গ্রহণযোগ্য।
উত্তৰঃ মুদ্রা।

২১। মুদ্ৰা বুলিলে কি বুজা?
উত্তৰঃ মুদ্ৰা বুলিলে বিনময়ৰ মাধ্যম হিচাবে ব্যৱহাৰ কৰা দ্ৰব্যৰ আৰু সেৱাৰ মূল্য নিৰ্দ্ধাৰণ কৰিব পৰা, জমা কৰি ৰখা দ্ৰব্যৰ মূল্য হিচাপে যি বস্তুক ব্যৱহাৰ কৰা হয় আৰু যি বস্তু সকলোৰে গ্রহণযোগ্য তাকে মুদ্রা বোলে।

২২। শুদ্ধ-অশুদ্ধ বিচাৰ কৰা – মুদ্ৰা হিচাপৰ এক সুবিধাজনক একক’।
উত্তৰঃ শুদ্ধ।

২৩। মুদ্ৰাৰ ক্রয় ক্ষমতাৰ অৱনতি বুলিলে কি বুজা?
উত্তৰঃ মুদ্ৰাৰ মূল্য হ্রাস হোৱাকে ক্রয় ক্ষমতাৰ অৱনতি বোলে।

২৪। তাৰল্য মুদ্ৰা বুলিলে কি বুজা ?
উত্তৰ : তৰল মুদ্ৰা হৈছে সেইবোৰ মুদ্ৰা যি বোৰক যিকোনো সময়ত অতি সহজে অন্য দ্রব্যলৈ ৰূপান্তৰ কৰিব পাৰি।

২৫। সত্য নে অসত্য লিখা :
চাহিদা আমানতৰোৰ বৈধ মুদ্ৰা নহয় ৷
উত্তৰঃ সত্য।

২৬। প্রচলিত মুদ্রা আমানত অনুপাত নিৰ্ভৰ কৰা কাৰক এটাৰ নাম লিখা।
উত্তৰঃ চাহিদা আমানত।

২৭। তৰলতাৰ ফান্দত মুদ্ৰাৰ লাভকল্পী চাহিদাৰ স্থিতিস্থাপকতা কি?
উত্তৰ: অসীম।

২৮। সঠিক শব্দটো বাছনি কৰি খালী ঠাই পূৰ কৰা :
‘মুদ্ৰাৰ লাভকল্পী চাহিদা _____ (পোনপটীয়াকৈ, ওলোটাকৈ) সুতৰ বজাৰ হাৰৰ সৈতে সম্পর্কিত।
উত্তৰঃ ওলোটাকৈ।

২৯। এখন আধুনিক অৰ্থনীতিত জনসাধাৰণে মুদ্ৰা ৰাখে ব্যাপকভাবে দুটা অভিপ্রায়ত। এটা হ’ল লেনদেন অভিপ্ৰায় আৰু আনটো কি?
উত্তৰঃ কল্পনা প্রসূত অভিপ্রায়।

৩০। ভাৰতত প্ৰচলন মুদ্ৰা জাৰি কৰা বিত্তীয় প্ৰাধিকৰণটোৰ নাম কি ?
উত্তৰঃ ভাৰতীয় ৰিজাৰ্ভ বেংক।

মুদ্ৰা আৰু বেংক ব্যৱস্থা Class 12

(খ) চমু প্রশ্ন উত্তৰ: (মূল্যাংক-৩)

১। ধৰা, কোনো মধ্যৱৰ্ত্তী প্রতিদান নিদিয়াকৈ এখন বেণ্ড তিনি বছৰৰ মূৰত 600 টকাৰ প্রতিশ্রুতি দিয়ে। যদি প্রতি বছৰত সুদৰ হাৰ 10% হয়, তেন্তে বণ্ডখনৰ দৰ কিমান?
উত্তৰ: যদি ঋণ পত্ৰই তিনি বছৰৰ অন্তত অন্তৱৰ্তীকালীন প্রতিদান নোহোৱাকৈ 600 টকা ওভতাই দিয়ে আৰু বছৰি সুদৰ হাৰ 10% হয়, তেনেহ’লে ঋণ পত্ৰখনৰ দাম হ’বঃ
প্ৰথম বছৰৰ সুদ হ’ব = 600 ×10/100 = 60 টকা
ঋণপত্ৰখনৰ দাম = 600-60=540 টকা

দ্বিতীয় বছৰৰ সুদ হ’ব = 540 × 10/100 = 54 টকা
ঋণ পত্ৰখনৰ দাম = 540-54=486 টকা
তৃতীয় বছৰৰ সুদ হ’ব = 486 × 10/100 = 48.6 টকা

ঋণ পত্ৰ এখনৰ দাম = 486-48.6 = 437.40 টকা

২। ধৰা এখন বস্তুৰ দাম 400 টকা আৰু প্ৰতি বছৰত প্ৰতিদানৰ হাৰ 51%। যদি কোনো মধ্যৱৰ্ত্তী প্রতিদান নাথাকে, তেন্তে দুবছৰৰ পিছত মুঠ প্রতিদান কিমান হ’ব?
উত্তৰ : ঋণপত্ৰ এখনৰ দাম = 400 টকা
বছৰি প্ৰতিদানৰ হাৰ = 5%
প্ৰথম বছৰত প্ৰতিদান = 400 x 5/100 = 20 টকা
মুঠ প্রতিদান হ’ব = 400 + 20 = 420 টকা
দ্বিতীয় বছৰত প্ৰতিদান = 420 x 5/100 = 21 টকা
দুবছৰৰ অন্তত মুঠ প্রতিদান হ’ব = 420 + 21 = 441 টকা

৩। চাহিদা আমানত আৰু সময় আমানতৰ মাজৰ পাৰ্থক্য লিখা। চাহিদা আমানত আইনগতভাৱে গ্রহণযোগ্য হয়নে বা বিহিত মুদ্রা হয়নে?
উত্তৰঃ পার্থক্যসমূহ : (ক) সময় আমানতৰ এটা নিৰ্দিষ্ট সময় থাকে। যেনে স্থায়ী বা ম্যাদী আমানত। কিন্তু চাহিদা আমানতৰ কোনো নিৰ্দিষ্ট সময় নাথাকে।
(খ) সময় আমানতত জমাকাৰীয়ে নিজৰ প্ৰয়োজনমতে টকা উলিয়াব নোৱাৰে কিন্তু চাহিদা আমানতত জমাকাৰীয়ে চাহিদা অনুসৰি টকা উলিয়াব পাৰে।
(গ) সময় আমানতত চেকৰ ব্যৱহাৰ কৰিব নোৱাৰি কিন্তু চাহিদা আমানতত চেকৰ ব্যৱহাৰ আছে।
চাহিদা আমানত বিহিত মুদ্ৰা নহয় ।

লগতে পঢ়ক:   Class 12 Assamese Question Answer – দ্বাদশ শ্ৰেণীৰ (সম্পূৰ্ণ প্ৰশ্নোত্তৰ) অসমীয়া মাধ্যমৰ বাবে।

৪। আদেশী মুদ্রা কি? ধাতু মুদ্ৰাবোৰ আদেশী মুদ্রা হয় নে?
উত্তৰঃ যি মুদ্ৰা চৰকাৰৰ আদেশত গ্ৰহণ কৰা হয়, সেই মুদ্রাই আদেশী মুদ্রা। এই মুদ্রাই চৰকাৰৰ ক্ষমতাৰ বলত সাধাৰণ গ্রহণযোগ্যতা লাভ কৰে। ধাতুমুদ্ৰাবোৰ আদেশী মুদ্রা হয় ।

৫। মুদ্ৰা আমানত অনুপাত কি ? উৎসৱৰ সময়ত ই কিয় বৃদ্ধি হয় ?
উত্তৰ : প্রচলিত মুদ্ৰা আমানত অনুপাত হ’ল জনসাধাৰণে নগদ ৰূপত হাতত ৰখা মুদ্ৰাৰ পৰিমাণ আৰু বেংক আমনতত ৰখা মুদ্ৰাৰ পৰিমাণৰ অনুপাত ।
উৎসৱৰ সময়ত জনসাধাৰণে অতিৰিক্ত খৰচ পূৰাবৰ বাবে আমানতবোৰ নগদ মুদ্ৰালৈ ৰূপান্তৰিত কৰে। সেইবাবে প্রচলিত মুদ্ৰা আমানত অনুপাত বৃদ্ধি পায়।

৬। সংৰক্ষণ আমানত অনুপাত – ব্যাখ্যা কৰা ।
উত্তৰ : বেংকে জনসাধৰণৰ আমানতৰ এটা অংশ সংৰক্ষিত মুদ্ৰা হিচাপে নিজৰ হাতত ৰাখে আৰু বাকীখিনি বিভিন্ন বিনিয়োগমূলক আঁচনিত ঋণ প্ৰদান কৰে। সংৰক্ষিত মুদ্ৰাত দুটা বস্তু নিহিত হৈ থাকে— বেংকসমূহত থকা নগদ জমা মুদ্ৰা আৰু ভাৰতীয় ৰিজাৰ্ভ বেংকত থকা বাণিজ্যিক বেংকসমূহৰ আমানতসমূহ। বেংকসমূহে এই সংৰক্ষিত মুদ্ৰা আমানতকাৰীৰ মুদ্ৰাৰ চাহিদা পূৰাবলৈ ব্যৱহাৰ কৰে। সংৰক্ষিত আমানত অনুপাত হ’ল বাণিজ্যিক বেংকসমূহে সংৰক্ষণত ৰখা মুঠ আমানতৰ সমানুপাত।

৭। RBI ৰ অস্ত্ৰ হিচাপে “বেংক হাৰ”ৰ গুৰুত্ব লিখা।
উত্তৰ : ভাৰতীয় ৰিজাৰ্ভ বেংকে বেংকৰ হাৰৰ সাল-সলনিৰ দ্বাৰা বাণিজ্যিক বেংকসমূহৰ সংৰক্ষিত জমা অনুপাতৰ পৰিৱৰ্তন কৰিব পাৰে, যদিহে বেংকসমূহে ৰিজাৰ্ভ বেংকৰ পৰা ঋণ ল’ব লগা হয়। ৰিজাৰ্ভ বেংকৰ নিম্ন (বা উচ্চ) সুদৰ হাৰে বেংকসমূহক আমনতৰ অনুপাত সংৰক্ষণ কম (বা বেছি) ৰাখিবলৈ উৎসাহ দিয়ে । কিয়নো এনে অৱস্থাত ৰিজাৰ্ভ বেংকৰ পৰা ঋণ লোৱাটো আগতকৈ কম (অথবা বেছি) ব্যয়বহুল হয়। ফলত বেংকসমূহে ধাৰ লওঁতাক অথবা বিনিয়োগকাৰীৰ সৰহকৈ (বা কমকৈ) ঋণ দিবলৈ প্ৰস্তুত হয়। গতিকে ৰিজাৰ্ভ বেংকৰ বেংক হাৰৰ ওপৰত, বাণিজ্যিক বেংকৰ ঋণ প্ৰদানৰ পৰিমাণ নিৰ্ভৰ কৰে।

৮। বাণিজ্যিক বেংকসমূহৰ এখন আৰ্হিমূলক বেলেঞ্চ চীট দেখুওৱা।
উত্তৰঃ বাণিজ্যিক বেংকৰ বেলেঞ্চঞ্চীট (নমুনা উদ্বৃত্ব পত্র)

দেনা (Liabilities)সম্পত্তি (Assets ) 
আমানত 100সংৰক্ষণ (Reserves)
ভল্ট মুদ্রা (Vault cash)
RBIত থকা জমা
বেংক পাওনা (Bank credit)
ঋণ
বিনিয়োগ
সংৰক্ষিত আমানত অনুপাত
15
5
42
30
50
0.2

৯। মুদ্রাস্ফীতি কি?
উত্তৰ : মুদ্রাস্ফীতি হ’ল সামগ্ৰীৰ সাধাৰণ মূল্যাস্তৰ বৃদ্ধি হোৱা আৰু মুদ্ৰাৰ মূল্য হ্রাস পোৱা এটা অৱস্থা ৷ ঘাটি বিত্তীয় ব্যৱস্থা, মুদ্ৰাৰ যোগান বৃদ্ধি, কলা মুদ্ৰাৰ প্ৰকোপ, জনসংখ্যা বৃদ্ধিৰ ফলত সামগ্ৰীৰ চাহিদা বৃদ্ধি, বর্ধিত বিনিয়োগ, চৰকাৰী ব্যয় বৃদ্ধি আদি চাহিদা ভিত্তিক আৰু সামগ্ৰীৰ মজুতকৰণ, প্রশাসনীয় দাম বৃদ্ধি, কৃষি সামগ্ৰীৰ উৎপাদন হ্রাস, পৰোক্ষ কৰ, মন্থৰ ঔদ্যোগিক উৎপাদন আদি যোগানভিত্তিক কাৰণবোৰৰ বাবে মুদ্রাস্ফীতি হয়।

১০। বিনিময় প্রথাৰ তিনিটা অসুবিধা লিখা।
উত্তৰ: অসুবিধা তিনিটা হ’ল:
(a) অভাৱৰ সামঞ্জ্যহীনতা, (b) মুদ্ৰাৰ সঠিক মাপ-কাঠিৰ অভাৱ, (c) সামগ্ৰীসমূহৰ সঞ্চয়ৰ ভড়ালৰ অভাৱ।

১১। মুঠ মুদ্ৰাগত সম্পদৰ ধাৰণাটো ব্যাখ্যা কৰা ।
উত্তৰঃ মুঠ মুদ্ৰাগত সম্পদ হ’ল যে যিকোনো দেশৰ অৰ্থনৈতিক বৃদ্ধিৰ প্ৰধান সপোন হিচাপে বিবেচনা কৰা মূলধন গঠন (বা বিনিয়োগ) সঞ্চয়ৰ ওপৰত নিৰ্ভৰ কৰে। সঞ্চয়ে, বিনিয়োগৰ বাবে প্রয়োজনীয় মূলধন যোগান ধৰে, য’ত সঞ্চয় মুদ্ৰাৰ জৰিয়তে কৰা হয় আৰু এইদৰে মুদ্ৰাগত সম্পদৰ সৃষ্টি হয়।

১২। চাহিদা আমানত আৰু সময় আমানতৰ ধাৰণা দুটা ব্যাখ্যা কৰা ৷
উত্তৰঃ চাহিদা আমানত হৈছে সেইবোৰ আমানত যিবোৰ জমাকাৰীয়ে যিকোনো সময়তে চেক বা আন উপায়েৰে উলিয়াব পাৰে। এই জমা চাহিদা অনুযায়ী পৰিশোধ কৰা হয় । সঞ্চয় আমানত হৈছে সেই আমানত য’ত এনে আমানতৰ পৰা দিনটোত বা এক নিৰ্দিষ্ট সময় পৰিসৰত কেইবাৰ ধন উঠাব পাৰি তাৰ উচ্চতম সীমা থাকে।

Class 12 Economics Chapter 3 Assamese Medium

১৩৷ ‘A’ অংশৰ লগত ‘B’ অংশ মিলোৱা :

AB
(a) মুদ্ৰাৰ যোগান
(b) আদেশ মুদ্রা
(c) ৰিজাৰ্ভ বেংক অৱ ইণ্ডিয়া
(i)শেষ পৰ্যায়ৰ ত্ৰাণকৰ্তা
(ii) কাগজী মুদ্ৰা আৰু ধাতু মুদ্ৰা
(iii) মজুতৰ ধাৰণা

উত্তৰ:

AB
(a) মুদ্ৰাৰ যোগান
(b) আদেশ মুদ্রা
(c) ৰিজাৰ্ভ বেংক অৱ ইণ্ডিয়া
(iii) মজুতৰ ধাৰণা
(ii) কাগজী মুদ্ৰা আৰু ধাতু মুদ্ৰা
(i) শেষ পৰ্যায়ৰ ত্ৰাণকৰ্তা

১৪। আধুনিক অর্থনীতিত মুদ্ৰাৰ ভূমিকা ব্যাখ্যা কৰা।
উত্তৰঃ মুদ্ৰাৰ ভূমিকা :
(ক) মুদ্রাই উপভোক্তাক ক্রয় কাৰ্য্যৰ ক্ষেত্ৰত স্বতন্ত্ৰতা প্ৰদান কৰে।
(খ) মুদ্রাই জাতীয় উৎপাদন বিভিন্ন উপাদানবিলাকৰ মাজত বিতৰণত সহায় কৰে।
(গ) মুদ্রাই উৎপাদনকাৰীক কি দ্রব্য উৎপাদন কৰিব আৰু কেনেকৈ উৎপাদন কৰিব আদি বিভিন্ন বিষয়সমূহৰ সিদ্ধান্ত গ্ৰহণত সহায় কৰে।
(ঘ) চৰকাৰে মুদ্ৰাৰ জৰিয়তে সকলো কৰ সংগ্ৰহ কৰে।

১৫। সংকীৰ্ণ মুদ্ৰা আৰু বিস্তৃত মুদ্ৰাৰ পাৰ্থক্য লিখা।
উত্তৰঃ সংকীৰ্ণ মুদ্ৰাত কেৱল জনসাধাৰণৰ হাতত চলিত মুদ্ৰা থকা আৰু বেংকৰ চাহিদা আমানতৰ অন্তৰ্ভুক্ত। সংকীৰ্ণ মুদ্ৰা, মুদ্ৰাৰ বিনিময়ৰ মাধ্যম কাৰ্যটোৰ ভিত্তিত প্রতিষ্ঠিত। আনহাতে, বিস্তৃত মুদ্ৰাত চলিত মুদ্ৰা আৰু ভঙনীয়া পইচাৰ উপৰিও আন কিছুমানক মুদ্ৰাৰ যোগানত অৰ্ন্তভুক্ত কৰা হয় যিবোৰ উচ্চ তাৰল্য গুণসম্পন্ন আৰু যিবোৰক মূল্যৰ ভড়াল হিচাপে গণ্য কৰা হয়।

১৭। মুদ্ৰাৰ যোগান নিৰ্ধাৰণকাৰী কাৰকৰোৰ বৰ্ণনা কৰা।
উত্তৰ: কাৰকসমূহ :
(ক) উচ্চ ক্ষমতাসম্পন্ন মুদ্রা (H): ই হৈছে এখন দেশৰ মুদ্ৰা কৰ্তৃপক্ষৰ মুঠ মুদ্ৰাৰ যোগান। এই মুদ্রা চলনশীল মুদ্ৰা আৰু চৰকাৰৰ আমানত আৰু কেন্দ্ৰীয় বেংকৰ সৈতে থকা বাণিজ্যিক বেংকৰ আমানত লৈ গঠিত। অর্থাৎ, উচ্চ ক্ষমতাসম্পন্ন মুদ্ৰা হৈছে, জনসাধাৰণে ৰখা চলনশীল মুদ্ৰা আৰু বেংকৰ নগদ সংৰক্ষণৰ যোগফল।

(খ) মুদ্ৰা গুণকৰ আকাৰ : ই হৈছে উচ্চ ক্ষমতাসম্পন্ন মুদ্রা বৃদ্ধিৰ ফলত হোৱা মুদ্ৰাৰ যোগান বৃদ্ধিৰ মাত্ৰা। বেংকৰ নগদ বা সংৰক্ষণ আমানতৰ অনুপাত, যিটোৱে জনসাধাৰণৰ আমানত গুণক আৰু চলনশীল আমানতৰ অনুপাত নিৰ্দ্ধাৰণ কৰে, ইয়ে মুদ্ৰাৰ গুণকৰ পৰিসৰও নিৰ্দ্ধাৰণ কৰে।

মুদ্ৰা আৰু বেংক ব্যৱস্থা Class 12

(গ) চমু প্রশ্ন উত্তৰ I প্ৰকাৰৰ : (মূল্যাংক -8)

১। মুদ্ৰাৰ কাৰ্য্যবোৰ কি ? বিনিময় প্রথাৰ অসুবিধাবোৰ মুদ্ৰাই কিদৰে আঁতৰ কৰিলে, ব্যাখ্যা কৰা।
উত্তৰ : মুদ্ৰাই চাৰিবিধ কার্য সম্পাদন কৰে? সেইবোৰ হ’ল— (ক) মুদ্রা বিনিময়ৰ মাধ্যম, (খ) মুদ্ৰা মূল্যৰ মাপকাঠী, (গ) মুদ্রা স্থগিত দেনা-পাওনাৰ মানদণ্ড, (ঘ) মুদ্ৰা মূল্যৰ ভাণ্ডাৰ।

অভাৱৰ সংগতি নাথাকিলে বিনিময় প্রথা কাৰ্যকৰী নহয়। কিন্তু মুদ্ৰাৰ সহায়ত সংগতিবিহীন লেনাদেনা সম্ভৱ হয়। বিনিময় প্রথাত সামগ্ৰী সাঁচি থোৱাৰ ব্যৱস্থা নাই। কিন্তু মুদ্ৰাৰ বিনিময়ত এনেবোৰ সামগ্ৰী আহৰণ কৰিব পাৰি বাবে সামগ্ৰীৰ ৰূপত মুদ্ৰা জমা কৰি ৰাখিব পাৰি। মুদ্ৰা সকলোৰে বাবে গ্রহণযোগ্য। বিনিময় প্রথাত সামগ্ৰীসমূহ অনা-নিয়া কৰাত অসুবিধা। কিন্তু মুদ্রাই এনে অসুবিধা নোহোৱা কৰিছে। এনেদৰে বিনিময় প্ৰথাৰ অসুবিধাসমূহ মুদ্ৰাই নোহোৱা কৰিছে।

২। তাৰল্য ফান্দ কি? ব্যাখ্যা কৰা।
উত্তৰ : অর্থনীতিত মুদ্ৰাৰ যোগান বাঢ়িলে, সৰ্বসাধাৰণে এই অতিৰিক্ত মুদ্ৰাৰ জৰিয়তে ঋণপত্র ক্রয় কৰে, তেন্তে ঋণপত্ৰ চাহিদা বৃদ্ধি হ’ব, দাম বাঢ়িব আৰু সুদৰ হাৰ কমিব। যদিহে বজাৰ সুদৰ হাৰ যথেষ্ট কম হয় আৰু প্ৰত্যেকেই আশা কৰিব যে ই ভৱিষ্যতে বাঢ়িব, কোনো লোকেই ঋণপত্র, কিনিবলৈ আগবাঢ়ি নাহিব। প্রত্যেকেই সম্পদবোৰ নগদ মুদ্ৰা ৰূপত ৰাখিব বিচাৰিব আৰু যদিহে দেশত
অতিৰিক্ত মুদ্ৰা প্ৰচলন কৰা হয় তেন্তে ঋণপত্ৰৰ চাহিদা বৃদ্ধি নহয় আৰু সুদৰ হাৰ সৰ্বনিম্ন হাৰৰ তললৈ হ্ৰাস নহয়। এনেকুৱা পৰিস্থিতিকে ‘তাৰল্য ফান্দ’ বোলে।

৩। মুদ্ৰাৰ কল্পনা প্রসূত অভিপ্ৰায় সুদৰ হাৰৰ লগত কিদৰে জড়িত?
উত্তৰ : লাভৰ কল্পনাপ্রসূত চাহিদাৰ অৰ্থনীতিবিদ কেইন্সে দেখুৱাইছে যে চলিত সুদৰ হাৰ আৰু ভৱিষ্যতে প্রত্যাশিত সুদৰ হাৰৰ সম্পৰ্কই নিৰ্ধাৰণ কৰিব যে ব্যক্তি এগৰাকীয়ে মূল্যৰ ভাণ্ডাৰ হিচাপে কিমান পৰিমাণৰ মুদ্ৰা আৰু ঋণপত্ৰ লগত ৰাখিব। সুদৰ হাৰ যিমানেই নিম্নগামী হ’ব, সিমানেই ব্যক্তিয়ে নিজৰ লগত অধিক পৰিমাণৰ মুদ্ৰা ৰাখিব, কল্পনাপ্রসূত চাহিদা বৃদ্ধি হ’ব। ইয়াৰ বিপৰীতে ভৱিষ্যতে সুদৰ হাৰ যেতিয়া ঊর্ধ্বগামী হ’ব, ব্যক্তিৰ তাৰল্য পছন্দ কমি যাব আৰু কল্পনাপ্রসূত চাহিদাও হ্রাস পাব। গতিকে কল্পনাপ্রসূত চাহিদা আৰু সুদৰ হাৰৰ সম্পৰ্ক বিপৰীতমুখী। অতি নিম্ন সুদৰ হাৰত মুদ্ৰাৰ কল্পনাপ্রসূত চাহিদা অসীম হয় আৰু ই ‘তাৰল্য ফান্দৰ’ সৃষ্টি। সুদৰ হাৰ আৰু তললৈ নানামে৷ সেইদৰে সৰ্বাধিক সুদৰ হাৰত কল্পনাপ্রসূত চাহিদা শূন্য হয়।

লগতে পঢ়ক:   চৰকাৰ : কাৰ্যাৱলী আৰু পৰিসৰ Class 12 (প্ৰশ্নোত্তৰ) অৰ্থনীতি বিজ্ঞান

৪। আধুনিক অৰ্থনীতিত মুদ্ৰাৰ কাৰ্যাৱলীবোৰ লিখা।
উত্তৰঃ মুদ্ৰাই চাৰিবিধ কার্য সম্পাদন কৰে। সেইবোৰ হ’ল— (ক) মুদ্রা বিনিময়ৰ মাধ্যম, (খ) মুদ্ৰা মূল্যৰ মাপকাঠী, (গ) মুদ্রা স্থগিত দেনা-পাওনাৰ মানদণ্ড, (ঘ) মুদ্ৰা মূল্যৰ ভাণ্ডাৰ।

অভাৱৰ সংগতি নাথাকিলে বিনিময় প্রথা কাৰ্যকৰী নহয়। কিন্তু মুদ্ৰাৰ সহায়ত সংগতিবিহীন লেনাদেনা সম্ভৱ হয়। বিনিময় প্রথাত সামগ্ৰী সাঁচি থোৱাৰ ব্যৱস্থা নাই। কিন্তু মুদ্ৰাৰ বিনিময়ত এনেবোৰ সামগ্ৰী আহৰণ কৰিব পাৰি বাবে সামগ্ৰীৰ ৰূপত মুদ্ৰা জমা কৰি ৰাখিব পাৰি। মুদ্ৰা সকলোৰে বাবে গ্রহণযোগ্য। বিনিময় প্রথাত সামগ্ৰীসমূহ অনা-নিয়া কৰাত অসুবিধা। কিন্তু মুদ্রাই এনে অসুবিধা নোহোৱা কৰিছে। এনেদৰে বিনিময় প্রথাৰ অসুবিধাসমূহ মুদ্ৰাই নোহোৱা কৰিছে।

Class 12 Economics Chapter 3 Assamese Medium

৫। বিনিময় প্রথাৰ ওপৰত এটা টোকা লিখা।
উত্তৰ : এবিধ পণ্যৰ সলনি আন এবিধ পণ্য গ্রহণ কৰা ব্যৱস্থাকে বিনিময় প্রথা বোলে। অভাৱৰ সংগতি নাথাকিলে বিনিময় প্রথা কাৰ্যকৰী নহয়। বিনিময় প্রথাত সামগ্ৰী সঞ্চয় কৰি থোৱাৰ ব্যৱস্থাও নাছিল। ইয়াৰ উপৰি বিনিময় প্রথাত সামগ্ৰীসমূহ অনা নিয়া কৰাত অসুবিধা হৈছিল। কিন্তু পৰৱৰ্তী সময়ত বিনিময় প্ৰথাৰ অসুবিধাবোৰ মুদ্ৰাৰ প্ৰচলনে নোহোৱা কৰিছে।

৬। ঘাটি বিত্তীয় ব্যৱস্থাৰ ধাৰণাটো ব্যাখ্যা কৰা ।
উত্তৰ : ভাৰতীয় ৰিজাৰ্ভ বেংকে চৰকাৰৰ বেংক হিচাপে কাম কৰে। ই ৰাজ্যিক চৰকাৰসমূহৰো বেংক। চৰকাৰে যেতিয়া ইয়াৰ উপার্জিত কৰ ৰাজহৰ পৰা চৰকাৰৰ ঘাটি বাজেট পূৰাব নোৱাৰে, তেতিয়া নতুন মুদ্ৰা ছপা কৰে। অৱশ্যে এইদৰে মুদ্ৰা ছপোৱাৰ কোনো বৈধ ক্ষমতা চৰকাৰৰ নাই৷ সেয়েহে ই ভাৰতীয় ৰিজাৰ্ভ বেংকৰ ওচৰত চৰকাৰী ঋণপত্ৰ বিক্ৰী কৰি মুদ্ৰা ধাৰ কৰে। ফলত ভাৰতীয় ৰিজাৰ্ভ বেংকে চৰকাৰলৈ মুদ্ৰা যোগান ধৰে। চৰকাৰে তেতিয়া এইখিনি মুদ্ৰাৰে ইয়াৰ খৰচসমূহ পৰিশোধ কৰে। এইদৰে চৰকাৰৰ দ্বাৰা ঘাটি বাজটেৰ বাবে বিত্ত যোগান ধৰাকে কেন্দ্ৰীয় বেংকৰ ঋণৰ জৰিয়তে ঘাটি বিত্তায়ন কৰা বুলি কোৱা হয়। ইয়াকে ঘাটি বিত্তীয় ব্যৱস্থা বোলে।

৭। RBIৰ অস্ত্ৰ হিচাপে “বেংক হাৰ”ৰ গুৰুত্ব লিখা।
উত্তৰ : ভাৰতীয় ৰিজাৰ্ভ বেংকে বেংকৰ হাৰৰ সাল-সলনিৰ দ্বাৰা বাণিজ্যিক বেংকসমূহৰ সংৰক্ষিত জমা অনুপাতৰ পৰিৱৰ্তন কৰিব পাৰে, যদিহে বেংকসমূহে ৰিজাৰ্ভ বেংকৰ পৰা ঋণ ল’ব লগা হয়। ৰিজাৰ্ভ বেংকৰ নিম্ন (বা উচ্চ) সুদৰ হাৰে বেংকসমূহক আমনতৰ অনুপাত সংৰক্ষণ কম (বা বেছি) ৰাখিবলৈ উৎসাহ দিয়ে। কিয়নো এনে অৱস্থাত ৰিজাৰ্ভ বেংকৰ পৰা ঋণ লোৱাটো আগতকৈ কম (অথবা বেছি) ব্যয়বহুল হয়। ফলত বেংকসমূহে ধাৰ লওঁতাক অথবা বিনিয়োগকাৰীৰ সৰহকৈ (বা কমকৈ) ঋণ দিবলৈ প্ৰস্তুত হয়। গতিকে ৰিজাৰ্ভ বেংকৰ বেংক হাৰৰ ওপৰত, বাণিজ্যিক বেংকৰ ঋণ প্ৰদানৰ পৰিমাণ নিৰ্ভৰ কৰে।

৮। এখন অৰ্থনীতিৰ মুদ্ৰা যোগানৰ গুণক প্ৰক্ৰিয়াৰ বৰ্ণনা দিয়া ।
উত্তৰ: ব্যৱসায়িক বেংকসমূহে মুদ্রা গুণক প্রক্রিয়াৰে মুদ্ৰা সৃষ্টি কৰে। মুদ্ৰা আমানত অনুপাত, সংৰক্ষণ আমানত অনুপাত, প্ৰসাৰণ ক্ষমতাসম্পন্ন মুদ্ৰা এই তিনিটাৰ আধাৰত ব্যৱসায়িক বেংকসমূহৰ মুদ্ৰা সৃষ্টিৰ প্ৰক্ৰিয়াটো ব্যাখ্যা কৰিব পাৰি। মুদ্ৰা গুণক প্ৰক্ৰিয়াটো এটা উদাহৰণৰ সহায়ত ব্যাখ্যা কৰিব পাৰি। ধৰা হ’ল এজন সঞ্চয়কাৰীয়ে ‘ক’ বেংকত 1000 টকা জমা দিয়ে। 1000 টকা ‘ক’ বেংকৰ নিষ্ক্রিয় আমানত হ’ব। ধৰা হ’ল এই আমানত 20 শতাংশ বেংকে নিজৰ লগত ৰাখিব পাৰে। ‘ক’ বেংকে 20 শতাংশ অর্থাৎ 200 টকা নিজৰ লগত ৰাখি বাকী 800 টকা ঋণ হিচাপে আগ বঢ়াব পাৰে। এতিয়া বেংক ‘ক’ৰ পৰা ঋণ লোৱা ব্যক্তিজনে (800 টকা) চেকখন আন এজন ব্যক্তিক দিলে। এই দ্বিতীয়জন ব্যক্তিয়ে চেকখন বেংক ‘খ’ত জমা দিলে। বেংক ‘খ’ৰ বাবে ৪০০ টকা প্রাথমিক আমানত। বেংক ‘খ’য়ো 20 শতাংশ অর্থাৎ 160 টকা জমা ৰাখি বাকী 640 টকা ঋণ হিচাপে আগবঢ়ায়। বেংক ‘খ’ৰ ঋণদাতাই 640 টকা তৃতীয় এজন ব্যক্তিক দিলে। তৃতীয়জন ব্যক্তিয়ে বেংক ‘গ’ত জমা দিলে।

এইদৰে বেংক ‘ঘ’, ‘ঙ’, ‘চ’ ইত্যাদিৰ মাজত 800 টকা ভাগ হৈ নোযোৱা পর্যন্ত ঋণ সৃষ্টিৰ প্ৰক্ৰিয়াটো চলি থাকিব। এইদৰে মুঠ আমানতৰ পৰিমাণ হ’বগৈ প্ৰথম 1000+ 800+640 + ….. = 5000 টকা অর্থাৎ মুদ্ৰাৰ পৰিমাণ 5 গুণ বৃদ্ধি হ’ল। এই প্ৰক্ৰিয়াটোকে গুণিত ঋণ সৃষ্টিৰ প্ৰক্ৰিয়া বোলে ৷ এনেদৰে মুদ্ৰা গুণক প্ৰক্ৰিয়াৰে মুদ্ৰা সৃষ্টি হয়।

Class 12 Economics Chapter 3 Assamese Medium

৯। RBI ৰ কাৰ্য্যসমূহ ব্যাখ্যা কৰা।
উত্তৰ : ভাৰতীয় ৰিজাৰ্ভ বেংকৰ কাৰ্যবোৰ হ’ল—
(i) নোট ছপা: ৰিজাৰ্ভ বেংক হ’ল দেশৰ মুদ্ৰা যোগানৰ প্ৰধান উৎস। ৰিজাৰ্ভ বেংকে কাগজৰ মুদ্ৰা ছপা কৰোতে মূল্যবান সম্পত্তি সংস্থিতি ৰাখিব লাগে। ভাৰতৰ ৰিজাৰ্ভ বেংকে তাৰ বাবে এটা নির্দিষ্ট পৰিমাণৰ সোণ, বিদেশী ঋণপত্র জমা ৰাখিব লাগে।

(ii) মুৰব্বী বেংক : দেশৰ বাণিজ্যিক বেংকবোৰে নিজৰ জমাধনৰ এটা অনুপাত ৰিজাৰ্ভ বেংকত জমা ৰাখিব লাগে। ক্লিয়াৰিং বেংক হিচাপে ৰিজাৰ্ভ বেংকে অন্যান্য বেংকৰ লেনদেন পৰিশোধ কৰিব পাৰে। ই বাণিজ্যিক বেংকসমূহৰ সৰ্বশেষ স্তৰৰ ঋণদাতা।

(iii) চৰকাৰৰ বেংক: সকলোবোৰ চৰকাৰী বিভাগ আৰু অনুষ্ঠানৰ হিচাপ-নিকাচ ৰিজাৰ্ভ বেংকত থাকে। ই চৰকাৰৰ পৰা জমা গ্ৰহণ কৰে, বিত্ত যোগান ধৰে। বাজেট ঘাটি পূৰ্ণত ই চৰকাৰক সহায় কৰে। প্ৰয়োজন হ’লৈ ঘাটি বিত্তীয় ব্যৱস্থাৰ জৰিয়তে বাজেটৰ ঘাটি পূৰ কৰে।

(iv) ঋণ নিয়ন্ত্রণ : বাণিজ্যিক বেংকবোৰে জনসাধাৰণক দিয়া ঋণ ভাৰতৰ ৰিজাৰ্ভ বেংকে নিয়ন্ত্ৰণ কৰে। এই নিয়ন্ত্রণ পদ্ধতিক পৰিমাণগত ঋণ নিয়ন্ত্রণ পদ্ধতি আৰু গুণগত ঋণ নিয়ন্ত্রণ পদ্ধতি এই দুভাগত ভাগ কৰিব পাৰি।

(v) বৈদেশিক মুদ্ৰাৰ ৰক্ষক : ভাৰতৰ ৰিজাৰ্ভ বেংক বৈদেশিক মুদ্ৰাৰ ভঁৰাল। দেশীয় মুদ্ৰাৰ সৈতে বৈদেশিক মুদ্ৰাৰ বিনিময় হাৰ নিৰ্ধাৰণ কৰে এই ৰিজাৰ্ভ বেংকে।
(vi) তথ্য সংগ্ৰহ আৰু প্ৰকাশ : দেশৰ অৰ্থনৈতিক ক্ষেত্ৰৰ বিভিন্ন তথ্য সংগ্ৰহ আৰু প্ৰকাশ কৰাটোও ৰিজাৰ্ভ বেংকৰ এটা গুৰুত্বপূৰ্ণ কাৰ্য। দেশৰ উৎপাদন, বিতৰণ, মুদ্ৰা, ঋণ, আমদানি, ৰপ্তানি, জাতীয় আয় আদি বিষয়ক পাৰিসাংখীয় তথ্য সংগ্ৰহ আৰু প্ৰকাশ কৰাটো ৰিজাৰ্ভ বেংকৰ কাম।

১০। বাণিজ্যিক বেংকে মুদ্রা সৃষ্টি কৰিব পাৰেনে?
উত্তৰ : বাণিজ্যিক বেংকে মুদ্রা সৃষ্টি কৰিব পাৰে। কিন্তু কেৱল এটা ব্যৱসায়িক বেংকে মুদ্রা সৃষ্টি কৰিব নোৱাৰে। মুদ্ৰাৰ সৃষ্টিৰ সৈতে সমগ্ৰ ব্যৱসায়িক বেংক ব্যৱস্থা জড়িত হৈ থাকে।

প্রথমতে, বাণিজ্যিক বেংকে ঋণ প্ৰদানৰ জৰিয়তে মুদ্রা সৃষ্টি কৰিব পাৰে। ই গ্ৰাহকক ঋণ প্ৰদানৰ জৰিয়তে চাহিদা আমানতৰ সৃষ্টি কৰে। বেংকে সংগৃহীত সঞ্চয়ৰ এটা অংশ নিজৰ হাতত ৰাখি বাকীখিনি ঋণ হিচাপে আগবঢ়ায়। ঋণ লওঁতাই আকৌ অন্য বেংকত চেকৰ মাধ্যমত পোৱা ঋণ দাখিল কৰে। সেই বেংকে আকৌ এটা অংশ নিজৰ হাতত ৰাখি বাকীখিনি ঋণ হিচাপে আগবঢ়ায়। এনেদৰে ঋণ প্ৰক্ৰিয়া চলি থাকিব আৰু মুদ্রা বা ঋণ সৃষ্টি হ’ব।

দ্বিতীয়তে, বাণিজ্যিক বেংকে বন্ধকীৰ (securities) বিপৰীতে বিনিয়োগ কৰি মুদ্ৰা সৃষ্টি কৰিব পাৰে। বেংকে বন্ধকী ক্রয় কৰোতে বিক্ৰেতাক চেকৰ জৰিয়তে পৰিশোধ কৰে। চেকখন অন্য বেংকত জমা দিয়া হয় আৰু জমাকাৰীৰ বিপৰীতে আমানতৰ সৃষ্টি হয়। এনেদৰে বাণিজ্যিক বেংকসমূহে ঋণ মুদ্রা সৃষ্টি কৰিব পাৰে।

১১। “এখন অৰ্থনীতিত মুদ্ৰাৰ যোগানৰ পৰিবৰ্তনৰ বাবে RBI য়ে দায়িত্বশীল।”—উক্ত কথাষাৰ ব্যাখ্যা কৰা।
উত্তৰঃ ভাৰতীয় ৰিজাৰ্ভ বেংকৰ আটাইতকৈ গুৰুত্বপূৰ্ণ কাম হ’ল যোগান নিয়ন্ত্ৰণ কৰা। ই অর্থনীতিখনত উচ্চ ক্ষমতাসম্পন্ন মুদ্ৰাৰ পৰিমাণ বৃদ্ধি বা হ্রাস কৰে, ব্যৱসায়িক বেংকৰ কাৰণে ঋণ সৃষ্টিৰ উৎসাহজনক বা নিৰাশাজনক পৰিবেশৰ সৃষ্টি কৰে। RBI য়ে খোলা বজাৰ প্ৰক্ৰিয়াৰে অৰ্থনীতিত উচ্চ ক্ষমতাসম্পন্ন মুদ্ৰাৰ যোগান বৃদ্ধি কৰিবৰ উদ্দেশ্যে মুকলি বজাৰত ঋণপত্ৰ ক্ৰয়ৰ ব্যৱস্থা কৰে। আকৌ যদি অর্থনীতিত মুদ্ৰাৰ যোগান হ্রাস কৰিব বিচাৰে তেন্তে ই মুকলি বজাৰত ঋণপত্র বিক্ৰীৰ ব্যৱস্থা কৰিব। RBI য়ে বেংকৰ হাৰ হ্ৰাস কৰিলে বাণিজ্যিক বেংকসমূহে কম সুদৰ হাৰত ঋণ সংগ্ৰহ কৰিব পাৰে আৰু তেওঁলোকৰ পুঁজিৰ বৃহৎ অংশ ঋণ দিয়াৰ ব্যৱস্থা কৰে, ফলত মুদ্ৰাৰ যোগান বৃদ্ধি হয়।

সেইদৰে ‘বেংক হাৰ’ বৃদ্ধি হ’লে মুদ্ৰাৰ যোগান হ্রাস পায়। মুদ্ৰাৰ যোগান বৃদ্ধি কৰাৰ বাবে RBI য়ে ইয়াৰ নগদ সংৰক্ষণ অনুপাত হ্রাস কৰে আৰু মুদ্ৰাৰ যোগান হ্রাস কৰাৰ বাবে ই নগদ সংৰক্ষণ অনুপাত বৃদ্ধি কৰে। RBI য়ে জামিনৰ ওপৰত নিয়ন্ত্রণ, উপভোগ্য ঋণ নিয়ন্ত্ৰণৰ জৰিয়তেও মুদ্ৰাৰ যোগান পৰিৱৰ্তন কৰিব পাৰে। ঋণৰ ৰেচনিং ব্যৱস্থাৰ জৰিয়তে ই কোনো বিশেষ বেংকৰ পুনৰ ভাট্টাৰ সুবিধা কৰি দিব পাৰে অথবা বাণিজ্যিক বেংকৰ হাতত থাকিবলগীয়া পুঁজিৰ পৰিমাণৰ সৰ্বোচ্চ সীমা নিৰ্ধাৰণ কৰি দিয়ে। এনেদৰে RBI য়ে প্রত্যক্ষভাৱে বা বাণিজ্যিক বেংকৰ জৰিয়তে মুদ্ৰাৰ যোগানৰ হ্ৰাস-বৃদ্ধি কৰিব পাৰে।

লগতে পঢ়ক:   উদাৰীকৰণ, ব্যক্তিগতকৰণ আৰু গোলকীকৰণ : এক পৰ্য্যালোচনা Class 12

Class 12 Economics Chapter 3 Assamese Medium

১২। “শেষ পৰ্যায়ৰ ঋণদাতা” হিচাপে RBI ৰ ভূমিকা ব্যাখ্যা কৰা।
উত্তৰ : ভাৰতীয় মুদ্ৰা ব্যৱস্থাত ৰিজাৰ্ভ বেংক ব্যৱসায়িক বেংকসমূহৰ বাবে জামিনদাৰ বা প্রতিভূ। যি অৱস্থাত ব্যৱসায়িক বেংকৰ পৰা ঋণ হিচাপে আমানত ওলাই যোৱাৰ পিছত বেংকটোৰ তাৰল্য অৱস্থাৰ অৱনতি ঘটে অর্থাৎ বেংকটোৱে আমানতকাৰীসকলক সঞ্চয় ঘূৰাই দিয়াত অসুবিধাৰ সন্মুখীন হয় তেতিয়া ৰিজাৰ্ভ বেংকে বেংকটোলৈ ঋণ আগবঢ়ায়। এনেদৰে বেংকৰ আমানতকাৰীসকলে সঞ্চয় বেংকৰ পৰা উলিয়াই অনাটো নিশ্চিত হৈ পৰে।

গতিকে ৰেজাৰ্ভ বেংক বাণিজ্যিক বেংকসমূহৰ ত্ৰাণকৰ্তা। অৱশ্যে বিপদগ্রস্ত বেংক এটাই পোনতে RBIৰ পৰা ঋণ নলয়। অন্য বেংকৰ পৰা ধাৰৰ ব্যৱস্থা কৰিব নোৱাৰিলেহে ই RBIৰ পৰা ঋণ বিচাৰিব। গতিকে ৰিজাৰ্ভ বেংকক বেংকসমূহৰ ‘শেষ পৰ্যায়ৰ ঋণদাতা’ হিচাপে গণ্য কৰা হয়।

১৩। ঘাটি বিত্তীয় ব্যৱস্থাৰ ধাৰণাটো ব্যাখ্যা কৰা।
উত্তৰঃ ভাৰতীয় ৰিজাৰ্ভ বেংকে চৰকাৰৰ বেংক হিচাপে কাম কৰে। ই ৰাজ্যিক চৰকাৰসমূহৰো বেংক। চৰকাৰে যেতিয়া ইয়াৰ উপার্জিত কৰ ৰাজহৰ পৰা চৰকাৰৰ ঘাটি বাজেট পূৰাব নোৱাৰে, তেতিয়া নতুন মুদ্রা ছপা কৰে। অৱশ্যে এইদৰে মুদ্ৰা ছপোৱাৰ কোনো বৈধ ক্ষমতা চৰকাৰৰ নাই। সেয়েহে ই ভাৰতীয় ৰিজাৰ্ভ বেংকৰ ওচৰত চৰকাৰী ঋণপত্ৰ বিক্ৰী কৰি মুদ্ৰা ধাৰ কৰে। ফলত ভাৰতীয় ৰিজাৰ্ভ বেংকে চৰকাৰলৈ মুদ্ৰা যোগান ধৰে। চৰকাৰে তেতিয়া এইখিনি মুদ্ৰাৰে ইয়াৰ খৰচসমূহ পৰিশোধ কৰে। এইদৰে চৰকাৰৰ দ্বাৰা ঘাটি বাজটেৰ বাবে বিত্ত যোগান ধৰাকে কেন্দ্ৰীয় বেংকৰ ঋণৰ জৰিয়তে ঘাটি বিত্তায়ন কৰা বুলি কোৱা হয়। ইয়াকে ঘাটি বিত্তীয় ব্যৱস্থা বোলে।

মুদ্ৰা আৰু বেংক ব্যৱস্থা Class 12

১৪। RBI য়ে ব্যৱহাৰ কৰা মুদ্ৰাগত নীতিৰ কৌশলসমূহ কি কি? ইয়াৰে যিকোনো দুটাৰ ব্যাখ্যা আগবঢ়োৱা।
উত্তৰঃ ভাৰতীয় ৰিজাৰ্ভ বেংকৰ মৌদ্রিক নীতিৰ আহিলাসমূহ হ’ল—
(1) মুক্ত বজাৰত ঋণপত্ৰৰ ক্রয়-বিক্রয় (Open market operation)
(2) বেংকৰ হাৰ নীতি (Bank rate policy)
(3) প্রয়োজনীয় সংৰক্ষণৰ পৰিৱৰ্তন (Varying reserve requirments)

(1) বেংকৰ হাৰ নীতিঃ যি সুদৰ হাৰত বাণিজ্যিক বেংকবিলাকে কেন্দ্ৰীয় বেংকৰ পৰা ঋণ সংগ্ৰহ কৰে, সেই সুদৰ হাৰকেই বেংক হাৰ বোলে। ৰিজাৰ্ভ বেংকৰ নিম্ন (অথবা উচ্চ) সুদৰ হাৰে বেংকসমূহক আমানতৰ অনুপাত সংৰক্ষণ কম (বা বেছি) ৰাখিবলৈ উৎসাহ দিয়ে, কিয়নো এনে অৱস্থাত ৰিজাৰ্ভ বেংকৰ পৰা ঋণ লোৱাটো আগতকৈ কম (অথবা বেছি) ব্যয়বহুল হয়। ফলস্বৰূপে বেংকসমূহে ধাৰ লওঁতাক অথবা বিনিয়োগকাৰীক সৰহকৈ (অথবা কমকৈ) ঋণ দিবলৈ প্ৰস্তুত হয়। ৰিজাৰ্ভ বেংকৰ বেংক হাৰৰ ওপৰত, বাণিজ্যিক বেংকৰ ঋণ প্ৰদানৰ পৰিমাণ নিৰ্ভৰ কৰে।

(2) প্ৰয়োজনীয় সংৰক্ষণৰ পৰিৱৰ্তন : নগদ সংৰক্ষণ অনুপাত আৰু বিধিগত তাৰল্য অনুপাতে সংৰক্ষিত আমানতৰ অনুপাতৰ নিৰ্দেশিত পন্থাৰে কাম কৰে। নগদ সংৰক্ষণ অনুপাত অথবা বিধিগত তাৰল্য অনুপাতৰ মূল্য বৃদ্ধিয়ে (বা হ্ৰাস) সংৰক্ষণ আমানত অনুপাতত মুদ্ৰা বৃদ্ধিত (হ্ৰাসত) সহায় কৰে আৰু সেয়েহে ঠিক এনেদৰে অৰ্থনীতিত মুদ্ৰাৰ যোগন আৰু মুদ্ৰা গুণকৰ মূল্য হ্রাস (বা বৃদ্ধি) কৰে।

১৫। মুদ্ৰাৰ কাৰ্যবোৰ কি ? বিনিময় প্রথাৰ অসুবিধাবোৰ মুদ্ৰাই কিদৰে আঁতৰ কৰিলে, ব্যাখ্যা কৰা।
উত্তৰ: মুদ্ৰাই চাৰিবিধ কার্য সম্পাদন কৰে? সেইবোৰ হ’ল – (ক) মুদ্রা বিনিময়ৰ মাধ্যম, (খ) মুদ্ৰা মূল্যৰ মাপকাঠী, (গ) মুদ্রা স্থগিত দেনা-পাওনাৰ মানদণ্ড, (ঘ) মুদ্ৰা মূল্যৰ ভাণ্ডাৰ। অভাৱৰ সংগতি নাথাকিলে বিনিময় প্রথা কাৰ্যকৰী নহয়। কিন্তু মুদ্ৰাৰ সহায়ত সংগতিবিহীন লেনাদেনা সম্ভৱ হয়। বিনিময় প্রথাত সামগ্ৰী সাঁচি থোৱাৰ ব্যৱস্থা নাই। কিন্তু মুদ্ৰাৰ বিনিময়ত এনেবোৰ সামগ্ৰী আহৰণ কৰিব পাৰি বাবে সামগ্ৰীৰ ৰূপত মুদ্ৰা জমা কৰি ৰাখিব পাৰি। মুদ্রা সকলোৰে বাবে গ্রহণযোগ্য। বিনিময় প্রথাত সামগ্রীসমূহ অনা-নিয়া কৰাত অসুবিধা। কিন্তু মুদ্ৰাই এনে অসুবিধা নোহোৱা কৰিছে। এনেদৰে বিনিময় প্রথাৰ অসুবিধাসমূহ মুদ্ৰাই নোহোৱা কৰিছে।

১৬। আধুনিক অর্থনীতিত মুদ্ৰাৰ ভূমিকা ব্যাখ্যা কৰা।
উত্তৰ : আধুনিক অৰ্থনীতিত মূদ্ৰাৰ ভূমিকা অতি গুৰুত্বপূৰ্ণ মুদ্ৰাৰ আৱিস্কাৰ আধুনিক যুগৰ আৱিস্কাৰ সমূহৰ ভিতৰত অতি উল্লেখযোগ্য আৰু সহ্য আৱিস্কাৰ হিচাপে পৰিগণিত হৈছে। মুদ্ৰাৰ আৱিস্কাৰ মানৱ জিৱনৰ বহুতো জটিল সমস্যাৰ সমাধান উলিয়ালে। সভ্যতাৰ ক্ৰম বিকাশৰ লগে লগে বিনিময় প্রথাত নানা অসুবিধাই দেখা দিলে। মানুহৰ দৈনন্দিন জীৱন বহুতো জটিলতাৰে ভৰি পৰিল এনে সময়ত মুদ্ৰাৰ প্ৰচলনৰ জৰিয়তে জটিল সমস্যা সমূহৰ সমাধান বিচাৰি পোৱা গ’ল। বিনিময় ব্যৱস্থাত মুদ্ৰাৰ জৰিয়তে অতি সহজে দ্ৰব্যৰ ক্রয় বিক্রয় সম্ভৱপৰ হৈ উঠিল। সম্পদ মূল্য নিৰ্দ্ধাৰণ তথা ভৱিষ্যতৰ কাৰণে জমা ৰখাৰ ক্ষেত্ৰতো মানুহে মুদ্ৰাৰ প্ৰচলন কৰা হ’ল। এনে হোৱাত ব্যাৱসায় বাণিজ্য এক নতুন ৰূপ ললে। পৃথিৱীৰ সকলো দেশত মুদ্ৰাৰ প্ৰচলনে আন্তৰাষ্ট্ৰিয় বাণিজ্যক সম্পর্ক গঢ়ি তোলাত সহায় কৰিলে। অর্থনৈতিক উন্নয়নৰ ক্ষেত্ৰত মুদ্ৰাৰ গুৰুত্ব অপৰিসীম। সম্পদ আহৰণ তথা সম্পদ সঞ্চয় ব্যৱস্থা মুদ্ৰাৰ মাধ্যমত সম্ভৱপৰ হৈ পৰিল।

মুদ্ৰা সংগ্ৰহ তথা সঞ্চয়ৰ জৰিয়তে ভৱিষ্যত জীৱনৰ নিৰাপত্তা সু-নিশ্চিত হৈ পৰিল। মুদ্ৰা হস্তান্তৰ যোগ্য। মুদ্ৰা কোনো এঠাইৰ পৰা আন ঠাইলৈ অতি সহজে অনা-নিয়া কৰিব পাৰি। হস্তান্তৰ যোগ্যতা থকাৰ কাৰণে যিকোনো ঠাইত যিকোনো সময়ত অতি সহজ মানুহে যাতায়ত তথা ব্যাৱসায় বাণিজ্য গঢ়ি তুলিব পাৰিছে । নিৰাত্তাৰ ফালৰ পৰাও মুদ্ৰা একমাত্র নিৰাপদ সম্পদ বুলিব পাৰি। মুদ্ৰাই শ্রম বিভাজনৰ ব্যৱস্থা সৃষ্টি কৰি উৎপাদনৰ পৰিমাণ বৃদ্ধিত সহায় কৰিছে। মূলধন গঠন ঋণ প্ৰদান তথা উপাদানৰ চলনশীলতা বৃদ্ধি কৰাত মুদ্ৰাই সহায় কৰিছে। মুদ্ৰাৰ জৰিয়তে চৰকাৰী আয় ব্যয় চৰকাৰী ঋণ ইত্যাদিসমূহ সফল ৰূপত ব্যৱহাৰ হেৱাত সহায় কৰিছে। অর্থনৈতিক স্থিতাৱস্থা তথা অর্থনৈতিক বিকাশৰ ক্ষেত্ৰত দেশ এখনত মুদ্ৰাই গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে।

মুদ্ৰা আৰু বেংক ব্যৱস্থা Class 12

১৭। মুদ্ৰাৰ চাহিদা মানে কি ? মুদ্ৰাৰ চাহিদা কিদৰে সুদৰ হাৰৰ সৈতে জড়িত ব্যাখ্যা কৰা।
উত্তৰঃ মুদ্ৰাৰ চাহিদা হৈছে তাৰল্যতাৰ চাহিদা অৰ্থাৎ নগদ হিচাপে ৰখাৰ চাহিদা। মুদ্ৰাৰ মুঠ চাহিদা দুটা প্রধান অভিপ্ৰায়ৰ পৰা সৃষ্টি হয় – লেনদেন অভিপ্ৰায় আৰু কল্পনাপ্রসূত অভিপ্রায়।

১৮। তাৰল্য ফান্দ কি ? সুদৰ হাৰ কিদৰে ঋণ পত্ৰৰ দৰৰ সৈতে জড়িত লিখা।
উত্তৰঃ তাৰল্য ফান্দ হৈছে সুদৰ হাৰৰ অতি নিম্নস্তৰৰ এক অৱস্থা য’ত জনসাধাৰণে যোগান ধৰা মুদ্ৰা সাঁচি ৰাখিব বিচাৰে এইটো আশাত যাতে ভৱিষ্যতে সুদৰ হাৰ বৃদ্ধি হ’ব আৰু চুক্তিপত্ৰৰ দাম কমিব।

বজাৰ সুদৰ হাৰ আৰু ঋণপত্ৰৰ দৰৰ মাজত বিপৰীতমুখী সম্পর্ক বিদ্যমান। ধৰা হ’ল, 1000 টকাৰ এখন ঋণপত্ৰই বছৰেকত 100 টকা দিয়ে, অর্থাৎ 10% সুদৰ হাৰত। ধৰা হ’ল, সঞ্চয় বেংক হিচাপত সুদৰ হাৰ 10% ৰ পৰা ৪% লৈ কমি আহিল। এতিয়া এটা প্রশ্ন হ’ল কিমান টকাৰ বিনিময়ত সঞ্চয় বেংক হিচাপত এবছৰৰ অন্তত 100 টকা পোৱা যাব। গণনাৰ পৰা দেখা গৈছে যে 1250 টকাই 100 টকা লাভ দিব। কিন্তু চুক্তিপত্ৰৰ বিক্রেতাই একে পৰিমাণ (100 টকা) কেৱল 1000 টকাতে আগবঢ়াইছে। গতিকে, বজাৰ সুদৰ হাৰ হ্ৰাসৰ ফলস্বৰূপে ঋণপত্ৰৰ দৰ 1000 টকাৰ পৰা 1250 টকালৈ বৃদ্ধি পায়। তেন্তে ঋণপত্ৰৰ দৰে 1000 টকাৰ পৰা 800 টকালৈ কমি আহিব। 800 টকা ঋণপত্ৰৰ দামে এতিয়া সমান পৰিমাণৰ অৰ্থাৎ 100 টকা লাভ দিব। ইয়ে সুদৰ হাৰ আৰু ঋণপত্ৰৰ দৰৰ বিপৰীতমুখী সম্পৰ্ক দেখুওৱায়।

১৯। ভাৰতৰ মৌদ্রিক কর্তৃপক্ষ হিচাপে ভাৰতীয় ৰিজাৰ্ভ বেংকৰ প্ৰধান ভূমিকা ব্যাখ্যা কৰা।
উত্তৰঃ ভাৰতীয় ৰিজাৰ্ভ বেংকৰ প্ৰধান ভূমিকাসমূহ হ’ল – ই হৈছে মুদ্ৰা আৰু বেংক ব্যৱস্থাৰ শীৰ্ষ স্থানীয় অনুষ্ঠান। ই সমগ্ৰ বেংক ব্যৱস্থাক নিয়ন্ত্ৰণ কৰে।
(খ) ই হৈছে বিনা লাভৰ উদ্দেশ্য পৰিচালিত অনুষ্ঠান। ই জনসাধাৰণৰ উদ্দেশ্যত কাম
(গ) কেন্দ্ৰীয় বেংক চৰকাৰৰ বেংক আৰু ই চৰকাৰী মালিকীস্বত্বৰ অনুষ্ঠান।
(ঘ) মুদ্ৰা ছপাৰ ক্ষেত্ৰত কেন্দ্ৰীয় বেংকৰ একচেটিয়া অধিকাৰ থাকে৷

আদেশী মুদ্রা কি? ধাতু মুদ্ৰাবোৰ আদেশী মুদ্রা হয় নে?

উত্তৰঃ যি মুদ্ৰা চৰকাৰৰ আদেশত গ্ৰহণ কৰা হয়, সেই মুদ্রাই আদেশী মুদ্রা। এই মুদ্রাই চৰকাৰৰ ক্ষমতাৰ বলত সাধাৰণ গ্রহণযোগ্যতা লাভ কৰে। ধাতুমুদ্ৰাবোৰ আদেশী মুদ্রা হয় ।

আধুনিক অর্থনীতিত মুদ্ৰাৰ ভূমিকা ব্যাখ্যা কৰা।

উত্তৰঃ মুদ্ৰাৰ ভূমিকা :
(ক) মুদ্রাই উপভোক্তাক ক্রয় কাৰ্য্যৰ ক্ষেত্ৰত স্বতন্ত্ৰতা প্ৰদান কৰে।
(খ) মুদ্রাই জাতীয় উৎপাদন বিভিন্ন উপাদানবিলাকৰ মাজত বিতৰণত সহায় কৰে।
(গ) মুদ্রাই উৎপাদনকাৰীক কি দ্রব্য উৎপাদন কৰিব আৰু কেনেকৈ উৎপাদন কৰিব আদি বিভিন্ন বিষয়সমূহৰ সিদ্ধান্ত গ্ৰহণত সহায় কৰে।
(ঘ) চৰকাৰে মুদ্ৰাৰ জৰিয়তে সকলো কৰ সংগ্ৰহ কৰে।

উচ্চ ক্ষমতাসম্পন্ন মুদ্ৰাৰ সংজ্ঞা দিয়া ।

উত্তৰ : দেশৰ মুদ্ৰা কৰ্তৃপক্ষৰ সৰ্বমুঠ আর্থিক দায় (Liability) মুদ্ৰাৰ ভিত্তি হিচাপে বা প্ৰসাৰণ ক্ষমতাসম্পন্ন মুদ্রা হিচাপে বিবেচিত হয়।

Leave a Comment

Your email address will not be published. Required fields are marked *


Scroll to Top