জাতীয় আয় গণনা Class 12 – (প্ৰশ্নোত্তৰ) অৰ্থনীতি বিজ্ঞান

জাতীয় আয় গণনা Class 12 – (প্ৰশ্নোত্তৰ) অৰ্থনীতি বিজ্ঞান | Class 12 Economics Chapter 2 Assamese Medium | জাতীয় আয় গণনা Question Answer

বিষয় অৰ্থনীতি বিজ্ঞান দ্বাদশ শ্ৰেণীৰ
পাঠৰ নামজাতীয় আয় গণনা
উপলব্ধগুৰুত্বপূৰ্ণ প্ৰশ্নোত্তৰ
পাঠ2
শ্ৰেণী দ্বাদশ শ্ৰেণী
পাঠ্যক্ৰম অসম মাধ্যমিক শিক্ষা পৰিষদৰ (AHSEC)

জাতীয় আয় গণনা Class 12

(ক) অতি চমু প্রশ্ন উত্তৰ: (মূল্যাংক-১)

১। “An Enquiry into the Nature and cause of the wealth of Nations” নামৰ কিতাপ খনৰ লেখক কোন?
উত্তৰ: এডাম স্মিথ।

২। চূড়ান্ত দ্ৰৱ্যৰ সংজ্ঞা দিয়া ।
উত্তৰঃ সৰ্বশেষ পৰ্যায়ত ভোগকৰ্তা আৰু প্ৰতিষ্ঠানবোৰে ব্যৱহাৰ কৰা দ্ৰব্যসমূহক চূড়ান্ত দ্রব্য (Final goods) বোলা হয়। এই দ্রব্যসমূহ সর্বশেষ ভোগ আৰু বিনিয়োগৰ বাবে ব্যৱহাৰ কৰা হয়।

৩। এখন অৰ্থনীতিৰ মুঠ বিনিয়োগৰ সংজ্ঞা দিয়া ।
উত্তৰ : মূলধনজাত সামগ্ৰীৰ মুঠ পৰিমাণ হ’ল মুঠ বিনিয়োগ।

৪। অবক্ষয়ন কি?
উত্তৰঃ দ্রব্যসামগ্রী উৎপাদন কৰোঁতে যন্ত্রপাতিৰ দৰে মূলধনী দ্ৰব্য বাৰেপতি ব্যৱহাৰ কৰাৰ ফলত সিহঁতৰ ক্ষয়ক্ষতি হয়। এই ক্ষয়-ক্ষতিৰ ফলত সিহঁতৰ মূল্য হ্রাস পায় যাক ক্ষয়ক্ষতিৰ ব্যয় বা অৱক্ষয়জনিত ব্যয় বোলা হয়।

৫। মুঠ ঘৰুৱা উৎপাদনৰ সংজ্ঞা দিয়া।
উত্তৰঃ এখন দেশত এটা বছৰৰ ভিতৰত উৎপাদিত হোৱা সকলো চূড়ান্ত দ্ৰব্য আৰু সেৱাসামগ্ৰীৰ মূল্যক মুঠ ঘৰুৱা উৎপাদন বোলা হয়।

৬। মূলধনী দ্ৰৱ্যৰ দুৰ্ঘটনামূলক ক্ষতিসমূহ অবক্ষয়নে সাঙুৰি লয়নে ?
উত্তৰঃ নলয়।

৭। খালী ঠাই পূৰ কৰা :
এক অৰ্থনীতিৰ এক বছৰ সময়ছোৱাত চূড়ান্ত সামগ্ৰী সমূহৰ মুঠ উৎপাদনসমূহে আকাৰ লব পাৰে, ভোগকাৰ্য্যৰ বা ______।
উত্তৰঃ বিনিয়োগৰ।

৮। সমষ্টিবাদী অর্থনৈতিক আৰ্হি কি?
উত্তৰঃ যি অর্থনৈতিক আৰ্হিয়ে প্রকৃত অৰ্থনীতিৰ বিশদ বিৱৰণ দাঙি নধৰে আৰু অৰ্থনৈতিক ব্যৱস্থা এটাৰ কাৰ্যকলাপৰ কেতবোৰ গুৰুত্বপূৰ্ণ বৈশিষ্ট্যহে পোহৰলৈ আনে, তেনে কাল্পনিক অৰ্থনীতিৰ কাৰ্যকলাপ বৰ্ণনা কৰা আৰ্হিক সমষ্টিগত অর্থনৈতিক আৰ্হি বোলে।

৯। প্রতিষ্ঠান এখনৰ মূল্য সংযোজন মানে কি?
উত্তৰ : প্ৰতিষ্ঠানৰ উপাদানৰ মূল্য প্রতিষ্ঠানখনে ব্যৱহাৰ কৰা মধ্যৱৰ্তী দ্ৰব্যৰ মূল্য উপাদনৰ উপাদান চাৰিটা ভূমি, শ্ৰম, মূলধন আৰু সংগঠকৰ মাজত ভগাই দিয়া হয়।

১০। প্রতিষ্ঠান এখনৰ মূল্য সংযোজন কৰা মাজত বিতৰণ কৰা হয় ।
উত্তৰঃ প্রতিষ্ঠান এখনৰ মূল্য সংযোজন উৎপাদনৰ উপাদান ভূমি, শ্ৰম, মূলধন আৰু সংগঠনৰ মাজত ভগাই দিয়া হয় ।

১১। খালী ঠাই পূৰ কৰা :
অৱক্ষয়ন হ’ল____ৰ স্থিৰ মূলধন।
উত্তৰঃ উপভোগ।

১২। জাতীয় আয়ৰ জোখ লওতে আমি কিয় মূল্য সংযোজন গণনা কৰিব লাগে ?
উত্তৰ : মুঠ ঘৰুৱা উৎপাদন হ’ল এখন দেশৰ এটা বছৰৰ সকলো উৎপাদন প্ৰতিষ্ঠানৰ মূল্য সংযোজনৰ সমষ্টি। গতিকে জাতীয় আয়ৰ জোখ লোৱাৰ বাবে মূল্য সংযোজন গণনা কৰিবলগীয়া হয়।

১৩। শুদ্ধ বা অশুদ্ধ লিখা :
প্রতিষ্ঠান এখনৰ মূল্য সংযোজন হ’ল প্ৰৱাহ চলক।
উত্তৰঃ সঁচা।

১৪। মুঠ মূল্য সংযোজন কি?
উত্তৰ : কোনো অর্থনীতিত উৎপাদিত দ্ৰব্য আৰু সেৱাসমূহৰ মুঠ পৰিমাণ।

১৫। নিগুট সংযোজন মূল্য কি?
উত্তৰঃ নিগুট বা শুদ্ধ মূল্য সংযোজন হ’ব তেতিয়া যেতিয়া মুঠ বা স্থূল মূল্য সংযোজনৰ পৰা ক্ষয় ক্ষতিৰ পৰিমাণ বাদ দিয়া হ’ব ।

১৬। ‘পূর্ববর্তী দ্রব্য’ (Inventory) কি?
উত্তৰঃ পূৰ্বৱতী দ্ৰব্য হ’ল সেইবোৰ যিবোৰ উৎপাদন প্রতিষ্ঠান এখনে এটা বছৰৰ পৰা আন এটা বছৰলৈ বিক্ৰী নোহোৱা সম্পূর্ণ বা অর্ধসম্পূর্ণ দ্রব্য বা কেচামালৰ উপস্থিতি।

১৭। শুদ্ধ বা অশুদ্ধ লিখাঃ
‘ইনভেটৰী’ হ’ল মজুত চলক, কিন্তু, ইনভেটৰীৰ পৰিৱৰ্ত্তন হ’ল প্ৰৱাহ চলক।
উত্তৰঃ শুদ্ধ।
১৮। শুদ্ধ বা অশুদ্ধ লিখাঃ
‘পূর্ববর্তী দ্ৰব্য’ সমূহক মূলধন হিচাপে গণ্য কৰা হয়।
উত্তৰঃ শুদ্ধ।

১৯। মুঠ ঘৰুৱা উৎপাদন গণনা কৰোতে, মধ্যবর্তী দ্ৰব্যৰ ওপৰৰ ব্যয় সমূহক কিয় অন্তর্ভূক্ত কৰা নহয় ?
উত্তৰঃ GDP গণনাত অন্তিম ব্যৱহাৰৰ সামগ্ৰীবোৰৰ মূল্য নিৰূপণ কৰোতে মধ্যৱৰ্তী ব্যৱহাৰ সামগ্ৰীসমূহৰ মূল্য অন্তৰ্ভুক্ত কৰা হয়। অর্থাৎ অন্তিম ব্যৱহাৰ সামগ্ৰীৰ মূল্যত মধ্যৱৰ্তী দ্ৰব্যৰ মূল্যও সোমাই আছে। গতিকে মধ্যৱৰ্তী দ্ৰব্যৰ মূল্য বেলেগকৈ অন্তর্ভুক্ত নহয়। অন্যথা ইয়াৰ দুবাৰ গণনা হ’ব।

২০। তলৰ সমীকৰণটোৰ কোনটো অংশই বাজেট ঘাটি নির্দেশ দিয়ে –
( I-S) + (G – T) = ( M – X )
উত্তৰ: সমীকৰণৰ (G-T) ৰ সহায়ত চৰকাৰে লাভ কৰা ৰাজহৰ তুলনাত চৰকাৰী ব্যয়ৰ পৰিমাণ কিমান বেছি সেইটো গণনা কৰা হয়। ইয়াক ঘাটি বাজেট বোলে।

২১| (I-S) + (G-T) = M – X, এই সমীকৰণটোৰ M – X অংশটোই কি সূচায়ছে?
উত্তৰ : ‘M – X’ ক বাণিজ্যিক ঘাটি (trade deficit) বোলা হয়। M হ’ল দেশৰ পৰা হোৱা বহিঃপ্ৰৱাহ আৰু X হ’ল দেশলৈ হোৱা আক্তপ্ৰৱাহ। ইয়াৰ সহায়ত ৰপ্তানি আয়ৰ তুলনাত অর্থনীতিখনে কিমান অধিক পৰিমাণৰ আমদানি ব্যয় বহন কৰিব লাগে সেইটো গণনা কৰা হয় ।

২২। খালী ঠাই পূৰ কৰা :
GNP = GDP + _____।
মুঠ ৰাষ্ট্ৰীয় উৎপাদন = মুঠ ঘৰুৱা উৎপাদন + _____।
উত্তৰ: GNP = GDP+ উপাদানৰ বিদেশৰ পৰা হোৱা নিগুট আয়।

২৩। খালী ঠাই পূৰ কৰা :
NNP = GNP – _____
শুদ্ধ ৰাষ্ট্ৰীয় উৎপাদন = মুঠ ঘৰুৱা উৎপাদন — ______
উত্তৰঃ NNP = GNP – মূলধনৰ ক্ষয়-ক্ষতি।

২৪। মুঠ ঘৰুৱা উৎপাদনৰ অৱস্ফীতক (GDP Deflator) মানে কি ?
উত্তৰ : সাধাৰণ আৰু প্ৰকৃত GDP ৰ অনুপাতেই GDP Deflator বোলে।

২৫। ধৰাহ’ল, এখন দেশৰ মুঠ ঘৰুৱা উৎপাদন (বজাৰ দৰত) 950 কোটি টকা। যদি অৱক্ষণৰ পৰিমাণ 100 কোটি টকা হয়, তেন্তে বজাৰ দৰত, শুদ্ধ নি… ঘৰুৱা উৎপাদন উলিওৱা।
উত্তৰ: দিয়া আছে GDPMP. = 950 কোটি টকা
অৱক্ষয় = 100 কোটি টকা
NDPMP = GDPMP —অৱক্ষয় = (950-100) কোটি টকা =850 কোটি টকা।

২৬। আধুনিক অর্থবিজ্ঞানৰ প্ৰতিষ্ঠাপক পিতৃ কোন?
উত্তৰঃ জে. এম. কেইঞ্চ

২৭। জাতীয় আয় কি?
উত্তৰঃ কোনো এখন দেশৰ উৎপাদিত দ্ৰব্য আৰু সেৱা সমূহৰ বজাৰ দৰত নিৰ্দ্ধাৰিত মূল্যৰ পৰিমাণক কোনো এক বিত্তিয় বৰ্ষৰ ভিতৰত নিৰ্দ্ধাৰিত পৰিমাণক বুজায়।

২৮। উপভোগ্য সামগ্রী কাক কয়?
উত্তৰঃ যিবোৰ সামগ্ৰীয়েই উপভোক্তাক সন্তুষ্ঠি প্ৰদান কৰে, তেনেবুৰ সামদ্ৰীয়ে উপভোগ্য সামগ্রী।

২৯। ভিত্তিবর্ষ কাক বোলে?
উত্তৰঃ যিটো আগৰ বছৰক ভিত্তি হিচাপে গ্ৰহণ কৰি, চলিত বৰ্ষত জাতীয় আয়ৰ চলক সমূহ গণনা কৰা হয়, তাকে ভিত্তিবর্ষ বোলে। ভিত্তিবৰ্ষৰ মান ১০০।

৩০। উপভোক্তাৰ দৰ-সূচক কি?
উত্তৰঃ উপভোক্তাৰ দৰ সূচকে উপভোগ্য সামগ্ৰীসমূহৰ দৰৰ উঠা নমাক নিৰ্দেশ কৰে।

জাতীয় আয় গণনা Class 12 Question Answer

লগতে পঢ়ক:   ভাৰতীয় অর্থনৈতিক উন্নয়ন HS 2nd Year – প্ৰাক্ স্বাধীনতা কালৰ ভাৰতীয় অৰ্থব্যৱস্থা

(খ) চমু প্রশ্ন উত্তৰ II প্ৰকাৰৰ : (মূল্যাংক – ৩)

১। “ধৰা বজাৰ দৰ মুঠ ঘৰুৱা উৎপাদন হ’ল 1100 কোটি টকা। আকৌ, বিদেশৰ পৰা আহৰণ কৰা নিগুট উপাদান আয় হ’ল (NFIA) কোটি টকা আৰু অৱক্ষয়ণ হ’ল 150 কোটি টকা আৰু অৱক্ষয়ণ হ’ল ৪০ কোটি টকা। এতিয়া যদি, (পৰোক্ষ কৰ-সাহাৰ্য) = 120 কোটি টকা হয়, তেন্তে জাতীয় আয়ৰ মূল্য নিৰ্দ্ধাৰণ কৰা ।
উত্তৰ: জাতীয় আয় GDPMP – অৱক্ষয় নিগুট পৰোক্ষ কৰ+NFIA
= 1100 – 80-120 + 150 কোটি = 1050 কোটি।

২। ধৰা বজাৰ দৰত নিগুট ৰাষ্ট্ৰীয় উৎপাদন (NNP), এখন দেশৰ হ’ল – 1600 কোটি টকা। যদি, পৰোক্ষ কৰ 100 কোটি টকা আৰু সাহাৰ্য 80 কোটি টকা হয়, দেশখনৰ জাতীয় আয় উলিওৱা।

উত্তৰ : জাতীয় আয় বা NNPFc = NNPMP — (পৰোক্ষকৰ – ৰেহাই)
= 1600 – (100-80) কোটি = 1600–20 কোটি = 1580 কোটি

৩। এটা নিৰ্দিষ্ট বছৰত, এখন অৰ্থনীতিৰ নামমাত্ৰ মুঠ ৰাষ্ট্ৰীয় উৎপাদন (GNP) হ’ল 2,800 কোটি টকা। সেই একে বছৰত দেশখনৰ ভূমি বছৰৰ দৰত, মুঠ ৰাষ্ট্ৰীয় উৎপাদনৰ মূল্য হ’ল 3,200 কোটি টকা। GNP অৱস্ফীতকৰ মূল্য উলিওৱা, শতাংশ হিচাপত। ভূমি বছৰ আৰু নিৰ্দিষ্ট বছৰটোৰ মাজৰ সময়ত, দৰ স্তৰ বৃদ্ধি পাইছেনে ?
উত্তৰ: GNP অৱস্ফীতক = আর্থিক GNP/ প্রকৃতGNP × 100
= 2800/3200 × 100
= 87.5%
ভূমি বছৰ আৰু বিবেচনালৈ অনা বছৰৰ মাজত দৰৰ বৃদ্ধি হোৱা নাই। প্ৰকৃততে দৰ 100% ৰ পৰা 87.5% লৈ কমিছে।

8| এটা নিৰ্দিষ্ট বছৰত, এখন অৰ্থনীতিৰ নামমাত্র মুঠ ৰাষ্ট্ৰীয় উৎপাদন হ’ল 4,000 কোটি টকা। সেই একে বছৰত দেশখনৰ চলিত দৰত, মুঠ ৰাষ্ট্ৰীয় উৎপাদনৰ মূল্য হ’ল 3,500 কোটি টকা GNP অৱস্ফীতক, শতাংশ হিচাপত মূল্য নির্ণয় কৰা।
উত্তৰ: GNP অৱস্ফীতক = আর্থিকGNP/প্রকৃতGNP × 100
= 4000/3500 × 100 = 114.29%

৫। এটা নিৰ্দিষ্ট বছৰত, এখন দেসৰ সঞ্চয়ত কৈ অতিৰিক্ত ব্যক্তিগত বিনিয়োগৰ পৰিমাণ হ’ল 3,000 কোটি টকা। বাজেট ঘাটিৰ পৰিমাণ হ’ল (-) 800 কোটি টকা। সেই দেশৰ বাণিজ্য ঘাটি (Trade deficit) ৰ পৰিমাণ কিমান?
উত্তৰঃ (I -S) + (4–1) = M-X
=M−X = (I-S)+(G-T) = 3000+(-800) = 3000-800 = 2200 কোটি

৬। মধ্যবর্তী দ্ৰব্যৰ ধাৰণাটো ব্যাখ্যা কৰা৷
উত্তৰ : অন্যান্য দ্রব্য উৎপাদন কৰিবলৈ যিবোৰ দ্ৰব্য ব্যৱহাৰ কৰা হয় তেনেবোৰ দ্ৰব্যক মধ্যবর্তী দ্রব্য বোলা হয়। যেনে— কাপোৰ উৎপাদনৰ বাবে ব্যৱহাৰ কৰা কপাহ।

৭। মুঠ বিনিয়োগ আৰু নিগুট বিনিয়োগৰ পাৰ্থক্য লিখা।
উত্তৰঃ অস্তিম ব্যৱহাৰ দ্ৰব্যৰ যিটো অংশ মূলধনজাত সামগ্রী সেই অংশটোকেই সৰ্বমুঠ বিনিয়োগ বোলে। যন্ত্রপাতি, ৰাস্তা, পদুলি, দলং, বন্দৰ, গুদাম ঘৰ আদি সৰ্বমুঠ বিনিয়োগৰ অন্তৰ্ভুক্ত। কিন্তু সৰ্বমুঠ বিনিয়োগৰ পৰা ক্ষয়-ক্ষতিৰ পৰিৱৰ্তনৰ মোকাবিলা কৰিবলৈ আছুতীয়াকৈ ৰখা বিনিয়োগৰ পৰিমাণে বিয়োগ কৰিলে শুদ্ধ বিনিয়োগ পোৱা যায়।
নিগুট বিনিয়োগ = মুঠ বিনিয়োগ – মূলধনৰ ক্ষয়-ক্ষতি।

৮। এখন সাধাৰণ অৰ্থনীতিত ভোহকাৰ্য্য আৰু উৎপাদন কাৰ্য্যৰ মাজৰ চক্ৰীয় কাৰণসমূহ ব্যাখ্যা কৰা।
উত্তৰ : এখন দেশৰ পৰিয়ালবৰ্গই উৎপাদনকাৰীসকলৰ বাবে দ্ৰব্য আৰু সেৱা উৎপাদন কৰাৰ বিনিময়ত মুদ্ৰাৰ মাধ্যমত পাৰিশ্ৰমিক লাভ কৰে। এই উপাৰ্জনৰ এটা অংশ উৎপাদন প্রতিষ্ঠানবোৰে উৎপাদন কৰা দ্রব্য সামগ্ৰী উপভোগৰ বাবে ব্যয় কৰে। ইয়াৰে কিছু অংশ তেওঁলোকে সঞ্চয় কৰে। উৎপাদন প্রতিষ্ঠানবোৰেও নিজ নিজ লভ্যাংশৰ এটা অংশ সঞ্চয় কৰে। পৰিয়াল আৰু উদ্যোগ প্ৰতিষ্ঠানৰ সঞ্চয় পৰবৰ্তী পৰ্যায়ত মূলধন বজাৰলৈ প্ৰবাহিত হয়। এই মূলধন বেংক, বীমা আদিৰ জৰিয়তে বিনিয়োগ ক্ষেত্ৰ লৈ প্রবাহিত হয়। বিনিয়োগৰ জৰিয়তে মূলধন গঠনৰ হাৰ বৃদ্ধি হয়। মূলধন গঠনৰ হাৰ বৃদ্ধি হলে ৰাষ্ট্ৰীয় উৎপাদন বৃদ্ধি হ’ব। আৰু ৰাষ্ট্ৰীয় উৎপাদন বৃদ্ধিয়ে ইয়াৰ অনুৰূপ চক্ৰীয় প্ৰবাহৰ মাধ্যমত অর্থনৈতিক কাম- কাজৰ সম্প্ৰসাৰণ ঘটায়। যেতিয়া লৈকে এই চক্ৰবৎ ব্যয়ৰ গতি অপৰিবৰ্তিত হৈ থাকে তেতিয়ালৈকে ৰাষ্ট্ৰীয় উৎপাদনৰো হ্রাস বৃদ্ধি নঘটে। কিন্তু সময়ে সময়ে এই চক্ৰীয় প্ৰবাহৰ গতি ত্বৰান্বিত বা প্রশমিত হোৱাৰ ফলত ৰাষ্ট্ৰীয় উৎপাদনৰ উত্থান-পতন হয়।

৯। মূল্য সংযোজন, মুঠ মূল্য সংযোজন আৰু শুদ্ধ মূল্য সংযোজন ধাৰণা কেইটা ব্যাখ্যা কৰা।
উত্তৰঃ এটা প্ৰতিষ্ঠানৰ উৎপাদন মূল্যৰ পৰা উৎপাদন প্রতিষ্ঠানে ব্যৱহাৰ কৰা মধ্যৱৰ্তী দ্ৰব্যৰ মূল্য বিয়োগ কৰিলে মূল্য সংযোজন পোৱা যায়। এই মূল্য সংযোজনখিনি খাজনা, সুদ, মজুৰি, লাভ হিচাপে ভূমি, মূলধনৰ গৰাকী, শ্রমিক আৰু সংগঠকৰ মাজত বিতৰণ কৰা হয় । মূল্য সংযোজনৰ লগত ক্ষয়-ক্ষতিৰ মূল্য অন্তর্ভূক্ত কৰিলে মুঠ মূল্য সংযোজন পোৱা যায়। আনহাতে সংযোজিত মূল্যৰ পৰা ক্ষয়-ক্ষতিৰ মূল্য বাদ দিলে যি মূল্য সংযোজন পোৱা যায় সেয়াই নিগুট মূল্য সংযোজন।

১০। মুঠ মূল্য সংযোজন আৰু শুদ্ধ মূল্য সংযোজনক মাজত পার্থক্য লিখা।
উত্তৰ : মুঠ মূল্য সংযোজন হ’ল য’ত ক্ষয়-ক্ষতিৰ মূল্য ধৰা থাকে আনহাতেদি শুদ্ধ মূল্য হ’ব তেতিয়া যেতিয়া মুঠ মূল্য সংযোজনৰ পৰা ক্ষয়-ক্ষতিৰ মূল্য বিয়োগ কৰা হব। উদাহৰণস্বৰূপে প্রতিষ্ঠান এটাই প্ৰতি বছৰে পোৱা সামগ্ৰী মূল্য হ’ল 1000 কোটি টকা। প্রতিষ্ঠানটোৱে ব্যৱহাৰ কৰা মধ্যৱৰ্তী দ্ৰব্যৰ মূল্য হ’ল 250 কোটি টকা আৰু 150 কোটি হ’ল প্ৰতি বছৰে হোৱা ক্ষয়- ক্ষতিৰ মূল্য ৷ এতিয়া মূঠ মূল্য সংযোজন হ’ব 1000 কোটি -250 কোটি = 750 কোটি কিন্তু শুদ্ধ মূল্য সংযোজন হ’ব 1000 কোটি -250 কোটি -150 কোটি টকা = 600 কোটি টকা।

১১। এখন প্রতিষ্ঠানে প্রতি বছৰে 500 টকাৰ সামগ্রী উৎপাদন কৰে আৰু প্ৰতিষ্ঠান খনে 250 টকাৰ মধ্যৱৰ্ত্তী সামগ্ৰী প্ৰতিবছৰে ব্যৱহাৰ কৰে। প্ৰতিষ্ঠানখনৰ মূলধন ক্ৰয়ৰ ব্যয় হ’ল 20 টকা প্ৰতি বছৰ। প্ৰতিষ্ঠান খনৰ, মুঠ মূল্য সংযোজন আৰু শুদ্ধ মূল্য সংযোজন উলিওৱা।

উত্তৰ : স্থূল মূল্য সংযোজন :
GVA = উৎপাদন প্রতিষ্ঠানৰ উৎপনৰ মূল্য – মধ্যৱতী দ্ৰব্যৰ মূল্য
=500-250 টকা = 250 টকা
নিগুট মূল্য সংযোজন ঃ
NVA = স্থুল মূল্য সংযোজন – অৱক্ষয় = 250- 20 টকা=230 টকা

১২। ‘পূৰ্বৱৰ্তী দ্ৰব্যৰ ধাৰণাটো ব্যাখ্যা কৰা ৷
উত্তৰ : অৰ্থনীতিত প্ৰতিষ্ঠান এখনে বিক্ৰী নোযোৱা চূড়ান্ত দ্রব্য বা অৰ্পচূড়ান্ত দ্রব্য বা কেঁচা সামগ্ৰীৰ যিটো অংশ এটা বছৰৰ পৰা পিছৰ বছৰলৈ কঢ়িয়াই নিব লগা হয়, সেই দ্রব্যসমূহকে পূর্বৱৰ্তী দ্রব্য বোলে। এই দ্রব্যসমূহ হ’ল মজুত চলক। এনেবোৰ দ্ৰব্যক সাধাৰণতে মূলধন হিচাপে গণ্য কৰা হয়। প্রতিষ্ঠান এখনৰ মূলধনী মজুতত হোৱা সংযোজনকহে বিনিয়োগ বোলা হয়। সেইবাবে প্ৰতিষ্ঠানৰ ৷ দ্ৰব্যৰ পৰিৱৰ্তনকো বিনিয়োগ হিচাপে বিবেচনা কৰা হয়। এনেবোৰ দ্ৰব্যৰ পৰিৱৰ্তন পৰিকল্পিত বা অপৰিকল্পিত হ’ব পাৰে। বিক্রী অনাকাংক্ষিতভাৱে হ্রাস পালে প্রতিষ্ঠানখনৰ বিক্ৰী নোহোৱা দ্ৰব্যৰ পৰিমাণ বহির্ভূতভাৱে বাঢ়ি যায় আৰু অপৰিকল্পিত পূৰ্বৱৰ্তী দ্ৰব্যৰ মজুত বাঢ়ে। ইয়াৰ বিপৰীতে বিক্ৰীৰ পৰিমাণ আশাতীতভাৱে বৃদ্ধি পালে পূৰ্বৱৰ্তী দ্ৰব্যৰ মজুত অপৰিকল্পিতভাৱে হ্রাস পায়।

১৩। বছৰৰ আৰম্ভনিতে এখন প্ৰতিষ্ঠানৰ ইনভেন্টৰীৰ পৰিমাণ আছিল 80 টকা। বছৰটোত প্রতিষ্ঠান খনে 500 টকাৰ দ্ৰৱ্য উৎপাদন কৰে আৰু 400 টকাৰ দ্ৰৱ্যৰ বিক্ৰী কৰে। বছৰটোত ইনভেন্টৰীৰ পৰিবৰ্তন নিৰ্ণয় কৰা ।
উত্তৰ: বছৰৰ আৰম্ভণিতে ইনভেন্টীৰ পৰিমাণ = 80 টকা
বছৰটোৰ উৎপাদন হ’ল 500 টকাৰ
বিক্ৰী হ’ল 400 টকাৰ
পূবৱৰ্তী দ্ৰব্যৰ পৰিৱৰ্তন =500-400 টকাৰ = 100 টকাৰ
বছৰৰ শেষত পূবৱৰ্তী দ্ৰব্যৰ পৰিমাণ =80+100 টকাৰ = 180 টকাৰ

১৪। অপৰিকল্পিত ইনভেন্টৰী গঠনৰ এটা কাল্পনিক উদাহৰণ দিয়া।
উত্তৰ : ধৰা হ’ল X দ্ৰব্য উৎপাদনকাৰী প্ৰতিষ্ঠানটোৱে বছৰটো আৰম্ভ কৰে 200 টা পূৰ্বৱৰ্তী দ্ৰব্যৰে।বছৰটোত প্রতিষ্ঠানটোৱে 10,000 টা গোট বিক্ৰী কৰিবলৈ বিচাৰে আৰু সেইমতে 10,000 টা গোটেই উৎপাদন কৰিলে। কিন্তু ই আশা কৰা মতে 10,000 টা গোট বিক্ৰী নহ’ল। 8000 টা গোটহে বিক্ৰী হ’ল। গতিকে বছৰৰ শেষত উৎপাদন প্ৰতিষ্ঠানৰ পূৰ্বৱৰ্তী দ্ৰব্য হ’ব
= 200 + (10,000 8000) = 2200 টা গোট
এইদৰে অপ্রত্যাশিতভাৱে 2000 টা গোট বৃদ্ধি পোৱাটো পূৰ্বৱৰ্তী দ্ৰব্যৰ অপৰিকল্পিত বৃদ্ধিৰ উদাহৰণ।

লগতে পঢ়ক:   ভাৰতীয় অৰ্থব্যৱস্থা Class 12 (1950-1990) দ্বিতীয় অধ্যায়

১৫। মুঠঘৰুৱা উৎপাদনৰ পৰা মুঠ ৰাষ্ট্ৰীয় উৎপাদন কিদৰে গণনা কৰা হয় ব্যাখ্যা কৰা।
উত্তৰ : মুঠ ঘৰুৱা উৎপাদন হ’ল-বিত্তীয় বছৰ এটাত দেশৰ ভিতৰত সৰ্বমুঠ অন্তিম ব্যৱহাৰযোগ্য সামগ্ৰী আৰু সেৱা কাৰ্য্যৰ বজাৰ মূল্য আনহাতে সৰ্বমুঠ জাতীয় উৎপাদন = সৰ্বমুঠ ঘৰুৱা উৎপাদন+ বিদেশৰ পৰা লাভ কৰা শুদ্ধ আয়ৰ পৰিমাণ। গতিকে সৰ্বমুঠ ঘৰুৱা উৎপাদনৰ লগত বিদেশৰ পৰা লাভ কৰা শুদ্ধ আয়ৰ পৰিমাণ যোগ দিলে মুঠ জাতীয় উৎপাদন পোৱা যায়।

১৬। ৰাষ্ট্ৰীয় ব্যয়যোগ্য আয় কি ?
উত্তৰ : ৰাষ্ট্ৰীয় ব্যয়যোগ্য আয় হ’ল এখন দেশত বাসিন্দাসকলৰ সকলো ধৰণৰ আয়ৰ সমষ্টি যিখিনি উপভোগ আৰু সঞ্চয়ৰ বাবে উপলব্ধ । ই বজাৰ দৰত জাতীয় আয় আৰু পৃথিৱীৰ বাকী দেশসমূহৰ পৰা পোৱা নিগুট চলিত হস্তান্তৰ পৰা পোৱা আয়ৰ সমষ্টি। ৰাষ্ট্ৰীয় ব্যয়যোগ্য আয় দুই প্ৰকাৰৰ ।
(ক) স্থূলজাতীয় ব্যয়যোগ্য আয় ।
(খ) নিগুট জাতীয় ব্যয়যোগ্য আয়।

১৭। উৎপাদন ব্যয়ত নিগুট ৰাষ্ট্ৰীয় উৎপাদন কি ?
উত্তৰ: দ্ৰব্য আৰু সেৱাৰ উৎপাদনত আগবঢ়োৱা অৱদানৰ বাবে উৎপাদনৰ উপাদানসমূহক পৰিশোধ কৰা মজুৰি, খাজনা, সুদ আৰু লাভৰ সমষ্টি অর্থাৎ এখন দেশত এবছৰত উৎপাদন কাৰ্যত যি ব্যয় কৰা হয় সিয়ে হৈছে উপাদান দৰত শুদ্ধ ৰাষ্ট্ৰীয় উৎপাদন। উপাদান মূল্যত শুদ্ধ ৰাষ্ট্ৰীয় উৎপাদনক এনেদৰে ব্যাখ্যা কৰিব পাৰি —
NNPFC  = NNPMP — নিগুট পৰোক্ষ কৰ

১৮। প্রকৃত মুঠ ঘৰুৱা উৎপাদন আৰু নামমাত্ৰ মুঠ ঘৰুৱা উৎপাদনৰ মাজৰ পাৰ্থক্য লিখা।
উত্তৰ : প্রকৃত মুঠ ঘৰুৱ৷ উৎপাদন হ’ল স্থিৰ মূল্যত কোনো দেশে নির্দিষ্ট সময়ত আভ্যন্তৰীণ উৎসৰ পৰা যি দ্ৰব্য আৰু সেৱা উৎপাদন কৰে তাৰ বজাৰ মূল্য। প্রকৃত মুঠ জাতীয় আয় গণনাৰ বাবে কেতবোৰ সেৱা আৰু সামগ্ৰীৰ এক স্থিৰ দৰ সংহতিৰ ওপৰত নিৰ্ভৰ কৰিব লগা হয়। যিহেতু এই দৰসমূহ স্থিৰে থাকে, সেয়েহে প্রকৃত মুঠ জাতীয় আয় পৰিৱৰ্তন হ’লে মুঠ উৎপাদনৰ পৰিৱৰ্তন হোৱাটো নিশ্চিত বুলিব পাৰি।

আনহাতে সাধাৰণ মুঠ ঘৰুৱা উৎপাদন হৈছে প্ৰচলিত দৰত মুঠ জাতীয় উৎপাদনৰ মূল্য। দ্রব্য সমাগ্ৰীৰ পৰিমাণ বৃদ্ধি নোহোৱাকৈয়ে কেৱল দৰ বৃদ্ধিৰ বাবে জাতীয় আয় বৃদ্ধি পাব। সেইদৰে সামগ্রী উৎপাদন নকমাকৈয়ে কেৱল মূল্যস্তৰ হ্রাস পোৱা বাবে জাতীয় আয় কমিব পাৰে। গতিকে চলিত দৰত নিৰ্ণয় কৰা GDPৰ ভিত্তিত দুখন দেশৰ GDPৰ তুলনা কৰিব নোৱাৰো অথবা একেখন দেশৰ ভিন ভিন বছৰৰ GDP তুলনা কৰিব নোৱাৰো।

১৯। মধ্যৱৰ্তী দ্ৰব্য আৰু চূড়ান্ত দ্ৰব্যৰ মাজত পাৰ্থক্য কি?
উত্তৰঃ যিবোৰ দ্ৰব্য অধিক উৎপাদনৰ বাবে কেঁচা সামগ্ৰী হিচাপে ব্যৱহাৰ কৰা হয় নাইবা একেটা বছৰতে পুনৰ বিক্ৰী কৰা হয় সেইবোৰ দ্ৰব্যকে মধ্যবৰ্ত্তী দ্রব্য বোলে। আনহাতে, যিবোৰ দ্ৰব্য চূড়ন্ত ভোগকাৰ্য নাইবা চূড়ান্ত বিনিয়োগৰ বাবে ব্যৱহাৰ কৰা হয় সেইবোৰ দ্ৰব্যকে চূড়ন্ত দ্রব্য বোলে।

২০। ক্ষয়-ক্ষতি মানে কি? অর্থনীতি এখনৰ মুঠ বিনিয়োগৰ সৈতে ক্ষয়-ক্ষতি কিদৰে জড়িত লিখা।
উত্তৰঃ ক্ষয়-ক্ষতি যে সাধাৰণতে স্থিৰ সম্পদৰ (মূল্যধনী দ্রব্য) মূল্য হ্রাস হোৱাটো বুজায়। ই এটা গণনাৰ বিষয়। বছৰেকীয় ভিত্তিত ক্ষয়-ক্ষতিৰ গণনা কৰা হয়। ৰাষ্ট্ৰীয় আয়ৰ গণনাত মুঠ চলকটোৱে মুঠ আয়, মুঠ বিনিয়োগ আদিক ক্ষয় ক্ষতিৰ অন্তৰ্ভুক্ত কৰি লয়। ধৰাহ’ল যে এখন উৎপাদন প্রতিষ্ঠানে এটা যন্ত্ৰত বিনিয়োগ কৰিছে যিটোৱে ১০ বছৰলৈ সেৱা আগবঢ়াব বুলি ভবা হৈছে। প্ৰতি বছৰেই উৎপাদন প্ৰক্ৰিয়াত যন্ত্ৰটোৰ ব্যৱহাৰ হোৱা বাবে প্ৰতি বছৰেই তাৰ এক দশমাংশ প্রকৃত মূল্যৰ ক্ষতি হ’ব। গতিকে যন্ত্ৰটো ১০ বছৰৰ পিছত সলনি কৰিবলৈ এক বৃহৎ পৰিমানৰ বিনিয়োগ কৰাতকৈ বছৰি ক্ষয়-ক্ষতিৰ ব্যয়খিনি পূৰণ কৰাহে উচিত হ’ব। এইদৰে মুঠ বিনিয়োগৰ সৈতে ক্ষয়-ক্ষতি জড়িত।

জাতীয় আয় গণনা Class 12 Question Answer

(গ) চমু প্রশ্ন উত্তৰ I প্ৰকাৰৰ : (মূল্যাংক-৪)

১। উপভোক্তাৰ সামগ্ৰী আৰু মূলধনী সামগ্ৰীৰ পাৰ্থক্য লিখা।
উত্তৰঃ যিবিলাক দ্ৰব্য উপভোক্তাই তেওঁলোকৰ অভাৱ পূৰণ কৰিবৰ বাবে অন্তিম বা শেষ দ্ৰব্য হিচাপে ক্রয় কৰে, তাক উপভোগ্য দ্রব্য বোলে।

আনহাতে অন্য দ্রব্য সামগ্রী উৎপাদন কৰিবৰ বাবে যিবিলাক দ্রব্য উৎপাদন প্রক্রিয়াত ব্যৱহাৰ কৰা হয় আৰু যাৰ এক দীঘলীয়া জীৱনকাল আছে সেইবোৰ দ্ৰব্যকে মূলধনী দ্রব্য বোলে।
উপভোগ্য সামগ্ৰীবোৰ অস্থায়ী, মূলধনী দ্ৰব্যবোৰ তুলনামূলকভাৱে স্থায়ী।
উপভোগ্য সামগ্ৰীবোৰ এবাৰ ব্যৱহাৰতে পুনৰবাৰ ব্যৱহাৰ কৰিব পৰা নাযায়। কিন্তু মূলধনী দ্রব্যবোৰ উৎপাদন কার্যত বাৰম্বাৰ ব্যৱহাৰ কৰিব পৰা যায়।

২। জাতীয় আয় সংক্রান্তত, মজুত আৰু প্ৰৱাহৰ পাৰ্থক্য লিখা।
উত্তৰঃ যিবোৰ পৰিমাণৰ জোখ এক নিৰ্দিষ্ট সময়ছোৱাৰ বাবে লোৱা হয়, সেই পৰিমাণবোৰেই হ’ল প্রবাহ। যেনে আয়, উৎপাদন, লাভ আদি।
আনহাতে, আন কেতবোৰ পৰিমাণ আছে যিবোৰ প্ৰতিটো সময় বিন্দুৰ সৈতে জড়িত হৈ থাকে। যেনে যন্ত্ৰ-পাতিৰ পৰিমাণ, আচবাবৰ পৰিমাণ। এই পৰিমাণবোৰ হ’ব মজুত।
প্রবাহ এক সময়ছোৱাৰ সৈতে জড়িত কিন্তু মজুত সময় বিন্দুৰ সৈতেহে জড়িত।
আকৌ কোনো বিশেষ সময় কালত জুখিব পৰা মজুতৰ পৰিৱৰ্তন হ’ল প্ৰবাহ। মূলধন প্ৰবাহ্ৰ অন্তর্ভুক্ত হ’ব পাৰে। কিন্তু ই কেৱল মাত্ৰ এটা বছৰৰ বাবেহে অন্তৰ্ভুক্ত হয় যিটো বছৰত তাক নতুনকৈ সংযোগ কৰা হৈছিল।

৩। উৎপাদনৰ চাৰিটা উপাদানৰ নাম আৰু বৈশিষ্ট্য লিখা।
উত্তৰঃ উৎপাদনৰ উপাদান চাৰিটা হ’ল (ক) ভূমি, (খ) শ্রম, (গ) মূলধন, (ঘ) সংগঠন।
বৈশিষ্ট্য: ভূমি প্ৰকৃতিৰ মুক্তদান । ইয়াৰ উৎপাদন খৰচ নাই। ভূমিৰ যোগান অস্থিতিস্থাপক। সকলো ভূমিৰ গুণাগুণৰ তাৰতম্য আছে। ইয়াৰ ভৌগোলিক গতিশীলতা নাই। উৎপাদন কাৰ্যত অংশগ্ৰহণ কৰাৰ বাবে ভূমিয়ে খাজনা লাভ কৰে।

শ্রমিকক শ্ৰমৰ পৰা পৃথক কৰিব নোৱাৰি। শ্রম সাঁচি ৰাখিব নোৱাৰি। শ্রমিকৰ দৰ-দাম কৰাৰ ক্ষমতা কম। কামৰ পৰিৱেশ, সময়, অৱসৰ-বিনোদনৰ ব্যৱস্থা আদিয়ে শ্ৰমৰ ওপৰত প্ৰভাৱ পেলায়। শ্রমিকে শ্রমদানৰ বাবে মজুৰি লাভ কৰে।

মূলধন মানৱসৃষ্ট উপাদান। ইয়াৰ যোগান বৃদ্ধি কৰিব পৰা যায়। সকলো মূলধনেই সম্পদ আৰু উৎপাদনমূলক। মূলধন সঞ্চয়ৰ পৰা সৃষ্টি হয়। উৎপাদন কার্যত অংশগ্ৰহণ কৰা বাবে মূলধনে সুদ লাভ কৰে।

সংগঠকে ভূমি, শ্ৰম আৰু মূলধন সংগ্ৰহ কৰি তিনিওবিধ উপাদানৰ সমন্বয় সাধন কৰি উৎপাদন কার্য সম্ভৱ কৰি তোলে। সংগঠকে অনিশ্চয়তা বহন কৰে আৰু ব্যৱসায়ৰ লভ্যাংশ অর্জন কৰে। সংগঠকে ব্যৱসায়ৰ বিভিন্ন গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰে।

8। অপৰিকল্পিত ইনভেন্টৰী গঠন কি ?
উত্তৰ : উৎপাদন প্ৰতিষ্ঠানৰ বিক্ৰী অপ্রত্যাশিতভাৱে হ্রাস পালে, উৎপাদন প্ৰতিষ্ঠানৰ বিক্ৰী নোহোৱাকৈ থকা দ্ৰব্যৰ পৰিমাণ অপ্রত্যাশিতভাৱে বৃদ্ধি পায় ইয়াক পূৰ্বৱৰ্তী দ্ৰব্যৰ অপ্রত্যাশিত বৃদ্ধি বোলে ৷ ধৰা হ’ল এটা প্রতিষ্ঠানে 100টা পূৰ্বৱৰ্তী চাৰ্টৰ সৈতে বছৰটো আৰম্ভ কৰিছে। আগন্তুক বৰ্ষটোত প্রতিষ্ঠানখনে 1000 টা চাৰ্ট বিক্ৰীৰ আশা ৰাখিছে। কিন্তু অপ্রত্যাশিতভাবে বছৰটোত চাৰ্টৰ বিক্ৰী যথেষ্ট কম হ’ল। প্রতিষ্ঠানখনে মাত্রা 600 টা চাৰ্টহে বিক্ৰী কৰিবলৈ সক্ষম হ’ল। 400 টা চাৰ্ট বিক্ৰী নোহোৱাকৈ থাকিল। প্রতিষ্ঠানখনে বছৰটোৰ শেষত 400 + 100 – 500 টা চাৰ্ট বিক্ৰী নোহোৱাকৈ ৰাখিব লাগিব। এনেধৰণৰ অপ্রত্যাশিত 400 পর্যন্ত পূৰ্বৱৰ্তী দ্ৰব্যৰ মজুতকে অপৰিকল্পিত পূৰ্বৱৰ্তী দ্ৰব্যৰ বৃদ্ধি বোলা হয়।

লগতে পঢ়ক:   উদাৰীকৰণ, ব্যক্তিগতকৰণ আৰু গোলকীকৰণ : এক পৰ্য্যালোচনা Class 12

৫। ব্যক্তিগত আয় আৰু বেচৰকাৰী আয়ৰ সংজ্ঞা আৰু পাৰ্থক্য লিখা
উত্তৰ : এটা বছৰত এখন দেশৰ ঘৰুৱা খণ্ড আৰু ব্যক্তিগত প্রতিষ্ঠানে ঘৰুৱা অৰ্থনীতি আৰু বিদেশৰ পৰা লাভ কৰা উপাদান আয় আৰু চৰকাৰ আৰু বিদেশৰ পৰা লাভ কৰা হস্তান্তৰিত পৰিশোধৰ সমষ্টিকেই ব্যক্তিগত খণ্ডৰ আয় (Private income) বোলে।
আনহাতে পৰিয়াল আৰু ব্যৱসায় প্রতিষ্ঠানসমূহে যি আয় উপাৰ্জন কৰে সেই আয়েই হ’ল ব্যক্তিগত আয় (Personal income) |
ব্যক্তিগত খণ্ডৰ আয়ৰ ধাৰণা ব্যক্তিগত আয়ৰ ধাৰণাতকৈ বহল। ব্যক্তিগত খণ্ডৰ আয়ৰ পৰা ব্যক্তিগত কোম্পানী বা নিগমৰ নিগুট সঞ্চয় আৰু নিগম কৰ বাদ দিলে ব্যক্তিগত আয় পোৱা যায়। অর্থাৎ ব্যক্তিগত আয় = ব্যক্তিগত খণ্ডৰ আয় – ব্যক্তিগত কোম্পানী বা নিগমৰ নিগুট সঞ্চয় – নিগম কৰ।

৬। উপভোক্তা দৰ সূচক আৰু পাইকাৰী দৰ সূচক্ৰ সংজ্ঞা আৰু পার্থক্য লিখা।
উত্তৰ : উপভোক্তাৰ দৰ সূচক হ’ল উপভোক্তাৰ দ্বাৰা ক্ৰয় কৰা নিৰ্দিষ্ট পৰিমাণৰ দ্ৰব্য সামগ্ৰীৰ দৰ সূচক। এই ক্ষেত্ৰত বিবেচনাধীন দুটা বছৰ হ’ল ভিত্তি বছৰ আৰু চলিত বছৰ। এই দুয়োটা বছৰৰ ব্যয় গণনা কৰি চলিত বছৰৰ ক্ৰয়জনিত ব্যয়ক ভিত্তিবৰ্ষৰ ক্ৰয়জনিত ব্যয়ৰ শতাংক হিচাপে প্ৰকাশ কৰা হয়। এনেদৰে উপভোক্তাৰ দৰ সূচক পাওঁ। আকৌ পাইকাৰী দৰ সূচক কেতবোৰ গুৰুত্বপূৰ্ণ সামগ্ৰীৰ পাইকাৰী দামৰ ভিত্তিত প্ৰস্তুত কৰা হয়। এইবোৰ গুৰুত্বপূৰ্ণ সামগ্ৰীৰ ভিতৰত কেঁচা সামগ্ৰী আৰু কৃষি সামগ্ৰী আদিয়েই প্রধান।

৭। বিনিয়োগ কাক বোলে? বিনিয়োগৰ প্ৰধান ভাগবোৰ কি কি লিখা।
উত্তৰঃ উৎপাদক নাই প্রতিষ্ঠানে উৎপাদনী ক্ষমতা বৃদ্ধিৰ বাবে মূল্যধনৰ পৰিমান বৃদ্ধি কৰিবলৈ বিচাৰে। এটা বছৰত মূলধনৰ পৰিমাণ বৃদ্ধিকে বিনিয়োগ বোলে। প্রধান ভাগবোৰ—
(ক) স্থিৰ বিনিয়োগ আৰু ‘‘ইন্‌ভেটৰী’ বিনিয়োগ।
(খ) মুঠ বিনিয়োগ আৰু শুদ্ধ বিনিয়োগ।

৮। মুঠ ঘৰুৱা উৎপাদনৰ বৃদ্ধিয়ে দেশৰ কল্যাণ বৃদ্ধি পোৱাটো নুসূচাবও পাৰে বুলি কিয় কোৱা হয় ?
উত্তৰঃ মুঠ ঘৰুৱা উৎপাদনৰ বৃদ্ধিয়ে দেশৰ কল্যাণ বৃদ্ধি পোৱাটো নুসূচাবও পাৰে কাৰণ, প্ৰকৃত জাতীয় আয়ৰ বৃদ্ধিকহে বিকাশক দেশখনৰ জনগণৰ কল্যাণৰ সূচক হিচাপে লোৱা হয়। জাতীয় আয়ৰ বৃদ্ধিয়ে চূড়ান্তব্যৱহাৰৰ উদ্দেশ্য দেশখনৰ দ্ৰব্য আৰু সেৱাৰ অধিক পর্যাপ্ততাকে নিৰ্দেশ কৰে।

৯। দৰ সূচক কাক বোলে? দৰ-সূচকবোৰ কি কি ব্যাখ্যা কৰা।
উত্তৰঃ অৰ্থনীতি আৰু বাণিজ্যিক ক্ষেত্ৰত সচৰাচৰতে দুটা নিৰ্দিষ্ট সময় বা ভৌগলিক অৱস্থানৰ এটা সাপেক্ষে আনটোৰ ক্ষেত্ৰত কোনো চলকৰ বা পৰস্পৰ সম্পর্কযুক্ত কিছুমান চলৰাশিৰ মানৰ গড় পৰিৱৰ্ত্তন নিৰ্দ্ধাৰণ কৰিবলগীয়া হয়। যি পৰিসাংখ্যিকীয় কৌশলৰ দ্বাৰা এনে পৰিৱৰ্ত্তন নিৰ্দ্ধাৰণ কৰা হয় তাক শূচক সংখ্যা আখ্যা দিয়া হৈছে। সূচকাংক হ’ল এটা সংখ্যা যাৰ সহায়ত এটা নির্দিষ্ট সময় বা স্থান সাপেক্ষে আন এটা সময় বা স্থানত পৰস্পৰ সম্পৰ্কযুক্ত কিছুমান দ্ৰব্যৰ মূল্য, পৰিমাণ আদিৰ তুলনা কৰা হয়। যদি ইয়াক দৰ সাপেক্ষে তুলনা কৰা হয়, তেনেহ’লে সূচকাংকটোক দৰ সূচক বোলে।

দৰ সূচক দুই প্ৰকাৰৰ—(ক) পাইকাৰী মূল্য সূচক (খ) খুচুৰা মূল্য সূচক
পাইকাৰী মূল্য সূচকাংকই কোনো অৰ্থনীতিৰ সাধাৰণ মূল্যস্তৰৰ পৰিৱৰ্ত্তন প্রতিফলন কৰে আৰু খুচুৰা মূল্য সূচকাংকই বেলেগ বেলেগ সামগ্ৰীৰ খুচুৰা মূল্যৰ পৰিৱৰ্ত্তন প্ৰকাশ কৰে।

১০। দেশৰ কল্যাণৰ সূচক হিচাপে মুঠ ঘৰুৱা উৎপাদনৰ কেতবোৰ সীমাবদ্ধতা আছে। বাহ্যিকতা ভিত্তিত সেইবোৰৰ ব্যাখ্যা আগবঢ়োৱা।
উত্তৰঃ এখন দেশৰ মূল্যসূচী সঘনাই পৰিৱৰ্ত্তন হোৱাৰ কাৰণে মুঠ ঘৰুৱা উৎপাদন নিৰ্ণয়ৰ ক্ষেত্ৰত কিছু সীমাবদ্ধতাৰ সন্মুখীন হোৱা দেখা যায়। মূল্যসূচীৰ পৰিৱৰ্ত্তনৰ কাৰণে উৎপাদনৰ কোনো পৰিৱৰ্ত্তন নোহোৱা অৱস্থাতো ৰাষ্ট্ৰীয় আয়ৰ পৰিৱৰ্ত্তন হ’ব পাৰে। এনে কাৰণত স্থিৰ মূল্যত ৰাষ্ট্ৰীয় আয় নিৰ্ণয় কৰি দেশ একনৰ প্ৰকৃত ৰাষ্ট্ৰীয় আয় নিৰ্ণয়ৰ ব্যৱস্থাৰ প্ৰৱৰ্ত্তন কৰা হৈছে। মুঠ ঘৰৱা উৎপাদন নিৰ্ণয়ৰ অৰ্থে ব্যৱহাৰ কৰিব পৰা তিনিটা পদ্ধতিৰ ভিতৰত কোনটো পদ্ধতি ব্যৱহাৰ কৰা হ’ব তাৰ নিৰ্বাচনক কেন্দ্ৰ কৰিও সমস্যা বা সীমাবদ্ধৰ সৃষ্টি হয়। উপযুক্ত আৰু নিৰ্ভৰশীল তথ্যৰ অভাৱেও মুঠ ঘৰুৱা উৎপাদনৰ শুদ্ধ হিচাব কৰাত সীমাবদ্ধতাৰ সৃষ্টি কৰে। উৎপাদনৰ মুঠ হৰণ ভগনৰ খৰচখিনি নিৰ্দ্ধাৰণৰ ক্ষেত্ৰতো সমস্যা আছে। বিশেষকৈ এনে হৰণ ভগনৰ খৰচ কি হাৰত হ’ব তাক লৈ সমস্যাৰ সৃষ্টি হোৱা দেখা যায়।

জাতীয় আয় গণনা Class 12 Question Answer

(ঘ) দীঘলীয়া প্রশ্ন উত্তৰ : (মূল্যাংক – ৬)

১।  তদ্বি-খণ্ড অর্থনীতি (গৃহস্থ আৰু প্ৰতিষ্ঠান) আয়ৰ চক্ৰীয় প্ৰৱাহ ব্যাখ্যা কৰা ।
উত্তৰঃ অৰ্থনীতিত দুটা খণ্ড পৰিয়াল আৰু প্ৰতিষ্ঠান থাকিলে – উদ্যোগে প্রতিষ্ঠানসমূহ দ্রব্য উৎপাদন কৰে। সেই দ্ৰব্য উৎপাদনত ঘৰুৱা খণ্ডৰ উপাদান যেনে— ভূমি, শ্রম, মূলধন, সংগঠন আদিক কামত খটুৱা হয়। ইয়াৰ বাবদ এই উপাদানসমূহে পাৰিশ্ৰমিক লাভ কৰে। তেওঁলোকে এইদৰে লাভ কৰা উৎপাদন প্রতিষ্ঠানসমূহে উৎপাদন কৰা দ্রব্য সামগ্রী ক্রয় কৰাত ব্যয় কৰে। গতিকে উৎপাদনৰ উপাদানসমূহে পাৰিশ্ৰমিক হিচাপে লাভ কৰা আয়, বস্তু আৰু সেৱাৰ মূল্য হিচাপে পুনৰ উৎপাদন প্রতিষ্ঠানসমূহলৈ ঘূৰি যায়। প্রতিষ্ঠানসমূহে এনেভাৱে দ্রব্য সামগ্ৰী আৰু সেৱা বিক্ৰী কৰি পোৱা ধন পুনৰ সেৱা মূল্য হিচাপে প্ৰদান কৰে। গতিকে জাতীয় আয় চক্ৰাকাৰ গতিৰে উদ্যোগ প্রতিষ্ঠান আৰু ঘৰুৱা খণ্ডৰ মাজত ঘূৰি ফুৰে। ইয়াকে জাতীয় আয়ৰ চক্ৰবৎ প্রবাহ বুলি কোৱা হয়।

যিহেতু দ্ৰব্য সামগ্ৰী আৰু সেৱাৰ মূল্য নিৰ্দেশ কৰা একে পৰিমাণ মুদ্ৰাই চক্রাকাৰে ঘূৰি থাকে। গতিকে এটা বছৰত উৎপাদিত দ্রব্য সামগ্ৰীৰ মুঠ মূল্য তিনি ধৰণেৰে জুখিব পাৰি— (i) মুঠ ব্যয় নির্ণয়েৰে, (ii) সকলোবিলাক উৎপাদন প্রতিষ্ঠানে উৎপাদন কৰা দ্ৰব্য আৰু সেৱাৰ মুঠ মূল্য নির্ণয় কৰে, (iii) উৎপাদনৰ উপাদানসমূহক পৰিশোধ কৰা মুঠ আয় নির্ণয়েৰে।

প্রঃ চূড়ান্ত দ্ৰৱ্যৰ সংজ্ঞা দিয়া।

উত্তৰঃ সৰ্বশেষ পৰ্যায়ত ভোগকৰ্তা আৰু প্ৰতিষ্ঠানবোৰে ব্যৱহাৰ কৰা দ্ৰব্যসমূহক চূড়ান্ত দ্রব্য (Final goods) বোলা হয়। এই দ্রব্যসমূহ সর্বশেষ ভোগ আৰু বিনিয়োগৰ বাবে ব্যৱহাৰ কৰা হয়।

প্রঃ এখন অৰ্থনীতিৰ মুঠ বিনিয়োগৰ সংজ্ঞা দিয়া।

উত্তৰ : মূলধনজাত সামগ্ৰীৰ মুঠ পৰিমাণ হ’ল মুঠ বিনিয়োগ।

প্রঃ অবক্ষয়ন কি?

উত্তৰঃ দ্রব্যসামগ্রী উৎপাদন কৰোঁতে যন্ত্রপাতিৰ দৰে মূলধনী দ্ৰব্য বাৰেপতি ব্যৱহাৰ কৰাৰ ফলত সিহঁতৰ ক্ষয়ক্ষতি হয়। এই ক্ষয়-ক্ষতিৰ ফলত সিহঁতৰ মূল্য হ্রাস পায় যাক ক্ষয়ক্ষতিৰ ব্যয় বা অৱক্ষয়জনিত ব্যয় বোলা হয়।

প্রঃ সমষ্টিবাদী অর্থনৈতিক আৰ্হি কি?

উত্তৰঃ যি অর্থনৈতিক আৰ্হিয়ে প্রকৃত অৰ্থনীতিৰ বিশদ বিৱৰণ দাঙি নধৰে আৰু অৰ্থনৈতিক ব্যৱস্থা এটাৰ কাৰ্যকলাপৰ কেতবোৰ গুৰুত্বপূৰ্ণ বৈশিষ্ট্যহে পোহৰলৈ আনে, তেনে কাল্পনিক অৰ্থনীতিৰ কাৰ্যকলাপ বৰ্ণনা কৰা আৰ্হিক সমষ্টিগত অর্থনৈতিক আৰ্হি বোলে।

 প্রঃ মুঠ মূল্য সংযোজন কি?

উত্তৰ : কোনো অর্থনীতিত উৎপাদিত দ্ৰব্য আৰু সেৱাসমূহৰ মুঠ পৰিমাণ।

প্রঃ নিগুট সংযোজন মূল্য কি?

উত্তৰঃ নিগুট বা শুদ্ধ মূল্য সংযোজন হ’ব তেতিয়া যেতিয়া মুঠ বা স্থূল মূল্য সংযোজনৰ পৰা ক্ষয় ক্ষতিৰ পৰিমাণ বাদ দিয়া হ’ব ।

1 thought on “জাতীয় আয় গণনা Class 12 – (প্ৰশ্নোত্তৰ) অৰ্থনীতি বিজ্ঞান”

  1. GNP সংকোচক কি?
    মজুতৰ পৰিৱৰ্তন মানে কি?
    মূল্য সংযোজন মানে কি?
    Sir please ai 3ta questionr answer bur dibo ✨🐼💜🦋😊

Leave a Comment

Your email address will not be published. Required fields are marked *


Scroll to Top