কৃষ্ণ এক দেৱ দুখ হাৰি (লেছাৰি ছন্দ) ঈশ্বৰ-নিৰ্ণয়

প্ৰাৰ্থনাৰ নামকৃষ্ণ এক দেৱ দুখ হাৰি
ছন্দলেছাৰি ছন্দ
ঘোষাঈশ্বৰ-নিৰ্ণয়
লেখকমাধৱদেৱ

কৃষ্ণ এক দেৱ দুখ-হাৰী কাল মায়াদিৰো অধিকাৰী
কৃষ্ণ বিনে শ্ৰেষ্ঠ দেৱ নাহি নাহি আৰ |
সৃষ্টি-স্থিতি-অন্তকাৰী দেৱ তান্ত বিনে আন নাহি কেৱ
জানিবা বিষ্ণুসে সমস্ত জগতে সাৰ ||৫৮৬

নমো নমো নিত্য নিৰঞ্জন নাৰায়ণ শিৱ সনাতন
অনাদি অনন্ত নিৰ্গুণ গুণ-নিয়ন্তা |
পৰম পুৰুষ ভগৱন্ত নাহি পূৰ্ব্বাপৰ আদি অন্ত
তুমিসে চৈতন্য সমস্তে ভৱ-ভাৱন্তা ||৫৮৭

ব্ৰহ্মা মহাদেৱ লক্ষ্মী দেৱী কায়-বাক্যে মনে থিৰ কৰি
পৰম আনন্দে চৰণ সেৱন্ত যাৰ |
সদা জন্ম-জৰা-মৃত্যু-হীন শ্ৰীমন্ত সুন্দৰ গুণনিধি
বিষ্ণুত বিনাই কোন দেৱ আছে আৰ ||৫৮৮

যাৰ পাদোদকে দেৱী গঙ্গা যাৰ বাক্যে হুয়া আছে বেদ
পৰম পতিতো তৰয় যাহাৰ নামে |
সৃষ্টি স্থিতি প্ৰলয়ৰ যিটো পৰম কাৰণ নাৰায়ণ
হেন ঈশ্বৰক নভজয় কোন কামে ||৫৮৯

অপাৰ সংসাৰ সিন্ধু আৰ বিষ্ণুসে পৰম পাৰ যত
পাৰ আছে তাতে পৰম্পৰমাত্মা ৰূপে |
তেন্তে তুমি জান ব্ৰহ্ম-পাৰ পৰ-পাৰ-ভূত যত পাৰ
তাসম্বাৰ পাৰ বিষ্ণুসে পাৰ স্বৰূপে ||৫৯০

লগতে পঢ়ক:   Tumi Chitta Biti Muro – তুমি চিত্তবৃত্তি মোৰ – প্ৰাৰ্থনা – নামঘোষা ( ১২৯-১৫৪)

Leave a Comment

Your email address will not be published. Required fields are marked *


Scroll to Top