Home » একাদশ শ্ৰেণীৰ ৰাজনীতি বিজ্ঞান » জীৱন্ত দলিলৰ ৰূপত সংবিধান Class 11 Political Science Chapter 9 Assamese

জীৱন্ত দলিলৰ ৰূপত সংবিধান Class 11 Political Science Chapter 9 Assamese

বিষয় ৰাজনীতি বিজ্ঞান
পাঠৰ নামজীৱন্ত দলিলৰ ৰূপত সংবিধান
শ্ৰেণী একাদশ শ্ৰেণী
গােটক – শাখা
পাঠৰ নংঅধ্যায় ৯
পাঠ্যক্ৰম অসম মাধ্যমিক শিক্ষা পৰিষদৰ (AHSEC)

জীৱন্ত দলিলৰ ৰূপত সংবিধান Class 11

অতি চমু প্রশ্নোত্তৰ (প্রত্যেকটোৰ মূল্যাংক – ১)

১। সংবিধানৰ কোনেটো অনুচ্ছেদত সংবিধান সংশােধনী প্রক্রিয়াৰ বিষয়ে উল্লেখ আছে?
উত্তৰঃ ৩৬৮ নং অনুচ্ছেদত।

২। ভাৰতীয় সংবিধান সংশােধন পদ্ধতি কেইটা?
উত্তৰ : তিনিটা।

Winter Sale

৩। সংবিধান সংশােধন কৰি ৰাজ্য এখনৰ সীমা বা নাম পৰিৱৰ্তন কৰিব পাৰিনে?
উত্তৰ : পাৰি।

৪। ভাৰতীয় সংবিধানৰ কোনটো সংশোধনীত মৌলিক কর্তব্যসমূহ সন্নিবিষ্ট কৰা হৈছে?
উত্তৰ : ৪২ তম সংশােধনীত।

৫। ভাৰতীয় সংবিধান সংশােধনী প্রক্রিয়াত জনসাধাৰণে অংশ গ্রহণ কৰিব পাৰে নে ?
উত্তৰ : নোৱাৰে।

৬। ভাৰতীয় সংবিধান সংশােধনৰ নমনীয় পদ্ধতিটো উল্লেখ কৰা।
উত্তৰ: সংসদৰ উভয় সদনৰ সাধাৰণ সংখ্যাগৰিষ্ঠ ভােটৰ সমৰ্থনত সংবিধানৰ কিছুমান অনুচ্ছেদ সংশােধন কৰিব পাৰি।

৭। সংবিধানৰ কোনটো অনুসূচীত অসমীয়াক এটা ভাষাৰ স্বীকৃতি দিয়া হৈছে?
উত্তৰ: অষ্টম অনুসুচীত।

৮। ভাৰতৰ সংবিধানৰ কোনটো অধ্যায় সংবিধান সংশােধনী প্রণালীৰ বিষয়ে উল্লেখ আছে?
উত্তৰ: ২০ নং অধ্যায়।

৯। সংবিধানৰ কোন সংশােধনীত চিকিমক ভাৰতৰ লগত সংযােগ কৰা হয় ?
উত্তৰ: ৩৫ তম সংশােধনীত।

১০। মূল গাঁথনি তত্বটো প্রথমে কোনটো গােচৰত উত্থাপিত হৈছিল ?
উত্তৰ: কেশৱানন্দ ভাৰতী গােচৰত।

১১। ভাৰতৰ সংবিধানৰ প্ৰস্তাৱনাত সমাজবাদী’ আৰু ধৰ্মনিৰপেক্ষতা’ শব্দ দুটা কি মানতম সংশােধনীত যােগ কৰা হয়?
উত্তৰ: ৪২ তম।

১২। কিমান তম সংবিধান সংশােধনীত পঞ্চায়তীৰাজ অনুষ্ঠানসমূহক সাংবিধানিক মর্যদা দিয়া হৈছে।
উত্তৰ: ৭৩ তম।

১৩। সাধাৰণ আইন প্রণয়ন প্রক্রিয়াৰে সংশােধন কৰিব পৰা এটা বিষয় উল্লেখ কৰা।
উত্তৰ : নতুন ৰাজ্যৰ সৃষ্টি আৰু পুনৰ গঠন।

১৪। ভাৰতৰ সংবিধান কোন চনত প্রথমে সংশােধন কৰা হয় ?
উত্তৰ : ১৯৫১ চনত।

Class 11 Political Science Chapter 9 Assamese

চমু প্রশ্নোত্তৰ: (প্রত্যেকটোৰ মূল্যাংক – ২)

১। সংবিধানৰ সংজ্ঞা দিয়া।
উত্তৰ: সংবিধানৰ সংজ্ঞা বিভিন্ন পণ্ডিতে বিভিন্ন ধৰণে আগবঢ়াইছে যদিও লর্ড ব্রাইচ নামৰ পণ্ডিতে সংবিধানৰ এক সন্তোষজনক সংজ্ঞা আগবঢ়াইছে এইদৰে—–
সংবিধান হ’ল কিছুমান আইন আৰু প্ৰথাৰ সমষ্টি যিবােৰৰ অধীনত ৰাষ্ট্রৰ জীৱন পৰিচালিত হয়।

২। সংবিধানক কিয় ‘জীৱন্ত দলিল’ বুলি কিয় কোৱা হয়?
উত্তৰ: সংবিধান হ’ল গতিশীল; ই স্থবিৰ নহয়। সময়ৰ পৰিৱর্তনে সংবিধানৰ বিধি-বিধানৰ ক্ষেত্ৰত পৰিৱৰ্তন আনে। পৰিৱৰ্তিত পৰিস্থিতিৰ লগত খাপ খুৱাই চলিবৰ বাবে প্রত্যেক দেশৰ সংবিধান সংশােধন কৰিব লগা হয়। সংশােধনীয়ে সংবিধানক গতিশীল ৰূপ দান কৰে। সেয়ে সংবিধানক ‘জীৱন্ত দলিল’ আখ্যা দিয়া হয়।

২। সংবিধান পুনৰীক্ষণ আয়ােগ কেতিয়া গঠন কৰা হৈছিল? এই আয়ােগৰ সভাপতি কোন আছিল? আয়ােগে সংবিধানখন সলনি কৰাৰ পৰামর্শ দিছিলনে?
উত্তৰ: সংবিধান পুণৰীক্ষণ আয়ােগ গঠন কৰা হৈছিল ২০০০ চনত। ইয়াৰ সভাপতি আছিল উচ্চতম ন্যায়ালয়ৰ অৱসৰপ্ৰাপ্ত ন্যায়াধীশ ভেঙ্কটলায়া। এই আয়ােগে সংবিধানখন সলনি কৰাৰ পৰামর্শ দিয়া নাছিল। এই আয়ােগে মত প্রকাশ কৰিছিল যে সংবিধানৰ এটা মূল গাঁথনি আছেআৰু এইমূল গাঁথনি সলনি কৰাৰ প্রয়ােজন নাই।

গ. চমু প্রশ্নোত্তৰ: (প্রত্যেকটোৰ মূল্যাংক ৪)

১। ভাৰতৰ সংবিধান সংশোধন পদ্ধতি সমালােচনা বা চাৰিটা ত্রুটি লিখা।
উত্তৰ : ভাৰতৰ সংবিধান সংশােধন পদ্ধতি তলত দিয়া ধৰণে সমালােচনা কৰিব পাৰি।
(ক) ভাৰতৰ সংবিধান সংশােধন পদ্ধতি একক নহয়। সেয়ে কিছুমান বিষয় সংশােধন কৰােতে যথেষ্ট সমস্যাৰ সৃষ্টি হয় বুলি সমালােচকসকলে মত প্রকাশ
(খ) সংবিধান সংশােধনৰ ক্ষেত্ৰত ৰাজ্যিক আইন সভাৰ গুৰুত্ব কম বাবে সংবিধান সংশােধনী একপক্ষীয় হােৱাৰ ভয় থাকে।
(গ) সংবিধান সংশােধনৰ ক্ষমতা কেন্দ্রীয় সংসদ হাতত ন্যাস্ত হৈ থাকে বাবে ইৰাষ্ট্ৰৰ এককেন্দ্রিক বৈশিষ্ট্য দাঙি ধৰে।
(ঘ) কেন্দ্রীয় সংসদক জনসাধাৰণৰ মৌলিক অধিকাৰবােৰ সংশােধন কৰাৰ ক্ষমতা দিয়াটোও সংবিধান সংশােধন পদ্ধতিৰ এক দোষ বুলি ক’ব পাৰি।

জীৱন্ত দলিলৰ ৰূপত সংবিধান Class 11

ঘ. ৰচনাধর্মী প্রশ্নোত্তৰঃ (প্রত্যেকটোৰ মূল্যাংক – ৬)

১। ভাৰতীয় সংবিধান সংশােধনী পদ্ধতি আলােচনা কৰা।
উত্তৰ : ভাৰতীয় সংবিধানৰ ৩৬৮ নং অনুচ্ছেদত সংবিধান সংশােধনৰ তিনিটা পদ্ধতিৰ বিষয়ে উল্লেখ কৰা হৈছে। সেই পদ্ধতি কেইটা হ’ল
(১) নমনীয় পদ্ধতি : এই পদ্ধতি অনুসৰিসংবিধানৰ কিছুমান অনুচ্ছেদ সাধাৰণ আইন প্রণয়ন প্রক্রিয়াৰে, সংশােধন কৰিব পাৰি। সংসদৰ উভয় সদনৰ
সংখ্যাগৰিষ্ঠ সদস্যৰ সমৰ্থনত সাধাৰণতে নতুন ৰাজ্যৰ সৃষ্টি কৰা, ৰাজ্যৰ সীমা পৰিৱৰ্তন কৰা, ৰাজ্যৰ বিধান। সভাৰ উচ্চ সদন সৃষ্টি কৰা বা বিলােপ সাধন কৰা,নাগৰিত্বৰ বিষয়, সংসদ সদস্যসকলৰ অধিকাৰ,ন্যায়ালয়ৰ ন্যায়াধীশসকলৰ দৰ্মহা আদি বিষয়সমূহ সংশােধন কবি পাৰি।

(২) মিশ্র পদ্ধতি : এইপদ্ধতিত সংবিধানৰ কিছুমান অনুচ্ছেদক সংশােধন কৰিবলৈ হ’লে সংসদৰ প্রত্যেক সদনৰ মুঠ সদস্যৰ দুই-তৃতীয়াংশ সদস্যৰ সমর্থন প্রয়ােজন। ভাৰতীয় সংবিধানৰ তৃতীয় আৰু চতুর্থ অধ্যায়ত উল্লেখিত বিষয়বােৰ, যেনে ৰাষ্ট্রপতি নির্বাচন, কেন্দ্র আৰু ৰাজ্যৰ মাজত ক্ষমতা বিতৰণ, সংসদত ৰাজ্যসমূহৰ প্রতিনিধিত্ব আদি এই পদ্ধতিৰে সংশােধন কৰা হয়।

(৩) দৃঢ় পদ্ধতি : এই পদ্ধতি অনুসৰি সংবিধানৰ কিছুমান বিষয় সংসদৰ প্রত্যেক সদনৰ মুঠ সদস্যৰ অধিকাংশ আৰু উপস্থিত ভােট প্রদানকাৰী সদস্যৰ দুই তৃতীয়াংশ ভােটৰ দ্বাৰা সংশােধন কৰিব পাৰি। যেনে মৌলিক অধিকাৰ, নির্দেশাত্মক নীতি আদি। ভাৰতীয় সংবিধান সংশােধনৰ প্ৰস্তাৱ অকল কেন্দ্রীয় সংসদে উত্থাপন কৰিব পাৰে। ৰাজ্যসমূহৰ এই ক্ষমতা নাই। সংবিধান সংশােধনীৰ যিকোনাে বিধেয়কত ৰাষ্ট্ৰপতিৰ অনুমােদন প্রয়ােজন।

Leave a Comment

Stay informed about the latest Educational Update website. We provide timely and accurate information on upcoming Exam, application deadlines, exam schedules, and more.

📱 Get AssamWeb App

Unlock free PDFs, mock tests, and certificates with our mobile app. Faster, smoother, and made for students 📚✨

🚀 Install from Play Store One-time reminder • No spam