Home » একাদশ শ্ৰেণীৰ ৰাজনীতি বিজ্ঞান » ভাৰতৰ সংবিধানত থকা অধিকাৰসমূহ Class 11 Political Science Assamese Medium

ভাৰতৰ সংবিধানত থকা অধিকাৰসমূহ Class 11 Political Science Assamese Medium

ভাৰতৰ সংবিধানত থকা অধিকাৰসমূহ
বিষয় ৰাজনীতি বিজ্ঞান
পাঠৰ নামভাৰতৰ সংবিধানত থকা অধিকাৰসমূহ
শ্ৰেণী একাদশ শ্ৰেণী
গােটক – শাখা
পাঠৰ নংঅধ্যায় ২
পাঠ্যক্ৰম অসম মাধ্যমিক শিক্ষা পৰিষদৰ (AHSEC)

ভাৰতৰ সংবিধানত থকা অধিকাৰসমূহ

 চমু প্রশ্নোত্তৰঃ (প্রত্যেকটোৰ মূল্যাংক – ২)

১। ভাৰতীয় সংবিধানত কেইবিধ মৌলিক অধিকাৰৰ উল্লেশ আছে?
উত্তৰ : ছয় বিধ ।

২। মৌলিক অধিকাৰসমূহ সংশোধন কৰিব পাৰিনে ?
উত্তৰ : পাৰি।

Winter Sale

৩। সংবিধানৰ কেনিটো সংশোধনীত নাগৰিকৰ বাবে মৌলিক কর্তব্য সংযোজন কৰা হৈছে ?
উত্তৰ: ৪২ তম সংশােধনীত (১৯৭৬ চন)।

৪। সংবিধানৰ কোন সংশোধনীত সম্পত্তিৰ অধিকাৰ মৌলিক অধিকাৰৰ পৰা বাতিল কৰা হৈছে ?
উত্তৰ: ৪৪ তম সংশােধনীত (১৯৭৮ চন)।

৫। আমাৰ মৌলিক অধিকাৰসমূহ চৰম হয়নে?
উত্তৰ: নহয়।

৬। সংবিধানৰ কোন অংশত মৌলিক অধিকাৰসমূহ সন্নিবিষ্ট কৰা হৈছে?
উত্তৰ: তৃতীয় অংশত।

৭। মৌলিক অধিকাৰৰ ৰক্ষক কোন?
উত্তৰ: ভাৰতৰ উচ্চতম ন্যায়ালয়।

৮। জৰুৰীকালীন অৱস্থাত নাগৰিকসকলে মৌলিক অধিকাৰসমূহ ভােগ কৰিব পাৰেনে?
উত্তৰ: নোঁৱাৰে।

৯। ভাৰতৰ সংবিধানত সন্নিবিষ্ট কৰা মৌলিক অধিকাৰসমূহৰ আৰ্হি কোনখন দেশৰ পৰা লােৱা হৈছে?
উত্তৰ: আমেৰিকা যুক্তৰাষ্ট্ৰৰ সংবিধানৰ পৰা ।

১০। মৌলিক অধিকাৰ কোনে সংশােধন কৰিব পাৰে?
উত্তৰ: ভাৰতীয় সংসদে।

১১। কোনটো স্বাধীনতাই ভাৰতক এখন ধর্মনিৰপেক্ষ ৰাষ্ট্ৰ হিচাপে স্বীকৃতি দিছে?
উত্তৰ : ধর্মীয় স্বাধীনতাই।

১২। নির্দেশাত্মক নীতিসমূহ কোন চৰিত্ৰৰ ?
উত্তৰ : অর্থনৈতিক চৰিত্ৰৰ।

১৩। নির্দেশাত্মক নীতিসমূহ আদালতত গ্রাহ্য হয়নে?
উত্তৰ : নহয়।

১৪। দেশত জৰুৰী অৱস্থা চলি থকা সময়ত নির্দেশাত্মক নীতিসমূহ কাৰ্যকৰী হৈ থাকেনে?
উত্তৰ : থাকে।

১৫। নির্দেশাত্মক নীতিসমূহ বাধ্যতামূলক হয়নে ?
উত্তৰ : নহয়।

১৬। মৌলিক অধিকাৰ আৰু নির্দেশাত্মক নীতিৰ মাজত পার্থক্য আছেন ?
উত্তৰ : আছে।

১৭। নির্দেশাত্মক নীতিৰ প্রকৃত উদ্দেশ্য কি?
উত্তৰ: কল্যাণকামী ৰাষ্ট্র গঠন কৰা।

১৮। জনমত নির্দেশাত্মক নীতিৰ ভিত্তি স্বৰূপ হয়নে?
উত্তৰ : হয়।

১৯।ভাৰতীয় সংবিধানত সন্নিবিষ্ট হােৱা মৌলিক কর্তব্য কেইবিধ ?
উত্তৰ: দহ বিধ।

২০। ৰাষ্ট্ৰসংঘত কেতিয়া মানৱ অধিকাৰ’ চনদ গৃহীত হয়?
উত্তৰ : ১০ ডিচেম্বৰ, ১৯৪৮ চন।

২১। ভাৰতবৰ্ষত জাতীয় মানৱ অধিকাৰ অহিন’ কেতিয়া গঠন কৰা হয়?
উত্তৰ: ১৯৯৩ চনত।

একাদশ শ্ৰেণীৰ ভাৰতীয় সংবিধানত থকা অধিকাৰসমূহৰ

(প্রত্যেকটোৰ মূল্যাংক – ২)

১।মৌলিক অধিকাৰ বুলিলে কি বুজা ?
উত্তৰঃ যিবােৰ অধিকাৰ মানুহৰ স্বাধীন জীৱন যাপনৰ বাবে অতি প্রয়ােজনীয়, লিখিত সংবিধানত লিপিবদ্ধ আৰু আদালত দ্বাৰা বলবৎযােগ্য সেইবােৰ অধিকাৰকে ‘মৌলিক অধিকাৰ’ বুলি কোৱা হয়। ভাৰতীয় সংবিধানে ইয়াৰ নাগৰিকসকলক ৬ বিধ মৌলিক অধিকাৰ প্ৰদান কৰিছে।

২। এখন দেশৰ নাগৰিক নহ’লেও কি কি মৌলিক অধিকাৰ ভােগ কৰিব পাৰি?
উত্তৰ : এখন দেশৰ নাগৰিকনহ’লেও তলত উল্লেখ কৰা অধিকসমূহ ভােগ কৰিব পাৰি –
(১) আইনৰ দৃষ্টিত সকলাে সমান অর্থাৎ সমতাৰ অধিকাৰ।
(২) জীৱন আৰু ব্যক্তি স্বাধীনতাৰ অধিকাৰ আৰু
(৩) ধর্মীয় অধিকাৰ।

৩। ভাৰতবৰ্ষত সংখ্যালঘুসকলৰ বাবে থকা দুটা মৌলিক অধিকাৰ উল্লেখ কৰা।
উত্তৰ : ভাৰতবৰ্ষত সংখ্যালঘুসকলৰ বাবে থকা দুটা মৌলিক অধিকাৰ হ’ল –
(১) ভাষা আৰু সংস্কৃতি ৰক্ষা কৰাৰ অধিকাৰ আৰু
(২) সুকীয়া শিক্ষানুষ্ঠান স্থাপন কৰাৰ অধিকাৰ।

একাদশ শ্ৰেণীৰ ৰাজনীতি বিজ্ঞান অধ্যায় ২

 (প্রত্যেকটোৰ মূল্যাংক -8)

১। মৌলিক অধিকাৰৰ কেইটামান সীমাবদ্ধতা উল্লেখ কৰা।
উত্তৰ : ভাৰতীয় সংবিধানৰ তৃতীয় অধ্যায়ত (১২ ৰ পৰা ৩৫ নং অনুচ্ছেদলৈকে) ভাৰতীয় নাগৰিকসকলে উপভােগ কৰিব পৰাকৈ ৬ বিধ মৌলিক অধিকাৰৰ বিষয়ে উল্লেখ কৰিছে। সেই মৌলিক অধিকাৰসমূহ আদালতৰ দ্বাৰা বলবৎযােগ্য যদিও ইয়াৰ কিছুমান সীমাবদ্ধতাও আছে। যেনে
(১) দেশৰ জৰুৰীকালীন অৱস্থাত মৌলক অধিকাৰ সমূহ বাতিল হ’ব পাৰে।
(২) স্বাধীনতাৰ ক্ষেত্ৰত চৰকাৰে যুক্তিসংগত বাধা আৰােপ কৰিব পাৰে।
(৩) চৰকাৰে সংবিধান সংশােধনৰ দ্বাৰা মৌলিক অধিকাৰ সংশােধন বা বাতিল কৰিব পাৰে। উদাহৰণ স্বৰূপে ৪৪ তম সংশােধনীত (১৯৭৮ চন) সম্পত্তিৰ অধিকাৰ বাতিল কৰা হৈছে।
(৪) সমতাৰ অধিকাৰ মৌলিক অধিকাৰ হিচাপে স্বীকৃতি দিয়া হৈছে যদিও চৰকাৰে কোনাে বিশেষ শ্ৰেণীক কেতিয়াবা বিশেষ সুবিধা প্রদান কৰিব পাৰে।
(৫) কেতিয়াবা স্বাধীনতাৰ অধিকাৰৰ ক্ষেত্ৰত চৰকাৰে যুক্তিসংগত বাধা আৰােপ কৰিব পাৰে।

২। কি কি কাৰণত চৰকাৰে (ৰাষ্ট্ৰপতিয়ে) দেশত জৰুৰী কালীন অবস্থা ঘােষণা কৰিব পাৰে ?
উত্তৰ : ভাৰতীয় সংবিধানে ভাৰতৰ ৰাষ্ট্রপতিক জৰুৰীকালীন ক্ষমতা প্রদান কৰিছে। তলত উল্লেখ কৰা পৰিস্থিতিত ৰাষ্ট্রপতিয়ে সমগ্র দেশত বা ইয়াৰ কোনাে অংগ ৰাজ্যত জৰুৰী অৱস্থা ঘােষণা কৰিব পাৰে। যেনে—-
(১) ভাৰতবৰ্ষত কোনাে বাহ্যিক বা আভ্যন্তৰীণ কাৰণৰ বাবে শান্তি বিনষ্ট হ’লে বা অশান্তিৰ ভাবুকিয়ে দেখা দিলে।
(২) কোনাে ৰাজ্য চৰকাৰে সাংবিধানিকভাৱে ৰাজ্য শাসন কৰাত অপাৰগ হলে।
(৩) দেশত বা কোনাে অংগ ৰাজ্যত অর্থনৈতিক সংকটে দেখা দিলে।

(২) ভাৰতৰ সংবিধানত সন্নিবিষ্ট কৰা নির্দেশাত্মক নীতিসমূহৰ গুৰুত্ব বা তাৎপর্য আলােচনা কৰা।
উত্তৰ : ভাৰতৰ সংবিধানৰ চতুর্থ অধ্যায়ত সংবিধান প্রণেতাসকলে কেইটামান নীতি অন্তর্ভূক্ত কৰিছে আৰু সেইবােৰ কাৰ্যকৰী কৰাৰ বাবে চৰকাৰক নির্দেশ দিছে। সেই নীতিসমূহক নির্দেশাত্মক নীতি বুলি কোৱা হয়। নির্দেশাত্মক নীতিবােৰ বাদযুক্ত নহয় যদিও এইবােৰৰ বিশেষ তাৎপর্য আছে। এই নীতিসমূহ কাৰ্যকৰী কৰাৰ উদ্দেশ্য হৈছে দেশৰ অর্থনৈতিক আৰু সামাজিক ভেটি শক্তিশালী কৰা৷ গণতান্ত্রিক ৰাষ্ট্ৰত জনসাধাৰণৰ স্বাৰ্থৰক্ষাৰ প্রতি চৰকাৰে চকু দিয়ে। সেই স্বার্থ ৰক্ষাৰ বাবে নির্দেশাত্মক নীতি মানি চলাৰ প্ৰয়ােজন আছে। এই নীতিয়ে দেশখনক কল্যাণকামী ৰাষ্ট্ৰৰ পিনে আগবঢ়াই নিয়ে। এইনীতিবােৰে মানৱীয় গুণ, ভাতৃত্ববােধ, সামাজিক ন্যায়, নৈতিকতা,দয়া আদি গুণবােৰ বিকাশ কৰে।সেয়ে নির্দেশাত্মক নীতিসমূহৰ তাৎপর্য আছে।

Class 11 Political Science Chapter 2 Assamese Medium

ৰচনাধর্মী প্রশ্নোত্তৰঃ (প্রত্যেকটোৰ মূল্যাংক -৬)

১। ভাৰতৰ সংবিধানত সন্নিবিষ্ট কৰা মৌলিক অধিকাৰসমূহ কি কি? আলােচনা কৰা।
উত্তৰ : ভাৰতীয় সংবিধানৰ তৃতীয় অধ্যায়ত (১২ ৰ পৰা ৩৫ নং অনুচ্ছেদলৈকে) ভাৰতীয় নাগৰিকসকলে উপভােগ কৰিব পৰাকৈ ৬ বিধ মৌলিক অধিকাৰৰ বিষয়ে উল্লেখ কৰিছে। তলত মৌলিক অধিকাৰসমূহ আলােচনা কৰা হ’লঃ
(১) সমতাৰ অধিকাৰ: ভাৰতীয় সংবিধানৰ ১২ ৰ পৰা ১৮ নং অনুচ্ছেদত সমতাৰ অধিকাৰৰ বিষয়ে উল্লেখ কৰা হৈছে। এই অনুচেছদবােৰৰ জৰিয়তে ভাৰতীয় নাগৰিকসকলে বিভিন্ন ক্ষেত্ৰত সম অধিকাৰ ভােগ কৰিব পাৰে।

(২) স্বাধীনতাৰ অধিকাৰ : ভাৰতীয় সংবিধানৰ ১৯ ৰ পৰা ২২ নং অনুচ্ছেদত স্বাধীনতাৰ অধিকাৰৰ বিষয়ে কোৱা হৈছে। এই অধিকাৰসমূহ হ’ল :
(ক) মত প্রকাশৰ অধিকাৰ।
(খ) অস্ত্র-বিহীন অৱস্থাত শান্তিপূর্ণভাৱে সমবেত হােৱাৰ অধিকাৰ।
(গ) সংস্থা গঠনৰ অধিকাৰ ।
(ঘ) ভাৰতৰ চাৰিসীমাৰ ভিতৰত ঘূৰি-ফুৰাৰ অধিকাৰ।
(ঙ) ভাৰতবৰ্ষৰ যিকোনাে অঞ্চলত বসবাস কৰাৰ অধিকাৰ।
(চ) যিকোনাে চাকৰি বা ব্যৱসায় কৰাৰ অধিকাৰ।।
(৩) শােষণৰ বিৰুদ্ধে অধিকাৰ : সমাজৰ দুর্বল শ্ৰেণীৰ লােকসকল যাতে অইন কোনাে শ্ৰেণীৰ লােকসকলৰ দ্বাৰা শােষিত নহয় আৰু বিভিন্ন স্বাধীনতা যাতে সকলাে নাগৰিকে সমানে ভােগ কৰিব পাৰে সংবিধানত তাৰ ব্যৱস্থা কৰা হৈছে। সংবিধানৰ ২৩ আৰু ২৪ নং অনুচ্ছেদত এই বিধ অধিকাৰৰ বিষয়ে বর্ণনা কৰা

(৪) ধর্মীয় অধিকাৰ: সংবিধানৰ ২৫ ৰ পৰা ২৮ নং অনুচ্ছেদত ধর্মীয় অধিকাৰৰ বিষয়ে কোৱা হৈছে। এই অধিকাৰ মতে দেশৰ নাগৰিকে নিজ নিজ ধর্ম পালন আৰু প্ৰচাৰ কৰিব পাৰিব। চৰকাৰে কোনাে ধৰ্মৰ প্রতি পক্ষপাতিত্বমূলক কার্য নকৰিব।
(৫) শিক্ষা আৰু সাংস্কৃতিক অধিকাৰ: সংবিধানৰ ২৯ আৰু ৩০ নং অনুচেছদৰ জৰিয়তে ভাৰতীয় নাগৰিকসকলক জাতি-ধর্ম-ভাষা নির্বিশেষে শিক্ষা আৰু সাংস্কৃতিক অধিকাৰ প্ৰদান কৰা হৈছে।
(৬) সাংবিধানিক প্রতিকাৰৰঅধিকাৰঃ সংবিধানৰ ৩২ ৰ পৰা ৩৫ নং অনুচ্ছেদত ভাৰতীয় নাগৰিকসকলৰ মৌলিক অধিকাৰসমূহৰ ৰক্ষণাবেক্ষণৰ অধিকাৰ দিয়া হৈছে। অর্থাৎ মৌলিক অধিকাৰসমূহ আদালতত বিচাৰযােগ্য। কোনাে চৰকাৰী কার্য বা ব্যক্তিৰ কাৰ্যৰ দ্বাৰা কোনাে মৌলিক অধিকাৰ ব্যহত হলে নাগৰিকে আদালতৰ ওচৰ চাপিব পাৰে।

(২) ভাৰতীয় সংবিধানত উল্লেখ থকা মৌলিক অধিকৰসমূহৰ প্রধান বৈশিষ্ট্যসমূহ আলোচনা কৰা।
উত্তৰ : ভাৰতৰ সংবিধানত উল্লেখ থকা মৌলিক অধিকাৰসমূহ অধ্যয়ন কৰিলে তলত দিয়া বৈশিষ্ট্যসমূহ ওলাই পৰে। যেনে-
(১) মৌলিক অধিকাৰসমূহ বাদ যােগ্য। কেনাে ব্যক্তি বা চৰকাৰৰ কোনাে আংগই মৌলিক অধিকাৰৰ ওপৰত হস্তক্ষেপ কৰিলে সেই হস্তক্ষেপৰ বিৰুদ্ধে আদালতত গােচৰ তৰিব পাৰি।
(২) মৌলিক অধিকাৰসমূহ চৰম নহয়। ইয়াৰ কিছুমান সীমাবদ্ধতাও আছে। চৰকাৰে প্ৰয়োজন হলে মৌলিক অধিকাৰ বাতিল কৰিব পাৰে। যেনে যুদ্ধকালীন অৱস্থাত, ৰাজনৈতিক সংকট অৱস্থাত আৰু অর্থনৈতিক সংকট অৱস্থাত।
(৩) মৌলিক অধিকাৰসমূহ সম্বন্ধবাচক। কোনাে ব্যক্তিয়েই গাইগুটীয়াকৈ মৌলক অধিকাৰসমূহ ভােগ কৰি অন্যান্য নাগৰিকক একে অধিকাৰ ভােগ কৰাৰ পৰা বঞ্চিত কৰিব নােৱাৰে।
(৫) মৌলিক অধিকাৰসমূহ কেৱল ভাৰতীয় নাগৰিকসকলৰ বাবেহে। কোনাে বিদেশীয়ে আটাইবােৰ মৌলিক অধিকাৰ ভােগ কৰিব নােৱাৰে।
(৬) মৌলিক অধিকাৰসমূহ সংশােধন, যােগ্য। সংবিধানৰ ৩৬৮ নং অনুচ্ছেদ অনুসৰি সংসদে যিকোনাে মৌলিক অধিকাৰ সংশােধন কৰিব পাৰে।

(৩) ভাৰতীয় সংবিধানত উল্লেখ থকা মৌলিক কর্তব্যসমূহ আলােচনা কৰা।
উত্তৰ : ভাৰতীয় সংবিধান ১৭৭ চনত ৪২ তম সংশােধনী আইন অনুসৰি সংবিধানৰ ৪র্থ অধ্যায় ৫১
(ক) নং অনুচ্ছেদত ১০ টা মৌলিক কর্তব্য সংযােজন কৰা হৈছে। সেইবােৰ হ’ল –
(১) ভাৰতীয় নাগৰিকসকলে সংবিধান মানি চলা, জাতীয় পতাকা আৰু ৰাষ্ট্ৰীয় প্রতীক প্রতি শ্রদ্ধা প্রদর্শন কৰা।
(২) স্বাধীনতা আন্দোলনক অনুপ্রাণিত কৰা মহান আদর্শসমূহপােযণ কৰা আৰু অনুসৰণ কৰা।
(৩) ভাৰতবৰ্ষৰ সার্বভৌমত্ব, ঐক্য আৰু সংহতি ৰক্ষা কৰা।
(৪) দেশখন ৰক্ষা কৰা আৰু প্রয়ােজনীয় সেৱা আগবঢ়োৱা।
(৫) ভাৰতবৰ্ষৰ সকলাে মানুহৰ মাজত ঐক্য আৰু ভাতৃত্ববােধ গঢ়ি তােলা আৰুনাৰী মৰ্যদা হানিকৰ আচৰণ নকৰা।
(৬) ভাৰতৰ মূল্যৱান ঐতিহ্যক মূল্য দিয়া আৰু তাক সংৰক্ষণ কৰা।
(৭) বনানি, হ্রদ, নদ-নদী, বন্য জীৱ-জন্তুকে ধৰি প্রাকৃতিক পৰিবেশ ৰক্ষা কৰা আৰু সকলাে জীৱিত প্রাণীৰ প্রতি দয়া ভাৱ পােষণ কৰা।
(৮) ৰাষ্ট্ৰখনক প্রগতিৰ পথলৈ আগবঢ়াই লৈ যােৱা।
(৯) ৰাজহুৱা সম্পত্তি ৰক্ষা কৰা আৰু হিংসাৰ মনােভাৱ ত্যাগ কৰা ।
(১০) বৈজ্ঞানিক দৃষ্টিভংগীৰ বিকাশ সাধন কৰা, মানৱতাবােধ ভাৱৰ সৃষ্টি কৰা আৰু অনুসন্ধিৎসু তথা সংস্কাৰৰ মনােভাৱৰ বিকাশ সাধন কৰা।

(৪) ভাৰতীয় সংবিধানত উল্লেখ থকা নির্দেশাত্মক নীতিসমূহ আলােচনা কৰা।
উত্তৰ : ভাৰতৰ সংবিধানৰ চতুর্থ অধ্যায়ত মুঠ ১৬ টা অনুচ্ছেদত নির্দেশাত্মক নীতিসমূহ সন্নিবিষ্ট হৈছে। আদৰ্শৰ ভিত্তিত এই নীতিসমূহক চাৰিটা ভাগত ভাগ কৰিব পাৰি । যেনে— অর্থনৈতিক নীতি, গান্ধীবাদীনীতি,আন্তঃৰাষ্ট্ৰীয় নীতি আৰু বিবিধ নীতি। তুলত এইবােৰৰ আলােচনা কৰা হ’ল –
(১) অর্থনৈতিক নীতি : ভাৰতীয় নাগৰিকসকলে অর্থনৈতিক স্বাধীনতা ভােগ কৰিব পৰাকৈ সংবিধানৰ ৩৯ অনুচেছদৰ পৰা ৪৩ নং অনুচেছদলৈকে কিছুমান অর্থনৈতিক নীতি নির্ধাৰণ। কৰা হৈছে। সেইবােৰ হ’ল –
(ক) নাগৰিকসকলৰ জীৱিকাৰ পর্যাপ্ত উপায় ব্যৱস্থা কৰা।।
(খ) সম্পদৰ সমবিতৰণ কৰা।
(গ) পুৰুষ-মহিলাৰ মাজত সমান কাম আৰু সমান পাৰিশ্ৰমিকৰ ব্যৱস্থা কৰা।
(ঘ) শ্ৰমিকসকলৰ কামৰ পৰিবেশ উন্নত কৰা।
(ঙ) নিবনুৱা, বৃদ্ধসকল, অসুস্থ বা পঙ্গুসকলৰ বাবে চৰকাৰী সাহাৰ্যৰ ব্যৱস্থা কৰা।

(২) গান্ধীবাদী নীতি: ভাৰতীয় সংবিধানৰ ৪০ নং অনুচ্ছেদৰ পৰা ৪৮ নং অনুচ্ছেদলৈকে গান্ধীবাদী। নীতিসমূহ সন্নিবিষ্ট কৰা হৈছে। এইবােৰ হ’ল—
(ক) পঞ্চায়তীৰাজ প্রতিষ্ঠা কৰা।
(খ) ব্যক্তিগত ভাবে বা সমবায় ভিত্তিত কুটিৰ শিল্পৰ বিকাশ সাধন কৰা।।
(গ) সমাজৰ দুর্বল, পিছপৰা শ্রেণীৰ লােক, অনুসূচীত জাতি আৰু জনজাতিৰ লােকসকলৰ বাবে শিক্ষাৰ সুবিধা কৰি দিয়া।
(ঘ) জীৱন ধাৰণৰ মানদণ্ড উন্নত কৰা। ঔষধ হিচাপে ব্যৱহাৰ কৰাৰ বাহিৰে মাদক দ্ৰৱ্যৰ ব্যৱহাৰ বন্ধ কৰা।
(ঙ) আধুনিক আৰু বৈজ্ঞানিক পদ্ধতিত কৃষি আৰু পশু-পালনৰ ব্যৱস্থা কৰা।

(৩) আন্তঃৰাষ্ট্ৰীয় নীতি : ভাৰতৰ সংবিধানত সন্নিবিষ্ট কৰা নির্দেশাত্মক নীতিৰ ভিতৰত আন্তঃৰাষ্ট্রীয় ক্ষেত্রত পালন কৰিব লগা কিছুমান
নীতিও আছে। সেইবােৰ হ’ল –
(ক) আন্তঃৰাষ্ট্ৰীয় শান্তি আৰু নিৰাপত্তা বৃদ্ধি কৰা।
(খ) ৰাষ্ট্ৰসমূহৰ মাজত ন্যায় আৰু সন্মানজনক সম্বন্ধ ৰক্ষা কৰা।
(গ) ৰাষ্ট্ৰসমূহৰ মাজত আন্তঃৰাষ্ট্ৰীয় আইন আৰু আন্তঃৰাষ্ট্ৰীয় সন্ধিৰ প্রতি শ্রদ্ধা আগবঢ়োৱা।
(ঘ) মধ্যস্থতাৰ জৰিয়তে আন্তঃৰাষ্ট্ৰীয় বিবাদ নিষ্পত্তি কৰাত উৎসাহ দিয়া।

(৪) বিবিধ নীতি : ভাৰতীয় সংবিধানৰ ৪৪, ৪৫, ৪৯ আৰু ৫০ নং অনুচ্ছেদত কিছুমান নীতি সন্নিবিষ্ট কৰা হৈছে। এইবােৰক বিবিধ নীতি বুলি কব পাৰি।
এই নীতিবােৰ হ’লঃ
(ক) সমগ্ৰ ভাৰতবৰ্ষতে একে ধৰণৰ দেৱানী আইন ব্যৱস্থাৰ প্ৰচলন কৰা।
(খ) ১৪ বছৰৰ তলৰ ল’ৰা-ছােৱালীক বিনামূলীয়া শিক্ষাৰ সুবিধা দিয়া।
(গ) অতীতৰ শিল্প-কলা আৰু ঐতিহাসিক মঠ-মন্দিৰ আদি সংৰক্ষণৰ ব্যৱস্থা কৰা।
(ঘ) কার্যপালিকাৰ পৰা ন্যায়পালিকাক পৃথক কৰা।

(৫) মৌলিক অধিকাৰ আৰু নির্দেশাত্মক নীতিৰ মাজত পার্থক্য নির্ণয় কৰা।
উত্তৰ : ভাৰতৰ সংবিধানত সন্নিবিষ্ট মৌলিক অধিকাৰ আৰু নির্দেশাত্মক নীতিৰ মাজত কিছুমান পার্থক্য আছে। যেনে—–
(১) মৌলিক অধিকাৰসমূহ বাদ যােগ্য; কিন্তু,নির্দেশাত্মক নীতিসমূহ বাদযােগ্য নহয়। অর্থাৎ কোনাে ব্যক্তি বা কোনাে চৰকাৰী বিভাগে নাগৰিকৰ মৌলিক অধিকাৰত হস্তক্ষেপ কৰিলে তাৰ প্ৰতিকাৰৰ বাবে উচ্চ ন্যায়ালয় বা উচ্চতম ন্যায়ালয়ত গােচৰ তৰিব পাৰি। কিন্তু নির্দেশাত্মক নীতি ভংগ কৰিলে আদালতত গােচৰ তৰিব নােৱাৰি।
(২) মৌলিক অধিকাৰৰ জৰিয়তে ভাৰতীয় নাগৰিকসকলক কিছুমান বিষয়ত ৰক্ষণাবেক্ষণ দিবলৈ। চেষ্টা কৰা হৈছে। আনহাতে নির্দেশাত্মক নীতিৰ দ্বাৰা ভাৰতবৰ্ষক এখন কল্যাণকামী ৰাষ্ট্ৰত পৰিণত কৰিব বিচৰা হৈছে।
(৩) মৌলিক অধিকাৰ আৰু নির্দেশাত্মক নীতিৰ মাজত সংঘাত হলে মৌলিক অধিকাৰে অগ্ৰাধিকাৰ পায়।
(৪) দেশত জৰুৰী অৱস্থা বহাল থাকিলে মৌলিক অধিকাৰ বাতিল হ’ব পাৰে। কিন্তু নির্দেশাত্মক নীতি বাহাল থাকে।
(৫) মৌলিক অধিকাৰ কাৰ্যকৰী কৰাৰ বাবে কোনাে নতুন বিধিৰ প্ৰয়ােজন নহয়। কিন্তু নির্দেশাত্মক নীতি কার্যকৰী কৰিবৰ বাবে সময়ে সময়ে চৰকাৰে নতুন বিধি প্রণয়ন কৰিব লগা হয়।
(৬) মৌলিক অধিকাৰৰ ভিত্তি হৈছে ব্যক্তিবাদ। কিন্তু নির্দেশাত্মক নীতিৰ ভিত্তি হৈছে সমাজবাদ।

Leave a Comment

Stay informed about the latest Educational Update website. We provide timely and accurate information on upcoming Exam, application deadlines, exam schedules, and more.

📱 Get AssamWeb App

Unlock free PDFs, mock tests, and certificates with our mobile app. Faster, smoother, and made for students 📚✨

🚀 Install from Play Store One-time reminder • No spam