সমতা Class 11 [প্রশ্নোত্তৰ] Political Science Chapter 13 Assamese Medium

বিষয়  ৰাজনীতি বিজ্ঞান
পাঠৰ নাম সমতা
শ্ৰেণী  একাদশ শ্ৰেণী
গােট খ – শাখা
পাঠৰ নং অধ্যায় – ৩
পাঠ্যক্ৰম  অসম মাধ্যমিক শিক্ষা পৰিষদৰ (AHSEC)

সমতা Class 11

ক. অতি চমু প্রশ্নোত্তৰ :(প্রত্যেকটোৰ মূল্যাংক – ১)

১। মার্ক্সবাদীসকলৰ মতে মৌলিক বা প্রাথমিক সমতাটো কি?
উত্তৰ : অর্থনৈতিক সমতা।

২। মানুহ প্রকৃতিগত ভাৱে সমান’ : উক্তিটো কাৰ?
উত্তৰ : জন লক।

৩। কেতিয়া আইনগত সমতাৰ দাবী উত্থাপিত হৈছিল?
উত্তৰ : ১৮ শ শতিকাত।

৪। গণতন্ত্রত ৰাজনৈতিক সমতা অপৰিহাৰ্যঃ কথাষাৰ সঁচানে?
উত্তৰ: সঁচা।

৫। ফৰাচী বিপ্লৱৰ প্ৰধান মূলমন্ত্র কি আছিল?
উত্তৰঃ স্বাধীনতা, সমতা আৰু ভাতৃত্ববােধ।

৬। ফৰাচী বিপ্লৱ কাৰ বিৰুদ্ধে সংঘটিত হৈছিল?
উত্তৰ: স্বেচ্ছাচাৰী ৰাজতন্ত্র আৰু জমিদাৰ শ্ৰেণীৰ বিৰুদ্ধে।

৭। ৰামমনােহৰ লােহিয়া কোন মতবাদৰ সমর্থক আছিল?
উত্তৰ: সমাজবাদৰ।

৮। কার্ল মার্ক্সৰ মতে সমাজত অন্তর্নিহিত বৈষম্যৰ মূল কাৰণ কি ?
উত্তৰ : অর্থনৈতিক অসমতা।

Political Science Class 11 chapter 13 Assamese Medium

খ. চমু প্রশ্নোত্তৰ: (প্রত্যেকটোৰ মূল্যাংক – ২)

১। সমতাৰ দুটা আৱশ্যকতা উল্লেখ কৰা।
উত্তৰ : সমতাৰ দুটা আৱশ্যকতা হল :
(ক) সমতাই সমাজত ধনী-দুখীয়া, উচ্চ-নীচ, অস্পৃশ্যতা আদি নাশ কৰিব পাৰে।
(খ) সমতাই সমান সুযােগ-সুবিধা প্রদান কৰিব পাৰে। ফলত ব্যক্তিৰ শাৰীৰিক আৰু মানসিক বিকাশ সম্ভব হয়।

২। নাৰীত্ববাদ বুলিলে কি বুজা?
উত্তৰ : নাৰীত্ববাদ হৈছে মহিলাসকলে পুৰুষৰ সৈতে সমান অধিকাৰ প্ৰতিষ্ঠাৰ বৰে কৰা এক সংগ্রাম এই ‘বাদ’ অনুসৰি নাৰীসকল পুৰুষৰ তুলনাত কোনাে গুণে হীন নহয়। সেয়ে সিহঁতেও পুৰুষৰ সমান সুযােগ আৰু সুবিধা পােৱাৰ পােষকতা কৰে।

৩। অসমতাৰ দুটা ধৰণ উল্লেখ কৰা।
উত্তৰ: অসমতাৰ দুটা ধৰণ হল :
(ক) প্রাকৃতিক অসমতা আৰু
(খ) সামাজিক অসমতা।

সমতা Class 11 Political

গ. চমু প্রশ্নোত্তৰঃ (প্রত্যেকটোৰ মূল্যাংক – ৪)

১। স্বাধীনতা আৰু সমতাৰ মাজৰ সম্পর্ক আলােচনা কৰা।
উত্তৰঃ স্বাধীনতা আৰু সমতা হৈছে গণতন্ত্রৰ ভেটি স্বৰূপ। বার্কাৰ, মিল, হবহাউচ আদি বহুতাে পণ্ডিতে স্বাধীনতা আৰু সমতাৰ মাজত সম্পর্ক আছে বুলি মত পােষণ কৰিছে। স্বাধীনতা আৰু সমতাৰ মাজত থকা সম্পর্ক তলত দিয়া ধৰণে আলােচনা কৰিব পাৰি।
(ক) স্বাধীনতা সমতাৰ পূর্ব চর্ত স্বৰূপ। স্বাধীনতা থাকিলেহে সমতা থাকিব। সম অধিকাৰৰ ভিত্তিতহে নাগৰিকে স্বাধীনতা ভােগ কৰিব পাৰে। কাৰণ য’ত সমতা নাই তাত স্বাধীনতা বিঘ্নিত হয় ।
(খ) স্বাধীনতা হৈছে ব্যক্তি প্রতিভা আৰু ব্যক্তিত্ব বিকাশৰ বাবে এক জৰুৰী অৱস্থা। সমতাই সকলােকে ব্যক্তিত্ব আৰু প্রতিভা বিকাশৰ বাবে ৰাজনৈতিক, সামাজিক আৰু অর্থনৈতিক স্বাধীনতা উপভােগ কৰাকে সূচায়।
(গ) সাম্যবাদী চিন্তাবিদসকলৰ মতে সমতা অবিহনে স্বাধীনতা মূল্যহীন আৰু উদাৰতাবাদী চিন্তাবিদসকলৰ মতে সমতা অবিহনে স্বাধীনতা মূল্যহীন। গতিকে দেখা যায় সাম্যবাদী আৰু উদাৰতাবাদী দৃষ্টিভংগীৰ পিনৰ পৰাও স্বাধীনতা আৰু সমতাৰ মাজত ওতঃপ্রােত সম্পর্ক আছে।।

লগতে পঢ়ক:   বিধানমণ্ডল Class 11 (প্ৰশ্ন উত্তৰ) ৰাজনীতি বিজ্ঞান অধ্যায় ৫

২। সমতাৰ চাৰিটা বৈশিষ্ট্য উল্লেখ কৰা।
উত্তৰ : সমতাৰ চাৰিটা বৈশিষ্ট্য হল –
(ক) সমতা হৈছে এক ৰাজনৈতিক আৰু নৈতিক আদর্শ।
(খ) সমতা চৰম নহয়। ইসকলােকে সমান সুযােগ- সুবিধা প্রদান কৰাকে বুজায় যদিও সুযােগ সুবিধা ভােগ কৰাটো ব্যক্তিৰ ওপৰত নিৰ্ভৰ কৰে।
(গ) সমতাই কোনাে বিশেষ শ্রেণীৰ প্ৰতি পক্ষপাতিত্বহীন অৱস্থাক বুজায়।
(ঘ) সমতাই সমান কামৰ বাবে সমান মজুৰি আৰু সমান যােগ্যতাৰ বাবে সমধর্মী কাম পােৱাৰ পােষকতা কৰে।

সমতা Class 11 question Answer

ঘ. ৰচনাধর্মী প্রশ্নোত্তৰঃ প্রত্যেকটোৰ মূল্যাংক-৬)

১। সমতাৰ সংজ্ঞা দিয়া। সমতাৰ বিভিন্ন শ্রেণীৰ বিষয়ে আলােচনা কৰা৷
উত্তৰ : সমতাই সাধাৰণতে প্রত্যেক ব্যক্তিকে সমান সা-সুবিধা আৰু সুযােগ প্রদান কৰা আৰু সকলােৰে প্রতি সম ব্যৱহাৰ প্ৰদৰ্শন কৰাটোক বুজায়। সমতাৰ সংজ্ঞা বিভিন্ন পণ্ডিতে বিভিন্ন ধৰণে দিছে যদিও লাস্কিয়ে এক সন্তোষজনক সংজ্ঞা আগবঢ়াইছে এইদৰে:- ‘বিশেষ সুযােগ-সুবিধাৰ অনুপস্থিতি আৰু সকলােৰে উপযুক্ত সুযােগ সুবিধাৰ ব্যৱস্থা কৰাই সমতা। সমতাক বিভিন্ন ভাগত ভাগ কৰা হৈছে। যেনে — প্রাকৃতিক সমতা, সামাজিক সমতা, ৰাজনৈতিক সমতা,অর্থনৈতিক সমতা, আইনগত সমতা আদি। তলত এইবােৰ সমতাৰ বিষয়ে চমুকৈ আলােচনা কৰা হ’ল–

(ক) প্রাকৃতিক সমতা : প্রাকৃতিক সমতা বুলিলে সাধাৰণতে প্রাকৃতিকভাৱে মানুহে লাভ কৰা সমতাকে সূচায়। এই সমতাৰ পৃষ্ঠপােষকসকলে মত পােষণ কৰে। যে প্রকৃতিয়ে সকলােকে সমভাৱে সৃষ্টি কৰিছে। গতিকে সকলােৱে সমান অধিকাৰ, মৰ্যদা আৰু অধিকাৰ পােৱা উচিত। জন লক, ৰুছে আদি চিন্তাবিদসকলে প্রাকৃতিক সমতাৰ সমর্থক প্রাকৃতিক সমতা এনে এক আদর্শ যিয়ে সকলাে মানুহৰ সমান অধিকাৰ আৰু স্বাধীনতা পােৱাৰ দাবী কৰে।

(খ) সামাজিক সমতা : সামাজিক সমতাই জাতি, ধর্ম, লিংগ, বর্ণ নির্বিশেষে সকলােৱে সমান অধিকাৰ লাভ কৰাটোকে বুজায়। এই ধাৰণাই জাতিগত বৈষম্য, অস্পৃশ্যতা আদিৰ অসৱান হােৱাটো বিচাৰে। এই সমতাই সমাজৰ সকলােৱে নিজৰ নিজৰ ব্যক্তিত্ব আৰু প্রতিভা বিকাশৰ বাবে সমান সুযােগ-সুবিধা পাব বিচাৰে।

লগতে পঢ়ক:   বিকাশ Class 11 Political Science প্রশ্নোত্তৰ একাদশ শ্ৰেণী

(গ) ৰাজনৈতিক সমতাঃ ৰাজনৈতিক সমতাইৰাষ্ট্র পৰিচালনাত সকলােৰে সমান অধিকাৰ সাব্যস্ত কৰাক বুজায়।এইসমতাইনাগৰিকসকলৰ ভােটদানৰ অধিকাৰ, শাসন কার্যত অংশ গ্রহণ কৰাৰ বাবে নিজা প্রতিনিধি নির্বাচন কৰাৰ অধিকাৰ, নিজৰ নিজৰ যােগ্যতা অনুসৰি চাকৰি বা চৰকাৰী পদ পােৱাৰ পােষকতা কৰে।

(ঘ) অর্থনৈতিক সমতা : অর্থনৈতিক সমতাইসম্পদ আহৰণ আৰু ভােগ কৰাত সমান অধিকাৰৰ দাবী কৰে। কার্ল মার্ক্স অর্থনৈতিক সমতাৰ প্ৰৱক্তা আছিল। এইসমতা মতে ৰাষ্ট্র এখনৰ সকলাে নাগৰিকে ৰাষ্ট্ৰৰ পৰা সমান অর্থনৈতিক সুযােগ সুবিধা পােৱা উচিত। এই ধাৰণা অনুসৰি সমান কামৰ বাবে সমান মজুৰি, সকলােৱে কাম পােৱাৰ অধিকাৰ ইত্যাদিক বুজায়।

(ঙ) আইনগত সমতা : আইনগত সমতা ‘আইনৰ চকুত সকলােৱে সমান এই ধাৰণাৰ ওপৰত প্রতিষ্ঠিত। সমাজত বসবাস কৰা সৰু-বৰ, ধনী-দুখীয়া আদি সকলাে শ্ৰেণীৰ লােক আইৰ দৃষ্টিত সমান সুযােগ-সুবিধা আৰু সমান ন্যায় পােৱাৰ অধিকাৰ আছে। দেশৰ সংবিধানে আইগত সমতা প্রদান কৰে। ন্যায়ালয় হৈছে আইনগত সমতা ৰক্ষা কৰাৰ অভিভাৱক।

Leave a Comment

Your email address will not be published. Required fields are marked *


Scroll to Top