ধর্ম নিৰপেক্ষতা Class 11 প্রশ্নোত্তৰ একাদশ শ্ৰেণী Chapter 18 Political Science

বিষয়  ৰাজনীতি বিজ্ঞান
পাঠৰ নাম ধর্মনিৰপেক্ষতা
শ্ৰেণী  একাদশ শ্ৰেণী
গােট খ – শাখা
পাঠৰ নং অধ্যায় – ৮
পাঠ্যক্ৰম  অসম মাধ্যমিক শিক্ষা পৰিষদৰ (AHSEC)

ধর্ম নিৰপেক্ষতা Class 11

ক, অতি চমু প্রশ্নোত্তৰঃ (প্রত্যেকটোৰ মূল্যাংক-১)

১। ভাৰতীয় সংবিধানৰ কিমানতম সংশােধনীত ‘ধর্মনিৰপেক্ষ’ শব্দটো সংযােজন কৰা হৈছে ?
উত্তৰ: ৪২ তম সংশােধনীত।

২। ভাৰত এখন ধর্মনিৰপেক্ষ ৰাষ্ট্র হয় নে ?
উত্তৰ : হয়।

৩। ভাৰতৰ কোনটো ৰাজনৈতিক দল ধর্মনিৰপেক্ষ দল নহয় ?
উত্তৰ : হিন্দু মহাসভা।

Political Science Chapter 18 Class 11

খ. চমু প্রশ্নোত্তৰ: (প্রত্যেকটোৰ মূল্যাংক -২)

১। ভাৰতবৰ্ষ এখন ধর্মনিৰপেক্ষ ৰাষ্ট্ৰ হয় নে ? যুক্তি দিয়া।
উত্তৰ : ভাৰতীয় সংবিধান মতে ভাৰত এখন ধর্মনিৰপক্ষে ৰাষ্ট্ৰ। কাৰণ ৰাষ্ট্ৰীয় বা চৰকাৰৰ তপৰ পৰা পৰা কোনাে ধর্মকে পৃষ্ঠপােষকতা কৰা নহয়। ইয়াত সকলাে ধৰ্মৰ মানুহে নিজ নিজ ধর্ম পালন আৰু প্ৰচাৰ কৰাৰ স্বাধীনতা উপভােগ কৰে।

২। ধৰ্মনিৰপেক্ষতা ধর্ম বিৰােধী হয় নে?
উত্তরঃ ধর্মনিৰপেক্ষত ধর্ম বিৰােধী নহয়। ধর্মনিৰপেক্ষতা এক আদর্শ। এই আদর্শ মতে ৰাৰ পিনৰ পৰা কোনো ধৰ্মৰ প্রতি বিশেষ সহানুভূতি দেখুৱা বা পৃষ্ঠপােষকতা কৰা নহয় যদিও সকলােৱে নিজ নিজ ৰ্ধম পালনত স্বাধীনতা ভোগ কৰে।

৩। জাতীয়তাবাদৰ দুটা বাহ্যিক উপাদান উল্লেখ কৰা।

উত্তৰঃ জাতীয়তাবাদৰ দুটা বাহ্যিক উপাদান হল –
(ক) উমৈহতীয়া ধৰ্মা আৰু (খ) উমৈহতীয়া ভাষা।

Political Science Chapter 18 Class 11

গ, চমু প্রশ্নোত্তৰঃ (প্রত্যেকটোৰ মূল্যাংক – ৪)

১। ধর্মনিৰপেক্ষতাৰ বৈশিষ্ট্য উল্লেখ কৰা।
উত্তৰ: ধর্মনিৰপক্ষতাৰ কিছুমান বৈশিষ্ট্য আছে। যেনে—–
(ক) ধৰ্মনিৰপেক্ষতাই কোনাে ধর্মকে চৰকাৰীভাৱে বা ৰাষ্ট্রীয়ভাৱে স্বীকৃতি নিদিয়ে।
(খ) ধর্মনিৰপেক্ষতাইসকলাে ধৰ্মৰ প্রতি সমব্যৱহাৰ কৰা নীতিৰ পােষকতা কৰে।
(গ) ধর্মনিৰপেক্ষ ৰাষ্ট্ৰত ধর্মীয় স্বাধীনতা থাকে। প্রত্যেক ব্যক্তিয়ে স্বাধীনভাৱে নিজৰ ধর্ম পালন আৰু প্রচাৰ কৰিব পাৰে।
(ঘ) ধর্মনিৰপেক্ষতাই ধৰ্মৰ ভিত্তিত কোনাে সাম্প্রদায়িক বৈষম্য সৃষ্টি হােৱা মানসকিতাক প্রশ্রয় নিদিয়ে।

লগতে পঢ়ক:   যুক্তৰাষ্ট্ৰীয়বাদ Class 11 Political Science Chapter 7 Question Answer

২। ভাৰতীয় ধর্মনিৰপক্ষেৰ প্রতি অহা ভাবুকি উল্লেখ কৰা।
উত্তৰ: ভাৰতবর্ষ হৈছে পৃথিৱীৰ এক অন্যতম বৃহৎ ধর্মনিৰপেক্ষ ৰাষ্ট্ৰ। ভাৰতীয় সংবিধানে দেশখনক ধর্মনিৰপেক্ষ ৰাষ্ট্ৰ হিচাপে স্বীকৃতি দিছে যদিও ভাৰতীয় ধর্মনিৰপেক্ষতাইকিছুমান ভাবুকিৰ সন্মুখীন হৈছে। যেনে—-

(ক) ভাৰতবৰ্ষত নানা ভাষা-ভাষী,বর্ণ, গােষ্ঠী আদিৰ লােক বসবাস কৰে। সেইসলকৰ বিশ্বাস আৰু সংস্কৃতিও সুকীয়া সুকীয়া। ফলত বহু সময়ত সাম্প্রদায়িকতাই গা কৰি উঠি ভাৰতীয় ধর্মনিৰপেক্ষ আদর্শত আঘাত হানিছে।

(খ) ভাৰতত জাতি ভিত্তিত দল গঠনৰ প্ৰৱণতা আৰু জাতিৰ ভিত্তিত নিৰ্বাচনত প্রতিদ্বিন্দ্বিতা কৰাটোও ধৰ্মনিৰপেক্ষতাৰ প্ৰতি ভাবুকি স্বরূপ।
(গ) সাম্প্রতিক সময়ত ৰাজনৈতিক দলসমূহে আৰু কিছুমান স্বার্থান্বেষী ৰাজনৈতিক নেতাই ধৰ্ক ৰাজনৈতিক লক্ষ্য পূৰণৰ অস্ত্র হিচাপে ব্যৱহাৰ কৰি আছে। ফলত ধর্মনিৰপেক্ষতাই ভাবুকিৰ সন্মুখীন হৈছে।
(ঘ) সামাজিক অসমতায়াে ধর্মনিৰপেক্ষতাৰ আদর্শ জীয়াই ৰখাত প্রতিবন্ধকতা সৃষ্টি কৰিছে।

৩। ধর্মনিৰপেক্ষতাক অধিক কার্যক্ষম কৰিবৰ বাবে কিছুমান ব্যৱস্থা উল্লেখ কৰা।
উত্তৰ : ধর্মনিৰপেক্ষতাক অধিক কার্যক্ষম কৰি তুলিবলৈ আমি তলত দিয়া ব্যৱস্থাসমূহ গ্ৰহণ কৰিব পাৰোঁ। যেনে——
(ক) যুৱ প্ৰজন্মক ৫মনিৰপেক্ষতাৰ শিক্ষা দিব উদ্দেশ্যে পাঠ্যপুথিত ধর্মীয় বিদ্বেষমূলক বিষয় সন্নিবিষ্ট নকৰি ধমীয় সহনশীলতা শিক্ষাৰ পাঠ সন্নিবিষ্ট কৰা উচিত।
(খ) ধমক ৰাজনীতিৰ পৰা পৃথক কৰি ধৰ্মক সাঙুৰি লােৱা ৰাজনৈতিক দলবােৰক অসাংবিধানিক বুলি ঘােষণা কৰি ধৰ্মনিৰপেক্ষতাৰ আদর্শ বজাই ৰাখিব লাগে।
(গ) ধর্মীয় মৌলবাদী সংগঠনসমূহ বন্ধ কৰি দিব লাগে। আৰু ধর্মীয় বিবাদ সৃষ্টি কৰা সংগঠন বা ব্যক্তিক কঠোৰভাৱে নিয়ন্ত্রণ কৰিব লাগিব।
(ঘ) চৰকাৰী সংগঠনসমূহৰ লগতে বেচৰকাৰী সংগঠন বা অনুষ্ঠানসমূহে ধৰ্মনিৰপেক্ষতাৰ ভাৱধাৰা বিকাশৰ বাবে ভূমিকা পালন কৰিব লাগে।

৪। পশ্চিমীয়া ধৰ্মনিৰপেক্ষতা আৰু ভাৰতীয়। ধর্মনিৰপেক্ষতাৰ মাজত পার্থক্য আছেনে ? যদি আছে। উল্লেখ কৰা।
উত্তৰ : ধর্মনিৰপেক্ষতা ধাৰণাৰ জন্ম পাশ্চাত্য দেশবােৰত হয় যদিও ভাৰতীয় ধর্মনিৰপেক্ষতা আৰু পশ্চিমীয়া ধৰ্মনিৰপেক্ষতাৰ মাজত কিছুমন পার্থক্য আছে। যেনে——
(ক) পশ্চিমীয়া ধৰ্মনিৰপেক্ষতাই ধর্মীয় পৰম্পৰাৰ কাম কাজত হস্তক্ষেপ নকৰে ভাৰতীয় ধর্মনিৰপেক্ষতাই ধর্মীয় পৰম্পৰাৰ সংস্কাৰৰ পােষকতা কৰে।
(খ) পশ্চিমীয়া ধৰ্মনিৰপেক্ষতাই এটা ধৰ্মৰ বিভিন্ন সম্প্রদায় মাজত সমতা বজাই ৰখাত গুৰুত্ব দিয়ে। আনহাতে ভাৰতীয় ধর্মনিৰপেক্ষতাই বিভিন্ন ধর্মীয় গােটসমূহৰ মাজত সমতা আৰু একতা বজাই ৰখাত গুৰুত্ব দিয়ে।
(গ) পশ্চিমীয়া ধৰ্মনিৰপেক্ষতাত সম্প্রদায় ভিত্তিত অধিকাৰ ৰক্ষাত গুৰুত্ব দিয়ে। আনহাতে ভাৰতীয় ধর্মনিৰপেক্ষতাত সাম্প্রদায়িক অধিকাৰ ৰক্ষাৰ প্রতি মনোেযােগ দিয়া দেখা নাযায়।
(ঘ) পশ্চিমীয়া ধৰ্মনিৰপেক্ষতাই ধৰ্মৰ প্ৰভাৱ নুই কৰি চলে আনহাতে ভাৰতীয় ধর্মনিৰপেক্ষতাই সামাজিক জীৱনত ধৰ্মৰ প্ৰভাৱক গুৰুত্বপূৰ্ণ বুলি গণ্য কৰে।

লগতে পঢ়ক:   জাতীয়তাবাদ Class 11 Political Science Chapter 17 Assamese Medium

ধর্ম নিৰপেক্ষতা Class 11

ঘ. ৰচনাধর্মী প্রশ্নোত্তৰ: (প্রত্যেকটোৰ মূল্যাংক -৬)

১| ধর্ম নিৰপক্ষতা মানে কি? আধুনিক যুগত ধর্মনিৰপেক্ষতাৰ প্ৰয়ােজন আছে নে ? আলােচনা কৰা।
উত্তৰ : ধর্মনিৰপেক্ষতা’ শব্দটো পােন প্রথমতে পাশ্চাত্য দেশবােৰত ব্যৱহাৰ হয়। বিশেষকৈ যেতিয়া। খ্রীষ্টান ধৰ্মৰ চাৰ্চক ৰাষ্ট্ৰৰ পৰা পৃথক কৰা হয়, তেতিয়া এই ধর্মনিৰপেক্ষ ধাৰণাটোৱে গা কৰি উঠে। ১৮৪৬ চনত জর্জ হলিয়কে প্রথম ‘ধর্মনিৰপেক্ষ’ শব্দটো উদ্ভাৱন কৰে।ধর্মনিৰপেক্ষতাই সাধাৰণতে চৰকাৰীভাৱে কোনাে ধৰ্মৰ স্বীকৃতি নিদিয়াৰ কথাটোক নির্দেশ কৰে। অর্থাৎ ধর্মনিৰপেক্ষতাই ৰাষ্ট্ৰৰ পিনৰ পৰা কোনাে ধৰ্মৰ প্রতি পৃষ্ঠপােষকতা নকৰা অৱস্থাক বুজায়। আধুনিক যুগত ধর্মনিৰপেক্ষতাৰ প্রয়ােজন আছে। কাৰণ —
(১) ধর্মনিৰপেক্ষতাই ধর্মীয় স্বেচ্ছাচাৰীতাৰ অন্ত পেলায়। কিয়নাে ৰাষ্ট্ৰই কোনাে বিশেষ ধৰ্মৰ পৃষ্ঠপােষকতা কৰিলে অন্যান্য ধর্মৰ লােকসকলৰ ধর্মীয় বিশ্বাস আৰু পৰম্পৰা অনুসৰণ কৰাত ব্যঘাত ঘটিব পৰে।
(২) ধর্মনিৰপেক্ষতাই ধর্মীয় স্বাধীনতাক মানি লয় । ফলত এখন ৰাষ্ট্ৰত বাসবাস কৰি থকা সকলাে ধৰ্মৰ লােকে নিজ নিজ ধর্ম বাধাহীনভাৱে পালন কৰাৰ সুবিধা পায়।
(৩) এখন গণতান্ত্রিক ৰাষ্ট্ৰত বিভিন্ন ধর্মাৱলম্বীৰ মানুহ বসবাস কৰে। সেয়ে ধর্ম নিপক্ষে নীতি বাহাল থাকিলে দেশখন ধর্মীয় কন্দলৰ মুখামুখি হােৱাৰ পৰা নিৰাপদ থাকে। ফলস্বৰূপে ৰাষ্ট্ৰখনে ইয়াৰ উমৈহতীয়া আদর্শ পিনে দ্রুতগতিত আগুৱাই যাব পাৰে।
(৪) ধর্মনিৰপেক্ষতাই বিশ্ব ভাতৃত্ববােধ গঢ়াত ইন্ধন। যােগায়।
(৫) ধর্মনিৰপেক্ষতাই সহনশীলতা আৰু নৈতিকতাক সমর্থন কৰে। কাৰণ ই মানৱীয় গুণৰ সার্বজনীন নীতি যেনে : সত্যবাদিতা, সহনশীলতা, ধৈর্য, পৰােপকাৰ,ভাতৃত্ববােধ আদিৰ শিক্ষা দিয়ে।

 

Leave a Comment

Your email address will not be published. Required fields are marked *


Scroll to Top