WhatsApp WhatsApp Channel NEW
Join Now →
Play Store Android App FREE
Get Now →
Home » শিক্ষা একাদশ শ্ৰেণী » শিক্ষা মনােবিজ্ঞান আৰু ইয়াৰ অধ্যয়নৰ গুৰুত্ব (প্রশ্নোত্তৰ) একাদশ শ্ৰেণী

শিক্ষা মনােবিজ্ঞান আৰু ইয়াৰ অধ্যয়নৰ গুৰুত্ব (প্রশ্নোত্তৰ) একাদশ শ্ৰেণী

বিষয় শিক্ষা
পাঠৰ নাম(খ) শিক্ষা মনােবিজ্ঞান আৰু ইয়াৰ অধ্যয়নৰ গুৰুত্ব
শ্ৰেণী একাদশ শ্ৰেণী
গােটচতুর্থ অধ্যায়
পাঠৰ নং (4)
পাঠ্যক্ৰম অসম মাধ্যমিক শিক্ষা পৰিষদৰ (AHSEC)

শিক্ষা মনােবিজ্ঞান আৰু ইয়াৰ অধ্যয়নৰ গুৰুত্ব

ক, অতি চমু প্রশ্নোত্তৰঃ (প্রত্যেকটোৰ মূল্যাংক-১)

১। খালী ঠাই পূৰণ কৰাঃ
(ক) শিক্ষা মনােবিজ্ঞানে শিক্ষাৰ ____ নির্ণয় কৰিব নােৱাৰে।
উত্তৰ :লক্ষ্য।

(খ) শিক্ষকে শিক্ষাৰ বিষয়বস্তু জনাৰ বাহিৰেও _____জনা উচিত।
উত্তৰঃ ছাত্রক।

(গ) ___শিক্ষকক শিশুৰ প্রকৃতি বুজাত সহায় কৰে।
উত্তৰঃ মনােবিজ্ঞানে।

(ঘ) মনােবিজ্ঞানে______অধ্যয়ন কৰে।
উত্তৰঃ আচৰণ।

(ঙ) ইংৰাজী Psychology শব্দটো গ্রীক ভাষাৰ psyche আৰু___এই দুটা শব্দৰ পৰা আহিছে।
উত্তৰঃ logos |

(চ) শিক্ষাত মনােবিজ্ঞানৰ নীতি প্রয়ােগ কৰা প্রথম ব্যক্তিজন হ’ল_____।
উত্তৰঃ পেষ্টালজী।

(চ) আধুনিক শিক্ষা____।
উত্তৰঃ শিশুকেন্দ্রিক।

২। তলৰ বাক্যবােৰৰ শুদ্ধ অংশটো বিচাৰি উলিওৱা :
(ক) মনােবিজ্ঞানক মনৰ বিজ্ঞান/ সচেতনতাৰ বিজ্ঞান/ আচৰণৰ বিজ্ঞান বােলা হয়।
উত্তৰ: আচৰণৰ বিজ্ঞান।
(খ) মনােবিজ্ঞান প্রত্যক্ষ বিজ্ঞান / মান নির্ণায়ক বিজ্ঞান / চিন্তাধর্মী বিজ্ঞান।
উত্তৰ: প্রত্যক্ষ বিজ্ঞান
(গ) শিক্ষাৰ লক্ষ্য স্থিৰ কৰে দৰ্শনে / মনােবিজ্ঞানে / বুৰঞ্জীয়ে।
উত্তৰ: দর্শনে।
(ঘ) শিক্ষা মনােবিজ্ঞানৰ অধ্যয়ন ছাত্রৰ বাবে/ শিক্ষকৰ বাবে / অভিভাৱকৰ বাবে অধিক প্রয়ােজন।
উত্তৰঃ শিক্ষকৰ বাবে।
(ঙ) শিক্ষা মনােবিজ্ঞানৰ পিতৃস্বৰূপ ৰুছে /মন্টেছৰী / পেষ্টালজী।
উত্তৰ : পেষ্টালজী।

শিক্ষা মনােবিজ্ঞান আৰু ইয়াৰ অধ্যয়নৰ গুৰুত্ব

খ. চমু প্রশ্নোত্তৰ: (প্রত্যেকটোৰ মূল্যাংক – ২/ ৩)

১। শিক্ষা মনােবিজ্ঞান বিষয়ত অধ্যয়নৰ তিনিটা সম্ভাৱনীয়তা পূর্ণ দিশ উল্লেখ কৰা।
উত্তৰ : শিক্ষা মনােবিজ্ঞান অধ্যয়নৰ তিনিটা সম্ভাৱনীয়তাপূর্ণ দিশ হলঃ
(ক) ব্যক্তিত্ব বিকাশৰ বিভিন্ন গতি।
(খ) ব্যক্তিগত বৈষম্য।
(গ) গণ-মনােবিজ্ঞান।

২। শিক্ষা মনােবিজ্ঞানৰ পদ্ধতি তিনিটাৰ নাম লিখা।
উত্তৰ: শিক্ষা মনােবিজ্ঞানৰ বহুতাে পদ্ধতিৰ ভিতৰত তিনিটা পদ্ধতি হ’ল :
(ক) পর্যবেক্ষণ পদ্ধতি।
(খ) অন্তদর্শন পদ্ধতি।
(গ) নৈদানিক পদ্ধতি।

শিক্ষা একাদশ শ্ৰেণীৰ অধ্যায় 4

গ. মজলীয়া উত্তৰৰ প্রশ্নঃ(প্রত্যেকটোৰ মূল্যাংক -8)

১। শিক্ষা মনােবিজ্ঞানৰ অধ্যয়নে এজন শিক্ষকক কেনেদৰে সহায় কৰে তাৰ তিনিটা দিশ উল্লেখ কৰা।
উত্তৰ: শিক্ষা মনােবিজ্ঞানৰ অধ্যয়নে এজন শিক্ষক সহায় কৰা তিনিটা দিশ হল :
(ক) শিক্ষা মনােবিজ্ঞানৰ অধ্যয়নে শিক্ষকক বিজ্ঞানসন্মত দৃষ্টিভংগী গ্ৰহণ কৰাত সহায় কৰে।
(খ) শিক্ষা মনােবিজ্ঞানে শ্রেণীকোঠাত ছাত্র-ছাত্রীৰ আচৰণ অধ্যয়ন কৰাত সহায় কৰে।
(গ) শিক্ষা মননাবিজ্ঞানে নিদানমূলক শিক্ষা দিয়াৰ প্রয়ােজন হােৱা ছাত্র-ছাত্রীক বাচি উলিওৱাত সহায় কৰে।

২। পর্যবেক্ষণ পদ্ধতিৰ বিষয়ে চমুকৈ ব্যাখ্যা কৰা।
উত্তৰ : শিশু শিক্ষাৰ ক্ষেত্ৰত পর্যবেক্ষণ পদ্ধতি অতি ফলপ্রসু। এই পদ্ধতিৰ জৰিয়তে শিশু বা ব্যক্তিৰ ভাৱধাৰা, আচৰণ, কথা-বতৰা আদি পুংখানুপুংখভাৱে নিৰীক্ষণ কৰা হয়। আন পদ্ধতি যেনে অন্তদর্শন পদ্ধতিত মনৰ কথা সঠিকভাৱে জানিব নােৱাৰি। সেয়ে পর্যবেক্ষণ পদ্ধতিক মনােবিজ্ঞানৰ প্রকৃত পদ্ধতি বুলি কোৱা হয়।

৩। শিক্ষা মনােবিজ্ঞানৰ উদ্দেশ্যসমূহ উল্লেখ কৰা।
উত্তৰঃ শিক্ষা মনােবিজ্ঞান হৈছে মনােবিজ্ঞানৰ এটি শাখা যিটো বিদ্যালয়ৰ শিক্ষণ পদ্ধতি, অৱস্থা, ফল, মূল্যায়ন আদিৰ লগত জড়িত। শিক্ষা মনােবিজ্ঞানৰ প্রধান উদ্দেশ্যসমূহহ’ল :
(ক) শিক্ষা মনােবিজ্ঞানে সংজ্ঞা নিৰূপণ আৰু শিক্ষাৰ উদ্দেশ্যৰ মাজত সংযােগ স্থাপন কৰি প্রয়ােজনীয় আচৰণৰ মানদণ্ড নিৰূপণ কৰাত সহায় কৰে।
(খ) শিক্ষামননাবিজ্ঞানে ছাত্র-ছাত্রীসকলৰ আচৰণ, ধ্যান- ধাৰণা, প্রকৃতি আদিৰ অধ্যয়নত উনি দিয়ে।
(গ) শিক্ষা মনােবিজ্ঞানৰ আন এক উদ্দেশ্য হ’ল ই সামাজিক সম্বন্ধৰ প্রকৃতি আৰু গুৰুত্বৰ বিষয়ে জ্ঞান দিয়ে।
(ঘ) শিক্ষা মনােবিজ্ঞানে শিক্ষক আৰু শিক্ষার্থীসকলৰ শিক্ষাদানৰ ফলশ্ৰুতিৰ জোখ লােৱাত সহায় কৰে।

শিক্ষা মনােবিজ্ঞান আৰু ইয়াৰ অধ্যয়নৰ গুৰুত্ব

ঘ. ৰচনাধর্মী প্রশ্নোত্তৰ: (প্রত্যেকটোৰ মূল্যাংক- ৫/ ৬)

১। শিক্ষা মনােবিজ্ঞান অধ্যয়নৰ পদ্ধতিসমূহ উল্লেখ কৰা আৰু তাৰ তিনিটামান ব্যাখ্যা কৰা।
উত্তৰ: শিক্ষা মনােবিজ্ঞান ব্যৱহাৰিক মনােবিজ্ঞানৰ এক গুরুত্বপূর্ণ শাখা। ইয়াক অধ্যয়ন কৰাৰ কেইবাটাও পদ্ধতিআছে। যেনেঃ (ক) অন্তদর্শন পদ্ধতি, (খ) নিৰীক্ষণ পদ্ধতি (গ) নৈদানিক পদ্ধতি, (ঘ) ঘটনাৰ বিৱৰণী পদ্ধতি, (ঙ)সমাজ মিতিক পদ্ধতি, (চ) প্রশিক্ষণ পদ্ধতি, (ছ) পৰিসংখ্যা ভিত্তিক পদ্ধতি। তলত ইয়াৰ তিনিটা পদ্ধতি চমুকৈ ব্যাখ্যা কৰা হ’ল —

(ক) অন্তদর্শন পদ্ধতিঃ মনােবিজ্ঞান অধ্যয়নৰ পদ্ধতিসমূহৰ ভিতৰত অন্তদর্শন পদ্ধতি সবাতােকৈ পুৰণি আৰু অতীতত ই যথেষ্ট জনপ্রিয় পদ্ধতি আছিল। ব্যক্তিয়ে নিজৰ মনৰ ভাৱ, চিন্তা, কল্পনা আদিক নিজে নিজে পৰীক্ষা কৰি চোৱাটোৱেই হৈছে অন্তদর্শন পদ্ধতি। এই পদ্ধতি অনুসৰি ব্যক্তিয়ে নিজৰ বিষয়ে যি অভিজ্ঞতা লাভ কৰে, সি সকলাে মানুহৰ ক্ষেত্ৰতে একে ধৰণৰ বুলি ধৰা হয়। অর্থাৎ সুখ, দুখ, আনন্দ আদিৰ ধাৰণা বা অনুভূতি সকলাে ক্ষেত্রতে একে : ধৰণৰ। গতিকে অন্য ব্যক্তি মানসিক প্রক্রিয়া বা অৱস্থাৰ বিষয়ে জানিবলৈ নিজৰ মন আৰু মানসিক অৱস্থাসমূহ বিশ্লেষণ কৰি চোৱাৰ প্রয়ােজন। অন্তদর্শন পদ্ধতিৰ কেইবাটাও সুবিধা আছে। যেনে-
(ক) অন্তদর্শন পদ্ধতিৰ দ্বাৰা ব্যক্তিয়ে নিজৰ ভাৱ, চিন্তা, সুখ, দুখৰ অনুভৱ আদি সুশৃঙ্খলভাৱে নিজে নিজে পৰীক্ষা কৰি চাব পাৰে।
(খ) মানুহৰ সুখ, দুখ আদি চিৰন্তন অনুভূতিসমূহ প্রায় একে বাবেই এই পদ্ধতিৰ জৰিয়তে ভৱিষ্যতৰ অনুভূতি সম্পর্কে বুজ লব পাৰি।
(গ) অন্তদর্শন পদ্ধতিৰ জৰিয়তে নিজৰ অভিজ্ঞতাৰ বিষয়ে সচেতন হ’ব পাৰি।

(খ) নৈদানিক পদ্ধতি : নৈদানিক পদ্ধতিৰ মূল উদ্দেশ্য হৈছে এজন ব্যক্তিৰ কোনাে এটা সমস্যাক বিষয়বস্তু হিচাপে লৈ তাক অধ্যয়ন কৰি সমস্যাটো সঠিকভাৱে চিনাক্ত কৰি তাক সমাধানৰ বা নিৰাময়ৰ বাবে পৰামৰ্শ আগবঢ়োৱা । সমাজত কৃতকার্যতাৰে সমাযােজন কৰিব নােৱাৰা ব্যক্তি বা বিদ্যালয়ত যথাযথভাৱে শিক্ষা লাভ কৰিব নােৱাৰা ছাত্ৰসকলৰ কাৰণে নৈদানিক পদ্ধতি প্রয়ােগ কৰা হয়।

(গ) নিৰীক্ষণ পদ্ধতি : শিশু শিক্ষাৰ ক্ষেত্ৰত পর্যবেক্ষণ পদ্ধতি অতি ফলপ্রসু। এই পদ্ধতিৰ জৰিয়তে শিশু বা ব্যক্তিৰ ভাৱধাৰা, আচৰণ, কথা-বতৰা আদি পুংখানুপুংখভাৱে নিৰীক্ষণ কৰা হয়। আন পদ্ধতি যেনে অন্তদর্শন পদ্ধতিত মনৰ কথা সঠিকভাৱে জানিব নােৱাৰি। সেয়ে পর্যবেক্ষণ পদ্ধতি মনােবিজ্ঞানৰ প্রকৃত পদ্ধতি বুলি কোৱা হয়।

২। সমাজমিতি পদ্ধতি বুলিলে কি বুজা? ইয়াৰ সুবিধা আৰু অসুবিধা উল্লেখ কৰা।
উত্তৰঃ ব্যক্তিৰ সামাজিক আচৰণসমূহ অধ্যয়ন কৰাই সমাজমিতি পদ্ধতি প্রধান উদ্দেশ্য। এই পদ্ধতিৰ দ্বাৰা দুজন ব্যক্তিৰ মাজত সামাজিক সম্বন্ধ কেনেধৰণৰ তাক নির্ণয় কৰা হয়। এই পদ্ধতিটো কোনাে দল বা গােটৰ মাজতাে প্রয়ােগ কৰিব পাৰি৷ শিক্ষকসকলে এই পদ্ধতি প্রয়ােগ কৰি ছাত্র-ছাত্রীৰ এটা দলৰ মাজত মনাে-সামাজিক সম্বন্ধ কেনেধৰণৰ সেয়া জানিব পাৰে। এই পদ্ধতি প্রয়ােগ কৰােতে শিক্ষকে এখন প্রশ্নাৱলী প্রস্তুত কৰা প্রয়ােজন। প্রশ্নাৱলী প্রস্তুত কৰােতে এনে ধৰণৰ প্রশ্ন উপস্থাপন কৰা উচিত যিবিলাকে এজন ছাত্র বা তেওঁৰ সহপাঠী সকলৰ মাজত থকা মনাে-সামাজিক সম্বন্ধৰ স্বৰূপ জানিব পৰা যায়।

সমাজমিতি পদ্ধতিৰ সুবিধাসমূহ হলঃ
(ক) এই পদ্ধতিৰ দ্বাৰা প্রাপ্ত তথ্যসমূহ ৰেখাচিত্ৰৰ সহায়ত উপস্থাপন কৰিব পাৰি । ফলত সহজে বােধগম্য হয়।
(খ) এই পদ্ধতিৰ দ্বাৰা সামাজিক সম্বন্ধৰ বিষয়ে সৰলভাৱে অধ্যয়ন কৰিব পাৰি।
(গ) এই পদ্ধতিৰ জৰিয়তে কোনাে এজন ব্যক্তিৰ প্রতি সমাজৰ আন আন ব্যক্তিৰ মনােভাৱ কেনে সেয়া জানিব পাৰি।

সমাজমিতি পদ্ধতিৰ কিছু অসুবিধাও আছে। যেনে —

(ক) এই পদ্ধতি প্রয়ােগৰ দ্বাৰা এজন ব্যক্তি বা গােটৰ মাত্র এটি লক্ষণহে অধ্যয়ন কৰিব পাৰি।
(খ) এই পদ্ধতিত আহৰণ কৰা তথ্য বিজ্ঞানসন্মত নহয়।
(গ) প্রশ্নাৱলীত থকা প্ৰশ্নৰ উত্তৰ সকলােৱে সঠিকভাৱে নিদিবও পাৰে।

২। পৰিসংখ্যাভিত্তিক পদ্ধতি বুলিলে কি বুজা? ইয়াৰ সুবিধা আৰু অসুবিধা উল্লেখ কৰা।
উত্তৰঃ ব্যক্তিৰ ব্যক্তিগত পার্থক্য, বুদ্ধিৰ পৰিমাণ, ব্যক্তিত্বৰ প্রকৃত যােগ্যতা আদি বিভিন্ন বিষয়ৰ অধ্যয়ন কৰিবলৈ যি পৰিসংখ্যাভিত্তিক অধ্যয়ন কৰা হয় তাকে পৰিসংখ্যাভিত্তিক পদ্ধতি বােলে। বর্তমান পৰিসংখ্যা পদ্ধতিটো শিক্ষা মনােবিজ্ঞানত ব্যাপকভাৱে প্ৰয়ােগ কৰা হয়। শিক্ষা ক্ষেত্ৰৰ বিভিন্ন বিচাৰ-বিবেচনা আৰু মূল্যায়নৰ বাবে এই পদ্ধতি উপযুক্ত বুলি বিবেচিত হৈছে। পৰিসংখ্যাভিত্তিক পদ্ধতিৰ সুবিধাসমূহ হ’লঃ
(ক) এই পদ্ধতি সম্পূর্ণ বিজ্ঞানসন্মত।
(খ) এই পদ্ধতিৰ দ্বাৰা প্রাপ্ত তথ্যসমূহ সংখ্যাৰ সহায়ত প্রকাশ কৰিব পাৰি।

পৰিসংখ্যাভিত্তিক পদ্ধতিৰ অসুবিধাসমূহ হ’লঃ
(ক) পৰিসংখ্যাভিত্তিক পদ্ধতি সহজ নহয়। এই পদ্ধতি ব্যৱহাৰৰ বাবে পৰিসংখ্যা বিষয়ত প্রশিক্ষণপ্রাপ্ত লােকৰ প্রয়ােজন।
(খ) যদি পৰিসংখ্যাত কিবা ভুল হয়, তেন্তে পৰীক্ষাৰ ফলাফল অশুদ্ধ হয় আৰু অশুদ্ধ ফলাফলে ছাত্র-ছাত্রীৰ বিস্তৰ ক্ষতি কৰিব।

Leave a Comment

Stay informed about the latest Educational Update website. We provide timely and accurate information on upcoming Exam, application deadlines, exam schedules, and more.

📱 Get AssamWeb App

Unlock free PDFs, mock tests, and certificates with our mobile app. Faster, smoother, and made for students 📚✨

🚀 Install from Play Store One-time reminder • No spam