ভাৰতবর্ষ আৰু অসমৰ প্রাথমিক শিক্ষা একাদশ শ্ৰেণী প্রশ্নোত্তৰ

বিষয়  শিক্ষা
পাঠৰ নাম ভাৰতবর্ষ আৰু অসমৰ প্রাথমিক শিক্ষা
শ্ৰেণী  একাদশ শ্ৰেণী
গােট সপ্তম অধ্যায়।
পাঠৰ নং 7
পাঠ্যক্ৰম  অসম মাধ্যমিক শিক্ষা পৰিষদৰ (AHSEC)

ভাৰতবর্ষ আৰু অসমৰ প্রাথমিক শিক্ষা

ক, অতি চমু প্রশ্নোত্তৰঃ (প্রত্যেকটোৰ মূল্যাংক- ১)

১। তলত দিয়া প্রশ্নবােৰৰ উত্তৰ দিয়া :

(ক) ‘নিম্ন পৰিশ্ৰাৱণৰ নীতি’কোনে আগবঢ়াইছিল?
উত্তৰ : মেকলে।

(খ) হান্টাৰ আয়ােগ কিমান চনত গঠন হৈছিল?
উত্তৰঃ ১৮৮২ চনত।

(গ) ভাৰতবৰ্ষত বিজ্ঞান আৰু সাহিত্যৰ বিকাশৰ বাবে ১৮১৩ চনত চার্টাৰ আইনত কিমান টকা ধার্য কৰা হৈছিল ?
উত্তৰ: ১ লাখ টকা।

(ঘ) প্রাথমিক শিক্ষা বাধ্যতামূলক কৰাৰ বাবে ইম্পেৰিয়েল লেজিছলেটিভ কাউন্সিলত প্রথমে কোনে বিল উত্থাপন কৰিছিল ?
উত্তৰ: গােপাল কৃষ্ণ গােখলে।

২। খালী ঠাই পূৰণ কৰা:

(ক) অসম প্রাথমিক শিক্ষা আইন’খন_____চনত গৃহীত হৈছিল।
উত্তৰঃ ১৯২৬ চনত।

(খ) বার্ধা সন্মিলনৰ সভাপতি আছিল ___।
উত্তৰ: ড° জাকিৰ হুছেইন।

(গ) মনিটৰিয়েল প্রথাক _____বুলি কোৱা হয়।
উত্তৰ: বেল প্রথা।

(ঘ) ১৮৫৪ চনৰ উডৰ ঘােষণাপত্রক ভাৰতীয় শিক্ষাৰ____বোলা হৈছিল।
উত্তৰ: মেগনা কার্ট।

ভাৰতবর্ষ আৰু অসমৰ প্রাথমিক শিক্ষা

খ, চমু প্রশ্নোত্তৰ: (প্রত্যেকটোৰ মূল্যাংক – ২/৩)

১। ভাৰতীয় সংবিধানৰ ২৮২ নং অনুচ্ছেদত কোৱা কথাষাৰ উল্লেখ কৰা।
উত্তৰ : ভাৰতীয় সংবিধানৰ ২৮২ নং অনুচ্ছেদত কোৱা হৈছে যে কেন্দ্রীয় আৰু ৰাজ্য চৰকাৰে ৰাজহুৱা স্বার্থৰ খাতিৰত জনহিতকৰ অনুষ্ঠানসমূহলৈ আর্থিক সাহার্য আগবঢ়াব পাৰিব।

২। অধিকাৰ হিচাপে শিক্ষা বুলিলে কি বুজা ?
উত্তৰ : ভাৰতীয় সংবিধানত শিক্ষাক এক মৌলিক অধিকাৰ হিচাপে স্বীকৃতি দিয়া হৈছে। শিক্ষাক সার্বজীনন কৰিবলৈ সংবিধানৰ ৪৫ নং অনুচ্ছেদত প্রাথমিক শিক্ষা “বিনামূলীয়া আৰু বাধ্যতামূলক কৰাৰ নির্দেশ দিয়া হৈছে এই উদ্দেশ্য পূৰণৰ বাবে চৰকাৰে সৰ্বশিক্ষা আঁচনিখন হাতত লয়। এনেদৰে নাগৰিকৰ অধিকাৰ হিচাপে সর্বসাধাৰণৰ মাজত শিক্ষা বিস্তাৰৰ বাবে প্রচেষ্টা লােৱা হৈছ ।

গ. মজলীয়া উত্তৰৰ প্রশ্নঃ(প্রত্যেকটোৰ মূল্যাংক-8)

১। তলত দিয়াবােৰৰ ওপৰত চমু টোকা লিখা :
(ক) টোল (খ) মােক্তাব (গ) মাদ্ৰাছা (ঘ) মনিটৰিয়েল প্রথা (ঙ) শ্ৰীৰামপুৰ ত্রয়ী (চ)সর্বশিক্ষা অভিযান (ছ) পূর্ণ সাক্ষৰতা অভিযান।
উত্তৰঃ
(ক) টোল: টোল আছিল ভাৰতত এক পৰম্পৰাগত শিক্ষা পদ্ধতি। ইংৰাজসকলে ভাৰতবৰ্ষত আধুনিক শিক্ষা প্ৰৱৰ্তনকৰাৰ আগলৈকে বৰ্তি থকা টোলবােৰ সংস্কৃত ভাষা, সাহিত্য, ধর্ম আদি অধ্যয়নৰ উদ্দেশ্যে গঢ় লৈ উঠিছিল। বেনাৰস, কাশী, উজ্জয়িনী, হৰিদ্বাৰ, প্রয়াগ আদি বিভিন্ন ঠাইত সংস্কৃত টোলৰ জৰিয়তে শিক্ষা প্ৰদান কৰা হৈছিল। টোলবােৰৰ নিজা গৃহ নাছিল। মন্দিৰ, গুৰুগৃহ,  সম্ভান্ত লােকৰ চ’ৰাঘৰ আদিক শিক্ষা কেন্দ্র হিচাপে ব্যৱহাৰ কৰা হৈছিল। সংস্কৃত ভাষা আৰু সাহিত্যত পাণ্ডিত্য অর্জন কৰা লােকক বা ব্রাহ্মণক শিক্ষক হিচাপে নিযুক্তি দিয়া হৈছিল। টোলত কাব্য, ব্যাকৰণ,ন্যায়-মীমাংসা,পুৰাণ, বেদ, উপনিষদ আদি চৰ্চাৰা হৈছিল।ৰজা,মহাৰজা, জমিদাৰ, আৰু ধনীক শ্ৰেণীৰ লােকসকলে টোলসমূলৈ আর্থিক সাহার্য প্রদান কৰিছিল। ছাত্ৰসকলে প্রায় ৮ বছকাল টোলসমূহত থাকি অধ্যয়ন কৰিব লাগিছিল।

(খ) মােক্তাবঃ মােক্তাব হ’ল মুছলমানসকলৰ ল’ৰা- ছােৱালীক শিক্ষা প্রদান কৰা এক অনুষ্ঠান। মােক্তাব’ শব্দটোৰ আৰবী কাতাব’ শব্দৰ পৰা আহিছে। ইয়াৰ অর্থ হ’ল যিয়ে লিখে। এতেকে ‘মােক্তাব’ মানে লিখা-পঢ়া শিকোৱাস্থান। ভাৰতত ইংৰাজসকলে আধুনিক শিক্ষা প্রৱর্তন কৰাৰ আগলৈকে, মােক্তাব মুছলমানসকলৰ জনপ্রিয় শিক্ষানুষ্ঠান আছিল। ইয়াত আৰবী কোৰাণ আৰু হাদিচ জনা মৌলবীয়ে বা মছজিদ মােল্লাই শিক্ষা প্রদান কৰিছিল।
মােক্তাবত ইছলামীয় আদব-কায়দা, কোন আৰু হাদিচ পঢ়িবলৈ শিকোৱা হৈছিল। স্থানীয় মুছলমান শাসক, জমিদাৰ বা ধনী ব্যক্তিসকলে মােক্তাবলৈ আর্থিক সাহার্য প্রদান কৰিছিল। মােগল যুগত মােক্তাব এক জনপ্রিয় শিক্ষানুষ্ঠান হিচাপে গন্য হৈছিল।

(গ) মাদ্ৰাছাঃ মাদ্ৰাছা হ’ল মুছলমানসকলৰ উচ্চ শিক্ষাৰ অনুষ্ঠান। মােক্তাবৰ শিক্ষা সাং কৰি ছাত্র-ছাত্রীসকলে মাদ্রাছাত নাম ভর্তি কৰিবলগা হৈছিল। মােগল যুগত মাদ্রাছাবােৰে বিশেষভাৱে চৰকাৰী ৰক্ষণাবেক্ষণ পাইছিল। এইবােৰত ইছলামীয় দর্শন শিকোৱাৰ উপৰিও সাহিত্য,বিজ্ঞান, ভূগােল, বুৰঞ্জী আদি শিকোৱা হৈছিল। ইংৰাজসকলে ভাৰতত আধুনিক শিক্ষা ব্যৱস্থা প্ৰৱৰ্তন কৰাৰ পৰা মাদ্রাছাসমূহে আগৰ মৰ্যদা হেৰুৱায় আৰু ক্ৰমে ইয়াৰ অস্তিত্ব ধ্বংস হয়। কিন্তু আধুনিক যুগত ভাৰতৰ কোনাে কোনাে প্রদেশত চৰকাৰী পৃষ্ঠপােষকতাত আধুনিক মাদ্রাছা গঢ়ি উঠিছে। এইবােৰত ইছলামীয় শাস্ত্র, যেনে-কোৰান আৰু হাদিছ শিকোৱাৰ উপৰিও আধুনিক বিষয়বােৰো শিকোৱা হয়।

(ঘ) মনিটৰিয়েল প্রথা : ভাৰতবৰ্ষত ইংৰাজ ৰাজত্ব আৰম্ভ হােৱাৰ লগে লগে মিছনেৰীসকলেও খ্রীষ্টান ধর্মপ্রচাৰৰ কাৰণে ভাৰতলৈ আহে। সিহঁতে ধর্মপ্রচাৰৰ লগে লগে শিক্ষা প্ৰচাৰৰ অভিযানে আৰম্ভ কৰে। মিছনেৰীসকলে ভাৰতবৰ্ষত শিক্ষা বিকাশৰ উদ্দেশ্যে বিভিন্ন পদক্ষেপ গ্রহণ কৰে। সেই পদক্ষেপসমূহৰ ভিতৰত এক পদক্ষেপ আছিল মনিটৰিয়েল প্রথা এই প্রথা মতে ওপৰ শ্ৰেণীৰ মেধাবী ছাত্রই তলৰ শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীক পঢ়ুৱাব লাগিছিল। মনিটৰিয়েল প্রথা আৰম্ভ কৰাৰ প্ৰধান কাৰণ আছিল এই যে সময়ৰ লগে লগে বিদ্যালয়ত ছাত্র-ছাত্রীৰ সংখ্যা বৃদ্ধি পাইছিল। কিন্তু আর্থিক কাৰণত শিক্ষকৰ সংখ্যা বৃদ্ধি কৰিব পৰা নগৈছিল। সেয়ে শিক্ষকৰ অভাৱ পূৰণ কৰিবলৈ ওপৰ শ্ৰেণীৰ ছাত্ৰক তল শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীক পটুৱাৰ দায়িত্ব দিয়া হৈছিল। ভাৰতবৰ্ষত পােনতে মাদ্রাছসমূহত এই প্রথা আৰম্ভ কৰা হৈছিল বাবে ইয়াক মাদ্ৰাছা প্রথা’ বুলিও কোৱা হয়।

(জ) শ্ৰীৰামপুৰ ত্রয়ীঃ ইংৰাজসকলে ভাৰতত খােপনি পুতি বহাৰ লগে লগে ইংলণ্ড আৰু আমেৰিকাৰ মিছনেৰীসকলেও খ্রীষ্টান ধর্ম প্রচাৰ কৰাৰ উদ্দেশ্য লৈ ভাৰতবৰ্ষলৈ আহে। মিছনাৰীসকলে ভাৰতবৰ্ষৰ বিভিন্ন প্রদেশলৈ গৈছিল। সেইসকলৰ ভিতৰত বংগদেশৰ তিনিগৰাকী মিছনেৰী—কেৰী,মার্চমেন আৰু ৱার্ড বিখ্যাত হৈ উঠিছিল। তেওঁলােকে বংগদেশৰ শ্ৰীৰামপুৰত কেন্দ্র স্থাপন কৰি ধৰ্ম প্ৰচাৰ কৰাৰ লগতে সাহিত্য সংস্কৃতিৰ লগত জড়িত হৈ পৰিছিল। এই তিনিজন মিছনেৰীক। একেলগে শ্ৰীৰামপুৰ ত্রয়ী’বুলি অভিহিত কৰা হয়।

(চ) সর্বশিক্ষা অভিযানঃ প্রাথমিক শিক্ষাক সার্বজনীন কৰাৰ উদ্দেশ্যে চকাৰে গ্ৰহণ কৰা এক আঁচনি হ’ল সর্বশিক্ষা অভিযান। গুণগত প্রাথমিক শিক্ষাৰ প্রতিক্রিয়া হিচাপে এই আঁচনিখনৰ উদ্ভৱ হৈছিল। শিক্ষাৰ মাধ্যমেৰে সামাজিক ন্যায় প্রতিষ্ঠা কৰাৰ লগতে সামাজিক উন্নয়নৰ প্ৰতি সর্বসাধাৰণক সচেতন কৰাও ইয়াৰ এক উদ্দেশ্য আছিল। সর্বশিক্ষা অভিযান হ’ল কেন্দ্রীয় চৰকাৰ, ৰাজ্য চৰকাৰ আৰু স্থানীয় চৰকাৰক অংশীদাৰ হিচাপে লৈ চলােৱা এক সমূহীয়া প্রচেষ্টা। সর্বশিক্ষা অভিযানৰ মূল উদ্দেশ্যসমূহ হলঃ
(ক) ৰাজ্যসমূহৰ বিদ্যালয়সমূহৰ মানদণ্ড উন্নত কৰা।
(খ) বিদ্যালয় পর্যায়লৈকে শিক্ষাৰ ফলপ্রসূ বিকেন্দ্রীকৰণৰ ব্যৱস্থা কৰা।
(গ) শিক্ষা অনুষ্ঠানসমূহ যে ৰাইজৰ তাক জনসাধাৰণক উপলব্ধি কৰােৱা।
(ঘ) শিক্ষাৰ ক্ষেত্ৰসমূহত ছােৱালীবােৰৰ ওপৰত গুৰুত্ব আৰােপ কৰি মহিলা শিক্ষাৰ বিকাশত অৰিহনা তথা উৎসাহ দিয়া।
(ঙ) অক্ষম শিশুসকল শিক্ষাৰ ক্ষেত্ৰত আগবাঢ়ি যােৱাত সহায় কৰা।
(চ) শিক্ষাৰ ক্ষেত্ৰসমূহত নির্দিষ্ট অঞ্চলৰ জনসাধাৰণক জড়িত কৰা।
(ছ) শিক্ষাৰ কাৰ্যসূচী শিথিলভাৱে গ্রহণযােগ্য কৰি তােলা।

(ছ) পূর্ণ সাক্ষৰতা অভিযানঃ জাতীয় সাক্ষৰতা মিছনৰ লাভ কৰা অভিজ্ঞতাৰ পৰা ‘পূর্ণ সাক্ষৰতা অভিযান’ উদ্ভৱ হয়। এই অভিযানৰ কাৰ্যপন্থা আছিল এনেধৰনৰ
(ক) পূর্ণ সাক্ষৰতা অভিযানটো সার্বজনীন কৰিবলৈ বিজ্ঞাপন, প্রাচীৰ পত্ৰ আদিৰ ব্যৱস্থা কৰা।
(খ) এই অভিযানত সর্বাধিক সংখ্যক জন সম্প্রদায়ৰ লােকক অংশ গ্রহণ কৰােৱা।
(গ) জিলা খণ্ড আৰু গাওঁ এইসকলাে পর্যায়তে কমিটি গঠন কৰা আৰু সেইবােৰক একোজন লােকৰ দায়িত্বত ৰখা।
(ঘ) শিক্ষা প্রদানৰ সমগ্ৰ ব্যৱস্থাটো সময় সাপেক্ষ বিধৰ কৰা। ইয়াৰ বাবে তিনিমাহ কাল প্রচাৰ কার্য চলােৱা আৰু ছয় মাহকাল শিক্ষা প্রদানৰ বাবে ধার্য কৰা।

লগতে পঢ়ক:   মানসিক জীৱনৰ শাৰীৰিক ভিত্তি Class 11 (প্রশ্নোত্তৰ) শিক্ষা একাদশ শ্ৰেণী

ভাৰতবর্ষ আৰু অসমৰ প্রাথমিক শিক্ষা

ঘ. ৰচনাধর্মী প্রশ্নোত্তৰ: (প্রত্যেকটোৰ মূল্যাংক – ৫/ ৬)

১।বৌদ্ধ শিক্ষাৰ পাঁচটা বৈশিষ্ট্য উল্লেখ কৰা।
উত্তৰঃ বৌদ্ধ শিক্ষাই মানৱ কল্যাণ নীতিৰ ওপৰত প্রতিষ্ঠিত আছিল। বৌদ্ধ মঠসমহেই শিক্ষাৰ প্রধান কেন্দ্রস্থান আছিল। এই শিক্ষাৰ প্রধান বৈশিষ্ট্যসমূহ হ’লঃ
(ক) বৌদ্ধ শিক্ষার্থীসকলে বৌদ্ধ মঠত প্ৰৱেশ কৰিবৰ বাবে ‘পজ্জা’ নামৰ ধর্মীয় অনুষ্ঠানত উপস্থিত থাকিব লাগিছিল।
(খ) বৌদ্ধমঠত গুৰু আৰু শ্ৰমণসকলৰ মাজত পিতা- পুত্রৰ সম্বন্ধ আছিল।
(গ) পালি ভাষাত শিক্ষা প্রদান কৰা হৈছিল।
(ঘ) শ্ৰমণসকলে প্রতিদিনে ভিক্ষাবৃত্তি পালন কৰিব লাগিছিল।
(ঙ) কথােপকথন পদ্ধতিত শিক্ষাদান কৰা হৈছিল। পিছলৈ লিখাৰ ব্যৱস্থা প্রৱৰ্তন হৈছিল।

২। বৈদিক শিক্ষাৰ পাঁচটা বৈশিষ্ট্য উল্লেখ কৰা।
উত্তৰঃ বৈদিক শিক্ষাৰ প্রধান বৈশিষ্ট্য আছিল তলত উল্লেখ কৰা ধৰণৰঃ
(ক) উপনয়ন’নামৰ এক অনুষ্ঠানৰ জৰিয়তে শিক্ষার্থীয়ে বাৰ বছৰ বয়সত গুৰুকুলত নাম ভর্তি কৰিব লগা হৈছিল।
(খ) গুৰুকুলত বেদ, বেদাংগ, উপনিষদ, পুৰাণ, ইতিহাস, জ্যোতিষশাস্ত্র, চিকিৎসাবিদ্যা, আয়ুর্বিদ্যা, যুদ্ধ বিদ্যা আদি শিকোৱা হৈছিল।
(গ) শিক্ষাদান পদ্ধতি মৌখিক আছিল । অর্থাৎ গুৰুৱে মুখে মুখে বা কথােপকথনৰ জৰিয়তে শিক্ষা প্রদান কৰিছিল।
(গ) গুৰুকুলত গুৰু আৰু শিষ্যৰ মাজৰ সম্পর্ক পিতা আৰু পুত্ৰৰ দৰে আছিল।
(ঙ) সুচৰিত্ৰ আৰু ব্যক্তিত্ব গঠনৰ ওপৰত বিশেষ জোৰ দিয়া হৈছিল।

৩। মুছলমানসকলৰ শিক্ষাৰ পাঁচটা বৈশিষ্ট্য উল্লেখ কৰা।
উত্তৰঃ মােক্তাব আৰু মাদ্ৰাছা আছিল মুছলমানসকলৰ প্রধান শিক্ষানুষ্ঠান। ইছলামীয় ৰাতি-নীতি শিক্ষাই আছিল এই শিক্ষাৰ প্রধান উদ্দেশ্য। ইয়াৰ প্রধান বৈশিষ্ট্যসমূহ হ’ল।
(ক) মুছলমানসকলৰ শিক্ষাৰ মাধ্যম আছিল পাৰ্চী ভাষা।
(খ) শিক্ষাপদ্ধতি মৌখিক আছিল যদিও কেতিয়াবা লিখিবলৈয়াে শিকোৱা হৈছিল।
(গ) এনে শিক্ষাৰ জৰিয়তে ইছলাম ধর্ম প্রচাৰ আৰু সম্প্রসাৰণ ঘটাবলৈ চেষ্টা কৰা হৈছিল।
(ঘ) পাঠ্যক্ৰমত ধর্মীয় শিক্ষা দিয়াৰ লগতে সার্বজনীন তথা ধর্মনিৰপেক্ষ বিষয়ে সামৰি লােৱা হৈছিল।
(ঙ) এনে শিক্ষাই বুৰঞ্জীৰচনাৰ ওপৰত গুৰুত্ব আৰােপ কৰিছিল।

HS 1st Year education chapter 7 question answer in Assamese

৪। ১৮১৩ চনৰ চাৰ্টাৰ আইনৰ নির্দেশাৱলী কি আছিল? এই আইনখনৰ গুৰুত্ব উল্লেখ কৰা।
উত্তৰঃ ইষ্ট-ইণ্ডিয়া কোম্পানীয়ে ১৮১৩ চনত ভাৰতত
শিক্ষা সম্প্রসাৰণ সম্পর্কে এক আইন প্রনয়ণ কৰিছিল। এই আইনত কোৱা হৈছিল যে কোম্পানীৰ ৰাজহ, কৰ আৰু অন্যান্য উপার্জনৰ পৰা হােৱা বছৰেকীয়া আয় তেওঁলােকৰ সৈনিক, প্রশাসনীয় কাম-কাজ আদিত খৰচ কৰাৰ পিছত যি ধন ৰাহি হয় তাৰ পৰা কমেও এক লাখ টকাবছৰি ভাৰতত শিক্ষা, দেশীয় ভাষা আৰু সাহিত্য বিকাশৰ বাবে খৰচ কৰিব। এই আইনৰ গুৰুত্ব আছিল এনেধৰনৰঃ
(ক) ১৮১৩ চনৰ চাৰ্টাৰ আইনখন আছিল ভাৰতীয় শিক্ষাৰ ক্ষেত্ৰত এক বলিষ্ঠ পদক্ষেপ। ইংৰাজসকলে পােনপ্ৰথমবাৰৰ বাবে ভাৰতত শিক্ষাৰ প্ৰয়ােজনীয়তা অনুভৱ কৰে আৰু আইনখন কার্যকৰী কৰে।
(খ) এই আইখনে ভাৰতীয় শিক্ষা ব্যৱস্থাত থকা দুৰৱস্থা দূঢ়ীকৰণ কৰিবলৈ বছৰি এক লাখ টকা খৰচ কৰাৰ ব্যৱস্থা কৰে।
(গ) কোম্পানীয়ে ভাৰতীয়সকলৰ পৰা ৰাজহ সংগ্রহ কৰি পােৱা ধনৰ এক অংশ ভাৰতীয়সকলৰ বাবেও সদ্ব্যৱহাৰ কৰাৰ কথা উপলব্ধি কৰে।
(ঘ) এই আইনখনে ভাৰতত পাশ্চাত্য শিক্ষা ব্যৱস্থাৰ পথ মুকলি কৰে।
(ঙ) ভাৰতীয়সকলৰ শিক্ষা বিকাশৰ দায়িত্ব গ্রহণ কৰাটো ইষ্ট-ইণ্ডিয়া কোম্পানীৰ এক আইনসংগত কর্তব্য বুলি ১৮১৩ চনৰ চাৰ্টাৰ আইন খনে সাব্যস্ত কৰে।

৫। ১৮৫৪ চনৰ উডৰ নির্দেশনামা বুলিলে কি বুজা? উডৰ নির্দেশনামৰ যিকোনাে পাঁচটা পৰামৰ্শ উল্লেখ কৰা।
উত্তৰ : প্রতি বিশ বছৰৰ মূৰে মূৰে ইষ্ট-ইণ্ডিয়া কোম্পানীৰ চনদ নবীকৰণ নীতি অনুযায়ী ১৮৫৩ চনত সেই সময়ৰ বাের্ড অৱ কন্ট্রোলৰ সভাপতি চার্লচ উডক ভাৰতত শিক্ষাৰ ক্ষেত্ৰত কাৰ্যকৰী ব্যৱস্থা গ্ৰহণ কৰিবলৈ ইংলণ্ডৰ হাউচ অৱ কমনচে নির্দেশ দিয়ে। নির্দেশ মর্মে চার্লচ উড়ে ১৮৫৪ চনত শিক্ষা সম্পর্কে এখন দলিল প্রকাশ কৰে, যিখনক উডচ ডেচপাচ’ বা ‘উডৰ ঘােষণাপত্র’বুলি কোৱা হয়। এই ঘােষণাপত্রই ভাৰতত শিক্ষাৰ সকলােবােৰ দিশ সামৰি লয়। উডৰ ঘােষণাপত্রক ভাৰতীয় শিক্ষাৰ ‘মেগনাকার্টা’ বুলি কোৱা হয়। উডৰ ঘােষণাপত্ৰৰ নির্দেশাৱলী আছিল –
(ক) ভাৰতবৰ্ষত শিক্ষা সংগঠন তথা প্রশাসনিক দিশৰ উন্নয়ন সাধন কৰিবলৈ প্রত্যেক প্রদেশতে একোটাকৈ শিক্ষা বিভাগ স্থাপন কৰিব লাগে আৰু একোজন শিক্ষা সঞ্চালক নিযুক্তি দিয়াৰ ব্যৱস্থা কৰিব লাগে।
(খ) শিক্ষকসকলক প্রশিক্ষণ দিয়াৰ বাবে শৈক্ষিক প্রশিক্ষণ কেন্দ্র স্থাপন কৰিব লাগে।
(গ) ইংৰাজী ভাষাৰ সমান্তৰালকৈ দেশীয় ভাষাসমূহো শিক্ষাৰ মাধ্যম হিচাপে ব্যৱহাৰ কৰা উচিত বুলি উডৰ ঘােষণাপত্ৰত উল্লেখ আছে।
(ঘ) বিশ্ববিদ্যালয় আৰু মহাবিদ্যালয়ৰ পৰা আৰম্ভ কৰি মাধ্যমিক আৰু প্রাথমিক বিদ্যালয়লৈকে পৰস্পৰৰ মাজত এক যােগসূত্র স্থাপন কৰিবলৈ ঘােষণাপত্রখনত পৰামর্শ দিয়ে।
(ঙ) উডৰ নির্দেশপত্রই বৃত্তিমূলক শিক্ষা সহজলভ্য কৰাৰ বাবে বৃত্তিমূলক স্কুল-কলেজ স্থাপন কৰাৰ নির্দেশ দিয়ে।

৬। ১৮৫৪ চনৰ উডৰ নির্দেশনামাৰ পাঁচটা গুণ আৰু পাঁচটা দোষ উল্লেখ কৰা।
উত্তৰ : ভাৰতত আধুনিক শিক্ষা পদ্ধতি বিকাশত উডৰ নির্দেশনামাখন হ’ল এক মাইলৰ খুঁটি। ইয়াক ভাৰতীয় শিক্ষাৰ ক্ষেত্ৰত মেগনাকার্টা বুলিও অভিহিত কৰা হয়। উডৰ নির্দেশনামাখনৰ কিছুমান গুণ আছে। যেনে-
(ক) এই নির্দেশনামাখনৰ জৰিয়তে ভাৰতৰ প্ৰতিখন প্রদেশতে একোটাকৈ শিক্ষা বিভাগ গঠন কৰি পােনপ্ৰথমবাৰৰ বাবে শিক্ষাক এক সুসংগঠিত আৰু প্রণালীবদ্ধ ৰূপ দিয়ে।
(খ) এইনির্দেশনামাখনৰ জৰিয়তে ভাৰতত বিশ্ববিদ্যালয় স্থাপন কৰি উচ্চ শিক্ষাৰ ক্ষেত্ৰত নতুন পদক্ষেপ লয়।
(গ) শিক্ষকক প্রশিক্ষণ দিয়াৰ বাবে প্রশিক্ষণ কেন্দ্র স্থাপন কৰা হয় আৰু ছাত্রবৃত্তি দি শিক্ষাৰ ক্ষেত্ৰত এক বলিষ্ট পদক্ষেপ গ্রহণ কৰা হয়।
(ঘ) এই নির্দেশনামাই নিম্ন পৰিশ্ৰাৱণ নীতিৰ বিৰােধিতা কৰি সকলােৰে বাবে শিক্ষাৰ দুৱাৰ মুকলি কৰে।
(ঙ) উডৰ নির্দেশনামাখনৰ জৰিয়তে ভাৰতত বৃত্তি শিক্ষাৰ ওপৰতাে গুৰুত্ব প্রদান কৰা হয়।

১৮৫৪ চনৰ উডৰ নির্দেশনামাখনৰ কিছু দোষাে আছিল। যেনে –
(ক) এই নির্দেশনামাখনৰ ফলস্বৰূপে ভাৰতত পৰম্পৰাগত শিক্ষা পদ্ধতিয়ে আগৰ স্বাধীনতা হেৰুৱায় শিক্ষা ব্যৱস্থা ইংৰাজ সকলৰ হাতলৈ যায়।
(খ) এইনির্দেশপত্ৰৰ দ্বাৰা ভাৰতৰ ধর্মীয় শিক্ষা বাধাগ্রস্ত হয়। ফলত আধ্যাত্মিক শিক্ষা আৰু ভাৰতীয় সংস্কৃতি বিপর্যয়ৰ মুখামুখি হয়।
(গ) এই নির্দেশনামাখনৰ জৰিয়েত ভাৰতত পাশ্চাত্য শিক্ষা ব্যৱস্থা প্রৱর্তন হয়।
(ঘ) নির্দেশনামাখনে ভাৰতত ইংৰাজী শিক্ষাৰে শিক্ষিত এক শ্রেণীৰ আমােলাৰ সৃষ্টি কৰে যিসকল বিদেশী ইংৰাজৰ বহতীয়া হৈ কাম কৰিবলৈ লয়।
(ঙ) এই ঘােষণাপত্রই ইংৰাজী ভাষাক শিক্ষাৰ মাধ্যম হিচাপে গ্ৰহণ কৰাত দেশীয় ভাষাসমূহৰ বিকাশত বাধাৰ সৃষ্টি হয়।

লগতে পঢ়ক:   মানৱ আচৰণৰ ভিত্তিসমূহ আৰু দিকদর্শন (প্রশ্নোত্তৰ) একাদশ শ্ৰেণী

৭। ভাৰতীয় শিক্ষাৰ ক্ষেত্ৰত ‘নিম্ন পৰিশ্ৰাৱণ নীতি’ কি? ইয়াৰ ফলাফলৰােৰ বৰ্ণনা কৰা।
উত্তৰঃ ১৮৩৪ চনত লর্ড মেকলে আইন সভাৰ সদস্য হিচাপে ভাৰতলৈ আহে। শিক্ষাৰ ক্ষেত্ৰত ‘নিম্ন পৰিশ্ৰাৱণ নীতি তেৱেই প্ৰৱর্তন কৰে। লর্ড মেকলে বিশ্বাস কৰিছিল যে ভাৰতত ইংৰাজী শিক্ষাৰ মাধ্যমেৰে এনে এক শ্রেণীৰ শিক্ষিত মানুহ গঢ়ি তুলিব লাগিব যাতে সেই শ্ৰেণীৰ মানুহ তেজ আৰু দেহৰ ৰঙেৰে ভাৰতীয় হ’লেও ৰুচি আৰু মতামতৰ ফালৰ পৰা সম্পূর্ণ ইংৰাজৰ দৰে হ’ব। তেওঁ যুক্তি দৰ্শাইছিল যে ভাৰতৰ দৰে এখন বিশাল দেশৰ সকলােবােৰ মানুহৰ বাবে মাত্র এখ লাখ টকাৰে শিক্ষাৰ ব্যৱস্থা সম্প্রসাৰণ কৰা সম্ভৱ নহয়। লর্ড মেকলেৰ উক্ত পৰামর্শমতে ইংৰাজ চৰকাৰে ভাৰতীয়সকলৰ শিক্ষাৰ বাবে এক নীতি গ্রহণ কৰিছিল। ইয়াক ‘নিন্মমুখী পৰিশ্ৰাৱণনীতি’(Downward Fil- tration Theory) বুলি কোৱা হয়। এই নীতি অর্থ হ’ল শিক্ষা ওপৰৰ পৰা তললৈ ক্রমান্বয়ে নিগৰি আহিব। অর্থাৎ সমাজৰ উচ্চ খাপৰ মুষ্ঠিমেয় লােকক শিক্ষিত কৰি তুলিব পাৰিলে স্বাভাৱিকভাৱেই তলৰ শ্ৰেণীৰ লােকসকলৰ মাজত শিক্ষা বিয়পি পৰিব।
লর্ড মেকলেৰ দ্বাৰা প্ৰৱৰ্তন কৰা ‘নিম্নমুখী পৰিশ্ৰাৱণ নীতি’ৰ ফলত ভাৰতৰ সৰ্বসাধাৰণ মানুহৰ মাজত শিক্ষাৰ প্রসাৰ বন্ধ হৈ পৰে। উক্ত নীতি অনুসৰণ কৰাৰ ফলত আটাইতকৈ বেছি ক্ষতি হয় প্রাথমিক শিক্ষাৰ ক্ষেত্ৰত ইংৰাজ চৰকাৰে দেশীয় প্রাথমিক বিদ্যালয়বােৰ অৱহেলা কৰিবলৈ লয়। ফলত বেছিভাগ বিদ্যালয় বন্ধ হ’বলৈ বাধ্য হয়।

ভাৰতবর্ষ আৰু অসমৰ প্রাথমিক শিক্ষা

৮। প্রাথমিক শিক্ষা বিকাশৰ বাবে হান্টাৰ আয়ােগে আগবঢ়োৱা পৰামৰ্শবােৰ উল্লেখ কৰা।
উত্তৰঃ ১৮৫৪ চনৰ উডৰ ঘােষণাপত্র মতে ইংৰাজ চৰকাৰে ভাৰতীয়সকলৰ শিক্ষাৰ বাবে ‘নিম্নমুখী পৰিশ্ৰাৱণ নীতি গ্রহণ কৰে। ফলত উচ্চ শিক্ষাৰ ক্ষেত্ৰত আমূল পৰিৱৰ্তন হলেও প্রাথমিক শিক্ষাৰ ক্ষেত্ৰত বিপর্যয়ে দেখা দিয়ে। সেয়ে ভাৰতীয় শিক্ষা নীতিসমূহ পর্যালােচনা কৰি সুপৰামৰ্শ আগবঢ়াবলৈ ১৮৮২ চনত সেই সময়ৰ ভাইৰয়  লর্ড ৰিপনে চাৰ উইলিয়াম হান্টাৰ নামৰ এজন ইংৰাজ লােকক সভাপতি হিচাপে লৈ এখন শিক্ষা আয়ােগ গঠন কৰে। এই আয়ােগটোক হান্টাৰ আয়ােগ’ বুলি কোৱা হয় । হান্টাৰ আয়ােগে প্রাথমিক শিক্ষাৰ ক্ষেত্ৰত তলত উল্লেখ কৰা পৰামর্শসমূহ আগবঢ়াইছিল –
(ক) মাতৃভাষাত প্রাথমিক শিক্ষা প্রদান কৰা হ’ব।
(খ) প্রাথমিক শিক্ষাৰ প্ৰসাৰৰ বাবে চৰকাৰে কাৰ্যকৰী ব্যৱস্থা গ্ৰহণ কৰিব।
(গ) আইনৰ দ্বাৰা প্রাথমিক শিক্ষা বাধ্যতামূলক কৰা হ’ব।
(ঘ) বিদ্যালয়ৰ পৰিদৰ্শকে স্থানীয়ভাৱে প্রাথমিক বিদ্যালয়ৰ পৰীক্ষা ল’ব।
(ঙ) ৰাইজে বিচাৰিলে ঠায়ে ঠায়ে’নৈশ বিদ্যালয় স্থাপন কৰা হ’ব।
(চ) শাৰীৰিক উৎকর্ষ সাধনৰ বাবে থলুৱা খেল-ধেমালি, ব্যায়াম আদি অনুশীলন কৰাত উৎসাহ দিয়া হ’ব।
(ছ) পিছ পৰি থকা অঞ্চলসমূহত চৰকাৰী দপ্তৰৰ পৰা বিশেষ ব্যৱস্থা লােৱা হ’ব।
(জ) সকলাে ছাত্রই মাচুল দিব লাগিব। দুখীয়া ছাত্রক মাচুল ৰেহাই দিয়াৰ ব্যৱস্থা থাকিব।
(ঝ) প্রাথমিক শিক্ষাৰ বাবে স্বায়ত্বশাসিত অনুষ্ঠানসমূহক চৰকাৰে অনুদান দিব।

৯। ১৮৮২ চনৰ হান্টাৰ আয়ােগৰ শিক্ষানীতিৰ পাঁচটা গুণ আৰু পাঁচটা দোষ উল্লেখ কৰা।
উত্তৰঃ হান্টাৰ আয়ােগৰ শিক্ষানীতিৰ পাঁচটা গুণ হলঃ
(ক) হান্টাৰ আয়ােগৰ পৰামৰ্শৱলীৰ যােগেদি ভাৰতীয় শিক্ষাত মিছনেৰীসকলৰ প্রভুত্ব হ্রাস হয় আৰু ভাৰতীয় শিক্ষা আৰু সংস্কৃতি বিকাশৰ পথ মুকলি হয়।
(খ) হান্টাৰ আয়ােগে ভাৰতত চলি থকা পৰম্পৰাগত শিক্ষা ব্যৱস্থাৰ আধুনিকীকৰণৰ ব্যৱস্থা কৰে।
(গ) হান্টাৰ আয়ােগে শিক্ষাৰ ধৰ্মনিৰপেক্ষতাৰ নীতি গ্রহণ কৰে।
(ঘ) স্ত্রী শিক্ষা, পিছ পৰা শ্রেণী, পাহাৰীয়া উপজাতি আদি লােকসকলক শিক্ষা দিয়াৰ উপযােগী পৰামর্শ আগবঢ়ায়।
(ঙ) প্রাথমিক শিক্ষাৰ দায়িত্ব স্থানীয় কর্তৃপক্ষৰ হাতত দিয়ে। ফলত শিক্ষাবিভাগত ভাৰতীয়সকল জড়িত হৈপৰে।

হান্টাৰ আয়ােগৰ প্রধান দোষবােৰ হ’ল
(ক) প্রাথমিক শিক্ষাৰ মাধ্যম মাতৃভাষা হলেও মাধ্যমিক শিক্ষাৰ মাধ্যম মাতৃভাষাৰ পৰিৱর্তে ইংৰাজী ভাষা হােৱাত ভাৰতীয়সকলৰ বাবে সমস্যা হয়।
(খ) প্রাথমিক শিক্ষাৰ দায়িত্ব স্থানীয় কর্তৃপক্ষৰ হাতত অর্পন কৰাৰ ফলত চৰকাৰে জনসাধাৰণৰ শিক্ষাৰ গুৰু দায়িত্বৰ পৰা গা এৰা দিয়ে।
(গ) হান্টাৰ আয়ােগে প্রাথমিক শিক্ষাক বিনামূলীয়া আৰু বাধ্যতামূলক কৰি তােলাৰ ওপৰত কোনাে পৰামর্শ আগবঢ়ায়।
(ঘ) আয়োগে কাৰীকৰি শিক্ষা বিকাশৰ বাবে কোনো পদক্ষেপ গ্রহণ কৰা নাছিল।
(ঙ) হান্টাৰ আয়ােগৰ পৰামর্শ মতে ইৰাজে প্ৰৱর্তন কৰা শিক্ষা ব্যৱস্থাই দুই ধৰণৰ লােকৰ সৃষ্টি কৰে- নগৰীয় আৰু গাঁৱলীয়া। শিক্ষিত লােক চাকৰিৰ আশাত নগৰমুখী হয় আৰু অশিক্ষিত সকল গাওঁ অঞ্চলতে আবদ্ধ হৈ ৰয় ।

class 11 education chapter 7 question answer in assamese

১০। ১৯১১ চনত গোপালকৃষ্ণ গোখলে আগবঢ়োৱা বিলখনৰ পৰামৰ্শবলী কি আছিল?
নাইবা
প্রাথমিক শিক্ষাৰ ক্ষেত্ৰত গােপাল কৃষ্ণ গোখলে অবদান আলোচনা কৰা।
উত্তৰঃ কেন্দ্ৰীয় চৰকাৰে প্ৰাথমিক শিক্ষা বিস্তাৰৰ কাৰণে কোনাে কার্যকৰী ব্যবস্থা গ্রহণ নকৰাত ১৯১১ চনৰ ১৬ মার্চত গােপাল কৃষ্ণ গােখলেই ইম্পিৰিয়েল লেজিচলেটিভ কাউন্সিলত এখন বিল উত্থাপন কৰে। ভাৰতত প্রাথমিক শিক্ষা বিস্তাৰৰ কাৰণে উত্থাপন কৰা বিলখনত তলত দিয়া দিশবােৰ উল্লেখ কৰিছিল।
(ক) গৱৰ্ণৰ জেনেৰেলৰ মত সাপেক্ষে শিক্ষা বিভাগে বিদ্যালয়ত কিমান ল’ৰা-ছােৱালী পঢ়িব, সেয়া থিৰাং কৰিব।
(খ) প্রাথমিক শিক্ষা বাধ্যতামূলক কৰাৰ বাবে লােকেল বাের্ড আৰু মিউনিচিপলিটিয়ে প্রাদেশিক চৰকাৰৰ আগতীয়া, অনুমতি ল’ব লাগিব।
(গ) ৬ বছৰৰ পৰা ১০ বছৰৰ বয়সৰ ল’ৰাসকলক বিদ্যালয়লৈ যােৱাৰ বাবে বাধ্য কৰিব।
(ঘ) প্রাথমিক শিক্ষা বিনামূলীয়া নহ’ব। কিন্তু কোনাে অভিভাৱকৰ মাহিলী আয় ১০ টকাতকৈ কম হলে ল’ৰা- ছােৱালীয়ে মাচুল দিব নালাগিব।
(ঙ) প্রাদেশিক চৰকাৰৰ শিক্ষা বিভাগে বিদ্যালয়ত উপস্থিত থাকিবলগীয়া দিন আৰু প্রতিদিনৰ সময় ধার্য কৰিব।
(চ) যি অঞ্চলত প্রাথমিক শিক্ষা বাধ্যতামূলক কৰা হ’ব সেই অঞ্চলত ছাত্র-ছাত্রীসকলৰ অভিভাৱকসকলক নিজৰ ল’ৰা-ছােৱালীক বিদ্যালয়লৈ পঠাবলৈ বাধ্য কৰােৱা হ’ব। গােপাল কৃষ্ণ গােখলে উত্থাপন কৰা বিলখন পৰীক্ষা কৰিবৰ কাৰণে নির্বাচন কমিটিলৈ প্ৰেৰণ কৰা হয়। সদস্যসকলে দাবী উত্থাপন কৰাত বিলখনৰ ওপৰত ভােটদানৰ ব্যৱস্থা কৰা হয়। ইয়াৰ সপক্ষে ১৩ জন সদস্যই আৰু বিপক্ষে ৩৮ জন সদস্যই ভােট দিয়ে। ফলত বিলখন কার্যকৰী নহয়।

১১। ভাৰতবৰ্ষত শিক্ষাৰ ক্ষেত্ৰত হােৱা প্রাচ্য-পাশ্চাত্যৰ বিতর্কৰ এক চমু বর্ণনা দিয়া।
উত্তৰঃ ইষ্ট-ইণ্ডিয়া কোম্পানীয়ে ১৮১৩ চনত ভাৰতত শিক্ষা সম্প্রসাৰণ সম্পর্কে এক আইন প্রনয়ণ কৰিছিল। এই আইনখনক লৈ ভাৰতত প্রাচ্য আৰু পাশ্চাত্যৰ শিক্ষাৰ সমর্থনকাৰী সকলৰ মাজত এক দীর্ঘদিনীয়া বিতর্ক সৃষ্টি হয়। এই বিবাদৰ প্ৰধান কাৰণ আছিল তিনিটা। যেনে

লগতে পঢ়ক:   বিদ্যালয় আৰু ইয়াৰ সংগঠন (প্রশ্নোত্তৰ) Class 11 Education Chapter 3 Question Answer

(ক) সেই সময়ত ভাৰতীয় শিক্ষাৰ নীতি সম্পর্কে বিতর্কমূলক পৰিস্থিতি।
(খ) আইনখনৰ নিৰ্দেশাৱলীৰ অস্পষ্টতা।
(গ) বিবাদ নিষ্পত্তি কৰিবলৈ কোম্পানীৰ ইচ্ছাৰ অভাৱ বিতর্কটোৰ প্ৰাচ্যপন্থী আৰু পাশ্চাত্যপন্থী সকলে চাৰিটা বিষয়ক লৈ পৰস্পৰ বিৰােধী মতবাদ আগবঢ়াইছিল। সেয়া আছিল –
(ক) শিক্ষাৰ মাধ্যমঃ প্রাচ্য শিক্ষাৰ সমর্থনকাৰীসকলে ভাৰতবৰ্ষত সংস্কৃত আৰু আৰবী ভাষাৰ মাধ্যমত শিক্ষা প্রদান কৰিব লাগে বুলি মত প্রকাশ কৰিছিল। আনহাতে, পাশ্চাত্যপন্থীসকলে শিক্ষাৰ মাধ্যম ইংৰাজী হ’ব লাগে বুলি মত পােষণ কৰিছিল।

(খ) শিক্ষাৰ লক্ষ্য : প্রাচপন্থীসকলে ভাৰতবৰ্ষত ভাৰতীয়সকৰ শিক্ষাৰ উন্নতি সাধনেই শিক্ষাৰ লক্ষ্য হ’ব লাগে বুলি মতামত আগবঢ়ায়। কিন্তু পাশ্চাত্য পন্থীসকলে ইউৰােপৰ জ্ঞান-বিজ্ঞানৰ প্ৰয়ােগৰ যােগেদি ভাৰতীয়সকলক আধুনিকীকৰণ কৰাটো শিক্ষাৰ লক্ষ্য হ’ব লাগে বুলি মত পােষণ কৰিছিল।

(গ) শিক্ষাদান পদ্ধতি : প্রাচপন্থীসকলে মত পােষণ কৰিছিল যে সমাজৰ সকলাে শ্ৰেণীৰ লােকে শিক্ষা গ্ৰহণৰ সুবিধা পাব লাগে। কিন্তু শাসক কর্তৃপক্ষই মতদান কৰে যে সমাজৰ কেৱল উচ্চ শ্রেণীৰ লােকসকলকহে শিক্ষা দান কৰিব লাগে। সিহঁতে লাহে লাহে তলৰ শ্ৰেণীৰ লােকসকলক শিক্ষিত কৰি তুলিব।

(ঘ) শিক্ষাৰ দায়িত্ব : শিক্ষাৰ দায়িত্ব গ্রহণৰ ক্ষেত্ৰত এটা দলে মত পােষণ কৰে যে দেশৰ প্ৰশাসনীয় কর্তৃপক্ষই শিক্ষাৰ দায়িত্ব গ্রহণ কৰিব লাগে। আন এক দলে মত প্রকাশ কৰে যে মিছনেৰীসকলৰ হাতত শিক্ষাৰ দায়িত্ব অৰ্পণ কৰিব লাগে। আন কিছুমানে মত প্রকাশ কৰিছিল যে শিক্ষা পৰিচালনা কৰাৰ দায়িত্ব ভাৰতীয়সকলক দিব লাগে।
ভাৰতৰ শিক্ষা ব্যৱস্থাক লৈ পাচ্য আৰু পাশ্চাত্যৰ মাজত এই বিবাদ ২২ বছৰকাল চলে। অৱশেষত ১৮৩৪ চনত মেকলে ভাতৰতলৈ অহাত পিছত এই বিবাদৰ অন্ত পৰে।

১২। লর্ড কার্জনৰ প্ৰাথমিক শিক্ষানীতি সম্বন্ধে অগবঢ়োৱা পৰামর্শসমূহ উল্লেখ কৰা।
নাইবা
ভাৰতীয় শিক্ষাৰ প্ৰতি লর্ড কার্জনৰ অৱদান চমুকৈ উল্লেখ কৰা।
উত্তৰঃ লর্ড কার্জন ১৮৯৯ চনত ভাৰতৰ ভাইচৰা হৈ আহে। ১৯০১ চনত তেওঁ চিমলাত এখন শিক্ষা সন্মিলন আহ্বান কৰে। এই সন্মিলন ১৫ দিন ধৰি চলিছিল। প্রাথমিক শিক্ষাৰ পৰা উচ্চ শিক্ষালৈকে সন্মিলনখনত আলােচনা হয়। সেই আলােচনাৰ ভিত্তিত ১৯০৪ চনত চৰকাৰৰ শিক্ষানীতি ঘােষণা কৰে। এই শিক্ষানীতিত প্রাথমিক শিক্ষা সম্বন্ধে আগবঢ়োৱা পৰামৰ্শবােৰ আছিল তলত দিয়া ধৰণৰ।
(ক) কার্জনে প্রাথমিক শিক্ষাৰ বাৰে উদাৰ ভাবে অর্থ সাহার্য আগবঢ়ায়। প্রাথমিক শিক্ষা খণ্ডলৈ চৰকাৰী অর্থ সাহাৰ্যৰ পৰিমাণ মুঠ খৰচৰ দুভাগৰ এভাগ কৰে।
(খ) প্রাথমিক শিক্ষক প্রশিক্ষণৰ বাবে শিক্ষক প্রশিক্ষণ কেন্দ্র স্থাপন কৰে। কৃষি বিষয়তাে প্রশিক্ষণৰ ব্যৱস্থা কৰে।
(গ) দৰ্মহা বৃদ্ধি কৰি শিক্ষকসকলৰ জীৱন-ধাৰণৰ মানদণ্ড উন্নত কৰাৰ ওপৰত জোৰ দিয়ে।

(ঘ) প্রাথমিক শিক্ষাৰ পাঠ্যক্রম সংশােধন কৰি ইয়াত কৃষি, শৰীৰ চৰ্চা আদি বিষয় অন্তর্ভূক্ত কৰাৰ ওপৰত জোৰ দিয়ে।
(ঙ) ভাৰতীয় শিক্ষাৰ ক্ষেত্ৰত প্রশাসন অধিকভাৱে জড়িত কৰে। শিক্ষাৰ সকলাে দিশতে চৰকাৰৰ অধিকাৰ সাব্যস্ত কৰে।

১৩। বুনিয়াদী শিক্ষাৰ মূল দিশবােৰ আলােচনা কৰা।
উত্তৰ : ভাৰতবৰ্ষত বুনিয়াদী শিক্ষাৰ আঁচনিৰ জন্মদাতা আছিল মহামানৱ মহাত্মা গান্ধী। ১৯৩৭ চনত হৰিজন’ নামৰ কাকতখনত মহাত্মা গান্ধীয়ে বুনিয়াদী শিক্ষা আঁচনিৰ ৰূপৰেখা প্রকাশ কৰিছিল। বুনিয়াদী শিক্ষা আঁচনিৰ মূল উদ্দেশ্য আছিল আর্থিকভাৱে দেশ তথা সমাজক স্ব- নিৰ্ভৰশীল কৰা। বুনিয়াদী শিক্ষাৰ মূল দিশবােৰ আছিল নিম্ন ৰূপঃ
(ক) শিক্ষাক শিল্পকেন্দ্রিক কৰি গঢ়ি তুলি শিশুসকলক শাৰীৰিক আৰু মানসিকভাৱে শক্তিশালী কৰি তোলা।
(খ) মাতৃভাষাক শিক্ষাৰ মাধ্যম হিচাপে গ্ৰহণ কৰা।
(গ) বুনিয়াদী শিক্ষাৰ দ্বাৰা শিশুসকলে শিল্পকর্ম শিকিব আৰু শিশুয়ে উৎপাদন কৰা সামগ্ৰীৰ মূল্যৰে নিজৰ খৰচ- পাতিৰ লগতে শিক্ষকক দৰমহা দিব।
(ঘ) বুনিয়াদী শিক্ষা ব্যৱস্থাত শিক্ষক-শিক্ষার্থীৰ মাজত মধুৰ সম্পর্ক স্থাপন হ’ব।
(ঙ) বুনিয়াদী শিক্ষা সম্পূর্ণ ভাৰতীয় আৰু নৈতিক পৰিবেশত প্রদান কৰা হ’ব।
(চ) দেশৰ ভৱিষ্যত নাগৰিক হিচাপে নিজৰ কৰ্তব্য আৰু দায়িত্ব সম্পর্কে শিশুক সচেতন কৰি তােলা বুনিয়দী শিক্ষা আঁচনিৰ এক লক্ষ্য আছিল।
(ছ) এই শিক্ষা আঁচনিত আন আন আধুনিক ধাৰণাৰ দৰে শিশুৰ মনস্তাত্বিক দিশৰ ওপৰতে জোৰ দিয়া হৈছিল।
(জ) বুনিয়াদী শিক্ষা আঁচনিয়ে শিশুসকলৰ মনত অহিংসা নীতি আৰু বিশ্বপ্রেমৰ ধাৰণা জগাই তােলাৰ লগতে সত্য, ন্যায়, প্রেম আৰু সেৱাৰ মাধ্যমেৰে গান্ধী দৰ্শনৰ উপলব্ধি হােৱাত সহায় কৰে।

১৪। মহাত্মা গান্ধীৰ বুনিয়াদী শিক্ষা আঁচনি অকৃতকার্য হােৱাৰ কাৰণবােৰ কি আছিল?
উত্তৰঃ মহাত্মা গান্ধীয়ে দাঙি ধৰা বুনিয়াদী শিক্ষা আঁচনি অকৃতকার্য হােৱাৰ কাৰণসমূহ আছিল।
(ক) ভাৰত স্বাধীন হােৱাৰ পিছত কংগ্ৰেছ চৰকাৰে বুনিয়াদী শিক্ষা আইন পাছ কৰিছিল যদিও ইয়াৰ নীতিবােৰ কার্যকৰী কৰাৰ প্ৰতি চৰকাৰ উদাসীন আছিল।
(খ) সাধাৰণ লােকে এই আঁচনিৰ মর্ম উপলব্ধি কৰিব পৰা নাছিল। মানুহৰ মনত এটি ধাৰণা সােমাইছিল যে এই শিক্ষা ব্যৱস্থাই শিক্ষার্থীক দিন মজুৰি কৰা বনুৱাহে কৰিব।
(গ) কাৰীকৰি বিদ্যা (হস্ত শিল্প) শিকোৱাটোৱেই আছিল বুনিয়াদী শিক্ষাৰ মূল উদ্দেশ্য। কিন্তু কাৰীকৰি বা হস্তশিল্পৰ বিষয়বােৰ শিকোৱাৰ বাবে উপযুক্ত প্রশিক্ষণপ্রাপ্ত শিক্ষকৰ অভাৱ আছিল।
(ঘ) এই শিক্ষা ব্যয় বহুল আছিল।
(ঙ) সৰ্বসাধাৰণ লােকেও বুনিয়াদ শিক্ষাৰ প্রতি অৱহেলা প্রদর্শন কৰিছিল।

class 11 education chapter 7 question answer in assamese

১৫। ১৯১৩ চনৰ শিক্ষা নীতিয়ে প্রাথমিক শিক্ষাৰ ক্ষেত্ৰত আগবঢ়োৱা মূল পৰামর্শসমূহ উল্লেখ কৰা।
উত্তৰঃ ১৯১১ চনৰ ১৬ মার্চত গােপাল কৃষ্ণ গােখলেই ইম্পিৰিয়েল লেজিলেটিভ কাউন্সিলত ভাৰতত শিক্ষা বিস্তাৰৰ কাৰণে এখন বিল উত্থাপন কৰে। কিন্তু বিলখন অগ্রাহ্য হয় যদিও বিলখনৰ আভ্যন্তৰীণ দিশবােৰৰ প্রতি ইৰাজ চৰকাৰ সজাগ হয়। আনকি বিলখনে ভাৰতীয়সকলকো শিক্ষা সম্পর্কে সচেতন কৰে। তেনে সময়তে ইংলণ্ডৰ ৰজা পঞ্চম জর্জ ভাৰতলৈ আহে আৰু গোখলেৰ প্ৰস্তাৱ ব্যর্থ হােৱাৰ বাবে অসন্তুষ্টি প্রকাশ কৰে। এনে পৰিপ্ৰেক্ষিতত চৰকাৰে শিক্ষাৰ এক নতুন নীতি ঘােষণা কৰে। এইশিক্ষানীতিক ১৯১৩ চনৰ শিক্ষানীতি’বুলি কোৱা হয়। এই শিক্ষা নীতিয়ে প্রাথমিক শিক্ষানীতি সম্পর্কে
আগবঢ়োৱা মূল দিশবােৰ আছিল তলত দিয়া ধৰণৰ

(ক) নিম্ন প্রাথমিক বিদ্যালয়ৰ দ্রুত সম্প্ৰসাৰণ হ’ব লাগে। ইয়াৰ পাঠ্যক্ৰমত চিত্রাংকন, শৰীৰ বিদ্যা, প্রকৃতি পাঠ আদি বিষয় অন্তর্ভূক্ত হ’ব লাগে।
(খ) সুবিধাজনক ঠাইত উচ্চ প্রাথমিক বিদ্যালয় স্থাপন কৰিব লাগে। প্রয়ােজন হলে নিম্ন প্রাথমিক বিদ্যালয়ক উচ্চ প্রাথমিক বিদ্যালয়লৈ উন্নীত কৰিব লাগে।
(গ) স্থানীয় শিক্ষা কর্তৃপক্ষই নিজ নিজ এলেকাত অধিক বিদ্যালয় স্থাপন কৰিব লাগে।
(ঘ) নগৰ আৰু গাওঁৰ স্কুলৰ পাঠ্যক্ৰমৰ মাজত কোনাে বিৰােধ থাকিব নালাগে।
(ঙ) প্রাথমিক বিদ্যালয়ৰ শিক্ষকসকলক প্রশিক্ষণৰ ব্যৱস্থা কৰিব লাগে।
(চ) প্রাথমিক শিক্ষা সম্প্ৰসাৰণৰ বাবে প্রয়ােজনীয় আর্থিক অনুদান আগবঢ়াব লাগে।

১৬। অসম প্রাথমিক শিক্ষা আইন ১৯২৬ চনৰ মূল দফাসমূহ উল্লেখ কৰা।
উত্তৰঃ ১৯২৬ চনৰ অসম প্রাথমিক শিক্ষা আইনৰ মূল দফাসমূহ হ’ল :
(১) এই আইনখন সমগ্র দেশতে প্রযােজ্য হ’ব।
(২) ১১ বছৰৰ তলৰ আৰু ৬ বছৰৰ ওপৰৰ ল’ৰা-ছােৱালীক বাধ্যতামূলক প্রাথমিক শিক্ষা প্রদান কৰা হ’ব।
(৩) স্থানীয় স্বায়ত্ব পৰিষদে তেওঁলােকৰ সমগ্র এলেকাত অথবা কোনাে নির্দিষ্ট এলেকাত বাধ্যতামূলক প্রাথমিক শিক্ষা প্রৱৰ্তন কৰিব।
(৪) স্থানীয় স্বায়ত্ব পৰিষদে অভিভাৱকসকলক তেওঁলােকৰ ল’ৰা-ছােৱালীক স্কুলত পঠাবলৈ বাধ্য কৰাব পাৰিব।
(৫) স্থানীয় স্বায়ত্ব পৰিষদে প্রয়ােজন সাপেক্ষে শিক্ষা, কৰ ধার্য কৰিব পাৰিব।
(৬) স্থানীয় স্বায়ত্ব পৰিষদে দুখীয়া ল’ৰা-ছােৱালীক কিতাপ-পত্র, কাগজ-কলম আদি যােগান ধৰিব লাগিব।

Leave a Comment

Your email address will not be published. Required fields are marked *


Scroll to Top