মানৱৰ বিকাশৰ স্তৰ Class 11 শিক্ষা একাদশ শ্ৰেণী প্রশ্নোত্তৰ

বিষয়  শিক্ষা
পাঠৰ নাম বিকাশ
শ্ৰেণী  একাদশ শ্ৰেণী
গােট দ্বিতীয় অধ্যায়
পাঠৰ নং 2
পাঠ্যক্ৰম  অসম মাধ্যমিক শিক্ষা পৰিষদৰ (AHSEC)

মানৱৰ বিকাশৰ স্তৰ Class 11

ক, অতি চম প্রশ্নোত্তৰ: (প্রত্যেকটোৰ মূল্যাংক -১)

১। UNESCO ৰ সম্পূৰ্ণ ৰূপটো কি?
উত্তৰ : United Nations Educational Scientific and Cultural Organisation

২। UNESCO কোন চনত গঠন কৰা হয় ?
উত্তৰ: ১৯৪৫ চনত।

৩। NCERT ৰ সম্পূৰ্ণ ৰূপেটো কি?
উত্তৰ : National Council of Educa-tional Research and Training.

৪। মানৱ জীৱনৰ বিকাশৰ স্তৰ কেইটা ?
উত্তৰঃ চাৰিটা।

৫। শৈশৱ কালত কি শিক্ষা দিয়া হয় ?
উত্তৰ : প্রাক্‌-প্রাথমিক শিক্ষা।

৬। বাল্যকালত কি শিক্ষা দিয়া হয় ?
উত্তৰ: প্রাথমিক শিক্ষা।

৭। কৈশােৰ কালত কি শিক্ষা দিয়া হয় ?
উত্তৰ: মাধ্যমিক শিক্ষা।

৮। আনুষ্ঠানিক শিক্ষাৰ প্রথম পর্যায়টো কি?
উত্তৰ: প্রাথমিক শিক্ষা।

৯। প্রাথমিক শিক্ষা কিমান বয়সৰ পৰা আৰম্ভ কৰা হয়?
উত্তৰঃ ৬ বছৰ বয়সৰ পৰা।

১০। জীৱনৰ কোনটো সময়ক ‘ধুমুহা আৰু পীড়নৰ সময় বুলি কোৱা হয় ?
উত্তৰঃ কৈশােৰ কালছােৱাক।

১১। কোন চনত দিল্লীত ইন্দিৰা গান্ধী মুক্ত বিশ্ববিদ্যালয় স্থাপন কৰা হয় ?
উত্তৰঃ ১৯৮৫ চনত।

১২। কেতিয়া ৰাষ্ট্ৰীয় শৈক্ষিক গৱেষণা আৰু প্রশিক্ষণ পৰিষদ গঠন কৰা হৈছিল ?
উত্তৰ: ১৯৬১ চনত।

class 11 education chapter 2 question answer in Assamese

১৩। শুদ্ধ-অশুদ্ধ বিচাৰ কৰাঃ
(ক) ৰুচোৰ মতে কৈশােৰ কালটো জীৱনৰ গঠনাত্মক সময়।

উত্তৰ: শুদ্ধ।
(খ) ৰুচোৰ মতে বাল্যকাল হ’ল ৬ বছৰ বয়সৰ পৰা ১২ বছৰ বয়সলৈ।
উত্তৰ: শুদ্ধ।

(গ) বাল্যকালৰ এক প্রধান বৈশিষ্ট্য হ’ল বিপৰীত লিংগকামিতা।
উত্তৰঃ অশুদ্ধ।

(ঘ) কৈশােৰ কালৰ এক প্রধান সমস্যা হ’ল যৌন সমস্যা।
উত্তৰ: শুদ্ধ।
(ঙ) কঠোৰ অনুশাসনেৰে কৈশােৰ কালৰ সমস্যা সমাধান কৰা উচিত।
উত্তৰ: অশুদ্ধ।
(চ) প্রাক প্রাথমিক শিক্ষাক আনুষ্ঠানিক শিক্ষা প্রস্তুতি শিক্ষা বুলিও জনা যায়।
উত্তৰ : শুদ্ধ।
(ছ) প্রাক প্রাথমিক শিক্ষা আনুষ্ঠানিক শিক্ষাৰ প্ৰথম স্তৰ৷
উত্তৰঃঅশুদ্ধ।
(জ) প্রতিখন ৰাজ্যৰ শিক্ষামন্ত্রীসকল ৰাষ্ট্ৰীয় শৈক্ষিক গৱেষণা আৰু প্রশিক্ষণ পৰিষদৰ সদস্য।
উত্তৰ: শুদ্ধ।
(ঝ) দূৰদৰ্শন আৰু ৰেডিঅহশিক্ষাদানৰ মাধ্যম হিচাপে এক গুৰুত্বপূর্ণ ভূমিকা গ্ৰহণ কৰে৷
উত্তৰঃ শুদ্ধ।
(ঞ) কৈশােৰকালৰ ছাত্রত্ৰীসকলক ভিন্নমূখী পাঠ্যক্ৰমৰ শিক্ষা দান কৰা হয়।
উত্তৰঃ শুদ্ধ।

মানৱৰ বিকাশৰ স্তৰ Class 11 Question Answer

খ. চমু প্রশ্নোত্তৰঃ (প্রত্যেকটোৰ মূল্যাংক -২/৩)

১। শৈশৱকাল আৰু বাল্যকালৰ মাজৰ দুটা প্রধান পার্থক উল্লেখ কৰা।
উত্তৰ : শৈশৱকাল আৰু বাল্যকালৰ মাজৰ দুটা প্রধান পার্থক্য হল ঃ

(ক) শৈশৱ কালত শিশু পৰনিৰ্ভৰশীল। কিন্তু বাল্যকালত পৰনিৰ্ভৰশীল নহয়।
(খ) শৈশৱ কালত শিশু আত্মকেন্দ্রিক হয়। কিন্তু বাল্যকালত আত্মকেন্দ্রিক নহয়।

২। মানৱ জীৱনৰ বিকাশৰ প্ৰধান স্তৰ কেইটা কি কি?
উত্তৰ : মানৱ জীৱনৰ বিকাশৰ প্রধান স্তৰ কেইটা হ’ল:
(ক) শৈশৱ কাল
(খ) বাল্য কাল
(গ) কৈশােৰ কাল আৰু
(ঘ) প্রাপ্তবয়স্ক কাল।

৩। শিশুয়ে কিয় সঘনে প্রশ্ন কৰে ?
উত্তৰ: শিশুৱে নিজৰ চাৰিওফালে থকা বস্তু, বিষয় আৰু পৰিস্থিতি সম্পর্কে কৌতুহলী হৈ উঠে। ফলত সেইবােৰ জানিবলৈ শিশুৱে সঘনে প্রশ্ন কৰিবলৈ লয়।

৪। কল্পনা বিলাস মানে কি?
উত্তৰঃ কল্পনা বিলাস’ মনে হ’ল কল্পনা কৰি ভালপােৱা অৱস্থা। শিশুৰ শৈশৱ কালৰ এটি বৈশিষ্ট্য হ’ল কল্পনা। বিলাসৰঙীন কল্পনা কৰি সিহঁতে ভাল পায়। অতি কল্পনা প্ৰৱণ হােৱা বাবে কেতিয়াবা শিশুয়ে মিছাৰ আশ্রয় লােৱাও দেখা যায়। মনােবিজ্ঞানীসকলৰ মতে শিশুৰ কল্পনা বিকাশ হ’বলৈ দিয়া উচিত।

৫। কৈশােৰ কালৰ চাহিদাসমূহ কি কি ?
উত্তৰ : কৈশােৰ কালৰ চাহিদাসমূহ হ’ল :
(ক) নতুন জ্ঞানৰ চাহিদা।
(খ) সমাজ জীৱনৰ চাহিদা।
(গ) মুক্ত সক্রিয়তাৰ চাহিদা।
(ঘ) অভিব্যক্তিৰ চাহিদা।
(ঙ) প্রবৃত্তি উন্নয়নুৰ চাহিদা।
(চ) জীৱন দৰ্শনৰ চাহিদা।
(ছ) স্বীকৃতি পােৱাৰ চাহিদা।
(জ) স্বাধীনতাৰ চাহিদা।

লগতে পঢ়ক:   ভাৰতবর্ষ আৰু অসমৰ প্রাথমিক শিক্ষা একাদশ শ্ৰেণী প্রশ্নোত্তৰ

৬। বৃদ্ধি আৰু বিকাশ বুলিলে কি বুজা?
উত্তৰ: ‘বৃদ্ধি’ অকল শাৰীৰিক বিকাশৰ ক্ষেত্ৰতহে ব্যৱহাৰ হয়। ই দেহৰ আকৃতি, ওজন, উচ্চতা আদি ক্রমাগতভাৱে বাঢ়ি যােৱা অৱস্থাক সূচায়। আনহাতে, ‘বিকাশ’ বুলিলে শাৰীৰিক বৃদ্ধিয়ে সৃষ্টি কৰা কর্মক্ষমতা, পাৰদৰ্শিতা, মানসিক ক্ষমতা আদি বৃদ্ধিক বুজায়।

৭। বিকাশৰ প্রধান উপাদান কেইটা কি কি?
উত্তৰ: বিকাশৰ প্রধান উপাদান কেইটা হ’ল:
(ক) বৃদ্ধি
(খ) পৰিপক্কতা
(গ) অভিজ্ঞতা
(ঘ) সামাজিক স্থানান্তৰিতকৰণ।

৮। বৃদ্ধি আৰু বিকাশৰ মাজৰ পার্থক্য উল্লেখ কৰা।
উওৰঃ বৃদ্ধি আৰু বিকাশৰ মাজত পার্থক্য আছে। বৃদ্ধি শাৰীৰিক ক্ষেত্ৰতহে ব্যৱহাৰ হয়। অর্থাৎ ই দেহৰ আকৃতি, ওজন, উচ্চতা আদি ক্রমাগতভাৱে বাঢ়ি যােৱা অৱস্থাক সূচায়। বিকাশ বুলিলে শাৰীৰিক বৃদ্ধিয়ে সৃষ্টি কৰা কর্ম ক্ষমতা, পাৰদৰ্শিতা, মানসিক ক্ষমতা আদি বৃদ্ধিক বুজায়।

৯। শৈশৱ কালৰ দুটা দৈহিক বৈশিষ্ট্য লিখা।
উত্তৰ : শৈশৱ কালৰ দুটা দৈহিক বৈশিষ্ট্য হল:
(ক) দ্রুত শাৰীৰিক বিকাশ আৰু
(খ) অঙ্গ সঞ্চালন ক্ষমতা।

মানৱৰ বিকাশৰ স্তৰ Class 11

গ. মজলীয়া উত্তৰৰ প্ৰশ্নঃ(প্রত্যেকটোৰ মূল্যাংক -8)

১। বিকাশৰ তিনিটা মৌলিক নীতি লিখা।
উত্তৰ : বিকাশৰ তিনিটা মৌলিক নীতি হল:
(ক) বিকাশ এক বিৰামহীন প্রক্রিয়া।
(খ) বিকাশে পৰিৱৰ্তনক সাঙুৰি লয়।
(গ) বিকাশে সাধাৰণ দিশৰ পৰা বিশিষ্ট দিশলৈ গতি কৰে।

২। বিকাশৰ তিনিটা বৈশিষ্ট্য উল্লেখ কৰা।
উত্তৰ : বিকাশৰ তিনিটা বৈশিষ্ট্য হল ?
(ক) বিকাশ এক নিৰৱচ্ছিন্ন দীর্ঘম্যাদী প্রক্রিয়া।
(খ) বিকাশৰ গতি সকলাে সময়তে স্বাভাৱিক আৰু
সমৰূপত নাথাকে। কেতিয়াবাই দ্রুততৰ আৰু কেতিয়াৱা ই মন্থৰ হয়।
(গ) বিকাশ বংশগতি আৰু পৰিবেশৰ ওপৰত নিৰ্ভৰ কৰে।

৩। বিকাশ বুলিলে কি বুজা? ইয়াৰ বৈশিষ্ট্যসমূহ কি কি?
উত্তৰ : বিকাশ বুলিলে শাৰীৰিক আৰু মানসিক পূর্ণতা লাভ কৰা অৱস্থাক বুজায়। বিকাশৰ কিছুমান বৈশিষ্ট্য হলঃ
(ক) বিকাশ পৰিবেশৰ লগত হােৱা ক্রিয়া-প্রতিক্রিয়াৰ ফলত অবিৰতভাৱে চলি থাকে।
(খ) বিকাশৰ গতি সকলাে সময়তে স্বাভাৱিক নহয়। কেতিয়াবা ই দ্রুত আৰু কেতিয়াবা মন্থৰ হয়।
(গ) বিকাশৰ গতিৰ ক্ষেত্ৰত লিংগ প্রভেদৰ প্রশ্ন জড়িত হৈ থাকে।
(ঘ) দৈহিক, মানসিক, সামাজিক, আবেগিক আৰু নৈতিক দিশত হােৱা পৰিৱৰ্তনৰ এক সমন্বয় সাধনত বিকাশ সংঘটিত হয়।
(ঙ) বিকাশ হ’ল এক অবিৰাম, অবিচ্ছিন্ন দীর্ঘম্যাদী প্রক্রিয়া। ব্যক্তিৰ শাৰীৰিক, মানসিক আৰু সামাজিক বৈশিষ্ট্যৰ , ওপৰত ভিত্তি কৰি মানৱ জীৱনৰ কালছােৱাক চাৰিটা স্তৰ বা কালত ভাগ কৰা হৈছে। যেনেঃ
(ক) শৈশৱ কালঃ জন্মৰ পৰা ৫ বছৰ বয়সলৈকে।
(খ) বাল্যকালঃ ৬ বছৰ বয়সৰ পৰা ১২ বছৰ বয়সলৈকে।
(গ) কৈশােৰ কাল বা যৌৱন কালঃ ১৩ ৰ পৰা ১৮ বছৰ বয়সলৈকে।
(ঘ) বয়ঃপ্রাপ্তি কালঃ ১৯ বছৰৰ পিছৰছােৱা

৪। শৈশৱ কাল কাক বােলে? ইয়াৰ বৈশিষ্ট্যসমূহ কি কি ?
উত্তৰঃ শিশুৰ জন্মৰ পৰা ৫ বছৰ বয়সলৈকে শৈশৱ কাল বুলি কোৱা হয়। এই কালছােৱা মানৱ জীৱনৰ প্রথম স্তৰ। শৈশৱ কালৰ প্ৰধান বৈশিষ্ট্যসমূহ হ’লঃ
(ক) শৈশৱ কালত দ্রুত শাৰীৰিক বিকাশ হয়।
(খ) শৈশৱ কালত শিশু পৰনিৰ্ভৰশীল হৈ থাকে।
(গ) খেলা-ধূলাৰ প্রতি আকৃষ্ট হয়।
(ঘ) শৈশৱ কালত শিশু অনুকৰণপ্রিয় হয়।
(ঙ) এই কালছােৱাৰ শিশু অত্যন্ত ভাৱপ্ৰৱণ হয়।
(চ) শৈশৱ কালত শিশুয়ে ভাষা আয়ত্ব কৰে।
(ছ) এই কালছােৱাত শিশু কৌতুহলপ্রিয় হয়। সেয়ে ডাঙৰ সকলক নানান ধৰণৰ প্রশ্ন সুধি থাকে।
(জ) শৈশৱ কালত শিশু আত্মকেন্দ্রিক মনােভাৱাপন্ন হয়। এই কালছােৱাত শিশুয়ে নিজ স্বার্থ আৰু প্রয়ােজন পূৰণ কৰাত গুৰুত্ব দিয়ে।

৫। শৈশৱকালৰ শিক্ষা ব্যবস্থা কেনে হােৱা উচিত? চমুকৈ লিখা।
উত্তৰঃ শিশুৰ জন্মৰ পৰা ৫ বছৰ বয়সলৈ ‘শৈশৱ কাল’ বুলি কোৱা হয়। এই সময়ত শিশুৰ শাৰীৰিক আৰু মানসিক বিকাশ হয়। এই সময়ছােৱাত শিশুক বিশেষ যত্ন সহকাৰে তলত উল্লেখ ধৰণে ব্যৱস্থা গ্ৰহণ কৰিব লাগে।
(ক) ডাঙৰসকলে শিশুৰ বিকাশৰ প্রতি নজৰ দিব লাগে।
(খ) শিশুৰ চিন্তা-ভাবনা, কল্পনাশক্তিৰ বিকাশত গুৰুত্ব দিব লাগে।
(গ) শিশুৰ কৌতুহল প্রবৃত্তিৰ প্রতি গুৰুত্ব দি সকলাে প্রশ্নৰ সঠিক উত্তৰ দিব লাগে।
(ঘ) শিশুক মাতৃভাষা শিকোৱাত গুৰুত্ব দিব লাগে।
(ঙ) শিশুৰ আশা-আকাঙ্খ, ৰুচি-অভিৰুচি আদি পূৰণ কৰিবলৈ চেষ্টা কৰিব লাগে।
(চ) শিশুৰ শাৰীৰিক আৰু মানসিক বিকাশৰ বাবে খেলা- ধূলা, নাচ-গান আদিৰ ব্যৱস্থা কৰিব লাগে।
(ছ) শিক্ষাৰ ক্ষেত্ৰত সুস্থ আৰু শান্তিপূর্ণ পৰিবেশ গঢ়ি তুলিব লাগে।
(জ) শিশুৰ সুপ্ত প্রতিভা বিকাশৰ প্রতি গুৰুত্ব দিব লাগে।

লগতে পঢ়ক:   শিক্ষা মনােবিজ্ঞান আৰু ইয়াৰ অধ্যয়নৰ গুৰুত্ব (প্রশ্নোত্তৰ) একাদশ শ্ৰেণী

৬। বাল্যকাল কাক বােলে ? এইকালছােৱাৰ বৈশিষ্ট্যসমূহ কি কি?
উত্তৰ : সাধাৰণতে শিশুৰ ৬ বছৰৰ বয়সৰ পৰা ১২ বছৰ বয়সলৈ বাল্যকাল’ বুলি কোৱা হয়। এই কালছােৱা ব্যক্তিৰ বিকাশৰ দ্বিতীয় স্তৰ। বাল্যকালক দুটা ভাগত ভাগ কৰা হৈছে। যেনেঃ (ক) আগতীয়া বাল্যকালঃ ৬ বছৰৰ পৰা ৮ বছৰলৈ আৰু (খ) শেহতীয়া বাল্যকালঃ ৯ বছৰ পৰা ১২ বছৰলৈ। বাল্যকালৰ বৈশিষ্ট্যসমূহ হ’ল
(ক) বাল্যকালত শিশুৰ দৈহিক বিকাশ ক্ষীপ্রতৰ হয়। উচ্চতা আৰু ওজন বাঢ়ে। পেশী সঞ্চালনৰ ক্ষমতা বৃদ্ধি পায়।
(খ) এই সময়ছােৱাত স্মৃতি, মনােযােগ, কল্পনা শক্তি, চিন্তাশক্তি আদিৰ বিকাশ হয়।
(গ) এই সময়ছােৱাত শিশু ক্রীড়া প্রৱণ হয়।
(ঘ) এই সময়ছােৱাত শিশুৰ মনত দলীয় আনুগত্য প্রকাশ পায়।
(ঙ) শিশু বহির্মুখী হয়। বাহিৰত খেলা-ধূলা, ফুচকা কৰি ভাল পায়।
(চ) এই স্তৰত শিশুৰ মনত সামাজিক চেতনাৰ ভাৱ জাগি উঠে।
(ছ) সমকামিতা এই স্তৰৰ আন এক বৈশিষ্ট্য।
(জ) এইস্তৰত ল’ৰা-ছােৱালীৰ আত্মপ্রতিষ্ঠাৰ আকাংখা জাগি উঠে।

class 11 education chapter 2 question answer in Assamese

৭। বাল্যকালৰ শিক্ষা ব্যৱস্থা কেনে হােৱা উচিত?
উত্তৰঃ সাধাৰণতে শিশুৰ ৬ বছৰৰ বয়সৰ পৰা ১২ বছৰ বয়সলৈ বাল্যকাল বুলি কোৱা হয়। এই কালছােৱা ব্যক্তিৰ বিকাশৰ দ্বিতীয় স্তৰ। বাল্যকালত শিশুৰ শিক্ষা ব্যৱস্থা তলত উল্লেখ কৰা ধৰণৰ হোৱা উচিত। যেনে:
(ক) বাল্যকালছোৱাত ল’ৰা-ছোৱালীৰ নিজৰ ৰুচি আৰু অভিৰুচি মতে শিক্ষা দিয়া উচিত।
(খ) এই কালছোৱাত শিক্ষা ব্যবস্থা বাস্তব অভিজ্ঞতা ভিত্তিক হোৱা প্রয়োজন। সেয়ে কামৰ মাজেদি শিক্ষা দিয়া উচিত।
(গ) শিশুৰ শাৰীৰিক বিকাশৰ বাবে খেলা-ধূল্য আদিৰ ব্যৱস্থা কৰিব লাগে।
(ঘ) এই সময়ছােৱাত পৰিৱেশ সম্পৰ্কীয় শিক্ষা প্রদান কৰিব লাগে।
(ঙ) চাফ-চিকুন, পৰিষ্কাৰ-পৰিচ্ছন্নতা আদিৰ জ্ঞান শিকোৱাৰ ওপৰত গুৰুত্ব দিব লাগে ।
(চ) বাল্যকালৰ কৌতুহল প্রবৃত্তিপূৰণৰ অর্থে ভ্রমণসূচীৰ ব্যৱস্থা কৰিব লাগে।
(ছ) বাল্যকালৰ এক বৈশিষ্ট্য হৈছে সমকামিতা। সেয়ে সহ-শিক্ষাৰ ব্যৱস্থা কৰিব লাগে।

৮। কৈশােৰ কাল কাক বােলে? এইকালঘেঁৱাৰপ্ৰধান বৈশিষ্ট্যসমূহ উল্লেখ কৰা।
উত্তৰঃ মানৱ জীৱনৰ ১২ বছৰ বয়সৰ পৰা ১৮ বছৰ বয়সলৈ কৈশোৰ কাল বুলি কোৱা হয়। এই কালছোৱাত ব্যক্তিৰ শাৰীৰিক, মানসিক, বৌদ্ধিক, আবেগিক আদি সকলাে দিশত বিকাশ হৈ পৰিপূর্ণতা লাভ কৰে। ই মানৱ জীৱনৰ আটাইতকৈ জটিল সময়। কৈশােৰ কালৰ প্রধান বৈশিষ্ট্যসমূহ হলঃ
(ক) দৈহিক বিকাশঃ কৈশোৰ কালত দৈহিক বিকাশ ক্ষিপ্র হয়। মাংসপেশী শক্তিশালী হয়। ওজন আৰু শাৰীৰিক শক্তি বৃদ্ধি পায়।
(খ) মানসিক বিকাশঃ এই সময়ছােৱাত শাৰীৰিক বিকাশৰ লগে লগে মানসকি বিকাশেও পূর্ণতালৈ গতি কৰে। চিন্তা শক্তি , কল্পনা শক্তি, বিজ্ঞানসন্মত যুক্তি আদি বৃদ্ধি পায়।
(গ) আবেগিক বিকাশঃ আবেগিক বিকাশ কৈশোৰ কালৰ এক গুৰুত্বপূৰ্ণ বৈশিষ্ট্য। এই সময়ত আবেগৰ প্রৱণতাইব্যক্তিক কেতিয়াবা নিয়ন্ত্রণহীন কৰি তােলে। ফলত অপৰাধ প্ৰৱণতা, হতাশা আঁদি সমস্যাই দেখা দিয়ে।
(ঘ) আত্মনিৰ্ভৰশীলতাঃ কৈশােৰ কালছােৱাত ব্যক্তিৰ মনত আত্মনিৰ্ভৰশীলতাৰ ভাৱ জাগি উঠে। এইভাৱ কাম-কাজ, চিন্তা-চর্চা, আদিৰ মাজেদি প্রকাশ পায়।
(ঙ) বিপৰীত লিংগকামিতাঃ এই সময়ছােৱাত ব্যক্তি বিপৰীত লিংগৰ প্ৰতি আকর্ষিত হয়। জৈৱ ৰাসায়নিক প্রক্রিয়াৰ ফলত দেহৰ যৌন গ্রন্থি সক্রিয় হৈ উঠে।
(চ) বীৰ পূজা : এই কালছােৱাত ল’ৰা-ছােৱালীয়ে কোনাে ব্যক্তিক আদর্শ হিচাপে লৈ তেওঁক মনে মনে শ্রদ্ধা কৰিবলৈ লােৱাৰ লগতে তেওঁৰ কাম-কাজ বা আদর্শ অনুকৰণ কৰিবলৈ লয়।
(ছ) সামাজিক সচেতনতা : কৈশােৰ কালছােৱাত ব্যক্তিৰ সমাজ সচেতনতা বৃদ্ধি পায়। সমাজিক সমস্যাসমূহ সমাধানৰ ক্ষেত্ৰত আগ্রহ দেখুৱাই সামাজিক কাম-কাজৰ লগত জড়িত হৈ পৰে। মুঠতে কৈশােৰ কাল হৈছে জীৱনৰ আটাইতকৈ জটিল সময় এই সময়ত শাৰীৰিক – মানসিক বিকাশে পূর্ণতা লাভ কৰে । ফলত ব্যক্তিয়ে বহু জটিলতাৰ সন্মুখীন হয়। সেয়ে এই কালছােৱাক ‘ধুমুহা আৰু পীড়নৰ কাল’ বুলি অভিহিত কৰা হৈছে।

লগতে পঢ়ক:   শিক্ষাৰ ধাৰণা আৰু লক্ষ্য Class 11 [প্রশ্নোত্তৰ] Education Chapter 1

৯। কৈশােৰ কাল কাক বােলে ? এই কালছােৱাৰ মূল চাহিদা বা প্রয়ােজনসমূহ কি কি?
উত্তৰঃ মানৱ জীৱনৰ ১২ বছৰ বয়সৰ পৰা ১৮ বছৰ বয়সলৈ কৈশােৰ কাল বুলি কোৱা হয়। এই কালছােৱাত ব্যক্তিৰ শাৰীৰিক, মানসিক, বৌদ্ধিক, আবেগিক আদি সকলাে দিশত বিকাশ হৈ পৰিপূর্ণতা লাভ কৰে। ই মানৱ জীৱনৰ আটাইতকৈ জটিল সময়। কৈশােৰ কালৰ প্রধান প্রয়ােজন বা চাহিদাসমূহ হলঃ
(ক) দৈহিক চাহিদা : এইকালছােৱাত দৈহিক বিকাশ ক্ষিপ্রতৰ হােৱা বাবে পৰিমিত খাদ্য, খেলা-ধূলা, কাম-কাজ আদিৰ প্ৰয়ােজন হয়।
(খ) অর্থনৈতিক চাহিদা : কৈশােৰ কালছােৱাত ল’ৰা- ছােৱালীয়ে অর্থনৈতিক দিশত স্বাৱলম্বীহ’বলৈ বিচাৰে।
(গ) সামাজিক চাদিহাঃএই কালছােৱাত ল’ৰা-ছােৱালী সামাজিক হৈ উঠে। সামাজিক কাম-কাজৰ লগত জড়িত হৈ পৰে। ইয়াৰ লগে লগে সামাজিক নিৰাপত্তাবােধৰ চাহিদা অনুভৱ কৰে।
(ঘ) যৌন তৃপ্তিৰ চহিদাঃ এই কালছােৱাত যৌন গ্রন্থি সক্রিয় হৈ উঠে। ফলত বিপৰীত লিংগৰ প্রতি চাহিদা অনুভৱ কৰে।
(ঙ) সামাজিক স্বীকৃতিৰ চাহিদা : এই সময়ছােৱাত ল’ৰা-ছােৱালীয়ে প্রশংসা, পুৰস্কাৰ, বটা আদিৰ জৰিয়তে সামাজিক স্বীকৃতি বিচাৰে। ফলত কিশােৰ কিশােৰীয়েনানান প্রতিযােগিতা যেনেঃ খেলা-ধূলা, কুইজ, তর্ক আদিত অংশ গ্ৰহণ কৰিবলৈ আগ্রহ প্রকাশ কৰে।
(চ) স্বাধীনতাৰ চাহিদাঃ এই কালছােৱাত কিশােৰ- কিশােৰী স্বাধীনতাপ্রিয় হয়। সিহঁতে নিজ ইচ্ছানুযায়ী চিন্তা আৰু ক্ৰিয়া কৰিব বিচাৰে।

মানৱৰ বিকাশৰ স্তৰ Class 11

ঘ.’ ৰচনাধর্মী প্রশ্নোত্তৰঃ (প্রত্যেকটোৰ মূল্যাংক – ৫/ ৬)

১। কৈশােৰ কালক কিয় ধুমুহা আৰু পীড়ন’ৰ কাল বুলি কোৱা হয় ? কৈশােৰ কালৰ শিক্ষা ব্যৱস্থা কেনেকুৱা হােৱা উচিত চমুকৈ আলােচনা কৰা।
উত্তৰঃ মানৱ জীৱনৰ ১২ বছৰ বয়সৰ পৰা ১৮ বছৰ বয়সলৈ ‘কৈশােৰ কাল’ বুলি কোৱা হয়। এই কালছােৱাত ব্যক্তিৰ শাৰীৰিক, মানসিক, বৌদ্ধিক, আবেগিক আদি সকলাে দিশত বিকাশ হৈ পৰিপূর্ণতা লাভ কৰে। ই মানৱ জীৱনৰ আটাইতকৈ জটিল সময়। | এই সময়ছােৱাত কিশােৰ-কিশােৰীয়ে শাৰীৰিক আৰু মানসিকভাৱে অফুৰন্ত শক্তিৰ গৰাকী হয়। ফলত আবেগ, অনুভূতি, কল্পনা শক্তি, যৌন আকাংখা, সামাজিক স্বীকৃতি, অর্থনৈতিকভাৱে স্বাৱলম্বী হােৱাৰ ইচ্ছা আদি প্রবৃত্তি বৃদ্ধি পায় আৰু সিহঁতে উচ্চাকাংখী হৈ উঠে। ফলত সিহঁতে নানান সমস্যাৰ সমন্মুখীন হয়। এই সময়ত সিহঁতৰ চাহিদা পূৰণ নহ’লে বহু সময়ত সিহঁতে বিদ্রোহী হৈ সমাজত নানান অঘটন ঘটায়। সেয়ে এই সময়ছােৱাক সংকটপূর্ণ কাল’বা ধুমুহা পীড়নৰ কাল’ বুলি অভিহিত কৰা হয়। কৈশোৰ কালৰ জটিল বৈশিষ্ট্যসমুহ অনুধাৱন কৰি সিহঁতৰ শাৰীৰিক আৰু মানসিক চাদিহাসমূহ পুৰণ হােৱাকৈ তলত দিয়া ধৰণৰ শিক্ষা ব্যৱস্থা গ্ৰহণ কৰিব লাগে। যেনেঃ
(ক) কৈশােৰ কালৰ শাৰীৰিক দ্রুত বিকাশৰ প্রতি লক্ষ্য ৰাখি উপযুক্ত শাৰীৰিক শিক্ষা প্রদান কৰিব লাগে।
(খ) এই কালছােৱাত কিশােৰ-কিশােৰীৰ আগ্রহ, ৰুচি, দক্ষতা অনুযায়ী স্বাধীনতা প্রদান কৰিব লাগে আৰু বিভাজিত পাঠ্যক্ৰমৰ ব্যৱস্থা কৰিব লাগে।
(গ) কৈশােৰ কালছােৱাত কিশােৰ-কিশােৰী মাধ্যমিক শিক্ষাৰ প্ৰতি উপযুক্ত হয়। এই শিক্ষা জাতীয় সংহতি শিবিৰ, স্কাউট গাইড আদিৰ যােগেদি নেতৃত্ব, অনুশাসন, আনুগত্য আদি মনােভাৱৰ বিকাশ কৰিব লাগে।
(ঘ) এইসময়ছােৱাত জ্ঞানৰ উৎকর্ষ সাধনৰ বাবে বিভিন্ন পৰিবেশৰ লগত সমযােজনাৰ শিক্ষা লাভ কৰিবৰ বাবে ভ্রমণ, ক্ষেত্র ভিত্তিক অধ্যয়ন, সামাজিক কাম-কাজ আদিৰ,ব্যৱস্থা কৰিব লাগে।
(ঙ) যৌন সমস্যা কৈশােৰ কালৰ এক ডাঙৰ সমস্যা। সিহঁতে যাতে বিপথে পৰিচালিত নহয় তাৰ বাবে যৌন শিক্ষা দিয়া প্রয়ােজন।
(চ) এইকালছােৱাত কিশােৰ-কিশােৰীয়ে সামাজিক স্বীকৃতি বিচাৰে সেয়ে সিহঁতক নানান প্রতিযােগিতামূলক কাম-কাজত অংশ গ্রহণকৰাৰ বাবে অনুপ্রাণিত কৰিব লাগে।
(ছ) সিহঁতক পৰিবেশ সম্পর্কে, আন্তর্জাতিক বুজাপৰা,সহনশীলতা, ধর্মীয় ঐক্য, সাংস্কৃতিক সমন্বয় আদিৰ শিক্ষাপ্রদান কৰিব লাগে।

Leave a Comment

Your email address will not be published. Required fields are marked *


Scroll to Top