শিক্ষাৰ ধাৰণা আৰু লক্ষ্য Class 11 [প্রশ্নোত্তৰ] Education Chapter 1

বিষয়  শিক্ষা
পাঠৰ নাম বিকাশ
শ্ৰেণী  একাদশ শ্ৰেণী
গােট প্রথম অধ্যায়
পাঠৰ নং
পাঠ্যক্ৰম  অসম মাধ্যমিক শিক্ষা পৰিষদৰ (AHSEC)

শিক্ষাৰ ধাৰণা আৰু লক্ষ্য Class 11

ক. অতি চমু প্রশ্নোত্তৰ: (প্রত্যেকটোৰ মূল্যাংক-১)

১। Educare শব্দৰ অর্থ কি?
উত্তৰঃ প্রতিপালন কৰা বা তুলি-তালি ডাঙৰ-দীঘল কৰা ।

২। লেটিন শব্দ Educatum ৰ অর্থ কি ?
উত্তৰঃ শিক্ষাদান কৰা কাৰ্য।

৩। ‘Emile’ গ্ৰন্থৰ ৰচক কোন?
উত্তৰ: জে. জে. ৰুচো।

৪। ‘Republic’ গ্ৰন্থৰ ৰচক কোন?
উত্তৰঃ প্লেটো।

৫। কোনে শিক্ষাক দ্বিপাক্ষিক প্রক্রিয়া বুলি অভিহিত কৰিছে?
উত্তৰ: শিক্ষাবিদ চাৰ জন আদামচে।

৬। ব্যক্তিকেন্দ্রিক শিক্ষাৰ গুৰি ধৰোতা কোন?
উত্তৰ: পাৰ্চিনান।

৭। ত্রিপাক্ষিক শিক্ষাত কি কি তিনিটা দিশৰ ওপৰত গুৰুত্ব দিয়া হয়?
উত্তৰঃ শিক্ষার্থী, শিক্ষক আৰু সামাজিক পৰিবেশ।

৮। শিক্ষাই সুস্থ দেহত সুস্থ মনৰ সৃষ্টি কৰে : কথাষাৰ কাৰ?
উত্তৰ: এৰিষ্টটলৰ।

৯। কোন শিক্ষাবিদে শিক্ষাৰ লক্ষ্য হিচাপে সামাজিক যােগ্যতা অর্জনৰ ওপৰত গুৰত্ব দিছে?
উত্তৰঃ জন ডিউইয়ে।

১০। শিক্ষাত সমাজকেন্দ্রিক লক্ষ্যত বৰ্তমানৰ বাবে গ্রহণযােগ্য দৃষ্টিভংগী কোনে আগবঢ়ায়?
উত্তৰঃ শিক্ষাবিদ জন ডিউইয়ে।

১১। শিক্ষাৰ কি লক্ষ্যত ব্যক্তিসত্বাৰ বিকাশৰ ওপৰত সর্বাধিক গুৰুত্ব আৰােপ কৰা হৈছে?
উত্তৰ: শিক্ষাৰ ব্যক্তিকেন্দ্রিক লক্ষ্যত।

১২। কিণ্ডাৰ গার্ডেন স্কুলৰ জন্মদাতা কোন?
উত্তৰ: জার্মানীৰ শিক্ষাবিদ ফ্রবেল।

১৩। ১২ বছৰৰ পৰা ১৮ বছৰ বয়সৰ স্তৰটোৰ নাম কি?
উত্তৰ: কৈশােৰ কাল।

১৪। জন্মৰ পৰা ৫ বছৰ বয়সৰ স্তৰটোৰ নাম কি?
উত্তৰ : শৈশৱ কাল।

১৫। শুদ্ধনে অশুদ্ধ লিখাঃ

(ক) শিক্ষাৰ ঘাই লক্ষ্য বিকাশহে, শিক্ষাদান নহয়।
উত্তৰ: শুদ্ধ।
(খ) শিক্ষা মানুহৰ সভ্যতা সংস্কৃতিৰ বিকাশক, সংৰক্ষক নহয়।
উত্তৰ : অশুদ্ধ।

(গ) অনানুষ্ঠানিক শিক্ষা ব্যক্তিৰ সমগ্ৰ জীৱন জুৰি চলি থাকে।
উত্তৰ : শুদ্ধ।

(ঘ) বিদ্যালয় হৈছে আনুষ্ঠানিক শিক্ষাৰ প্ৰধান কেন্দ্র।
উত্তৰ: শুদ্ধ।

(ঙ) পার্চি নান শিক্ষাৰ ব্যক্তিকেন্দ্রিক শিক্ষাৰ প্রধান সমর্থক আছিল।
উত্তৰঃ শুদ্ধ।

(চ) নিৰক্ষৰ লােক মানেই অশিক্ষিত নহয়।
উত্তৰ: শুদ্ধ।

(ছ) দর্শন আৰু শিক্ষাৰ মাজত কোনাে সম্পর্ক নাই।
উত্তৰ: অশুদ্ধ।

(জ) আধুনিক শিক্ষা হ’ল শিশুকেন্দ্রিক।
উত্তৰঃ শুদ্ধ।

(ঝ) পৰিপূৰ্ণ জীৱনৰ বাবে শিক্ষাৰ ঘাই প্রচাৰক আছিল হার্বার্ট স্পেনচাৰ।
উত্তৰ : শুদ্ধ।

(ঞ) আনুষ্ঠানিক শিক্ষা সামাজিকভাবে স্বীকৃতিপ্রাপ্ত।
উত্তৰ : শুদ্ধ।

(ট) শিশু মাতৃ গৰ্ভত ২৮০ দিন থাকে।

উত্তৰ : শুদ্ধ।

(ঠ) কৈশােৰ কালত বৃত্তি সচেতন ভাৱ নাথাকে।
উত্তৰ : অশুদ্ধ।

(ড) বাল্যকালৰ এটা বৈশিষ্ট্য হল সমকামীতা
উত্তর : শুদ্ধ।
(ট) বাল্যকালত দলৰ প্রতি আনুগত্য দেখা নাযায়।
উত্তৰ : অশুদ্ধ।
(ণ) শৈশৱকালত শিশু আনুষ্ঠানিক শিক্ষাৰ উপযােগী হয়।
উত্তৰ : অশুদ্ধ।
(ত) জন্মৰ পৰা দুমাহলৈকে শিশুক নৱজাতক বুলি ধৰা হয়।
উত্তৰ : শুদ্ধ।
(থ) আচৰণৰ পৰিশােধন প্রক্রিয়াই হ’ল শিক্ষা।
উত্তৰ : শুদ্ধ।

Class 11 Education Chapter 1 Question Answer in Assamese

১৬। খালী ঠাই পূৰণ কৰা

(ক) ব্যক্তিকেন্দ্রিক শিক্ষাৰ গুৰি ধৰােতা____৷
উওৰ : জন ডিউই।

(খ) শিক্ষাৰ দুটা অর্থ : এটা সংকীর্ণ আনটো____৷

উত্তৰ : ব্যাপক।

(গ) শিক্ষা এক ত্রিপাক্ষিক____৷
উত্তৰ : প্রক্রিয়া।

(ঘ) শিক্ষাৰ ব্যক্তিকেন্দ্রিক আৰু সমাজকেন্দ্রিক লক্ষ্যৰ এটা আনটোৰ____৷
উত্তৰ : পৰিপূৰক।

(ঙ) ____শিক্ষা নহয়।

উত্তৰঃ স্বাক্ষৰতা।

১৭। শুদ্ধ বিকল্পটো বাছিউলিওৱা:

(ক) কৈশােৰ কাল হল অপৰাধ প্রবণতাৰ/ ধুমুহা আৰু পীড়নকাল।
উত্তৰ: ধুমুহা আৰু পীড়নৰ ।

(খ) মানৱ জীৱনৰ প্রথম পাঁচ বছৰ কালক নবজাতক / পূর্ববাল্যকাল / শৈশৱ কাল বােলা হয়।
উত্তৰ: পূর্ববাল্য কাল।

(গ) দলানুগত্য হ’ল শিশু কালৰ / বাল্য কালৰ / প্রাপ্তবয়স্ক কালৰ বৈশিষ্ট্য।
উত্তৰ : বাল্য কালৰ।

(ঘ) প্রশ্ন সােধা কালছােৱাই শৈশৱ কালৰ /বয়ঃসন্ধিৰ / প্রাপ্তবয়স্ক কালৰ বৌদ্ধিক কথা সূচায়।
উত্তৰ : শৈশৱ কালৰ।

(ঙ) অনুকৰণপ্রিয়তা শৈশৱ কালৰ / বাল্য কালৰ / কৈশোেকালৰ বৈশিষ্ট্য।
উত্তৰ : শৈশৱ কালৰ।

শিক্ষাৰ ধাৰণা আৰু লক্ষ্য একাদশ শ্ৰেণী

খ. চমু প্রশ্নোত্তৰ ; (প্রত্যেকটোৰ মূল্যাংক -২/৩)

১। শিক্ষাৰ সংজ্ঞা দিয়া।
উত্তৰ : শিক্ষাৰ সংজ্ঞা বিভিন্ন পণ্ডিতে বিভিন্ন ধৰণে দিছে। যেনেঃ
এৰিষ্ট’টলৰ মতে, সুস্থ দেহত সুস্থ মনৰ সৃষ্টি কৰাই | জন ডিউইৰ মতে, শিক্ষা হৈছে এক জীৱন-ধাৰণ প্রক্রিয়া, যাৰ যােগেদি অভিজ্ঞতাৰ পূনর্গঠন কৰিব পৰা যায়। পেষ্টালজিৰ মতে, মানুহৰ অন্তনিহিত শক্তিৰ স্বাভাৱিক, সুসামঞ্জস্য আৰু প্রগতিশীল বিকাশেই হ’ল শিক্ষা। আকৌ মহাত্মা গান্ধীয়ে শিক্ষাৰ দ্বাৰা শিশুৰ দৈহিক, মানসিক আৰু আধ্যাত্মিক সকলাে প্ৰকাৰৰ বিকাশৰ কথাকে বুজাইছে।

২। শিক্ষাৰ দ্বিপাক্ষিক প্রক্রিয়া বুলিলে কি বুজা ?
উত্তৰঃ চাৰ জন আদামচে শিক্ষাক ‘দ্বিপাক্ষিক প্রক্রিয়া’ বুলি অভিহিত কৰিছে। ইয়াৰ এটা পক্ষ হৈছে শিক্ষক আৰু আনটো হৈছে শিক্ষার্থী। এজন ভাল শিক্ষকৰ ব্যক্তিত্বই শিক্ষার্থীৰ ওপৰত প্রত্যক্ষ আৰু পৰােক্ষভাৱে প্ৰভাৱ পেলায়। অর্থাৎ এজন শিক্ষকে নিজৰ ব্যক্তিত্বক শিক্ষার্থীৰ ব্যক্তিত্বৰ লগত একাকাৰ কৰে। সেয়ে শিক্ষাক দ্বিপাক্ষিক প্রক্রিয়া বুলি অভিহিত কৰা হৈছে। শিক্ষার্থী আৰু সামাজিক পৰিবেশ (পাঠ্যক্রম)ক বুজায়।

৩। শিক্ষাৰ ত্রিপাক্ষিক প্রক্রিয়া বুলিলে কি বুজা ?
উত্তৰ : শিক্ষাবিদ জন ডিউই শিক্ষাক ‘ত্রিপাক্ষিক প্রক্রিয়া বুলি অভিহিত কৰি কৈছে যে শিক্ষাৰ লগত শিক্ষক, শিক্ষার্থী আৰু সামাজিক পৰিবেশ জড়িত হৈ আছে। সামাজিক পৰিবেশৰ ভিতৰত পাঠ্যক্রম অন্তর্ভুক্ত। তেওঁৰ মতে শিক্ষাই মূলতঃ সামাজিক চেতনাৰ পৰা সৃষ্টি হয়। সেয়ে শিক্ষাই ব্যক্তি আৰু সমাজ উভয়ৰে প্রয়ােজন পূৰণ কৰাত গুৰুত্ব দিব লাগে। সেয়ে শিক্ষা প্রক্রিয়াই শিক্ষক, শিক্ষার্থী আৰু সামাজিক পৰিবেশ (পাঠ্যক্রম)ক বুজায়।

৪। শিক্ষা এক জীৱনব্যাপী প্রক্রিয়া’? ব্যাখ্যা কৰা।
উত্তৰঃ শিক্ষাবিদ জন ডিউইয়ে শিক্ষাক একজীৱনব্যাপী প্রক্রিয়া বুলি অভিহিত কৰি কৈছে যে শিক্ষা অবিৰতভাৱে চলি থাকে। অর্থাৎ শিশু এজনৰ জন্মৰ লগে লগে শিক্ষা আৰম্ভ হয় আৰু মৃত্যুলৈকে ই চলি থাকে। সংকীর্ণ অর্থতহে শিক্ষাৰ সমাপ্তি আছে।কিন্তু বহল অর্থত শিক্ষাৰ কোনাে সমাপ্তি নাই। এনে দৃষ্টিভংগীত আনুষ্ঠানিক শিক্ষা সংকীর্ণ শিক্ষা বাস্তৱততা দেখা যায় যে আনুষ্ঠানিক শিক্ষাই জীৱনৰ বাবে প্রয়ােজনীয় সকলাে শিক্ষা সামৰি লব নােৱাৰে। আনুষ্ঠানিক শিক্ষা শেষ হােৱাৰ পিছতাে বাস্তৱ জীৱনৰ পৰা মানুহে প্রয়ােজন সাপেক্ষে বহুতাে শিক্ষা লাভ কৰিব লগা হয়। সেয়ে শিক্ষাক এক জীৱন ব্যাপী প্রক্রিয়া বুলি কোৱাৰ যুক্তিযুক্ততা আছে।

লগতে পঢ়ক:   ভাৰতবর্ষ আৰু অসমৰ প্রাথমিক শিক্ষা একাদশ শ্ৰেণী প্রশ্নোত্তৰ

৫। ‘এজন আক্ষৰিক জ্ঞান নথকা লােক অশিক্ষিত নহয়। –ব্যাখ্যা কৰা।
উত্তৰ : লিখিব আৰু পঢ়িব জনা লােক এজনক সাক্ষৰ বুলি কোৱা হয়। UNESCOৰ মতে, দৈনন্দিন জীৱনত এজন ব্যক্তিয়ে বােধগম্যতাৰে চুটি আৰু সাধাৰণ বাক্য পঢ়িব আৰু লিখিব পৰাকেই সাক্ষৰতা বােলে।

৬। শিক্ষা কেই প্ৰকাৰৰ আৰু কি কি?
উত্তৰঃ শিক্ষা তিনি প্রকাৰৰ । যেনেঃ
(ক) আনুষ্ঠানিক শিক্ষা।
(খ) অনানুষ্ঠানিক শিক্ষা।
(গ) অগতানুগতিক শিক্ষা বা অনৌপচাৰিক শিক্ষা।

৭। শিক্ষাৰ লক্ষ্য কেইপ্ৰকাৰৰ আৰু কি কি?
উত্তৰ : শিক্ষাৰ লক্ষ্য চাৰি প্ৰকাৰৰ। যেনে:
(ক) ব্যক্তিকেন্দ্রিক লক্ষ্য
(খ) সমাজকেন্দ্রিক লক্ষ্য।
(গ) বৃত্তিমূখী লক্ষ্য।
(ঘ) গণতান্ত্রিক লক্ষ্য।

শিক্ষাৰ ধাৰণা আৰু লক্ষ্য একাদশ শ্ৰেণী

গ. মজলীয়া উত্তৰৰ প্ৰশ্নঃ(প্রত্যেকটোৰ মূল্যাংক-৪)

১। আনুষ্ঠানিক শিক্ষা কাক বােলে ? আনুষ্ঠানিক শিক্ষাৰ প্রধান বৈশিষ্ট্যসমূহ কি কি?
উত্তৰ : কোনাে আনুষ্ঠানিক শিক্ষা প্রতিষ্ঠানৰ জৰিয়তে নির্দিষ্ট আচঁনি, সময়সীমা, পাঠ্যক্রম আদি অনুসৰণ কৰি যি শিক্ষা প্রদান কৰা হয় তাকে আনুষ্ঠানিক শিক্ষা বােলে। আনুষ্ঠানিক শিক্ষাৰ মূল উদ্দেশ্য হল জ্ঞান আহৰণ আৰু কর্মকৌশল আয়ত্ব কৰি সমাজৰ উপযুক্ত নাগৰিক হিচাপে গঢ়ি তােলা। আনুষ্ঠানিক শিক্ষাৰ কিছুমান বৈশিষ্ট্য আছে।  যেনে:

(ক) আনুষ্ঠানিক শিক্ষা প্রাথমিক বিদ্যালয়ত আৰম্ভ হয় আৰু ই বিশ্ববিদ্যালয় পর্যন্ত বর্তী থাকে।
(খ) আনুষ্ঠানিক শিক্ষাৰ নির্দিষ্ট সময় সীমা থাকে।
(গ) এনে শিক্ষা নির্ধাৰিত পৰিকল্পনা, অচনি, সময়সীমা, পাঠ্যক্রম আদি থাকে।
(ঘ) প্রশিক্ষণ প্রাপ্ত শিক্ষকৰ দ্বাৰা এনে শিক্ষা প্রদান কৰা হয়।
(ঙ) অনুশাসন কঠোৰ আৰু নিয়ন্ত্রিত।
(চ) শিক্ষার্থীৰ যোগ্যতা পৰীক্ষাৰ দ্বাৰা নিৰূপণ কৰা হয়।
(ছ) এনে শিক্ষা খৰচী।
(জ) বৌদ্ধিক জ্ঞানৰ প্ৰসাৰ ঘটোৱাই এনে শিক্ষাৰ উদ্দেশ্য।

২। অনানুষ্ঠানিক শিক্ষা কাক বােলে? ইয়াৰ প্ৰধান বৈশিষ্ট্যসমূহ উল্লেখ কৰা।

উওৰঃ ব্যক্তি এজনে নিজ নিজ পৰিবেশত মুক্ত অৱস্থাত স্বতঃস্ফূর্তভাৱে যি শিক্ষা লাভ কৰে, তেনে শিক্ষাকে ‘অনানুষ্ঠানিক শিক্ষা বােলে। এনে শিক্ষা কোনাে পাঠ্যপুথি অনুসৰণ কৰি বাস্তৱ জীৱনৰ পৰা মৃত্যুলৈয়ে নিজে নিজে লাভ কৰা হয়। অনানুষ্ঠানিক শিক্ষাৰ কিছুমান বৈশিষ্ট্য আছে। যেনে :
(ক) অনানুষ্ঠানিক শিক্ষা মুক্ত আৰু স্বতঃস্ফুর্ত শিক্ষা।
(খ) এনে শিক্ষা জীবনব্যাপী চলি থাকে ।
(গ) এনে শিক্ষাৰ কোনাে নির্ধাৰিত পাঠ্যক্রম নাথাকে।
(ঘ) কোনাে অনুশাসন নাথাকে।
(ঙ) এনে শিক্ষাৰ যােগ্যতাৰ কোনাে আনুষ্ঠানিক প্রমাণ পত্ৰ নাথাকে।
(চ) অনানুষ্ঠানিক শিক্ষাত কোনাে শিক্ষকৰ দ্বাৰা শিক্ষা দান কৰা নহয়।
(ছ) এনে শিক্ষাৰ প্রধান উদ্দেশ্য হৈছে ব্যৱহাৰিক জ্ঞানৰ বিকাশ সাধন কৰা।।
(জ) এনে শিক্ষা যিকোনাে পৰিবেশৰ পৰা লাভ কৰিব পাৰি।

৩। অনৌপচাৰিক বা অগতানুগতিক শিক্ষা কাক বােলে? ইয়াৰ প্রধান বৈশিষ্ট্য কি কি ?
উত্তৰঃ যিসকল লােকে আনুষ্ঠানিক শিক্ষা লাভ কৰিব নােৱাৰে সেইসকল লােকৰ বাবে চৰকাৰে সুকীয়াকৈ যি শিক্ষাদানৰ ব্যৱস্থা কৰিছে তাকে ‘অনৌপচাৰিক শিক্ষা’ বা ‘অগতানুগতিক শিক্ষা বুলি কোৱা হয়। আন্তঃৰাষ্ট্ৰীয় শিক্ষা আয়ােগে পােন প্ৰথমতে ‘Learning to be’ নামৰ প্রতিবেদনত অনৌপচাৰিক শিক্ষা ব্যৱস্থাৰ বিষয়ে উল্লেখ কৰিছে।
অনৌপচাৰিক শিক্ষাৰ কিছুমান বৈশিষ্ট্য হলঃ
(ক) অনৌপচাৰিক শিক্ষাৰ নিৰ্ধাৰিত সময় সীমা নাথাকে।
(খ) এনে শিক্ষাত শিক্ষার্থী প্রয়ােজন অনুসৰি বিভিন্ন ধৰণৰ পাঠ্যক্ৰমৰ ব্যৱস্থা কৰা হয়।
(গ) মুক্ত বিশ্ববিদ্যালয়, যােগাযােগ পাঠ্যক্রম, অংশকালীন শিক্ষা ব্যৱস্থা আদিৰ জৰিয়তে এনে শিক্ষা প্রদান কৰা হয়।
(ঘ) এনে শিক্ষাৰ শিক্ষার্থীৰ বয়সৰ কোনাে সীমা নাথাকে।
(ঙ) ই পৰিৱৰ্তনশীল পাঠ্যক্রম, আত্ম অনুশাসন আৰু সজাগতাৰ ওপৰত নিৰ্ভৰশীল।
(চ) মূল্যায়নৰ ওপৰত ভিত্তি কৰি ডিগ্ৰী, প্রমাণ পত্র আদি প্ৰদান কৰা হয়।

শিক্ষাৰ ধাৰণা আৰু লক্ষ্য Class 11

৫। আনুষ্ঠানিক শিক্ষা আৰু অনানুষ্ঠানিক শিক্ষাৰ মাজৰ মূল পার্থক্য লিখা।
উত্তৰ : আনুষ্ঠানিক শিক্ষা আৰু অনানুষ্ঠানিক শিক্ষাৰ মাজৰ মূল পার্থক্য হলঃ
(ক) আনুষ্ঠানিক শিক্ষাৰ এক পূর্ব পৰিকল্পিত আচঁনি আৰু ৰূপৰেখা থাকে। অনানুষ্ঠানিক শিক্ষা মুক্ত আৰু স্বতঃস্ফূর্ত শিক্ষা। এনে শিক্ষা যিকোনাে পৰিবেশৰ পৰা লাভ কৰিব পাৰি
(খ) আনুষ্ঠানিক শিক্ষাৰ নির্দিষ্ট সময় সীমা থাকে। কিন্তু অনানুষ্ঠানিক শিক্ষাৰ কোনাে নির্দিষ্ট সময় সীমা নাথাকে।
(গ) এনে শিক্ষা নির্ধাৰিত পৰিকল্পনা, আঁচনি, সময়সীমা পাঠ্যক্রম আদি থাকে। কিন্তু অনানুষ্ঠানিক শিক্ষাৰ কোনাে নির্ধাৰিত পাঠ্যক্রম নাথাকে।
(ঘ) প্রশিক্ষণ প্রাপ্ত শিক্ষকৰ দ্বাৰা এনে শিক্ষা প্রদান কৰা হয় অনানুষ্ঠানিক শিক্ষাত কোনাে শিক্ষকৰ দ্বাৰা শিক্ষা দান কৰা নহয়।
(ঙ) অনুশাসন কঠোৰ আৰু নিয়ন্ত্রিত। অনানুষ্ঠানিক শিক্ষাত কোনাে অনুশাসন নাথাকে।
(চ) শিক্ষার্থীৰ যােগ্যতা পৰীক্ষাৰ দ্বাৰা নিৰূপণ কৰা হয়। অনানুষ্ঠানিক শিক্ষাৰ যােগ্যতাৰ কোনাে আনুষ্ঠানিক প্রমাণ পত্ৰ নাথাকে।
(ছ) বৌদ্ধিক জ্ঞানৰ প্ৰসাৰ ঘটোৱাই এনে শিক্ষাৰ উদ্দেশ্য। অনানুষ্ঠানিক শিক্ষাৰ প্রধান উদ্দেশ্য হৈছে ব্যৱহাৰিক জ্ঞানৰ বিকাশ সাধন কৰা।

৬। আনুষ্ঠানিক শিক্ষা আৰু অগতানুগতিক বা অনৌপচাৰিক শিক্ষাৰ মাজত থকা পার্থক্যসমূহ লিখা।
উত্তৰঃ আনুষ্ঠানিক শিক্ষা আৰু অনৌপচাৰিক শিক্ষাৰ মাজৰ মূল পার্থক্য হলঃ
(ক) আনুষ্ঠানিক শিক্ষা প্রাথমিক বিদ্যালয়ত আৰম্ভ হয় আৰু ই বিশ্ববিদ্যালয় পর্যন্ত বর্তী থাকে। আনাহতে মুক্ত বিশ্ববিদ্যালয়, যােগাযােগ পাঠ্যক্রম, অংশকালীন শিক্ষা ব্যৱস্থা আদিৰ জৰিয়তে অগতানুগতিক শিক্ষা প্রদান কৰা হয়।

(খ) আনুষ্ঠানিক শিক্ষাৰ নির্দিষ্ট সময় সীমা থাকে। অনৌপচাৰিক শিক্ষাৰ নিৰ্ধাৰিত সময় সীমা নাথাকে।
(গ) এনে শিক্ষা নির্ধাৰিত পৰিকল্পনা, আঁচনি, সময়সীমা পাঠ্যক্রম আদি থাকে। কিন্তু অগতানুগতিক শিক্ষাত শিক্ষার্থী প্রয়ােজন অনুসৰি বিভিন্ন ধৰণৰ পাঠ্যক্ৰমৰ ব্যৱস্থা কৰা হয়।
(ঘ) প্রশিক্ষণ প্রাপ্ত শিক্ষকৰ দ্বাৰা এনে শিক্ষা প্রদান কৰা হয়। অগতানুগতিক শিক্ষাত শিক্ষকৰ ভূমিকা কম। এনে শিক্ষা বহু সময়ত যােগাযােগ মাধ্যমেৰে শিক্ষা প্রদান কৰা হয়।

(ঙ) অনুশাসন কঠোৰ আৰু নিয়ন্ত্রিত। অনৌপচাৰিক শিক্ষাত কঠোৰ নিয়ন্ত্রণ নাথাকে।
(চ) শিক্ষার্থীৰ যােগ্যতা পৰীক্ষাৰ দ্বাৰা নিৰূপণ কৰা হয়। অগতানুগতিক শিক্ষাৰ যােগ্যতাৰ কোনাে আনুষ্ঠানিক প্রমাণ পত্র নাথাকে।
(ছ) বৌদ্ধিক জ্ঞানৰ প্ৰসাৰ ঘটোৱাই এনে শিক্ষাৰ উদ্দেশ্য। অগতানুগতিক শিক্ষা পৰিৱৰ্তনশীল পাঠ্যক্রম, আত্ম অনুশাসন আৰু সজাগতাৰ ওপৰত নিৰ্ভৰশীল।

লগতে পঢ়ক:   মনােবিজ্ঞান আৰু শিক্ষা Class 11 (প্রশ্নোত্তৰ) একাদশ শ্ৰেণী

৭। অগতানুগতিক শিক্ষাৰ পাঁচটা, লক্ষ্য বা উদ্দেশ্য লিখা।
উত্তৰঃ যিসকল লােকে আনুষ্ঠানিক শিক্ষা লাভ কৰিব নােৱাৰে সেইসকল লােকৰ বাবে চৰকাৰে সুকীয়াকৈ যি শিক্ষাদানৰ ব্যৱস্থা কৰিছে তাকে অনৌপচারিক শিক্ষা’ বা ‘অগতানুগতিক শিক্ষা বুলিল কোৱা হয়। আন্তঃৰাষ্ট্ৰীয় শিক্ষা আয়ােগে পােন প্রথমতে ‘Learning to be’ নামৰ প্রতিবেদন অনৌপচাৰিক শিক্ষা ব্যৱস্থাৰ বিষয়ে উল্লেখ কৰিছে। অনৌপচাৰিক শিক্ষাৰ কিছুমান উদ্দেশ্য হলঃ
(ক) শিক্ষাক সার্বজনীন ৰূপ দিয়াত সহায় কৰা।
(খ) ব্যক্তিৰ জীৱন ধাৰাৰ মানদণ্ড উন্নত কৰাত সহায় কৰা।
(গ) ব্যক্তিৰ মনত সামাজিক সচেতনতাবােধ জগাই তােলা।
(ঘ) শিক্ষার্থীসকলক শিক্ষাৰ মূল সুঁতিৰ প্রতি অনুধাৱিত কৰা।
(ঙ) দেশৰ আর্থ-সামাজিক বিকাশৰ ক্ষেত্ৰত বৰঙণি আগবঢ়াব পৰাকৈ সকলােকে উপযুক্ত কৰি গঢ়ি তােলা।

শিক্ষাৰ ধাৰণা আৰু লক্ষ্য একাদশ শ্ৰেণী

৮। শিক্ষাৰ ব্যক্তিকেন্দ্রিক আৰু সমাজকেন্দ্রিক লক্ষ্যৰ বিষয়ে লিখা।
উত্তৰ : শিক্ষাৰ ব্যক্তিকেন্দ্রিক লক্ষ্যৰ প্ৰৱক্তাজন হ’ল চাৰ পাৰ্চিনান। পার্চিনানৰ মতে, শিক্ষা আঁচনি নির্ভৰ কৰে ব্যক্তিৰ শ্রেষ্ঠতম সম্ভাৱনাৰ উচ্চতম বিকাশৰ ওপৰত। এনে শিক্ষাৰ লক্ষ্যই বিশ্বাস কৰে যে প্রত্যেক শিশু তথা ব্যক্তিৰ একোটা নিজস্ব সত্তা আছে। অর্থাৎ সকলাে ব্যক্তিযে কিছুমান নিজস্ব গুণ আৰু সম্ভাৱনা লৈ জন্ম গ্রহণ কৰে। প্রত্যেক ব্যক্তিৰ এই গুণ আৰু সম্ভাৱনাক উপযুক্ত পৰিবেশত বিকাশ সাধন কৰাই ব্যক্তিকেন্দ্রিক শিক্ষাৰ মূল লক্ষ্য। শিক্ষাবিদ হার্বার্ট স্পেনচাৰেও শিক্ষাৰ ব্যক্তিকেন্দ্রিক লক্ষ্যৰ ওপৰত জোৰ দি কৈছে যে ব্যক্তি এজনৰ স্বতন্ত্র সত্বাক স্বীকাৰ কৰি তাৰ পূর্ণ বিকাশ সাধন কৰাৰ চেষ্টা কৰা উচিত।

আনহাতে যি শিক্ষাই ব্যক্তিৰ স্বকীয়তা আৰু প্রয়ােজনীয়তাক গৌণ বিবেচনা কৰি সমাজৰ অস্তিত্ব আৰু প্ৰয়ােজনীয়তাক আগস্থান দি শিক্ষা ব্যৱস্থা। প্ৰৱৰ্তন কৰাই হৈছে শিক্ষাৰ সামাজিক লক্ষ্য। শিক্ষাৰ সমাজিক লক্ষ্যৰ প্রধান পৃষ্ঠপােষক আছিল জন ডিউই। এনে শিক্ষাৰ প্রধান লক্ষ্য হৈছে সমাজৰ উন্নতি সাধন কৰা। ব্যক্তিৰ অৱস্থিতি কেৱল সমাজৰ বাবেহে। সমাজ আৰু ৰাষ্ট্ৰ নােহােৱাকৈ ব্যক্তি কোনাে অস্তিত্ব নাই। ব্যক্তি সদায় সমাজমুখী আৰু সমাজৰ ওপৰত নিৰ্ভৰশীল। ব্যক্তিৰ আশা-আকাঙ্খা, আদর্শ, সংস্কৃতি আদি বিকাশ হয় সমাজৰ যােগেদি। সেয়ে শিক্ষাৰ প্রধান লক্ষ্য শিশুৰ ভৱিষ্যত সমাজিক জীৱৰ বাবে উপযুক্ত কৰি তােলা।

শিক্ষাৰ ধাৰণা আৰু লক্ষ্য Class 11

৯। শিক্ষাৰ ব্যক্তিকেন্দ্রিক লক্ষ্যৰ দুর্বলতাসমূহ উল্লেখ কৰা।
উত্তৰ : শিক্ষাৰ ব্যক্তিকেন্দ্রিক লক্ষ্যৰ দুর্বলতাসমূহ হলঃ
(ক) ব্যক্তিকেন্দ্রিক শিক্ষাই ব্যক্তি স্বাধীনতাক প্রতিনিধিত্ব কৰে। কিন্তু শিশুক অবাধ স্বাধীনতা দিলে তেওঁলােকৰ সুস্থ বিকাশত বাধাৰ সৃষ্টি হ’ব পাৰে। কাৰণ শিশুয়ে স্বাধীনতাৰ প্রকৃত অর্থ নুবুজে।
(খ) ব্যক্তিৰ পৰিপূর্ণ বিকাশ সমাজতহে সম্ভৱ। কাৰণ ব্যক্তিৰ ব্যক্তি সত্ত্বাক ব্যক্তিত্বলৈ উন্নীত কৰিব পাৰে সমূহীয়া জীৱনৰ অভিজ্ঞতাইহে।
(গ) ব্যক্তিকেন্দ্রিক শিক্ষাই ব্যক্তিক স্বার্থপৰ আৰু আত্মকেন্দ্রিক কৰি তুলিব পাৰে। ফলত সমাজত বিৰােধ আৰু বিশৃঙ্খলতাৰ সৃষ্টি হ’ব পাৰে।
(ঘ) শিশুৰ স্বাভাৱিক প্ৰৱণতাসমূহক অতি বেছি গুৰুত্ব দিয়াটো তাত্বিক আৰু প্রায়ােগিক দিশৰ পৰা অপ্রাসঙ্গিক।

১০। শিক্ষাৰ বৃত্তিমূলক লক্ষ্য বুলিলে কি বুজা? ইয়াৰ প্ৰয়ােজনীয়তা কি?
উত্তৰঃ শিক্ষাৰ যি লক্ষ্যই ব্যক্তিক জীৱন ধাৰণৰ বাবে উপার্জনক্ষম কৰি তােলাৰ ওপৰত গুৰুত্ব দিয়ে তাকে শিক্ষা বৃত্তিমূলক লক্ষ্য বােলে। বৃত্তিমূলক শিক্ষাৰ প্রধান প্ৰৱক্তা আছিল মহামানৱ মহাত্মা গান্ধী।
শিক্ষাৰ বৃত্তিমূলক লক্ষ্যৰ প্ৰয়ােজনীতা হ’লঃ
(ক) বৃত্তিমূলক শিক্ষাই ব্যক্তি জীৱনৰ অর্থনৈতিক দিশটোত গুৰুত্ব দিয়ে। এনে শিক্ষাৰ জৰিয়তে ব্যক্তিয়ে অর্থনৈতিক স্বাৱলম্বীতা লাভ কৰিব পাৰে।
(খ) বৃত্তিমূলক শিক্ষাই সমাজৰ পৰা অর্থনৈতিক বৈষম্য আঁতৰ কৰাত ভূমিকা গ্ৰহণ কৰিব পাৰে।
(গ) নিম্ন বুদ্ধাংক ব্যক্তিৰ বাবে বৃত্তিগত শিক্ষা ফলপ্রসু।
(ঘ) বৃত্তিমূলক শিক্ষাই নিবনুৱা সমস্যা সমাধানত অৰিহণা যােগাব পাৰে।
(ঙ) এনে শিক্ষাই ব্যক্তিৰ নিজস্ব প্রতিভা, যােগ্যতা, সম্ভাৱনীয়তা বিকাশত সহায় কৰিব পাৰে।

১১। শিক্ষাৰ ব্যক্তিকেন্দ্রিক আৰু সমাজকেন্দ্রিক লক্ষ্যৰ মাজত থকা পার্থক্য নিৰূপণ কৰা।
উত্তৰঃ শিক্ষাৰ ব্যক্তিকেন্দ্রিক আৰু সমাজকেন্দ্রিক লক্ষ্যৰ মাজত থকা পার্থক্যসমূহ হ’ল :
(ক) শিক্ষাৰ ব্যক্তিকেন্দ্রিক লক্ষ্যৰ দৃষ্টিভংগী প্রাকৃতিক আৰু বৈজ্ঞানিক। কিন্তু সমাজ কেন্দ্রিক শিক্ষাৰ লক্ষ্য হ’ল আর্থ- সামাজিক।
(খ) শিক্ষাৰ ব্যক্তিকেন্দ্রিক লক্ষ্যই মানুহৰ জৈৱিক অস্তিত্ব বিকাশৰ ওপৰত গুৰুত্ব দিয়ে। আনহাতে, শিক্ষাৰ সমাজকেন্দ্রিক লক্ষ্যই মানুহৰ সামাজিক যোগ্যতা লাভৰ ওপৰত অধিক গুৰুত্ব দিয়ে।
(গ) শিক্ষাৰ ব্যক্তিকেন্দ্রিক লক্ষ্য প্রকৃতিবাদৰ ওপৰত প্রতিষ্ঠিত। আনহাতে শিক্ষাৰ সমাজকেন্দ্রিক লক্ষ্য প্রয়ােগবাদৰ ওপৰত প্রতিষ্ঠিত।
(ঘ) শিক্ষাৰ ব্যক্তিকেন্দ্রিক লক্ষ্যই ব্যক্তিৰ বিকাশৰ পূর্ণ স্বাধীনতা দিয়ে। কিন্তু সমাজকেন্দ্রিক লক্ষ্যই ব্যক্তিৰ সামাজিক প্রয়ােজন পূৰণ কৰাৰ ওপৰত জোৰ দিয়ে।

শিক্ষাৰ ধাৰণা আৰু লক্ষ্য Class 11

ঘ, ৰচনাধর্মী প্রশ্নোত্তৰ ঃ (প্রত্যেকটোৰ মূল্যাংক – ৫/ ৬)

১। ১৯৮৬ চনৰ ৰাষ্ট্ৰীয় শিক্ষা নীতি অনুসৰি শিক্ষাৰ লক্ষ্যসমূহ কি কি আলােচনা কৰা।
উত্তৰঃ ১৯৮৬ চনৰ ৰাষ্ট্ৰীয় শিক্ষানীতিৰ মূল লক্ষ্য আছিল দেশৰ মানৱ সম্পদৰ বিকাশ সাধন কৰা। এইনীতি অনুসৰি চৰকাৰে কেন্দ্ৰীয় শিক্ষা দপ্তৰক মানৱ সম্পদ উন্নয়ন দপ্তৰ হিচাপে নামাকৰণ কৰা হয়। এই শিক্ষা নীতিৰ মূল লক্ষ্যসমূহ আছিল –
(ক) এই শিক্ষানীতি মতে শিক্ষা আঁচনি সকলাে লােকৰ বাবে উমৈহতীয়া হ’ব লাগে যাতে সকলােৱে মানবিশিষ্ট শিক্ষা লাভ কৰিব পাৰে।
(খ) ৰাষ্ট্ৰীয় শিক্ষানীতিৰ আন এক লক্ষ্য আছিল সমগ্র বিশ্বৰ সকলাে লােকৰ মাজত বিশ্ব ভাতৃত্ববােধ আৰু বুজাপৰাৰ সৃষ্টি কৰা।
(গ) ১৯৮৬ চনৰ ৰাষ্ট্ৰীয় শিক্ষা নীতিয়ে জীৱন ব্যাপী শিক্ষা ব্যৱস্থাৰ ওপৰত জোৰ দিয়ে। দেশৰ যুৱক, যুৱতী, গৃহিনী, শ্রমিক, আদি সকলাে শ্ৰেণীৰ লােকে নিজৰ সুযােগ- সুবিধা অনুসৰি যিকোনাে সময়তে শিক্ষা লাভ কৰিব পাৰে তাৰ বাবে এই শিক্ষা নীতিয়ে গুৰুত্ব আৰােপ কৰে।
(ঘ) জাতি, বর্ণ, ধর্ম নির্বিশেষে সকলাে লােকে শিক্ষা গ্রহণ কৰাৰ ওপৰত ই জোৰ দিয়ে।
(ঙ) দেশৰ সামাজিক লােকাচাৰ, সংস্কৃতি আদিৰ ভিন্নতাক শিক্ষার্থীয়ে ভালদৰে বুজি পােৱাৰ ওপৰত এই শিক্ষা নীতিয়ে গুৰুত্ব দিয়ে। ইয়াৰ বাবে সংযােগী ভাষাৰ বিকাশৰ লগতে এটা ভাষাৰ পৰা আন এটা ভাষালৈ গ্রন্থৰ অনুবাদ কৰাৰ ওপৰত গুৰুত্ব দিছিল। ই বহুভাষী অভিধান আৰু পৰিভাষা প্রকাশ কৰিবলৈয়াে পৰামৰ্শ আগবঢ়াইছিল।
(চ) এই শিক্ষা নীতিয়ে প্রশিক্ষণপ্রাপ্ত শিক্ষক নিযুক্তি, বিদ্যালয় নির্মাণ, শিক্ষক প্রশিক্ষণ কেন্দ্র স্থাপন, পৰীক্ষা পদ্ধতিৰ সংশােধন আদিক মূল লক্ষ্য হিচাপে বিবেচনা কৰিছিল।

লগতে পঢ়ক:   বিদ্যালয় আৰু ইয়াৰ সংগঠন (প্রশ্নোত্তৰ) Class 11 Education Chapter 3 Question Answer

class 11 education chapter 1 question answer in assamese

Here we discuss the question answers to the Class 11 Education Lesson “শিক্ষাৰ ধাৰণা আৰু লক্ষ্য”. Education questions and answers of  AHSEC 1st year  are available here. This HS 1st Year Assamese Medium Education question answers of the previous year will give students a clear insight into the exam paper pattern and can focus only on important questions.

শিক্ষাৰ পৰিসৰ আলােচনা কৰা।

উত্তৰ : শিক্ষাৰ পৰিসৰ বুলিলে শিক্ষাই সামৰি লােৱা বিষয়বস্তুক বুজায়। শিক্ষাৰ পৰিসৰ অতি ব্যাপক। ব্যক্তিৰ বিকাশৰ শাৰীৰিক, মানসিক, নৈতিক, সামাজিক, আধ্যাত্মিক আদি সকলাে দিশকেই সামৰি লয়। ইয়াৰ পৰিধি সংক্ষেপে তলত উল্লেখ কৰা হ’লঃ
(ক) শিক্ষাইব্যক্তিৰ সকলাে ব্যক্তিগত আৰু সামাজিক জীৱন-যাপন কৰাৰ বাবে প্রয়ােজনীয় সকলো জ্ঞানৰ শাখা সামৰি লয়।
(খ) ব্যক্তিৰ সমগ্ৰ জীৱনেই শিক্ষাৰ পৰিধিৰ ভিতৰত পৰে। শিক্ষা ব্যক্তিৰ জন্মৰ লগে লগে আৰম্ভ হয় আৰু অবিৰাম গতিত চলি থাকে।
(গ) শিক্ষাই ব্যক্তি আৰু পৰিবেশৰ মাজত সুস্থ সমযোজনাৰ প্রয়ােজনীয় সকলাে দিশ অন্তর্ভূক্ত কৰে।
(ঘ) শিক্ষাই সভ্যতা সংস্কৃতি, ঐতিহ্য আদি সংৰক্ষণৰ বাহক বা প্রবাহ। এই সকলােবােৰ কার্য শিক্ষাৰ পৰিধিৰ অন্তর্গত তদুপৰি ব্যক্তিৰ পৰিপূর্ণ বিকাশত প্ৰভাৱ পােলােৱা সকলাে কার্যই শিক্ষাই সামৰি লৈছে। শিক্ষা- মনােবিজ্ঞান,শিক্ষা দর্শন, শিক্ষা সমাজতত্ব, শিক্ষাদানৰ কৌশল , শিক্ষা প্রযুক্তি আদি সকলাে ক্ষেত্রতে শিক্ষাৰ পৰিধি বিৰাজমান।

শিক্ষাৰ সংকীর্ণ আৰু বহল অর্থ ব্যাখ্যা কৰা৷

উত্তৰঃ শিক্ষাক সংকীর্ণ আৰু বহল। এই দুটা অর্থত প্ৰয়ােগ কৰা হয়। সংকীর্ণ অর্থত শিক্ষা হৈছে বিদ্যালয়ৰ জৰিয়তে লাভ কৰা শিক্ষা। বিদ্যালয়ত ভর্তি হােৱাৰ লগে লগে এনে শিক্ষা আৰম্ভ হয় আৰু বিদ্যালয় এৰাৰ লগে লগে এনে শিক্ষা অন্ত পৰে বুলি ধৰা হয়। শিক্ষার্থীয়ে শিক্ষানুষ্ঠানত লাভ কৰা জ্ঞান পৰীক্ষাৰ দ্বাৰা জোখা হয়। সংকীর্ণ অর্থত শিক্ষাত নির্ধাৰি আঁচনি, পাঠ্যক্রম, সময়সূচী আৰু নীতি-নিয়ম পূর্ব পৰিকতভাৱে যুগুত কৰা থাকে। শিশুসকল লগতে সমাজ কল্যাণ সাধনৰ বাবে এই আঁচনিযুক্ত শিক্ষা প্রদান কৰা হয়। প্রচলিত সমাজৰ ঐতিহ্য সমূহ ভৱিষ্যত সমাজৰ উঠি অহা চামলৈ প্ৰেৰণ কৰাই সংকীর্ণ অর্থত শিক্ষাৰ মূল লক্ষ্য। শিক্ষাৰ এই উদ্দেশ্য পূৰণৰ অৰ্থেবিদ্যালয় স্থাপন কৰা হয় আৰু শিক্ষকৰ নিযুক্তি দিয়া হয়।আনহাতে শিক্ষাৰ বহল অর্থত শিক্ষাক একজীৱন জোৰা প্রক্রিয়া বুলি বিবেচনা কৰা হয়।এনে শিক্ষা শৈশৱ, বাল্যকাল, কৈশোেৰ, যৌৱন বৃদ্ধ আদি সকলাে স্তৰতে লাভ কৰিব পৰা যায়। শিক্ষাৰ বহল অর্থত কোৱা হয় যে জীৱনেই। হৈছে শিক্ষা আৰু শিক্ষাই জীৱন। ই ব্যক্তিৰ জন্মৰ পৰা মৃত্যুলৈকে সকলাে অভিজ্ঞতাক সামৰি লয়। বহল অর্থত শিক্ষাই আনুষ্ঠানিক শিক্ষাক সংকীর্ণ শিক্ষা বুলি বিবেচনা কৰে তাৰুই সামাজিক পৰিবেশত বাস্তৱ জীৱনৰ মুখামুখি হৈ ব্যক্তিয়ে গ্রহণ কৰা শিক্ষাক সমর্থন কৰে। ৰেমন্ট,হুৱাইট হেড আদি শিক্ষাবিদসকলে শিক্ষাৰ বহল অর্থৰ সমর্থন কৰে।

Leave a Comment

Your email address will not be published. Required fields are marked *


Scroll to Top