মানসিক জীৱনৰ শাৰীৰিক ভিত্তি Class 11 (প্রশ্নোত্তৰ) শিক্ষা একাদশ শ্ৰেণী

বিষয়  শিক্ষা
পাঠৰ নাম মানসিক জীৱনৰ সামাজিক ভিত্তি
শ্ৰেণী  একাদশ শ্ৰেণী
গােট পঞ্চম অধ্যায়
পাঠৰ নং  5
পাঠ্যক্ৰম  অসম মাধ্যমিক শিক্ষা পৰিষদৰ (AHSEC)

মানসিক জীৱনৰ শাৰীৰিক ভিত্তি

ক, অতি চমু প্রশ্নোত্তৰ: (প্রত্যেকটোৰ মূল্যাংক -১)

১। শুদ্ধ নে অশুদ্ধ বিচাৰ কৰা
(ক) অনুমস্তিষ্কক আবেগ নিয়ন্ত্ৰণৰ কেন্দ্ৰৰূপে জনা যায়।
উত্তৰ: শুদ্ধ।
(খ) স্বতঃক্রিয় স্নায়ুতন্ত্রই মস্তিষ্কৰ লগত প্রত্যক্ষ যােগাযােগ ৰক্ষা কৰি নচলে।
উত্তৰ: শুদ্ধ।
(গ) শংকু কোষবোৰে কম পোহৰত বস্তুৰ সংবেদন অনুভুতি দিব পাৰে৷
উত্তৰঃ অশুদ্ধ।
(ঘ) মস্তিষ্কই দেহৰ স্থিৰতা আৰু ভাৰসাম্য ৰক্ষা কৰে।
উত্তৰ : অশুদ্ধ।
(ঙ) দৈহিক প্রতিৱর্ত ক্রিয়া মস্তিষ্কৰ দ্বাৰা পৰিচালিত নহয়।
উত্তৰ : শুদ্ধ।
(চ) বিভন্ন ইন্দ্রিয় অনুভূতি গুৰু মস্তিষ্কৰ পৃথক পৃথক অঞ্চলত পৃথক পৃথকভাৱে গ্ৰহণ কৰা হয়।
উত্তৰঃ শুদ্ধ।
(ছ) অধঃমস্তিষ্কই ব্যক্তিৰ নিদ্রাকেন্দ্র হিচাপে কাম কৰে।
উত্তৰঃ শুদ্ধ।

(জ) অক্ষিপটত থকা দণ্ডকোষবােৰে বস্তুৰ ৰঙৰ সংবেদন অনুভূতি দিব পাৰে।
উত্তৰঃ অশুদ্ধ।
(ঝ) সংবেদন সংবােধনৰ বাবে বিশেষভাৱে প্রয়ােজনীয়।
উত্তৰঃ শুদ্ধ।
(ঞ) ইন্দ্রিয় শিক্ষা চকুৰে নেদেখা শিশুক দৃষ্টিদানৰ সমপর্যায়ৰ।
উত্তৰঃ শুদ্ধ।
(ট) সংবেদনৰ অভিজ্ঞতা অস্পষ্ট আৰু অনুমানৰ ওপৰত প্রতিষ্ঠিত।
উত্তৰঃ শুদ্ধ।
(ঠ) সংবেদনক মানসিক অভিজ্ঞতা বুলিব নােৱাৰি।
(ড) মস্তিষ্কৰ অস্বাভাৱিক অৱস্থাত অমূলক প্রত্যক্ষ অনুভূত হয়।
উত্তৰ : শুদ্ধ।
(ঢ) বিভিন্ন ইন্দ্রিয় অনুভূতি গুৰুমস্তি পৃথক পৃথক অঞ্চলত পৃথক পৃথকভাৱে গ্ৰহণ কৰা হয়।
উত্তৰ : শুদ্ধ।
(ণ) প্রতিবর্ত ক্রিয়া গুৰুমস্তিষ্কৰ দ্বাৰা পৰিচালিত নহয়।
উত্তৰঃ শুদ্ধ।
(ত) শিক্ষিত লােকে ভ্রান্ত প্রত্যক্ষৰ প্ৰভাৱত নপৰে।
উত্তৰঃ অশুদ্ধ।
(থ) সংবেদন কেৱল ইন্দ্ৰিয়ৰ যােগেদি পাব। পাৰি।
উত্তৰঃ অশুদ্ধ।
(ধ) নবজাত শিশুৰ সংবেদন আৰু সংবােধন একেলগে পাব পাৰে।
উত্তৰঃ অশুদ্ধ।
(দ) সংবেদন হল জ্ঞানৰ সৰলতম প্রক্রিয়া।
উত্তৰ : শুদ্ধ।
(ন) অর্থপূর্ণ সংবেদনক সংপ্রত্যয় বােলে।
উত্তৰঃ অশুদ্ধ।
(প) উদ্দীপক হ’ল সংবেদনৰ মূল কাৰণ।।
উত্তৰঃ শুদ্ধ।
(ফ) সংবেদন মনৰ এক সক্রিয় অৱস্থা।
উত্তৰঃ অশুদ্ধ।
(ব) সংবেদন অবিহনেও সংবােধন হ’ব পাৰে।
উত্তৰঃ অশুদ্ধ।
(ভ) সংবেদন আৰু সংবােধন উভয়ে ইন্দ্ৰিয়ৰ ওপৰত নিৰ্ভৰশীল।
উত্তৰঃ শুদ্ধ।
(ম) অভিজ্ঞতাই সংবােধন স্পষ্ট কৰাত সহায় কৰে৷
উত্তৰঃ শুদ্ধ।

Class 11 Education Chapter 5 Question Answer In Assamese Medium

২। খালী ঠাই পূৰণ কৰা ।
(ক)___ৰ মতে সংবেদন হল এটা অস্পষ্ট পৰিচয়।
উত্তৰঃ জেমচ।
(খ) ইন্দ্রিয় শিক্ষা পদ্ধতি হৈছে___।
উত্তৰ : ক্রিয়া প্রধান।
(গ) ইন্দ্রিয়যােগে আমি যি সংবেদন অভিজ্ঞতা পাওঁ তাক___বােলে।
উত্তৰ : বিশিষ্ট সংবেদন।
(ঘ) সংবেদন অনুভূতিৰ মূল উপাদান হৈছে____।
উত্তৰ : উদ্দীপক।
(ঙ)____মস্তিষ্ক হৈছে বৌদ্ধিক আচৰণৰ ঘাই কেন্দ্র।
উত্তৰ : গুৰু মস্তিষ্ক।
(চ) অধঃমস্তিষ্ক___এটা অংশ।
উত্তৰ : মস্তিষ্কৰ ।
(ছ) মেৰুমজ্জাৰ শীর্ষস্থানত থকা স্নায়ুগ্রন্থিক — বুলি জনা যায়।
উত্তৰ : অধঃমস্তিষ্ক।
(জ) উদৰস্থ অংগৰােৰৰ লগত সংযােজিত স্নায়ুতন্ত্র হল____।
উত্তৰ : স্বয়ংচালিত স্নায়ুতন্ত্র।
(ঝ) সংবেদন নিয়ন্ত্রিত হয়_____ৰ দ্ধাৰা।
উত্তৰ :কেন্দ্রীয় স্নায়ুতন্ত্র।
(ঞ) প্রতিৱর্ত ক্রিয়াসমূহ _____ৰ দ্বাৰা নিয়ন্ত্রিত হয়।
উত্তৰ : মেৰুমজ্জা।
(ট) মন্টেছৰীয়ে শিশুক____কোৱাৰ পক্ষপাতিত্ব কৰা নাছিল।
উত্তৰঃ কাল্পনিক গল্প।
(ঠ) ফ্রবেল আৰু মন্টেছৰীয়ে___অনুশীলনীৰ ওপৰত গুৰুত্ব দিছিল।
উত্তৰঃ ইন্দ্রিয়।
(ড)_____ৰ অভাৱত মিক্সডিমা ৰােগেদেখা দিয়ে।
উত্তৰঃ থাইৰক্সিন।
(ঢ) অন্তঃস্রাৱী গ্রন্থিৰ পৰাওলােৱা গ্ৰন্থিৰসক___ বােলে।
উত্তৰঃ হৰম’ন।
(ণ) গ্রন্থিসমূহৰ প্ৰধান কাম______।
উত্তৰ : ৰস নিঃসৰণ কৰা।
(ত)___স্নায়ুতন্ত্রই স্বাধীনভাৱে ক্রিয়া সম্পাদন কৰে।
উত্তৰঃ স্বতঃক্রিয়।
থ) মস্তিষ্কৰ দুটা অংশ হৈছে___আৰু___।
উত্তৰ : থেলামাছ, হাইপথেলামাছ।
(দ) ___মস্তিষ্কৰ সৰ্ববৃহৎ আৰু গুৰুত্বপূর্ণ অংশ।
উত্তৰ : গুৰুমস্তিষ্ক।
(ধ) মেৰুমজ্জা প্রধান কাম হৈছে___পৰিবহন কৰা।
উত্তৰঃ উত্তেজনা।
(ন) অক্ষিপটত ___আৰু__নামৰ দুই প্রকাৰৰ গ্ৰহণ কোষ থাকে।
উত্তৰঃ দণ্ডকোষ, শংকুকোষ।

মানসিক জীৱনৰ শাৰীৰিক ভিত্তি Class 11

খ. চমু প্রশ্নোত্তৰঃ (প্রত্যেকটোৰ মূল্যাংক -২/৩)

১। স্নায়ুতন্ত্র বুলিলে কি বুজা ?
উত্তৰঃ বিভিন্ন আকাৰৰ অসংখ্য স্নায়ুকোষেৰে গঠিত তন্ত্রক স্নায়ুতন্ত্র’ বােলে। ই হ’ল দেহৰ প্ৰধান আৰু প্রয়ােজনীয় অংশ। স্নায়ুতন্ত্র কার্যকলাপ হৈছে আমাৰ মানসিক জীৱনৰ মূল ভিত্তি।

২। স্নায়ুতন্ত্রক কি কি ভাগত ভাগ কৰা হৈছে?
উত্তৰঃ স্নায়ুতন্ত্রক তিনিটা ভাগত ভাগ কৰা হৈছে। যেনে——
(ক) কেন্দ্রীয় স্নায়ুতন্ত্র।
(খ) স্বয়ংক্রিয় স্নায়ুতন্ত্র আৰু
(গ) প্রান্তৱৰ্তী স্নায়ুতন্ত্র।

৩। কেন্দ্রীয় স্নায়ুতন্ত্র বুলিলে কি বুজা?
উত্তৰ : কেন্দ্রীয় স্নায়ুতন্ত্র হৈছে আমাৰ দেহৰ সকলােবােৰ মানসিক ক্রিয়া আৰু আচৰণৰ নিয়ন্ত্রণ আৰু পৰিচালনাৰ কেন্দ্রস্থল। ইয়াৰ লগত দেহৰ গ্রাহক আৰু সাধকসমূহ কিছুমান সমযােজক অথবা আনুসঙ্গিক স্নায়ুৰ দ্বাৰা সংযােজিত হৈ থাকে।

৪। কেন্দ্রীয় স্নায়ুতন্ত্রক কেইভাগত ভাগ কৰা হৈছে?
উত্তৰ : কেন্দ্রীয় স্নায়ুতন্ত্রক মূলতঃ দুই ভাগত ভাগ কৰা হৈছে। যেনে :—–
(ক) মেৰুমজ্জা আৰু
(খ) মস্তিষ্ক।

৫। মেৰুমজ্জা কাক বােলে ?
উত্তৰঃ মেৰুমজ্জা হৈছে ৰাজহাড়ৰ সুৰঙ্গযুক্ত অংশত থকা কিছুমান স্নায়ুৰ সমাহাৰ৷ ইয়াত ৩১ জোৰকৈ অন্তর্বাহী আৰু বহির্বাহী স্নায়ু আছে। ইহঁতে আমাৰ ইন্দ্রিয়, পেশী, গ্রন্থি আদিৰ লগত যােগাযােগ ৰক্ষা কৰি থাকে।

৬। সনালী বা বাহিনী গ্রন্থি কাক বােলে?
উত্তৰ : সনালী বা বাহিনী গ্রন্থি হৈছে এনে গ্রন্থি য’ৰ পৰা সংযােজিত নলেৰে গ্ৰন্থিৰস বাহিৰলৈ নিঃসৰণ হয়। চকুত থকা অশ্রু গ্রন্থি, পিত্তত থকা পিত্তকোষ, ছালত থকা ঘর্মগ্রন্থি, মুখত থকা লালটি গ্রন্থি আদি এইজাতীয় গ্রন্থি এই গ্রন্থিবােৰে সাধাৰণতে খােৱা বস্তু হজম কৰাত আৰু শৰীৰৰ পৰা দূষিত পদার্থ দূৰীকৰণ কৰে।

৭। অন্তঃস্রাৱী গ্রন্থি কাক বােলে ?
উত্তৰ : গ্রন্থিবােৰ হৈছে আমাৰ দেহৰ বিভিন্ন স্থানত অৱস্থিত স্রাৱণক্ষম ৰস উলিয়াই দিব পৰা নলী। ইয়াৰ কিছুমানে দেহৰ বাহিৰলৈ ৰস নিঃসৰণ নকৰে। ইহঁত কোনাে ছিদ্রযুক্তও নহয়। এনে গ্রন্থিবােৰকেই অন্তঃস্রাবী’ বা ‘নির্বাহিনী গ্রন্থি’ বােলে। এই গ্রন্থিবােৰৰ পৰা অতি সামান্য পৰিমাণৰ গ্রন্থিৰস নিঃসৰিত হয় আৰু দেহৰ সঞ্চাৰিত তেজত মিহলি হৈ গােটেই শৰীৰতে মিহলি হৈ পৰে।

লগতে পঢ়ক:   শিক্ষাৰ ধাৰণা আৰু লক্ষ্য Class 11 [প্রশ্নোত্তৰ] Education Chapter 1

৮। মস্তিষ্ক আৱৰণ বুলিলে কি বুজা?
উত্তৰঃ সমগ্র মস্তিষ্কক এবিধ ধূসৰ পদার্থই আৱৰি থাকে। এই আৱৰনখনেই মস্তিষ্ক আৱৰণ বুলি কোৱা হয় ইয়াৰ ভিতৰত অসংখ্য সৰু সৰু ৰেখা আৰু ভাঁজ আছে এই ভাঁজ যিমানেই অধিক হয় সিমানেই মানুহৰ বুদ্ধিৰ পৰিমাণ বেছি হয় বুলি কোৱা হয়।

৯। প্ৰমস্তিষ্ক কেইটা অঞ্চলত বিভক্ত? সেইবােৰ কি কি?
উত্তৰ : প্ৰমস্তিষ্ক চাৰিটা অঞ্চলত বিভক্ত সেইবােৰ হ’ল :
(ক) ললাট অঞ্চল।
(খ) শিৰকুম্ভ অঞ্চল।
(গ) পশ্চাৎ অঞ্চল আৰু
(ঘ) শিৰকুম্ভ বা ৰগ অঞ্চল।

১০। ভ্রান্তপ্রত্যক্ষ বুলিলে কি বুজা ?
উত্তৰঃ সংবেদনৰ অৰ্থ নির্ণয় কৰাৰ সময়ত অস্বাভাৱিক কল্পনাৰ প্ৰভাৱত যেতিয়া আমি উদ্দীপক সম্বন্ধে ভুল ব্যাখ্যা দিও, তেতিয়া তাক ভ্রান্তপ্রত্যক্ষ’বুলি কোৱা হয়। অস্বাভাৱিক কল্পনাই সঠিক প্রত্যক্ষণৰ পথত বাধাৰ সৃষ্টি কৰে বাবে সংবেদনৰ ব্যাখ্যা ভুল হয়। অর্থাৎ প্রকৃত উদ্দীপকক বেলেগ উদ্দীপক বুলি ধাৰণা কৰা হয়।

১১। অমূল প্রত্যক্ষৰ বিষয়ে চমুকৈ লিখা।
উত্তৰ : অমূল প্রত্যক্ষ হৈছে অস্বাভাৱিক দেহ আৰু মানসিক অৱস্থাৰ ব্যক্তিয়ে অনুভৱ কৰা এক বিৰল অভিজ্ঞতা.সংবােধনৰ কোনাে মূল উৎস বা ইন্দ্রিয় অনুভূতিৰ অভিজ্ঞতা নথকা অৱস্থাতাে ব্যক্তিয়ে যি অবাস্তৱ ভুল কৰে সেয়াই ‘অমূল প্রত্যক্ষ। এই ক্ষেত্ৰত ব্যক্তি মানসিক অৱস্থা অস্বাভাৱিক থকা বাবে বা অস্বাভাৱিক অৱস্থা পােৱা বাবে ইন্দ্রিয়গ্রাহ্য অভিজ্ঞতা নােপােৱা অৱস্থাতাে পৰিবেশ সম্বন্ধে ভুল ধাৰণাৰ সৃষ্টি হয়। সাধাৰণতে ৰাগিয়াল বস্তু পান কৰা,জ্বৰ মূৰত উঠা অৱস্থা, আৰু মতিভ্রম থকা মানুহৰ ক্রিয়া আচৰণত এনে অমূল প্রত্যক্ষৰ প্ৰভাৱ পৰিলক্ষিত হয়। মুঠতে অমূল প্রত্যক্ষ হৈছে ব্যক্তিৰ অস্বাভাৱিক মানসিক অৱস্থাত বস্তু সম্পর্কে কৰা ভুল ধাৰণা।

১২। সংপ্রত্যয়ন বুলিলে কি বুজা?
উত্তৰঃ সংবেদনৰ উন্নত মানসিক পর্যায়টোৱেই হ’ল সংপ্রত্যয়ন। আমি জীৱনত নানান বস্তু সম্পর্কে জ্ঞান লাভ কৰাে। এই প্রত্যক্ষ জ্ঞান তথা অভিজ্ঞতা ক্রমান্বয়ে সঞ্চিত হৈ আমাৰ মনত বস্তু বিশেষৰ প্রতি এক সাধাৰণ মত বা ধাৰণাই গঢ় লৈ উঠে। এই গঢ় লৈ উঠা ধাৰণা অতীত প্রত্যক্ষ কৰা বস্তু বা অভিজ্ঞতাৰ এক সামূহিক, সুসংবদ্ধ,অর্থব্যঞ্জক অৱস্থাহে। ইআমাৰ চিন্তাশক্তিৰ খােৰাক যােগায় ইয়াকেই ‘সংপ্রত্যয়ন’ বােলা হয়। সংক্ষেপে ক’বলৈ গ’লে সংপ্রত্যয়ন হ’ল সাধাৰণ ধাৰণসমুহৰ বিমূর্ত জ্ঞান।

১৩। শিশুৰ সংবােধনৰ দুটা বৈশিষ্ট্য উল্লেখ কৰা।
উত্তৰঃ শিশুৰ সংবােধনৰ দুটা বৈশিষ্ট্য হলঃ
(ক) শিশুৰ সংবােধন অতি অস্পষ্ট।
(খ) শিশুয়ে তাৰ ভাৱ, অনুভূতি, কল্পনা আৰু সংবােধাৰ মাজত প্ৰায়েই অত হেৰুৱায়।

১৪। অন্তর্বাহী আৰু বহির্বাহী মায়ুৰ প্ৰধান কাম কি?
উত্তৰঃ অন্তর্বাহী স্নায়ুয়ে ইন্দ্রিয়সমূহৰ পৰা সংবেদন বা উদ্দীপনা মেৰুমজ্জা আৰু মস্তিষ্কলৈ প্ৰেৰণ কৰে। আনহাতে, বহির্বাহী স্নায়ুৰ প্ৰধান কাম হ’ল মেৰুমজ্জা আৰু মস্তিষ্কৰ শক্তিকেন্দ্ৰৰ পৰা সঞ্চালিত স্নায়বিক উত্তেজনা কঢ়িয়াই অনা।

মানসিক জীৱনৰ শাৰীৰিক ভিত্তি Class 11

গ. মজলীয়া উত্তৰৰ প্ৰশ্নঃ (প্রত্যেকটোৰ মূল্যাংক -8)

১। সাধক যন্ত্র কাক বােলে? ইয়াৰ ভাগ কেইটা কি কি?
উত্তৰ : দেহৰ বহিঃ অংশত থকা গ্রহণেন্দ্রিয়বােৰে পৰিবেশৰ পৰা উদ্দীপনা গ্রহণ কৰি মস্তিষ্কলৈ তাৰ চাপ প্রেৰণ কৰে। মস্তিষ্কই তাৰ প্ৰয়ােজনীয় বিশ্লেষণ কৰি প্রাপ্ত বার্তা বা প্রতিক্রিয়া দেহৰ বিভিন্ন অংশৰ যােগেদি প্রকাশ কৰে। দেহযন্ত্ৰৰ যিবােৰ অংশৰ যােগেদি সেই বার্তা বা প্রতিক্রিয়া প্রতিফলিত বা অভিব্যক্ত হয় তাকে সাধক যন্ত্র বা ‘সাধক স্নায়ুতন্ত্র বােলে। ইয়াৰ দুটা ভাগ আছে। যেনেঃ
(ক) পেশীসমূহ আৰু
(খ) গ্রন্থিসমূহ।

২। সংবেদন কাক বােলে ? ইয়াৰ তিনিটা বৈশিষ্ট্য উল্লেখ কৰা।
উত্তৰঃ বাহ্য জগতৰ লগত মনৰ সংযােগ ঘটাৰ প্রাথমিক আৰু সৰলতাৰ দৈহিক অৱস্থাটোৱেই সংবেদন দেহৰ উপৰি ভাগত থকা চকু, কাণ, নাক, জিভা আৰু ছাল এই পাঁচবিধ ইন্দ্রিয়ই পৰিবেশৰ পৰা বিকিৰণ হােৱা পাঁচবিধ উদ্দীপনাৰ চাপ গ্রহণ কৰে। এই চাপ গ্রহণেন্দ্ৰিয়ৰ লগত সংযােগ থকা স্নায়ুয়ে মস্কিলৈ প্ৰেৰণ কৰে। ইয়াৰ ফলত মস্তিষ্ক সচেতন আৰু সক্রিয় অৱস্থাপ্রাপ্ত হয়। বাহ্য জগতৰ উদ্দীপনাই মস্তিষ্কত এই সচেতনতাৰ সৃষ্টি কৰি তােলা কার্যকেই সংবেদন বােলে। সংবেদনৰ তিনিটা বৈশিষ্ট্য হলঃ
(ক) সংবেদন কোনাে এক নির্বাচিত বস্তুৰ আলম লৈ আমাৰ মনত গঢ় লৈ উঠে।
(খ) সংবেদনৰ অনুভূতি তুলনামূলকভাৱে বিশ্লেষণ কৰি চোৱাৰ পিছতহে আমাৰ মনত সংবেদনাত্মক ধাৰণাৰ সৃষ্টি হয়।
(গ) সংবেদন অতীতত লাভ কৰা জ্ঞানৰ সংযােগ বা সন্মিলনতহেসম্ভৱ হয়।

৩। অনুমস্তিষ্ক কি? ইয়াৰ প্ৰধান কামবােৰ উল্লেখ কৰা।
উত্তৰঃ প্ৰমস্তিষ্কৰ শিৰনিম্ন অঞ্চলৰ পিছফালে থকা আপেক্ষিকভাৱে সৰু স্নায়ুকেন্দ্ৰক অনুমস্তিষ্ক বােলে। ই দেখিবলৈ এটা চেপেটা বলৰ দৰে আৰুদুটা অংশত বিভক্ত ইয়াৰ মাজৰ অংশত এডাল সমাযােজক অৱস্থিত। ইয়াৰ ওজন প্রায় ১৫০ গ্রাম অনুমস্তিষ্কৰ প্রধান কাম হৈছে ভাৰসাম্য ৰক্ষা কৰা আৰু স্থিৰতা অৱলম্বন কৰা। এই অঞ্চলে মাংসপেশীৰ কাম- কাজ পৰিচালনা কৰে। বিভিন্ন দৈহিক ক্রিয়াৰ অংগ। সঞ্চালনৰ ক্ষেত্ৰত আৱশ্যক হােৱা নির্ভুল অৱলম্বন বহু পৰিমাণে ইয়াৰ ওপৰত নিৰ্ভৰ কৰে। মার্জিত চাল-চলন আৰু অভ্যাসৰ দ্বাৰা পৰিচালিত হােৱা কেতবােৰ দৈহিক ক্রিয়াও এই অঞ্চলৰ দ্বাৰা প্ৰভাৱিত । ইয়াৰ উপৰিও দেহৰ প্রয়ােজন অনুযায়ী এক সংহতি ৰক্ষা কৰি সামূহিকভাৱে ক্রিয়া কৰাটো মস্তিষ্কৰ এই অংশই সহায় কৰে।

৪। সংবেদন আৰু সংবােধনৰ মাজত পার্থক্য কি?
উত্তৰঃ সংবেদন আৰু সংবােধনৰ মাজত পার্থক্য হলঃ
(ক) সংবেদন জ্ঞানহীন। কিন্তু সংবােধন জ্ঞানযুক্ত।
(খ) সংবেদন হৈছে সৰল অভিজ্ঞতা। কিন্তু সংবােধন হৈছে জটিল মানসিক অৱস্থা।
(গ) সংবেদন মনৰ নিষ্ক্রিয় অৱস্থা। আনহাতে, সংবােধনে মনৰ সক্রিয় অৱস্থাক বুজায়।
(ঘ) সংবেদন অনিশ্চিত আৰু অনুমানৰ ওপৰত প্রতিষ্ঠিত। কিন্তু সংবােধন হৈছে বাস্তৱ অভিজ্ঞতা।
(ঙ) সংবেদনত ব্যক্তিৰ পূর্বজ্ঞান বা অভিজ্ঞতাৰ প্ৰভাৱ নাথাকে। কিন্তু সংবােধন ব্যক্তিৰ পূর্বজ্ঞান আৰু অভিজ্ঞতাৰ ভিত্তিত সম্ভৱ হৈ উঠে।

লগতে পঢ়ক:   শিক্ষা মনােবিজ্ঞান আৰু ইয়াৰ অধ্যয়নৰ গুৰুত্ব (প্রশ্নোত্তৰ) একাদশ শ্ৰেণী

৫। মানৱ শৰীৰত থকা চাৰিটা সনালী গ্ৰন্থিৰ নাম লিখা।
উত্তৰ : মানৱ শৰীৰত থকা চাৰিটা সনালী গ্রন্থি নাম হলঃ
(ক) চকুত থকা অগ্রন্থি।
(খ) পিত্তত থকা পিত্ত কোষ।
(গ) মুখত থকা লালটি গ্রন্থি আৰু
(ঘ) ছালত থকা ঘর্মগ্রন্থি।

৬। চালুকীয়া শিশুয়ে কিয় সংবােধন পাব নােৱাৰে ? চমুকৈ লিখা।
উত্তৰ : সংবােধন পূর্ব জ্ঞান আৰু অভিজ্ঞতাৰ ওপৰত নিৰ্ভৰ কৰে এজন বয়স্ক লােকৰ মস্তিষ্কৰ অতীত অভিজ্ঞতা সংৰক্ষণ কৰিব পৰা বিশেষ ক্ষমতা থাকে। কিন্তু চালুকীয়া শিশুৰ মস্তিষ্ক অপৰিপক্ক তাৰ বাবে এনে ক্ষমতা নাথাকে। সেয়ে শিশুয়ে কেৱল সংবেদন হে লাভ কৰিব পাৰে; সংবােধন পাব নােৱাৰে। সংবেদন অর্থপূর্ণ কৰিবলৈ অভিজ্ঞতাৰ পুনৰাবৃত্তি, সংৰক্ষণ, স্মৃতি, শিক্ষা, অনুশীলন আদিৰ প্রয়ােজন। কিন্তু চালুকীয়া শিশুৱে পৰিবেশৰ পােহৰ আৰু শব্দ উদ্দীপকৰ প্রতি প্রতিক্রিয়া প্রকাশ কৰি হাত-ভৰি লৰচৰ কৰা, কান্দি উঠা, উচপ খাই উঠা আদি কার্য কৰিব পাৰে।

৭। শিশুৰ সংবেদনৰ চাৰিটা বৈশিষ্ট্য উল্লেখ কৰা।
উত্তৰঃ শিশুৰ সংবেদনৰ চাৰিটা বৈশিষ্ট্য হলঃ
(ক) শিশুয়ে দুর্বল, অস্পষ্ট ক্ষণস্থায়ী সংবেদকৰ প্রতি কোনাে আকর্ষণ অনুভৱ নকৰে।
(খ) শিশুৰ সংবেদন বেছিভাগ সময়ত জ্ঞানহীন বা অর্থহীন অৱস্থাত থাকে।
(গ) শিশুয়ে সকলাে সংবেদন অনুভূতিৰ প্রতি সমানে উত্তেজনা অনুভৱ নকৰে।
(ঘ) স্থায়ী, গতিশীল, স্পষ্ট, উজ্জল আদি সংবেদকসমূহে সহজে শিশুৰ সংবেদন জগাই তুলিব পাৰে।

৮। সংবেদন কাক বােলে? ইয়াৰ প্ৰকাৰসমূহ কি কি? চমুকৈ আলােচনা কৰা।
উত্তৰ : জীৱৰ কোনাে এটা বিশেষ জ্ঞান লাভৰ একেবাৰে প্রাথমিক অৱস্থাটোকে সংবেদন’বুলি কোৱা হয়। বাহ্য জগতৰ বিভিন্ন বস্তুয়ে পৰিবেশ অনুযায়ী মানৱ দেহৰ ইন্দ্রিয়সমূহত উত্তেজনাৰ সৃষ্টি কৰে। এই উত্তেজনা শৰীৰৰ অন্তর্বাহী স্নায়ুয়ে মস্তিষ্কলৈ কঢ়িয়াই নিয়ে। কোনাে উদ্দীপক স্বৰূপ সম্পর্কে মস্তিষ্কত এই উত্তেজনাৰ সৃষ্টি হলেও মানৱ মনত সংবেদনৰ সৃষ্টি হয়। সংবেদন তিনি প্রকাৰৰ । যেনেঃ
(ক) জৈৱিক সংবেদনঃ পাকস্থলীৰ পেশীসমূহৰ ক্রিয়া-প্রতিক্রিয়া আৰু দৈহিক পৰিৱৰ্তনৰ ফলত এই সংবেদনৰ সৃষ্টি হয়। ক্ষুদা, তৃষ্ণা হ’ল জৈৱিক সংবেদনৰ উদাহৰণ।

(খ) বিশিষ্ট সংবেদনঃ বিভিন্ন ইন্দ্রিয়সমূহৰ মাধ্যমত
লাভ কৰা সংবেদনক বিশিষ্ট সংবেদন বা ইন্দ্রিয় সংবেদন বুলি কোৱা হয়। উদাহৰণ : দৃষ্টি সংবেদন, শ্ৰৱণ সংবেদন।
(গ) পেশীয় সংবেদনঃ মাংসপেশী আৰু তন্ত্রসমূহৰ ক্রিয়া-প্রতিক্রিয়াই স্নায়ুকোষসমূহত এক বিশেষ উদ্দীপনাৰ সৃষ্টি কৰে। এনে উদ্দীপনাৰ ফলত যি সংবেদন অনুভূত হয়, তাকে পেশীয় সংবেদন বােলে।

৯। ভ্রান্ত প্রত্যক্ষ আৰু অমূল প্রত্যক্ষৰ মাজত পার্থক্য। নির্ণয় কৰা।
উত্তৰঃ ভ্রান্ত প্রত্যক্ষ আৰু অমূল প্রত্যক্ষৰ মাজত থকা পার্থক্য হ’ল :
(ক) ভ্রান্ত প্রত্যক্ষত মস্তিষ্কৰ অস্থিৰ অৱস্থা অসহজ অৱস্থাৰ বাবে উদ্দীপনাৰ দ্বাৰা ভুল ধাৰণা অনুভূত হয়। আনহাতে অমূল প্রত্যক্ষ মস্তিষ্কৰ ক্রিয়া অস্বাভাৱিক হােৱাৰ ফলত হয়।
(খ) ভ্রান্ত প্রত্যক্ষৰ সময়ত ব্যক্তিৰ দৈহিক আচৰণ, গতিবিধি আদি স্বভাৱিক অৱস্থাত থাকে। কিন্তু অমূল প্রত্যক্ষৰ সময়ত ব্যক্তিৰ দৈহিক আচৰণ, গতিবিধি স্বাভাৱিক অৱস্থাত নাথাকে।
(গ) ভ্রান্ত প্রত্যক্ষ সকলােৰে বাবে প্রায় একে। অমূল প্রত্যক্ষ ব্যক্তি বিশেষেহে হয়।
(ঘ) ভ্রান্ত প্রত্যক্ষৰ প্ৰভাৱ সুদূৰপ্ৰসাৰী হৈ উঠিব পাৰে। কিন্তু অমূল প্রত্যক্ষৰ প্ৰভাৱ সুদূৰ প্ৰসাৰী নহয়।

১০। সংবােধন আৰু সংপ্রত্যয়নৰ মাজত থকা পার্থক্যসমূহ লিখা।
উত্তৰঃ সংবােধন আৰু সংপ্রত্যয়নৰ মাজত থকা পার্থক্যসমূহহ’লঃ
(ক) সংবােধনৰ বাবে সংবােধন অনুভূতিৰ প্রয়ােজন। হয়। আনহাতে, সংপ্রত্যয়নৰ বাবে সংবােধন অভিজ্ঞতাৰ প্রয়ােজন নহয়।
(খ) সংবােধন অভিজ্ঞতার ব্যক্তিনিষ্ঠতাৰ প্ৰভাৱ সামান্যতম আনহাতে, সংপ্রত্যয়ন অভিজ্ঞতাত ব্যক্তিনিষ্ঠতাৰ প্ৰভাৱ অধিকভাৱে পৰে।
(গ) সংবােধনৰ অভিজ্ঞতা বাস্তৱভিত্তিক। কিন্তু সংপ্রত্যয়নৰ অভিজ্ঞতা বাস্তৱভিত্তিক নহ’বও
(ঘ) সংবােধন উদ্দীপক উপস্থিতিত পােৱা এক প্রত্যক্ষ জ্ঞান। আনাহতে উদ্দীপকৰ অনুপস্থিতিত সংপ্রত্যয়ন পাব পৰা যায়।
(ঙ) সংবােধন হৈছে পূর্ব অভিজ্ঞতাৰ ভিত্তিত নতুন বিষয়ৰ অর্থ প্রদান কার্য। কিন্তু সংপ্রত্যয়ন হৈছে পূর্ব অভিজ্ঞতাৰ সংক্ষেপে নাম প্রদান কার্য।

১১। সংপ্রত্যয়নৰ বৈশিষ্ট্যসমূহ লিখা।
উত্তৰঃসংপ্রত্যয়নৰ বৈশিষ্ট্যসমূহ হ’লঃ
(ক) সংবােধনৰ উন্নত আৰু সুসংগঠিত মানসিক অৱস্থাটোৱেই হ’ল সংপ্রত্যয়। ই সংবােধনৰ ওপৰত নিৰ্ভৰশীল। সংবােধন যিমান স্পষ্ট আৰু নির্ভুল হয়, সংপ্রত্যয়নাে সিমানে নির্ভুল আৰু স্পষ্ট হয়।
(খ) সংপ্রত্যয়ন গুণগত আৰু আকৃতিগত — এই দুয়ােবিধৰে হ’ব পাৰে। মানুহ সম্পর্কে আমাৰ ধাৰণা শাৰীৰিক অৱয়বৰ পৰাও হ’ব পাৰে বা মানৱীয় গুণ আদিৰ ভিত্তিতে হ’ব পাৰে।
(গ) সকলাে সংপ্রত্যয়নৰ বাস্তৱ ভিত্তিনাথাকিব পাৰে কোনাে কোনাে সময়ত অবাস্তৱ আৰু অসম্ভৱ বস্তুৰ প্রতিও মনৰ মাজত এক ধাৰণা আহিব পাৰে।
(ঘ) চিৰসত্য ঘটনাৰাজিৰ বাহিৰে অন্য ধাৰণা বা সংপ্রত্যয়ন ব্যক্তি বিশেষৰ মানসিক ক্ষমতা আৰু ৰুচিবােধৰ ভিন্নতা অনুসৰি বেলেগ বেলেগ হ’ব পাৰে।

১২। সংপ্রত্যয়ন বা ধাৰণাৰ বিকাশৰ মানসিক প্রক্রিয়াবােৰ উল্লেখ কৰা।
উত্তৰঃ সংপ্রত্যয়ন বা ধাৰণা বিকাশৰ মানসিক প্রক্রিয়াবােৰ হ’লঃ
(ক) পর্যবেক্ষণ
(খ) বিশ্লেষণ
(গ) তুলনাকৰণ।
(ঘ) পৃথকীকৰণ।
(ঙ) সামান্যকৰণ
(চ)নামাকৰণ।
১৩। সংপ্রত্যয়নৰ প্ৰয়ােজনীয়তা কি লিখা।
উত্তৰঃ সংপ্রত্যয়নৰ প্ৰয়ােজনয়তাসমূহহ’ল ঃ
(ক) সংপ্রত্যয়নৰ যােগেদি আমাৰ জ্ঞান, অভিজ্ঞতা, বস্তু, বিষয় আদি সুসংগঠিত আৰু শ্রেণীবদ্ধ কৰা হয়।
(খ) সংপ্রত্যয়নে চিন্তাৰ পৰিধি প্ৰসাৰিত কৰে।
(গ) সংপ্রত্যয়নৰ যােগেদি মানসকি প্রক্রিয়াসমূহৰ উৎকর্ষ সাধন হয়।
(গ) সংপ্রত্যয়নে ধাৰণাবিলাকৰ মাজত শৃঙ্খলা আনে।

১৪। সংপ্রত্যয়নৰ শৈক্ষিক গুৰুত্ব কি ?
উত্তৰ : সংপ্রত্যয়নৰ শৈক্ষিক গুৰুত্ব আছে। শিশুৰ শাৰীৰিক, মানসিক, বৌদ্ধিক, আবেগিক আদি দিশৰ সুস্থ বিকাশৰ ক্ষেত্ৰত সংপ্রত্যয়নৰ ভূমিকা গুৰুত্বপূর্ণ। ই সমস্যা সমাধান, কল্পনাপ্রৱণতা, চিন্তা, যুক্তিযুক্ততা আদি গুণৰ বিকাশ ঘটায়। সংপ্রত্যয়নৰ ওপৰত নিৰ্ভৰ কৰি শিশুৰ ভাষিক বিকাশো হয়। সেয়েহে শিক্ষণৰ ক্ষেত্ৰত শিশুৰ মনত নির্ভুল ধাৰণা গঢ়ি উঠাৰ বাবে পৰিয়াল, চুবুৰীয়া আদিয়ে গুৰুত্ব দিয়া উচিত। সঠিক সংপ্রত্যয়ন বিকাশৰ বাবে শিক্ষকে মানচিত্র, ছবি, বিভিন্ন দৃশ্য-শ্রাব্য সঁজুলি আদি ব্যৱহাৰ কৰা যুগুত। সময়ে সময়ে শিক্ষকে বিভিন্ন বিষয়ৰ ওপৰত প্রজেক্টমূলক কাম কৰিবলৈ দিয়া উচিত। ইয়াৰ উপৰিও মাজে মাজে ভ্রমণলৈ যােৱা, ক্ষেত্র ভিত্তিক অধ্যয়ন আদিও অনুষ্ঠিত কৰা উচিত।

লগতে পঢ়ক:   মনােবিজ্ঞান আৰু শিক্ষা Class 11 (প্রশ্নোত্তৰ) একাদশ শ্ৰেণী

১৫। উদ্দীপক আৰু প্রতিক্রিয়া বুলিলে কি বুজা? উদাহৰণসহ বুজাই লিখা।
উত্তৰঃ বাহ্য জগতৰ বিভিন্ন জ্ঞান শৰীৰৰ বিভিন্ন ইন্দ্রিয়সমূহৰ জৰিয়তে আহৰণ কৰা হয়। এই ইন্দ্রিয়সমূহক বাহ্যিক জগতৰ শক্তিসমূহে উত্তেজিত কৰে। এনে ধৰণৰ উত্তেজনা সৃষ্টি কৰা বিষয়সমূহক উদ্দীপক বােলে। সাধাৰণতে আমি পঞ্চ ইন্দ্ৰিয়ৰ যােগেদি উদ্দীপনা লাভ।কৰাে। উদাহৰণস্বৰূপে কাণৰ বাবে শব্দ, নাকৰ বাবে গােন্ধ,জিভাৰ বাবে সােৱাদ, চকুৰ বাবে পােহৰ আৰু ছালৰ বাবে স্পর্শ উদ্দীপক। আনাহতে উদ্দীপকৰ প্রতি সহাঁৰি জনাই জীৱই যি কার্য কৰে তাকে প্রতিক্রিয়া বােলে। চকুপানী ওলােৱা, খােজ কঢ়া, লালটি ওলােৱা আদি উদ্দীপকৰ প্রতি আমাৰ ইন্দ্রিয়ই জনােৱা সহাঁৰি।

১৬। প্রতিৱর্ত ক্রিয়া কাক বােলে? উদাহৰণ দিয়া।
উত্তৰ : যেতিয়া গ্রহণেন্দ্রিয় আৰু সাধকসমূহৰ মাজৰ যােগাযােগ পােনপটীয়াভাৱে মেৰুমৰ্জাৰ যােগেদি সম্পাদিত হয়, তেতিয়া কোনাে উদ্দীপক প্রতিক্রিয়া আমাৰ অজ্ঞাতেই সংঘটিত হয়। এনে ক্রিয়াকে প্রতিবর্তী ক্রিয়া বােলে। এই ক্রিয়া সম্পূর্ণ যান্ত্রিকভাৱে সংঘটিত হয়। ই দৈহিক আচৰনৰ প্রাথমিক স্তৰ আৰু দৈহিক প্রয়ােজন পূৰণৰ বাবে ইয়াৰ প্রকাশ হয়। উজ্জল পােহৰত চকুৰ পতা বন্ধ হােৱা, হামিওঁৱা, হাঁচি মৰা আদি প্রতিৱর্ত ক্রিয়াৰ উদাহৰণ।

১৭। স্নায়ুকোষ কি ? ইয়াৰ দুটা কার্য উল্লেখ কৰা।
উত্তৰঃ স্নায়ুকোষ হৈছেস্নায়ুতন্ত্রৰ এক ক্ষুদ্রতম বিভাজ্য অংশ বা একক। স্নায়ুকোষৰ সংখ্যা আনুমানিক ১২ লাখ কৌটি বুলি অনুমান কৰা হৈছে। আমাৰ শৰীৰৰ স্নায়ুতন্ত্র বিভিন্ন আকাৰৰ স্নায়ুকোযেৰে গঠিত। স্নায়ুকোষৰ কাৰ্য দুটা যেনেঃ
(ক) স্নায়ুকোষবােৰে ইন্দ্ৰিয়ৰ সহায়ত লাভ কৰা উদ্দীপনা মস্তিষ্কলৈ প্ৰেৰণ কৰে।
(খ) ই মস্তিষ্ক আৰু মেৰুদণ্ডৰ পৰা মাংসপেশী লৈয়াে উদ্দীপনা বহন কৰে।

১৮। মেৰুমজ্জাৰ প্রধান কার্য উল্লেখ কৰা।
উত্তৰ : মেৰুমজ্জাৰ প্রধান কার্য চাৰিটা। যেনেঃ
(ক) মেৰুমজ্জা হৈছেৰাজহাড়ৰ সুৰঙ্গযুক্ত অংশত থকা কিছুমান স্নায়ুৰ সমাহাৰ। ইয়াত ৩১ জোৰকৈ অন্তর্বাহী আৰু বহির্বাহী স্নায়ু আছে। ইহঁতে আমাৰ ইন্দ্রিয়, পেশী, গ্রন্থি আদিৰ লগত যােগাযােগ ৰক্ষা কৰি থাকে।
(খ) মেৰুমজ্জাই আমাৰ অভ্যস্ত কার্য সমূহ পৰিচালনা কৰে। সাঁতােৰা, খােজকঢ়া, চাইকেল চলােৱা আদি ঐচ্ছিক ক্রিয়া অনুশীলনৰ ফলত অভ্যাসত পৰিণত হয়। তেনে অভ্যস্ত ক্রিয়াৰ কেন্দ্রস্থল হ’ল মেৰুমজ্জা।
(গ) ই উত্তেজনা পৰিবহণ কৰে। মানুহৰ মূৰত থকা কিছুমান স্নায়ুৰ বাহিৰে দেহৰ সকলােবােৰ অংশৰ সংবেদী উত্তেজনা মেৰুমৰ্জাৰ সহায়ত মস্তিষ্কলৈ যায়।
(ঘ) মেৰুমজ্জাই মস্তিষ্কৰ লগত দেহৰ বিভিন্ন অংশৰ সংযােগ স্থাপন কৰে।

১৯। গ্রন্থি কি? ইয়াৰ প্ৰধান ভাগবােৰ কিকি ?
উত্তৰ : গ্রন্থিসমূহ হ’ল আমাৰ শৰীৰৰ বিভিন্ন ঠাইত অৱস্থিত ৰস উলিয়াই দিব পৰা পথ। ৰস নিঃসৰণ কৰাই ইয়াৰ প্রধান কাম। এইগ্রন্থিসমূহত বিন্ধা থাকে। সেইবিন্ধাৰে ৰস নিঃসৰিত হয়। গ্রন্থিসমূহে দেগঠন, স্বাস্থ্য, কর্মক্ষমতা, ব্যক্তিত্ব আৰু বুদ্ধিৰ বিকাশত গুৰুত্বপূৰ্ণ প্ৰভাৱ পেলায়। মাংসপেশী আৰু গ্রন্থিসমূহৰ সহযােগত দেহত ৰাসায়নিক ক্ৰিয়াৰ সৃষ্টি হােৱাৰ ফলতেইআমাৰ শাৰীৰিক আৰু মানসিক বিকাশ সম্ভৱ হয়। আমাৰ দেহৰ প্ৰধান গ্রন্থিসমূহ হলঃ
(ক) শােষক বা পিটুইটাৰী গ্রন্থি।
(খ) গলগ্রন্থি বা থাইৰয়ড গ্রন্থি।
(গ) অধিবৃক্ক গ্রন্থি বা এডনিৰেল গ্রন্থি।
(ঘ) যৌনগ্রন্থি।

মানসিক জীৱনৰ শাৰীৰিক ভিত্তি Class 11

ঘ, ৰচনাধর্মী প্রশ্নোত্তৰঃ (প্রত্যেকটোৰ মূল্যাংক -৫।৬)

১। গ্রাহক যন্ত্র বুলিলে কি বুজা ? গ্রাহকযন্ত্ৰৰ কার্যাৱলী চমুকৈ বর্ণনা কৰা।
উত্তৰ : বাহিৰৰ জগতৰ বিভিন্ন উদ্দীপনাৰ লগত যােগাযােগ স্থাপনৰ কাৰণে আমাৰ শৰীৰত ভিন ভিন অংশত কেইটামন অংগ আছে, যথাঃ কাণ, নাক, জিভা, ছাল, চকু আদিক ‘গ্রাহক যন্ত্র’ বা ‘গ্রহণেন্দ্রিয়’ বােলে। গ্রহণেন্দ্রিয়বােৰ আমাৰ শৰীৰৰ বাবে দুৱাৰ-খিৰিকীৰ নিচিনা। এইইন্দ্রিয়বােৰে বাহ্যিক জগতৰ পৰা বিভিন্ন জ্ঞান গ্ৰহণ কৰি মস্তিষ্কলৈ প্ৰেৰণ কৰে। গ্রহণেন্দ্রিয়সমূহৰ কিছুমান বিশেষ ধৰণৰ গ্ৰহণকোষ থাকে। বাহিৰৰ উদ্দীপকে এইগ্রহণকোষবােৰ উত্তেজিত কৰি তােলে ফলত সেইউত্তেজনা মগজুলৈ সঞ্চাৰিত হয়। তলত প্রত্যেকবিধ ইন্দ্রিয় কার্যাৱলীতলত চমুকৈ উল্লেখ কৰা হ’ল ।

(ক) কাণ : কাণৰ সহায়ত আমি শব্দৰ সংবেদন লাভ কৰে। ইয়াৰ উদ্দীপক হ’ল শব্দ। কাণক তিনিটা অংশত ভাগ কৰিব পাৰি। যেনে ও বাহিৰ কাণ, মাজ কাণ আৰু ভিতৰ কাণ কাণৰ গ্রহণ কোষ হ’ল শ্ৰৱণ কোষাংগৰ নােমকোষসমূহ। বাহ্যিক জগতৰ শব্দ তৰংগ কাণৰ বিন্ধাৰে ভিতৰলৈ প্ৰৱেশ কৰি কাণৰ পৰ্দাত মৃদুকম্পনৰ সৃষ্টি কৰে। সেই কম্পন কাণৰ অভ্যন্তৰ পৰ্দাত ঠেকা খাই জুলীয়া পদাৰ্থৰ তৰংগৰ সৃষ্টি কৰে লগে লগে স্নায়ুবিক উত্তেজিত হৈ মস্তিষ্কলৈ খবৰ পঠিয়াই দিয়ে আৰু তেতিয়াই আমাৰ শ্ৰৱণ সংবেদন হয়।

(খ) চকু : গ্রহণেন্দ্রিয়সমূহৰ ভিতৰত অন্যতম ইন্দ্রিয় হৈছে চকু। চকুৰ ভিতৰত এখন পর্দা আছে ইয়াক অক্ষিপট’ বুলি কোৱা হয়। অক্ষিপটত দণ্ডকোষ আৰু শংকুকোষ নামেৰে দুই প্রকাৰৰ গ্রহণকোষ আছে। বাহিৰৰ পােহৰ যেতিয়া গ্রহণকোষত পৰে তেতিয়া এক প্রকাৰৰ তড়িৎ ৰাসায়নিক পৰিৱৰ্তন হয়। লগে লগে উদ্দীপনাৰ সৃষ্টি হয়। এই উদ্দীপনা সংবেদনবাহী স্নায়ুৰ সহায়ত মস্তিষ্কলৈ যায়। আৰু লগে লগে উদ্দীপক আমাৰ দৃষ্টিগােচৰ হয়।

(গ) নাকঃ নাকৰ সহায়ত আমি বিভিন্ন বস্তুৰ গোন্ধ লওঁ। নাকৰ ভিতৰত স্নায়ুকোষেৰে গঠিত এখন পাতল আৱৰণ আছে। এই পাতল আৱৰণখনৰ তলত গোন্ধ স্নায়ুকোষ অৱস্থিত। বাষ্পীয় পদার্থকণাবতাহত ভাঁহিআহি নাকত সােমায় আৰু স্নায়ুকোষত এক প্ৰকাৰৰ ৰাসায়নিক ক্রিয়া সংঘটিত হৈ উদ্দীপনাৰ সৃষ্টি হয়। তেতিয়া গন্ধরাহী স্নায়ুয়ে সেই উদ্দীপনা মস্তিষ্কলৈ প্ৰেৰণ কৰে আৰু আমি ঘ্রাণ সংবেদন লাভ কৰে।

(ঘ) জিভাঃ জিভাৰে সােৱাদ লাভ কৰা হয়। জিভাৰ ওপৰ ভাগত কিছুমান ক্ষুদ্র ক্ষুদ্র দানাৰ দৰে বিন্দু থাকে। এইবােৰক ‘স্বাদবাহী কোষ’ বােলে। এই কোষবােৰৰ ভিতৰত আকৌ কিছুমান কাৰক আছে। ইয়াক ‘স্বাদকাৰক’ বােলে। এই কাৰবােৰেইহ’ল সােৱাদ গ্ৰহণৰ প্রকৃত ইন্দ্রিয়। আমি আহাৰ খালে সেই আহাৰ জিভাৰ স্বাদকোষৰ পৰা নির্গত হােৱা লালটিৰ লগত মিহলি হােৱাৰ লগে লগে স্নায়ুত উদ্দীপনাৰ সৃষ্টি হয়। সেই উদ্দীপনা স্নায়ুৰ মাজেৰে আমাৰ মস্তিষ্ক পায়গৈ আৰু আমাৰ স্বাদ সম্পর্কীয় সংবেদন হয়।

(ঙ) ছালঃ ছালৰ দ্বাৰা আমি স্পর্শ সংবেদন লাভ কৰে। ছালৰ সংবেদন মূলত চাৰি প্ৰকাৰৰ। যেনেঃ (ক) স্পর্শ সংবেদন, (খ) তাপ সংবেদন, (গ) শীত সংবেদন, (ঘ) পীড়া সংবেদন। ইয়াৰ তিনিটা তৰপ থাকে। যেনেঃ উপছাল, ছাল আৰু মেদস্তৰ। বাহ্যিক জগতৰ উদ্দীপনাৰ হেঁচা উপছালৰ ওপৰত পৰিলে তাৰ তলত থকা ছালত উদ্দীপনাৰ সৃষ্টি হয়। ছালৰ তলত স্নায়ুবােৰে এই উদ্দীপনা মস্তিষ্কলৈ কঢ়িয়াইনিয়ে আৰু তেতিয়াই আমাৰ স্পর্শ সংবেদন অনুভূত হয়।

Leave a Comment

Your email address will not be published. Required fields are marked *


Scroll to Top