মানৱ আচৰণৰ ভিত্তিসমূহ আৰু দিকদর্শন (প্রশ্নোত্তৰ) একাদশ শ্ৰেণী

বিষয়  শিক্ষা
পাঠৰ নাম মানৱ আচৰণৰ ভিত্তিসমূহ আৰু দিকদর্শন
শ্ৰেণী  একাদশ শ্ৰেণী
গােট যষ্ঠ অধ্যায়
পাঠৰ নং  6
পাঠ্যক্ৰম  অসম মাধ্যমিক শিক্ষা পৰিষদৰ (AHSEC)

মানৱ আচৰণৰ ভিত্তিসমূহ আৰু দিকদর্শন

ক, অতি চম প্রশ্নোত্তৰঃ (প্রত্যেকটোৰ মূল্যাংক-১)

১। শুদ্ধ নে অশুদ্ধ লিখা :
(ক) প্রবৃত্তি আৰু আবেগৰ মাজত সম্বন্ধ আছে।
উত্তৰ : শুদ্ধ।
(খ) ক্রোধ এবিধ আবেগ।
উত্তৰ : অশুদ্ধ।
(গ) ভয় হ’ল প্রতিবর্ত ক্রিয়া।
উত্তৰ : অশুদ্ধ।
(ঘ) প্রবৃত্তি হল এক শিক্ষাহীন আচৰণ।
উত্তৰঃ শুদ্ধ।
(ঙ) আবেগত বিচাৰ-বুদ্ধিয়ে থিতাপি লব নোৱাৰে।
উত্তৰ : শুদ্ধ।
(চ) অভিপ্রেৰণে শিক্ষণ ক্রিয়া জাগ্রত কৰে।
উত্তৰ : শুদ্ধ।
(ছ) দৈহিক নিৰাপত্তাৰ চাহিদাটো শিশুৰ মানসিক প্রয়োজনসমূহৰ ভিতৰত এটা।
উত্তৰ : শুদ্ধ।
(জ) খাদ্য অন্বেষণ প্রবৃত্তিৰ লগত ‘ভয়’ আবেগটো জড়িত থাকে।
উত্তৰ : অশুদ্ধ।
(ঝ) ইতৰ প্ৰাণীৰ কোনাে ভাৱবৃত্তি নাথাকে।
উত্তৰ : শুদ্ধ।
(ঞ) আবেগ হ’ল এটা প্ৰসংগ যত ব্যক্তি সঞ্চালিত নাইবা উত্তেজিত হয়।
উত্তৰ : শুদ্ধ।

২। খালী ঠাই পূৰণ কৰাঃ
(ক)____হ’ল অভ্যাস গঠনৰ প্রকৃত সময়।
উত্তৰ : শৈশৱ কাল।
(খ) মনােবিজ্ঞানী_____ৰ মতে, ‘প্রবৃত্তি হ’ল এক জৈবিক উদ্দেশ্য পূৰণৰ বাবে কৰা ক্রিয়া- আচৰণ।
উত্তৰঃ ভেলেনটাইন।
(গ) ফ্ৰয়ডৰ চিন্তাধাৰাত___নামৰ শব্দটোৰ মাধ্যমত প্ৰেৰণাৰ কথা কোৱা হৈছিল।
উত্তৰঃ ‘ইদ (Id)।
(ঘ) শৰীৰৰ ভিতৰৰ যিবিলাক অৱস্থাই প্রাণীক একোটা বিশেষ কাম কৰিবলৈ প্ৰস্তুত কৰায়, তেনে অবস্থাটোৱেই হ’ল_____।
উত্তৰ : প্রেৰণা।
(ঙ) এটা বিশেষ চিন্তাৰ আচৰণবাদ মনােবিজ্ঞানী ____য়ে প্রতিষ্ঠা কৰিছিল।
উত্তৰ : ৱাটছন।
(চ)___য়ে শিশুক দৈহিক আৰু মানসিকভাৱে প্রতিষ্ঠা কৰি তােলে।
উত্তৰঃ খেল-ধেমালি।
(ছ) শৈশৱকালত নিজৰ কৰ্মৰাজিৰ মাধ্যমেৰে যৌন প্রৱণতা বােৰৰ শাম কটাব বিচৰা অৱস্থাটোৱেই হ’ল____।
উত্তৰঃ আত্মকাম।
(জ) প্রয়ােজনসমূহৰ শ্রেণী বিভাজন ঘটাই পাঁচ প্ৰকাৰৰ বিশেষ প্রয়ােজনৰ কথা আমেৰিকান মনােবিজ্ঞানী__য়ে উল্লেখ কৰিছিল।
উত্তৰঃ আব্রাহাম মাচলাে।
(ঝ) ইংৰাজী Emotion শব্দটো____শব্দৰ পৰা আহিছে।
উত্তৰঃ emovere.
(ঞ) Instinct শব্দটো লেটিন ভাষাৰ____ শব্দৰ পৰা আহিছে।
উত্তৰঃ Instinctus.

মানৱ আচৰণৰ ভিত্তিসমূহ আৰু দিকদর্শন

৩। শুদ্ধ উত্তৰটো বাচি উলিওৱাঃ
(ক) মানুহে আনৰ লগত থাকিবলৈ ভালপােৱাৰ কাৰণঃ আবেদন প্রবৃত্তি / সংগ প্রবৃত্তি / যুথ প্রবৃত্তি।
উত্তৰঃ যুথ প্রবৃত্তি।
(খ) বিবােচন হৈছে প্রবৃত্তি / আবেগ / অভ্যাস পৰিশােধনৰ উপায়।
উত্তৰঃ প্রবৃত্তি।
(গ) পলায়ন প্রবৃত্তিৰ লগত জড়িত আবেগ হ’ল ভয় / খং / বেদনা / হতাশা।
উত্তৰঃ ভয়।
(ঘ) প্রবৃত্তিক প্রতিবর্তী ক্রিয়াৰ পৰা পৃথক কৰে জন্মগত আচৰণ / প্ৰজাতি বৈশিষ্ট্যই / মগজুৰ নিয়ন্ত্রণে / নিশিকা আচৰণে।
উত্তৰ : মগজুৰ নিয়ন্ত্রণে।

খ. চমু প্রশ্নোত্তৰঃ (প্রত্যেকটোৰ মূল্যাংক -২/৩)

১। মানুহৰ দুটী প্রয়ােজনৰ নাম লিখা।
উত্তৰঃ মানু দুটা প্রয়ােজন হ’ল — ক্ষুধা আৰু তৃষ্ণা।

২। আবেগৰ তিনিটা বৈশিষ্ট্য লিখা।
উত্তৰ : আবেগৰ তিনিটা বৈশিষ্ট্য হল –
(ক) আবেগ হঠাৎ জাগি উঠে।
(খ) আবেগৰ লগে লগে শাৰীৰিক পৰিৱৰ্তন হয়।
(গ) আবেগ সম্পূৰ্ণৰূপে ব্যক্তিগত।

৩। অভিপ্রায়ৰ দুটা বৈশিষ্ট্য লিখা।
উত্তৰ : অভিপ্রায়ৰ দুটা বৈশিষ্ট্য হলঃ
(ক) ই স্বতঃস্ফূর্ত আৰু মুক্ত।
(খ) অভিপ্রেত আচৰণ পুনৰাবৃত্তি কৰি থাকিলে সময়ত ই অভ্যাসত পৰিণত হয়।

৪। প্রবৃত্তি পৰিশােধনৰ তিনিটা উপায় উল্লেখ কৰা।
উত্তৰ : প্রবৃত্তি পৰিশােধনৰ তিনিটা উপায় হলঃ
(ক) অৱদমন
(খ) উন্নীতকৰণ।
(গ) অব্যৱহাৰ।

৫। যুযুৎসা প্রবৃত্তি মানে কি?
উত্তৰঃ যুযুৎসা হ’ল এক জন্মগত প্রবৃত্তি। যুযুৎসা প্রবৃত্তিৰ বাবে মানুহে জন্মগতভাৱে আন মানুহৰ লগত কাজিয়াত লিপ্ত হােৱাৰ স্বাভাৱিক প্ৰৱণতা লাভ কৰে।

৬। বাৎসল্য প্রবৃত্তি কি?
উত্তৰঃ যুৱক-যুৱতীয়ে ল’ৰা-ছােৱালীৰ মাক-দেউতাক হ’বলৈ ইচ্ছা কৰাকেই বাৎসল্য প্রবৃত্তি’ বুলি কোৱা হয়।

Class 11 Education Chapter 6 Assamese Question Answer

গ. মজলীয়া উত্তৰৰ প্রশ্নঃ (প্রত্যেকটোৰ মূল্যাংক -8)

১। প্রয়ােজনৰ শৈক্ষিক মূল্য বা তাৎপর্য বর্ণনা কৰা।
উত্তৰ : প্রাণীয়ে জীয়াই থকাৰ বাবে অনুভৱ কৰা সকলাে বস্তু-সামগ্রী, চিন্তা-চেতনা, ভাৱ-অনুভূতি এই সকলােবােৰকে প্রয়ােজন বুলি কোৱা হয়। প্রয়ােজনৰ শৈক্ষিক মূল্য যথেষ্ট আছে। মানুহৰ মানসিক প্রয়ােজন সমূহ শিক্ষাৰ দ্বাৰা উৎকর্ষ সাধন কৰিব পাৰি। ইয়াক উন্নত আৰু সুৰুচিপূর্ণ কৰিবলৈ বিদ্যা শিক্ষাৰ প্রয়ােজন হয়। সামাজিক জীৱনত মানুহৰ দৈহিক প্রয়ােজনৰ লগতে মানসিক প্রয়ােজনসমূহও গুৰুত্বপূর্ণ। মানসিক প্রয়ােজন পূৰণ কৰাৰ সফলতাৰ ফলস্বৰূপে মানুহৰ ব্যক্তিত্ব গঢ় লৈ, উঠে। মানুহৰ প্রয়ােজনসমূহ পূৰণ কৰাৰ ক্ষেত্রত প্রধান ভূমিকা গ্রহণ কৰে পৰিয়াল আৰু বিদ্যালয়ে। সেয়ে পিতৃ-মাতৃয়ে সন্তানৰ প্রয়ােজসমূহ উপলব্ধি কৰিবলৈ যত্নপৰ হােৱা উচিত। ইয়াৰ বাবে সুস্থ ঘৰুৱা পৰিবেশ সৃষ্টি কৰিব লাগে, যাতে ল’ৰা-ছােৱালীয়ে শাৰীৰিক আৰু মানসিক প্রয়ােজনসমূহ সহজে পূৰণ কৰিব পাৰে আৰু বিকাশ লাভ কৰিব পাৰে। সেইদৰে বিদ্যালয়ৰ পৰিবেশে শিশুৰ মানসিক প্রয়ােজন পূৰণ হ’ব পৰাকৈ অনুকূল হ’ব লাগে।

লগতে পঢ়ক:   মানসিক জীৱনৰ শাৰীৰিক ভিত্তি Class 11 (প্রশ্নোত্তৰ) শিক্ষা একাদশ শ্ৰেণী

২। অভিপ্রায়ৰ শৈক্ষিক তাৎপর্য আলােচনা কৰা।
উত্তৰঃ যি আভ্যন্তৰীণ অৱস্থাই কোনাে নির্দিষ্ট লক্ষ্যৰ প্রতি কাম কৰােৱায়, সেই অৱস্থাকে ‘অভিপ্রায়’ বা ‘প্রণােদন’ বুলি কোৱা হয়। অভিপ্রায়ৰ শৈক্ষিক তাৎপর্য তলত উল্লেখ কৰা হলঃ
(ক) অভিপ্রায়ে শিক্ষণৰ ক্ষেত্ৰত আগ্রহ সৃষ্টি কৰে।
(খ) অভিপ্রায়ে ব্যক্তিৰ আচৰণৰ গতিপথ নির্ণয় কৰে।
(গ) অভিপ্রায়ে ব্যক্তিৰ আচৰণ প্ৰৱণতা নির্ধাৰণ কৰে।
(ঘ) অভিপ্রেৰণৰ দ্বাৰা শিক্ষার্থী মনােযােগ বৃদ্ধি পায়।
(ঙ) অভিপ্রায়ে শিক্ষাৰ ক্ষেত্ৰত মানসিক উদ্যমৰ সৃষ্টি কৰে।

৩। প্রবৃত্তি আৰু অভিপ্রায়ৰ মাজত থকা পার্থক্য লিখা।
উত্তৰঃ প্রবৃত্তি আৰু অভিপ্রায়ৰ মাজত থকা পার্থক্য হলঃ

(ক) প্রবৃত্তি এক জৈৱিক তাড়না। কিন্তু অভিপ্রায়ৰ বাবে জৈৱিক তাড়না অপৰিহাৰ্য নহয়।
(খ) প্রবৃত্তি পৰিচালিত হয় প্রায় স্বয়ংক্রিয় যন্ত্রৰ দৰে। কিন্তু অভিপ্রায় হ’ল প্রবৃত্তি পৰিচালনাৰ সিদ্ধান্ত।
(গ) প্রবৃত্তি সহজাত আৰু শিক্ষাবিহীন। কিন্তু অভিপ্রায় সহজাত আৰু শিক্ষালব্ধ দুয়ােবিধেই হ’ব পাৰে।
(ঘ) প্রবৃত্তিৰ সামাজিক লক্ষ্য থকাতকৈ ই ব্যক্তিগত স্বভাৱজাত উদ্দেশ্যহে পূৰণ কৰে । আনহাতে অভিপ্রায় সামাজিক পৰিবেশ আৰু
পৰিস্থিতিয়ে নিয়ন্ত্রণ কৰে।

৫। প্রবৃত্তি আৰু প্রত্যাৱতী ক্রিয়াৰ মাজত থকা পার্থক্য উল্লেখকৰা।
উত্তৰ : প্রবৃত্তি আৰু প্রত্যাৱর্তী ক্রিয়াৰ মাজত থকা পার্থক্য হলঃ
(ক) প্রবৃত্তিৰ প্ৰভাৱ স্থায়ী আৰু সুদূৰপ্ৰসাৰী। কিন্তু প্রত্যাৱর্তী ক্রিয়া সৰল, সামান্য আৰু ক্ষণস্থায়ী।
(খ) সচেতন ক্রিয়াৰ দ্বাৰা প্রবৃত্তিৰ উন্নীতকৰণ সম্ভৱ হয়। কিন্তু প্রত্যাৱৰ্তীৰ ক্ৰিয়াৰ পৰিৱৰ্তন আৰু উন্নীতকৰণ অসম্ভৱ।
(গ) প্রবৃত্তিয়ে গােটেই দেহ আৰু মনত প্ৰভাৱ পেলায়। কিন্তু প্রত্যাৱর্তী ক্রিয়া-শৰীৰৰ অংগ-প্রত্যঙ্গসমূহৰ মাজতেই সীমাবদ্ধ থাকে।
(ঘ) প্রবৃত্তিগত ক্রিয়া বা আচৰণত বুদ্ধিৰ প্ৰভাৱ পৰিলক্ষিত হয়। কিন্তু প্রত্যাৱর্ত ক্রিয়াত বুদ্ধিৰ কোনাে চাপ নাথাকে।

৬। প্রবৃত্তিআৰুআবেগৰ মাজত থকা পার্থক্য লিখা।
উত্তৰঃ প্রবৃত্তি আৰু আবেগৰ মাজত থকা পার্থক্য হ’ল :
(ক) প্রবৃত্তিয়ে দেহৰ কোনাে নির্দিষ্ট অংশক উত্তেজিত কৰে। কিন্তু আবেগত সমগ্র দেহ উত্তেজিত হয়।
(খ) প্রবৃত্তিয়ে কর্মপ্রেৰণা দিয়ে। কিন্তু আবেগে অনুভূতি প্ৰেৰণা যােগায়।
(গ) প্রবৃত্তিয়ে আকস্মিকভাৱে গঢ় নলয়। কিন্তু আবেগ আকস্মিকভাৱে জাগ্রত হয়।
(ঘ) প্রবৃত্তিজন্মগত স্বভাৱ ।কিন্তু আবেগ বহু পৰিমাণে সামাজিক পৰিবেশৰ ওপৰত ভিত্তিকৰি উদয় হয়।

Class 11 Education Chapter 6

ঘ. ৰচনাধর্মী প্রশ্নোত্তৰ : প্রত্যেকটোৰ মূল্যাংক – ৫। ৬)
১। প্রয়ােজন বুলিলে কি বুজা? মানুহৰ প্রয়ােজনক কেই ভাগত ভাগ কৰিব পাৰি? আলােচনা কৰা।
উত্তৰঃ প্রাণীয়ে জীয়াই থকাৰ বাবে অনুভৱ কৰা সকলাে বস্তু-সামগ্রী, চিন্তা-চেতনা, ভাৱ-অনুভূতি এই সকলােবােৰকে ‘প্রয়ােজন বুলি কোৱা হয়। মনােবিজ্ঞানী ক্লউজমেইয়াৰৰ মতে, ‘প্রয়ােজন জীৱৰ এনে এক শাৰীৰিক, মানসিক অৱস্থা যাৰ উপস্থিতিত জীৱই বিশেষ ধৰণৰ আচৰণ প্ৰদৰ্শন কৰে। মানুহৰ দৈহিক আৰু মানসিক প্রয়ােজনসমূহক মনােবিজ্ঞানীসকলে কেইবাটাও ভাগত ভাগ কৰিছে। যেনে-
(ক) দৈহিক প্রয়ােজনঃ দৈহিক প্রয়ােজনসমূহহ’ল ক্ষুধা,  তৃষ্ণা, কামনা আদি দৈহিক প্রয়ােজনসমূহক জৈৱিক প্রয়ােজন বুলিও কোৱা হয়।
(খ) মানসিক প্রয়ােজন : যশস্যা লাভ, বিদ্যা লাভ, কোনাে বিষয়ত কৃতিত্ব লাভৰ হাবিয়াস আদি মানসিক প্রয়ােজনৰ উদাহৰণ।
(গ) শিক্ষা নিৰপেক্ষ প্রয়ােজন নতুন ঘটনা বা বিষয়ৰ অধ্যয়ন, দেশ ভ্রমণ আদি শিক্ষা নিৰপেক্ষ প্রয়ােজন।
(গ) সামাজিক আৰু ব্যক্তিগত প্রয়ােজন : সমাজৰ মানুহৰ লগত মিলিজুলি থাকি যৌথ বা সামূহিক জীৱন- যাপনৰ প্ৰতি থকা প্রবৃত্তিয়েই হ’ল সামাজিক প্রয়ােজন।

২। মানুহৰ কেইবিধমান প্রয়ােজনৰ বিষয়ে আলােচনা কৰা।
উত্তৰঃ প্রাণীয়ে জীয়াই থকাৰ বাবে অনুভৱ কৰা সকলাে বস্তু-সামগ্রী, চিন্তা-চেতনা, ভাৱ-অনুভূতি এই সকলােবােৰকে প্রয়ােজন’বুলি কোৱা হয়। মানুহৰ জৈৱিক আৰু মানসিক প্রয়ােজনসমূহক তলত দিয়া ধৰণে কেইবাটাও ভাগত ভাগ কৰিব পাৰি। যেনে –
(ক) ক্ষুধাঃ মানুহৰ প্ৰধান দৈহিক বা জৈৱিক প্রয়ােজন হ’ল ক্ষুধা। উদৰ যন্ত্ৰৰ সংকোচনৰ ফলত সৃষ্টি হােৱা দৈহিক সংবেদনকে ক্ষুধা বুলি কোৱা হয়। দৈহিক ক্ষুধা নিবাৰণৰ কাৰণে আমি খাদ্য গ্রহণ কৰিব লাগে।

(খ) তৃষ্ণাঃ দৈহিক ক্ষুধাৰ আন এটি প্রধান ভাগ হ’ল তৃষ্ণা। প্রধানকৈ পানী পান কৰি আমি তৃষ্ণা নিবাৰণ কৰে।
(গ) নিদ্রাঃ মানুহৰ আন এক প্রধান দৈহিক প্রয়ােজন হ’ল নিদ্রা। নিদ্ৰাৰ দ্বাৰা বিভিন্ন কাম-কাজত খৰচ হােৱা শাৰীৰিক আৰু মানসকি শক্তি পূৰণ হয়, ক্লান্তি দূৰ হয়।
(ঘ) যৌন কামনাঃ মানুহৰ দৈহিক প্রয়ােজনৰ আন এক ভাগ হ’ল যৌন ক্ষুধা। ক্ষুধা, তৃষ্ণা, নিদ্ৰা আদি দৈহিক প্রায়জনসমূহ জন্মৰ মূহুৰ্তৰ পৰাই দেখা যায় যদিও যৌন ক্ষুধা শৈশৱ কালত দেখা নাযায়। ইবয়ঃসন্ধিৰ কালছােৱাতহে জাগি উঠে।
(গ) কৌতুহল : নতুন কথা জানিবলৈ, কোনাে ৰহস্য উদ্ঘাটন কৰিবলৈ প্ৰতিজন মানুহৰ অন্তৰত হাবিয়াস থাকে। এই হাবিয়াস শৈশৱ কালৰপৰাই দেখা দিয়ে। শিশুৰ বয়স বাঢ়ি যােৱাৰ লগে লগে এই কৌতুহল প্রবৃত্তি বৃদ্ধি পায়। আৰু ইয়াক নিবৃত্তি কৰিবলৈ চেষ্টা কৰে।
(৬) পিতৃত্ব বা মাতৃত্বৰ কামনাঃ পুৰুষে পিতৃত্ব আৰু নাৰীয়ে মাতৃত্ব লাভ কৰিবলৈ কৰা কামনাও এক প্ৰকাৰৰ প্রয়ােজন। এই প্রয়ােজনৰ বাবে প্রাপ্তবয়স্ক পুৰুষ আৰু নাৰীৰ দৈহিক পৰিবর্তন ঘটে, বিয়া-বাৰু কৰাব লগা হয়।

লগতে পঢ়ক:   মানৱৰ বিকাশৰ স্তৰ Class 11 শিক্ষা একাদশ শ্ৰেণী প্রশ্নোত্তৰ

৩। প্ৰেৰণা কাক বােলে? ইয়াৰ বৈশিষ্টসমূহ উল্লেখ কৰি ইয়াৰ শৈক্ষিক তাৎপর্য আলােচনা কৰা।
উত্তৰঃ মানুহৰ দৈহিক আৰু মানসিক প্রয়ােজন পূৰাবৰ বারে মনত যি অদম্য গতিশীল আৰু কর্মমুখৰ অৱস্থাৰ সৃষ্টি হয়, তাকেই প্রেৰণা বুলি কোৱা হয় প্রেৰণা হৈছে। প্রাণীৰ মনৰ ভিতৰত থকা এক আভ্যন্তৰীণ প্রচেষ্টা। প্ৰেৰণাৰ কিছুমান বৈশিষ্ট্য আছে। যেনেঃ
(ক) প্রেৰণাই জীৱক দৈহিক আৰু মানসিক প্রয়ােজন পূৰণৰ কাৰণে এক অন্তর্নিহিত শক্তিৰ যােগান ধৰি কর্মমুখৰ অৱস্থাৰ সৃষ্টি কৰে।
(খ) ইজীৱৰ প্রয়ােজন, অভিপ্রায়, উদ্দেশ্য আদিৰ দ্বাৰা পৰিচালিত হয়।
(গ) প্রেৰণা দৈহিক আৰু মানসিক দুয়ােবিধ কাৰণতে উদ্ভৱ হ’ব পাৰে।
(ঘ) বহু সময়ত সামাজিক পৰিবেশ, আনৰ আদৰ্শ, দেশৰ ৰাজনৈতিক, অর্থনৈতিক অৱস্থা আদিৰ ওপৰত প্ৰেৰণাৰ গতি শক্তি হ্রাস-বৃদ্ধি হয়।
(ঙ) প্রেৰণাসমূহৰ স্বাভাৱিক প্ৰকাশত বাধাপ্রাপ্ত হলে কেতিয়াবা মানসকি দ্বন্দ্ব সৃষ্টি হয়। শিক্ষাৰ ক্ষেত্ৰত প্ৰেৰণাৰ বিশেষ তাৎপর্য আছে। শিক্ষা লাভ কৰিবলৈ যিখিনি উদ্যম পােৱা যায় সেয়াই প্ৰেৰণা প্ৰেৰণাই কোনাে কাম-কাজ নিয়াৰিকৈ সম্পাদন কৰিবলৈ। উৎসাহী কৰি তােলে। প্ৰেৰণাই শিক্ষা লাভ কৰা শিক্ষার্থী প্রকাশভংগী সংযত আৰু সুৰুচিপূর্ণ হােৱাত সহায়ক হয়। এজন শিক্ষিত ব্যক্তি আৰু এজন অশিক্ষিত ব্যক্তিৰ মাজত থকা নিহিত ক্ষুধা, তৃষ্ণা, যৌন প্রৱণতা আদি একে ধৰণৰ হয় যদিও ইয়াৰ প্ৰকাশৰ ক্ষেত্ৰত ভিন্নতা পৰিলক্ষিত হয়।

৩। অভিপ্রায় কাক বােলে? ইয়াৰ বৈশিষ্টসমূহ উল্লেখ কৰা।
উত্তৰঃ যি আভ্যন্তৰীণ অৱস্থাই কোনাে নির্দিষ্ট লক্ষ্যৰ প্রতি কাম কৰােৱায়, সেই অৱস্থাকে অভিপ্রায় বা প্রণােদন বুলি কোৱা হয়। মানুহৰ প্রতিটো আচৰণৰ অন্তৰালত একোটা কাৰণ থাকে আৰু এইকাৰণৰ বাবেই আচৰণ আৰম্ভ কৰে। অর্থাৎ প্রতিটো আচৰণেই উদ্দেশ্য প্রণােদিত অভিপ্রায়ে প্রয়ােজন আৰু লক্ষ্য দুয়ােটাকে সাঙুৰি লয়। অভিপ্রায় প্রধান বৈশিষ্ট্যসমূহ হলঃ
(ক) অভিপ্রেত আচৰণ স্বতঃস্ফূর্ত আৰু মুক্ত।
(খ) অভিপ্রেত আচৰণু ব্যক্তি সম্পর্ণ আয়ত্বৰ ভিতৰত। থকা বাবে ইচ্ছামতে ইয়াক সংশােধন কৰিব পাৰি।
(গ) অভিপ্রেত আচৰণৰ পুনৰাবৃত্তি কৰি থাকিলে সি পিছলৈ অভ্যাসত পৰিণত হয়।
(ঘ) অভিপ্রেত কার্য আৰম্ভ কৰাৰ আগতে মানসকি প্রস্তুতিৰ প্রয়ােজন হয়।
(ঙ) অভিপ্রায় পূৰণ হ’লেই অভিপ্রেত কার্য সমাপ্ত হয়।
(চ) অভিপ্রেত কাৰ্যৰ আৰম্ভণিতে উদ্দীপকৰ প্ৰভাৱ অনুভূত হয়।

মানৱ আচৰণৰ ভিত্তিসমূহ

৪। অভিপ্রায়ৰ ভাগবােৰআলােচনা কৰা।
উত্তৰঃ যি আভ্যন্তৰীণ অৱস্থাই কোনাে নির্দিষ্ট লক্ষ্যৰ প্রতি কাম কৰােৱায়, সেই অৱস্থাকে অভিপ্রায় বা প্রণােদন বুলি কোৱা হয়। মনােবিজ্ঞানীসকলে অভিপ্রায়ক কেইবাটাও ভাগত ভাগ কৰিছে। যেনে :

(ক) দৈহিক অভিপ্রায় : কোনাে দৈহিক প্রয়ােজন পূৰণৰ উদ্দেশ্যে যি অভিপ্রায় মনত জাগ্রত হয়, তাকে দৈহিক অভিপ্রায় বােলে। যেনেঃ ক্ষুধা, তৃষ্ণা আদি।
(খ) আপাতকালীন অভিপ্রায় : কোনাে বাধা-বিঘিনি আওকাণ কৰি উদ্দেশ্য পূৰণৰ বাবে যি অভিপ্রায় জাগ্রত হয়, তাকেই আপদকালীন অভিপ্রায় বােলে। যেনেঃ যৌন ক্ষুধা নিবাৰণ কৰিবলৈ অবৈধ শাৰীরিক মিলনত লিপ্ত হােৱা।
(গ) কৃতিত্ব লাভৰ অভিপ্রায় : কোনাে বিষয়ত পৰিবেশিক শক্তিৰ সৈতে যুঁজ কৰি নিজৰ শক্তি আৰু দক্ষতা প্রদর্শন কৰাই হৈছে কৃতিত্ব লাভৰ অভিপ্রায়।
(ঘ) সামাজিক অভিপ্রায় : সামাজিক জীৱনত বিভিন্ন ব্যক্তি আৰু সমাজৰ সংস্পৰ্শলৈ আহি প্রশংসা আৰু সামাজিক স্বীকৃতি লাভৰ বাবে যি অভিপ্রায় মানুহ অন্তৰত জাগি উঠে তাকে সামাজিক অভিপ্রায় বােলে।
(ঙ) ব্যক্তিগত অভিপ্রায় : ব্যক্তিগত ৰুচি, অভিৰুচি পূৰণৰ যি অভিপ্রায় তাকেই ব্যক্তিগত অভিপ্রায় বােলে।

৫। সহজাত প্রবৃত্তি কাক বােলে ?ইয়াৰ বৈশিষ্ট্যসমূহ উল্লেখ কৰা।
উত্তৰ : সহজাত প্রবৃত্তি হ’ল মানুহৰ কিছুমান জন্মগত প্ৰৱণতা। মনােবিজ্ঞানিক মেক ডুগলে সহজাত প্রবৃত্তিৰ সংজ্ঞা দিছে এইদৰে, ‘সহজাত প্রবৃত্তি হল উত্তৰাধিকাৰী সূত্রে লাভ কৰা জৈর মানসিক প্রক্রিয়া, যাৰ অধিকাৰীক ই কোনো বিশেষ শ্রেণীভুক্ত বস্তু প্রত্যক্ষ কৰিবলৈ বা তাত মনােযােগ দিবলৈ সেই বস্তুটো প্রত্যক্ষ কৰাৰ পিছত কোনো বিশেষ প্রকৃতিৰ আৱেগ অনুভৱ কৰিবলৈ আৰু সেই বস্তু সম্পর্কে বিশেষ পদ্ধতিৰে কাম কৰিবলৈ এটা প্ৰেৰণা অনুভৱ কৰিবলৈ বাধ্য কৰে মুঠতে সহজাত প্রবৃত্তি হ’ল জীৱৰ স্বাভাবিক তাওনিহত মৌলিক কমপ্রিৱণতা। উদাহৰণ স্বৰূপে সহজাত প্রবৃত্তিৰ বাবেই মাকে সন্তানক স্নেহ কৰে, চৰায়ে বাহ সাজে, সিংহই চিকাৰ কৰে।

লগতে পঢ়ক:   ভাৰতবর্ষ আৰু অসমৰ প্রাথমিক শিক্ষা একাদশ শ্ৰেণী প্রশ্নোত্তৰ

সহজাত প্রবৃত্তি প্রধান বৈশিষ্ট্য হলঃ
(ক) সহজাত প্রবৃত্তি প্রকৃতি প্রদত্ত। জীৱই উত্তৰাধিকাৰী সূত্রে ইয়াক লাভ কৰে।
(খ) সহজাত প্রবৃত্তি আৰু আবেগৰ মাজত এক এৰাব নােৱাৰা সম্বন্ধ আছে।
(গ) প্রবৃত্তিমূলক আচৰণ বিশেষ বিশেষ জাতিৰ ক্ষেত্ৰত বিশেষ বিশেষ হ’ব পাৰে।
(ঘ) সহজাত প্রবৃত্তি পৰিৱৰ্তিত বা পৰিশােধিত কৰিব পাৰি; ইয়াক নির্মূল কৰিব নােৱাৰি।
(ঙ) কোনাে প্রাণীগােষ্ঠীৰ মাজত সহজাত প্রবৃত্তিসমূহ সার্বজনীনভাৱে থাকে। যেনেঃ সকলাে সিংহই চিকাৰ কৰে।
(চ) সজাহত প্রবৃত্তি উদ্দেশ্যধর্মী। প্ৰতিটো প্রবৃত্তিৰ আঁৰত একোটা উদ্দেশ্য নিহিত থাকে।
(ছ) সহজাত প্রবৃত্তিজীৱই কম-বেছি পৰিমাণে গােটেই জীৱন অনুভৱ কৰে।

৬। সহজাত প্রবৃত্তি সমূহ পৰিশােধনৰ বিভিন্ন পদ্ধতিসমূহ আলােচনা কৰা।
উত্তৰঃ সহজাত প্রবৃত্তি হ’ল মানুহৰ কিছুমান জন্মগত প্রৱণতা।সহজাত প্রবৃত্তিসমূহক ধ্বংস কৰিব নােৱাৰি; ইয়াক পৰিশােধিত বা পৰিৱৰ্তিত কৰিব পাৰি। তলত সহজাত প্রবৃত্তিসমূহ পৰিশােধন কৰিব পৰা পদ্ধতিসমূহ আলােচনা কৰা হ’লঃ
(ক) অব্যৱহাৰঃ সহজাত প্রবৃত্তি জন্মগতভাৱে লাভ কৰিলেও ইয়াৰ ব্যৱহাৰ বহু পৰিমাণে আমাৰ ওপৰত নিৰ্ভৰ কৰে। অব্যৱহাৰ পদ্ধতিৰ দ্বাৰা আমাৰ সুস্থ বিকাশৰ পৰিপন্থী বহুতাে প্রবৃত্তিৰ ৰূপান্তৰ কৰাটো সম্ভৱ।
(খ) পূর্ণ স্বাধীনতাঃ সহজাত প্রবৃত্তিসমূহ পৰিশােধনৰ কাৰণে এক বাধাহীন মুক্ত পৰিবেশৰ প্রয়ােজন। কাৰণ জন্মগত প্রবৃত্তিবােৰ শক্তি প্রয়ােগ কৰি বাধা দি ৰাখিব নােৱাৰি। তেনে কৰিলে আচরণত বিৰূপ প্ৰভাৱ পৰে।
(গ) অৱদমনঃ কোনাে প্রবৃত্তি অবাঞ্চিত বুলি ভাৱি তাক প্রকাশ নােপােৱাকৈ ৰুদ্ধ কৰি ৰাখিবলৈ চেষ্টা কৰাকে অৱদমন বুলি কোৱা হয়। অৱদমনৰ দ্বাৰা সহজাত প্রবৃত্তিৰ বাহ্য প্রকাশ দমন কৰি ৰাখিব পাৰি যদিও বহু সময়তই মনত নানান জটিলতা সৃষ্টি কৰে।

(ঘ) উন্নীতকৰণ : প্রবৃত্তিক অবাঞ্চিত পথৰ পৰা আঁতৰাই আনি বাঞ্চিত পথেদি পৰিচালনা কৰা কাৰ্যক প্রবৃতিৰ উন্নীতকৰণ বােলে। প্রবৃত্তিৰ বিশুদ্ধকৰণৰ দ্বাৰা ব্যক্তি বাহ্যিক অনিষ্টকাৰক প্রবৃত্তির প্রকাশক ৰােধ কৰিব পাৰি।
(ঙ) আনন্দ আৰু বেদনাৰ প্ৰয়ােগ : যিবােৰ প্রবৃত্তি ফল সুখময় আৰুআনন্দময় তেনেবােৰ প্ৰবৃত্তিজীৱইপুনৰাবৃত্তি কৰিবলৈ বিচাৰে আৰু যিবােৰ প্রবৃত্তি দুখময় বা হতাশজনক সেইবােৰ প্ৰবৃত্তি পুনৰাবৃত্তি কৰিবলৈ অনুৎসাহিত হয়।
(চ) বিৰেচন : বিৰােচন পদ্ধতিৰ দ্বাৰা সহজাত প্রবৃত্তিসমূহক কাম্য পথেদি প্রকাশ হ’বলৈ দি শান্ত কৰা হয়।

৭। অভ্যাস বুলিলে কি বুজা ? অভ্যাসৰ বৈশিষ্ট্যসমূহ লিখা।
উত্তৰঃ কোনাে বিষয় শিক্ষণৰ পুনৰাবৃত্ৰি ফলত দেহ- মনত ৰৈ যােৱা স্থায়ী চাপেই হ’ল অভ্যাস। ইয়াক এজন ব্যক্তিৰ শিক্ষা আৰু অভিজ্ঞতাৰ স্থায়ী অৱস্থা বুলি ক’ব পাৰি। অভ্যাসৰ কিছুমান বৈশিষ্ট্য আছে। যেনেঃ
(ক) অভ্যাসে কামৰ নিপুণতা বৃদ্ধি কৰে। একোটা কামকে বাৰে বাৰে কৰি থাকিলে তাৰ ভুল-ত্রুটিবােৰ কমি আহে। ফলত কর্মদক্ষতা আৰু নিপুণতা বৃদ্ধি পায়।
(খ) অভ্যাসত পৰিণত হােৱা কোনাে কাম মানসিক শক্তি প্রয়ােগ নকৰাকৈ বা কম মানসিক হেঁচা প্ৰয়োগ কৰি যন্ত্ৰৰ দৰে কৰি যাব পাৰি।
(গ) অভ্যাসৰ দ্বাৰা কঠিন কামাে সহজে কৰাটো সম্ভৱ হয়।
(ঘ) অভ্যাস যিমানে পুৰণি হয় সিমানে শক্তিশালী হয়।
(ঙ) অভ্যাসৰ গতানুগতিক ক্রিয়াই ব্যক্তিৰ অন্তৰৰ আৱেগ অনুভূতিশীল কৰি তােলে।
(চ) অভ্যাসৰ জৰিয়তে ব্যক্তি এজনৰ ব্যক্তিত্ব প্রতিফলিত হৈ উঠে।
(ছ) অভ্যাস লাহে লাহেস্বভাৱত পৰিণত হয়।

৫। অভ্যাস কিদৰে গঠিত হয়? অভ্যাস গঠনত পিতৃ- মাতৃ আৰু শিক্ষকৰ ভূমিকা আলােচনা কৰা।
উত্তৰঃ অভ্যাস তলত উল্লেখ কৰা ধৰণে গঠিত হয়। যেনে :
(ক) অনুশীলন বা পুনৰাবৃত্তিৰ দ্বাৰা অভ্যাস গঠিত হয়।
(খ) মানসিক সংকল্প আৰু প্ৰস্তুতিৰ দ্বাৰা অভ্যাস সহজে গঠন হয়।
(গ) পৰিবেশৰ ওপৰত নিৰ্ভৰ কৰিও কোনাে অভ্যাস গঢ় লৈ উঠে।
(ঘ) কোনাে কাম কৰি সুখ বা আনন্দ অনুভৱ হ’লে সেই কাম কৰিবলৈ ইচ্ছা হয় আৰু অৱশেষত ই অভ্যাসত পৰিণত হয়।
(ঙ) কোনাে কাম কৰাৰ প্ৰেৰণাৰ দ্বাৰীও অভ্যাস গঠন।
(চ) কেতিয়াবা বাধ্য বাধকতাৰ প্ৰভাৱ বা হেঁচাৰ ফলতাে কোনাে অভ্যাস গঠন হয়।

অভ্যাস গঠনত পিতৃ-মাতৃ আৰু শিক্ষকৰ বিশেষ ভূমিকা আছে। শিশুৰ বিকাশত নিজৰ ঘৰখনৰ প্ৰভাৱ অপৰিসীম বিশেষকৈ পিতৃ-মাতৃৰ প্ৰভাৱ অৱশ্যম্ভাৱী সেয়ে পিতৃ- মাতৃয়ে শিশুক অতি সৰুকালৰ পৰাই সু-অভ্যাস গঠন কৰিবলৈ যত্নপৰ হ’ব লাগে। সাধাৰণতে সহযােগিতা, সৰুক মৰম, ভাওৰক শ্রদ্ধা, পৰােপকাৰীতা, দয়া আদি গুণৰ বিকাশ ঘৰতে হয়। পিতৃ-মাতৃৰ স্বভাৱ বা অভ্যাস ভাল হ’লে শিশুৰ অভ্যাসাে ভাল হয়। কাৰণ শিশুয়ে স্বতঃস্ফুর্তভাবেই পিতৃ-মাতৃৰ কাৰ্যক অনুকৰণ কৰে। বিদ্যালয়ত শিশুয়ে শিক্ষকৰ দ্বাৰা অতিকৈ প্ৰভাৱিত হয়। শিক্ষকৰ বাণী আৰু আচাৰ-আচৰণ শিশুয়ে স্বর্গীয় আৰু অবশ্য পালনীয় বুলি গণ্য কৰে। সেয়ে শিক্ষকসকলে ছাত্র- ছাত্ৰীক সকলাে মানৱীয় আচৰণ, সততা, সাধুতা, কামপৰায়ণতা, নিয়মানুবর্তিতা আদি শিকোৱাৰ ওপৰত দিয়া উচিত। এই ক্ষেত্ৰত শিক্ষকসকলে উপদেশ দিয়াতকৈ আহি দেখুৱালে বেছি ফলদায়ক হয়।

Leave a Comment

Your email address will not be published. Required fields are marked *


Scroll to Top